23.04.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
ভোলানাথ আটাইতকৈ মৰমৰ পিতা তোমালোকৰ সন্মুখত বহি আছে, তোমালোকে মৰমেৰে স্মৰণ কৰা
তেতিয়া নিষ্ঠা বাঢ়ি যাব, বিঘিনি সমাপ্ত হৈ যাব”
প্ৰশ্ন:
ব্ৰাহ্মণ
সন্তানসকলৰ কোনটো কথা সদায় স্মৃতিত থাকিলে কেতিয়াও বিকৰ্ম নহ’ব?
উত্তৰ:
যি কৰ্ম মই কৰিম, মোকে দেখি আনেও কৰিব – এইটো স্মৃতিত থাকিলে বিকৰ্ম নহ’ব। যদি
কোনোবাই লুকুৱায়ো পাপ কৰ্ম কৰে তেতিয়া ধৰ্মৰজাৰ পৰা লুকাই থাকিব নোৱাৰে, তৎক্ষণাৎ
তাৰ শাস্তি পাব। আগলৈ গৈ আৰুহে কঠোৰ নিয়ম হৈ যাব। এই ইন্দ্ৰসভাত কোনো পতিত গোপনে
বহিব নোৱাৰে।
গীত:
ভোলানাথ সে
নিৰালা… (ভোলানাথতকৈ অনন্য…)
ওঁম্শান্তি।
মৰমৰ আত্মিক
সন্তানসকলে জানে যে এতিয়া আত্মিক পিতাই আমাক এই সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান শুনাই
আছে। তেওঁৰ নামেই হ’ল ভোলানাথ। সাধাৰণতে পিতা বহুত হোজা হয়, কিমান কষ্ট সহ্য কৰিও
সন্তানসকলক পঢ়ায়। প্ৰতিপালন কৰে। আকৌ যেতিয়া ডাঙৰ হয় তেতিয়া সকলোবোৰ সন্তানক দি নিজে
বানপ্ৰস্থ অৱস্থাত গুচি যায়। ভাবে যে মই দ্বায়িত্ব পালন কৰিলোঁ, এতিয়া সন্তানে জানে।
গতিকে পিতা হোজা হ’ল নহয়। এয়াও তোমালোকক এতিয়া পিতাই বুজায় কিয়নো নিজে ভোলানাথ।
গতিকে হদৰ পিতাৰ কাৰণেও বুজায় যে তেওঁ কিমান হোজা। সেয়া হ’ল হদৰ হোজা। এয়া আকৌ হ’ল
বেহদৰ ভোলানাথ পিতা। পৰমধামৰ পৰা আহে, পুৰণি সৃষ্টিত, পুৰণি শৰীৰত সেইকাৰণে মনুষ্যই
ভাবে যে পুৰণি পতিত শৰীৰত কেনেকৈ আহিব। নুবুজাৰ কাৰণে পাৱন শৰীৰধাৰী শ্ৰীকৃষ্ণৰ নাম
দি দিলে। এই গীতা, বেদ, শাস্ত্ৰ আদি আকৌ ৰচনা হ’ব। চোৱা শিৱবাবা কিমান হোজা। আহিলে
তেতিয়াও এনেকুৱা অনুভৱ কৰায় যেন পিতা ইয়াতেই বহি আছে। এই সাকাৰ বাবাও হোজা হয় নহয়।
কোনো চাদৰ নাই, কোনো তিলক আদি নাই। সেই সাধাৰণ বাবাতো বাবাই হয়। সন্তানসকলে জানে –
এই সমস্ত জ্ঞান শিৱবাবাইহে দিয়ে আৰু কাৰো শক্তি নাই যিয়ে দিব পাৰে। দিনে-প্ৰতিদিনে
সন্তানসকলৰ নিষ্ঠা বাঢ়ি গৈ থাকে। যিমানে পিতাক স্মৰণ কৰিব সিমান মৰম বাঢ়িব। আটাইতকৈ
মৰমিয়াল পিতা হয় নহয়। কেৱল এতিয়াই নহয় কিন্তু ভক্তিমাৰ্গতো তোমালোকে আটাইতকৈ মৰমৰ
বুলি বুজিছিলা। কৈছিলা – বাবা যেতিয়া আপুনি আহিব তেতিয়া অন্য সকলোৰে পৰা মৰম আঁতৰাই
এজন পিতাৰ প্ৰতি ৰাখিম। তোমালোকে এতিয়া জানাও, কিন্তু মায়াই ইমান মৰম কৰিবলৈ নিদিয়ে।
মায়াই নিবিচাৰে যে এওঁ মোক এৰি পিতাক স্মৰণ কৰক। মায়াই বিচাৰে যে দেহ-অভিমানী হৈ
মোক মৰম কৰক। এয়াই মায়াই বিচাৰে সেইকাৰণে কিমান বিঘিনি আনে। তোমালোকে বিঘিনি
অতিক্ৰম কৰিব লাগে। সন্তানসকলে কিবা অলপতো পৰিশ্ৰম কৰিব লাগে নহয়। পুৰুষাৰ্থৰ
দ্বাৰাহে তোমালোকে নিজৰ প্ৰালব্ধ পোৱা। সন্তানসকলে জানে উচ্চ পদ পাবলৈ কিমান
পুৰুষাৰ্থ কৰিব লাগে। এটাতো হ’ল বিকাৰ দান দিব লাগে, আনটো হ’ল পিতাৰ পৰা যি অবিনাশী
জ্ঞান ৰত্নৰ ধন পোৱা যায়, সেয়া দান কৰিব লাগে। যি অবিনাশী ধনেৰে তোমালোক ইমান ধনৱান
হোৱা। জ্ঞান হ’ল উপাৰ্জনৰ উৎস। সেয়া হ’ল শাস্ত্ৰৰ দৰ্শন, এয়া হ’ল আধ্যাত্মিক জ্ঞান।
শাস্ত্ৰ আদি পঢ়িও বহুত উপাৰ্জন কৰে। এটা কোঠাত গ্ৰন্থ আদি থৈ দিলে, অলপ কিছু শুনালে
বচ উপাৰ্জন হৈ গ’ল। সেয়া কোনো যথাৰ্থ জ্ঞান নহয়। যথাৰ্থ জ্ঞান একমাত্ৰ পিতাইহে দিয়ে।
যেতিয়ালৈকে কোনোবাই এই আত্মিক জ্ঞান নাপায় তেতিয়ালৈকে তেওঁ শাস্ত্ৰৰ দাৰ্শনিক
বুদ্ধিধাৰী হৈ থাকে। তোমালোকৰ কথা নুশুনে। তোমালোক সংখ্যাত তেনেই তাকৰ। এয়াতো 100
শতাংশ নিশ্চিত যে এই আত্মিক জ্ঞান সন্তানসকলে আত্মিক পিতাৰ পৰা লৈছে। জ্ঞান হৈছে
উপাৰ্জনৰ উৎস। বহুত ধন পোৱা যায়। যোগৰ দ্বাৰা স্বাস্থ্যৰ উৎস অৰ্থাৎ নিৰোগী শৰীৰ
পোৱা যায়। জ্ঞানৰ দ্বাৰা ধন। এয়া হ’ল দুটা মুখ্য বিষয়। কোনোবাই আকৌ ভালদৰে ধাৰণ কৰে,
কোনোবাই কমকৈ ধাৰণ কৰে। গতিকে ধনো ক্ৰমানুসৰি কম পায়। শাস্তি আদি ভোগ কৰি গৈ পদ পায়।
পূৰা স্মৃতিত নাথাকিলে তেতিয়া বিকৰ্ম বিনাশ নহয়। আকৌ শাস্তি ভূগীবলগীয়া হয়। পদো
ভ্ৰষ্ট হৈ যায়। যেনেকৈ পঢ়াশালিত হয়। এয়া হ’ল বেহদৰ জ্ঞান, ইয়াৰ দ্বাৰা বৈতৰণী পাৰ
হৈ যায়। সেই জ্ঞানত বেৰিষ্টাৰ, চিকিৎসক, অভিযন্তা হোৱাৰ পাঠ পঢ়িব লাগে। এয়াতো এটাই
পঢ়া। যোগ আৰু জ্ঞানেৰে সৰ্বদা স্বাস্থ্যৱান, ধনৱান হয়। ৰাজকুমাৰ হৈ যায়। তাত
স্বৰ্গত কোনো বেৰিষ্টাৰ, বিচাৰক আদি নাথাকে। তাত ধৰ্মৰজাৰো প্ৰয়োজন নাথাকে। গৰ্ভ
কাৰাগাৰৰ শাস্তিও নাই, ধৰ্মৰজাৰ পুৰীৰো শাস্তি পোৱা নাযায়। গৰ্ভ মহলত বহুত সুখী হৈ
থাকে। ইয়াততো গৰ্ভ কাৰাগাৰত শাস্তি খাবলগীয়া হয়। এই সকলোবোৰ কথা তোমালোক
সন্তানসকলেহে এতিয়া বুজি পোৱা। বাকী শাস্ত্ৰত, সংস্কৃতত শ্লোক আদি মনুষ্যই লিখিছে।
সোধে যে সত্যযুগত কি ভাষা হ’ব? পিতাই বুজায় – যি দেৱতাসকলৰ ভাষা হ’ব, সেয়াই প্ৰচলিত
হ’ব। তাৰ যি ভাষা হ’ব সেয়া ক’তো থাকিব নোৱাৰে। এনেকুৱা হ’ব নোৱাৰে যে তাত সংস্কৃত
ভাষা হ’ব। দেৱতাসকলৰ আৰু পতিত মনুষ্যৰ একে ভাষা হ’ব নোৱাৰে। তাৰ যি ভাষা হ’ব সেয়াই
প্ৰচলিত হ’ব। এই ক্ষেত্ৰত সুধিবলৈ একো নাথাকে। প্ৰথমে পিতাৰ পৰা উত্তৰাধিকাৰতো লৈ
লোৱা। যি কল্প পূৰ্বে হৈছিল সেয়াই হ’ব। প্ৰথমে উত্তৰাধিকাৰ লোৱা, অন্য কোনো কথা
নুসুধিবাই। বাৰু, 84 জন্ম নহয়, 80 বা 82 হয়, এই কথাবিলাক তোমালোকে এৰি দিয়া। পিতাই
কয়, ‘অল্ফ’ক (পিতাক) স্মৰণ কৰা। স্বৰ্গৰ বাদশ্বাহী যথাযথ পোৱা যায় নহয়। অনেকবাৰ
তোমালোকে স্বৰ্গৰ বাদশ্বাহী লৈছা। ওপৰৰ পৰা অৱনমিতও হ’ব লাগে। এতিয়া তোমালোক মাষ্টৰ
জ্ঞান সাগৰ, মাষ্টৰ সুখৰ সাগৰ হোৱা। তোমালোক হৈছা পুৰুষাৰ্থী। বাবাতো সম্পূৰ্ণ।
পিতাৰ যি জ্ঞান আছে সেয়া সন্তানসকলৰ আছে। কিন্তু তোমালোকক সাগৰ বুলি কোৱা নহয়।
সাগৰতো এজন, মাত্ৰ অনেক নাম ৰাখি দিছে। বাকী তোমালোক হৈছা জ্ঞান সাগৰৰ পৰা ওলোৱা নদী।
তোমালোক হৈছা মানসৰোবৰ, নদী। নদীবিলাকৰ নামো আছে। ব্ৰহ্মপুত্ৰ বহুত ডাঙৰ নদী।
কলিকতাত (এতিয়া কোলকাতা) নদী আৰু সাগৰৰ সঙ্গমস্থল আছে। তাৰো নাম আছে, ‘ডায়মণ্ড
হাৰ্বৰ’। তোমালোক ব্ৰহ্মা মুখ বংশাৱলী, হীৰাতুল্য হোৱা। বহুত ডাঙৰ মেলা অনুস্থিত হয়।
বাবা এই ব্ৰহ্মাৰ শৰীৰত আহি সন্তানসকলৰ সৈতে মিলিত হয়। এই সকলোবোৰ বুজিবলগীয়া কথা।
তথাপিও বাবাই কয় - মনমনাভৱ (নিজক আত্মা বুলি বুজি পৰমপিতা শিৱক স্মৰণ কৰা)। বাবাক
স্মৰণ কৰি থাকা। তেওঁ আটাইতকৈ মৰমৰ, সকলো সম্বন্ধৰ চেক্ৰিন। সেই সকলো সম্বন্ধ হ’ল
বিকাৰী। তেওঁলোকৰ পৰা দুখ পোৱা যায়। বাবাই তোমালোকক সকলোৰে ফল দি দিয়ে। সকলো
সম্বন্ধৰ মৰম দিয়ে, কিমান সুখ দিয়ে। অন্য কোনেও ইমান সুখ দিব নোৱাৰে। কোনোবাই দিলেও
সেয়া অলপ সময়ৰ বাবে। যাক সন্ন্যাসীয়ে কাউৰীৰ বিষ্ঠাৰ সমান সুখ বুলি কয়। দুখধামততো
নিশ্চয় দুখেই হ’ব। তোমালোক সন্তানসকলে জানা যে আমি এই ভূমিকা অনেকবাৰ পালন কৰিছোঁ।
কিন্তু আমি উচ্চ পদ কেনেকৈ পাওঁ তাৰ চিন্তা থাকিব লাগে। বহুত পুৰুষাৰ্থ কৰিব লাগে
যাতে মই তাত অনুত্তীৰ্ণ হৈ নাযাওঁ। ভাল নম্বৰ লৈ উত্তীৰ্ণ হ’লে উচ্চ পদ পাবা আৰু
তেওঁলোক অনন্দিতও হ’ব। সকলো একে সমান হ’ব নোৱাৰে, যিমান যোগযুক্ত হৈ থাকিব। বহুত
গোপী আছে যিসকলে কেতিয়াও পিতাক সাক্ষাতো কৰা নাই। পিতাৰ সাক্ষাৎ পাবলৈ আতুৰ হৈ থাকে।
সাধু-সন্ন্যাসীসকলৰ ক্ষেত্ৰত আতুৰ হোৱাৰ কথা নাথাকে। ইয়াততো শিৱবাবাক সাক্ষাৎ কৰিবলৈ
আহে। আচৰিত কথা নহয়নে। ঘৰত বহি স্মৰণ কৰে, শিৱবাবা মই আপোনাৰ সন্তান। আত্মাৰ স্মৃতি
উদয় হয়। তোমালোক সন্তানসকলে জানা যে আমি শিৱবাবাৰ পৰা কল্পই কল্পই উত্তৰাধিকাৰ লওঁ।
সেইজন পিতাই কল্পৰ পাছত আহিছে। গতিকে নোচোৱাকৈ থাকিব নোৱাৰে। আত্মাই জানে যে বাবা
আহিছে। শিৱ জয়ন্তীও পালন কৰে, কিন্তু একো নাজানে। শিৱবাবা আহি পঢ়ায়, এয়া একোৱে
নাজানে। নাম মাত্ৰ শিৱ জয়ন্তী পালন কৰে। ছুটিও নিদিয়ে। উত্তৰাধিকাৰ যিয়ে দিলে,
তেওঁৰ একো মহত্ত্ব নাই। আৰু যাক উত্তৰাধিকাৰ দিলে (শ্ৰীকৃষ্ণ) তেওঁৰ নাম প্ৰসিদ্ধ
কৰি দিছে। বিশেষকৈ ভাৰতক আহি স্বৰ্গ কৰি তুলিছে। বাকী সকলোকে মুক্তি দিয়ে। বিচাৰেও
সকলোৱেই। তোমালোকে জানা মুক্তিৰ পাছত জীৱন মুক্তি পাম। পিতা আহি মায়াৰ বন্ধনৰ পৰা
মুক্ত কৰে। পিতাক কোৱা হয় সকলোৰে সৎগতি দাতা। জীৱন মুক্তিতো সকলোৱে পায়। পুৰুষাৰ্থৰ
ক্ৰমানুসৰি। পিতাই কয়, এয়া হ’ল পতিত সৃষ্টি, দুখধাম। সত্যযুগত তোমালোকে কিমান সুখ
পোৱা। তাক কোৱা হয় স্বৰ্গ। আল্লাই জন্নত (স্বৰ্গ) কি কাৰণে ৰচিলে? কেৱল মুছলমানসকলৰ
কাৰণে ৰচিলে জানো? নিজৰ নিজৰ ভাষাত কোনোবাই স্বৰ্গ বুলি কয়, কোনোবাই জন্নত বুলি কয়।
তোমালোকে জানা স্বৰ্গত কেৱল ভাৰতহে থাকে। এই সকলোবোৰ কথা তোমালোক সন্তানসকলৰ
বুদ্ধিত পুৰুষাৰ্থৰ ক্ৰম অনুসৰি ধাৰণ হয়। এজন মুছলমানেও কৈছিল - মই আল্লাৰ বাগিচালৈ
গ’লোঁ। এই সকলোবোৰ সাক্ষাৎকাৰ হয়। ড্ৰামাত পূৰ্বৰে পৰা নিৰ্ধাৰিত হৈ আছে। ড্ৰামাত
যি হয়, চেকেণ্ড অতিবাহিত হ’ল ক’ব কল্প পূৰ্বেও হৈছিল। কাইলৈ কি হ’ব, এইটো গম পোৱা
নাযায়। ড্ৰামাৰ ওপৰত নিশ্চয়তা থাকিব লাগে, তেতিয়া কোনো ভয় নাথাকিব। আমাকতো পিতাই
হুকুম দিছে – মামেকম্ (কেৱল মোক; পৰমপিতা শিৱক) স্মৰণ কৰা আৰু নিজৰ উত্তৰাধিকাৰক
স্মৰণ কৰা। নাশতো সকলো হ’বই লাগিব। কোনেও ইজনে সিজনৰ কাৰণে কান্দিবও নোৱাৰিব। মৃত্যু
আহিল আৰু গ’ল, কান্দিবলৈ সময় নাথাকিব। মাতেই নোলাব। আজিকালিতো মনুষ্যই চিতা ভস্ম
লৈও কিমান পৰিক্ৰমা লগায়। ভাৱনা আছে। সকলো সময়ৰ অপচয়….. ইয়াত আছেনো কি। মাটি, মাটিত
মিলি যাব। ইয়াৰ দ্বাৰা ভাৰত পৱিত্ৰ হৈ যাব জানো? পতিত সৃষ্টিত যি কাম কৰে, পতিত
কামেই কৰিব। দান-পুণ্য আদিও কৰি আহিছে। ভাৰত জানো পৱিত্ৰ হ’ল? ছিৰি নামিবই (অৱনমিত
হ’বই) লাগে। সত্যযুগত সূৰ্যবংশী হ’ল। আকৌ ছিৰি নামিবলগীয়া হয়, লাহে লাহে অৱনমিত হয়।
লাগিলে যিমানেই যজ্ঞ-তপ আদি নকৰক তথাপিও পৰৱৰ্তী জন্মত অল্পকালৰ ফল পোৱা যায়।
কোনোবাই বেয়া কৰ্ম কৰিলে তেতিয়া তেওঁ তাৰো ফল পায়। বেহদৰ পিতাই জানে সন্তানসকলক
পঢ়াবলৈ আহিছে। শৰীৰো সাধাৰণ লৈছে। কোনো তিলক আদি লগোৱাৰ প্ৰয়োজন নাই। তিলকতো
ভক্তসকলে ডাঙৰ ডাঙৰকৈ দিয়ে, কিন্তু কিমান ঠগে। বাবাই কয়, মই সাধাৰণ শৰীৰত আহোঁ, আহি
সন্তানসকলক পঢ়াওঁ। বানপ্ৰস্থ অৱস্থা হ’ল। শ্ৰীকৃষ্ণৰ নাম কিয় দিলে? এইটো বিচাৰ
কৰিবলৈও বুদ্ধি নাই। এতিয়া বাবাই শুদ্ধ ভুল বিচাৰ কৰিবলৈ বুদ্ধি দিছে।
পিতাই কয়, তোমালোকে
যজ্ঞ-তপ, দান-পুণ্য কৰি, শাস্ত্ৰ পঢ়ি আহিছা। সেই শাস্ত্ৰবিলাকত কিবা আছেনে? মইতো
তোমালোকক ৰাজযোগ শিকাই বিশ্বৰ বাদশ্বাহী দিলোঁ নে শ্ৰীকৃষ্ণই দিলে? বিচাৰ কৰা। কয় –
বাবা আপুনিয়েই শুনাইছিল। শ্ৰীকৃষ্ণতো সৰু ৰাজকুমাৰ, তেওঁ কেনেকৈ শুনাব। বাবা
আপোনাৰেই ৰাজযোগৰ দ্বাৰা আমি এনেকুৱা হওঁ। পিতাই কয়, শৰীৰৰ ভৰসা নাই। বহুত
পুৰুষাৰ্থ কৰিব লাগে। বাবাক বাতৰি দিয়ে অমুক বহুত ভাল নিশ্চয় বুদ্ধিৰ। মই কওঁ
একেবাৰে নিশ্চয়তা নাই, যাক বহুত মৰম কৰিছিলোঁ তেওঁলোক আজি নাই। বাবাইতো সকলোৰে সৈতে
মৰমেৰে চলে। যেনেকুৱা কৰ্ম মই কৰিম, মোক দেখি আনেও কৰিব। বহুতেতো বিকাৰগ্ৰস্ত হৈ আকৌ
গোপনে আহি বহে। বাবাইতো তৎক্ষণাৎ বাৰ্তাবাহকক কৈ দিয়ে। এনেকুৱা কৰ্ম কৰোঁতাসকল বহুত
স্পৰ্শকাতৰ হৈ গৈ থাকিব। আগলৈ চলিব নোৱাৰিব। অন্তিমৰ স্পৰ্শকাতৰ সময়ত কোনোবাই কিবা
কৰিলে তেতিয়া একেবাৰে কঠোৰ নিয়ম প্ৰয়োগ কৰে। আগলৈ গৈ তোমালোকে বহুত দেখিবা। বাবাই
কি কি কৰে। বাবাই জানো শাস্তি দিব, ধৰ্মৰজাৰ দ্বাৰা দিয়ায়। জ্ঞানত প্ৰেৰণাৰ কথা নাই।
ভগৱানকতো সকলো মনুষ্যই কয় - হে পতিত-পাৱন আহক, আহি আমাক পাৱন কৰি তোলক। সকলো আত্মাই
কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা আহ্বান জনায়। পিতা হ’ল জ্ঞানৰ সাগৰ। তেওঁৰ ওচৰত অনেক প্ৰকাৰৰ
সম্পদ আছে। এনেকুৱা সম্পদতো অন্য কাৰো নাই। শ্ৰীকৃষ্ণৰ মহিমা একেবাৰে বেলেগ। পিতাৰ
শিক্ষাৰে এওঁলোক লক্ষ্মী-নাৰায়ণ কেনেকৈ হ’ল? গঢ়ি তোলোঁতাতো হৈছে পিতা। পিতা আহি
কৰ্ম, অকৰ্ম, বিকৰ্মৰ গতি বুজায়। এতিয়া তোমালোকৰ তৃতীয় নেত্ৰ মুকলি হৈছে। তোমালোকে
জানা 5 হাজাৰ বছৰৰ কথা। এতিয়া ঘৰলৈ যাব লাগে, ভূমিকা পালন কৰিব লাগে। এয়া স্বদৰ্শন
চক্ৰ নহয় জানো। তোমালোকৰ নাম হৈছে স্বদৰ্শন চক্ৰধাৰী, ব্ৰাহ্মণ কুল ভূষণ, প্ৰজাপিতা
ব্ৰহ্মাকুমাৰ-কুমাৰী। লাখৰ হিচাপত স্বদৰ্শন চক্ৰধাৰী হ’বগৈ। তোমালোকে কিমান জ্ঞান
পঢ়া। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই সময় অতি
স্পৰ্শকাতৰ সেইকাৰণে কোনোধৰণৰ ওলোটা কৰ্ম কৰিব নালাগে। কৰ্ম-অকৰ্ম- বিকৰ্মৰ গতিৰ
প্ৰতি ধ্যান দি সদায় শ্ৰেষ্ঠ কৰ্ম কৰিব লাগে।
(2) যোগৰ দ্বাৰা
সৰ্বকালৰ কাৰণে নিজৰ কায়া (শৰীৰ) নিৰোগী কৰিব লাগে। একমাত্ৰ আটাইতকৈ মৰমৰ পিতাকেই
স্মৰণ কৰিব লাগে। পিতাৰ পৰা যি অবিনাশী জ্ঞান ধন পোৱা যায় সেয়া দান কৰিব লাগে।
বৰদান:
সহনশীলতাৰ
গুণৰ দ্বাৰা কঠোৰ সংস্কাৰো শীতল কৰোঁতা সন্তুষ্টমণি হোৱা
যিসকলৰ সহনশীলতাৰ গুণ
থাকে তেওঁলোকৰ চেহেৰা সদায় সন্তুষ্ট দেখা যাব, যিসকল স্বয়ং সন্তুষ্ট মূৰ্ত হৈ থাকে
তেওঁলোকে আনকো সন্তুষ্ট কৰি দিয়ে। সন্তুষ্ট হোৱা মানে সফলতা প্ৰাপ্ত কৰা। যিসকল
সহনশীল হয় তেওঁলোকে নিজৰ সহনশীলতাৰ শক্তিৰে কঠোৰ সংস্কাৰ বা কঠিন কাৰ্যক শীতল আৰু
সহজ কৰি দিয়ে। তেওঁলোকৰ চেহেৰাই গুণমূৰ্ত দেখা যায়। তেওঁলোকেই ড্ৰামাৰ ঢালৰ ওপৰত
স্থিৰ হৈ (অৰ্থাৎ সকলো ঘটনাই পূর্বনির্ধাৰিত বুলি বুজি শান্ত হৈ থাকিব) থাকিব পাৰে।
স্লোগান:
যিসকল বাণীৰ দ্বাৰা পৰিৱৰ্তন নহয় তেওঁলোকক শুভ প্ৰকম্পনৰ দ্বাৰা পৰিৱৰ্তন কৰিব পাৰা।
অব্যক্ত ইংগিত: মহান
হ’বলৈ মধুৰতা আৰু নম্ৰতাৰ গুণ ধাৰণ কৰা
যেনেকৈ পিতা ব্ৰহ্মাৰ
বাণী ফৰিস্তাৰ বাণী, কমকৈ কৈছিল আৰু বাণী মধুৰ আছিল তেনেকৈ যথাৰ্থভাৱে কোৱা।
কাম-কাজৰ বাবে ক’বলগীয়া হয় কিন্তু সেয়াও দীঘলীয়া নকৰিবা। প্ৰতিটো সংকল্প, প্ৰতিষাৰ
বাণী আৰু কৰ্মত পিতাক অনুসৰণ কৰা। প্ৰতিষাৰ বাণীত যাতে মধুৰতা, নম্ৰতাৰ মহানতা থাকে।
ইয়াৰ বাবে নিজক নিমিত্ত বুলি বুজি কাৰ্য কৰা তেতিয়া মহানতাৰ লগতে নম্ৰতা আহিব আৰু
সফলতামূৰ্ত হৈ যাবা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]