20.08.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
শ্ৰীমতত চলি সকলোকে মুক্তি-জীৱনমুক্তি পোৱাৰ ৰাস্তা দেখুওৱা, গোটেই দিন এইটোৱে
বেপাৰ কৰি থাকা”
প্ৰশ্ন:
পিতাই কোনবোৰ
সূক্ষ্ম কথা শুনাইছে যিবোৰ অতিকৈ বুজিবলগীয়া?
উত্তৰ:
1) সত্যযুগ হৈছে অমৰলোক, তাত আত্মাই এটা চোলা (শৰীৰ) সলাই আন এটা লয় কিন্তু মৃত্যুৰ
নাম নাই সেইবাবে তাক মৃত্যুলোক বুলি কোৱা নহয়। 2) শিৱবাবাৰ ৰচনা বেহদৰ, ব্ৰহ্মাৰ
ৰচনা এই সময়ত কেৱল তোমালোক ব্ৰাহ্মণসকল। ত্ৰিমূৰ্তি শিৱ বুলি কোৱা হ’ব, ত্ৰিমূৰ্তি
ব্ৰহ্মা নহয়। পিতাই এই সকলোবোৰ বহুত সূক্ষ্ম কথা শুনাইছে। এনেকুৱা কথাবোৰৰ ওপৰত
বিচাৰ কৰি বুদ্ধিৰ বাবে নিজেই ভোজন তৈয়াৰ কৰিব লাগে।
ওঁম্শান্তি।
ত্ৰিমূৰ্তি
শিৱ ভগৱানুবাচ (ভগৱানে কয়)। এতিয়া সেই লোকসকলে ত্ৰিমূৰ্তি ব্ৰহ্মা বুলি কয়। পিতাই
কয়- ত্ৰিমূৰ্তি শিৱ ভগৱানুবাচ। ত্ৰিমূৰ্তি ব্ৰহ্মা ভগৱানুবাচ বুলি নকয়। তোমালোকে
ত্ৰিমূৰ্তি শিৱ ভগৱানুবাচ বুলি ক’ব পাৰা। সেই লোকসকলেতো শিৱ-শঙ্কৰ বুলি কৈ মিলাই
দিয়ে। এইটোতো স্পষ্ট। ত্ৰিমূৰ্তি ব্ৰহ্মাৰ সলনি ত্ৰিমূৰ্তি শিৱ ভগৱানুবাচ। মনুষ্যইতো
কৈ দিয়ে - শঙ্কৰে চকু মেলিলে বিনাশ হৈ যায়। এই সকলোবোৰ বুদ্ধিৰ দ্বাৰা বুজা যায়।
তিনিওজনৰেই মুখ্য ভূমিকা আছে। ব্ৰহ্মা আৰু বিষ্ণুৰতো 84 জন্মৰ বিশাল ভূমিকা আছে।
বিষ্ণু আৰু প্ৰজাপিতা ব্ৰহ্মাৰ অৰ্থও বুজিছা, ভূমিকা এই তিনিওজনৰে। ব্ৰহ্মাৰ নামটো
আদি দেৱ, আদম বুলি গায়ন কৰা হৈছে। প্ৰজাপিতাৰ মন্দিৰো আছে। এয়া হৈছে বিষ্ণুৰ অথবা
শ্ৰীকৃষ্ণৰ অন্তিম 84তম জন্ম, যাৰ নাম ব্ৰহ্মা ৰখা হৈছে। সিদ্ধতো কৰিবই লাগে -
ব্ৰহ্মা আৰু বিষ্ণু। এতিয়া ব্ৰহ্মাকতো তোলনীয়া বুলি কোৱা হ’ব। এই দুয়োজন হৈছে শিৱৰ
সন্তান। বাস্তৱত সন্তান এটিয়েই। যদি হিচাপ কৰা ব্ৰহ্মা হৈছে শিৱৰ সন্তান। বাপ আৰু
দাদা। বিষ্ণুৰ নামেই নাহে। প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা শিৱবাবাই স্থাপনা কৰি আছে।
বিষ্ণুৰ দ্বাৰা স্থাপনা নকৰায়। শিৱৰো সন্তান আছে, ব্ৰহ্মাৰো সন্তান আছে। বিষ্ণুৰ
সন্তান বুলি ক’ব নোৱাৰা। লক্ষ্মী-নাৰায়ণৰো বহুত সন্তান হ’ব নোৱাৰে। এয়া হৈছে
বুদ্ধিৰ বাবে ভোজন। নিজেই ভোজন তৈয়াৰ কৰিব লাগে। সকলোতকৈ বেছি ভূমিকা বিষ্ণুৰ বুলি
কোৱা হ’ব। 84 জন্মৰ বিৰাট ৰূপো বিষ্ণুৰ দেখুৱায়, ব্ৰহ্মাৰ নহয়। বিৰাট ৰূপ বিষ্ণুৰেই
তৈয়াৰ কৰে কিয়নো প্ৰথমতে প্ৰজাপিতা ব্ৰহ্মাৰ নাম উল্লেখ কৰে। ব্ৰহ্মাৰতো বহুত কম
ভূমিকা সেইবাবে বিৰাট ৰূপ বিষ্ণুৰ দেখুৱায়। চতুৰ্ভূজো বিষ্ণুৰ সাজি দিয়ে। বাস্তৱত
এই অলংকাৰতো তোমালোকৰ। এয়াও অতিকৈ বুজিবলগীয়া কথা। কোনো মনুষ্যই বুজাব নোৱাৰে।
পিতাই নতুন নতুন উপায়েৰে বুজাই থাকে। পিতাই কয় - ত্ৰিমূৰ্তি শিৱ ভগৱানুবাচ সঠিক হয়
নহয়। বিষ্ণু, ব্ৰহ্মা আৰু শিৱ। ইয়াতো প্ৰজাপিতা ব্ৰহ্মাই সন্তান হয়। বিষ্ণুক সন্তান
বুলি কোৱা নহ’ব। যদিও বিষ্ণুকো ৰচনা বুলি কয় কিন্তু ৰচনাতো ব্ৰহ্মাৰ হ’ব নহয়। যিয়ে
আকৌ ভিন্ন নাম ৰূপ লয়। মুখ্য ভূমিকাতো তেওঁৰ। ব্ৰহ্মাৰ ভূমিকাও বহুত কম এই সময়ৰ।
বিষ্ণুৰ কিমান সময় ৰাজত্ব চলে! গোটেই বৃক্ষৰ বীজ ৰূপ হৈছে শিৱবাবা। তেওঁৰ ৰচনাক
শালগ্ৰাম বুলি ক’ব। ব্ৰহ্মাৰ ৰচনাক ব্ৰাহ্মণ-ব্ৰাহ্মণী বুলি ক’ব। এতিয়া যিমান শিৱৰ
ৰচনা আছে সিমান ব্ৰহ্মাৰ নাই। শিৱৰ ৰচনাতো বহুত আছে। সকলো আত্মা তেওঁৰ সন্তান।
ব্ৰহ্মাৰ ৰচনাতো কেৱল তোমালোক ব্ৰাহ্মণসকলহে। হদত (সীমাত) আহি গ’লা নহয়। শিৱবাবাৰে
হৈছে বেহদৰ ৰচনা - সকলো আত্মা। বেহদৰ আত্মাসকলৰ কল্যাণ কৰে। ব্ৰহ্মাৰ দ্বাৰা স্বৰ্গ
স্থাপনা কৰে। তোমালোক ব্ৰাহ্মণেই গৈ স্বৰ্গবাসী হ’বাগৈ। আৰুতো কাকো স্বৰ্গবাসী বুলি
নক’ব, নিৰ্বাণবাসী অথবা শান্তিধামবাসীতো সকলো হয়। সকলোতকৈ উচ্চ সেৱা হৈছে শিৱবাবাৰ।
সকলো আত্মাক লৈ যায়। সকলোৰে ভূমিকা বেলেগ বেলেগ। শিৱবাবায়ো কয় - মোৰ ভূমিকা বেলেগ।
সকলোৰে হিচাপ-নিকাচ নিষ্পত্তি কৰাই তোমালোকক পতিতৰ পৰা পাৱন কৰি লৈ যাওঁ। তোমালোকে
ইয়াত পাৱন হ’বৰ কাৰণে পৰিশ্ৰম কৰি আছা। আন সকলোৱে বিনাশৰ সময়ত হিচাপ-নিকাচ নিষ্পত্তি
কৰি যাব। তাৰপাছত মুক্তিধামত বহি থাকিব। সৃষ্টিৰ চক্ৰতো ঘূৰিব লাগিব।
তোমালোক সন্তানসকল
ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণ হৈ পুনৰ দেৱতা হৈ যোৱা। তোমালোক ব্ৰাহ্মণসকলে শ্ৰীমতত সেৱা
কৰা। কেৱল মনুষ্যক ৰাস্তা দেখুওৱা - মুক্তি আৰু জীৱনমুক্তি পাব বিচাৰে যদি এনেকৈ
পাব পাৰে। দুয়োটা চাবি হাতত আছে। এইটোও জানা যে কোন কোন মুক্তিত, কোন কোন
জীৱনমুক্তিত যাব। তোমালোকৰ গোটেই দিন এইটোৱে বেপাৰ। কোনোবাই খাদ্য শস্য আদিৰ বেপাৰ
কৰিলে বুদ্ধিত গোটেই দিন সেয়াই থাকে। তোমালোকৰ বেপাৰ হৈছে ৰচনাৰ আদি-মধ্য-অন্তক জনা
আৰু আনক মুক্তি-জীৱনমুক্তিৰ ৰাস্তা দেখুওৱা। যিসকল এইটো ধৰ্মৰ হ’ব তেওঁলোক ওলাই
আহিব। এনেকুৱা বহুত ধৰ্মৰ আছে যি সলনি হ’ব নোৱাৰে। উদাহৰণ স্বৰূপে এংলো
খ্ৰীষ্টানসকল ক’লা হয়। ৰূপতো সলনি নহয়। কেৱল ধৰ্ম সলনি কৰি দিব। এনেকুৱা নহয় যে
চেহেৰা সলনি হৈ যায়। কেৱল ধৰ্মক মানি লয়। বহুতে বুদ্ধ ধৰ্মক মানে কিয়নো দেৱী-দেৱতা
ধৰ্মতো প্ৰায় লোপ হৈ গ’ল নহয়। এজনো এনেকুৱা নাই যিয়ে ক’ব যে আমি আদি সনাতন
দেৱী-দেৱতা ধৰ্মৰ হওঁ। দেৱতাসকলৰ চিত্ৰ কামত আহে, আত্মাতো অবিনাশী, আত্মা কেতিয়াও
নমৰে। এটা শৰীৰ এৰি আকৌ আন এটা লৈ ভূমিকা পালন কৰে। সেইখনক মৃত্যুলোক বুলি কোৱা নহয়।
সেইখন হয়েই অমৰলোক। কেৱল চোলা (শৰীৰ) সলনি হয়। এই কথাবোৰ অতি সূক্ষ্ম আৰু বুজিবলগীয়া।
স্থূল কথা নহয়। যেনেকৈ বিবাহ হ’লে তেতিয়া কাৰোবাক খুচুৰা হিচাপত, কাৰোবাক পাইকাৰী
হিচাপত দিয়ে। কোনোৱে সকলো দেখুৱাই দিয়ে, কোনোৱে বন্ধ বাকচত দিয়ে। অনেক প্ৰকাৰৰ থাকে।
তোমালোকেতো পাইকাৰী হিচাপত উত্তৰাধিকাৰ পোৱা, কিয়নো তোমালোক সকলো কইনা। পিতা হৈছে
দৰা। তোমালোক সন্তানসকলক অলংকৃত কৰি বিশ্বৰ বাদশ্বাহী পাইকাৰী হিচাপত দিয়ে। বিশ্বৰ
মালিক তোমালোক হোৱা।
মুখ্য কথা হৈছে
স্মৃতিৰ। জ্ঞানতো বহুত সহজ। যদিও কেৱল ‘অল্ফ’কেই (পিতাকেই) স্মৰণ কৰিব লাগে কিন্তু
বিচাৰ কৰা হয় স্মৃতিয়েই তৎক্ষণাৎ পিচলি যায়। বহুতে কয় বাবা স্মৃতি পাহৰি যাওঁ।
তোমালোকে যাকেই বুজোৱা তেতিয়া সদায় ‘স্মৃতি’ শব্দটি ক’বা। যোগ শব্দটি ভুল। শিক্ষকৰ
বিদ্যাৰ্থীৰ স্মৃতি থাকে। পিতা হৈছে পৰম আত্মা। তোমালোক আত্মাসকল পৰম নহয়। তোমালোক
হৈছা পতিত। এতিয়া পিতাক স্মৰণ কৰা। শিক্ষকক, পিতাক, গুৰুক স্মৰণ কৰা হয়। গুৰুসকলে
বহি শাস্ত্ৰ শুনাব, মন্ত্ৰ দিব। বাবাৰ মন্ত্ৰ এটাই - মনমনাভৱ। তাৰপাছত কি হ’ব?
মধ্যাজী ভৱ। তোমালোক বিষ্ণুপুৰীলৈ গুচি যাবা। তোমালোক সকলোৱেতো ৰজা-ৰাণী নোহোৱা।
ৰজা-ৰাণী আৰু প্ৰজা থাকে। গতিকে মুখ্য হৈছে ত্ৰিমূৰ্তি। শিৱবাবাৰ পাছত হৈছে ব্ৰহ্মা
যিয়ে আকৌ মনুষ্য সৃষ্টি অৰ্থাৎ ব্ৰাহ্মণ ৰচনা কৰে। ব্ৰাহ্মণসকলক বহি আকৌ পঢ়ায়। এয়া
নতুন কথা নহয় জানো। তোমালোক ব্ৰাহ্মণ-ব্ৰাহ্মণীসকল ভাই-ভনী হ’লা। বৃদ্ধসকলেও ক’ব আমি
ভাই-ভনী। এনেকৈ ভিতৰি বুজিব লাগে। এনেয়ে কাকোবাক এনেকৈ ক’ব নালাগে। ভগৱানে প্ৰজাপিতা
ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি ৰচিলে তেন্তে ভাই-ভনী নহ’লা জানো। যিহেতু এজন প্ৰজাপিতা
ব্ৰহ্মাৰ সন্তান, এয়া বুজিবলগীয়া কথা। তোমালোক সন্তানসকলতো বহুত আনন্দিত হ’ব লাগে -
আমাক কোনে পঢ়ায়? শিৱবাবাই। ত্ৰিমূৰ্তি শিৱ। ব্ৰহ্মাৰো বহুত কম সময়ৰ ভূমিকা। বিষ্ণুৰ
সত্যযুগী ৰাজধানীত 8 (আঠ) জন্মৰ ভূমিকা চলে। ব্ৰহ্মাৰতো এটা জন্মৰে ভূমিকা। বিষ্ণুৰ
ভূমিকা বেছি বুলি কোৱা হ’ব। ত্ৰিমূৰ্তি শিৱ হৈছে মুখ্য। তাৰপাছত আহে ব্ৰহ্মাৰ ভূমিকা
যিয়ে তোমালোক সন্তানসকলক বিষ্ণুপুৰীৰ মালিক কৰি তোলে। ব্ৰহ্মাৰ পৰা ব্ৰাহ্মণ আকৌ
দেৱতা হয়গৈ। গতিকে এওঁ (ব্ৰহ্মা) হৈ গ’ল অলৌকিক পিতা। অলপ সময় এওঁ পিতা হয় যাক এতিয়া
মানে। আদি দেৱ, আদম আৰু বীবী। এওঁৰ অবিহনে সৃষ্টি কেনেকৈ ৰচিব। আদি দেৱ আৰু আদি দেৱী
আছে নহয়। ব্ৰহ্মাৰ ভূমিকাও কেৱল সংগমৰ সময়ত। দেৱতাসকলৰ ভূমিকাতো তথাপিও বহুত সময় চলে।
দেৱতা বুলিও কেৱল সত্যযুগত ক’ব। ত্ৰেতাত ক্ষত্ৰিয় বুলি কোৱা হয়। এয়া অতি গূঢ় কথা
জানিবলৈ পোৱা যায়। সকলোবোৰতো একেসময়তে বৰ্ণনা কৰিব নোৱাৰি। তেওঁলোকে ত্ৰিমূৰ্তি
ব্ৰহ্মা বুলি কয়। শিৱক উৰুৱাই দিলে। আমি আকৌ ত্ৰিমূৰ্তি শিৱ বুলি কওঁ। এই চিত্ৰ আদি
সকলো হৈছে ভক্তিমাৰ্গৰ। ব্ৰহ্মাৰ দ্বাৰা প্ৰজা ৰচে পুনৰ তোমালোক দেৱতা হোৱাগৈ।
বিনাশৰ সময়ত প্ৰাকৃতিক দুৰ্যোগো আহে। বিনাশতো হ’বই, কলিযুগৰ পাছত আকৌ সত্যযুগ হ’ব।
ইমানবোৰ শৰীৰৰ বিনাশতো হ’বই লাগিব। সকলোবোৰ বাস্তৱত লাগে নহয়। কেৱল চকু মেলিলেই হ’ব
পাৰে জানো। যেতিয়া স্বৰ্গ নাশ হয় সেই সময়তো ভূমিকম্প আদি হয়। তেন্তে সেই সময়তো শংকৰে
এনেকৈ চকু মেলে জানো। গায়ন কৰে নহয় যে দ্বাৰকা অথবা লংকা পানীৰ তললৈ গুচি গ’ল।
এতিয়া পিতাই বুজায় -
মই আহিছোঁ পাথৰ বুদ্ধিৰসকলক পাৰসবুদ্ধিৰ কৰি তুলিবলৈ। মনুষ্যই আহ্বান জনায় - হে
পতিত-পাৱন আহক, আহি পাৱন সৃষ্টি ৰচক। কিন্তু এইটো বুজি নাপায় যে এতিয়া হৈছে কলিযুগ
ইয়াৰ পাছত সত্যযুগ আহিব। তোমালোক সন্তানসকলে আনন্দত নাচিব লাগে। আইন শাস্ত্ৰ আদি
পৰীক্ষাত উত্তীৰ্ণ হ’লে তেতিয়া ভিতৰি খেয়াল কৰে নহয় যে মই ধন উপাৰ্জন কৰিম, তাৰপাছত
ঘৰ সাজিম। এইটো কৰিম। গতিকে তোমালোকে এতিয়া সঁচা উপাৰ্জন কৰি আছা। স্বৰ্গত তোমালোকে
সকলো নতুন সামগ্ৰী পাবা। বিচাৰ কৰা সোমনাথৰ মন্দিৰ কি আছিল! এটাইতো মন্দিৰ নাথাকিব।
সেই মন্দিৰৰ 2500 বছৰ হ’ল। নিৰ্মাণ কৰোঁতে সময়তো লাগিছিল নিশ্চয়। পূজা কৰিছিল
নিশ্চয় তাৰপাছত তেওঁলোকে লুটপাট কৰি লৈ গ’ল। হঠাতেতো অহা নাছিল নিশ্চয়। বহুত মন্দিৰ
থাকিব। পূজাৰ বাবে বহি মন্দিৰ নিৰ্মাণ কৰিছে। এতিয়া তোমালোকে জানা পিতাক স্মৰণ কৰি
কৰি আমি স্বৰ্ণীম যুগত গুচি যাম। আত্মা পৱিত্ৰ হৈ যাব। পৰিশ্ৰম কৰিবলগীয়া হয়।
পৰিশ্ৰম অবিহনে কাম নচলিব। গোৱাও হয়- চেকেণ্ডত জীৱনমুক্তি। কিন্তু এনেয়ে জানো পোৱা
যায়, এইটো বুজা যায় - সন্তান হ’লেতো নিশ্চয় পাব। তোমালোকে এতিয়া মুক্তিধামত যাবৰ
কাৰণে পৰিশ্ৰম কৰি আছা। পিতাৰ স্মৃতিত থাকিবলগীয়া হয়। দিনে-প্ৰতিদিনে পিতাই তোমালোক
সন্তানসকলক পৰিশোধিত বুদ্ধিৰ কৰি তোলে। পিতাই কয় - তোমালোকক বহুত গূঢ় কথা শুনাওঁ।
আগতে জানো এয়া শুনাইছিলোঁ যে আত্মাও বিন্দু, পৰমাত্মাও বিন্দু। ক’ব আগতে এয়া কিয়
নুশুনালে। ড্ৰামাত নাছিল। প্ৰথমতেই যদি তোমালোকক এয়া শুনাওঁ তেতিয়া তোমালোকে বুজিব
নোৱাৰিবা। লাহে লাহে বুজাই গৈ থাকে। এয়া হৈছে ৰাৱণৰাজ্য। ৰাৱণৰাজ্যত সকলো
দেহ-অভিমানী হৈ যায়। সত্যযুগত আত্ম-অভিমানী হয়। নিজক আত্মা বুলি জানে। মোৰ শৰীৰ
ডাঙৰ হ’ল, এতিয়া এইটো এৰি আকৌ সৰু শৰীৰ ল’ব লাগে। আত্মাৰ শৰীৰ প্ৰথমে সৰু হয় আকৌ
ডাঙৰ হয়। ইয়াততো সকলোৰে ভিন্ন ভিন্ন আয়ুস। কাৰোবাৰ অকালতে মৃত্যু হৈ যায়। কাৰোবাৰ
125 বছৰৰো আয়ুস হয়। গতিকে পিতাই বুজায় - পিতাৰ পৰা উত্তৰাধিকাৰ ল’বলৈ তোমালোকৰ বহুত
আনন্দিত হোৱা উচিত। গন্ধৰ্ব বিবাহ কৰিলে এয়া কোনো আনন্দৰ কথা নহয়, এয়াতো হৈছে
দুৰ্বলতা। কুমাৰীয়ে যদি কয় মই পৱিত্ৰ হৈ থাকিব বিচাৰোঁ তেতিয়া কোনোবাই মাৰিব পাৰিব
জানো। জ্ঞান কম হ’লে ভয় কৰে। সৰু কুমাৰীকো যদি কোনোবাই মাৰে, যদি তেজ আদি ওলায়
পুলিচক অভিযোগ দিলে তেতিয়া তাৰ বাবেও শাস্তি পাব পাৰে। জন্তুকো যদি কোনোবাই মাৰে
তেন্তে তেওঁৰ ওপৰত মোকৰ্দমা হয়, শাস্তি হয়। তোমালোক সন্তানসকলকো মাৰিব নোৱাৰে।
কুমাৰসকলকো মাৰিব নোৱাৰে। তেওঁলোকেতো নিজেই উপাৰ্জন কৰিব পাৰে। শৰীৰৰ নিৰ্বাহ কৰিব
পাৰে। পেটে কোনো বেছিকৈ নাখায় - এগৰাকী মনুষ্যৰ পেট 4-5 টকাৰ, এগৰাকী মনুষ্যৰ পেট
400-500 টকাৰ। ধন বেছি হ’লে লুভীয়া হৈ যায়। গৰিবৰ পইচাই নাই গতিকে লোভো নাই।
তেওঁলোক শুকান ৰুটিতেই আনন্দিত হয়। সন্তানসকল খোৱা-বোৱাৰ জঞ্জালত বেছিকৈ যাব নালাগে।
খোৱাৰ চখ ৰাখিব নালাগে।
তোমালোকে জানা তাত আমি
কি নাপাম! বেহদৰ বাদশ্বাহী, বেহদৰ সুখ পোৱা যায়। তাত কোনো বেমাৰ আদি নহয়। স্বাস্থ্য,
সম্পত্তি, সুখ সকলো থাকে। বাৰ্ধক্যও তাত বহুত ভাল হৈ থাকে। আনন্দ থাকে। কোনো
প্ৰকাৰৰ কষ্ট নাথাকে। প্ৰজাও এনেকুৱা হয়। কিন্তু এনেকুৱাও নহয় যে বাৰু, প্ৰজা যদি
প্ৰজাই ভাল। তেনেহ’লে এনেকুৱা হ’বা যেনেকুৱা ইয়াৰ ভীল (নীচ জাতি)। সূৰ্যবংশী
লক্ষ্মী-নাৰায়ণ হ’বলৈ হ’লে ইমানখিনি পুৰুষাৰ্থ কৰিব লাগে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) আমি
ব্ৰহ্মাৰ নতুন ৰচনা পৰস্পৰ ভাই-ভনী হওঁ, ভিতৰি এনেকৈ বুজিব লাগে কাকো কোৱাৰ দৰকাৰ
নাই। সদায় এইটো আনন্দত থাকিব লাগে যে আমাক শিৱবাবাই পঢ়ায়।
(2) খোৱা-বোৱাৰ
জঞ্জালত বেছিকৈ যাব নালাগে। লালসা এৰি বেহদৰ বাদশ্বাহীৰ সুখ স্মৃতিলৈ আনিব লাগে।
বৰদান:
অনেক প্ৰকাৰৰ
প্ৰকৃতিৰ পৰা নিবৃত্ত হওঁতা নষ্টোমোহা স্মৃতি স্বৰূপ হোৱা
নিজ প্ৰবৃত্তি, দৈৱী
পৰিয়ালৰ প্ৰবৃত্তি, সেৱাৰ প্ৰবৃত্তি, হদৰ প্ৰাপ্তিৰ প্ৰবৃত্তি এই সকলোবোৰৰ পৰা
নষ্টোমোহা অৰ্থাৎ উৰ্দ্ধত যাবলৈ বাপদাদাৰ স্নেহ ৰূপ সন্মুখত ৰাখি স্মৃতি স্বৰূপ হোৱা।
স্মৃতি স্বৰূপ হ’লে নষ্টোমোহা স্বতঃ হৈ যাবা। প্ৰবৃত্তিৰ পৰা নিবৃত্ত হোৱা অৰ্থাৎ
‘মই’ বোধ সমাপ্ত কৰি নষ্টোমোহা হোৱা। এনেকৈ নষ্টোমোহা হোৱা সন্তানসকল বহুকালৰ
পুৰুষাৰ্থৰে বহুকালৰ প্ৰালব্ধ প্ৰাপ্তিৰ অধিকাৰী হ’বগৈ।
স্লোগান:
পদুম ফুলৰ দৰে উৰ্দ্ধত থাকা তেতিয়া প্ৰভুৰ স্নেহ প্ৰাপ্ত কৰি থাকিবা।
অব্যক্ত সংকেত:
সহজযোগী হ'বলৈ হ’লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা
যিসকল এক নম্বৰৰ
ছগাপোক (আত্মা) তেওঁলোকৰ নিজৰ অৰ্থাৎ এই দেহবোধৰ, দিন-ৰাতিৰ, ভোক- পিয়াহৰ, নিজৰ
সুখৰ সাধনবোৰৰ, আৰামৰ, কোনো কথাই আধাৰ নহয়। তেওঁলোক সকলো প্ৰকাৰৰ দেহৰ স্মৃতিৰ পৰা
আঁতৰি অৰ্থাৎ নিৰন্তৰ অগ্নিশিখাৰ (পৰমাত্মাৰ) স্নেহত লীন হৈ থাকে। যেনেকৈ অগ্নিশিখা
জ্যোতি স্বৰূপ, লাইট-মাইট স্বৰূপ, তেনেকৈ অগ্নিশিখাৰ সমান নিজেও লাইট-মাইট স্বৰূপ
হৈ যায়।