20.11.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
সেৱাৰ লগতে স্মৃতিৰ যাত্ৰাও বৰ্তাই ৰাখিব লাগে, এই আত্মিক যাত্ৰাত কেতিয়াও ঠাণ্ডা
হৈ যাব নালাগে”
প্ৰশ্ন:
সন্তানসকলৰ যদি
আত্মিক সেৱাৰ প্ৰতি আন্তৰিক আগ্ৰহ নাথাকে তেন্তে তাৰ কাৰণ কি?
উত্তৰ:
যদি আত্মিক সেৱাৰ প্ৰতি আন্তৰিক আগ্ৰহ নাথাকে তেন্তে নিশ্চয় দেহ-অভিমানৰ গ্ৰহচাৰী
আছে। আগবাঢ়ি গৈ থাকোঁতে দেহ-অভিমানৰ কাৰণে যেতিয়া পৰস্পৰ বিতুষ্ট হৈ যায় তেতিয়া
সেৱাই এৰি দিয়ে। ইজনে সিজনৰ চেহেৰা দেখিলেই সেৱাৰ খেয়াল উৰি যায় সেইকাৰণে বাবাই কয়
- এই গ্ৰহচাৰীৰ পৰা সাৱধান হোৱা।
গীত:
হমাৰে তীৰ্থ
ন্যাৰে হে….. (আমাৰ তীৰ্থ অনন্য…..)
ওঁম্শান্তি।
গীতটিৰ এই
কলিটিয়ে সন্তানসকলক সাৱধান কৰি দিলে। কি ক’লে? বুদ্ধিত এইটো স্মৃতি ৰাখিব লাগে যে
আমি তীৰ্থ যাত্ৰাত আছোঁ আমাৰ এই যাত্ৰা সকলোতকৈ অনন্য। এই যাত্ৰাক পাহৰি নাযাবা।
যাত্ৰাৰ ওপৰতেই সকলো নিৰ্ভৰ কৰে, অন্য পাৰ্থিৱ যাত্ৰাততো গৈ পুনৰ উভতি আহে আৰু
জন্ম-জন্মান্তৰ যাত্ৰা কৰিয়েই আহিছে। আমাৰ তীৰ্থ সেয়া নহয়। অমৰনাথলৈ গৈ আকৌ
মৃত্যুলোকলৈ উভতি অহা – সেয়া তোমালোকৰ যাত্ৰা নহয় অন্য সকলো মনুষ্যৰ সেয়াই যাত্ৰা।
তীৰ্থলৈ গৈ, পৰিক্ৰমা লগাই পুনৰ আহি পতিত হৈ যায়। অনেক প্ৰকাৰৰ যাত্ৰা আছে নহয় জানো।
দেৱীসকলৰ মন্দিৰো অনেক আছে। বিকাৰীসকলৰ সৈতে কিমান যাত্ৰাত যায়। তোমালোক
সন্তানসকলেতো নিৰ্বিকাৰী হৈ থকাৰ পণ কৰি থৈছা। তোমালোক নিৰ্বিকাৰীসকলৰ যাত্ৰা হৈছে
এয়া। নিৰ্বিকাৰী পিতা যি চিৰ পৱিত্ৰ, তেওঁক স্মৰণ কৰিব লাগে। পানীৰ সাগৰকতো বিকাৰী
বা নিৰ্বিকাৰী বুলি কোৱা নহ’ব। আৰু তাৰ পৰা ওলোৱা গংগায়ো নিৰ্বিকাৰী কৰি নুতুলিব।
মনুষ্য মাত্ৰেই ইমানতো পতিত হৈ গৈছে, একোৱেই বুজি নাপায়। সেয়া হৈছে পাৰ্থিৱ যাত্ৰা
– অল্পকাল ক্ষণভঙ্গুৰ যাত্ৰা। এই যাত্ৰা দীঘলীয়া। তোমালোক সন্তানসকলে উঠোঁতে-বহোঁতে
যাত্ৰাৰ খেয়াল ৰাখিব লাগে। যাত্ৰাত গ’লে তেতিয়া পেছাগত কাম-কাজ, গৃহস্থ ব্যৱহাৰ আদি
সকলো পাহৰিবলগীয়া হয়। অমৰনাথৰ জয়… কেৱল এনেকৈ কৈ যায়। এমাহ দুমাহ তীৰ্থ যাত্ৰা কৰি
পুনৰ আহি কদৰ্যতাৰ মাজত সোমাই পৰে। পুনৰ গংগা স্নান কৰিবলৈ যায়। তেওঁলোকে এইটো গম
নাপায় যে আমি নিতৌ পতিত হওঁ। গংগা যমুনাৰ পাৰত থকাসকলো নিতৌ পতিত হয়। নিতৌ গংগাত গৈ
স্নান কৰে। এটা কাৰণ হৈছে এইটো তেওঁলোকৰ নিয়ম, দ্বিতীয়তে আকৌ কোনো বিশেষ দিনত যায়
এনেকৈ ভাবে যে গংগা পতিত-পাৱনী। এনেকুৱাতো নহয় যে সেই বিশেষ এটা দিনত গংগা পাৱন
কৰোঁতা হৈ যায়, পাছত হৈ নাথাকে। যিদিনা মেলা লাগে সেইদিনা গংগা পতিত-পাৱনী হৈ যায়।
নহয়। গংগাতো আছেই। নিতৌ স্নান কৰিবলৈ যায়। মেলাতো বিশেষ দিনত যায়। অৰ্থ নাই। গংগা
যমুনা বস্তুতো সেয়াই হয়। তাত মৃতদেহো পেলাই দিয়ে।
এতিয়া তোমালোক
সন্তানসকল আত্মিক যাত্ৰাত থাকিব লাগে। বচ্ আমি এতিয়া ঘৰলৈ যাওঁ। এই ক্ষেত্ৰত গংগা
স্নান কৰাৰ বা শাস্ত্ৰ পঢ়াৰ কোনো কথাই নাই। পিতা আহেও এবাৰেই। গোটেই জগতো পতিতৰ পৰা
পাৱন এবাৰে হয়। এয়াও জানে যে সত্যযুগ হৈছে নতুন সৃষ্টি, কলিযুগ হৈছে পুৰণি সৃষ্টি।
পিতা নিশ্চয় আহিব লাগে। নতুন সৃষ্টিৰ স্থাপনা আৰু পুৰণি সৃষ্টিৰ বিনাশ কৰিবলৈ। এইটো
তেওঁৰ কাম। কিন্তু মায়াই এনেকুৱা তমোপ্ৰধান বুদ্ধিৰ কৰি দিলে যে একোৱেই বুজি নাপায়।
প্ৰদৰ্শনীত অনেক বিশিষ্ট ব্যক্তি আহে। সন্ন্যাসীও আহিব তথাপিও কোটিৰ মাজত কোনোবাইহে
বুজিব। তোমালোকে লাখ লাখ কোটি কোটিক বুজোৱা তথাপিও কোনোবা বিৰলজনহে আহে। অনেকক
বুজাব লাগে। অৱশেষত তোমালোকৰ এই বুজনি আৰু চিত্ৰ আদি সকলো বাতৰিকাকতত প্ৰকাশ হ’ব।
ছিৰিৰ চিত্ৰও বাতৰিকাকত প্ৰকাশ পাব। ক’ব এয়াতো ভাৰতৰ কাৰণেহে অন্য ধৰ্মাৱলম্বীসকল
ক’লৈ যাব। বিনাশৰ (হিচাপ-নিকাচ নিষ্পত্তিৰ) সময়ৰো গায়ন কৰা হৈছে। বিনাশ অৰ্থাৎ উভতি
যাব লাগে। পুৰণি সৃষ্টিৰ বিনাশ হৈ নতুন সৃষ্টি স্থাপনা হ’ব তেন্তে নিশ্চয় সকলো উভতি
যাব নহয় জানো। সকলোৰে বিনাশ হ’ব। নতুন সৃষ্টি স্থাপন হৈ আছে। এই কথাবোৰ তোমালোক
সন্তানসকলৰ বাহিৰে কোনেও নাজানে। তোমালোকে জানা যে নৰকবাসীৰ বিনাশ, স্বৰ্গবাসীৰ
স্থাপনা হৈ আছে। কল্পই কল্পই এনেকুৱাই হয়। এতিয়া যি অলপ সময় বাকী আছে, এইখিনি সময়তো
অনেকে বুজনি পায় গৈ থাকিব। মেলা আদি অনুষ্ঠিত হৈ থাকিব। সকলো ফালৰ পৰা লিখি থাকে যে
আমি মেলা অনুষ্ঠিত কৰোঁ, প্ৰদৰ্শনী কৰোঁ। কিন্তু তাৰ লগতে নিজৰ স্মৃতিৰ যাত্ৰাও
পাহৰি যাব নালাগে। সন্তানসকল একেবাৰে ঠাণ্ডা হৈ যায়। যাত্ৰা এনেকৈ কৰে যেন বৃদ্ধহে।
যেন শক্তিয়েই নাই, একো যেন খোৱাই নাই। বাবাৰ কিমান খেয়াল চলি থাকে। খেয়াল কৰোঁতে
কৰোঁতে টোপনিয়েই নাইকিয়া হৈ যায়। বিচাৰ সাগৰ মন্থনতো সকলোৱে কৰিব লাগে নহয় জানো।
সন্তানসকলে জানে যে আমাক পিতাই পঢ়ায়। গতিকে সন্তানসকল কিমান অপাৰ আনন্দিত হোৱা উচিত।
এই পঢ়াৰ দ্বাৰা আমি বিশ্বৰ মালিক হ’ম। কিছুমানৰতো চলন এনেকুৱা যেন কেঁকোৰাহে।
কেঁকোৰাক পিতাই দেৱতা কৰি তোলে। তথাপিও কিছুমানৰ চলন কাচিৎহে শুধৰণি হয়। এই ছিৰিৰ
চিত্ৰত বৰ ভাল জ্ঞান আছে। কিন্তু সন্তানসকলে ইমান কাম নকৰে। যাত্ৰাই নকৰে। পিতাক
স্মৰণ কৰিলে তেতিয়া বুদ্ধিৰ তলাও খুলি যাব। বুদ্ধি সোণালী হৈ যাব। তোমালোক
সন্তানসকল পাৰসবুদ্ধিৰ হোৱা উচিত, বহুতৰে কল্যাণ কৰিব লাগে। তোমালোক সতোপ্ৰধানৰ পৰা
এতিয়া তমোপ্ৰধান হৈছা, পুনৰ সতোপ্ৰধান হ’ব লাগে। পিতাই কয় - মোক স্মৰণ কৰা। কৃষ্ণক
ভগৱান বুলি ক’ব নোৱাৰি। তেওঁকতো শ্যামবৰণীয়া বুলি কয়। পিতাই আকৌ শ্যামবৰণীয়াৰ
আত্মাক বহি বুজায়। এই আত্মাই জানে যে বাবাই আমাক বিশ্বৰ মালিক কৰি তোলে গতিকে
আনন্দত কিমান মগজ ভৰপূৰ হোৱা উচিত। ইয়াত অহংকাৰৰ কোনো কথা নাই। পিতা কিমান নিৰহংকাৰী।
বুদ্ধিত কিমান আনন্দ থাকে। কাইলৈ মই হীৰা-মুকুতাৰ মহল সাজিম। নতুন সৃষ্টিত ৰাজধানী
চলাম। এইখনতো একেবাৰে পতিত সৃষ্টি। এইখন সৃষ্টিৰ মনুষ্যতো কোনো কামৰ নহয়, একোৱেই
নাজানে। এয়াও দেখুৱাব লাগে – হীৰা তুল্য জীৱন আছিল। তেওঁলোকেই পুনৰ 84 জন্ম লৈ কড়ি
তুল্য হৈ যায়। এই ছিৰিৰ চিত্ৰ এক নম্বৰ হয়। আকৌ দ্বিতীয় নম্বৰত হৈছে ত্ৰিমূৰ্তি।
তোমালোকে কোৱা নিকট
ভৱিষ্যতত শ্ৰেষ্ঠাচাৰী ভাৰত হৈ যাব। শ্ৰেষ্ঠাচাৰী সৃষ্টিত বহুত কম মনুষ্য হ’ব, এতিয়া
কিমান অনেক মনুষ্য আছে। মহাভাৰতৰ যুদ্ধও সমাগত। সকলো আত্মা মহৰ দৰে যাব। জুই ভমকি
আছে। যিমানে শুধৰাবলৈ চেষ্টা কৰে, সিমানেই বেয়া হৈ যায়। পিতাই সন্তানসকলক ৰাজযোগ
শিকাই আছে। সন্তানসকলৰ নিচা কিমান বঢ়ায়। কিছুমানৰতো ইয়াৰ পৰা বাহিৰলৈ ওলালেই গোটেই
জ্ঞান উৰি যায়। একোৱেই স্মৃতি নাথাকে। নহ’লেতো চখ থাকিব যে গৈ সেৱা কৰোঁ। পিতায়ো
গুণ চাই সেৱাত পঠিয়াব নহয় জানো। তেতিয়া বহুত হৰ্ষিত হৈ থাকিব। সেৱাত আনন্দৰ পাৰা
উৰ্দ্ধগামী হৈ যাব। ভাল ভাল পুৰণি সন্তান সৰু সৰু কথাতে পৰস্পৰ বিতুষ্ট হৈ যায়।
এনেকুৱা কথাৰ বাবে জানো তোমালোকে সেৱা নকৰাকৈ থাকিব লাগে। সেৱাতো আনন্দেৰে কৰিব লাগে।
যাৰ সৈতে মিলিব নোৱাৰে, তেওঁৰ চেহেৰা দেখিলেই সেৱাৰ খেয়াল উৰি যায়। সেৱাত আন্তৰিক
আগ্ৰহ নাথাকে সেয়েহে কাষৰীয়া হৈ যায়। তেনেহ’লেতো জ্ঞানী আৰু অজ্ঞানীৰ মাজত
পাৰ্থক্যই নাথাকিল। দেহ-অভিমানৰ গ্ৰহচাৰী বহি গ’ল। এয়া হৈছে প্ৰথম নম্বৰৰ বেমাৰ।
পিতাই কয় - সন্তানসকল দেহী-অভিমানী হোৱা। আত্মাইহে সকলোবোৰ কৰে নহয় জানো। আত্মাই
বিকাৰী আৰু নিৰ্বিকাৰী হয়। স্বৰ্গত নিৰ্বিকাৰী আছিল। ৰাৱণ ৰাজ্যত আত্মাই বিকাৰী হৈ
গৈছে। এয়াও নাটক এনেদৰে ৰচি থোৱা আছে সেইকাৰণে আহ্বান জনায় - হে পতিত-পাৱন আহক।
যিসকল নিৰ্বিকাৰী আছিল, তেওঁলোকেই পতিত বিকাৰী হৈছে। এইটো কাৰো বুদ্ধিত নাই যে
আমিয়েই নিৰ্বিকাৰী আছিলোঁ, এতিয়া বিকাৰী হৈছোঁ। আমি আত্মাসকল মুলবতনৰ নিবাসী হওঁ।
তাততো আমি আত্মাসকল নিৰ্বিকাৰী হ’ম। ইয়াত শৰীৰত আহি ভূমিকা পালন কৰি কৰি বিকাৰী হৈ
গৈছোঁ। এয়া পিতাই বহি বুজায়। আত্মা শান্তিধামৰ পৰা আহে সেয়েহে নিশ্চয় পৱিত্ৰই হ’ব
আকৌ অপৱিত্ৰ হৈছে। পৱিত্ৰ সৃষ্টিত (জনসংখ্যা) 9 লাখ হ’ব। তেন্তে আকৌ ইমানবোৰ আত্মা
ক’ৰ পৰা আহিল? নিশ্চয় শান্তিধামৰ পৰা আহিব। সেয়া হৈছে শান্তিপূৰ্ণ নিৰাকাৰী জগত।
তাত সকলো আত্মা পৱিত্ৰ হৈ থাকে আকৌ ভূমিকা পালন কৰি কৰি সতো-ৰজো-তমোত আহে। পাৱনৰ পৰা
পতিত হ’ব লাগে। পুনৰ পিতা আহি সকলোকে পাৱন কৰি তুলিব। এইখন নাটক চলিয়েই থাকে। নাটকৰ
আদি-মধ্য-অন্তৰ ৰহস্য পিতাৰ বাহিৰে অন্য কোনেও শুনাব নোৱাৰে। সেইজন পিতাক কোনেও
নাজানেই। ঋষি-মুনিসকলেও ‘নেতি নেতি’ (নাজানো নাজানো) বুলি কৈ গ’ল। আমি ভগৱানক আৰু
তেওঁৰ ৰচনাক নাজানোঁ। আকৌ কয়ো যে ভগৱান জ্ঞানপূৰ্ণ। সেই পৰমাত্মা সকলো আত্মাৰ পিতা,
বীজৰূপ হয়। সেয়া হৈছে আত্মাসকলৰ বীজৰূপ আৰু এয়া প্ৰজাপিতা ব্ৰহ্মা হৈছে মনুষ্য
সৃষ্টিৰ বীজৰূপ। সেই নিৰাকাৰ পিতা এওঁৰ শৰীৰত প্ৰৱেশ কৰি মনুষ্যৰ দ্বাৰা মনুষ্যক
বুজায়। তেওঁক মনুষ্য সৃষ্টিৰ বীজৰূপ বুলি কোৱা নহয়। তেওঁ হৈছে আত্মাসকলৰ পিতা আৰু
এই ব্ৰহ্মা হৈছে মনুষ্য সৃষ্টিৰ প্ৰজাপিতা, যাৰ দ্বাৰা পিতাই আহি জ্ঞান দিয়ে। শৰীৰ
বেলেগ, আত্মা বেলেগ নহয় জানো। মন-বুদ্ধি-চিত (স্মৃতি) আত্মাত থাকে। আত্মা আহি ভূমিকা
পালন কৰিবলৈ শৰীৰত প্ৰৱেশ কৰে।
তোমালোকে জানা যে
কোনোবাই শৰীৰ ত্যাগ কৰিলে তেতিয়া গৈ অন্য ভূমিকা পালন কৰিব, ইয়াত কন্দা-কটা কৰিলে
কি হ’ব। যি গ’ল তেওঁ গ’ল পুনৰ আহি জানো মামা, খুড়া হ’ব। কান্দিলে কি লাভ। তোমালোকৰ
মম্মা গ’ল, নাটক অনুসৰি ভূমিকা পালন কৰি আছে। এনেকৈ বহুত যায়। কোনোবাই ক’ৰবাত গৈ
জন্ম লয়। এয়া বুজি পোৱা যায় যে যেনেকুৱা আজ্ঞাকাৰী সন্তান হ’ব নিশ্চয় সিমানেই ভাল
ঘৰত জন্ম ল’ব। ইয়াৰসকল ভাল ঘৰলৈয়ে যাব। ক্ৰমানুসৰিতো হয় নহয় জানো। যিয়ে যেনেকুৱা
কৰ্ম কৰে তেনেকুৱা ঘৰত যায় (জন্ম লয়)। অন্তিমত তোমালোক গৈ ৰাজকীয় ঘৰত জন্ম লোৱাগৈ।
কোন ৰজাৰ ঘৰত যাব, সেয়া নিজে বুজিব পাৰে নহয় জানো। তথাপি দৈৱী সংস্কাৰতো লৈ যায় নহয়।
এই ক্ষেত্ৰত বৰ বিশাল বুদ্ধিৰে বিচাৰ সাগৰ মন্থন কৰিবলগীয়া হয়। পিতা জ্ঞানৰ সাগৰ হয়।
গতিকে সন্তানসকলো জ্ঞানৰ সাগৰ হ’ব লাগে। ক্ৰমানুসৰিতো হয়েই। বুজা যায় যে আগলৈ গৈ
উন্নতি হৈ গৈ থাকিব। হ’ব পাৰে যিয়ে আজি কাম কৰিব নোৱাৰে, তেওঁ কালিলৈ বহুত তীব্ৰতাৰে
আগবাঢ়ি যাব। গ্ৰহচাৰী আঁতৰি যাব। কাৰোবাৰ ওপৰত ৰাহুৰ গ্ৰহচাৰী বহিলে তেতিয়া গাঁতত
বাগৰি পৰে। হাড়-মূৰেই ভাগি যায়। বেহদৰ পিতাৰ আগত প্ৰতিজ্ঞা কৰি আকৌ অৱনমিত হ’লে
তেতিয়া ধৰ্মৰজাৰ দ্বাৰা শাস্তিও বহুত পায়। এয়া হৈছে বেহদৰ পিতা, বেহদৰ ধৰ্মৰজা, আকৌ
বেহদৰ শাস্তি পায়। কোনো কথাত শুনা-নুশুনা কৰিলে বা ওলোটা কাম কৰিলে তেতিয়া শাস্তি
নিশ্চয় পাব। বুজি নাপায় যে আমি ভগৱানৰ অৱজ্ঞা কৰোঁ। ইমানবোৰ কথা পিতাই বুজাই থাকে।
শ্ৰীমতত চলা, সেৱাত সহায়কাৰী হোৱা। যোগৰ (স্মৃতিৰ) যাত্ৰাত থাকা। চিত্ৰৰ ওপৰত
বুজোৱাৰ অভ্যাস কৰিলে তেতিয়া অভ্যাস হৈ যাব। নহ’লে উচ্চ পদ কেনেকৈ পাবা। অজ্ঞানকালত
কাৰোবাৰ ল’ৰা-ছোৱালী বৰ সুসন্তান হয়, কাৰোবাৰ অতি কুসন্তানো হয়। ইয়াতো কোনো কোনোৱেতো
তৎক্ষণাৎ বাবাৰ কাম কৰি দেখুৱায়। গতিকে সন্তানসকলে বেহদৰ সেৱা কৰিব লাগে। বেহদৰ
আত্মাসকলৰ কল্যাণ কৰিব লাগে। বাৰ্তা দিব লাগে - মনমনাভৱ (নিজক আত্মা বুলি বুজি
পৰমাত্মাক স্মৰণ কৰা)। পিতাক স্মৰণ কৰিলে তোমালোকৰ বুদ্ধি তমোপ্ৰধানৰ পৰা সতোপ্ৰধান
হৈ যাব। এতিয়া হৈছে কলিযুগী তমোপ্ৰধান সৃষ্টিৰ অন্তিম সময়। এতিয়া সতোপ্ৰধান হ’ব লাগে।
আত্মাসকলৰো তাত ক্ৰমানুসৰি জগত আছে নহয়, যিসকল আকৌ ক্ৰমানুসৰি আহি ভূমিকা পালন কৰে।
আহিবও ক্ৰমান্বয়ে নাটক অনুসৰি। এতিয়া সকলো আত্মা ৰাৱণ ৰাজ্যত দুখী। সেয়াও জানো বুজি
পায়। যদি কাৰোবাক কৈ দিয়া যে আপুনি পতিত তেতিয়া বিতুষ্ট হৈ যাব। পিতাই বুজায় - এইখন
হয়েই বিকাৰী জগত। পিতাই কয় - তোমালোকে নিজৰ ৰাজ্য-ভাগ্য লৈ ল’বা। বাকী সকলোৰে বিনাশ
হৈ উভতি যাব। এয়াতো গায়ন কৰা হৈছে যে মহাভাৰতৰ যুদ্ধ লাগিব, যাৰ দ্বাৰা সকলো ধৰ্ম
নাশ হৈ বাকী এটা ধৰ্ম থাকিব। এই যুদ্ধৰ পাছত স্বৰ্গৰ দ্বাৰ মুকলি হয়। কিমান ভালদৰে
সন্তানসকলক বুজায়। আগলৈ গৈ তোমালোকৰ কথা শুনি থাকিব আৰু আহি থাকিব। সূৰ্যবংশী
চন্দ্ৰবংশী যিসকল পতিত হৈ গৈছে তেওঁলোকেই আহি ক্ৰমানুসৰি নিজৰ উত্তৰাধিকাৰ ল’ব।
প্ৰজাতো অনেক হ’ব। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
াৰণাৰবাবেমুখ্যসাৰ:-
(1) ভগৱানৰ
আজ্ঞা কেতিয়াও অৱজ্ঞা কৰিব নালাগে। বেহদৰ সেৱাত সুসন্তান হৈ সহায়কাৰী হ’ব লাগে।
(2) জ্ঞান ধনৰ গুপ্ত
আনন্দেৰে বুদ্ধি ভৰপূৰ কৰি ৰাখিব লাগে। পৰস্পৰ কেতিয়াও বিতুষ্ট হ’ব নালাগে।
বৰদান:
প্ৰতিটো খোজ
আদেশ অনুসৰি আগবঢ়াই মায়াক উছৰ্গিত কৰাওঁতা সহজযোগী হোৱা
যিসকল সন্তান প্ৰতিটো
খোজত পিতাৰ আদেশ অনুসৰি চলে, তেওঁলোকৰ আগত গোটেই বিশ্ব উছৰ্গিত হৈ যায়, লগতে
মায়াও নিজৰ বংশসহিত উছৰ্গিত হৈ যায়। প্ৰথমে তোমালোক পিতাৰ প্ৰতি উছৰ্গিত হৈ যোৱা,
তেতিয়া মায়া তোমালোকৰ প্ৰতি উছৰ্গিত হৈ যাব। নিজৰ শ্ৰেষ্ঠ স্বমানত স্থিৰ হৈ
প্ৰতিটো আদেশ অনুসৰি চলি থাকা, তেতিয়া জন্ম-জন্মান্তৰৰ কঠিনতাৰ পৰা মুক্ত হৈ যাবা।
এতিয়া সহজযোগী আৰু ভৱিষ্যতে জীৱনো সহজ হ’ব। গতিকে এনেকুৱা সহজ জীৱন গঢ়ি তোলা।
স্লোগান:
নিজৰ পৰিৱৰ্তনৰ দ্বাৰা অন্য আত্মাসকলৰ পৰিৱৰ্তন কৰাই হৈছে জীৱনদান দিয়া।
অব্যক্ত সংকেত: পিতা
ব্ৰহ্মাৰ সমান সম্পন্ন আৰু সম্পূৰ্ণ স্থিতিৰ অনুভৱ কৰা:
সংকল্প কৰিলে আৰু যি
স্থিতিত স্থিত হ’ব বিচৰা, সেই স্থিতিতে স্থিত হৈ যাবা – এয়াই হৈছে পিতাৰ সমান
সম্পূৰ্ণ অৱস্থা বা কৰ্মাতীত অন্তিম স্থিতি। যিমানেই সম্পূৰ্ণ অৱস্থাৰ ওচৰ চাপিবা,
অৰ্থাৎ পিতাৰ সমীপত হ’বা, সেই অনুসৰি ভৱিষ্যতৰ প্ৰালব্ধতো ৰাজ্য অধিকাৰী হ’বা।
যিমানেই নিচা থাকিব, সিমানেই নিজৰ কৰ্মাতীত অৱস্থাৰ লক্ষ্য সমীপত দৃষ্টিগোচৰ হ’ব।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]