20.11.25 Morning Assame Murli Om Shanti BapDada Madhuban
মৰমৰ সন্তানসকল –
“পিতা তোমালোক সন্তানসকলক শান্তি আৰু সুখৰ উত্তৰাধিকাৰ দিবলৈ আহিছে, তোমালোকৰ
স্ব-ধৰ্মই হৈছে শান্তি, সেইকাৰণে তোমালোকে শান্তিৰ কাৰণে দিগভ্ৰান্ত হৈ নুফুৰা”
প্ৰশ্ন:
এতিয়া তোমালোক
সন্তানসকল 21 জন্মৰ কাৰণে অক্ষয় সম্পদেৰে ওজন কৰাৰ যোগ্য হোৱা - কিয়?
উত্তৰ:
কিয়নো পিতাই যেতিয়া নতুন সৃষ্টি ৰচে, তেতিয়া তোমালোক সন্তানসকল তেওঁৰ সহায়কাৰী হোৱা।
নিজৰ সকলো তেওঁৰ কাৰ্যত সফল কৰা সেয়েহে পিতাই তাৰ বিনিময়ত 21 জন্মৰ কাৰণে তোমালোকক
অক্ষয় সম্পদেৰে এনেকৈ ওজন কৰে যে কেতিয়াও ধনো ক্ষয় নহয়, দুখো নাহে, অকাল মৃত্যুও
নহয়।
গীত:
মুঝকো চহাৰা
দেনে ৱালে…. (মোক আলম্বন দিওঁতা….)
ওঁম্শান্তি।
অতি মৰমৰ
আত্মিক সন্তানসকলক ‘ওঁম্’ৰ অৰ্থতো শুনাইছোঁ। কোনো কোনোৱে মাত্ৰ ‘ওঁম্’ বুলি কয়,
কিন্তু কোৱা উচিত ‘ওঁম্ শান্তি’। মাত্ৰ ‘ওঁম্’ৰ অৰ্থ হৈ যায় ওঁম্ ভগৱান। ‘ওঁম্
শান্তি’ৰ অৰ্থ হৈছে - মই আত্মা শান্ত স্বৰূপ, মই আত্মা, এয়া মোৰ শৰীৰ। প্ৰথমে আত্মা,
পাছত শৰীৰ। আত্মা শান্ত স্বৰূপ হয়, আত্মাৰ নিবাস স্থান হৈছে শান্তিধাম। বাকী কোনো
জংঘললৈ গ’লে প্ৰকৃত শান্তি পোৱা নাযায়। প্ৰকৃত শান্তি তেতিয়াহে পোৱা যায় যেতিয়া ঘৰলৈ
যায়। দ্বিতীয়তে শান্তি বিচাৰে য’ত অশান্তি থাকে। এই অশান্তিৰ দুখধাম বিনাশ হৈ যাব
তেতিয়া শান্তি আহিব। তোমালোক সন্তানসকলে শান্তিৰ উত্তৰাধিকাৰ পাই যাবা। তাত ঘৰতো
অশান্তি নহয় বাহিৰৰ ৰাজধানীতো অশান্তি নহয়। সেইখনক কোৱা হয় শান্তিৰ ৰাজ্য, ইয়াত হৈছে
অশান্তিৰ ৰাজ্য কিয়নো ৰাৱণৰাজ্য হয়। সেইখন হৈছে ঈশ্বৰৰ দ্বাৰা স্থাপন কৰা ৰাজ্য। আকৌ
দ্বাপৰৰ পাছত আসুৰিক ৰাজ্য হয় অসুৰসকলৰ কেতিয়াও শান্তি নহয়। ঘৰত, দোকানত য’তে ত’তে
অশান্তিয়ে অশান্তি হ’ব। 5 বিকাৰৰূপী ৰাৱণে অশান্তি বিয়পায়। ৰাৱণ কি বস্তু, এইটো কোনো
বিদ্বান পণ্ডিত আদিয়ে নাজানে। বুজি নাপায় যে আমি বছৰে বছৰে ৰাৱণক কিয় বধ কৰোঁ।
সত্যযুগ-ত্ৰেতাত এই ৰাৱণ নাথাকেই। সেইখন হয়েই দৈৱী ৰাজ্য। ঈশ্বৰ বাবাই তোমালোকৰ
দ্বাৰা দৈৱী ৰাজ্য স্থাপনা কৰে। অকলেতো নকৰে। তোমালোক অতি মৰমৰ সন্তানসকল ঈশ্বৰৰ
সহায়কাৰী হোৱা। পূৰ্বে ৰাৱণৰ সহায়কাৰী আছিলা। এতিয়া ঈশ্বৰ আহি সকলোৰে সৎগতি কৰি আছে।
পৱিত্ৰতা, সুখ, শান্তি প্ৰতিষ্ঠা কৰে। তোমালোক সন্তানসকলে এতিয়া জ্ঞানৰ তৃতীয় নেত্ৰ
পাইছা। সত্যযুগ-ত্ৰেতাত দুখৰ কথা নাই। কোনেও গালি আদি নিদিয়ে, অশুদ্ধ বস্তু নাখায়।
ইয়াত চোৱা কিমান অশুদ্ধ বস্তু খায়। দেখুৱায় যে শ্ৰীকৃষ্ণৰ গৰু প্ৰিয় আছিল। এনেকুৱা
নহয় যে শ্ৰীকৃষ্ণ গোৱাল আছিল, গৰুৰ প্ৰতিপালন কৰিছিল। নহয়, তাৰ গৰু আৰু ইয়াৰ গৰুৰ
মাজত বহুত প্ৰভেদ আছে। তাৰ স্বৰ্গৰ গাইবোৰ সতোপ্ৰধান বহুত সুন্দৰ হয়। যেনেকুৱা
দেৱতাসকল সুন্দৰ তেনেকুৱাই গাইবোৰো। দেখিলেই অন্তৰ আনন্দিত হৈ যাব। সেইখন হয়েই
স্বৰ্গ। এইখন হৈছে নৰক। সকলোৱে স্বৰ্গক স্মৰণ কৰে। স্বৰ্গ আৰু নৰকৰ মাজত দিন-ৰাতিৰ
পাৰ্থক্য আছে। ৰাতি হৈছে অন্ধকাৰ, দিনত হৈছে পোহৰ। ব্ৰহ্মাৰ দিন মানে
ব্ৰহ্মাবংশীসকলৰো দিন হৈ যায়। প্ৰথমে তোমালোকো ঘোৰ অন্ধকাৰ ৰাত্ৰিত আছিলা। এই সময়ত
ভক্তিৰ কিমান জোৰ আছে, মহাত্মা আদিক সোণেৰে ওজন কৰি থাকে কিয়নো শাস্ত্ৰৰ বহুত
বিদ্বান হয়। তেওঁলোকৰ ইমান প্ৰভাৱ কিয়? এইটোও পিতাই বুজাইছে। বৃক্ষত যেতিয়া নতুন
নতুন পাত ওলায় তেতিয়া সতোপ্ৰধান হয়। ওপৰৰ পৰা নতুন আত্মা আহিলে নিশ্চয় তেওঁলোকৰ
অল্পকালৰ বাবে প্ৰভাৱ বিস্তাৰ হ’ব নহয়। সোণ বা হীৰাৰে ওজন কৰে কিন্তু এয়াতো সকলো
নাশ হৈ যাব। মনুষ্যৰ কিমান লাখ লাখ টকা মূল্যৰ ঘৰ আছে। এনেকৈ ভাবে যে আমিতো বহুত
চহকী। তোমালোক সন্তানসকলে জানা এই চহকী অৱস্থা অলপ সময়ৰ কাৰণে। এই সকলোবোৰ মাটিত
মিলি যাব। কাৰোবাৰ ধূলিত পোত যাব………। পিতাই স্বৰ্গ স্থাপনা কৰে, তাত যিয়ে খটুৱাব
তেওঁ 21 জন্মৰ কাৰণে হীৰা মুকুতাৰ মহল পাব। ইয়াততো এটা জন্মৰ কাৰণে পায়। তাত
তোমালোকৰ 21 জন্ম চলিব। এই দুচকুৰে যিবোৰ দেখিবলৈ পোৱা শৰীৰ সহিত সকলোবোৰ ভস্ম হৈ
যাব। তোমালোক সন্তানসকলৰ দিব্য দৃষ্টিৰ দ্বাৰা সাক্ষাৎকাৰো হয়। বিনাশ হ’ব আকৌ এই
লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব হ’ব। তোমালোকে জানা আমি নিজৰ ৰাজ্য-ভাগ্য পুনৰাই স্থাপনা কৰি
আছোঁ। 21 প্ৰজন্ম ৰাজত্ব কৰিলোঁ আকৌ ৰাৱণৰ ৰাজত্ব চলিল। এতিয়া আকৌ পিতা আহিছে।
ভক্তিমাৰ্গত সকলোৱে পিতাকে স্মৰণ কৰে। গায়নো আছে - দুখত সকলোৱে স্মৰণ কৰে......।
পিতাই সুখৰ উত্তৰাধিকাৰ দিয়ে, তাৰপাছত স্মৰণ কৰাৰ প্ৰয়োজন নাথাকে। আপুনি মাতা-পিতা......
এতিয়া এয়াতো মাতা-পিতা হ’ব নিজৰ ল’ৰা ছোৱালীৰ। এয়া হৈছে পাৰলৌকিক মাতা-পিতাৰ কথা।
এতিয়া তোমালোকে এই লক্ষ্মী-নাৰায়ণ হ’বৰ কাৰণে পঢ়া। স্কুলত সন্তান ভালকৈ উত্তীৰ্ণ
হ’লে তেতিয়া আকৌ শিক্ষকক বঁটা দিয়ে। এতিয়া তোমালোকে তেওঁক (শিৱবাবাক) কি বঁটা দিবা!
তোমালোকেতো তেওঁক যাদুকৰীৰে নিজৰ সন্তান কৰি লোৱা। দেখুৱায় যে শ্ৰীকৃষ্ণৰ মুখত মাকে
মাখনৰ বল দেখিলে। এতিয়া শ্ৰীকৃষ্ণইতো জন্ম ল’লে সত্যযুগত। তেওঁতো মাখন আদি নাখাব।
তেওঁতো হৈছে বিশ্বৰ মালিক। তেন্তে এয়া কোন সময়ৰ কথা? এয়া হৈছে এতিয়াৰ সংগমযুগৰ কথা।
তোমালোকে জানা যে আমি এই শৰীৰ এৰি শিশু হ’মগৈ। বিশ্বৰ মালিক হ’মগৈ। দুয়ো
খ্ৰীষ্টিয়ান ৰাষ্ট্ৰই পৰস্পৰ যুদ্ধ কৰে আৰু মাখন পোৱা তোমালোক সন্তানসকলে।
ৰাজ্য-ভাগ্য পোৱা নহয়। যেনেকৈ তেওঁলোকে ভাৰতক যুদ্ধত লিপ্ত কৰাই (খণ্ড খণ্ড কৰি)
মাখন নিজে খালে। খ্ৰীষ্টানসকলৰ ৰাজধানী তিনি চতুৰ্থাংশত আছিল। পাছলৈ লাহে লাহে
সংকোচন হৈ আহিল। গোটেই বিশ্বত তোমালোকৰ বাহিৰে আন কোনেও ৰাজত্ব কৰিব নোৱাৰে।
তোমালোক এতিয়া ঈশ্বৰীয় সন্তান হৈছা। এতিয়া তোমালোক ব্ৰহ্মাণ্ডৰ মালিক আৰু বিশ্বৰ
মালিক হোৱা। বিশ্বত ব্ৰহ্মাণ্ড নাহে। সূক্ষ্মলোকতো ৰাজত্ব নাই। সত্যযুগ-ত্ৰেতা...
এই চক্ৰ ইয়াত স্থূললোকত চলে। ধ্যানত আত্মা ক’লৈকো নাযায়। আত্মা ওলাই গলে শৰীৰ শেষ
হৈ যাব। এই সকলোবোৰ হৈছে সাক্ষাৎকাৰ, তন্ত্ৰ-মন্ত্ৰৰ দ্বাৰা এনেকুৱাও সাক্ষাৎকাৰ হয়
যে ইয়াত বহি বিদেশৰ সংসদ আদি দেখা পাব পাৰে। বাবাৰ হাতত আকৌ আছে দিব্য দৃষ্টিৰ চাবি।
তোমালোকে ইয়াত বহি লণ্ডন চাব পাৰা। সা-সৰঞ্জাম আদি একো নাই যে কিনিবলগীয়া হ’ব।
ড্ৰামা অনুসৰি সেইসময়ত সেয়া সাক্ষাৎকাৰ হয়, যি ড্ৰামাত পূৰ্বৰ পৰাই নিৰ্ধাৰিত হৈ আছে।
যেনেকৈ দেখুৱায় ভগৱানে অৰ্জুনক সাক্ষাৎকাৰ কৰালে। ড্ৰামা অনুসৰি তেওঁৰ সাক্ষাৎকাৰ
হ’বলগীয়া আছিল। এয়াও নিৰ্ধাৰিত হৈ আছে। ইয়াত কাৰো মহানতাৰ কথা নাই। এই সকলোবোৰ
ড্ৰামা অনুসৰি হয়। শ্ৰীকৃষ্ণ বিশ্বৰ ৰাজকুমাৰ হয় অৰ্থাৎ মাখন লাভ কৰে। এইটোও কোনেও
নাজানে যে বিশ্ব কাক কোৱা হয়, ব্ৰহ্মাণ্ড কাক কোৱা হয়। ব্ৰহ্মাণ্ডত তোমালোক
আত্মাসকলে নিবাস কৰা। সূক্ষ্মলোকত অহা-যোৱা সাক্ষাৎকাৰ আদি এই সময়ত চলে আকৌ 5 হাজাৰ
বছৰলৈ সূক্ষ্মলোকৰ নাম নাথাকে। কোৱা হয় ব্ৰহ্মা দেৱতায়ে নমঃ আকৌ কয় শিৱ পৰমাত্মায়ে
নমঃ তেন্তে সকলোতকৈ উচ্চ হৈ নগ’ল জানো। তেওঁক ভগৱান বুলি কোৱা হয়। সেই দেৱতাসকল হৈছে
মনুষ্য কিন্তু দৈৱী গুণধাৰী হয়। বাকী 4-8খন ভূজাধাৰী মনুষ্য নাথাকে। তাতো দুখন
ভুজাধাৰী মনুষ্য থাকে, কিন্তু সম্পূৰ্ণ পৱিত্ৰ, অপৱিত্ৰতাৰ কথাই নাই। অকাল মৃত্যু
কেতিয়াও নহয়। গতিকে তোমালোক সন্তানসকল বহুত আনন্দিত হৈ থাকিব লাগে। মই আত্মাই এই
শৰীৰৰ দ্বাৰা পিতাকতো দেখা পাওঁ। দেখাতো শৰীৰকে পোৱা যায়, পৰমাত্মা অথবা আত্মাকতো
দেখা পাব নোৱাৰি। আত্মা আৰু পৰমাত্মাক জানিবলগীয়া হয়। চাবলৈ আকৌ দিব্য দৃষ্টি পোৱা
যায়। অন্য সকলোবোৰ বস্তু দিব্য দৃষ্টিৰে ডাঙৰকৈ দেখা পোৱা যাব। ৰাজধানী ডাঙৰকৈ দেখা
পোৱা যাব। আত্মাতো হয়েই বিন্দু। বিন্দুক দেখিলে তোমালোকে একোৱে বুজি নাপাবা। আত্মাতো
অতি সূক্ষ্ম। বহুত ডাক্তৰ আদিয়ে আত্মাক ধৰিবলৈ চেষ্টা কৰিছে, কিন্তু কোনেও গ’ম
নাপায়। তেওঁলোকেতো সোণ হীৰাৰে ওজন কৰে। তোমালোক জন্ম-জন্মান্তৰলৈ পদমপতি হোৱা।
তোমালোকৰ বাহ্যিক জাকজমকতা অলপো নাই। সাধাৰণ ৰীতিৰে এই ৰথত বহি পঢ়ায়। তেওঁৰ নাম
হৈছে ভাগীৰথ। এইখন হৈছে পতিত পুৰণা ৰথ, য’ত পিতা আহি উচ্চতকৈও উচ্চ সেৱা কৰে। পিতাই
কয় - মোৰতো নিজৰ শৰীৰ নাই। মই যিজন জ্ঞানৰ সাগৰ, প্ৰেমৰ সাগৰ…… হওঁ, তেন্তে
তোমালোকক উত্তৰাধিকাৰ কেনেকৈ দিওঁ! প্ৰেৰণাৰে পঢ়াম জানো? নিশ্চয় আহিব লাগিব নহয়।
ভক্তিমাৰ্গত মোক পূজে, সকলোৰে প্ৰিয় হওঁ। গান্ধী, নেহৰুৰ চিত্ৰ প্ৰিয় হয় নহয়।
তেওঁলোকৰ শৰীৰক স্মৰণ কৰে। আত্মা যি অবিনাশী সেই আত্মাতো গৈ অন্য জন্ম ল’লে। বাকী
বিনাশী চিত্ৰক স্মৰণ কৰি থাকে। সেয়া ভূত পূজা নহ’ল জানো। সমাধি সাজি তাত ফুল আদি
অৰ্পণ কৰে। এয়া হৈছে সোঁৱৰণি। শিৱৰ কিমান মন্দিৰ আছে। সকলোতকৈ শ্ৰেষ্ঠ স্মাৰক শিৱৰ
হয় নহয়। সোমনাথ মন্দিৰৰ গায়ন আছে। মহম্মদ গজনবীয়ে আহি লুটিছিল। তোমালোকৰ ইমান ধন
আছিল। পিতাই তোমালোক সন্তানসকলক ৰত্নৰে ওজন কৰে। নিজক ওজন নকৰোঁ। মই ইমান চহকী নহওঁ,
তোমালোকক কৰি তোলোঁ। তেওঁলোককতো আজি ওজন কৰিলে, কাইলৈ মৰি যাব। ধন কোনো কামত নাহিব।
তোমালোককতো পিতাই অক্ষয় সম্পদেৰে এনেকৈ ওজন কৰে যি 21 জন্ম লগত থাকিব। যদি শ্ৰীমতত
চলা তেন্তে তাত দুখৰ নাম নাথাকিব, কেতিয়াও অকাল মৃত্যু নহ’ব। মৃত্যুলৈ ভয় নকৰিবা।
ইয়াত কিমান ভয় কৰে, কান্দে। তাত কিমান আনন্দিত হয় যে গৈ ৰাজকুমাৰ হ’মগৈ। যাদুকৰ,
সদাগৰ, ৰত্নাকৰ এনেকৈ শিৱ পৰমাত্মাক কোৱা হয়। তোমালোককো সাক্ষাৎকাৰ কৰায়। এনেকুৱা
ৰাজকুমাৰ হ’বাগৈ। আজিকালি পিতাই সাক্ষাৎকাৰৰ ভূমিকা বন্ধ কৰি দিছে। লোকচান হৈ যায়।
এতিয়া পিতাই জ্ঞানেৰে তোমালোকৰ সৎগতি কৰে। তোমালোক প্ৰথমে যাবা সুখধামলৈ। এতিয়াতো
হৈছে দুখধাম। তোমালোকে জানা যে আত্মাইহে জ্ঞান ধাৰণ কৰে। সেইকাৰণে পিতাই কয় - নিজক
আত্মা বুলি বুজা। আত্মাতে ভাল বা বেয়া সংস্কাৰ থাকে। শৰীৰত থকাহেঁতেন শৰীৰৰ সৈতে
সংস্কাৰ ভস্ম হৈ গ’লহেঁতেন। তোমালোকে কোৱা – শিৱবাবা, মই আত্মাই এই শৰীৰৰ দ্বাৰা পঢ়োঁ।
নতুন কথা নহয় জানো। আমাক আত্মাসকলক শিৱবাবাই পঢ়ায়। এইটো দৃঢ়ভাৱে স্মৃতি ৰাখিবা।
আমাৰ অৰ্থাৎ সকলো আত্মাৰ তেওঁ পিতাও হয়, শিক্ষকো হয়। পিতাই নিজেই কয় - মোৰ নিজৰ
শৰীৰ নাই। ময়ো আত্মা, কিন্তু মোক পৰমাত্মা বুলি কোৱা হয়। আত্মায়ে সকলোবোৰ কৰে। বাকী
শৰীৰৰ নাম সলনি হয়। আত্মাতো আত্মাই হয়। মই পৰম আত্মাই তোমালোকৰ দৰে পুনৰ্জন্ম নলওঁ।
মোৰো ড্ৰামাত ভূমিকাই এনেকুৱা আছে যে মই এওঁৰ শৰীৰত প্ৰৱেশ কৰি তোমালোকক শুনাই আছোঁ
সেইবাবে এওঁক ভাগ্যশালী ৰথ বুলি কোৱা হয়। ইয়াক পুৰণা জোতা বুলিও কোৱা হয়। শিৱবাবায়ো
পুৰণা দীঘল বুট পিন্ধিছে। পিতাই কয় - মই এওঁৰ শৰীৰত বহুত জন্মৰ অন্তত প্ৰৱেশ কৰিছোঁ।
পোন প্ৰথমে এওঁ হয় আৰু তত্ ত্বম (তোমালোকৰ ক্ষেত্ৰতো একে কথা)। বাবাই কয় তোমালোকতো
ডেকা। মোতকৈ বেছিকৈ পঢ়ি উচ্চ পদ পাব লাগে, কিন্তু মোৰ লগত বাবা আছে গতিকে মোৰ ঘনে
ঘনে তেওঁৰ স্মৃতি আহে। বাবাই মোৰ লগত শোৱেও, কিন্তু বাবাই মোক আঁকোৱালি ল’ব নোৱাৰে।
তোমালোকক আঁকোৱালি লয়। তোমালোক ভাগ্যশালী হোৱা নহয়। শিৱবাবাই যিটো শৰীৰ লোণত লৈছে
তোমালোকে তেওঁক আঁকোৱালি ল’ব পাৰা। মই কেনেকৈ লওঁ! মোৰতো এইটোও ভাগ্যত নাই সেইকাৰণে
তোমালোকক ভাগ্যশালী তৰা বুলি গায়ন কৰা হৈছে। সন্তান সদায় ভাগ্যশালী হয়। পিতাই ধন
সন্তানক দি দিয়ে, গতিকে তোমালোক ভাগ্যশালী তৰা হৈ গ’লা নহয়। শিৱাবাবায়ো কয় -
তোমালোক মোতকৈ ভাগ্যশালী হোৱা, তোমালোকক পঢ়াই বিশ্বৰ মালিক কৰি তোলোঁ, মই হওঁ জানো
তোমালোক ব্ৰহ্মাণ্ডৰো মালিক হোৱা। বাকী মোৰ ওচৰত খুব বেছি দিব্য দৃষ্টিৰ চাবি আছে।
মই জ্ঞানৰ সাগৰ হওঁ। তোমালোককো মাষ্টৰ জ্ঞান সাগৰ কৰি তোলোঁ। তোমালোকে এই গোটেই
চক্ৰক জানি চক্ৰৱৰ্তী মহাৰজা-মহাৰাণী হোৱা। মই হওঁ জানো। বৃদ্ধ অৱস্থা হ’লে
সন্তানসকলক ইচ্ছা-পত্ৰ কৰি দি নিজে বানপ্ৰস্থত গুচি যায়। আগতে এনেকুৱা হৈছিল।
আজিকালিতো সন্তানৰ প্ৰতি মোহ জাগি থাকে। পাৰলৌকিক পিতাই কয় - মই এওঁৰ শৰীৰত প্ৰৱেশ
কৰি তোমালোক সন্তানসকলক কাঁইটৰ পৰা ফুল, বিশ্বৰ মালিক কৰি তুলি, আধাকল্পৰ কাৰণে
সৰ্বদা সুখী কৰি মই বানপ্ৰস্থত বহি যাওঁ। এই সকলোবোৰ কথা জানো কোনোবা শাস্ত্ৰত আছে।
সন্ন্যাসী, উদাসীয়ে (‘উদাসী’ – শিখ ধৰ্মৰ এটা সম্প্ৰদায়) শাস্ত্ৰৰ কথা শুনায়। পিতাতো
জ্ঞানৰ সাগৰ হয়। নিজেই কয় - এই বেদ-শাস্ত্ৰ আদি সকলো ভক্তিমাৰ্গৰ সামগ্ৰী। জ্ঞান
সাগৰতো মইহে হওঁ। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই দুচকুৰে
শৰীৰ সহিত যি দেখিবলৈ পোৱা যায় এই সকলোবোৰ ভস্ম হৈ যাব সেইকাৰণে সকলো সফল কৰিব লাগে।
(2) পিতাৰ পৰা পূৰা
উত্তৰাধিকাৰ ল’বলৈ পাঠ পঢ়িব লাগে। সদায় নিজৰ ভাগ্যক স্মৃতিত ৰাখি ব্ৰহ্মাণ্ড বা
বিশ্বৰ মালিক হ’ব লাগে।
বৰদান:
“বাঃ! ড্ৰামা
বাঃ!”ৰ স্মৃতিৰে অনেকৰ সেৱা কৰোঁতা সদায় আনন্দময়ী হোৱা
এই ড্ৰামাখনৰ যিকোনো
দৃশ্য দেখিও “বাঃ! ড্ৰামা বাঃ!”ৰ স্মৃতি থাকিলে কেতিয়াও ভয়-ভীত নোহোৱা কিয়নো
ড্ৰামাৰ জ্ঞান পালা যে বৰ্তমান কল্যাণকাৰী যুগৰ সময়, ইয়াত যিয়েই দৃশ্য সন্মুখত আহে
তাত কল্যাণ সমাহিত হৈ আছে। বৰ্তমানত কল্যাণ দেখা নিদিলেও ভৱিষ্যতে সমাহিত হৈ থকা
কল্যাণ প্ৰত্যক্ষ হৈ যাব – সেয়েহে “বাঃ! ড্ৰামা বাঃ!”ৰ স্মৃতিৰে সদায় আনন্দময়ী হৈ
থাকিবা, পুৰুষাৰ্থত কেতিয়াও উদাসীনতা নাহিব। স্বতঃ তোমালোকৰ দ্বাৰা অনেকৰ সেৱা হৈ
থাকিব।
স্লোগান:
শান্তিৰ শক্তিয়েই মনৰ সেৱাৰ সহজ সাধন। য’ত শান্তিৰ শক্তি আছে ত’ত সন্তুষ্টতা আছে।
অব্যক্ত সংকেত: অশৰীৰী
তথা বিদেহী স্থিতিৰ অভ্যাস বঢ়োৱা
যিমানে অব্যক্ত লাইট
ৰূপত স্থিৰ হৈ থাকিবা সিমানে শৰীৰৰ উৰ্দ্ধত স্থিতিৰ অভ্যাস হোৱাৰ কাৰণে যদি দুই-চাৰি
মিনিটো অশৰীৰী হৈ যোৱা তেন্তে বুজিবা চাৰি ঘণ্টা আৰাম কৰি ল’লা। এনেকুৱা সময় আহিব
যে টোপনিৰ পৰিৱৰ্তে চাৰি-পাঁচ মিনিট অশৰীৰী হৈ যাবা আৰু শৰীৰে আৰাম পাই যাব। লাইট
স্বৰূপ স্মৃতি মজবুত কৰিলে হিচাপ-নিকাচ নিষ্পত্তি কৰাতো লাইট ৰূপ হৈ যাবা।