22.04.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক সঠিক ৰূপত পিতাৰ স্মৃতিত থাকিলে তোমালোকৰ চেহেৰা সদায় উজ্জ্বল আনন্দময় হৈ
থাকিব”
প্ৰশ্ন:
স্মৃতিত বহাৰ
বিধি কোনটো আৰু তাৰ পৰা কি কি লাভ হয়?
উত্তৰ:
যেতিয়া স্মৃতিত বহা তেতিয়া বুদ্ধিৰে সকলো পেছাগত কাম-কাজ আদিৰ পঞ্চায়ত (মেৰপাক)
পাহৰি নিজক দেহী (আত্মা) বুলি বুজা। দেহ আৰু দেহৰ সম্বন্ধৰ জাল বৰ বিশাল, সেই জাল
গিলি দেহ-অভিমানৰ পৰা উৰ্দ্ধত গুচি যোৱা অৰ্থাৎ তুমি মৰিলা মানে তোমাৰ কাৰণে জগতখন
মৰি গ’ল। জীৱন্তে সকলো পাহৰি এজন পিতাৰ স্মৃতিত থকা, এয়া হ’ল অশৰীৰী অৱস্থা, ইয়াৰ
দ্বাৰা আত্মাৰ মামৰ আঁতৰি যাব।
ওঁম্শান্তি।
সন্তানসকল
স্মৃতিৰ যাত্ৰাত বহি আছে, যাক কোৱা হয় যোগাভ্যাস বা শান্তিত বহি আছে। কেৱল শান্তিত
নবহে, কিবা কৰি আছে। স্বধৰ্মত স্থিৰ হৈ আছে। কিন্তু যাত্ৰাতো আছা। এই যাত্ৰা
শিকাওঁতা পিতাই লগত লৈও যায়। তেওঁলোক হৈছে পাৰ্থিৱ ব্ৰাহ্মণ, যিয়ে লগত লৈ যায়।
তোমালোক হৈছা আত্মিক ব্ৰাহ্মণ, ব্ৰাহ্মণৰ বৰ্ণ অথবা কুল বুলি ক’ব। এতিয়া সন্তানসকল
স্মৃতিৰ যাত্ৰাত বহি আছা অন্য সৎসংগত বহিলে গুৰুৰ স্মৃতি আহিব। গুৰু আহি প্ৰৱচন
শুনাব। সেয়া হ’ল সকলো ভক্তিমাৰ্গ। এয়া হৈছে স্মৃতিৰ যাত্ৰা, যাৰ দ্বাৰা বিকৰ্ম
বিনাশ হয়। তোমালোক স্মৃতিত বহা, মামৰ অৰ্থাৎ পাপ আঁতৰাবলৈ। পিতাৰ নিৰ্দেশনা হৈছে
স্মৃতিৰে পাপ আঁতৰিব কিয়নো পতিত-পাৱন মইহে হওঁ। মই কোনোবাই স্মৰণ কৰা বাবে নাহোঁ।
মোৰ অহাটোও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। যেতিয়া পতিত সৃষ্টি সলনি হৈ পৱিত্ৰ সৃষ্টি
হ’বৰ হয়, আদি সনাতন দেৱী-দেৱতা ধৰ্ম যিটো প্ৰায় লোপ হৈ গ’ল, তাৰ প্ৰতিষ্ঠা পুনৰাই
ব্ৰহ্মাৰ দ্বাৰা কৰে। যিগৰাকী ব্ৰহ্মাৰ কাৰণেহে বুজাইছে – ব্ৰহ্মাৰ পৰা বিষ্ণু
ছেকেণ্ডত হয়। আকৌ বিষ্ণুৰ পৰা ব্ৰহ্মা হ’বলৈ 5 হাজাৰ বছৰ লাগে। এয়াও বুদ্ধিৰে
বুজিবলগীয়া কথা। তোমালোক যি শূদ্ৰ আছিলা, এতিয়া ব্ৰাহ্মণ বৰ্ণত আহিছা। তোমালোক
ব্ৰাহ্মণ হ’লে তেতিয়া শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা তোমালোকক এই স্মৃতিৰ যাত্ৰা শিকায়,
খাদ আঁতৰাবৰ কাৰণে। এই ৰচনাৰ চক্ৰ কেনেকৈ ঘূৰে সেয়াতো বুজিলা। ইয়াত কোনো দেৰি নহয়।
এতিয়া হয়ো যথাযথ কলিযুগ। তেওঁলোকে কেৱল কয় – কলিযুগৰ এতিয়া আৰম্ভণি আৰু পিতাই কয়
কলিযুগৰ অন্ত। ঘোৰ অন্ধকাৰ। পিতাই কয়, তোমালোকক এই সকলো বেদ শাস্ত্ৰৰ সাৰ বুজাওঁ।
তোমালোক সন্তানসকল
ৰাতিপুৱা যেতিয়া ইয়াত বহা তেতিয়া স্মৃতিত বহিব লাগে। নহ’লে মায়াৰ ধুমুহা আহিব।
পেছাগত কাম-কাজৰ ফালে বুদ্ধিযোগ যাব। এয়া সকলো বাহিৰৰ পঞ্চায়ত (মেৰপাক) নহয় জানো।
যেনেকৈ মকৰাই কিমান জাল পাতে। সকলোবোৰ গিলিও পেলায়। দেহৰ কিমান জঞ্জাল আছে। ককা,
খুড়া, মামা, গুৰু গোঁসাই… কিমান জাল দেখিবলৈ পোৱা যায়। দেহসহিত সেই সকলোবোৰ গিলিব
লাগে। অকল দেহী (আত্মা) হ’ব লাগে। মনুষ্যই শৰীৰ এৰে - তেতিয়া সকলোবোৰ পাহৰি যায়।
তুমি মৰিলা মানে তোমাৰ কাৰণে জগতখন মৰি গ’ল। এয়াতো বুদ্ধিত জ্ঞান আছে যে এই সৃষ্টি
নাশ হ’ব। পিতাই বুজায় – যাৰ মুখ নোখোলে তেওঁলোকে কেৱল স্মৰণ কৰা। যেনেকৈ এওঁ (ব্ৰহ্মাই)
পিতাক স্মৰণ কৰে। কইনাই পতিক স্মৰণ কৰে কিয়নো পতি পৰমেশ্বৰ হৈ যায়, সেইকাৰণে পিতাৰ
পৰা বুদ্ধি আঁতৰি পতিৰ ফালে গুচি যায়। এওঁতো পতিসকলৰো পতি, দৰা নহয় জানো। তোমালোক
সকলো হ’লা কইনা, ভগৱানৰ সকলোৱে ভক্তি কৰে। সকলো ভক্ত ৰাৱণৰ পহৰাত বন্দী হৈ আছে গতিকে
পিতাৰ নিশ্চয় দয়া উপজিব নহয়। পিতা দয়াশীল, তেওঁকেই দয়াশীল বুলি কোৱা হয়। এই সময়ত
গুৰুতো বহুত প্ৰকাৰৰ আছে। যিয়ে কিছু শিক্ষা দিয়ে, তেওঁক গুৰু বুলি কৈ দিয়ে। ইয়াততো
পিতাই কাৰ্যতঃ ৰাজযোগ শিকায়। এই ৰাজযোগ পৰমাত্মাৰ বাহিৰে কোনেও শিকাব নাজানিবই।
পৰমাত্মাহে আহি ৰাজযোগ শিকাইছিল। আকৌ তাৰ পৰা কি হ’ল? এইটো কোনেও গম নাপায়। ‘গীতা’ৰ
প্ৰমাণতো বহুত দিয়ে, কমবয়সীয়া কুমাৰীয়েও ‘গীতা’ মুখস্থ কৰি লয়, তেতিয়া কিবা নহয় কিবা
মহিমা হয়। ‘গীতা’ ক’তো হেৰাই যোৱা নাই। ‘গীতা’ৰ বহুত মহিমা আছে। ‘গীতা’ জ্ঞানেৰেই
পিতাই গোটেই সৃষ্টিক পুনৰুজ্জীৱিত কৰে। তোমালোকৰ কায়া (শৰীৰ) কল্পতৰু, কল্পবৃক্ষৰ
সমান অথবা অমৰ কৰি তোলে।
তোমালোক সন্তানসকল
পিতাৰ স্মৃতিত থাকা, বাবাৰ আৱাহন নকৰা। তোমালোক পিতাৰ স্মৃতিত থাকি নিজৰ উন্নতি কৰি
আছা। পিতাৰ নিৰ্দেশনা অনুসৰি চলিবলৈও চখ থাকিব লাগে। মই শিৱবাবাক স্মৰণ কৰিহে ভোজন
গ্ৰহণ কৰিম। তাৰমানে শিৱবাবাৰ লগত খায়। কাৰ্যালয়তো কিছু নহয় কিছু সময় পোৱা যায়।
বাবালৈ লিখে, চকীত বহে তেতিয়া স্মৃতিত বহি যায়। বিষয়া আহি দেখে, তেওঁ বহি বহি বিভোৰ
হৈ যায় অৰ্থাৎ অশৰীৰী হৈ যায়। কিছুমানৰ চকু বন্ধ হৈ যায়, কাৰোবাৰ খোলা থাকে। কোনোবা
এনেকৈ বহে যেন একোৱেই নেদেখে। যেন বিভোৰ হৈ যায়। এনেকুৱা এনেকুৱা হয়। বাবাই ৰচী টানি
ল'লে আৰু মতলীয়া হৈ বহি আছে। তেওঁক যদি সোধে যে তোমাৰ কি হ'ল? ক'ব - মইতো পিতাৰ
স্মৃতিত বহি আছিলোঁ। বুদ্ধিত থাকে মই বাবাৰ ওচৰলৈ যাব লাগে। পিতাই কয়, আত্ম সচেতন
হ'লে তোমালোক মোৰ ওচৰলৈ আহি যাবা। তালৈ পৱিত্ৰ নোহোৱাকৈ জানো যাব পাৰিব। এতিয়া
পৱিত্ৰ কেনেকৈ হ’বা? সেয়া পিতাইহে ক'ব পাৰে। মনুষ্যই ক'ব নোৱাৰে। তোমালোকে কিবা নহয়
কিবা বুজি পালে তেতিয়া আনৰো কল্যাণ কৰিবা। তোমালোকে কাৰোবাৰ কল্যাণ কৰিবলৈ, পিতাৰ
পৰিচয় দিবলৈ পুৰুষাৰ্থ নিশ্চয় কৰিব লাগে। ভক্তিমাৰ্গতো “হে ঈশ্বৰ পিতা” বুলি কৈ
স্মৰণ কৰে। ঈশ্বৰ পিতা দয়া কৰক। আৱাহন কৰাটো এটা অভ্যাস হৈ গৈছে। পিতাই তোমালোক
সন্তানসকলক নিজৰ সমান কল্যাণকাৰী কৰি তোলে। মায়াই সকলোকে কিমান অবোধ কৰি দিলে।
লৌকিক পিতায়ো সন্তানৰ চাল-চলন ঠিক নেদেখিলে তেতিয়া কয় যে তুমিতো অবোধ। এটা বছৰতে
পিতাৰ গোটেই সম্পত্তি উৰাই দিয়ে। গতিকে বেহদৰ পিতায়ো কয়, তোমালোকক কি কৰি তুলিছিলোঁ,
এতিয়া নিজৰ চাল-চলনতো চোৱা। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা এইখন কেনেকুৱা
আচৰিত খেল। ভাৰতৰ কিমান পতন হৈ যায়। ভাৰতবাসীৰ পতন। তেওঁলোকে নিজক এনেকৈ নুবুজে যে
আমি পতিত হ’লোঁ, আমি কলিযুগী তমোপ্ৰধান হ’লোঁ। ভাৰত স্বৰ্গ আছিল অৰ্থাৎ মনুষ্য
স্বৰ্গবাসী আছিল, সেইসকল মনুষ্যই এতিয়া নৰকবাসী। এই জ্ঞান কাৰোৰে নাই। এই বাবায়ো
নাজানিছিল। এতিয়া বুদ্ধিত চমৎকাৰ হৈ গ'ল। 84 জন্ম লৈ লৈ ছিৰিতো নিশ্চয় নামিব লাগিব,
ওপৰলৈ উঠাৰ ঠাইও নাই। নামি নামি পতিত হ'ব লাগে। এইটো কথা কাৰো বুদ্ধিত নাই। পিতাই
তোমালোক সন্তানসকলক বুজাইছে, তোমালোকে পুনৰ ভাৰতবাসীক বুজোৱা যে আপোনালোক স্বৰ্গবাসী
আছিল এতিয়া নৰকবাসী হ'ল। 84 জন্মও আপোনালোকে লৈছে। পুনৰ্জন্মকতো মানে নহয়। তেন্তে
নিশ্চয় তললৈ নামিব লাগে। কিমান পুনৰ্জন্ম লৈছে সেয়াও পিতাই বুজাইছে। এই সময়ত
তোমালোকে অনুভৱ কৰা, আমি পাৱন দেৱী-দেৱতা আছিলোঁ পুনৰ ৰাৱণে পতিত কৰিলে। পিতা আহি
শূদ্ৰৰ পৰা দেৱতা কৰি গঢ়ি তুলিবলৈ পঢ়াবলগীয়া হয়। পিতাক মুক্তিদাতা, মাৰ্গ-দৰ্শক বুলি
কয়, কিন্তু অৰ্থ বুজি নাপায়। এতিয়া সেই সময় সোনকালে আহিব যেতিয়া সকলোৱে গম পাব, চোৱা
কিহৰ পৰা কি হৈ গ'ল! ড্ৰামা কেনেকৈ ৰচি থোৱা আছে, কাৰো সপোনতো নাছিল যে আমি
লক্ষ্মী-নাৰায়ণৰ দৰে হ'ব পাৰোঁ। পিতাই কিমান স্মৃতিত লৈ আহে। এতিয়া পিতাৰ পৰা
উত্তৰাধিকাৰ ল'ব লাগে তেন্তে শ্ৰীমতত চলিব লাগে। স্মৃতিৰ যাত্ৰাৰ অভ্যাস কৰিব লাগে।
তোমালোকে জানা যে ধৰ্মযাজকসকল খোজকাঢ়িবলৈ যায়, কিমান শান্তিৰে যায়। তেওঁলোক
যীশুখ্ৰীষ্টৰ স্মৃতিত থাকে। তেওঁলোকৰ যীশুখ্ৰীষ্টৰ প্ৰতি প্ৰেম আছে। তোমালোক আত্মিক
পাণ্ডাসকলৰ প্ৰীতি বুদ্ধি হৈছে পৰমপ্ৰিয় পৰমপিতা পৰমাত্মাৰ লগত। সন্তানসকলে জানে,
পুৰুষাৰ্থৰ ক্ৰম অনুসৰি কল্প পূৰ্বৰ দৰে ৰাজধানী নিশ্চয় স্থাপন হ'ব, যিমান
পুৰুষাৰ্থ কৰি শ্ৰীমতত চলিবা। পিতাইতো বহুত ভাল ভাল মত দিয়ে। তথাপিও গ্ৰহচাৰী এনেকৈ
বহি যায় যে শ্ৰীমতত নচলেই। তোমালোকে জানা শ্ৰীমতত চলিলেহে বিজয় হ'ব। নিশ্চয়তাতে
বিজয় আছে। পিতাই কয় - তোমালোক মোৰ মতত চলা। কিয় এনেকৈ ভাবা যে এই ব্ৰহ্মাই মত দিয়ে?
সদায় বুজিবা যে শিৱবাবাই ৰায় দিয়ে। তেওঁতো সেৱাৰেই মত দিব। কোনোৱে কয়, বাবা এইটো
বেপাৰ কৰোঁনে? বাবাই কোনো এইবোৰ কথাৰ কাৰণে মত নিদিয়ে। পিতাই কয়, মই আহিছোঁ পতিতৰ
পৰা পাৱন কৰি তোলাৰ উপায় শুনাবলৈ, এইবোৰ কথাৰ কাৰণে নহয়। মোক আহ্বানো জনায় - হে
পতিত-পাৱন আহি আমাক পাৱন কৰি তোলক গতিকে মই তাৰ উপায় শুনাওঁ, বহুত সহজ। তোমালোকৰ
নামেই হৈছে গুপ্ত সেনা। তেওঁলোকে আকৌ অস্ত্ৰ বাণ আদি দেখুৱাইছে। কিন্তু ইয়াত বাণ
আদিৰ কোনো কথা নাই। এই সকলোবোৰ হৈছে ভক্তিমাৰ্গ।
পিতা আহি সঁচা মাৰ্গ
দেখুৱায় - যাৰ দ্বাৰা আধাকল্প তোমালোক সত্যখণ্ডলৈ গুচি যোৱা। তাত আন কোনো খণ্ড
নাথাকে। কাৰোবাক বুজালেও নামানে যে এয়া কেনেকৈ হ'ব পাৰে যে কেৱল ভাৰতহে আছিল।
যীশুখ্ৰীষ্টৰ 3 হাজাৰ বছৰৰ পূৰ্বে ভাৰত স্বৰ্গ আছিল, তেতিয়া আৰু কোনো ধৰ্ম নাছিল।
পুনৰ বৃক্ষ বৃদ্ধি হৈ গৈ থাকে। তোমালোকে কেৱল নিজৰ পিতাক, নিজৰ ধৰ্মক, কৰ্মক পাহৰি
গৈছা। যদি নিজক দেৱী-দেৱতা ধৰ্মৰ বুলি বুজিলেহেতেঁন তেন্তে লেতেৰা বস্তু একোৱেই
নাখালেহেতেঁন। কিন্তু খায় কিয়নো সেই গুণ নাই সেয়েহে নিজক হিন্দু বুলি কৈ দিয়ে।
নহ'লেতো লাজ পাব লাগে, আমাৰ জ্যেষ্ঠসকল ইমান পৱিত্ৰ আৰু আমি এনেকুৱা পতিত হৈ গলোঁ।
কিন্তু নিজৰ ধৰ্মক পাহৰি গ'ল। এতিয়া তোমালোকে ড্ৰামাৰ আদি-মধ্য-অন্তক ভালদৰে জানি
গ'লা। কিবা এনেকুৱা কথা থাকিলে তেন্তে তোমালোকে ক'ব পাৰা যে এইটো বিষয়ৰ ওপৰত পিতাই
এতিয়াও কোৱা নাই। বচ্। নহ'লে অকাৰণতে বিবুদ্ধিত পৰে। কোৱা, আমি পঢ়ি আছোঁ। সকলোবোৰ
যদি এতিয়াই জানি লয় তেন্তে বিনাশ হৈ যাব। কিন্তু নহয়। এতিয়াও সময় আছে। আমি পঢ়ি আছোঁ।
অন্তিমত সম্পূৰ্ণ পৱিত্ৰ হৈ যাম। পুৰুষাৰ্থৰ ক্ৰম অনুসৰি মামৰ আঁতৰি গৈ থাকিব তেতিয়া
সতোপ্ৰধান হৈ যাম। তেতিয়া এই পতিত সৃষ্টিৰ বিনাশ হৈ যাব। আজিকালি কয়ো যে পৰমাত্মা
ক’ৰবাত নিশ্চয় আহিছে। কিন্তু গুপ্ত। সময়তো যথাযথ বিনাশৰ নহয় জানো। পিতাহে মুক্তিদাতা,
মাৰ্গ-দৰ্শক যিয়ে উভতাই লৈ যাব, ম’হৰ দৰে মৰিব। এয়াও জানে, সকলোৱে একৰস হৈ স্মৃতিত
নবহে। কোনোবা যথাৰ্থভাৱে যোগযুক্ত হৈ থাকে, কাৰোবাৰ আধা ঘণ্টা, কাৰোবাৰ 15 মিনিট।
কিছুমানতো এক মিনিটো স্মৃতিত নাথাকে। কোনোবাই কয় - মই গোটেই সময় পিতাৰ স্মৃতিত থাকোঁ,
তেন্তে নিশ্চয় তেওঁৰ চেহেৰা উজ্জ্বল হৈ থাকিব। অতিন্দ্ৰীয় সুখ এনেকুৱা সন্তানসকলৰ
থাকে। ক’তো বুদ্ধি ভ্ৰমি নুফুৰে। তেওঁ সুখৰ অনুভূতি কৰিব। বুদ্ধিয়েও কয় এজন
প্ৰেমিকৰ স্মৃতিত বহি থাকিলে কিমান মামৰ আঁতৰি যাব। তেতিয়া অভ্যাস হৈ যাব। স্মৃতিৰ
যাত্ৰাৰে তোমালোক সৰ্বদা স্বাস্থ্যৱান, সৰ্বদা সম্পত্তিৱান হৈ যোৱা। চক্ৰও স্মৃতিত
আহি যায়। কেৱল স্মৃতিত থকাৰ ক্ষেত্ৰতে পৰিশ্ৰম হয়। বুদ্ধিত চক্ৰও ঘূৰি থাকিব।
এতিয়া তোমালোক মাষ্টৰ
বীজৰূপ হোৱা। স্মৃতিৰ লগতে স্বদৰ্শন চক্ৰও ঘূৰাব লাগে। তোমালোক ভাৰতবাসী হৈছা
লাইট-হাউচ। আধ্যাত্মিক লাইট-হাউচ সকলোকে ঘৰৰ মাৰ্গ-দৰ্শন কৰা। সেয়াও বুজাব লাগে নহয়।
তোমালোকে মুক্তি-জীৱনমুক্তিৰ ৰাস্তা দেখুওৱা সেয়েহে তোমালোক হৈছা আধ্যাত্মিক
লাইট-হাউচ। তোমালোকৰ স্বদৰ্শন চক্ৰ ঘূৰি থাকে। নাম লিখিব লাগে গতিকে বুজাবলগীয়াও হয়।
বাবাই বুজাই থাকে, তোমালোক সন্মুখত বহি আছা। যিসকল প্ৰিয়তমৰ লগত আছে তেওঁলোকৰ কাৰণে
সন্মুখত জ্ঞানৰ বৰ্ষা। সকলোতকৈ বেছি আনন্দ সন্মুখত থকাৰ। তাৰপাছত দ্বিতীয় নম্বৰত
হৈছে ‘টেপ’। তৃতীয় নম্বৰত মুৰুলী। শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা সকলো বুজায়। এৱোঁতো (ব্ৰহ্মায়োতো)
জানে নহয়। তথাপি তোমালোকে এনেকৈয়ে বুজা যে “শিৱবাবাই কয়”, এইটো নুবুজাৰ কাৰণে বহুত
অৱজ্ঞা কৰে। শিৱবাবাই যি কয়, সেয়া কল্যাণকাৰীয়েই হয়। যদি অকল্যাণো হৈ যায়, সেয়াও
কল্যাণলৈ সলনি হৈ যাব। ভাল বাৰু।
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ
প্ৰতিটো নিৰ্দেশনা অনুসৰি চলি নিজৰ উন্নতি কৰিব লাগে। এজন পিতাৰ সৈতে সঁচা প্ৰীতি
ৰাখিব লাগে। স্মৃতিত থাকিয়েই ভোজন ৰান্ধিব আৰু খাব লাগে।
(2) আধ্যাত্মিক
লাইট-হাউচ হৈ সকলোকে মুক্তি-জীৱনমুক্তিৰ ৰাস্তা দেখুৱাব লাগে। পিতাৰ সমান কল্যাণকাৰী
নিশ্চয় হ’ব লাগে।
বৰদান:
ঈশ্বৰীয়
সম্ভ্ৰমত স্থিৰ হৈ প্ৰতিটো কৰ্ম অতি অসাধাৰণ কৰি তোলোঁতা সকলো চিন্তাৰ পৰা মুক্ত
হোৱা
সদায় এইটো ঈশ্বৰীয়
সম্ভ্ৰমত থাকা যে মই বাপদাদাৰ নয়নৰ মণি, মোৰ নয়নত বা দৃষ্টিত কোনো বস্তু সমাহিত হ'ব
নোৱাৰে। এইটো সম্ভ্ৰমত থাকিলে ভিন্ন ভিন্ন প্ৰকাৰৰ চিন্তা স্বতঃ সমাপ্ত হৈ যাব। কোনো
ধৰণৰ অভিযোগ থাকিব নোৱাৰে। যিয়ে যিমান নিজৰ উচ্চ সম্ভ্ৰমত স্থিৰ হৈ থাকে তেওঁলোকৰ
মানো স্বতঃ প্ৰাপ্ত হয় আৰু তেওঁলোকৰ প্ৰতিটো কৰ্ম অসাধাৰণ হয়।
স্লোগান:
নিমিত্ত তেওঁ যিয়ে নিজৰ সকলো পিতাক হস্তান্তৰ কৰি দিয়ে।
অব্যক্ত ইংগিত: মহান
হ’বলৈ মধুৰতা আৰু নম্ৰতাৰ গুণ ধাৰণ কৰা
তোমালোকৰ প্ৰতিষাৰ
বাণীত মধুৰতা, সন্তুষ্টি, সৰলতাৰ নবীনতা থাকিব লাগে। ব্ৰাহ্মণ আত্মাসকলৰ বাণী
সাধাৰণ বাণী হ’ব নালাগে। এয়াই মহানতা আৰু এয়াই নবীনতা। মধুৰ বাণী, মধুৰ সংস্কাৰ,
মধুৰ স্বভাৱৰ দ্বাৰা আনৰো মুখ মিঠা কৰাই থাকা। “সদায় অক্লান্ত হোৱা আৰু মধুৰ হোৱা”ৰ
বৰদানেৰে আগবাঢ়ি, উৰি গৈ থাকা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]