21.04.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
জ্ঞানৰ সাগৰ পিতা তোমালোক সন্তানসকলৰ সন্মুখত জ্ঞান নৃত্য কৰিবলৈ আহিছে, তোমালোক
বুদ্ধিমান সেৱাধাৰী হোৱা তেতিয়া জ্ঞানৰ নৃত্যও ভাল হ’ব”
প্ৰশ্ন:
সংগমযুগত
তোমালোক সন্তানসকলে নিজৰ ভিতৰত কোনটো অভিৰুচি (অভ্যাস) গঠন কৰা?
উত্তৰ:
স্মৃতিত থকাৰ। এইটোৱেই হৈছে আত্মিক অভিৰুচি। এইটো অভিৰুচিৰ লগে লগে তোমালোকে দিব্য
আৰু অলৌকিক কৰ্মও কৰিব লাগে। তোমালোক হ’লা ব্ৰাহ্মণ, তোমালোকে সকলোকে সত্য কথা
নিশ্চয় শুনাব লাগে। সেৱা কৰাৰো তোমালোক সন্তানসকলৰ অভিৰুচি থাকিব লাগে।
গীত:
ধীৰজ ধৰ মনুৱা……
(ধৈৰ্য ধৰা হে মন……)
ওঁম্শান্তি।
যেনেকৈ
চিকিৎসালয়ত কাৰোবাৰ বেমাৰ হ’লে তেতিয়া ৰোগীয়ে দুখৰ পৰা পৰিত্ৰাণ পোৱাৰ আশা ৰাখে।
চিকিৎসকক সোধে অৱস্থা কেনেকুৱা, কেতিয়া এই বেমাৰ ভাল হ’ব? সেয়াতো সকলো হৈছে হদৰ কথা।
এয়া হ’ল বেহদৰ কথা। পিতা আহি সন্তানসকলক ৰায় দিয়ে। এয়াতো সন্তানসকলে জানি গৈছে যে
যথাযথ সুখ আৰু দুখৰ খেল। এনেয়েতো তোমালোক সন্তানসকলৰ সত্যযুগলৈ যোৱাতকৈও ইয়াত বেছি
লাভ কিয়নো জানা যে এই সময়ত আমি ঈশ্বৰীয় কোলাত আছোঁ, ঈশ্বৰৰ সন্তান হওঁ। এই সময়ত
আমাৰ বহুত উচ্চতকৈও উচ্চ গুপ্ত মহিমা আছে। মনুষ্য মাত্ৰেই পিতাক শিৱ, ঈশ্বৰ, ভগৱান
বুলিও কয়, কিন্তু নাজানে। আহ্বান জনাই থাকে। ড্ৰামাৰ পৰিকল্পনা অনুসৰিহে এনেকুৱা
হৈছে। জ্ঞান আৰু অজ্ঞান, দিন আৰু ৰাতি। গায়ন কৰিও আহিছে কিন্তু তমোপ্ৰধান বুদ্ধি
এনেকুৱা হৈ গৈছে যে নিজক তমোপ্ৰধান বুলি নাভাবেই। কাৰোবাৰ ভাগ্যত যদি পিতাৰ
উত্তৰাধিকাৰ পাবলৈ আছে তেতিয়াহে বুদ্ধিত ধাৰণ হ’ব পাৰে। সন্তানসকলে জানে যে আমি
একেবাৰে ঘোৰ অন্ধকাৰত আছিলোঁ। এতিয়া পিতা আহিছে সেয়েহে কিমান জ্ঞানৰ কিৰণ পাইছোঁ।
পিতাই যি জ্ঞান বুজায় সেয়া কোনো বেদ, শাস্ত্ৰ, গ্ৰন্থ আদিত নাই। সেইটোও পিতাই সিদ্ধ
কৰি শুনায়। তোমালোক সন্তানসকলক ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ জ্ঞানৰ কিৰণ দিওঁ,
সেয়া আকৌ প্ৰায় লোপ হৈ যায়। মোৰ অবিহনে আকৌ কোনেও এই জ্ঞান পাব নোৱাৰে, পুনৰ এই
জ্ঞান প্ৰায় লোপ হৈ যায়। বুজা যায় যে কলিযুগ অতীত হ’ল পুনৰ 5 হাজাৰ বছৰ পাছত
পুনৰাবৃত্তি হ’ব। এয়া হ’ল নতুন কথা। এয়াতো শাস্ত্ৰবোৰত নাই।
পিতাইতো এই জ্ঞান
সকলোকে একেদৰেই পঢ়ায়, কিন্তু ধাৰণা কৰাত ক্ৰমানুসৰি হয়। কোনোবা ভাল সেৱাধাৰী সন্তান
আহিলে তেতিয়া বাবাৰ নৃত্যও এনেকৈ চলে। নৰ্তকীৰ সন্মুখত বহুত অনুৰাগী দৰ্শক থাকিলে
তেতিয়া তেৱোঁ আনন্দত বহুত ভাল নৃত্য কৰে। কম দৰ্শক বহি থাকিলে তেতিয়া সাধাৰণভাৱে
অলপ নৃত্য কৰিব। বাঃ! বাঃ! কৰোঁতা বহুত হ’লে তেওঁৰো উৎসাহ বাঢ়িব। গতিকে ইয়াতো
এনেকুৱা। মুৰুলী সকলো সন্তানে শুনে, কিন্তু সন্মুখত শুনাৰ কথাই বেলেগ নহয় জানো।
এইটোও দেখুৱায় যে শ্ৰীকৃষ্ণই নৃত্য কৰিছিল। নৃত্য কোনো সেয়া নহয়। বাস্তৱত হৈছে
জ্ঞানৰ নৃত্য। শিৱবাবাই নিজে কয় যে মই জ্ঞানৰ নৃত্য কৰিবলৈ আহোঁ, মই জ্ঞানৰ সাগৰ।
গতিকে ভাল ভাল সাৰকথা ওলায়। এয়া হ’ল জ্ঞানৰ মুৰুলী। কাঠৰ মুৰুলী (বাঁহী) নহয়।
পতিত-পাৱন পিতা আহি সহজ ৰাজযোগ শিকাব নে কাঠৰ মুৰুলী বজাব? এইটো কাৰো খেয়ালত নাই যে
পিতা আহি এনেকৈ ৰাজযোগ শিকায়। এতিয়া তোমালোকে জানা বাকী কোনো মনুষ্য মাত্ৰৰেই
বুদ্ধিত এইটো উদয় হ’ব নোৱাৰে। অহাসকলেও ক্ৰমানুসৰি পদ পায়। যেনেকৈ কল্প পূৰ্বে
কৰিছিল তেনেকৈয়ে পুৰুষাৰ্থ কৰি থাকে। তোমালোকে জানা যে কল্প পূৰ্বৰ দৰে পিতা আহে,
আহি সন্তানসকলক সকলো ৰহস্য খুলি কয়। কয় যে ময়ো বন্ধনত বান্ধ খাই আছোঁ। প্ৰত্যেকেই
এই ড্ৰামাৰ বন্ধনত বান্ধ খাই আছে। যি কিছু সত্যযুগত হৈছিল, সেয়াই পুনৰ হ’ব। কিমান
অনেক প্ৰকাৰৰ যোনি (প্ৰজাতি) আছে। সত্যযুগত জানো ইমানবোৰ যোনি থাকিব। তাততো কিছু
ভিন্নতা থাকে। আকৌ বৃদ্ধি হৈ গৈ থাকে। যেনেকৈ ধৰ্মও বাঢ়ি গৈ থাকে নহয়। সত্যযুগততো
নাছিল। যি সত্যযুগত আছিল সেয়া আকৌ সত্যযুগতহে দেখিবা। সত্যযুগত কোনো ছিঃ ছিঃ কদৰ্য
কৰা বস্তু থাকিব নোৱাৰে। সেই দেৱী-দেৱতাসকলক কয়েই ভগৱান-ভগৱতী। আৰু কোনো খণ্ডত
কেতিয়াও কাকো ভগৱান-ভগৱতী বুলি ক’ব নোৱাৰে। সেই দেৱতাসকলে নিশ্চয় স্বৰ্গত ৰাজ্য
কৰিছিল। তেওঁলোকৰ চোৱা কিমান গায়ন আছে।
তোমালোক সন্তানসকলৰ
এতিয়া ধৈৰ্য আহি গৈছে। তোমালোকে জানা মোৰ পদৱী কিমান উচ্চ বা কম। মই ইমান নম্বৰ পাই
উত্তীৰ্ণ হ’ম। প্ৰত্যেকেই নিজক বুজিবতো পাৰা নহয় যে অমুকে ভাল সেৱা কৰি আছে। অৱশ্যে
হয়, আগবাঢ়ি গৈ থাকোঁতে ধুমুহাও আহি যায়। পিতাইতো কয় যে সন্তানসকলৰ যাতে কোনো
প্ৰকাৰৰ গ্ৰহচাৰী, ধুমুহা আদি নাহে। মায়াই ভাল ভাল সন্তানসকলকো বগৰাই (অৱনমিত কৰি)
দিয়ে। গতিকে পিতাই ধৈৰ্য ধৰিবলৈ কৈ থাকে, বাকী অলপ সময় আছে। তোমালোকে সেৱাও কৰিব
লাগে। স্থাপনা হৈ গ’লে তেতিয়াতো যাবই লাগিব। এই ক্ষেত্ৰত এক ছেকেণ্ডো আগ-পিছ হ’ব
নোৱাৰে। এইটো ৰহস্য সন্তানসকলেহে বুজিব পাৰে। আমি ড্ৰামাৰ ভাৱৰীয়া, ইয়াত আমাৰ মুখ্য
ভূমিকা আছে। ভাৰতৰ ওপৰতেই হৰা আৰু জিকাৰ খেল ৰচি থোৱা আছে। ভাৰতহে পাৱন আছিল। কিমান
শান্তি, পৱিত্ৰতা আছিল। এয়া কালিৰহে কথা। কালি আমিয়েই ভূমিকা পালন কৰিছিলোঁ। 5
হাজাৰ বছৰৰ ভূমিকা সকলো নিৰ্ধাৰিত হৈ আছে। আমি চক্ৰ পৰিক্ৰমা লগাই আহিছোঁ। এতিয়া
পুনৰ বাবাৰ সৈতে যোগসূত্ৰ স্থাপন কৰোঁ, ইয়াৰ দ্বাৰাই খাদ (বিকাৰৰ লেপ) আঁতৰি যায়।
পিতা স্মৃতিলৈ আহিলে তেতিয়া উত্তৰাধিকাৰো নিশ্চয় স্মৃতিলৈ আহিব। পোন-প্ৰথমে ‘অল্ফ’ক
(পিতাক) জানিব লাগে। পিতাই কয়, তোমালোকে মোক জানিলে মোৰ দ্বাৰা সকলো জানি যাবা।
জ্ঞানতো বৰ সহজ, এক ছেকেণ্ডৰ। তথাপিও বুজাই থাকে। সাৰ কথাবোৰ বুজাই থাকে। মুখ্য সাৰ
কথা হ’ল ‘মনমনাভৱ’, ইয়াতেই বিঘিনি আহে। দেহ-অভিমান আহি গ’লে আকৌ অনেক প্ৰকাৰেৰে
শ্বাসৰুদ্ধ হৈ যায়, তাৰপাছত যোগযুক্ত হৈ থাকিব নিদিয়ে। যেনেকৈ ভক্তিমাৰ্গত
শ্ৰীকৃষ্ণৰ স্মৃতিত বহিলে তেতিয়া বুদ্ধি ক’ত ক’ত ভ্ৰমি ফুৰে। ভক্তিৰ অনুভৱতো সকলোৰে
আছে। এইটো জন্মৰ কথা। এইটো জন্মক জানিলে কিছু নহয় কিছু পূৰ্বৰ জন্মকো বুজিব পাৰে।
সন্তানসকলৰ অভ্যাস হৈ গৈছে – পিতাক স্মৰণ কৰাৰ। যিমানে স্মৰণ কৰা সিমান আনন্দ বাঢ়ে।
তাৰ লগতে দিব্য অলৌকিক কৰ্মও কৰিব লাগে। তোমালোক ব্ৰাহ্মণ। তোমালোকে সত্য-নাৰায়ণৰ
কথা, অমৰ কথা শুনোৱা। মূল কথা এটা – য’ত সকলোখিনি আহি যায়। স্মৃতিৰেই বিকৰ্ম বিনাশ
হয়। এয়া এটাই আত্মিক অভিৰুচি (অভ্যাস)। পিতাই বুজায় যে জ্ঞানতো বৰ সহজ। কন্যাসকলৰ
নামৰো গায়ন কৰা হৈছে। অৰ্ধকুমাৰী, কুমাৰী কন্যাৰ ভিতৰত কুমাৰীৰ নাম সকলোতকৈ বেছি
প্ৰসিদ্ধ। তেওঁলোকৰ কোনো বন্ধন নাই। সেই পতিয়েতো বিকাৰী কৰি তোলে। এই পিতাইতো
স্বৰ্গলৈ লৈ যাবলৈ অলংকৃত কৰে। মিঠা সাগৰলৈ লৈ যায়। পিতাই কয় - এই পুৰণি সৃষ্টিক,
পুৰণি দেহসহিত একেবাৰে পাহৰি যোৱা। আত্মাই কয় যে মইতো 84 জন্ম পূৰা কৰিছোঁ। এতিয়া
পুনৰ মই পিতাৰ পৰা সম্পূৰ্ণ উত্তৰাধিকাৰ ল’ম। সাহস ৰাখে, তথাপিও মায়াৰ সৈতে যুদ্ধতো
আছে। আগততো এই বাবা (ব্ৰহ্মাবাবা) আছে। মায়াৰ ধুমুহা বেছিকৈ এওঁৰ ওচৰলৈ আহে। বহুতে
আহি সোধে যে বাবা মোৰ এনেকুৱা হয়। বাবাই কয় যে সন্তানসকল – হয়, এই ধুমুহাতো নিশ্চয়
আহিব। প্ৰথমেতো মোৰ ওচৰলৈ আহে। অন্তত সকলোৱে কৰ্মাতীত অৱস্থা পাই যাব। এয়া কোনো
নতুন কথা নহয়। কল্প পূৰ্বেও হৈছিল। ড্ৰামাত ভূমিকা পালন কৰিলা, এতিয়া আকৌ উভতি ঘৰলৈ
যাব লাগে। সন্তানসকলে জানে - এই পুৰণি সৃষ্টি নৰক। কয়ো যে লক্ষ্মী-নাৰায়ণ
ক্ষীৰসাগৰত আছিল, তেওঁলোকৰ কিমান ভাল ভাল মন্দিৰ নিৰ্মাণ কৰে। প্ৰথম প্ৰথম মন্দিৰ
নিৰ্মাণ কৰোঁতে তেতিয়া চাগৈ গাখীৰেৰে পুখুৰী সাজি বিষ্ণুৰ মূৰ্তি প্ৰতিষ্ঠা কৰিছিল।
বহুত ভাল ভাল চিত্ৰ সাজি পূজা কৰিছিল। সেই সময়ততো বহুত সস্তা আছিল। বাবাই (ব্ৰহ্মাবাবাই)
সকলো দেখিছে। যথাযথ এই ভাৰত কিমান পৱিত্ৰ, ক্ষীৰৰ সাগৰ (সমৃদ্ধিশালী) আছিল। গাখীৰ
ঘীউৰ যেন নদী আছিল। এয়াতো মহিমা মহিমা কৰিছে। স্বৰ্গৰ নাম ল’লেই মুখত পানী আহি যায়।
তোমালোক সন্তানসকলে এতিয়া জ্ঞানৰ তৃতীয় নেত্ৰ পাইছা। সেয়েহে বুদ্ধিত বোধশক্তি আহিছে।
বুদ্ধি গুচি যায় নিজৰ ঘৰলৈ, আকৌ স্বৰ্গলৈ আহিম। তাত সকলোবিলাক নতুনেই নতুন হ’ব।
বাবাই (ব্ৰহ্মা বাবাই) শ্ৰী নাৰায়ণৰ মূৰ্তি দেখি বহুত আনন্দিত হৈছিল, বৰ মৰমেৰে
ৰাখিছিল। এইটো বুজি নাপাইছিল যে “ময়েই এয়া হ’মগৈ”। এই জ্ঞানতো এতিয়া বাবাৰ পৰা পাইছে।
তোমালোকৰ ব্ৰহ্মাণ্ড আৰু সৃষ্টি চক্ৰৰ আদি-মধ্য-অন্তৰ জ্ঞান আছে। জানা যে আমি কেনেকৈ
চক্ৰ পৰিক্ৰমা কৰিম। বাবাই আমাক ৰাজযোগ শিকাই আছে। তোমালোক সন্তানসকল বহুত আনন্দিত
হ’ব লাগে। বাকী অলপ সময় আছে। শৰীৰৰ কিবা নহয় কিবাতো হৈ থাকে। এতিয়া তোমালোকৰ এয়া
অন্তিম জন্ম। এতিয়া ড্ৰামাৰ পৰিকল্পনা অনুসৰি তোমালোকৰ সুখৰ দিন আহে। দেখিবলৈ পোৱা
যে বিনাশ সমাগত। তোমালোকে তৃতীয় নেত্ৰ পাইছা। মূললোক, সূক্ষ্মলোক, স্থূললোকক ভালধৰণে
জানা। এই স্বদৰ্শন চক্ৰ তোমালোকৰ বুদ্ধিত ঘূৰি থাকে। আনন্দিত হোৱা। এই সময়ত আমাক
বেহদৰ পিতাই, শিক্ষক হৈ পঢ়ায়। কিন্তু নতুন কথা হোৱাৰ বাবে বাৰে বাৰে পাহৰি যায়।
নহ’লে বাবা বুলি কোৱা মাত্ৰেই আনন্দৰ পাৰা উৰ্ধগামী হৈ যাব লাগে। ৰামতীৰ্থ,
শ্ৰীকৃষ্ণৰ ভক্ত আছিল। গতিকে শ্ৰীকৃষ্ণৰ দৰ্শনৰ বাবে কিমান যত্ন কৰিছিল। তেওঁৰ
সাক্ষাৎকাৰ হৈ গ’ল আৰু আনন্দিত হৈ গ’ল। কিন্তু তাৰ পৰা কি হ’ল? একোৱেতো নাপালে।
ইয়াততো তোমালোক সন্তানসকলৰ আনন্দও আছে কিয়নো জানা যে 21 জন্মৰ বাবে আমি ইমান উচ্চ
পদ পাওঁ। 3 ভাগতো তোমালোক সুখী হৈ থাকা। যদি আধা আধা হয় তেতিয়াতো লাভ নহ’ল। তোমালোক
3 ভাগ সুখত থাকা। তোমালোকৰ নিচিনা কোনেও সুখ দেখিবলৈ নাপায়। তোমালোকৰ বাবেতো অপাৰ
সুখ। মহান সুখততো দুখৰ বিষয়ে গ’মেই নাপায়। সংগমত তোমালোকে দু্য়োটাকে জানিব পাৰা যে
এতিয়া আমি দুখৰ পৰা সুখলৈ গৈ আছোঁ। মুখ আছে দিনৰ ফালে আৰু ভৰি আছে ৰাতিৰ ফালে। এই
সৃষ্টিক লঠিয়াব লাগে অৰ্থাৎ বুদ্ধিৰে পাহৰিব লাগে। আত্মাই জানে যে এতিয়া ঘৰলৈ উভতি
যাব লাগে, বহুত ভূমিকা পালন কৰিলোঁ। এনেকৈ নিজৰ সৈতে কথা পাতিব লাগে। এতিয়া যিমান
পিতাক স্মৰণ কৰিবা সিমানেই মামৰ (বিকাৰৰ লেপ) আঁতৰিব। যিমান পিতাৰ সেৱাত থাকি সমান
কৰি তুলিবা, সিমানেই পিতাক প্ৰত্যক্ষ কৰাবা। বুদ্ধিত আছে যে এতিয়া ঘৰলৈ যাব লাগে।
সেয়েহে ঘৰকেই স্মৰণ কৰিব লাগে। পুৰণা ঘৰ জহি-খহি গৈ থাকে। এতিয়া ক’ত নতুন ঘৰ, ক’ত
পুৰণা ঘৰ। ৰাতি-দিনৰ পাৰ্থক্য আছে। এয়াতো হুবহু বিষয়-বৈতৰণী নদী। ইজনে সিজনক মাৰে,
হাই-কাজিয়া কৰি থাকে। বাবা আহিল গতিকে যুদ্ধ যি বাকী আছিল সেয়াও আৰম্ভ হৈ গ’ল। যদি
স্ত্ৰীয়ে বিকাৰত সহযোগ নিদিয়ে তেতিয়া কিমান অত্যাচাৰ কৰে। কিমান মগজ খটুৱায়। কল্পৰ
পূৰ্বেও অত্যাচাৰ হৈছিল। সেয়া এতিয়াৰ কথাৰ গায়ন কৰা হয়। দেখিবলৈ পোৱা কিমান মিনতি
কৰে। সেয়াই ড্ৰামাৰ ভূমিকা চলি আছে। এইজন পিতাই জানে আৰু সন্তানসকলে জানে অন্য
কোনেও নাজানে। আগলৈ সকলোৱে বুজিব। গায়নো কৰে – পতিত-পাৱন, সকলোৰে সৎগতি দাতা পিতা।
তোমালোকে যিকোনো লোককে বুজাব পাৰা যে ভাৰত স্বৰ্গ আৰু নৰক কেনেকৈ হয় আহিলে তেতিয়া
আমি আপোনালোকক গোটেই বিশ্বৰ বুৰঞ্জী-ভূগোল বুজাম। এই বেহদৰ বুৰঞ্জী-ভূগোল ঈশ্বৰেহে
জানে আৰু তোমালোক ঈশ্বৰৰ সন্তানসকলে জানা। পৱিত্ৰতা, সুখ-শান্তি কেনেকৈ স্থাপন হয়,
এই বুৰঞ্জী-ভূগোল জানিলে আপোনালোকে সকলো জানি যাব। বেহদৰ পিতাৰ পৰা আপোনালোকে
নিশ্চয় বেহদৰেই উত্তৰাধিকাৰ ল’ব। এয়া আহি বুজক। বিষয় বহুত আছে। তোমালোক সন্তানসকলৰতো
এতিয়া মগজেই ভৰপূৰ হৈ গৈছে। আনন্দৰ পাৰা কিমান উৰ্ধগামী হয়। সকলো জ্ঞান তোমালোক
সন্তানসকলৰ আছে। জ্ঞানপূৰ্ণ পিতাৰ পৰা জ্ঞান পাই আছা। পুনৰ আমিয়েই গৈ
লক্ষ্মী-নাৰায়ণ হ’মগৈ। তাত আকৌ এই জ্ঞান একোৱেই নাথাকিব। বুজিবলৈ কিমান গূঢ় কথা আছে।
সন্তানসকলে ছিৰিৰ চিত্ৰক ভালদৰে বুজি গৈছা নহয়। গতিকে এয়া 84ৰ চক্ৰ। এতিয়া মনুষ্যকো
স্পষ্টকৈ বুজাব লাগে। ইয়াক জানো এতিয়া স্বৰ্গ বা পাৱন সৃষ্টি বুলি ক’ব। সত্যযুগ
বেলেগ, কলিযুগ বেলেগ বস্তু। এই চক্ৰ কেনেকৈ ঘূৰে, এয়া বুজাবলৈ সহজ। বুজনি ভাল লাগে।
কিন্তু পুৰুষাৰ্থ কৰি স্মৃতিৰ যাত্ৰাত থকা, এইটো বহুতৰ দ্বাৰা হ’ব নোৱাৰে। ভাল বাৰু।
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই পুৰণি
দেহ আৰু জগত বুদ্ধিৰে পাহৰি পিতা আৰু ঘৰক স্মৰণ কৰিব লাগে। সদায় এইটো আনন্দত থাকিব
লাগে যে এতিয়া আমাৰ সুখৰ দিন আগমনৰ পথত।
(2) জ্ঞানপূৰ্ণ পিতাৰ
পৰা যি জ্ঞান প্ৰাপ্ত হৈছে সেয়া সোঁৱৰি মগজ ভৰপূৰ কৰি ৰাখিব লাগে। দেহ-অভিমানত আহি
কেতিয়াও কোনো প্ৰকাৰে শ্বাসৰুদ্ধ হ’ব নালাগে।
বৰদান:
সদায় একৰস
স্থিতিৰ আসনত বিৰাজমান হৈ থাকোঁতা বাপদাদাৰ অন্তৰাসনধাৰী হোৱা
সকলোতকৈ শ্ৰেষ্ঠ আসন
বাপদাদাৰ অন্তৰাসনধাৰী হ’ব লাগে। কিন্তু এই আসনত বহিবৰ বাবে অচল-অটল, একৰস স্থিতিৰ
আসনৰ প্ৰয়োজন। যদি এই স্থিতিৰ আসনত স্থিৰ হ’ব নোৱাৰা তেন্তে বাপদাদাৰ অন্তৰ ৰূপী
আসনত অধিষ্ঠিত হ’ব নোৱাৰা। ইয়াৰ বাবে নিজৰ ভ্ৰূকুটিৰ আসনত অকালমূৰ্ত হৈ স্থিৰ হৈ
যোৱা, যদি এই আসনত বাৰে বাৰে অস্থিৰ নোহোৱা তেন্তে বাপদাদাৰ অন্তৰাসনত বিৰাজমান হ’ব
পাৰিবা।
স্লোগান:
শুভচিন্তনৰ দ্বাৰা নেতিবাচকক ইতিবাচকলৈ পৰিৱৰ্তন কৰা।
অব্যক্ত ইংগিত: মহান
হ’বলৈ মধুৰতা আৰু নম্ৰতাৰ গুণ ধাৰণ কৰা
পিতা ব্ৰহ্মাই নিজৰ
সন্তানসকলৰ চেহেৰাত এটাতো সদায় আত্মিকতাৰ মিচিকিয়া হাঁহি চাব বিচাৰে আৰু দ্বিতীয়তে
মুখৰ পৰা সদায় মধুৰ বাণী শুনিব বিচাৰে। এটা শব্দও যাতে মধুৰতা বিহীন নহয়। চেহেৰাত
আত্মিকতা থাকক, মুখত মধুৰতা থাকক আৰু মন-বুদ্ধিত সদায় শুভ ভাৱনা, দয়াশীলতাৰ ভাৱনা,
দাতাবোধৰ ভাৱনা থাকক। প্ৰতিটো খোজত পিতাক অনুসৰণ কৰা, এয়াই প্ৰতিপালনৰ প্ৰতিদান দিয়া।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]