22.09.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – নিজৰ অন্তৰত হাত ৰাখি সোধা যে বাবাই যি শুনায় সেয়া সকলো জানো মই আগতে জানিছিলোঁ, যি শুনিছা সেয়া অৰ্থ সহিত বুজি আনন্দিত হৈ থাকা”

প্ৰশ্ন:
তোমালোকৰ এই ব্ৰাহ্মণ ধৰ্মৰ সকলোতকৈ অধিক শক্তি আছে – সেয়া কি আৰু কেনেকৈ?

উত্তৰ:
তোমালোকৰ এই ব্ৰাহ্মণ ধৰ্ম এনেকুৱা যে শ্ৰীমতেৰে গোটেই বিশ্বৰ সৎগতি কৰি দিয়ে। ব্ৰাহ্মণেই গোটেই বিশ্বক শান্ত কৰি দিয়ে। তোমালোক ব্ৰাহ্মণ কুল ভূষণসকল দেৱতা সকলতকৈও উচ্চ, তোমালোকে পিতাৰ দ্বাৰা এইটো শক্তি পোৱা। তোমালোক ব্ৰাহ্মণসকল পিতাৰ সহায়কাৰী হোৱা, তোমালোকেই সকলোতকৈ ডাঙৰ পুৰস্কাৰ পোৱা। তোমালোক ব্ৰহ্মাণ্ডৰো মালিক আৰু বিশ্বৰো মালিক হোৱা।

ওঁম্শান্তি।
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা আত্মিক সন্তানসকলৰ প্ৰতি আত্মিক পিতাই বহি বুজায়। আত্মিক সন্তানসকলে জানে যে আত্মিক পিতা এবাৰেই প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত নিশ্চয় আহে। ‘কল্প’ নাম ৰাখি দিছে যিটো ক’বলগীয়া হয়। এই ড্ৰামাৰ অথবা সৃষ্টিৰ আয়ুস 5 হাজাৰ বছৰ, এই কথাবোৰ একমাত্ৰ পিতাইহে বহি বুজায়। এয়া কেতিয়াও কোনো মনুষ্যৰ মুখেৰে শুনিব নোৱাৰা। তোমালোক আত্মিক সন্তানসকল বহি আছা। তোমালোকে জানা যথাযথ আমাৰ অৰ্থাৎ সকলো আত্মাৰ পিতা তেওঁ এজনেই। পিতাইহে সন্তানসকলক বহি নিজৰ পৰিচয় দিয়ে। যিটো কোনো মনুষ্য মাত্ৰেই নাজানে। কোনেও নাজানে যে গড্‌ বা ঈশ্বৰ কি হয়, যিহেতু তেওঁক ‘গড্‌ ফাদাৰ’ পিতা বুলি কয় গতিকে তেওঁৰ প্ৰতি বহুত প্ৰেম থকা উচিত। বেহদৰ পিতা তেন্তে নিশ্চয় তেওঁৰ পৰা উত্তৰাধিকাৰো পোৱা যায়। ইংৰাজীত ভাল শব্দ কোৱা হয় – “হেভেনলি গড্‌ ফাদাৰ” (স্বৰ্গ স্থাপনা কৰোঁতা ঈশ্বৰ পিতা)। ‘হেভেন’ অৰ্থাৎ স্বর্গ বুলি কোৱা হয় নতুন সৃষ্টিক আৰু ‘হেল’ অৰ্থাৎ নৰক বুলি কোৱা হয় পুৰণি সৃষ্টিক। কিন্তু স্বৰ্গক কোনেও নাজানে। সন্ন্যাসীসকলেতো নামানেই। তেওঁলোকে কেতিয়াও এনেকৈ নকয় যে পিতা স্বৰ্গৰ ৰচয়িতা হয়। “হেভেনলি গড ফাদাৰ” - এই শব্দকেইটা বৰ মিঠা আৰু ‘হেভেন’ প্ৰসিদ্ধও হয়। তোমালোক সন্তানসকলৰ যিসকল সেৱাৰ যোগ্য তেওঁলোকৰ বুদ্ধিত ‘স্বৰ্গ’ আৰু ‘নৰক’ৰ গোটেই চক্ৰ, সৃষ্টিৰ আদি-মধ্য-অন্ত বুদ্ধিত ঘূৰি থাকে, সকলোৱেতো একৰস সেৱাধাৰী নহয়।

তোমালোকে পুনৰাই নিজৰ ৰাজধানী স্থাপনা কৰি আছা। তোমালোকে ক’বা আমি আত্মিক সন্তানসকল পিতাৰ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ মতত চলি আছোঁ। উচ্চতকৈও উচ্চ পিতাৰহে শ্ৰীমত। শ্ৰীমদ্ভাগৱত গীতাৰো গায়ন কৰা হৈছে। এইখন হৈছে প্ৰথম নম্বৰৰ শাস্ত্ৰ। পিতাৰ নাম শুনাৰ লগে লগে উত্তৰাধিকাৰ স্মৃতিত আহি যায়। এইখন সৃষ্টিত কোনেও নাজানে যে ঈশ্বৰ পিতাৰ পৰা কি পোৱা যায়। ‘প্ৰাচীন যোগ’ বুলি কয়। কিন্তু বুজি নাপায় প্ৰাচীন যোগ কোনে শিকালে? তেওঁলোকেতো শ্ৰীকৃষ্ণই শিকালে বুলিয়ে ক’ব কিয়নো ‘গীতা’ত শ্ৰীকৃষ্ণৰ নাম দি দিছে। তোমালোকে এতিয়া বুজি পোৱা যে পিতাইহে ৰাজযোগ শিকালে, যাৰ দ্বাৰা সকলোৱে মুক্তি-জীৱনমুক্তি পায়। এইটোও বুজি পোৱা যে ভাৰততহে শিৱবাবা আহিছিল, তেওঁৰ জয়ন্তীও পালন কৰে কিন্তু ‘গীতা’ত নাম লুপ্ত হোৱাৰ বাবে মহিমাও লুপ্ত হৈ গৈছে। যাৰ দ্বাৰা গোটেই সৃষ্টিয়ে সুখ-শান্তি লাভ কৰে, সেইজন পিতাক পাহৰি গৈছে। ইয়াক কোৱাই হয় "একমাত্ৰ ভুলৰ নাটক"। ডাঙৰতকৈও ডাঙৰ ভুল এইটোৱে যে পিতাক নাজানে। কেতিয়াবা কয় তেওঁ নাম-ৰূপৰ পৰা উৰ্দ্ধত আকৌ কয় কাছ-মাছৰ অৱতাৰ লয়। পাথৰ-শিলগুটি সকলোতে আছে। ভুলৰ পাছত ভুল হৈ গৈ থাকে। ছিৰি তললৈ নামি যায়। কলা কম হৈ যায়, তমোপ্ৰধান হৈ গৈ থাকে। ড্ৰামাৰ পৰিকল্পনা অনুসৰি যিজন পিতা স্বৰ্গৰ ৰচয়িতা হয়, যিজনে ভাৰতক স্বৰ্গৰ মালিক কৰি তুলিলে, তেওঁক পাথৰ-শিলগুটি সকলোতে আছে বুলি কৈ দিয়ে। পিতাই এতিয়া বুজায় তোমালোকে কেনেকৈ ছিৰি তললৈ নামি আহিছা, কোনেও একো গম নাপায়। ড্ৰামা কি, সুধি থাকে। এই সৃষ্টি কেতিয়া ৰচা হৈছিল? নতুন সৃষ্টি কেতিয়া আছিল তেতিয়া কৈ দিব লাখ লাখ বছৰ পূৰ্বে। এনেকৈ ভাবে যে পুৰণি সৃষ্টিৰতো এতিয়া বহুত বছৰ বাকী আছে, ইয়াক অজ্ঞান অন্ধকাৰ বুলি কোৱা হয়। গায়নো আছে - সৎগুৰুৱে জ্ঞান ৰূপী কাজল লগালে, অজ্ঞান-অন্ধকাৰ বিনাশ হ’ল। তোমালোকে বুজি পোৱা ৰচয়িতা পিতাই নিশ্চয় স্বর্গই ৰচনা কৰিব। পিতাহে আহি নৰকক স্বর্গ কৰি তোলে। ৰচয়িতা পিতাহে আহি সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান শুনায়। আহেও অন্তিমত। সময়তো লাগে নহয়। এয়াও সন্তানসকলক বুজাইছে জ্ঞানত ইমান সময় নালাগে, যিমান স্মৃতিৰ যাত্রাত লাগে। 84 জন্মৰ কাহিনী যেন এটা কাহিনীহে, আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে কাৰ ৰাজ্য আছিল, সেই ৰাজ্য ক'লৈ গ'ল ?

তোমালোক সন্তানসকলৰ এতিয়া গোটেই জ্ঞান আছে। তোমালোক হওঁতে কিমান সাধাৰণ অজামিলৰ দৰে পাপী, অহল্যাসকল, কুঁজাসকল, ভিলনীসকল (নীচ শ্ৰেণীৰ লোক) তেওঁলোকক কিমান উচ্চ কৰি তোলে। পিতাই বুজায় - তোমালোক কিহৰ পৰা কি হৈ গ'লা। পিতা আহি বুজায় - পুৰণি সৃষ্টিৰ অৱস্থা চোৱা এতিয়া কেনেকুৱা? মনুষ্যই একোৱে নাজানে যে সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰে? পিতাই কয় - তোমালোকে নিজৰ অন্তৰত হাত থৈ সোধা - আগতে এইবোৰ জানিছিলোঁনে? একোৱে জনা নাছিলা। এতিয়া জানা বাবা পুনৰ আহি আমাক বিশ্বৰ বাদশ্বাহী দিয়ে। কাৰো বুদ্ধিত উদয় নহ’ব যে বিশ্বৰ বাদশ্বাহী কি হয়। বিশ্ব মানে গোটেই সৃষ্টিখন। তোমালোকে জানা পিতাই আমাক এনেকুৱা ৰাজ্য দিয়ে যাক আমাৰ পৰা আধাকল্পলৈকে কোনেও কাঢ়ি নিব নোৱাৰে। গতিকে সন্তানসকল কিমান আনন্দিত হোৱা উচিত। পিতাৰ পৰা কিমান বাৰ ৰাজ্য লৈছা। পিতা সত্য, সৎ শিক্ষকো হয়, সৎগুৰুও হয়। কেতিয়াও শুনাই নাই। এতিয়া অৰ্থ সহিত তোমালোকে বুজি পোৱা। তোমালোক সন্তান হোৱা, পিতাকতো স্মৰণ কৰিব পাৰা। আজিকালি সৰু কালতে গুৰুৰ শৰণাপন্ন কৰি দিয়ে। গুৰুৰ চিত্ৰ তৈয়াৰ কৰিও ডিঙিত পিন্ধে বা ঘৰত ৰাখি থয়। ইয়াততো আচৰিত কথা - পিতা, শিক্ষক, সৎগুৰু সকলো এজনেই। পিতাই কয় - মই লগত লৈ যাম। তোমালোকক সুধিব কি পঢ়া? ক’বা, আমি নতুন সৃষ্টিত ৰাজ্য প্ৰাপ্ত কৰাৰ বাবে ৰাজযোগৰ পাঠ পঢ়োঁ। এয়া হয়েই ৰাজযোগ। যেনেকৈ বেৰিষ্টাৰ যোগ থাকে তেন্তে নিশ্চয় বুদ্ধিযোগ বেৰিষ্টাৰৰ ফালেই যাব। শিক্ষকক নিশ্চয় স্মৰণতো কৰিবই নহয়। তোমালোকে ক’বা - আমি স্বর্গৰ ৰাজ্য প্ৰাপ্ত কৰাৰ বাবেই পঢ়োঁ। কোনে পঢ়ায়? শিৱবাবা ভগৱানে। তেওঁৰ নামতো এটাই যিটো প্ৰচলিত হৈ আহিছে। ৰথৰ নামতো নাই। মোৰ নাম হয়েই শিৱ। পিতা শিৱ আৰু ৰথক ব্ৰহ্মা বুলি ক’ব। তোমালোকে এতিয়া জানা এয়া কিমান আশ্চৰ্যজনক কথা, শৰীৰতো এটাই। এওঁক ভাগ্যশালী ৰথ বুলি কিয় কয়? কিয়নো শিৱবাবা প্ৰৱেশ কৰে তেন্তে নিশ্চয় দুটা আত্মা হ’ল। এয়াও তোমালোকে জানা অন্য কাৰো এইটো খেয়ালো নাহে। এতিয়া দেখুৱায় ভাগীৰথে গঙ্গাক আনিলে। পানী আনিলে নেকি? তোমালোকে এতিয়া বাস্তৱত দেখিবলৈ পোৱা - কি আনিছে, কোনে আনিছে? কোনে প্ৰৱেশ কৰে? পিতাই কৰে নহয়। মনুষ্যৰ শৰীৰত জানো পানী প্ৰৱেশ কৰিব। জঁটাৰ পৰা পানী ওলাব জানো। এই কথাবোৰৰ ওপৰত মনুষ্যই কেতিয়াও খেয়ালো নকৰে। কোৱাই হয় - ধৰ্মই শক্তি। ধর্মত শক্তি থাকে। কোৱা, সকলোতকৈ বেছি কোনটো ধৰ্মৰ শক্তি আছে? (ব্ৰাহ্মণ ধৰ্মৰ), হয় এইটো ঠিক, যি কিছু শক্তি আছে সেয়া ব্ৰাহ্মণ ধৰ্মৰহে আছে, আৰু কোনো ধর্মত কোনো শক্তি নাই। তোমালোক এতিয়া ব্ৰাহ্মণ। ব্ৰাহ্মণসকলে শক্তি পায় পিতাৰ পৰা, যাৰ দ্বাৰা তোমালোক আকৌ বিশ্বৰ মালিক হোৱা। তোমালোকৰ কিমান অধিক শক্তি আছে। তোমালোকে ক’বা আমি ব্ৰাহ্মণ ধৰ্মৰ হওঁ। কাৰো বুদ্ধিত ধাৰণ নহ’ব। বিৰাট ৰূপো যদিও সাজিছে কিন্তু সেয়াও আধা। মুখ্য ৰচয়িতা আৰু তেওঁৰ প্ৰথম ৰচনাক কোনেও নাজানে। পিতা হৈছে ৰচয়িতা আকৌ ব্ৰাহ্মণ হৈছে টিকনি (আটাইতকৈ উচ্চ), ইয়াত শক্তি আছে। কেৱল পিতাক স্মৰণ কৰিলেই শক্তি পোৱা যায়। সন্তানসকলতো নিশ্চয় ক্ৰমানুসৰিয়ে হ'ব নহয়। তোমালোক হৈছা এই সৃষ্টিত সৰ্বোত্তম ব্ৰাহ্মণ কুল ভূষণ। দেৱতাসকলতকৈও উচ্চ। তোমালোকে এতিয়া শক্তি পোৱা। সকলোতকৈ অধিক শক্তি আছে ব্ৰাহ্মণ ধৰ্মত। ব্ৰাহ্মণে কি কৰে? গোটেই বিশ্বক শান্ত কৰি দিয়ে। তোমালোকৰ ধৰ্ম এনেকুৱা যে শ্ৰীমতৰ দ্বাৰা সকলোৰে সৎগতি কৰে। সেইবাবে পিতাই কয় - তোমালোকক নিজতকৈও উচ্চ কৰি তোলোঁ। তোমালোক ব্ৰহ্মাণ্ডৰো মালিক, বিশ্বৰো মালিক হোৱা। গোটেই বিশ্বত তোমালোকে ৰাজত্ব কৰিবা। এতিয়া গায় নহয় - ভাৰত আমাৰ দেশ। কেতিয়াবা মহিমাৰ গীত গায়, কেতিয়াবা আকৌ কয় ভাৰতৰ কি অৱস্থা…….। নাজানেই যে ভাৰত ইমান উচ্চ কেতিয়া আছিল! মনুষ্যইতো ভাবে স্বর্গ অথবা নৰক ইয়াতেই। যাৰ ধন গাড়ী-মটৰ আদি আছে, তেওঁলোক স্বৰ্গত আছে। এইটো বুজি নাপায় যে স্বৰ্গ বুলি নতুন সৃষ্টিকহে কোৱা হয়। ইয়াত সকলোবোৰ শিকিব লাগে। বিজ্ঞানৰ কলাও আকৌ তাত কামত আহে। এই বিজ্ঞানেও তাত সুখ দিয়ে। ইয়াততো এই সকলোবোৰৰ পৰা অল্পকালৰ সুখ পোৱা যায়। তাত তোমালোক সন্তানসকলৰ বাবে এয়া স্থায়ী সুখ হৈ যাব। ইয়াত সকলোবোৰ শিকিব লাগে যাৰ আকৌ সংস্কাৰ লৈ যাব। কোনো নতুন আত্মা নাহে, যিয়ে শিকিব। ইয়াৰ সন্তানেই বিজ্ঞানৰ কৌশল শিকি তালৈ যায়। বহুত বুদ্ধিমান হৈ যাব। সকলো সংস্কাৰ লৈ যাব আকৌ তাত কামত আহিব। এতিয়া হৈছে অল্পকালৰ সুখ। পাছত এই বোমা আদিয়েই সকলোৰে নাশ কৰি দিব। মৃত্যু অবিহনে শান্তিৰ ৰাজ্য কেনেকৈ হ’ব। ইয়াততো অশান্তিৰ ৰাজ্য। এয়াও তোমালোকৰ মাজত ক্ৰমানুসৰি আছে যিয়ে বুজি পায়, আমি প্ৰথমতে নিজৰ ঘৰলৈ যাম আকৌ সুখধামলৈ আহিম। সুখত পিতাতো নাহেই। পিতাই কয় - মোকো বানপ্ৰস্থ ৰথ লাগে নহয়। ভক্তিমাৰ্গতো সকলোৰে কামনাবোৰ পূৰণ কৰি আহিছোঁ। বাৰ্তাবাহকসকলকো দেখুৱাইছোঁ - কেনেকৈ ভক্তসকলে তপস্যা পূজা আদি কৰে, দেৱীসকলক সজাই, পূজা আদি কৰি আকৌ সমুদ্ৰত ডুবাই দিয়ে। কিমান খৰচ হয়। সোধা এয়া কেতিয়াৰ পৰা আৰম্ভ হৈছে? তেতিয়া ক’ব পৰম্পৰাগতভাৱে চলি আহিছে। কিমান দিগভ্ৰান্ত হৈ ঘূৰি থাকে। এয়াও সকলো ড্ৰামা।

পিতাই বাৰে বাৰে সন্তানসকলক বুজায় - মই তোমালোকক বহুত অমায়িক কৰি তুলিবলৈ আহিছোঁ। এই দেৱতাসকল কিমান অমায়িক। এতিয়াতো মনুষ্য কিমান কটু। যিসকলে পিতাক বহুত সহায় কৰিছিল, তেওঁলোকৰ পূজা কৰি থাকে। তোমালোকৰো পূজাও হয়, পদো তোমালোকে উচ্চ প্ৰাপ্ত কৰা। পিতাই নিজে কয় - মই তোমালোকক নিজতকৈও উচ্চ কৰি তোলোঁ। উচ্চতকৈও উচ্চ ভগৱানৰ হৈছে শ্ৰীমত। ‘গীতা’তো শ্ৰীমত প্ৰসিদ্ধ। শ্ৰীকৃষ্ণইতো এই সময়ত পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছে। শ্ৰীকৃষ্ণৰ আত্মাৰ ৰথত পিতাই প্ৰৱেশ কৰিছে। কিমান আশ্চৰ্যজনক কথা। কেতিয়াও কাৰো বুদ্ধিত উদয় নহ’ব। বুজি পোৱাসকলকো বুজাবলৈ বহুত পৰিশ্ৰম হয়। পিতাই কিমান ভালদৰে সন্তানসকলক বুজায়। বাবাই লিখে সৰ্বোত্তম ব্ৰহ্মা মুখ বংশাৱলী ব্ৰাহ্মণ। তোমালোকে উচ্চ সেৱা কৰা গতিকে এয়া পুৰস্কাৰ পোৱা। তোমালোক পিতাৰ সহায়কাৰী হোৱা সেয়েহে সকলোৱে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি পুৰস্কাৰ পোৱা। তোমালোকৰো বহুত শক্তি আছে। তোমালোকে মনুষ্যক স্বৰ্গৰ মালিক কৰি তুলিব পাৰা। তোমালোক আত্মিক সেনা। তোমালোকে এই বেজ নিপিন্ধিলে মনুষ্যই কেনেকৈ বুজিব যে এওঁলোকো আত্মিক মিলেটেৰী হয়। মিলেটেৰীসকলে সদায় বেজ পিন্ধি থাকে। শিৱবাবা হ'ল নতুন সৃষ্টিৰ ৰচয়িতা। তাত এই দেৱতাসকলৰ ৰাজত্ব আছিল, এতিয়া নাই। আকৌ পিতাই কয় ‘মনমনাভৱ’। দেহ সহিত সকলো সম্বন্ধ ত্যাগ কৰি মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা তেতিয়া শ্ৰীকৃষ্ণৰ ৰাজবংশত আহি যাবা। এই ক্ষেত্ৰত লাজ কৰিবলগীয়াতো কোনো কথা নাই। পিতাৰ স্মৃতি থাকিব। পিতাই এওঁৰ (ব্ৰহ্মাৰ) কাৰণেও কয় এওঁ নাৰায়ণৰ পূজা কৰিছিল, নাৰায়ণৰ মূৰ্তি লগত ৰাখিছিল। চলোঁতে-ফুৰোঁতে তেওঁক (নাৰায়ণক) চাইছিল। তোমালোক সন্তানসকলৰ এতিয়া জ্ঞান আছে, বেজতো নিশ্চয় লগাই ৰাখিব লাগে। তোমালোক হৈছা নৰৰ পৰা নাৰায়ণ কৰি তোলোঁতা। ৰাজযোগো তোমালোকেই শিকোৱা। নৰৰ পৰা নাৰায়ণ কৰি তোলাৰ সেৱা কৰা। নিজকে চাব লাগে মোৰ মাজত কোনো অৱগুণতো নাই?

তোমালোক সন্তানসকল বাপদাদাৰ ওচৰলৈ আহা, পিতা হ'ল শিৱবাবা, দাদা (ব্ৰহ্মা) হ'ল তেওঁৰ ৰথ। পিতাই নিশ্চয় ৰথৰ দ্বাৰাই সাক্ষাৎ কৰিব নহয়। পিতাৰ ওচৰলৈ সজীৱ হ'ব আহে। সন্মুখত বহিলে স্মৃতি জাগে। বাবা লৈ যাবলৈ আহিছে। পিতা সন্মুখত বহি আছে গতিকে বেছিকৈ স্মৃতি জাগিব লাগে। তাতো তোমালোকে নিজৰ স্মৃতিৰ যাত্ৰা নিতৌ বঢ়াব পাৰা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজক চাব লাগে যে মোৰ কোনো অৱগুণতো নাই! দেৱতাসকল যেনেকুৱা অমায়িক মই তেনেকুৱা অমায়িক হৈছোঁনে?

(2) পিতাৰ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ মতত চলি নিজৰ ৰাজধানী স্থাপনা কৰিব লাগে। সেৱাৰ যোগ্য হ’বলৈ সৃষ্টিৰ আদি-মধ্য-অন্তৰ, স্বৰ্গ আৰু নৰকৰ জ্ঞান বুদ্ধিত মন্থন কৰিব লাগে।

বৰদান:
ঈশ্বৰৰ সহায়কাৰীৰ স্মৃতিৰে সহজে স্মৃতিৰ অনুভৱ কৰোঁতা সহজযোগী হোৱা

ঈশ্বৰৰ সহায়কাৰী অৰ্থাৎ ঈশ্বৰ বা পিতাই যি সেৱা দিছে সেই সেৱাত সদায় তৎপৰ হৈ থাকোঁতা। সদায় যাতে এইটোৱে নিচা থাকে যে মোক স্বয়ং ঈশ্বৰে সেৱা দিছে। কাৰ্য কৰোঁতে যিয়ে কাৰ্য দিছে তেওঁক কেতিয়াও পাহৰা নাযায়। গতিকে কৰ্মৰ দ্বাৰা কৰা সেৱাতো এইটো স্মৃতি থাকিব লাগে যে পিতাৰ নিৰ্দেশনা অনুসৰি কৰি আছোঁ তেতিয়া সহজে স্মৃতিৰ অনুভৱ কৰি সহজযোগী হৈ যাবা।

স্লোগান:
সদায় ঈশ্বৰীয় বিদ্যাৰ্থী জীৱনৰ স্মৃতি থাকিলে তেতিয়া মায়া সমীপত আহিব নোৱাৰে।


অব্যক্ত সংকেত: এতিয়া একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত কৰি যোগ জ্বালা ৰূপ কৰি তোলা

যিমানে স্থাপনাৰ নিমিত্ত হোৱাসকলৰ জ্বালা ৰূপ হ’ব সিমানে বিনাশ-জ্বালা প্ৰত্যক্ষ হ’ব। সংগঠিত ৰূপত জ্বালা-ৰূপৰ স্মৃতিয়ে বিশ্বৰ বিনাশৰ কাৰ্য সম্পন্ন কৰিব, তাৰ বাবে প্ৰত্যেক সেৱাকেন্দ্ৰত বিশেষ যোগৰ কাৰ্যসূচী চলি থাকিলে তেতিয়া বিনাশ জ্বালাত বা লাগিব। যোগ অগ্নিৰে বিনাশৰ অগ্নি জ্বলিব, জ্বালাৰে জ্বালা প্ৰজ্বলিত হ’ব।