21.09.25 Avyakt Bapdada
Assame
Murli
02.02.2007 Om Shanti Madhuban
“*“পৰমাত্ম প্ৰাপ্তিৰে
সম্পন্ন আত্মাৰ লক্ষণ – পৱিত্ৰতম, উচ্চতম আৰু সকলোতকৈ সমৃদ্ধিশালী”*”
আজি বিশ্ব পৰিৱৰ্তক
বাপদাদাই নিজৰ সংগী সন্তানসকলৰ সৈতে মিলন উদ্যাপন কৰিবলৈ আহিছে। প্ৰত্যেক সন্তানৰ
মস্তকত তিনিটা পৰমাত্ম বিশেষ প্ৰাপ্তি দেখি আছে। এক হ’ল প্ৰৱিত্ৰতম, দ্বিতীয়তে
উচ্চতম আৰু তৃতীয়তে সকলোতকৈ সমৃদ্ধিশালী। এই জ্ঞানৰ আধাৰেই হ’ল হ’লি অৰ্থাৎ পৱিত্ৰ
হোৱা। তেন্তে প্ৰত্যেক সন্তানেই পৱিত্ৰতম, পৱিত্ৰতা কেৱল ব্ৰহ্মচৰ্য্য নহয় কিন্তু
মন-বাণী-কৰ্ম, সম্বন্ধ-সম্পৰ্কত পৱিত্ৰতা। তোমালোকে চোৱা, তোমালোক পৰমাত্ম ব্ৰাহ্মণ
আত্মাসকলে আদি-মধ্য-অন্ত তিনিওকালত পৱিত্ৰতম হৈ থাকা। প্ৰথমে আত্মা যেতিয়া পৰমধামত
থাকা তাতো পৱিত্ৰতম আকৌ যেতিয়া আদিত আহা তেতিয়া আদিকালতো দেৱতাৰ ৰূপত পৱিত্ৰতম আত্মা
আছিলা। হলিয়েষ্ট অৰ্থাৎ পৱিত্ৰতম আত্মাৰ বিশেষত্ব হ’ল – প্ৰবৃত্তিত থাকি সম্পূৰ্ণ
পৱিত্ৰ হৈ থাকা। অন্যও পৱিত্ৰ হয় কিন্তু তোমালোকৰ পৱিত্ৰতাৰ বিশেষত্ব হ’ল- স্বপ্ন
মাত্ৰও অপৱিত্ৰতাই মন-বুদ্ধি চুব নোৱাৰে। সত্যযুগত আত্মাও পৱিত্ৰ হয় আৰু শৰীৰো
তোমালোকৰ পৱিত্ৰ হয়। আত্মা আৰু শৰীৰ দুয়োৰে পৱিত্ৰতা যি দেৱ আত্মা ৰূপত থাকে, সেয়া
শ্ৰেষ্ঠ পৱিত্ৰতা। যেনেকৈ পৱিত্ৰতম হোৱা, সিমানেই উচ্চতমো হোৱা। সকলোতকৈ উচ্চতকৈও
উচ্চ ব্ৰাহ্মণ আত্মা হোৱা আৰু উচ্চতকৈও উচ্চ পিতাৰ সন্তান হৈছা। আদিত পৰমধামতো
উচ্চতম অৰ্থাৎ পিতাৰ লগতে থাকা। মধ্যতো পূজ্য আত্মা হোৱা। কিমান সুন্দৰ মন্দিৰ
নিৰ্মাণ কৰা হয় আৰু কিমান বিধিপূৰ্বক পূজা কৰা হয়। যিমান বিধিপূৰ্বক তোমালোক দেৱতাৰ
মন্দিৰত পূজা হয় সিমান আনৰো মন্দিৰ নিৰ্মাণ হয় কিন্তু বিধিপূৰ্বক পূজা তোমালোকৰ
দেৱতা ৰূপৰ হয়। সেয়েহে পৱিত্ৰতমো হোৱা আৰু উচ্চতমো হোৱা, লগতে সকলোতকৈ সমৃদ্ধিশালী
হোৱা। জগতত বিশ্বৰ ভিতৰত সমৃদ্ধিশালী বুলি কয় কিন্তু তোমালোক শ্ৰেষ্ঠ আত্মাসকল
কল্পৰ ভিতৰত সমৃদ্ধিশালী। গোটেই কল্প সমৃদ্ধিশালী হোৱা। নিজৰ সম্পদ স্মৃতিলৈ আহেনে,
কিমান সম্পদৰ মালিক হোৱা! অবিনাশী সম্পদ যি এই এটা জন্মতে প্ৰাপ্ত কৰা সেয়া অনেক
জন্মলৈ চলিব। অন্য কাৰো সম্পদ অনেক জন্ম নচলে। কিন্তু তোমালোকৰ সম্পদ হৈছে
আধ্যাত্মিক। শক্তিৰ সম্পদ, জ্ঞানৰ সম্পদ, গুণৰ সম্পদ, শ্ৰেষ্ঠ সংকল্পৰ সম্পদ আৰু
বৰ্তমান সময়ৰ সম্পদ, এই সৰ্ব সম্পদ জন্ম জন্ম ধৰি চলে। এটা জন্মৰ প্ৰাপ্ত হোৱা
সম্পদ লগত যাব কিয়নো সৰ্ব সম্পদৰ দাতা পৰমাত্মা পিতাৰ দ্বাৰা প্ৰাপ্ত হয়। তেন্তে এই
নিচা আছেনে যে আমাৰ সম্পদ অবিনাশী হয়?
এই আধ্যাত্মিক
সম্পদবোৰ প্ৰাপ্ত কৰিবৰ বাবে সহজযোগী হৈছা। স্মৃতিৰ শক্তিৰে সম্পদ জমা কৰিছা। এই
সময়তো এই সৰ্ব সম্পদেৰে সম্পন্ন নিশ্চিন্ত বাদশ্বাহ হোৱা, কিবা চিন্তা আছে জানো?
আছেনে চিন্তা? কিয়নো এই সম্পদ যি আছে ইয়াক চোৰে লুটিব নোৱাৰে, ৰজাই খাব নোৱাৰে,
পানীয়েও ডুবাব নোৱাৰে, সেয়েহে নিশ্চিন্ত বাদশ্বাহ। তেন্তে এই সম্পদ সদায় স্মৃতিত
থাকে নহয়! আৰু স্মৃতিও সহজ, কিয়? কিয়নো সকলোতকৈ বেছি স্মৃতিৰ আধাৰ হৈছে এক সম্বন্ধ
আৰু দ্বিতীয়তে প্ৰাপ্তি। যিমান স্নেহৰ সম্বন্ধ সিমানেই স্মৃতি স্বতঃ আহে কিয়নো
সমন্ধত স্নেহ থাকে আৰু য’ত স্নেহ থাকে তেন্তে স্নেহী জনক স্মৰণ কৰা কঠিন নহয়, কিন্তু
পাহৰা কঠিন হয়। পিতাই সৰ্ব সমন্ধৰ আধাৰ কৰি দিলে। সকলোৱে নিজক সহজযোগী অনুভৱ কৰা
নে? নে কঠিন যোগী? সহজ হয়নে? নে কেতিয়াবা সহজ, কেতিয়াবা কঠিন? যেতিয়া পিতাক সম্বন্ধ
আৰু স্নেহেৰে স্মৰণ কৰা তেতিয়া স্মৰণ কৰা কঠিন নহয় আৰু প্ৰাপ্তিসমূহ স্মৃতিলৈ আনা।
সৰ্ব প্ৰাপ্তিৰ দাতাই সৰ্ব প্ৰাপ্তি কৰাই দিলে। তেন্তে নিজক সৰ্ব সম্পদেৰে সম্পন্ন
অনুভৱ কৰানে? সম্পদ জমা কৰাৰ সহজ বিধিও বাপদাদাই শুনালে - যিয়েই অবিনাশী সম্পদ আছে
সেই সকলবোৰ সম্পদ প্ৰাপ্ত কৰাৰ বিধি হ’ল – বিন্দু। যেনেকৈ বিনাশী সম্পদৰ ক্ষেত্ৰতো
বিন্দু (শূন্য) লগাই যোৱা তেতিয়া বৃদ্ধি হৈ যায় নহয়। এই অবিনাশী সম্পদ জমা কৰাৰ বিধি
হ’ল বিন্দু লগোৱা। তিনিটা বিন্দু আছে - মই আত্মা বিন্দু, পিতাও বিন্দু আৰু ড্ৰামাত
যি অতিবাহিত হৈ যায় সেয়া যতি অৰ্থাৎ বিন্দু। তেন্তে বিন্দু লগাব জানানে? সকলোতকৈ
বেছি সহজ মাত্ৰা কি? বিন্দু লগোৱা নহয় জানো! তেন্তে মই আত্মা বিন্দু, পিতাও বিন্দু,
এইটো স্মৃতিৰে স্বতঃ সম্পদ জমা হৈ যায়। বিন্দুক চেকেণ্ডত স্মৰণ কৰিলে কিমান আনন্দ
অনুভৱ হয়! এই সৰ্ব সম্পদ তোমালোকৰ ব্ৰাহ্মণ জীৱনৰ অধিকাৰ হয় কিয়নো সন্তান হোৱা অৰ্থাৎ
অধিকাৰী হোৱা। আৰু বিশেষ তিনিটা সম্বন্ধৰ অধিকাৰ প্ৰাপ্ত হয় - পৰমাত্মাক পিতাও কৰিলা,
শিক্ষকো কৰিলা আৰু সৎগুৰুও কৰিলা। এই তিনিটা সম্বন্ধেৰে প্ৰতিপালন, শিক্ষাৰ দ্বাৰা
উপাৰ্জনৰ উৎস আৰু সৎগুৰুৰ দ্বাৰা বৰদান প্ৰাপ্ত হয়। কিমান সহজ বৰদান প্ৰাপ্ত হয়?
কিয়নো পিতাৰ বৰদান প্ৰাপ্ত কৰাটো সন্তানসকলৰ জন্মসিদ্ধ অধিকাৰ। বাপদাদাই প্ৰত্যেক
সন্তানৰ জমা পুঁজি পৰীক্ষা কৰে। তোমালোক সকলোৱেও নিজৰ সকলো সময়ৰ জমা পুঁজি পৰীক্ষা
কৰা। জমা হ’ল নে নাই হোৱা, তাৰ বিধি হ’ল যিয়েই কৰ্ম কৰিলা, সেই কৰ্মত নিজেও
সন্তুষ্ট আৰু যাৰ লগত কৰ্ম কৰিলা তেৱোঁ সন্তুষ্ট। যদি দুয়ো সন্তুষ্ট তেন্তে বুজিবা
কৰ্মৰ পুঁজি জমা হ’ল। যদি নিজে বা যাৰ সৈতে সম্বন্ধ আছে, তাত সন্তুষ্ট নহ’ল তেতিয়া
জমা নহয়।
বাপদাদাই সকলো
সন্তানক সময়ৰ সূচনাও দি থাকে। এই বৰ্তমান সংগমৰ সময় গোটেই কল্পত শ্ৰেষ্ঠতকৈও
শ্ৰেষ্ঠ হৈছে সময় কিয়নো এই সংগমেই শ্ৰেষ্ঠ কৰ্মৰ বীজ বোৱাৰ সময়। প্ৰত্যক্ষ ফল
প্ৰাপ্ত কৰাৰ সময়। এই সংগমৰ সময়ত এটি এটি চেকেণ্ড শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ হয়। সকলোৱে
এক চেকেণ্ডত অশৰীৰী স্থিতিত স্থিত হ’ব পাৰানে? বাপদাদাই সহজ বিধি শুনালে যে নিৰন্তৰ
স্মৃতিৰ বাবে এটা বিধি ৰচা – গোটেই দিনটোত দুটা শব্দ সকলোৱে কোৱা আৰু অনেক বাৰ কোৱা
সেই শব্দ দুটা হ’ল ‘মই’ আৰু ‘মোৰ’। যেতিয়া ‘মই’ শব্দটি কোৱা তেতিয়া পিতাই পৰিচয় দি
দিলে যে মই আত্মা। যেতিয়াই ‘মই’ শব্দ কোৱা তেতিয়া এয়া স্মৃতিলৈ আনিবা যে মই আত্মা।
কেৱল ‘মই’ বুলি নাভাবিবা, মই আত্মা, এয়া লগতে ভাবা কিয়নো তোমালোকেতো জানাই নহয় যে
মই শ্ৰেষ্ঠ আত্মা হওঁ, পৰমাত্ম প্ৰতিপালনেৰে পালিত আত্মা আৰু যেতিয়া ‘মোৰ’ শব্দটি
কোৱা তেন্তে মোৰ কোন? মোৰ বাবা অৰ্থাৎ পিতা পৰমাত্মা। যেতিয়াই মই আৰু মোৰ শব্দ কোৱা
সেই সময়ত এয়া সংযোগ কৰা, মই আত্মা আৰু মোৰ বাবা। যিমান পিতাৰ প্ৰতি মোৰ বোধ আনিবা
সিমান স্মৃতি সহজ হৈ গৈ থাকিব কিয়নো যিটো মোৰ সেয়া কেতিয়াও পাহৰা নাযায়। গোটেই
দিনটোতে চোৱা মোৰেই মনলৈ আহে। সেয়েহে এইটো বিধিৰে সহজে নিৰন্তৰ যোগী হ’ব পাৰিবা।
বাপদাদাই প্ৰত্যেক সন্তানক স্বমানৰ আসনত বহুৱাইছে। স্বমানৰ তালিকা যদি স্মৃতিলৈ আনা
তেন্তে কি়মান দীঘল তালিকা হয়! কিয়নো স্বমানত স্থিত হৈ থাকিলে দেহ-অভিমান আহিব
নোৱাৰে। হয় দেহ অভিমান থাকে নতুবা স্বমান থাকে। স্বমানৰ অৰ্থই হ’ল– স্ব অৰ্থাৎ
আত্মাৰ শ্ৰেষ্ঠ স্মৃতিৰ স্থান। তেন্তে সকলো নিজৰ স্বমানত স্থিৰ হৈ আছানে? যিমানে
স্বমানত স্থিৰ হৈ থাকিবা সিমানে আনক সন্মান দিয়া স্বতঃ হৈ যায়। তেন্তে স্ব-মানত
স্থিত হৈ থকাটো কিমান সহজ!
তেন্তে সকলো আনন্দময়ী
হৈ থাকানে? কিয়নো আনন্দময়ী হৈ থাকোঁতাসকলে আনকো আনন্দময়ী কৰি তোলে। বাপদাদাই সদায়
কয় যে গোটেই দিনটোত কেতিয়াও আনন্দ হেৰুৱাই নেপেলাবা? কিয়? আনন্দ এনেকুৱা বস্তু যে
একমাত্ৰ আনন্দতে স্বাস্থ্যও আছে, সম্পত্তিও আছে আৰু সুখো আছে। আনন্দ নাথাকিলে তেন্তে
জীৱন নিৰস হৈ যায়। আনন্দৰ ক্ষেত্ৰতে কোৱা হয় – “আনন্দৰ দৰে একো সম্পদ নাই”। যিমানেই
সম্পদ নাথাকক কিন্তু যদি আনন্দ নাই তেন্তে সম্পদৰ পৰাও প্ৰাপ্তি কৰিব নোৱাৰা।
আনন্দৰ বাবে কোৱা হয়- “আনন্দৰ দৰে কোনো পথ্য নাই”। গতিকে সম্পদো হৈছে আনন্দ আৰু
আনন্দ স্বাস্থ্যও হয় আৰু নামেই যদি আনন্দ তেন্তে সুখতো আছেই। গতিকে আনন্দত তিনিওটা
বস্তুৱেই আছে। আৰু পিতাই অবিনাশী আনন্দৰ সম্পদ দিছে, পিতাৰ সম্পদ নেহেৰুৱাবা। তেন্তে
সদায় আনন্দিত হৈ থাকানে?
বাপদাদাই ঘৰত কৰিবলৈ
কাম দিলে গতিকে আনন্দিত হৈ থাকিব লাগে আৰু আনন্দ বিলাব লাগে কিয়নো আনন্দ এনেকুৱা
বস্তু যে যিমানে বিলাবা সিমানেই নিজৰ বাঢ়িব। অনুভৱ কৰি চাইছানে! অনুভৱ কৰিছা নহয়?
যদি আনন্দ বিলোৱা তেন্তে বিলোৱাৰ পূৰ্বে নিজৰ ওচৰত বাঢ়ে। আনন্দিত কৰোঁতাজনৰ পূৰ্বে
নিজেই আনন্দিত হয়। গতিকে সকলোৱে ঘৰৰ কাম কৰিলা নহয়। কৰিলানে? যিসকলে কৰিলে তেওঁলোকে
হাত দাঙা। যিসকলে কৰিছে - আনন্দিত হৈ থাকিব লাগে, কাৰণ নহয় নিবাৰণ কৰিব লাগে,
সমাধান স্বৰূপ হ’ব লাগে। হাত দাঙা। এতিয়া এনেকৈতো নক’বা নহয় যে এইটো হৈ গ’ল!
বাপদাদালৈ অনেক সন্তানে নিজৰ ফলাফলো লিখি পঠিয়াইছে যে মই কিমান শতাংশ ঠিকে থাকিলোঁ।
আৰু লক্ষ্য ৰাখিলে তেতিয়া লক্ষ্যৰ দ্বাৰা লক্ষণ স্বতঃ আহে। বাৰু।
ডবল বিদেশী
ভ্ৰাতৃ-ভগ্নীসকলৰ প্ৰতি:-
বিদেশীসকলৰ নিজৰ আচল
বিদেশতো নাপাহৰা নহয়। প্ৰকৃততে তোমালোক কোন দেশৰ, সেয়াতো স্মৃতিত থাকে নহয় সেইবাবে
সকলোৱে তোমালোকক ডবল বিদেশী বুলি কয়। কেৱল বিদেশী নহয়, ডবল বিদেশী। গতিকে তোমালোকৰ
নিজৰ মৰমৰ ঘৰক নাপাহৰা চাগৈ। গতিকে ক’ত থাকা? বাপদাদাৰ অন্তৰৰ আসনধাৰী হোৱা নহয়।
বাপদাদাই কয় যেতিয়া কোনো সৰু-বৰ সমস্যা আহে, সমস্যা নহয় কিন্তু আগবাঢ়ি যোৱাৰ কাকত।
গতিকে বাপদাদাৰ অন্তৰ আসনতো তোমালোকৰ অধিকাৰ হয়। অন্তৰ আসনধাৰী হৈ যোৱা তেতিয়া
সমস্যা খেলাৰ সামগ্ৰী হৈ যাব। সমস্যাৰ প্ৰতি চিন্তিত নোহোৱা, খেলিবা। খেলাৰ সামগ্ৰী।
সকলো উৰন্ত কলাধাৰী হোৱা নহয়? উৰন্ত কলাধাৰী হোৱানে? নে পদাতিক হোৱা? উৰোঁতা হোৱা
নে পদাতিক হোৱা। যিসকল উৰোঁতা হোৱা তেওঁলোকে হাত দাঙা। উৰোঁতা। আধা আধা হাত দাঙি আছে।
উৰোঁতা হোৱানে? বাৰু। কেতিয়াবা কেতিয়াবা উৰিবলৈ এৰা নেকি? চলি আছো নহয়, বহুতে
বাপদাদাক কয় বাবা মই বহুত ভালদৰে চলি আছো। তেতিয়া বাপদাদাই কয় চলি আছা নে উৰি আছা?
এতিয়া চলনৰ সময় নহয়, উৰাৰ সময়। উৎসাহ-উদ্দীপনাৰ, সাহসৰ ডেউকা প্ৰত্যেকৰে লাগি আছে।
গতিকে ডেউকাৰে উৰিব লাগে। গতিকে নিতৌ পৰীক্ষা কৰা, উৰন্ত কলাত উৰি আছোনে? ভাল কথা,
ফলাফলত বাপদাদাই দেখিছে যে সেৱাকেন্দ্ৰ বিদেশতো বৃদ্ধি পাই আছে। আৰু বৃদ্ধি হৈ
গৈয়েই থাকিব। যেনেকৈ ডবল বিদেশী আছে তেনেকৈ ডবল সেৱা মনেৰেও, বাণীৰেও একেলগে কৰি গৈ
থাকা। মনৰ শক্তিৰ দ্বাৰা আত্মাৰ আত্মিক বৃত্তি গঢ়া। বায়ুমণ্ডল সৃষ্টি কৰা। এতিয়া
দুখ বৃদ্ধি হোৱা দেখি দয়া নাজাগেনে? তোমালোকৰ জড় চিত্ৰৰ আগত চিঞঁৰি থাকে, দয়া কৰা,
দয়া কৰা, এতিয়া দয়ালু কৃপালো দয়াশীল হোৱা। নিজৰ ওপৰতো দয়া কৰা আৰু আত্মাৰ ওপৰতো দয়া
কৰা। ভাল কথা - প্ৰতিটো ছিজনত, প্ৰতিটো পালত আহি যায়। ইয়াত সকলো আনন্দিত হয়। গতিকে
উৰি থাকা আৰু উৰুৱাই থাকা। ভাল কথা, ফলাফলত দেখা গৈছে যে এতিয়া নিজক পৰিৱৰ্তন কৰাৰ
ক্ষেত্ৰতো দ্ৰুত গতিত গৈ আছে। গতিকে নিজৰ পৰিৱৰ্তনৰ গতিয়ে বিশ্ব পৰিৱৰ্তনৰ গতি
বৃদ্ধি কৰে। ভাল বাৰু।
যিসকল প্ৰথম বাৰ আহিছে
তেওঁলোক উঠা:-
তোমালোক সকলোকে
ব্ৰাহ্মণ জন্মৰ অভিনন্দন। ভাল মিঠাইতো পাবা কিন্তু বাপদাদাই অন্তৰ আনন্দিত কৰা
মিঠাই খুৱাই আছে। প্ৰথম বাৰ মধুবনলৈ অহাৰ এই অন্তৰ আনন্দিত কৰা মিঠাই সদায় স্মৃতিত
ৰাখিবা। সেই মিঠাইতো মুখত দিলা আৰু শেষ হৈ যাব কিন্তু এই অন্তৰ আনন্দিত কৰা মিঠাই
সদায় লগত থাকিব। ভাল কথা আহিলা, বাপদাদা আৰু সমগ্ৰ পৰিয়াল দেশ-বিদেশত তোমালোকৰ নিজৰ
ভাই-ভনীসকলক দেখি আনন্দিত হৈ আছে। সকলোৱে দেখি আছে, আমেৰিকায়ো দেখি আছে তেনেকৈ
আফ্ৰিকায়ো দেখি আছে, ৰাছিয়ানসকলেও দেখি আছে, লণ্ডনৰ সকলেও দেখি আছে, 5টা খণ্ডই দেখি
আছে। গতিকে জন্মদিনৰ তোমালোক সকলোলৈকে তাত বহি বহি শুভেচ্ছা জনাইছে। ভাল বাৰু।
বাপদাদাৰ আত্মিক ড্ৰিল মনত আছে নহয়! এতিয়া বাপদাদাই সকলো সন্তানৰ পৰা লাগিলে নতুন
হওঁক, পুৰণি হওঁক, সৰু হওঁক বা ডাঙৰ হওঁক, সৰু আৰুহে পিতাৰ সমান সোনকালে হ’ব পাৰে।
গতিকে এতিয়া চেকেণ্ডত য’তেই মন একাগ্ৰ কৰিব বিচৰা তাত মন একাগ্ৰ হৈ যাওঁক। এই
একাগ্ৰতাৰ ড্ৰিল সদায় কৰি যোৱা। এতিয়া এক চেকেণ্ডত মনৰ মালিক হৈ “মই আৰু মোৰ” বাবাই
সংসাৰ, দ্বিতীয় কোনো নাই, এইটো একাগ্ৰ স্মৃতিত স্থিৰ হৈ যোৱা। বাৰু।
চাৰিওফালৰ সকলো তীব্ৰ
পুৰুষাৰ্থী সন্তানসকলক সদায় উৎসাহ-উদ্দীপনাৰ ডেউকাৰে উৰন্ত কলাৰ অনুভৱী স্বৰূপ
সন্তানসকলক, সদায় নিজৰ স্ৱ-মানৰ আসনত স্থিৰ হৈ থকা সন্তানসকলক, সদায় দয়াশীল হৈ
বিশ্বৰ আত্মাসকলক মনৰ শক্তিৰ দ্বাৰা কিবা নহয় কিবা অঞ্জলি সুখ-শান্তি দিওঁতা দয়ালু,
কৃপালু সন্তানসকলক, সদায় পিতাৰ স্নেহত অন্তৰ্নিহিত হৈ থকা সন্তানসকলক, বাপদাদাৰ
স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।
বাৰু - সকলো বহুত
বহুত বহুত আনন্দিত, আনন্দিত হোৱানে! বহুত আনন্দিত হোৱানে? কিমান বহুত? গতিকে সদায়
এনেকৈ থাকিবা। যিয়েই হৈ যায় হ’বলৈ দিয়া, এতিয়া আনন্দিত হৈ থাকিব লাগে। আমি উৰিব লাগে,
কোনেও তললৈ আনিব নোৱাৰে। দৃঢ়নে! দৃঢ় প্ৰতিজ্ঞা কৰিছানে? কিমান দৃঢ়? বচ্, আনন্দিত হৈ
থাকা, সকলোকে আনন্দ দিয়া। কোনো কথাত ভাল নালাগিলেও আনন্দক নেহেৰুৱাবা। পৰিস্থিতি
পাৰ কৰা, আনন্দ যাতে আঁতৰি নাযায়। পৰিস্থিতিতো অন্ত হ’বই কিন্তু আনন্দতো লগত যাব
নহয়। গতিকে যি লগত যাব তাক এৰি দিয়া আৰু যি আঁতৰিবলগীয়া সেই আঁতৰিবলগীয়াক লগত ৰাখি
থোৱা। এইটো নকৰিবা। অমৃতবেলা নিতৌ প্ৰথমে নিজেই নিজক আনন্দৰ পথ্য খুৱাবা। বাৰু।
বৰদান:
মধুৰ শান্তিৰ
স্নেহত লীন স্থিতিৰ দ্বাৰা নষ্টোমোহা সমৰ্থ স্বৰূপ হোৱা
দেহ, দেহৰ সম্বন্ধ,
দেহৰ সংস্কাৰ, ব্যক্তি অথবা বৈভৱ, বায়ুমণ্ডল, প্ৰকম্পন সকলো থকা সত্ত্বেও নিজৰ ফালে
যাতে আকৰ্ষিত নকৰে। জগতৰ লোকে চিঞঁৰি থাকিব আৰু তোমালোক অবিচলিত হৈ থাকা। প্ৰকৃতি,
মায়া সকলোৱে অন্তিম বাজী লগাবৰ বাবে নিজৰ ফালে যিমানেই টানক কিন্তু তোমালোক অনাসক্ত
আৰু পিতাৰ স্নেহী হোৱাৰ স্থিতিত স্নেহত লীন হৈ থাকা - ইয়াকে কোৱা হয় দেখিও নেদেখা,
শুনিও নুশুনা। এয়াই হৈছে মধুৰ শান্ত স্বৰূপ স্নেহত লীন স্থিতি, যেতিয়া এনেকুৱা
স্থিতি হ’ব তেতিয়া নষ্টোমোহা সমৰ্থ স্বৰূপৰ বৰদানী আত্মা বুলি কোৱা হ’ব।
স্লোগান:
পৱিত্ৰ হংস হৈ
অৱগুণ ৰূপী পাথৰ এৰি গুণ ৰূপী মুকুতা বোটলি গৈ থাকা।
অব্যক্ত সংকেত:
সহজযোগী হ'বলৈ হ’লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা
জ্বালা-ৰূপ হ’বৰ কাৰণে
এইটোৱে নিচা সদায় থাকিব লাগে যে এতিয়া ঘৰলৈ উভতি যাব লাগে। যাব লাগে অৰ্থাৎ অনাসক্ত।
যিহেতু নিজৰ নিৰাকাৰী ঘৰলৈ যাব লাগে সেয়েহে তেনেকুৱা ভেশ ধৰিব লাগে। গতিকে যাব লাগে
আৰু সকলোকে উভতাই লৈ যাব লাগে - এইটো স্মৃতিৰে স্বতঃ সৰ্ব-সম্বন্ধ, সৰ্ব প্ৰকৃতিৰ
আকৰ্ষণৰ পৰা অনাসক্ত অৰ্থাৎ সাক্ষী হৈ যাবা। সাক্ষী হ’লে সহজে পিতাৰ সংগী অথবা
পিতাৰ সমান হৈ যাবা।
সূচনা:- আজি
মাহৰ তৃতীয় ৰবিবাৰ, সকলো ৰাজযোগী তপস্বী ভাতৃ-ভগ্নীয়ে সন্ধ্যা 6.30 বজাৰ পৰা 7.30
বজালৈ, বিশেষ যোগ অভ্যাসৰ সময়ত নিজৰ আকাৰী ফৰিস্তা স্বৰূপত স্থিত হৈ, ভক্তসকলৰ
কাতৰোক্তি শুনক আৰু উপকাৰ কৰক। মাষ্টৰ দয়ালু, কৃপালু হৈ সকলোকে দয়াৰ দৃষ্টি দিয়া।
মুক্তি-জীৱনমুক্তিৰ বৰদান দিয়ক।