20.09.26    Avyakt Bapdada     Assame Murli     30.11.2011     Om Shanti     Madhuban


“*“অমৃতবেলা বিশেষ সৰ্ব শক্তিৰ অনুভৱী স্বৰূপ হৈ যোগৰ কিৰণ বায়ুমণ্ডলত বিয়পোৱা, মন সদায় ব্যস্ত কৰি ৰাখা, সময়ৰ আহ্বান – তীব্ৰ পুৰুষাৰ্থী হোৱা”*”


আজি বাাপদাদাই চাৰিওফালৰ সন্তানসকলৰ মস্তকত ভাগ্যৰ জিলিকি থকা তৰা প্ৰত্যক্ষ কৰি আছেহঁক। এটা হৈছে জন্মৰ, দ্বিতীয়টো সম্পৰ্কৰ আৰু তৃতীয়টো প্ৰাপ্তিৰ। তিনিওটা ভাগ্য দেখি হৰ্ষিত হৈ আছে। জন্মৰ ভাগ্যকটো তোমালোকে জানা যে তোমালোক সকলোকে এই দিব্য জন্ম, ব্ৰাহ্মণ জন্ম দিওতাজন হৈছে স্বয়ং ভাগ্য বিধাতা। তেন্তে ভাবা, কিমান শ্ৰেষ্ঠ ভাগ্য! লগতে সম্বন্ধ, ইয়াৰ বিশেষত্ব তোমালোকে জানা যে তিনিওটা সম্বন্ধ – পিতা, শিক্ষক, সৎগুৰু – তিনিওটা সম্বন্ধই এজন পিতাৰ সৈতে আছে। এজনতে তিনিওটা সম্বন্ধ আছে। প্ৰাপ্তিসমূহকো তোমালোকে জানা, য’ত পিতা আছে ত’ত প্ৰাপ্তিসমূহতো সৰ্ব আৰু বেহদৰ। এজনতে তিনিওটা সম্বন্ধ আছে। এনেও জীৱনত এই তিনিওটা সম্বন্ধৰ আৱশ্যক, কিন্তু জগতৰ লোকৰ বাবে প্ৰতিটো সম্বন্ধ সুকীয়া সুকীয়া, আৰু তোমালোকৰ তিনিওটা সম্বন্ধই এজনৰ সৈতে। এজনতে তিনিওটা সম্পৰ্ক থকাৰ বাবে স্মৰণো, অনুভৱো সহজে হয়। সকলোৱে তিনিওটা সম্বন্ধৰ অনুভৱী হোৱা নহয়! পিতাৰ দ্বাৰা কি পোৱা যায়? উত্তৰাধিকাৰ। উত্তৰাধিকাৰো কিমান শ্ৰেষ্ঠ পোৱা যায় আৰু এই উত্তৰাধিকাৰ কিমান সময় ধৰি থাকে, কাৰণ পৰমাত্ম পিতাৰ দ্বাৰা প্ৰাপ্ত হয়। দ্বিতীয়টো সম্বন্ধ হৈছে শিক্ষকৰ, শিক্ষাক উপাৰ্জনৰ উৎস বুলি কোৱা হয়। তেন্তে তোমালোক সকলোৰে শিক্ষকৰ দ্বাৰা কিমান শ্ৰেষ্ঠ প্ৰাপ্তি হৈছে, জানা নহয়! এনে শ্ৰেষ্ঠ প্ৰাপ্তি পৰমাত্মা পিতাৰ বাহিৰে আন কাৰো পৰা হ’ব নোৱাৰে। শিক্ষাৰ দ্বাৰা পদবী প্ৰাপ্ত হয় আৰু তোমালোক সকলোৰে বাবে আটাইতকৈ শ্ৰেষ্ঠ প্ৰাপ্তি, জগততো ৰাজ্যপদক শ্ৰেষ্ঠ প্ৰাপ্তি বুলি কোৱা হয়। গতিকে তোমালোকৰো শিক্ষকৰ দ্বাৰা ৰাজ্যপদ প্ৰাপ্ত হৈছে। এতিয়াও স্বৰাজ্যৰ ৰজা, কিয়? আত্মা ৰাজযোগী হোৱাৰ বাবে স্বৰাজ্যৰ অধিকাৰী হয়। নিজৰ ওপৰত ৰাজ্য কৰে। কৰ্মেন্দ্ৰিয়সমূহৰ বশীভূত নহয়, আত্মা মালিক হৈ এই কৰ্মেন্দ্ৰিয়সমূহৰ ৰজা হৈ যায়। গতিকে বৰ্তমানৰ স্বৰাজ্য আৰু ভৱিষ্যতেও ৰাজ্য-ভাগ্য প্ৰাপ্ত হয়। গতিকে বৰ্তমানো ডবল ৰাজ্য আৰু ভৱিষ্যতেও পদবী প্ৰাপ্ত হয়। আৰু তৃতীয়টো সম্পৰ্ক হৈছে সৎগুৰুৰ। তিনিওটা সম্বন্ধই প্ৰাপ্ত হৈছে নহয়! হৈছেনে? পিতাৰ, শিক্ষকৰ আৰু তৃতীয়টো হৈছে সৎগুৰুৰ। সৎগুৰুৰ দ্বাৰা গুৰুৰ শ্ৰীমত পোৱা যায়। কিমান শ্ৰেষ্ঠ মত পাইছা? সেয়েহে নিজক পৰীক্ষা কৰা যে সদায় শ্ৰীমতত চলে নে কেতিয়াবা মনমত বা পৰমতৰ দিশে বুদ্ধি ঢাল খায়? পৰীক্ষা কৰিলানে? যিসকলে ভাবা যে সৎগুৰুৰ দ্বাৰা সদায়েই শ্ৰীমত শ্ৰেষ্ঠ মততেই চলে, মনমত আৰু পৰমতৰ ফালে কেতিয়াও সপোনতো নাযায়, তেওঁলোকে হাত দাঙা, যিসকলে সদায় শ্ৰীমততেই চলে, পৰমত বা মনমতত নহয়, হাত দাঙা। চোৱা, মাতাসকলে দাঙিলে! অলপ অলপকৈ দাঙি আছে। কেতিয়াবা কেতিয়াবা গুচি যায় আৰু পৰমত মনমতে প্ৰতাৰণা কৰি দিয়ে। আৰু বিশেষ শ্ৰীমত কি? নিজক আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰা। তেন্তে এইটো সহজ নে কঠিন? কেতিয়াবা কেতিয়াবা কঠিন হৈ যায়! কিন্তু পিতাই এয়াই বিচাৰে যে সদায় এই তিনিওটা সম্পৰ্কৰে প্ৰতিগৰাকী সন্তান আগে আগে উৰি গৈ থাকক। গতিকে বাপদাদাই সুধিছে যে যিসকলে হাত দাঙা নাই, তেওঁলোকে এতিয়াৰ পৰা মনমত, পৰমত ত্যাগ কৰিব পাৰিবানে? কৰিব পাৰিবানে? তেওঁলোকে হাত দাঙা। বাৰু! কাৰণ বাাপদাদাই সময়ৰ ইংগিত দি দিছে। এতিয়া সংগমৰ সময় অতি মূল্যবান আৰু বাাপদাদাই এইটোও ইংগিত দিছে যে বৰ্তমান সময় অনুসৰি সকলো অকস্মাতে হ’ব, সেয়েহে সদায় সদা-প্ৰস্তুত হ’ব লাগে নহয়! সকলো একেলগে যাবা নহয় নে পিছে পিছে যাবা? বাাপদাদাৰ সৈতে নিজৰ ঘৰলৈ যাব লাগে নহয়! প্ৰস্তুত আছা নহয়! লগত যাবলৈ প্ৰস্তুত আছানে? সদা-প্ৰস্তুত। কেৱল প্ৰস্তুত নহয়, সদা-প্ৰস্তুত। গতিকে বাাপদাদাই সময়ৰ ইংগিত দি আছে। এই এটা জন্মতে 21 জন্মৰ প্ৰালব্ধ গঢ়িব লাগে। তেন্তে ভাবা কিমান মনোযোগ দিব লাগে। পিতাৰ প্ৰতিগৰাকী সন্তানৰ প্ৰতি মৰম আছে, পিতাই এয়াই বিচাৰে যে প্ৰতিগৰাকী সন্তান বাবাৰ সৈতে একেলগে যাওঁক আৰু একেলগে ৰাজ্য-অধিকাৰী হওক।

তেন্তে তোমালোক একেলগে যাবৰ বাবে পিতাৰ সমান সম্পূৰ্ণ আৰু সম্পন্ন হ’লেহে একেলগে যাবা নহয়! এই সময়ত এই সৰু জন্মটোতেই 21 জন্মৰ প্ৰাপ্তি নিশ্চিত। তেন্তে ভাবি চোৱা সংগমৰ এই সৰু জন্মৰ এটা এটা মিনিট কিমান মহান! হিচাপ কৰি চোৱা, এইটো জন্মত 21 জন্মৰ ৰাজ্য-ভাগ্য ল’ব লাগে, তেন্তে সংগমৰ এটা মিনিটো কিমান মূল্যৱান। গতিকে এই মূল্যক বুজি কি কৰিব লাগিব?

বাাপদাদাই পূৰ্বেও কৈছে যে দুটা কথাৰ প্ৰতি বিশেষ মনোযোগ দিয়া। দুটা কথা কি? স্মৃতিত আছে নহয়! এটা হ’ল সময় আৰু আনটো সংকল্প। সংকল্প যাতে ব্যৰ্থত নাযায়, সময় ব্যৰ্থত নাযায়। এটা এটা ছেকেণ্ড সফল হওক। তেন্তে কোৱা, ইমান মনোযোগ দিব লাগিব নহয়! বাাপদাদাৰতো সকলো সন্তানৰ প্ৰতি স্নেহ আছে। বাাপদাদাই এয়াই বিচাৰে যে এটি সন্তানো যাতে পিছ পৰি ৰৈ নাযায়। লগত আছে, লগত যাব, লগত ৰাজ্য-অধিকাৰী হৈ সদায় জীৱনত সুখ-শান্তিৰ অনুভৱ কৰিব। তেন্তে কোৱা, লগত যাবা নহয়! যাবানে? পিছত ৰৈতো নোযোৱা? চোৱা, তিনিওটা ভাগ্যতো প্ৰত্যেকৰে মস্তকত জিলিকি আছে। নিজৰ মস্তকত এই তিনিওটা ভাগ্যই দেখিবলৈ পোৱা যায় নহয়! সংগমযুগেই হৈছে ভাগ্যৱান যুগ। যিয়ে যিমান ভাগ্য গঢ়িব বিচাৰে সিমান গঢ়িব পাৰে। কিন্তু বহু সময়ৰ মনোযোগৰ প্ৰয়োজন। গতিকে সকলো সন্তানে নিজ নিজ পুৰুষাৰ্থত এতিয়া তীব্ৰতা আনা। পুৰুষাৰ্থী হোৱা, বাাপদাদাই দেখিবলৈ পায় যে পুৰুষাৰ্থ কৰে, কিন্তু সকলোৰে পুৰুষাৰ্থ এতিয়া তীব্ৰ হ’ব লাগে। বাাপদাদাই প্ৰতিগৰাকী সন্তানক বালক তথা মালিকৰ ৰূপত চাব বিচাৰে। কিহৰ মালিক? সৰ্ব সম্পদৰ মালিক। কেতিয়াবা কেতিয়াবা কোনো সন্তানে বাাপদাদাক কয় যে বাবা আপুনিতো সৰ্বশক্তি দিলে আৰু আমিও নিজক মাষ্টৰ সৰ্বশক্তিমান বুলি মানো, কিন্তু বহুত সন্তানে অভিযোগ কৰে যে কেতিয়াবা যি সময়ত যিটো শক্তিৰ প্ৰয়োজন হয়, সেয়া সময়ত কামত নাহে। কিন্তু ইয়াৰ কাৰণ কি? পিতাই প্ৰত্যেককে সৰ্বশক্তি দিছে। দিছেনে নে কাৰোবাক কম কাৰোবাক বেছিকৈ দিছে? সৰ্বশক্তি পাইছা, হাত দাঙা। সকলোৱে পাইছা, কিন্তু সময়ত কিয় কামত নাহে? ইয়াৰ কাৰণ? কাৰণক জানাও কিন্তু সেই সময়ত পাহৰি যোৱা। সৰ্বশক্তিৰ সম্পদ প্ৰত্যেক সন্তানে উত্তৰাধিকাৰ হিচাপে পাইছে। পিতাই সকলোকে সৰ্বশক্তিৰ উত্তৰাধিকাৰ দিছে, কাৰোবাক কম কাৰোবাক বেছি দিয়া নাই। সৰ্বশক্তি দিছে, কিন্তু সময়ত কিয় নাহে! তোমালোকে ভাবা, কোনোবাই যদি নিজৰ স্বমানৰ আসনত নাথাকে, তেন্তে তেওঁৰ আদেশ কোনে মানে? গতিকে যি সময়ত শক্তি নাহে, তাৰ কাৰণ হ’ল তোমালোক নিজৰ মাষ্টৰ সৰ্বশক্তিমানৰ আসনত স্থিৰ হৈ নাথাকা, সেইবাবেই আসন অবিহনে আদেশ কোনেও নামানে। গতিকে সদায় নিজৰ আসনত স্থিৰ হৈ থাকা। কেতিয়াবা ব্যৰ্থ চিন্তা চলে বা কেতিয়াবা দুশ্চিন্তা আহে, তেন্তে তাৰ দ্বাৰাই স্বমানৰ আসন চ্যুত হৈ যায়। বাাপদাদাই প্ৰত্যেককে কিমান স্বমান দিছে। স্বমানৰ কিমান ডাঙৰ তালিকা! হিচাপ কৰা, কিমান স্বমান বাবাই দিছে? স্বমানত স্থিৰ নহ’লে, তেন্তে য’ত স্বমান নাই তাত কি হয়? জানা নহয়! দেহ-অভিমান আহে। হয়তো স্বমান আছে নতুবা দেহ-বোধ আছে। গতিকে দেহ-বোধৰ আসনত বহি আদেশ দিলে শক্তিয়ে নামানে। নহ’লে মাষ্টৰ সৰ্বশক্তিমানৰ কথা শক্তিয়ে নামানিব – এনে হ’ব নোৱাৰে। আসনত স্থিৰ হোৱা, ইয়াৰ অভ্যাস সদায় কৰা। পৰীক্ষা কৰা –কৰ্মযোগতেই হওক, সেৱাতেই হওক বা নিজৰ মনন-মন্থনতেই হওক, কিন্তু আসনত স্থিৰ হৈ থাকিলে সৰ্বশক্তি হাজিৰ হয়।

আজি বাাপদাদাই দেখিলে, অমৃতবেলা পৰিক্ৰমা লগালে। চাৰিওফালে পৰিক্ৰমা লগালে, বিদেশে হওক বা দেশ। বাাপদাদাৰ পৰিক্ৰমা লগাবলৈ সময় নালাগে। তেন্তে কি দেখিলোঁ? কওঁনে। সৰহভাগেই বহি আছিল, উঠি নিজ নিজ স্থানত বহি আছিল, পুৰুষাৰ্থও কৰি আছিল যাতে গোটেই সময়খিনিত সৰ্ব অনুভৱীমূৰ্ত হৈ বহিব পাৰে, কিন্তু কি দেখিলে? অনুভৱীমূৰ্ত কমসংখ্যক আছিল, কাৰণ আটাইতকৈ ডাঙৰ শক্তি হৈছে অনুভৱৰ। অনুভৱী স্বৰূপ, সৰ্বশক্তিৰ অনুভৱী স্বৰূপ, মাষ্টৰ জ্ঞানৱান, মাষ্টৰ সৰ্বশক্তি স্বৰূপ – গতিকে অনুভৱী স্বৰূপ হোৱাত অলপ অভাৱ দেখা গ’ল। পুৰুষাৰ্থ কৰে, বাাপদাদাই তথাপিও ধন্যবাদ জনালে যে পুৰুষাৰ্থ কৰি সৰহসংখ্যক আহে, সৰহসংখ্যকে বহে, কিন্তু বাাপদাদাই এয়াই বিচাৰে যে লাইট-মাইট স্বৰূপৰ অনুভৱীমূৰ্ত হৈ বহক, কাৰণ এই অমৃতবেলাৰ যোগৰ কিৰণ গোটেই বায়ুমণ্ডলত বিয়পে। এই অনুভৱ আৰু বঢ়াই নিয়া। যেনেকৈ পিতা ব্ৰহ্মাক দেখিলা, কিমান শক্তিশালী ফৰিস্তা স্বৰূপৰ স্থিতি আছিল। ঠিক তেনেকৈ এই অমৃতবেলাক এতিয়া নিজ নিজ ৰূপত মনোযোগ দিয়া আৰু অক্লান্ত হৈ দিয়া। বাাপদাদাই দেখিলে যে বহুত সন্তান লাইট-মাইট ৰূপতো বহে, ‘নহয়’ বুলি নকওঁ, ‘হয়’ বুলিও কওঁ, কিন্তু এই সময়ৰ পুৰুষাৰ্থৰ ওপৰত আৰু অধিক মনোযোগ দিব লাগিব আৰু বাাপদাদাই পূৰ্বেও ইংগিত দিছে যে নিজৰ মন সদায় ব্যস্ত কৰি ৰাখা। মনৰ সেৱাতে হওক, বাণীৰে বা মনন শক্তিত ব্যস্ত ৰাখা। মনন কৰা। মনন শক্তিয়ে মন একাগ্র কৰি তোলে। কোনো কোনো সন্তানে মনন বৰ ভালকৈ কৰে, কিন্তু মনন শক্তিও গোটেই দিনটোত বৃদ্ধি কৰা, কাৰণ বাাপদাদাৰ শেষৰ সন্তানটিৰ প্ৰতিও মৰম আছে। শেষৰ সন্তানটিৰ প্ৰতিও বাাপদাদাই এয়াই বিচাৰে যে লগত যাওঁক, পিছ পৰি নাথাকক। পিছত যাতে ৰৈ নাযায়। তেন্তে কি কৰিবা? মনোযোগ দিবা।

আজি বাাপদাদাই সভা দেখি জানে যে সন্তানসকলৰ বৃদ্ধি হ’বই। 75 বছৰৰ জয়ন্তী পালন কৰিলে। তাৰ বাবেতো বাাপদাদাই সন্তানসকলক ধন্যবাদ জনাই আছে। বাাপদাদাই সেৱাৰ নিষ্ঠাও দেখিলে, প্ৰত্যেক স্থানৰ সকলৰ উৎসাহ-উদ্দীপনা আছে আৰু সেৱাৰ ফল তথা সেৱাৰ বল – সেয়াও স্পষ্টকৈ দেখা গৈছে। বিশেষকৈ বাাপদাদাই দেখিলে যে য’তেই সন্তানসকলে সেৱা কৰিছে, তাত এইবাৰ চৰকাৰৰ নিমিত্ত হোৱা আত্মাসকল বেছিকৈ আহিছে আৰু ফলাফলত মানিও লৈছে যে বৰ্তমান সময় অনুসৰি যিহেতু দুখ আৰু অশান্তি বৃদ্ধি পাইছে, গতিকে যিটো বিষয় ৰখা হৈছে সেয়া অতি আৱশ্যকীয়, কাৰণ যিমানেই শান্তি বিচাৰে, সিমানেই অশান্তি বাঢ়িছে। কিবা নহয় কিবা অশান্তিৰ কথা আহিয়েই পৰে। ইয়াৰ বাবে চাৰিওফালে দুশ্চিন্তা বাঢ়িছে আৰু চৰকাৰেও বিচাৰিছে যে ভাৰত দুশ্চিন্তা মুক্ত হওক। গতিকে যিসকল সন্তানে সেৱা কৰিলে, সেই সকলো সন্তানক বাাপদাদাই ধন্যবাদ জনাইছে আৰু যিসকলে কৰিবলৈ গৈ আছে, তেওঁলোককো আগতীয়াকৈ ধন্যবাদ জনাই আছে।

বাাপদাদাই এতিয়া এটাই বিচাৰে যে এটি এটি সন্তানে পিতাক অনুসৰণ কৰি পিতাৰ সমান সম্পন্ন নিশ্চয় হওক। বাপদাদাই দেখিলে যে পুৰুষাৰ্থও সকলো সন্তানে কৰে। পুৰুষাৰ্থৰ নিষ্ঠাও আছে, নিজক প্ৰতিশ্ৰুতিও বহুত দিয়ে – এতিয়া আৰু নকৰোঁ, এতিয়া আৰু নকৰোঁ... কিন্তু কাৰণ কি হয়? কাৰণ হৈছে পুৰুষাৰ্থত দৃঢ়তা কম। মাজে মাজে আলস্য আহি যায়। হৈ যাব, তৈয়াৰ হৈ যাম... এই আলস্যই পুৰুষাৰ্থ ঢিলা কৰি পেলায়। তেন্তে এতিয়া কি কৰিবা? এতিয়া এইটো বিশেষ মনোযোগ দিয়া, নিজৰ বাবে নিজেই কাৰ্যসূচী হাতত লোৱা, তাত গোটেই দিন মন ব্যস্ত কৰি ৰাখা। নিজৰ কাৰ্যসূচী নিজে প্ৰস্তুত কৰা। মন ব্যস্ত কৰি ৰখাৰ সময়সূচী নিজে প্ৰস্তুত কৰা। লাগিলে মনন কৰা বা সেৱা কৰা, নতুবা ইজনে সিজনৰ মনোযোগ আকৰ্ষণ কৰা, কিন্তু ব্যস্ত ৰাখা। মনেৰে ব্যস্ত, শৰীৰেৰেতো ব্যস্ত থাকা, কিন্তু মনেৰেও ব্যস্ত থাকা। মনক ব্যস্ত ৰখাত এক নম্বৰ বেপাৰী হোৱা। এইটো কৰিব পাৰিবানে? কৰিবানে? কৰিবানে? কাৰণ তোমালোকে জানা যে পিতা ব্ৰহ্মাও তোমালোকৰ অপেক্ষাত আছে আৰু তোমালোকৰ আগতীয়াও দলো তোমালোকৰ অপেক্ষাত আছে – কেতিয়া সময় সমীপত আনে, কাৰণ সময় সমীপত অনাৰ দায়িত্ব তোমালোকৰ। নিজক সম্পন্ন কৰা অৰ্থাৎ সময় সমীপত অনা।

গতিকে বাাপদাদাই বিশেষভাৱে এটা মাহ ইতিমধ্যেই দিছে। এই এটা মাহ প্ৰত্যেকে তীব্ৰ পুৰুষাৰ্থী হৈ, কেৱল পুৰুষাৰ্থী নহয় – তীব্ৰ পুৰুষাৰ্থী হ’বই লাগিব। মঞ্জুৰ আছেনে? মঞ্জুৰনে? হাত দাঙা। বাৰু, অভিনন্দন। এতিয়া প্ৰত্যেকে দৃঢ় সংকল্প কৰি নিতৌ বাাপদাদক গোটেই দিনটোৰ নিজৰ ফলাফল কেনেকৈ দিব লাগে? তীব্ৰ পুৰুষাৰ্থৰ। পুৰুষাৰ্থ নহয়, তীব্ৰ পুৰুষাৰ্থ। ইয়াৰ বাবে প্ৰস্তুত আছানে? প্ৰস্তুতনে? দুয়োখন হাত দাঙা। বৰ ভাল কথা। এতিয়া বাাপদাদাই হঠাতে মাজেতেই ফলাফল বিচাৰিব। তাৰিখ নকয়। হঠাতে এই এটা মাহৰ ভিতৰত যিকোনো তাৰিখতে ফলাফল বিচাৰিম। কৰিবই লাগিব। এইটো প্ৰতিশ্ৰুতি নিজে নিজৰ সৈতে কৰা। বাাপদাদাই কৰাব, তেওঁতো কৰায়েই থাকে, কিন্তু নিজে নিজৰ আগত এইটো সংকল্প লোৱা আৰু বাস্তৱত কৰি দেখুওৱা। কৰিবই লাগিব। কৰিম, 'ম’ ‘ম' নহয়... এতিয়া 'ম’ ‘ম' বুলি কোৱাটো ভাল কথা নহয়। সময় আগুৱাই গৈছে, চৰম সীমাত গৈ আছে, গতিকে সময়ক পৰিৱৰ্তন কৰোঁতা তোমালোক পূৰ্বজসকলৰ নিজৰ দুখী পৰিয়ালৰ প্ৰতি দয়া নাজাগেনে? দয়াশীল হোৱা। দুখীয়াসকলক সুখৰ পথ দেখুওৱা, মনেৰে হওক, বাণীৰে হওক বা সম্বন্ধ-সম্পৰ্কৰে। নিজৰ পৰিয়াল হয় নহয়! গতিকে পৰিয়ালৰ দুখ দূৰ কৰিব লাগে। দয়াশীল হোৱা। বাৰু।

এতিয়া যি য’ত বহি আছে, সেই সকলোকে – লাগিলে টি.ভি.ত চাই আছে বা ইয়াত ভিন্ন ভিন্ন স্থানত বহি আছে তেওঁলোকেও টি.ভি.ত চাই আছে – প্ৰতিগৰাকী সন্তানক বাাপদাদাই আজি ‘তীব্ৰ পুৰুষাৰ্থী’ৰ উপাধি দিছে। এতিয়া এইটো উপাধি সদায় স্মৃতিত ৰাখিবা। কোনোবাই যদি সোধে আপুনি কোন? তেন্তে এয়াই ক’বা – তীব্ৰ পুৰুষাৰ্থী। ঠিক আছে, সকলোৰে সন্মতি আছেনে? সন্মতি আছেনে? এতিয়া ঢিলা পুৰুষাৰ্থ নচলিব, সময় তীব্ৰ গতিৰে গৈ আছে, সেইবাবে এতিয়া তীব্ৰ পুৰুষাৰ্থী হ’বই লাগিব, সময়ৰ আহ্বান – তীব্ৰ পুৰুষাৰ্থী হোৱা। গতিকে সকলো সন্তানকে বাাপদাদাই স্নেহ সহিত স্মৰণ কৰিছে আৰু তীব্ৰ পুৰুষাৰ্থৰ উপহাৰ দি আছে। বাৰু – ওঁম্‌ শান্তি।

বৰদান:
মায়াৰ জ্ঞানত অজ্ঞ আৰু জ্ঞানত সম্পূৰ্ণ হওতা সম্পূৰ্ণ পৱিত্ৰ হোৱা

যেনেকৈ সত্যযুগী আত্মাসকল বিকাৰ কথাৰ জ্ঞানৰ পৰা অজ্ঞ, সেয়াই সংস্কাৰ স্পষ্টকৈ স্মৃতিত থাকিলে মায়াৰ জ্ঞানৰ পৰা অজ্ঞ হৈ যাবা। কিন্তু ভৱিষ্যত সংস্কাৰ স্মৃতিত স্পষ্টকৈ তেতিয়াহে থাকিব যেতিয়া আত্মিক স্বৰূপৰ স্মৃতি সদাকাল আৰু স্পষ্ট হ’ব। যেনেকৈ দেহ স্পষ্টকৈ দেখা যায় তেনেকৈ নিজ আত্মাৰ স্বৰূপ স্পষ্টকৈ দৃষ্টিগোচৰ হওক অৰ্থাৎ অনুভৱত আহিলে তেতিয়া মায়াৰ পৰা অজ্ঞ আৰু জ্ঞানত সম্পূণ পৱিত্ৰ বুলি কোৱা হ’ব।

স্লোগান:
ভিতৰৰ অশুদ্ধিয়েই সম্পূৰ্ণ হোৱাত বিঘিনিৰ সৃষ্টি কৰে।

অব্যক্ত সংকেত: এতিয়া নিজৰ দাতা স্বৰূপক প্ৰত্যক্ষ কৰা

তোমালোক ঈশ্বৰীয় সেৱাধাৰী সেৱা কৰোঁতা হোৱা, সেৱা লওঁতা নহয়। যদি সেৱা লওঁতা হোৱা তেন্তে নাম অনুসৰি কৰ্তব্য নহ’ল। ঈশ্বৰৰ সহায়কাৰীয়ে সেৱা নলয়, দিয়ে কাৰণ দাতাৰ সন্তান। যেনেকৈ পিতাই একো নলয়, তেওঁতো সদায় দিয়ে, তেনেকৈ তোমালোকো দিওঁতা হোৱা। যদি কেতিয়াবা সমস্যাৰ ৰূপ হয় তেতিয়াও সেৱা লোৱা। কোনো ধৰণৰ অতিৰিক্ত সেৱা লওঁতাসকলৰ কেতিয়াও এইটো নিচা নাথাকিব যে আমি দাতা, বৰদাতাৰ সন্তান।

সূচনা - মাহৰ তৃতীয় দেওবাৰৰ যোগ অভ্যাস

আজি মাহৰ তৃতীয় দেওবাৰ, সকলো ভাই-ভনী সংগঠিত ৰূপত একত্ৰিত হৈ সন্ধিয়া 6.30 ৰ পৰা 7.30 বজালৈ নিজৰ জ্ঞান স্বৰূপ স্থিতিত স্থিৰ হৈ, জ্ঞানৰ লাইট আৰু যোগৰ মাইট সৰ্ব আত্মাক দি শুদ্ধ পথ দেখুওৱা বা সেই পথত চলাৰ শক্তি প্ৰত্যেক আত্মালৈকে প্ৰবাহিত হওক এনে শুভ সংকল্পৰে বিশ্ব কল্যাণৰ সেৱা কৰক।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]