21.05.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – শ্ৰীমতত চলি সকলোকে সুখ দিয়া, আসুৰি মতেৰে দুখ দি আহিলা, এতিয়া সুখ দিয়া, সুখ লোৱা”

প্ৰশ্ন:
বুদ্ধিমান সন্তানসকলে কোনটো ৰহস্য বুজি পোৱা বাবে উচ্চ পদ পোৱাৰ পুৰুষার্থ কৰে?

উত্তৰ:
তেওঁলোকে বুজি পায় যে এয়া দুখ আৰু সুখ, হৰা আৰু জিকাৰ খেল, এতিয়া আধাকল্প সুখৰ খেল চলিব৷ তাত কোনো প্ৰকাৰৰ দুখ নাথাকিব৷ এতিয়া নতুন ৰাজধানী আহিব, তাৰ বাবে পিতাই নিজৰ পৰমধাম এৰি আমাক সন্তানসকলক পঢ়াবলৈ আহিছে, এতিয়া পুৰুষার্থ কৰি উচ্চ পদ ল’বই লাগে৷

গীত:
বদল জায়ে দুনীয়া ন বদলেংগে হম..... (জগত সলনি হৈ গ’লেও আমি সলনি নহওঁ.....)

ওঁম্শান্তি।
অতি মৰমৰ সন্তানসকলে অর্থ বুজিলা৷ ইয়াত কোনো শপত খোৱাৰ প্ৰয়োজন নাই৷ এয়াতো আত্মাত বোধশক্তি লাগে৷ আত্মা তমোপ্ৰধান হোৱা বাবে একেবাৰে বুদ্ধিহীন হৈ গৈছে৷ সন্তানসকলে জানে – আমি কিমান বুদ্ধিহীন আছিলোঁ৷ এতিয়া কিমান বুদ্ধিমান হৈছা৷ অন্য সৎসংগ আদিত এই কথাবোৰ নাথাকে৷ তেওঁলোকে শাস্ত্ৰ, ৰামায়ণ আদি পঢ়ে৷ এখন কাণেৰে শুনিলে, আনখন কাণেৰে ওলাই যায়৷ কোনো প্ৰাপ্তি নাই৷ যজ্ঞ, তপস্যা, দান-পুণ্য আদি বহুত কৰে, হাবাথুৰি খাই ফুৰে৷ প্ৰাপ্তি একো নাথাকে৷ এই জগতত কাৰোৱেই সুখ নাই৷ এতিয়া পিতাই সকলো বুজনি দিয়ে৷ সকলোকে সুখ-শান্তি দিওঁতা হৈছে একমাত্ৰ পিতা৷ মনুষ্যতো একেবাৰে ঘোৰ অন্ধকাৰত আছে৷ ভক্তিমার্গৰসকলেও স্মৰণ কৰি থাকে – হে দুখ হর্তা, সুখ কর্তা, সৎগতিদাতা৷ চোৱা, জগতত কি হৈ আছে৷ সকলোৱে দুখ ভূগীয়ে থাকে৷ যিয়েই মনুষ্য মাত্ৰ আছে, কোনেও এইটো গম নাপায় যে পিতা কোন? পিতাৰ পৰা কি উত্তৰাধিকাৰ পোৱা যায়? বেহদৰ পিতাক নাজানেই৷ শান্তিৰ বাবে হাবাথুৰি খাই ফুৰে৷ এতিয়া এনেকৈ কোনে ক’লে যে মনৰ শান্তি লাগে? আত্মাই কয়, এয়াও মনুষ্যই নাজানে৷ দেহ-অভিমান আছে নহয়৷ সাধু-সন্ত আদি সকলো দুখী, সকলোৱে শান্তি বিচাৰে৷ বেমাৰ আদিতো সাধু-সন্তৰো হয়৷ দুর্ঘটনা হয়৷ জগতত দুখৰ বাহিৰে আন একোৱেইতো নাই৷ এতিয়া তোমালোক বুদ্ধিমান হৈছা৷ পিতাই বুজাইছে – ড্ৰামাৰ ভিতৰত নতুন জগত আৰু পুৰণি জগত, সুখ আৰু দুখৰ খেল ৰচি থোৱা আছে৷ পিতাই তোমালোকৰ বুদ্ধিৰ তলা খুলিছে আৰু সকলো মনুষ্য মাত্ৰৰেই গড্ৰেজৰ তলা লাগি আছে, বুদ্ধি একেবাৰে তমোপ্ৰধান৷ তোমালোক সন্তানসকলে পুৰুষার্থৰ ক্ৰমানুসৰি জানা৷ যথাযথ বেহদৰ পিতাক পাইছোঁ, তেওঁ আমাক সৃষ্টিৰ আদি-মধ্য-অন্তৰ ৰহস্য শুনায় যে এয়া খেল কেনেকৈ ৰচি থোৱা আছে৷ যেতিয়া সুখ থাকে তেতিয়া দুখৰ নাম নাথাকে৷ তোমালোক সন্তানসকলৰ বুদ্ধিত আছে যে আমি পিতাৰ পৰা সুখ-শান্তি-সম্পত্তিৰ উত্তৰাধিকাৰ লৈ আছোঁ৷ সত্যযুগৰ পৰা ত্ৰেতাৰ অন্তলৈকে দুখ নাথাকে৷ এতিয়া তোমালোক আলোকত আছা৷ তোমালোকে পুৰুষার্থ কৰি আছা – নিজৰ ৰাজধানীত এজনে আনজনতকৈ যাতে উচ্চ পদ পাওঁ৷ এয়া হ’ল বেহদৰ স্কুল৷ বেহদৰ পিতাই পঢ়ায়৷ তোমালোকে জানিছা – তেওঁ আমাৰ আটাইতকৈ মৰমৰ পিতা, যাৰ মহিমা অপৰমঅপাৰ৷ সেইজন উচ্চতকৈও উচ্চ পিতাই শ্ৰীমত দিয়ে৷ বাকী সকলো মনুষ্য মাত্ৰেই আসুৰি মতত এজনে আনজনক দুখহে দিয়ে৷ তোমালোকে শ্ৰীমতত সকলোকে সুখ দিব লাগে৷ এই ড্ৰামাত আমি ভাৱৰীয়া, এইটো কোনেও নাজানে৷ তোমালোক সন্তানসকলে এতিয়া বুজি পোৱা, এই ড্ৰামাত ভাৰতবাসীৰে আদিৰ পৰা অন্তলৈকে ভূমিকা আছে৷ আগতেতো তোমালোকে একোৱেই জনা নাছিলা৷ এতিয়াতো মূললোকৰ পৰা সূক্ষ্মলোক, স্থূললোক সকলো বিষয়ে জানি গৈছা৷ তোমালোকৰ সত্য জ্ঞান আছে৷ পৰমপিতা পৰমাত্মাই আমাক এওঁৰ দ্বাৰা পঢ়াই আছে৷ বাবাই আমাক ত্ৰিলোকৰ সকলো জ্ঞান দি আছে৷ এয়া হয়েই কাঁইটৰ জংঘল৷ সন্তানসকলে জানে – এতিয়া আমি কাঁইটৰ পৰা ফুল অর্থাৎ মনুষ্যৰ পৰা দেৱতা হওঁ৷ ইয়াততো সৰু-ডাঙৰ সকলোৱে দুখ দিয়ে৷ গর্ভত মাতৃক সন্তানে দুখ দিয়ে৷ এইখন বহুতেই ছিঃ ছিঃ পুৰণি জগত৷ এই সৃষ্টি চক্ৰক কোনেও নাজানে৷ আমি ক’ৰপৰা আহিছোঁ, কিমান জন্ম লৈছোঁ, পুনৰ ক’লৈ যাব লাগে?… একোৱেই নাজানে, বেহদৰ পিতা অর্থাৎ সকলো সীতাৰ এজন ৰাম, তেওঁ নিৰাকাৰ৷ তোমালোক সকলো হৈছা সীতা৷ পিতা হ’ল দৰা৷ এজন প্ৰেমিকৰ সকলো প্ৰেমিকা, ভক্ত৷ যিসকল সীতা আছে, সকলো ৰাৱণৰ কাৰাগাৰত বন্দী হৈ শোকৰ বাগিচাত আহি গৈছে৷ গোটেই জগতৰ সকলো মনুষ্য মাত্ৰেই এজন ভগৱানক স্মৰণ কৰে৷ ভক্তৰ ৰক্ষক বুলি ভগৱানক কয়৷ তোমালোক সকলো এতিয়া ব্ৰহ্মা মুখ বংশাৱলী ব্ৰাহ্মণ৷ ব্ৰাহ্মণসকলে জানে – আমাক শিৱবাবাই পঢ়াই আছে৷ বাবাৰ পৰা উত্তৰাধিকাৰ নিশ্চয় পোৱা যায়৷ শিৱবাবা হ’ল স্বর্গৰ ৰচয়িতা৷ স্বর্গ বুলি কোৱা বা দৈৱী ৰাজধানী বুলি কোৱা – এয়া স্বর্গৰ ৰাজধানী নহয় জানো৷ লক্ষ্মী-নাৰায়ণ স্বর্গৰ মালিক৷ এয়াও এতিয়া তোমালোকে বুজি পোৱা৷ ইয়াত যেতিয়া সত্যযুগ আছিল তেতিয়া লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল৷ এতিয়া হ’ল কলিযুগ৷ মনুষ্যইতো বেচেৰাহঁত অন্ধকাৰত থকা বাবে একো নাজানে যে এতিয়া কলিযুগৰ অন্ত৷ বিনাশ সমাগত৷ তোমালোক সকলো সীতাৰ সৎগতিদাতা হৈছে একমাত্ৰ ৰাম৷ সীতাসকল সকলো দুর্গতিত আছে, কিন্তু এনেকৈ জানো কোনোবাই বুজে যে আমি দুর্গতিত আছোঁ৷ নিজৰ চহকীবোধৰহে নিচা আছে৷ আমাৰ ইমান ঘৰ আছে, ইমান ধন আছে, ইমান মহল আছে, কোনেও গম নাপায় যে এয়া দুখৰ সৃষ্টি এতিয়া পৰিৱর্তন হ’ব৷ মৃত্যু সমাগত৷ সকলো মাটিত মিলি যাব৷ এয়া যি কিছু পুৰণি জগতত দেখিছা, বিনাশ হৈ যাব৷ বিনাশৰ বাবে সম্পূর্ণ প্ৰস্তুতি চলি আছে৷ এয়া সেয়াই মহাভাৰতৰ যুদ্ধ৷ সেইজনেই গীতাৰ ভগৱান৷ কিন্তু পিতাৰ জীৱন বৃত্তান্তত সন্তানৰ নাম দি দিছে৷ এতিয়া শিৱবাবাই তোমালোকক ৰাজযোগ শিকাই আছে৷ আটাইতকৈ ভীষণ ভুল এয়াই যে ভগৱানৰ নাম নোহোৱা কৰি দিলে৷

তোমালোক সন্তানসকলে জানা, আমাক কোনো মনুষ্য, সাধু-সন্ত আদিয়ে নপঢ়ায়, শিৱবাবাই আমাক পঢ়ায়৷ তেওঁ পিতাও হয়, শিক্ষকো হয়, সৎগুৰুও হয়৷ সকলো হয়৷ এইটোতো পাহৰা অনুচিত৷ পিতাই কয় – সকলো মোৰ সন্তান কিন্তু সকলোকে জানো পঢ়াম৷ পিতাই কয় – মই ভাৰতবাসীক পুনৰ ৰাজযোগ শিকাবলৈ আহিছোঁ৷ ভাৰতবাসী স্বর্গবাসী আছিল, হীৰা সদৃশ আছিল, এতিয়া কড়ি সদৃশ হৈ গৈছে৷ ঘৰত কিমান অশান্তি৷ সন্তানসকলে কয় – বাবা আমাৰ ক্ৰোধ আহে, সন্তানসকলক মাৰিবলগীয়া হয়৷ ভয় লাগে, আমি 5 বিকাৰ শিৱবাবাক দান দি দিলোঁ আকৌ আমি এয়া কিয় কৰোঁ? পিতাই বুজায় – এই সময়ত সকলোৰে ওপৰত 5 বিকাৰৰ গ্ৰহণ লাগি আছে৷ দেহ-অভিমানৰ ভূত আহিলে তেতিয়া আন সকলো ভূত লাগি যায়৷ এতিয়া পিতাই কয় – দেহী-অভিমানী হোৱা৷ এতিয়া তোমালোকে বোধশক্তি পাইছা৷ সত্যযুগতো আমি আত্মা-অভিমানী আছিলোঁ৷ বুজি পায় – আত্মাৰ এই শৰীৰ এতিয়া পুৰণা হৈছে৷ আয়ুস পূৰা হৈছে সেইবাবে এই শৰীৰ ত্যাগ কৰি নতুন ল’ব লাগে৷ (সাপৰ দৃষ্টান্ত) সাপৰ যেতিয়া এখন ছাল পুৰণা হয় তেতিয়া আকৌ অন্য নতুন এখন লৈ লয়৷ এইটো দৃষ্টান্ত হৈছে সত্যযুগৰ বাবে৷ তাত তোমালোকে এনেকৈ শৰীৰ ত্যাগ কৰা, দুখৰ কোনো কথাই নাথাকে৷ ইয়াত কিমান দুখ হয়৷ কন্দা-কটা আদি কৰে৷ এতিয়া তোমালোক সন্তানসকলে জানা – এয়া পুৰণি শৰীৰ৷ ইয়াত কোনেও নতুন ছাল (শৰীৰ) নাপায়৷ এয়া অন্তিম পুৰণি শৰীৰ৷ এতিয়া তোমালোক সেই শৰীৰক লৈ অশান্ত হৈ গৈছা৷ তাততো আনন্দৰে এটা শৰীৰ ত্যাগ কৰি অন্য এটা লয়৷ এই কথাবোৰো তোমালোকে বুজি পোৱা৷ ইয়ালৈ কিমান নতুন আহে, বুজি পায় জানো৷ দুই-চাৰি দিন ইয়াত বুজি যায়, আকৌ পাহৰি যায়৷ অৱশ্যে হয়, যদি ভালদৰে শুনিলে, আনন্দিত হ’ল তেন্তে প্ৰজাত আহি যাব৷ প্ৰজাওতো অনেক হ’ব নহয়৷ এয়া হ’ল ঈশ্বৰৰ দ্বাৰ অথবা ঘৰ৷ তোমালোক ঈশ্বৰৰ ঘৰত বহি আছা৷ পৰমপিতাই নিজৰ পৰমধাম এৰি ইয়ালৈ সাধাৰণ শৰীৰত আহি বহি আছে৷ তাততো পিতাৰ ওচৰত আত্মাসকল থাকে৷ ইয়াত সংগমত বাবা নিজে আহিছে – পতিতসকলক পাৱন কৰি তুলিবলৈ৷ তেওঁক শিৱ নিৰাকাৰ বুলিয়ে কয়৷ নিৰাকাৰ বাবাক আত্মাসকলে “হে ঈশ্বৰ পিতা” বুলি কৈ কাকূতি কৰে৷ মনুষ্যই নুবুজাকৈ কৈ দিয়ে – হে ঈশ্বৰ পিতা৷ এই লক্ষ্মী-নাৰায়ণকো ইউৰোপিয়ানসকলে ভগৱান-ভগৱতী বুলি কয়৷ এওঁলোকক এনেকুৱাকৈ কোনে গঢ়িলে? এই দেৱতাসকলক কয় – আপোনালোক সর্বগুণসম্পন্ন, 16 কলা সম্পূর্ণ আকৌ নিজক কি বুলি কয়? এইটো নাজানে যে এওঁলোকো মনুষ্য৷ ভাৰততে ৰাজত্ব কৰি গৈছে৷ তেওঁলোকৰ আগত গৈ মহিমা গায়৷ নিজক নীচ পাপী বুলি কয়৷ কৃষ্ণৰ মন্দিৰতো গৈ মহিমা কৰিব৷ শিৱৰ এনেকৈ মহিমা নকৰে৷ তেওঁৰ মহিমা বেলেগ৷ সাধাৰণতে শিৱৰ ওচৰলৈ গ’লে তেতিয়া কয় – আঁচল ভৰাই দিয়া৷ আকৌ কৈ দিয়ে ভাঙুৰা, ধতুৰা খাওঁতা৷ হেৰ’ তাত ভাং-ধতুৰা ক’ৰপৰা আহিল? অলপো বোধশক্তি নাই৷ ভিক্ষা কৰি থাকে – স্বামী লাগে, এইটো লাগে... দীপাৱলীত লক্ষ্মীক আহ্বান জনায়৷ তেওঁ কোন, এইটো কোনেও গম নাপায়৷ 8-10খন ভুজা কেতিয়াবা থাকে জানো? এয়া চতুর্ভুজৰ ৰূপ দেখুৱায়, কিয়নো প্ৰবৃত্তি মার্গ হয়৷ লক্ষ্মী-নাৰায়ণতো সত্যযুগত থাকে৷ মনুষ্যই এইটো নাজানে যে বিষ্ণুৰ দুটা ৰূপ লক্ষ্মী-নাৰায়ণৰ দ্বাৰা প্ৰতিপালন হয়৷ চিত্ৰত লক্ষ্মীক 4 খন ভুজা দি দিয়ে৷ 4 খন ভুজাধাৰীৰ সন্তান জন্ম হ’লে তেতিয়া তেওঁলোকৰো 4 খন ভুজা হোৱা উচিত৷ একোৱেই বুজি নাপায়৷ তোমালোকে এতিয়া বুজি পোৱা – বাবা যেতিয়ালৈ অহা নাছিল তেতিয়া আমিও একো জনা নাছিলোঁ৷ এতিয়া গোটেই বিশ্বৰ আদি-মধ্য অন্তক জানি গৈছোঁ৷ পিতা আহি পতিত জগতক পাৱন কৰি তোলে৷ এনেকৈ আহ্বানো জনায় – হে পতিত-পাৱন আহক৷ এতিয়া পৰমাত্মা কেনেকৈ আহিব? কেনেকৈ আহি পতিতসকলক পাৱন কৰিব? পিতাই কয় – 5 হাজাৰ বছৰ পূৰ্বে আমি দৈৱী স্বৰাজ্য স্থাপন কৰিছিলোঁ, পুনৰ তোমালোকে 84 জন্ম কেনেকৈ ল’লা? এইখিনি বোধ আগতে তোমালোকৰ বুদ্ধিত একেবাৰে নাছিল৷ এই ব্ৰহ্মায়ো গম পোৱা নাছিল৷ ৰাধা-কৃষ্ণ, লক্ষ্মী-নাৰায়ণৰ পূজা কৰিছিল৷ কিন্তু এইটোও নাজানিছিল যে ৰাধা-কৃষ্ণই সয়ম্বৰৰ পাছত লক্ষ্মী-নাৰায়ণ হৈছে, সেইবাবে ৰাজকুমাৰী ৰাধা, ৰাজকুমাৰক কৃষ্ণ বুলি কোৱা হয়৷ সয়ম্বৰৰ পাছত মহাৰজা-মহাৰাণী হয়৷ এয়া যি নিজে হ’বলৈ গৈ আছে, সেইটো তেৱোঁ নাজানিছিল৷ হয়তো কাৰোবাৰ সাক্ষাৎকাৰো হয় কিন্তু একোৱে বুজি নাপায়৷ তথাপিও ভক্তসকলৰ ভাৱনা অল্পকালৰ বাবে পূর্ণ কৰিবলৈ মই সাক্ষাৎকাৰ কৰাওঁ৷ ইয়াততো ধ্যান-সাক্ষাৎকাৰৰ কথাই নাই৷ পিতাইতো বুজায় – সাক্ষাৎকাৰত মায়াই প্ৰৱেশ কৰিলে তেতিয়া তোমালোক পদভ্ৰষ্ট হৈ যাবা৷ বহুতে আহি কয় – আমাৰ যাতে শিৱবাবাৰ সাক্ষাৎকাৰ হয়৷ হেৰ’ তোমালোকক বুজোৱা হয় – জোনাকী পৰুৱা কিমান সূক্ষ্ম, চকুৰে দেখা যায়৷ আত্মাতো তাতকৈও সূক্ষ্ম বিন্দু৷ যেনেকুৱা আত্মা তেনেকুৱাই পৰমাত্মাৰ ৰূপ৷ সাক্ষাৎকাৰো যদি হয় তেন্তে সেই সূক্ষ্ম বিন্দুৰে হ’ব৷ এয়াতো সূক্ষ্ম বিন্দু যি ভ্ৰূকুটিৰ মাজত থাকে৷ আত্মাৰ সাক্ষাৎকাৰ হ’লেও একো নুবুজিব৷

এতিয়া তোমালোক সন্তানসকলে জানা – এতিয়া আমি শিৱবাবাৰ সন্তান৷ সকলো ব্ৰহ্মাকুমাৰ-কুমাৰীয়ে শিৱবাবাৰ পৰা উত্তৰাধিকাৰ লৈ আছে৷ আমাৰ লক্ষ্য-উদ্দেশ্যই হৈছে এইটো৷ বিদ্যার্থী হয় নহয়৷ তোমালোকে কোৱা – পিতাৰ পৰা সহজ ৰাজযোগ শিকিবলৈ আহিছোঁ৷ এইটো লক্ষ্য-উদ্দেশ্য৷ এইটো সন্তানসকলে পাহৰিব নালাগে৷ ভক্তিমার্গত ভক্তসকলে দেৱতাসকলৰ চিত্ৰ লগত ৰাখে৷ তোমালোকে আকৌ এই ত্ৰিমূর্তিৰ চিত্ৰ জেপত ৰখা উচিত৷ এই শিৱবাবাৰ দ্বাৰা আমি এয়া লক্ষ্মী-নাৰায়ণ হৈ আছোঁ৷ ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ সৈতে মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) শিৱবাবাক বিকাৰ দান দি পুনৰ কেতিয়াও ওভটাই ল’ব নালাগে৷ দেহ-অভিমানৰ ভূতৰ পৰা পৰিত্ৰাণ পাব লাগে৷ এই ভূতৰ পৰা সকলো ভূত আহি যায় সেইবাবে আত্মা-অভিমানী হোৱাৰ অভ্যাস কৰিব লাগে৷

(2) ধ্যান সাক্ষাৎকাৰৰ আশা ৰাখিব নালাগে৷ লক্ষ্য-উদ্দেশ্য সন্মুখত ৰাখি পুৰুষার্থ কৰিব লাগে৷ শ্ৰীমতত সকলোকে সুখ দিব লাগে৷

বৰদান:
কৰাৱনহাৰৰ স্মৃতিৰে সেৱাত সদায় নিৰ্মাণৰ কাৰ্য কৰোঁতা কৰ্মযোগী হোৱা

যিকোনো কৰ্ম, কৰ্মযোগী স্থিতিলৈ পৰিৱৰ্তন কৰা, কেৱল কৰ্ম কৰোঁতা নহয় কিন্তু কৰ্মযোগী। কৰ্ম অৰ্থাৎ ব্যৱহাৰ আৰু যোগ অৰ্থাৎ পৰমাৰ্থ (আধ্যাত্মিকতা) দুয়োটাৰ সন্তুলন থাকক। শৰীৰ নিৰ্বাহৰ পাছত আত্মাৰ নিৰ্বাহ যাতে পাহৰি নোযোৱা। যিয়েই কৰ্ম কৰা সেয়া ঈশ্বৰীয় সেৱাৰ অৰ্থে হওক। ইয়াৰ বাবে সেৱাত ‘নিমিত্ত মাত্ৰ’ৰ মন্ত্ৰ বা ‘কৰণহাৰৰ স্মৃতি’ৰ সংকল্প সদায় যাতে স্মৃতিত থাকে। কৰাৱনহাৰক নাপাহৰিলে তেতিয়া সেৱাত নিৰ্মাণেই নিৰ্মাণ কৰি থাকিবা।

স্লোগান:
সেৱা বা সম্বন্ধ-সম্পৰ্কত বিঘিনি অহাৰ কাৰণ হৈছে পুৰণা সংস্কাৰ, সেই সংস্কাৰবোৰৰ প্ৰতি বৈৰাগ্য জন্মিব লাগে।


অব্যক্ত ইংগিত: সদায় অচল, অটল আৰু একৰস স্থিতিৰ অনুভৱ কৰা

সকলোতকৈ শ্ৰেষ্ঠ আসন হ’ল বাপদাদাৰ অন্তৰ আসনত অধিষ্ঠিত হোৱা। কিন্তু এই আসনত বহিবলৈ হ’লে প্ৰথমে অচল, অটল আৰু একৰস স্থিতিৰ আসনৰ প্ৰয়োজন। একৰস স্থিতিৰ আসনত তেতিয়াহে স্থিৰ হৈ থাকিব পাৰিবা যেতিয়া অকাল আসনত অধিষ্ঠিত হোৱাৰ অভ্যাস থাকিব। যেনেকৈ তপস্বীসকলে সদায় নিজৰ আসনত স্থিৰ হৈ বহে, তেনেকৈ তোমালোকেও নিজৰ একৰস আত্মাৰ স্থিতিৰূপী আসনত বিৰাজমান হৈ থাকা। এই আসন নেৰিবা, তেতিয়াহে সিংহাসন পাবা।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]