20.09.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পিতা আহিছে তোমালোক পুৰণি ভক্তসকলক ভক্তিৰ ফল দিবলৈ। ভক্তিৰ ফল হৈছে জ্ঞান, যাৰ দ্বাৰা তোমালোকৰ সৎগতি হয়”

প্ৰশ্ন:
বহু সন্তানে আগবাঢ়ি গৈ গৈ ভাগ্যক নিজে গুলি মাৰি দিয়ে, কেনেকৈ?

উত্তৰ:
যদি পিতাৰ হৈ সেৱা নকৰে, নিজৰ ওপৰত আৰু আনৰ ওপৰত দয়া নকৰে তেন্তে তেওঁ নিজৰ ভাগ্যক গুলি মাৰি দিয়ে অৰ্থাৎ পদ ভ্ৰষ্ট হৈ যায়। ভালদৰে পঢ়িলে, যোগযুক্ত হৈ থাকিলে তেতিয়া পদো ভাল প্ৰাপ্ত হয়। সেৱাধাৰী সন্তানসকলৰতো সেৱাৰ বহুত চখ থাকিব লাগে।

গীত:
কৌন আয়া সৱেৰে-সৱেৰে......... (কোন আহিল প্ৰভাতে প্ৰভাতে.........)

ওঁম্শান্তি।
আত্মিক সন্তানসকলে বুজি পায় যে আমি আত্মা, শৰীৰ নহয়। আৰু এই জ্ঞান এতিয়াহে পৰমপিতা পৰমাত্মাৰ পৰা প্ৰাপ্ত হয়। পিতাই কয় - যিহেতু মই আহিছোঁ গতিকে তোমালোকে নিজকে আত্মা বুলি নিশ্চয় কৰা। আত্মাহে শৰীৰত প্ৰৱেশ কৰে। এটা শৰীৰ এৰি আন এটা লৈ থাকে। আত্মা সলনি নহয়, শৰীৰ সলনি হয়। আত্মাতো অবিনাশী, গতিকে নিজক আত্মা বুলি বুজিব লাগে। এই জ্ঞান কেতিয়াও কোনেও দিব নোৱাৰে। পিতা আহিছে সন্তানসকলৰ আহ্বানত। এয়াও কোনেও নাজানে যে এয়া পুৰুষোত্তম সংগমযুগ। পিতা আহি বুজায় - মই আহিবলগীয়া হয় কল্পৰ পুৰুষোত্তম সংগমযুগত যেতিয়া গোটেই বিশ্ব পুৰুষোত্তম হয়। এই সময়ততো গোটেই বিশ্ব কনিষ্ঠ পতিত। তাক কোৱা হয় অমৰপুৰী, এয়া হৈছে মৃত্যুলোক। মৃত্যুলোকত আসুৰিক অৱগুণধাৰী মনুষ্য থাকে, অমৰলোকত দৈৱীগুণধাৰী মনুষ্য থাকে সেয়েহে তেওঁলোকক দেৱতা বুলি কোৱা হয়। ইয়াতো ভাল স্বভাৱৰ লোকসকলক কোৱা হয় - এওঁতো যেন দেৱতা। কোনোবা দৈৱীগুণধাৰী হয়, এই সময়ত সকলো হৈছে আসুৰিক অৱগুণধাৰী মনুষ্য। 5 বিকাৰত আবদ্ধ হৈ আছে সেয়েহে কয় - এই দুখৰ পৰা আহি মুক্ত কৰক। কেৱল এগৰাকী সীতাক উদ্ধাৰ নকৰে। বাবাই বুজাইছে ভক্তক সীতা বুলি কোৱা হয়, ভগৱানক ৰাম বুলি কোৱা হয় যিয়ে ভক্তসকলক ফল দিবলৈ আহে। এই বেহদৰ ৰাৱণৰাজ্যত গোটেই সৃষ্টি আবদ্ধ হৈ আছে। তেওঁলোকক মুক্ত কৰি ৰামৰাজ্যলৈ লৈ যায়। ৰঘুপতি ৰাঘৱ ৰজা ৰামৰ কথা নহয়। তেওঁতো ত্ৰেতাৰ ৰজা আছিল। এতিয়াতো সকলো আত্মাই তমোপ্ৰধান জৰাজীৰ্ণ অৱস্থাত আছে, ছিৰি নামি নামি তললৈ আহি গৈছে। পূজ্যৰ পৰিৱৰ্তে পূজাৰী হৈ গৈছে। দেৱতাসকলে কাৰো পূজা নকৰে। তেওঁলোক হৈছে পূজ্য। পুনৰ তেওঁলোক যেতিয়া বৈশ্য, শূদ্ৰ হয় তেতিয়া পূজা আৰম্ভ হয়, বাম (বিকাৰী) মাৰ্গত অহাৰ কাৰণে পূজাৰী হয়, পূজাৰীসকলে দেৱতাসকলৰ চিত্ৰবোৰৰ আগত শিৰ নত কৰে, এই সময়ত কোনো এজনো পূজ্য হ'ব নোৱাৰে। উচ্চতকৈও উচ্চ ভগৱান পূজ্য, তাৰপাছত সত্যযুগৰ দেৱতাসকল পূজ্য। এটা সময়ততো সকলো পূজাৰী, পোন-প্ৰথমে শিৱৰ পূজা হয়, সেয়া হৈছে অব্যভিচাৰী পূজা। তেওঁলোক সতোপ্ৰধান তাৰপাছত সতো তাৰপাছত দেৱতাৰ পৰাও অৱনমিত হৈ জল, মনুষ্য, পক্ষী আদিৰ পূজা কৰিবলৈ লাগি যায়। দিন-প্ৰতিদিনে অনেকৰ পূজা হ'বলৈ ধৰে। আজিকালি ধৰ্মীয় সন্মিলনো বহুত হৈ থাকে। কেতিয়াবা আদি সনাতন ধৰ্মাৱলম্বীসকলৰ, কেতিয়াবা জৈনসকলৰ, কেতিয়াবা আৰ্য্য সমাজৰসকলৰ। বহুতকে নিমন্ত্ৰণ জনায় কিয়নো প্ৰত্যেকেই নিজৰ ধৰ্মক উচ্চ বুলি গণ্য কৰে নহয়। প্ৰত্যেক ধৰ্মত কিবা নহয় কিবা বিশেষ গুণ থকাৰ কাৰণে তেওঁলোকে নিজকে ডাঙৰ বুলি গণ্য কৰে। জৈনীসকলৰ ভিতৰতো ভিন্ন ভিন্ন ধৰণৰ আছে। 5-7 ধৰণৰ বিবিধতা হ'ব। তাৰ ভিতৰত কোনোবা নগ্ন হৈও থাকে, নগ্ন হোৱাৰ অৰ্থ বুজি নাপায়। ভগৱানুৱাচ অৰ্থাৎ ভগৱানে কয় নগ্ন অৰ্থাৎ অশৰীৰী হৈ আহিছিলা, পুনৰ অশৰীৰী হৈ যাব লাগিব। তেওঁলোকে আকৌ কাপোৰ সোলকাই নগ্ন হৈ যায়। ভগৱানুৱাচৰ অৰ্থ বুজি নাপায়। পিতাই কয় - তোমালোক আত্মাসকল ইয়ালৈ এই শৰীৰ ধাৰণ কৰি ভূমিকা পালন কৰিবলৈ আহিছা, আকৌ উভতি যাব লাগে, এই কথাবোৰ তোমালোক সন্তানসকলে বুজি পোৱা। আত্মাহে ভূমিকা পালন কৰিবলৈ আহে, বৃক্ষ বৃদ্ধি হৈ গৈ থাকে। নতুন নতুন প্ৰকাৰৰ ধৰ্ম উৎপত্তি হৈ থাকে, সেয়েহে ইয়াক বিভিন্নতাৰ নাটক বুলি কোৱা হয়। বিভিন্ন ধৰ্মৰ বৃক্ষ আছে। ইছলামীসকলক চোৱা কিমান ক'লা। তেওঁলোকৰো বহুত শাখা ওলায়। মহম্মদতো পাছত আহিছে। প্ৰথম হৈছে ইছলামী। মুছলমানসকলৰ সংখ্যা বহুত, আফ্ৰিকাত কিমান চহকীলোক আছে সোণ-হীৰাৰ খনি আছে। য'ত বহুত ধন দেখে তেতিয়া তেওঁলোকৰ ওপৰত আক্ৰমণ কৰি ধনৱান হৈ যায়। খ্ৰীষ্টধৰ্মৰ লোকসকলো কিমান ধনৱান হৈ গৈছে। ভাৰততো ধন আছে, কিন্তু গুপ্ত। সোণ আদি কিমান ধৰি থাকে। এতিয়া দিগম্বৰ জৈন সভাৰ লোকসকলে সন্মিলন আদি কৰি থাকে, কিয়নো প্ৰত্যেকেই নিজকে ডাঙৰ বুলি গণ্য কৰে নহয়। এই ইমানবোৰ ধৰ্ম সকলো বাঢ়ি গৈ থাকে, কেতিয়াবা বিনাশো হ'ব, একোৱেই বুজি নাপায়। সকলো ধৰ্মৰ ভিতৰত উচ্চতো তোমালোকৰ ব্ৰাহ্মণ ধৰ্মই হয়, যাৰ বিষয়ে কোনেও গম নাপায়। কলিযুগী ব্ৰাহ্মণো বহুত আছে, কিন্তু তেওঁলোক হৈছে কোষ বংশাৱলী ব্ৰাহ্মণ। প্ৰজাপিতা ব্ৰহ্মাৰ মুখ বংশাৱলী ব্ৰাহ্মণ, তেওঁলোকতো সকলো ভাই-ভনী হ'ব লাগে। যদি তেওঁলোকে নিজকে ব্ৰহ্মাৰ সন্তান বুলি কয় তেন্তে ভাই-ভনীয়েই হ'ল তেতিয়া আকৌ বিবাহো কৰিব নোৱাৰে। সিদ্ধ হয় যে তেওঁলোক ব্ৰাহ্মণসকল ব্ৰহ্মাৰ মুখ বংশাৱলী নহয়, কেৱল নাম ৰাখি দিয়ে। বাস্তৱত দেৱতাসকলতকৈও উচ্চ বুলি ব্ৰাহ্মণসকলক কোৱা হ’ব, টিকনি হয় নহয়। এই ব্ৰাহ্মণেই মনুষ্যক দেৱতা কৰি গঢ়ি তোলে। পঢ়াওঁতাজন হৈছে পৰমপিতা পৰমাত্মা, স্বয়ং জ্ঞানৰ সাগৰ। এইটো কোনেও গম নাপায়। পিতাৰ ওচৰলৈ আহি ব্ৰাহ্মণ হোৱাৰ পাছতো কালিলৈ শূদ্ৰ হৈ যায়। পুৰণি সংস্কাৰ সলনি হ'বলৈ বহুত পৰিশ্ৰমৰ প্ৰয়োজন। নিজক আত্মা বুলি নিশ্চয় কৰি পিতাৰ পৰা উত্তৰাধিকাৰ ল'ব লাগে, আত্মিক পিতাৰ পৰা আত্মিক সন্তানসকলেহে উত্তৰাধিকাৰ ল'ব। পিতাক স্মৰণ কৰাতেই মায়াই বিঘিনি আনে। পিতাই কয় হাতেৰে কৰ্ম কৰিও অন্তৰেৰে পিতাক স্মৰণ কৰা। এয়া হৈছে বহুত সহজ। যেনেকৈ প্ৰেমিক-প্ৰেমিকা ক্ষেত্ৰত ইজনে-সিজনক নেদেখিলে থাকিব নোৱাৰে। বাবাতো প্ৰেমিক হয়েই। প্ৰেমিকা সকলো সন্তানেই হয় যিসকলে পিতাক স্মৰণ কৰি থাকে। এজন পিতাই আছে যি কেতিয়াও কাৰো প্ৰতি আসক্ত নহয় কিয়নো তেওঁতকৈ উচ্চতো কোনো নায়েই। বাকী তেওঁ সন্তানসকলৰ মহিমা কৰে, তোমালোকে ভক্তিমাৰ্গৰ পৰা আৰম্ভ কৰি মোৰ অৰ্থাৎ প্ৰেমিকৰ সকলো প্ৰেমিকা হোৱা। আহ্বানো জনোৱা যে আহি দুখৰ পৰা মুক্ত কৰি পাৱন কৰি তোলক। তোমালোক সকলো হৈছা কইনা, মই হৈছোঁ দৰা। তোমালোক সকলো আসুৰিক কাৰাগাৰত আবদ্ধ হৈ আছা, মই আহি মুক্ত কৰোঁ। ইয়াৰ বাবে বহুত পৰিশ্ৰম হয় আসুৰিক দৃষ্টিয়ে প্ৰবঞ্চনা কৰে, দৃষ্টি নিৰ্বিকাৰী কৰি তুলিবলৈ পৰিশ্ৰম কৰিবলগীয়া হয়। দেৱতাসকলৰ কিমান ভাল চৰিত্ৰ, এতিয়া এনেকুৱা দেৱতা কৰি গঢ়ি তোলোঁতা নিশ্চয় লাগে নহয়।

সন্মিলনত বিষয়বস্তু ৰাখিছে - "মানৱ জীৱনত ধৰ্মৰ আৱশ্যকতা"। ড্ৰামাখনক নজনাৰ কাৰণে বিবুদ্ধিত পৰি আছে। তোমালোকৰ বাহিৰে কোনেও বুজাব নোৱাৰে। খ্ৰীষ্টান অথবা বৌদ্ধ আদিয়ে এইটো জানো গম পায় যে যীশু, বুদ্ধ আদি আকৌ কেতিয়া আহিব! তোমালোকে তৎক্ষণাৎ হিচাপ-নিকাচ দেখুৱাই দিব পাৰা। গতিকে বুজাব লাগে ধৰ্মৰ আৱশ্যকতাতো আছে নহয়। প্ৰথম প্ৰথম কোনটো ধৰ্ম আছিল, তাৰপাছত কোনবোৰ ধৰ্ম আহিল! নিজৰ ধৰ্মৰ লোকসকলেও পূৰা বুজি নাপায়। যোগসূত্ৰ নগঢ়ে। যোগ অবিহনে শক্তি প্ৰাপ্ত নহয়, ধাৰ নাথাকে। পিতাকেই সৰ্বশক্তিমান হৰ্তা-কৰ্তা বুলি কোৱা হয়। তোমালোক কিমান সৰ্বশক্তিমান হোৱা, বিশ্বৰ মালিক হৈ যোৱা। তোমালোকৰ ৰাজ্য কোনেও কাঢ়ি নিব নোৱাৰে। সেই সময়ত আৰু কোনো খণ্ড নাথাকে। এতিয়াতো কিমান খণ্ড আছে। এই সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে। 5 হাজাৰ বছৰৰ এই চক্ৰ, বাকী সৃষ্টি কিমান দীঘলীয়া। সেয়া জানো জুখিব পৰা যায়। ধৰণীৰ বাৰু জুখিব পাৰে। সাগৰৰতো নোৱাৰে। আকাশ আৰু সাগৰৰ অন্ত কোনেও পাব নোৱাৰে। গতিকে বুজাব লাগে - ধৰ্মৰ আৱশ্যকতা কিয় হয়! গোটেই চক্ৰ গঢ়ি উঠিছেই ধৰ্মসমূহৰ ওপৰত। এয়া হৈছেই বিভিন্ন ধৰ্মৰ বৃক্ষ, এই বৃক্ষ হৈছে অন্ধজনৰ আগত আইনা।

তোমালোক এতিয়া বাহিৰলৈ সেৱাৰ বাবে ওলাইছা, লাহে লাহে তোমালোকৰ বৃদ্ধি হৈ গৈ থাকে। ধুমুহাৰ কোবাল প্ৰহাৰত বহুত পাত সৰিও পৰে নহয়। অন্য ধৰ্মত ধুমুহাৰ প্ৰহাৰৰ কথা নাথাকে। তেওঁলোকেতো ওপৰৰ পৰা আহিবই লাগে, ইয়াত তোমালোকৰ স্থাপনা বহুত আশ্চৰ্যজনক। প্ৰথম প্ৰথম যিসকল ভক্ত আছে তেওঁলোককহে আহি ভগৱানে নিজৰ ঘৰলৈ লৈ যোৱাৰ ফল দিবলগীয়া হয়। আহ্বানো জনায় আমাক আত্মাসকলক নিজৰ ঘৰলৈ লৈ ব’লক। এইটো কোনেও নাজানে যে পিতাই স্বৰ্গৰো ৰাজ্য-ভাগ্য দিয়ে। সন্ন্যাসী লোকসকলেতো সুখক নামানেই। তেওঁলোকে বিচাৰে মোক্ষ প্ৰাপ্ত হওঁক। মোক্ষক উত্তৰাধিকাৰ বুলি কোৱা নহয়। শিৱবাবাই নিজেও ভূমিকা পালন কৰিবলগীয়া হয় তেন্তে আকৌ কাৰোবাক মোক্ষত কেনেকৈ ৰাখিব পাৰে। তোমালোক ব্ৰহ্মাকুমাৰ-কুমাৰীসকলে নিজৰ ধৰ্ম আৰু সকলোৰে ধৰ্মক জানা। তোমালোকৰ দয়া উপজিব লাগে। চক্ৰৰ ৰহস্য বুজাব লাগে। কোৱা, তোমালোকৰ ধৰ্মৰ প্ৰতিষ্ঠাপক পুনৰ নিজৰ সময়ত আহিব। বুজাওঁতাজনো বুদ্ধিমান হ'ব লাগে। তোমালোকে বুজাব পাৰা যে প্ৰত্যেকেই সতোপ্ৰধানৰ পৰা সতো-ৰজো-তমোত আহিবই লাগে। এতিয়া হৈছে ৰাৱণৰাজ্য। তোমালোকৰ হৈছে সত্য গীতা, যি পিতাই শুনায়। ভগৱান বুলি নিৰাকাৰজনকে কোৱা হয়। আত্মাই নিৰাকাৰ ভগৱান পিতাক আহ্বান জনায়। তাত তোমালোক আত্মাসকল থাকা। তোমালোকক জানো পৰমাত্মা বুলি ক'ব। পৰমাত্মাতো এজনেই উচ্চতকৈও উচ্চ ভগৱান, তাৰপাছত সকলো আত্মা সন্তানসকল। সকলোৰে সৎগতি দাতা এজন তাৰপাছত হৈছে দেৱতাসকল। তেওঁলোকৰ ভিতৰতো এক নম্বৰ হৈছে শ্ৰীকৃষ্ণ কিয়নো আত্মা আৰু শৰীৰ দুয়োটাই পৱিত্র। তোমালোক হৈছা সংগমযুগী। তোমালোকৰ জীৱন অমূল্য। দেৱতাসকলৰ নহয়, ব্ৰাহ্মণসকলৰ জীৱন অমূল্য। পিতাই তোমালোকক নিজৰ সন্তান কৰি আকৌ তোমালোকৰ বাবে কিমান পৰিশ্ৰম কৰে, দেৱতাসকলে জানো ইমান পৰিশ্ৰম কৰিব। তেওঁলোকে পঢ়াবৰ কাৰণে সন্তানসকলক বিদ্যালয়লৈ পঠিয়াই দিব। ইয়াত পিতাই বহি তোমালোকক পঢ়ায়। তেওঁ পিতা শিক্ষক গুৰু তিনিজনেই হয়। গতিকে কিমান সন্মান জনাব লাগে। সেৱাধাৰী সন্তানসকলৰ সেৱাৰ বহুত চখ থাকিব লাগে। বহুত কম আছে যিসকল ভাল বুদ্ধিদীপ্ত হয় গতিকে সেৱাত লাগি আছে। সেৱাধাৰীতো লাগে নহয়। যুদ্ধক্ষেত্ৰলৈ যাবৰ বাবে যাক শিকায় তেওঁক চাকৰি আদি সকলোৰে পৰা মুক্ত কৰি দিয়ে। তেওঁলোকৰ ওচৰত তালিকা থাকে। সেনাবাহিনীক কোনেও যুদ্ধক্ষেত্ৰলৈ নাযাওঁ বুলি অস্বীকাৰ কৰিব নোৱাৰে। যুদ্ধৰ অভ্যাস কৰায় এই বুলি যে আৱশ্যক হ’লে মাতিম। বাধা দিয়াজনৰ ওপৰত মোকৰ্দমা চলায়। ইয়াততো সেইবোৰ কথা নাই। ইয়াত আকৌ যদি ভালদৰে সেৱা নকৰে তেন্তে পদ ভ্ৰষ্ট হৈ যায়। সেৱা নকৰে তাৰমানে নিজক নিজে গুলি মাৰি দিয়ে। পদ ভ্ৰষ্ট হৈ যায়। নিজৰ ভাগ্যক গুলি মাৰি দিয়ে। ভালদৰে পঢ়িলে, যোগযুক্ত হৈ থাকিলে তেন্তে ভাল পদ প্ৰাপ্ত হ'ব। নিজৰ ওপৰত দয়া কৰিব লাগে। নিজৰ ওপৰত কৰিলে তেন্তে অন্যৰ ওপৰতো কৰে। পিতাই প্ৰত্যেক ধৰণৰ বুজনি দি থাকে। এই সৃষ্টিৰ নাটক কেনেকৈ চলে, ৰাজধানীও স্থাপনা হয়। এই কথাবোৰ জগতে নাজানে। এতিয়া নিমন্ত্ৰণতো পোৱা যায়। 5-10 মিনিটত কি বুজাব পৰা যায়। এক-দুই ঘণ্টা দিয়ে যদি বুজাবও পৰা যায়। ড্ৰামাখনকতো একেবাৰে নাজানে। ভাল ভাল বিষয়সমূহ য'ত-ত'ত লিখি দিব লাগে। কিন্তু সন্তানসকলে পাহৰি যায়। পিতা ৰচয়িতাও হয়, তোমালোক সন্তানসকলক ৰচনা কৰে। নিজৰ কৰি লৈছে, নিৰ্দেশক হৈ নিৰ্দেশনাও দিয়ে। শ্ৰীমত দিয়ে আকৌ ভূমিকাও পালন কৰে। জ্ঞান শুনায়। এয়াও তেওঁৰ উচ্চতকৈও উচ্চ ভূমিকা হয় নহয়। ড্ৰামাৰ সৃষ্টিকৰ্তা, নিৰ্দেশক আৰু মুখ্য ভাৱৰীয়াক যদি নাজানা তেন্তে কি হ’লা? ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই অমূল্য জীৱনত পঢ়াওঁতা শিক্ষকৰ প্ৰতি বহুত সন্মান জনাব লাগে, পঢ়াত ভাল বুদ্ধিমান হৈ সেৱাত ব্ৰতী হ’ব লাগে। নিজৰ ওপৰত নিজেই দয়া কৰিব লাগে।

(2) নিজক নিজে শুধৰাবৰ কাৰণে সভ্য হ'ব লাগে। নিজৰ চৰিত্ৰ শুধৰাব লাগে। মনুষ্যক দেৱতা কৰি তোলাৰ সেৱা কৰিব লাগে।

বৰদান:
আত্মিক ব্যায়ামৰ অভ্যাস দ্বাৰা চুড়ান্ত কাকতত উত্তীৰ্ণ হওঁতা সদায় শক্তিশালী হোৱা

যেনেকৈ বৰ্তমান সময় অনুসৰি শৰীৰৰ বাবে সকলো বেমাৰৰ চিকিৎসা হিচাপে ব্যয়াম শিকোঁৱা হয় তেনেকৈ আত্মাক সদায় শক্তিশালী কৰি তুলিবলৈ আত্মিক ব্যায়ামৰ অভ্যাস লাগে। চাৰিওফালে যিমানেই অস্থিৰতাৰ বাতাৱৰণ নহওঁক কিন্তু বাণীত থাকিও বাণীৰ পৰা উৰ্দ্ধত স্থিতিৰ অভ্যাস কৰা। মন য’ত আৰু যিমান সময় স্থিৰ কৰিব বিচৰা সিমান সময় তাত স্থিৰ কৰি দিয়া - তেতিয়া শক্তিশালী হৈ চুড়ান্ত কাকতত উত্তীৰ্ণ হ’ব পাৰিবা।

স্লোগান:
নিজৰ বিকাৰী স্বভাৱ-সংস্কাৰ আৰু কৰ্ম সমৰ্পণ কৰি দিয়া মানেই সমৰ্পিত হোৱা।


অব্যক্ত সংকেত: এতিয়া একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত কৰি যোগ জ্বালা ৰূপ কৰি তোলা

যেতিয়ালৈকে তোমালোকৰ স্মৃতি জ্বালা ৰূপ নহয় তেতিয়ালৈকে এই বিনাশৰ জ্বালায়ো সম্পূৰ্ণ জ্বালা ৰূপ নলয়। এয়া বাঢ়ি যায়, আকৌ শীতল হৈ যায় কিয়নো জ্বালা মূৰ্ত আৰু প্ৰেৰক আধাৰমূৰ্ত আত্মাসকল এতিয়া নিজেই সদায় জ্বালা ৰূপ হোৱা নাই। এতিয়া জ্বালা ৰূপ হোৱাৰ দৃঢ় সংকল্প লোৱা আৰু সংগঠিত ৰূপত মন-বুদ্ধিৰ একাগ্ৰতাৰ দ্বাৰা শক্তিশালী যোগৰ প্ৰকম্পন চাৰিওফালে বিয়পাই দিয়া।