22.11.26 Avyakt Bapdada
Assame
Murli
03.04.2012 Om Shanti Madhuban
“*“’মোৰ’ক ‘তোমাৰ’লৈ
পৰিৱৰ্তন কৰি নিশ্চিন্ত বাদশ্বাহ হোৱা, পিতাৰ মৰম আৰু সেৱাত মন ইমান ব্যস্ত কৰি ৰাখা
যাতে ব্যৰ্থ অহাৰ অৱকাশেই নাথাকে”*”
আজি বাপদাদাই
চাৰিওফালে নিজৰ নিশ্চিন্ত বাদশ্বাহ সন্তানসকলক চাই আছেহঁক। প্ৰতিগৰাকী সন্তানে
ৰাতিপুৱাৰ পৰা উঠি নিশ্চিন্ত স্থিতিত স্থিৰ হৈ প্ৰতিটো কৰ্ম কৰে। প্ৰতিগৰাকী
সন্তানৰ অনুভৱ হৈছে যে এই নিশ্চিন্ত বাদশ্বাহৰ জীৱন আৰু বাদশ্বাহী দুয়োটাই কিমান
মৰমলগা! কাৰণ তোমালোক সকলোৱে পিতাক নিজৰ সকলো চিন্তা দি তাৰ বিনিময়ত আত্মিক নিচা
লৈ লৈছা। আত্মিক নিচাও অবিনাশী আত্মিক নিচা লৈ লৈছা। প্ৰত্যেকে অনুভৱ কৰে যে এই
নিশ্চিন্ত বাদশ্বাহৰ জীৱন, বাদশ্বাহীও আৰু নিশ্চিন্তও, কিমান মৰমলগা! দিনে-ৰাতিয়ে
কোনো কথাৰ চিন্তা নাই, কেৱল আত্মিক নিচা আছে। জানা যে পিতাই এই নিশ্চিন্ত হৈ থকাৰ
জীৱন কেৱল এটা জন্মৰ বাবেই নহয়, বৰং অনেক জন্মৰ বাবে নিশ্চিন্ত বাদশ্বাহ কৰি দিছে।
এতিয়া অনুভৱ কৰা যে নিশ্চিন্ত জীৱন হ'লে সদায় মস্তকত দিব্য জ্যোতি চিক্মিকাই থাকে।
আৰু যদি চিন্তা থাকে তেন্তে মস্তকত বিভিন্ন প্ৰকাৰৰ দুখৰ বোজা ভৰি থাকে। এই
নিশ্চিন্ত জীৱনৰ বিধি অতি সহজ— হদৰ যি (সীমিত) 'মোৰ মোৰ' আছে, সেয়া 'তোমাৰ' কৰি দিয়া।
'মোৰ' আৰু 'তোমাৰ'ৰ মাজত এটা মাত্ৰাৰ পাৰ্থক্য আছে। ‘মো’ আৰু ‘তো’ কিন্তু 'মোৰ'ক 'তোমাৰ'
কৰি দিয়াৰ ফলত জীৱন কিমান আনন্দময় হৈ যায়! হৈ গ'ল নহয়! কান্ধ জোকাৰা, হৈ গ'ল!
নিশ্চিন্ত জীৱন হৈ গ'ল! কাৰণ চিন্তাযুক্ত জীৱনৰ আধাৰ হৈছে ব্যৰ্থ সংকল্প। সেয়েহে
এতিয়া বাপদাদাই প্ৰতিগৰাকী সন্তানৰ পৰা এয়াই বিচাৰে যে কোনো সন্তানৰে যাতে ব্যৰ্থ
সংকল্পৰ চিহ্নও নাথাকে কিয়নো যেতিয়া 'মোৰ'ক 'তোমাৰ' কৰি দিলা, তেন্তে তোমালোক কি
হৈ গ'লা? তোমালোক হৈ গ’লা নিশ্চিন্ত বাদশ্বাহ। এই নিশ্চিন্ত বাদশ্বাহৰ জীৱন কিমান
প্ৰিয়! প্ৰতিটো কৰ্ম কৰি থাকোঁতেও নিশ্চিন্ত বাদশ্বাহ হৈ থাকা। কোনো চিন্তা নাই—কিয়,
কি, কেনেকৈ, কেতিয়ালৈকে... এই সকলোবোৰ সমাপ্ত হৈ গ'ল। বাপদাদাই আজি এইটো ছিজনৰ
অন্তিম দিনটোত এয়াই বিচাৰে যে প্ৰতিগৰাকী সন্তানে ব্যৰ্থৰ 'মোৰ' পৰিৱৰ্তন কৰি 'তোমাৰ'
কৰি দিয়ক। পিতাই নিজেই সেইবোৰ ভস্ম কৰি দিব। তোমালোকে কেৱল এটা মাত্ৰাৰ পাৰ্থক্য
আনা। মঞ্জুৰনে? সম্ভৱ নে? যদি সম্ভৱ হয় তেন্তে হাত দাঙা। বৰ ভাল! কিয়নো এই 5-6
মাহত তোমালোক সকলোৱে বিশ্বৰ আগত দুখী আত্মাসকলক শক্তিশালী বৃত্তিৰ দ্বাৰা
সুখ-শান্তিৰ কিৰণ দিব লাগিব। ইয়াতেই নিজৰ মন ব্যস্ত কৰি ৰাখিব লাগিব। ব্যৰ্থ
সংকল্পও ক'ত আহে? মনত আহে নহয়! সেয়েহে বাপদাদাই বিচাৰে যে প্ৰতিগৰাকী নিশ্চিন্ত
বাদশ্বাহ সন্তানে নিজৰ মন অৰ্থাৎ বৃত্তি ইমান ব্যস্ত কৰি ৰাখক যাতে ব্যৰ্থ অহাৰ
অৱকাশেই নাথাকে। ইয়াৰ বাবে পৰিশ্ৰম কৰিব নালাগে। কিন্তু পিতাৰ মৰমত ইমান ব্যস্ত হৈ
থাকা, বৃত্তিৰ সেৱাত মন ইমান ব্যস্ত ৰাখা যাতে যুদ্ধও কৰিবলগীয়া নহয়। বহুত সন্তানে
কয়, আমি নিবিচাৰোঁ, কিন্তু আহি যায়। ইয়াক কি বুলি ক'বা? মন পিতাৰ মৰম আৰু সেৱাত
ব্যস্ত কৰি ৰখা নাই। সকলোৱে সোধে যে পিতাৰ প্ৰতি তোমালোকৰ মৰম কিমান? তেতিয়া কি কয়?
বেহদ (সীমাহীন)। যাৰ প্ৰতি মৰম থাকে, তেওঁৰ কথা মানি চলাটো কোনো কঠিন কাম নহয়।
গতিকে তোমালোক সকলোৰে পিতাৰ প্ৰতি অটুট মৰম আছে নহয়? নে কেতিয়াবা কেতিয়াবাহে থাকে?
সদায় থাকে নে কেতিয়াবাহে থাকে? যিসকলে কয় সদায় মৰম আছে, তেওঁলোকে হাত দাঙা।
সদায় মৰম আছে! ভাবি চোৱা, যদি সদায় মৰম আছে, তেন্তে পিতাই যি ক’ব সন্তানে কৰিব।
এইটোতো জানা নহয়!
এইটো ছিজনত বাপদাদাই
সন্তানসকলক এইটোৱে দৃঢ় সংকল্প কৰাব বিচাৰে। সাজু আছা নহয়? দৃঢ় সংকল্প কৰিবলৈ সাজু
আছানে? পিছফালৰসকল সাজু আছানে? মাতাসকল সাজু আছানে? পাণ্ডৱসকল সাজু আছানে? বাৰু!
হাত দাঙা। দুয়োখন হাত দাঙা। হাত দাঙি বাপদাদাক আনন্দিত কৰি দিয়া। এতিয়া যেনেকৈ
হাত দাঙিলা, তেনেকৈ মনৰ হাতো দাঙা—কেতিয়াও ব্যৰ্থ সংকল্প আহিবলৈ নিদিবা। ব্যৰ্থ
সংকল্পৰ কাম হৈছে অহা, কিন্তু তোমালোকৰ কাম কি? সেয়া সমাপ্ত কৰি দিয়া। গতিকে এইটো
ছিজনত বাপদাদাই আগতেও কৈছে যে দুটা কথাৰ প্ৰতি বিশেষ ধ্যান ৰাখিব লাগিব—প্ৰথমটো হৈছে
সংকল্প আৰু দ্বিতীয়টো হৈছে সময়। তোমালোকে জানাই যে এই সংগমৰ সময়ৰ প্ৰতিটো মিনিটৰ
সৈতে 21 জন্মৰ সম্পৰ্ক আছে। যদি এতিয়া সময়ৰ ৰাহি নকৰা, তেন্তে পিতাৰ সৈতে যি মৰম
আছে আৰু প্ৰত্যেকে বিচাৰে যে এতিয়াও পিতাৰ সৈতে এতিয়াও থাকোঁ, লগতো যাম, এতিয়া
নিজৰ ঘৰলৈ উভতি যাব লাগে নহয়! গতিকে ঘৰলৈও একেলগে যাবা আৰু তাৰ পাছত ৰাজ্যতো
বাপদাদাৰ সৈতে, বিশেষকৈ ব্ৰহ্মা বাবাৰ সৈতে ৰাজধানীত একেলগে সমীপত আহা, পিতা
ব্ৰহ্মাতো এতিয়া ফৰিস্তা ৰূপত আছে আৰু তোমালোক তেওঁৰ সৈতে যাব লাগিব। তেন্তে কি
কৰিব লাগিব? ফৰিস্তা হ'ব লাগিব নহয়! ফৰিস্তা হ'বানে! হ'বই লাগিব নহয়!
পিতা ব্ৰহ্মাৰ হাতত
হাত দি লগত যাব লাগিব। তেন্তে হাত কি? ফৰিস্তাৰতো স্থূল হাততো নাই। পিতা ব্ৰহ্মাৰ
হাত কি? শ্ৰীমত। সেয়েহে বাপদাদাৰ এয়াই শ্ৰীমত যে এতিয়া নিশ্চিন্ত বাদশ্বাহ হৈ
সদায় যেনেকৈ তোমালোকৰ জগত অম্বাই পুৰুষাৰ্থ কৰিলে, পিতাই যি ক’লে জগত অম্বাই সেয়াই
কৰিলে, তেনেকৈ জগত অম্বাক অনুসৰণ কৰা। সময় আৰু সংকল্প সফল কৰিবই লাগিব। ব্যৰ্থত
যাতে নাযায়। শুনালোঁ নহয়—প্ৰতিটো সংকল্পৰ সৈতে 21 জন্মৰ সম্পৰ্ক আছে। সেয়েহে
বাপদাদাই এয়াই বিচাৰে যে সদায় মন ব্যস্ত কৰি ৰাখা। সেয়া লাগিলে মুৰুলীৰ মননতেই
হওক অথবা সেৱাতেই হওক, সকলো সময়ত ব্যস্ত থাকা। নিজৰ চাৰ্ট তৈয়াৰ কৰা। মাজে মাজে
বাপদাদাই শিকোৱা ড্ৰিল কৰা। জানা নহয়, অশৰীৰী হোৱাৰ ড্ৰিল? নিজৰ তিনিটা স্বৰূপৰ
স্মৃতিৰ ড্ৰিল। যেনেকৈ পিতাৰ তিনিটা ৰূপ আছে, তেনেকৈ তোমালোকৰো তিনিটা ৰূপ আছে—ব্ৰাহ্মণ,
ফৰিস্তা আৰু দেৱতা। এই তিনিওটা ৰূপৰ স্মৃতিৰ ড্ৰিলৰ দ্বাৰা নিজৰ মন ব্যস্ত কৰি ৰাখা।
সেইবাবেই মহামন্ত্ৰ কি? মনমনাভৱ।
বাকী বাপদাদাৰ
প্ৰতিগৰাকী সন্তানৰ প্ৰতি বহুত বহুত মৰম আছে। সেয়েহে বাপদাদাই বিচাৰে যে প্ৰতিগৰাকী
সন্তানে 'বিজয়ী ভৱ'ৰ বৰদান লাভ কৰক। শুনাইছিলোঁ নহয়, বহুত সন্তানে ভাবে যে আমি
বিজয়ীতো হ'ম, কিন্তু মালাতো 108ৰহে। গতিকে বিজয়ী হৈও মালাত স্থান নাপাম। কিন্তু
বাপদাদাৰ ইমান মৰম আছে যে তোমালোক বিজয়ী হোৱা, বাপদাদাই মালাতো অতিৰিক্ত সূতা গাঁথি
দিব। তোমালোক কেৱল বিজয়ী হোৱা। গতিকে কি সংকল্প কৰিলা? বিজয়ী হ'বই লাগিব নহয়? নে
কেৱল 108 গৰাকীহে বিজয়ী হ'ব? নহয়। পিতাৰ প্ৰতিগৰাকী সন্তানেই বিজয়ী। বাপদাদাই
প্ৰতিগৰাকী সন্তানৰ মস্তকত কি চাই আছে? বিজয়ৰ তিলক। কিয়নো তোমালোকে সাধাৰণ ৰূপত অহা
পিতাক চিনি পালা নহয়! লাগিলে শেষৰ সন্তানটিয়েই হওক, পুৰুষাৰ্থত ঢিলা হওক, কিন্তু
তেওঁৰ এইটো বিশেষত্ব আছে যে সাধাৰণ ৰূপত অহা পিতাক চিনি লৈ ‘মোৰ বাবা' বুলিতো কয়,
সেয়েহে প্ৰতিগৰাকী সন্তানে সাহস ৰাখি বিজয় লাভ কৰিবই লাগিব। কেৱল কি কৰিব লাগিব?
কোনো পৰিশ্ৰমৰ কথা নহয়, এয়া মৰমৰ কথা। বাপদাদাৰ প্ৰতি মৰম আছে, পৰিয়ালৰ প্ৰতি
মৰম আছে, তেন্তে মৰমৰ পাত্ৰৰ পৰা আঁতৰি থাকিব নোৱাৰি। ব্ৰহ্মা বাবাৰ প্ৰতি কিমান
মৰম আছে? যিসকলে ভাবে যে পিতা ব্ৰহ্মা আৰু শিৱ পিতাৰ প্ৰতি আমাৰ অটুট মৰম আছে,
তেওঁলোকে হাত দাঙা। অটুট, অটুট? বৰ ভাল! তেন্তে পৰৱৰ্তী ছিজনত বাপদাদাই কি চাব
বিচাৰে? জানাই নহয়। ব্যৰ্থ সংকল্পক শক্তিশালী সংকল্পলৈ পৰিৱৰ্তন কৰাৰ বাবে তোমালোকে
5-6 মাহ সময় পাবা।
তেন্তে কোৱা, মধুবন
নিবাসীসকল উঠা, লাগিলে তলত থাকা বা ওপৰত। বহুত আছে। মধুবন নিবাসীসকল বাপদাদাৰ প্ৰিয়।
এনে নহয় যে অন্যসকল প্ৰিয় নহয়। তেওঁলোকো প্ৰিয়, কিন্তু মধুবন নিবাসীসকলৰ প্ৰতি
বিশেষ মৰম আছে, সেয়া কি? মনেৰে স্মৰণতো সকলোৱে কৰে। যোগী আত্মাতো সকলো হয়, জ্ঞানী
আত্মাও সকলোৱে হয়। কিন্তু মধুবন নিবাসীসকলৰ নিজৰ ভৱিষ্যৎ সহজ কৰি তোলাৰ এক বিশেষ
‘লিফ্ট’ আছে।
সেই ‘লিফ্ট’ কি?
যিসকল মধুবনলৈ আহে, তেওঁলোকৰ সেৱাৰ নিমিত্ত হয়। যেনেকৈ ৰন্ধা-বঢ়া কৰা বা যিকোনো
কৰ্তব্য পালন কৰোঁতা। বাপদাদাই কয়, কোনোবা ঝাড়ু দিয়াও আছে নহয়, তেওঁলোকো
ভাগ্যৱান, কিয়? যিয়েই আহে, তেওঁলোকে ইয়াৰ বায়ুমণ্ডল দেখি, তোমালোকৰ অন্তৰৰ মৰমৰ
শক্তি দেখি আনন্দিত হৈ যায়। ৰন্ধা-বঢ়াৰ কৰোঁতাই হওঁক অথবা আন কোনো কৰ্তব্য পালন
কৰোঁতাই হওঁক, কিন্তু মধুবন নিবাসীসকলৰ এটা বিশেষ সুযোগ আছে। মধুবনৰ মৰম আৰু
শক্তিশালী বায়ুমণ্ডল সৃষ্টি কৰাৰ, সেয়েহে বাপদাদাই মধুবন নিবাসীসকলক বহুত বহুত
অভিনন্দন জনাই আছে। এইটো ছিজনৰ সমাপ্তি আৰু আগন্তুক সময়তো নিজৰ মনৰ দ্বাৰা
আত্মাসকলক সন্তুষ্ট কৰাত আৰু শক্তিশালী অনুভৱ কৰোৱাৰ নিমিত্ত হৈ থাকিবা। সেয়েহে
মধুবন নিবাসীসকলৰ বাবে সকলোৱে হাত চাপৰি বজোৱা। বাৰু!
আজি অমৃতবেলা
বাপদাদাৰ সন্মুখত মধুবনৰ সেৱাধাৰীসকল উপস্থিত হৈছিল। বাপদাদাই সূক্ষ্মধামত
প্ৰত্যেককে সাক্ষাৎ কৰিলে আৰু বিশেষভাৱে, তোমালোকক আগতেও শুনাইছোঁ যে চাৰি বজাৰ
সময়ত তোমালোকৰ আগতীয়া দলত যোৱা বিশেষ দাদীসকল নিশ্চয় আহে। আজি বিশেষকৈ দাদীসকল আৰু
বিশেষ ভাইসকল আহি উপস্থিত হৈছিল। তেওঁলোকে বিশেষভাৱে মধুবন নিবাসীসকলক উৎসাহিত
কৰিবলৈ ক’লে। বিশেষ দীদী আৰু দাদী দুয়োগৰাকীয়ে আৰু বিশেষ ভাইসকলেও মধুবন
নিবাসীসকলক স্মৰণ কৰিলে। দাদীয়ে বিশেষভাৱে স্মৰণ কৰিলে আৰু লগতে সুক্ষ্মধামৰ আম,
জানা নহয় সূক্ষ্মধামৰ ফল কিমান ভাল, লাঠি ব্যৱহাৰ কৰিবলগীয়া নহয়, যি ফল লাগে সেয়া
তোমালোকে হাতেৰেই ল’ব পাৰা। দাদীয়ে ক’লে – আজি মধুবন নিবাসীসকলৰ সৈতে আমৰ পিক্নিক্
কৰোঁ। অন্য দাদীসকলতো লগত আছিল আৰু বিশেষ ভাইসকল আছিল। বাপদাদাই ক’লে যে তেওঁলোকক
সোধা যে মধুবনৰ বাবে তোমালোকৰ মনত কি ভাব জাগে। তেতিয়া দাদীয়ে কি ক’লে? গম পোৱানে,
সেয়াতো জানাই। দাদীকতো জানাই নহয়! দাদীয়ে কৈছিল মোৰ এতিয়াও অন্তৰে বিচাৰে যে
প্ৰতিগৰাকী মধুবন নিবাসী, পুৰুষাৰ্থত অভাৱ আছে যদিও, তাৰ বাবে তেওঁলোকে পুৰুষাৰ্থ
কৰিব লাগে কিন্তু মই মধুবন নিবাসীসকলৰ পৰা এটা কথা বিচাৰোঁ। সেয়া কি বিচাৰোঁ?
প্ৰতিগৰাকী মধুবন নিবাসী পিতাৰ সমান হৈ যাওক। হ'বতো সকলোৱে লাগে, কিন্তু মধুবন
বিশেষ, মধুবন নিবাসীসকলৰ প্ৰতি দাদীৰ মৰম আছিল। এয়া দাদীয়ে কৈছিল, মই জানো। সেয়েহে
মৰমৰ প্ৰতিদানত মই এয়াই বিচাৰোঁ যে যেনেকৈ মম্মাই লক্ষ্য নিৰ্ধাৰণ কৰিছিল, বাবাই
ক’লে, মম্মাই কৰিলে, এয়াতো মধুবন নিসাসীসকলে জানাই। তেনেকৈয়ে মধুবন নিবাসীসকলেও
অমৃতবেলাৰ পৰা ৰাতিলৈকে প্ৰতিগৰাকী মধুবন নিবাসীয়ে যদি বাবাৰ লগতে মোৰ প্ৰতিও মৰম
আছে, দাদীসকলৰ প্ৰতিও মৰম আছে, তেন্তে মম্মাই যেনেকৈ পিতাৰ প্ৰতিটো ৰায় নিজৰ জীৱনত
পালন কৰিলে, তেনেকৈ তোমালোকেও পালন কৰা। গতিকে যদি দাদীসকলৰ প্ৰতি মৰম আছে, তেন্তে
এয়াই কৰি দেখাওক, ৰাতিপুৱাৰ পৰা ৰাতিলৈকে এনে কোনো সংকল্প, কথা বা কৰ্ম নকৰিবা, যিটো
দাদীসকলৰ বা পিতাৰ অথবা আন কাৰোবাৰ অপ্ৰিয় হয়।
বাকী শিক্ষকসকলক দেখি
বাপদাদা আনন্দিত হয়, কিয়নো পিতাৰ সমান আসনৰ ভাগ্য লাভ কৰিছে। পিতাৰ মুৰুলী শুনোৱাৰ
আসন লাভ কৰিছে। পিতাই সদায় শিক্ষকসকলক সংগী বুলি কয়। এতিয়া শিক্ষকসকলৰ পৰা
বাপদাদাই এটা কথা বিচাৰে। শুনাওঁনে কি? বাপদাদাই বিচাৰে যে প্ৰতিগৰাকী শিক্ষকৰ
চেহেৰাত পিতা ব্ৰহ্মাৰ দৰে এনেকুৱা আনন্দময় দৃষ্টিগোচৰ হওঁক। ভিতৰি পুৰুষাৰ্থ
কৰিবাও কিন্তু সেয়া তোমালোকৰ চেহেৰাৰ দ্বাৰা দৃষ্টিগোচৰ হওঁক, পিতা প্ৰত্যক্ষ হওক।
তোমালোকক দেখিলেই যাতে তোমালোকৰ মাজত পিতাৰ জেউতি দৃশ্যমান হয়। এনেকৈ চেহেৰাৰ দ্বাৰা
সেৱা কৰোঁতাই পিতাক প্ৰত্যক্ষ কৰিয়েই দিব। এতিয়া পিতাক নিজৰ চেহেৰাৰ দ্বাৰা
প্ৰত্যক্ষ কৰোৱাৰ সময় আহি গৈছে। শিক্ষকসকলৰতো সদায় 'মোৰ বাবা'ৰ স্মৃতি স্বতঃ থাকে।
এতিয়া পিতাক নিজৰ চেহেৰাৰ দ্বাৰা প্ৰত্যক্ষ কৰাব লাগে। কৰিব পাৰা নহয়? কৰিব পাৰা
যদি কৰা। চোৱা, এতিয়ালৈকে ফলাফলত সকলোৱে কি কয়? ব্ৰহ্মাকুমাৰীসকলে বহুত ভাল কাম
কৰি আছে, কিন্তু পিতা এতিয়াও প্ৰত্যক্ষ হোৱা নাই। তেওঁ এতিয়াও গুপ্ত হৈ আছে। এতিয়া
সময় সমীপত আহি আছে। গতিকে তোমালোকৰ দ্বাৰা নিমিত্ত শিক্ষকেই হোৱা বা আন কোনো
সন্তানেই হোৱা, এতিয়া পিতাক প্ৰত্যক্ষ কৰোৱা। ব্ৰহ্মাকুমাৰীসকলে ভাল কাম কৰি আছে,
ইয়ালৈকে হৈ গ'ল। কিন্তু এতিয়া এইটো প্ৰত্যক্ষ কৰোৱা যে স্বয়ং পৰমাত্মা ব্ৰহ্মাৰ
শৰীৰত প্ৰত্যক্ষ হৈ ব্ৰহ্মাকুমাৰীসকলক এনেকুৱা সেই যোগ্য কৰি আছে। এতিয়া এই কথাটি
বাকী আছে। গীততো গোৱা নহয়—'মোৰ বাবা আহি গ'ল', কিন্তু এতিয়াও অন্য আত্মাসকলৰ
অন্তৰত এইটো প্ৰত্যক্ষ হওক যে ভগৱান স্বয়ং প্ৰত্যক্ষ হৈছে এই ভগ্নীসকলৰ বা ভাইসকলৰ
দ্বাৰা কৰি আছে। এইটো প্ৰত্যক্ষতা কৰাব লাগে নহয়। কেতিয়া কৰিবা? এতিয়া! আৰু কি
ক'বা? এতিয়া কৰিবা নহয়! (এতিয়াই আৰম্ভ কৰিবা, আগন্তুক ছিজনলৈকে হৈ যাব।) তোমালোক
সকলো একেলগে আছা, আগন্তুক ছিজনলৈকে হৈ যাবনে? যিসকলে বুজি পাইছা, তেওঁলোকে হাত দাঙা।
কেইজনমানে হাত দাঙিছে। যিসকলে হাত দঙা নাই, তেওঁলোকে চাই থাকিব আৰু তোমালোকে কৰিবা।
শিক্ষকসকলে সংকল্প কৰিছা নহয়! কিয়নো দেখি আছা বাপদাদাইতো কৈ আছে যে সকলো অকস্মাৎ
হ’ব। কিছুমান সন্তানে ভাবে যে অকস্মাৎ অকস্মাৎ কৰি বহুত সময় হৈ গ’ল। এতিয়া হ’ব লাগে।
কিন্তু অকস্মাৎ তেতিয়া হ’ব যেতিয়া সন্তানসকলো পিতাৰ সমান হৈ যাব। তোমালোকৰ চেহেৰা,
স্বৰূপ, প্ৰতিষাৰ বাণীয়ে পিতাক প্ৰত্যক্ষ কৰিব। হৈ যাবতো লাগিবই। এতিয়া কেৱল
নিমিত্ত হ’ব লাগে। আগন্তুক ছিজনত কি কৰিবা? এটাতো নিজক পিতাৰ সমান কৰি তুলিবা।
যিবোৰ অভাৱ থাকি গৈছে, সেয়া সম্পন্ন কৰিবা। আৰু বাপদাদা কোনটো কথাত আনন্দিত হয়?
সন্তানসকলে যেনেকৈ এতিয়াই সৰু-বৰ সকলো সেৱাকেন্দ্ৰই বাণীৰ দ্বাৰা প্ৰসিদ্ধ কৰিছে
যে আমি কি কাম কৰি আছোঁ। বায়ুমণ্ডল সলনি কৰিছে। বাপদাদাই ইয়াৰ বাবে অভিনন্দন জনাই
আছে। যিসকলে য'তেই অনুষ্ঠান কৰিছে, ভাল কৰিছে। সকলোৰে মনোযোগো এইটো কথাত আকৰ্ষিত
হৈছে যে ব্ৰহ্মাকুমাৰীসকলে সঁচাকৈয়ে গুপ্ত ৰূপত নিজৰ কাৰ্যৰ 75 বছৰ পূৰ্ণ কৰিছে।
এতিয়া এনেকৈ কওঁক যে ব্ৰহ্মাকুমাৰীসকলৰ ভগৱান বাবা আহি গ'ল। লক্ষ্য আছে নহয়! গতিকে
আগন্তুক ছিজনলৈকে এইটো কাম আৰম্ভ হৈ যোৱা উচিত। ইয়াৰ বাবে প্ৰত্যক্ষ কাৰ্যসূচী
হাতত লোৱা। কাৰ্যসূচী হাতত লোৱা নহয়, সভা পাতা নহয়! গতিকে সভাত এনে কাৰ্যসূচী
হাতত লোৱা যাতে এতিয়া সকলো সন্তানে গম পাই যায় যে উত্তৰাধিকাৰ দিওঁতা পিতা আহি
গ'ল। কোনেও যাতে বঞ্চিত হৈ নাথাকে। পিতাইতো সন্তানসকলৰ দুখ দেখি বহুত দুখ অনুভৱ কৰে।
যেতিয়া দুখত চিঞৰে, তেতিয়া পিতাৰ দয়া ওপজে। তোমালোক দেৱতা আৰু দেৱীসকলকো বহুত
মিনতি কৰে। গতিকে আগন্তুক ছিজনত এটাতো ব্যৰ্থৰ কোনো নাম-চিহ্ন নাথাকক। সন্মত হোৱানে?
সন্মতনে! অন্তৰৰ হাত দাঙা। অন্তৰৰ হাত দাঙিবা। ব্যৰ্থ কি, এই জ্ঞানেই বিলুপ্ত হৈ
যাওক। যেতিয়া স্বৰ্গৰ ৰাজকুমাৰীসকল আহে (ধ্যানত), তেতিয়া তেওঁলোকৰ, দুখ বা অশান্তিৰ
একো গমেই নাথাকে, তেওঁলোকে কয়, কি কয়, এইবোৰ কি কৈছে? তেনেকৈ ব্ৰাহ্মণ পৰিয়ালতো
ব্যৰ্থৰ যাতে একো গমেই নাথাকে। ব্যৰ্থনো হয় কি? স্ব-চিন্তন, স্ব-চিন্তক। বাৰু!
চাৰিওফালৰ সন্তানসকলক
বাপদাদাই আন্তৰিক স্নেহ সহিত স্মৰণ কৰাৰ লগতে প্ৰতিগৰাকী সন্তান নিজৰ স্বমানৰ নিচাত
নিশ্চয়তাৰে থকা দেখি আনন্দিত হৈছে, কেতিয়াও স্বমান এৰি নিদিবা। স্বমানধাৰী অৰ্থাৎ
সদায় সৰ্বপ্ৰাপ্তিৰ অধিকাৰী, স্বমানৰ তালিকা বহুত দীঘল, প্ৰতিদিনে এটাকৈ স্বমান
স্মৃতিত ৰাখি, স্বৰূপত আনি তীব্ৰ পুৰুষাৰ্থী হৈ আগবাঢ়ি যোৱা। বাপদাদাক অন্তৰত
বহুৱাই আৰু নিজক বাপদাদাৰ অন্তৰত বহুৱাই, নিৰ্ভীক হৈ মাষ্টৰ সৰ্বশক্তিমান হৈ চলি
থাকা, উৰি থাকা আৰু আনকো উৰুৱাই থাকা। ওঁম্ শান্তি।
বৰদান:
সেৱাৰ মঞ্চত
সমাহিত কৰাৰ শক্তিৰে সফলতামূৰ্ত হওঁতা মাষ্টৰ সাগৰ হোৱা
যেতিয়া সেৱাৰ মঞ্চত
আহা, তেতিয়া বিভিন্ন প্ৰকাৰৰ কথা সন্মুখলৈ আহে। সেই কথাবোৰ নিজৰ ভিতৰত সমাহিত কৰি
ল'লে সফলতামূৰ্ত হৈ যাবা। সমাহিত কৰা অৰ্থাৎ সংকল্পৰ ৰূপতো কাৰোবাৰ ব্যক্ত কথা আৰু
ভাৱৰ আংশিক ৰূপতো যাতে সমাহিত নহয়। অকল্যাণকাৰী বাণীক কল্যাণৰ ভাৱনালৈ এনেকৈ
পৰিৱৰ্তন কৰি দিয়া, যেন সেয়া অকল্যাণকাৰী বাণী নাছিলেই। অৱগুণক গুণলৈ, নিন্দাক
প্ৰশংসালৈ পৰিৱৰ্তন কৰি দিয়া—তেতিয়া মাষ্টৰ সাগৰ বুলি কোৱা হ'ব।
স্লোগান:
বিস্তাৰক
নাচাই সাৰক চাওঁতা আৰু নিজৰ ভিতৰত সমাহিত কৰোতাজনেই তীব্ৰ পুৰুষাৰ্থী।
অব্যক্ত সংকেত: পিতা
ব্ৰহ্মাৰ সমান সম্পন্ন আৰু সম্পূৰ্ণ স্থিতিৰ অনুভৱ কৰা
ৰচনা কাছই ছেকেণ্ডতে
সকলো অংগ সমাহিত কৰি লয়। সমাহিত কৰাৰ শক্তি ৰচনাৰো আছে। তোমালোক মাষ্টৰ ৰচয়িতাই
সমাহিত কৰাৰ শক্তিৰ আধাৰত ছেকেণ্ডত সকলো সংকল্প সমাহিত কৰি এটা সংকল্পত ছেকেণ্ডত
স্থিত হৈ যোৱা। যেতিয়া সকলো কৰ্মেন্দ্ৰিয়ৰ কৰ্মৰ স্মৃতিৰ পৰা নিলগত এটাই আত্মিক
স্বৰূপত স্থিৰ হৈ যাবা তেতিয়া কৰ্মাতীত অৰ্থাৎ সম্পন্ন স্থিতিৰ অনুভৱ হ'ব।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]