23.09.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
সকলো কথাত যোগবলেৰে কাম আদায় কৰা, পিতাক একোৱে সুধিবলগীয়া কথা নাই, তোমালোক ঈশ্বৰীয়
সন্তান সেইবাবে কোনো আসুৰিক কৰ্ম নকৰিবা”
প্ৰশ্ন:
তোমালোকৰ এই
যোগবলৰ চমৎকাৰ কি?
উত্তৰ:
এই যোগবলৰ দ্বাৰা তোমালোকৰ সকলো কৰ্মেন্দ্রিয় বশ হৈ যায়। যোগবল অবিহনে তোমালোক পাৱন
হ'ব নোৱাৰা। যোগবলৰ দ্বাৰাই গোটেই সৃষ্টি পাৱন হয় সেইবাবে পাৱন হ'বলৈ বা ভোজন শুদ্ধ
কৰিবলৈ স্মৃতিৰ যাত্রাত থাকা। যুক্তিৰে চলা। নম্রতাৰে ব্যৱহাৰ কৰা।
ওঁম্শান্তি।
আত্মিক পিতাই
আত্মিক সন্তানসকলক বুজায়। জগতত কোনেও নাজানে যে আত্মিক পিতা আহি স্বৰ্গ বা নতুন
সৃষ্টিৰ স্থাপনা কেনেকৈ কৰে। কোনেও নাজানে। তোমালোকে পিতাৰ একোৱে খুজিব নোৱাৰা।
পিতাই সকলো বুজায়। একোৱে সোধাৰ দৰকাৰ নাথাকে, সকলো নিজেই বুজাই থাকে। পিতাই কয় - মই
কল্পই কল্পই এই ভাৰত খণ্ডলৈ আহি কি কৰিব লাগে, সেয়া মই জানো, তোমালোকে নাজানা। নিতৌ
বুজাই থাকে। কোনোবাই যদি একোকে নোসোধেও তথাপিও সকলো বুজাই থাকে। কেতিয়াবা সোধে -
খোৱা-বোৱাৰ অসুবিধা হয় নেকি। এতিয়া এইটোতো বুজিবলগীয়া কথা। বাবাই কৈ দিছে সকলো কথাতে
যোগবলেৰে কাম আদায় কৰা, স্মৃতিৰ যাত্রাত থাকি কৰ্ম কৰা, আৰু য'লৈকে যোৱা মুখ্য কথা
হ'ল পিতাক নিশ্চয় স্মৰণ কৰিব লাগে। আৰু কোনো আসুৰিক কৰ্ম কৰিব নালাগে। আমি ঈশ্বৰীয়
সন্তান, তেওঁ হ'ল সকলোৰে পিতা, সকলোৰে বাবে এয়া একে শিক্ষাই দিব। পিতায়ে শিক্ষা দিয়ে
– সন্তানসকল, স্বৰ্গৰ মালিক হ'ব লাগে। ৰাজ্যতো পদবীতো থাকে নহয়। প্রত্যেকৰে নিজৰ
পুৰুষাৰ্থ অনুসৰি পদবী থাকে। সন্তানসকলে পুৰুষাৰ্থ কৰিব লাগে আৰু প্রালব্ধও
সন্তানসকলে পাব লাগে। পুৰুষাৰ্থ কৰাবলৈ পিতা আহে। তোমালোকে একো নাজানিছিলা যে পিতা
কেতিয়া আহিব, আহি কি কৰিব, ক’লৈ লৈ যাব। পিতাহে আহি বুজায় - ড্ৰামাৰ পৰিকল্পনা
অনুসৰি তোমালোক ক'ৰ পৰা সৰি পৰিলা (অৱনমিত হ’লা)। একেবাৰে উচ্চ শিখৰৰ পৰা। অলপো
বুদ্ধিত উদয় নহয় যে আমি কোন? এতিয়া অনুভৱ কৰা নহয়। তোমালোকে সপোনতো ভবা নাছিলা যে
পিতা আহি কি কৰিব। তোমালোকেও একো নাজানিছিলা। এতিয়া পিতাক পাইছা যেতিয়া বুজি পোৱা
যে এনেকুৱা পিতাৰ প্ৰতিতো উৎসৰ্গিত হৈ যাব লাগে। যেনেকৈ স্ত্রী যদি পতিব্ৰতা হয়
তেন্তে পতিৰ বাবে কিমান বলিদান দিয়ে। চিতাত উঠিবলৈও ভয় নকৰে। কিমান সাহসী হয়। আগতে
চিতাত বহুতে উঠিছিল (সতীদাহ প্ৰথা)। ইয়াত বাবাইতো এনেকুৱা একো কষ্ট নিদিয়ে। যদিওবা
নাম জ্ঞান চিতা কিন্তু জ্বলি যোৱাৰ কোনো কথা নাই। পিতাই এনেকৈ বুজাই যেন মাখনৰ পৰা
চুলি উলিওৱাৰ কথাহে (অতি সহজ)। সন্তানসকলে বুজি পায় যে যথাযথ জন্ম-জন্মান্তৰৰ বোজা
শিৰত আছে। অজামিল কোনো এজন নহয়। প্রত্যেক মনুষ্যই ইজন সিজনতকৈ বেছি অজামিল। মনুষ্যই
কি জানে পূৰ্বৰ জন্মত কি কি কৰিছিল। এতিয়া তোমালোকে বুজি পোৱা পাপহে কৰিছিলোঁ,
বাস্তৱত এটিও পুণ্য আত্মা নাই। সকলোবোৰ হ'ল পাপ আত্মা। পুণ্য কৰিলে পুণ্য আত্মা হৈ
যায়। পুণ্য আত্মাসকল সত্যযুগত থাকে। কোনোবাই যদি হস্পিতাল আদি স্থাপনা কৰিলে তাৰ পৰা
কি হ'ল। ছিৰি নামি যোৱাৰ (অৱনমিত হোৱাৰ) পৰা হাত সাৰি যাব জানো। আৰোহণ কলাতো নহয়।
অৱনমিতহে হৈ যায়। এইজন পিতাতো এনেকুৱা পৰমপ্ৰিয় যাৰ কাৰণে কয় যে জীৱন্তে উৎসৰ্গিত
হৈ যাওঁ কিয়নো তেওঁ স্বামীসকলৰো স্বামী, পিতাসকলৰো পিতা সকলোতকৈ উচ্চ।
সন্তানসকলক এতিয়া
পিতাই জগাই আছে। এনেকুৱা বাবা যিয়ে স্বৰ্গৰ মালিক কৰি তোলে, কিমান সাধাৰণ।
আৰম্ভণিত যেতিয়া কন্যাসকল বেমাৰত ভুগিছিল তেতিয়া বাবাই নিজেই তেওঁলোকৰ সেৱা
কৰিছিল। একোৱে অহংকাৰ নাই। বাপদাদা উচ্চতকৈও উচ্চ। কয় - যেনেকুৱা কৰ্ম মই এওঁৰ (ব্ৰহ্মাবাবাৰ)
দ্বাৰা কৰাম, নতুবা কৰিম। দুয়ো যেন এক হৈ যায়। গম পোৱা যায় জানো। পিতাই কি কৰে,
দাদাই কি কৰে। কৰ্ম-অকৰ্ম-বিকৰ্মৰ গতি পিতাইহে বহি বুজায়। পিতা বহুত উচ্চ। মায়াৰো
কিমান প্ৰভাৱ আছে। ঈশ্বৰ পিতাই কয় – এনেকুৱা নকৰিবা, তথাপিও নামানে। ভগৱানে কয় -
মৰমৰ সন্তানসকল, এইটো কৰ্ম নকৰিবা, তথাপিও ওলোটা কৰ্ম কৰি দিয়ে। ওলোটা কৰ্মৰ
বাবেইতো মানা কৰিব নহয়। কিন্তু মায়াও বহুত শক্তিশালী। ভুলতো পিতাক পাহৰিব নালাগে।
যিয়েই নকৰক, মাৰক বা টুকুৰা টুকুৰ কৰি দিয়ক। পিতাই এনেকুৱা একো নকৰে কিন্তু এনেকৈ
চৰম অৱস্থাৰ বাবে কোৱা হয়। গীতো আছে তোমাৰ দুৱাৰ কেতিয়াও এৰি নাযাওঁ। লাগিলে যি
বুলিয়েই নোকোৱা। বাহিৰত আছেই বা কি। বুদ্ধিয়েও কয় যামনো ক’লৈ? পিতাই বাদশ্বাহী দিয়ে
সেয়া পাছত কেতিয়াবা পোৱা যায় জানো। এনেকুৱা হয় জানো যে পাছৰ জন্মত কিবা পোৱা যাব।
নহয়। এয়া পাৰলৌকিক পিতা যিজনে তোমালোকক বেহদ সুখধামৰ মালিক কৰি তোলে। সন্তানসকলে
দৈৱীগুণো ধাৰণ কৰিব লাগে, সেয়াও পিতাই পৰামৰ্শ দিয়ে। নিজৰ পুলিচ আদিৰ কৰ্মও কৰা,
নহ’লে বৰ্খাস্ত কৰি দিব। নিজৰ কৰ্মতো কৰিবই লাগে, চকু দেখুৱাবলগীয়া হয় (খঙাল
দৃষ্টিৰে চাবলগীয়া হয়)। যিমান পাৰা মৰমেৰে কাম আদায় কৰা। নহ’লে যুক্তিৰে চকু দেখুওৱা।
হাত চলাব নালাগে। বাবাৰ কিমান অনেক সন্তান আছে। বাবাৰো সন্তানসকলৰ খেয়াল থাকে নহয়।
মূল কথা হৈছে পৱিত্ৰ হৈ থকা। জন্ম-জন্মান্তৰ তোমালোকে আহ্বান জনাইছা নহয় – হে
পতিত-পাৱন, আহি আমাক পাৱন কৰি তোলক। কিন্তু অৰ্থ একোৱেই নুবুজে। আহ্বান জনায় তেন্তে
নিশ্চয় পতিত। নহ’লেতো আহ্বান জনোৱাৰ দৰকাৰ নাই। পূজা কৰাৰো দৰকাৰ নাই। পিতাই বুজায়
- তোমালোক অবলাসকলৰ ওপৰত কিমান অত্যাচাৰ হয়, সহ্য কৰিবলগীয়াই হয়। যুক্তিও শুনাই থাকে।
বহুত নম্ৰতাৰে চলা। কোৱা, আপুনিতো ভগৱান, তেন্তে এয়া কি বিচাৰিছে? বিবাহ পাশত আৱদ্ধ
হোৱাৰ সময়ত কয় - মই তোমাৰ পতি ঈশ্বৰ গুৰু সকলো হওঁ, এতিয়া মই পৱিত্ৰ হৈ থাকিব বিচাৰোঁ,
তেন্তে আপুনি বাধা কিয় দিয়ে। ভগৱানকতো পতিত-পাৱন বুলি কোৱা হয় নহয়। আপুনিয়েই পৱিত্ৰ
কৰি তোলোঁতা হৈ যাওঁক। এনেকৈ মৰমেৰে, নম্ৰতাৰে কথা পাতিব লাগে। ক্ৰোধ কৰিলে ফুলৰ
বৰ্ষা কৰা। মাৰে আকৌ তাৰ বাবে দুখ প্ৰকাশো কৰে। যেনেকৈ মদ্যপান কৰিলে বহুত নিচা বাঢ়ি
যায়। নিজকে বাদশ্বাহ বুলি ভাবে। তেন্তে এই বিষো এনেকুৱা বস্তু যে কথাই নুসুধিবা।
অনুতাপো কৰে কিন্তু অভ্যাস হৈ যোৱাৰ বাবে সেয়া আঁতৰি নাযায়। এবাৰ দুবাৰ বিকাৰগ্ৰস্ত
গ’ল, বচ্ নিচা লাগি যায় তাৰপাছত অৱনতি হৈ থাকে। যেনেকৈ নিচাযুক্ত দ্ৰব্যই আনন্দিত
কৰি তোলে, বিকাৰো তেনেকুৱা। ইয়াত আকৌ বহুত পৰিশ্ৰম হয়। যোগবল অবিহনে কোনেও
কৰ্মেন্দ্ৰিয়ক বশ কৰিব নোৱাৰে। যোগবলৰে চমৎকাৰ, সেইবাবেতো নাম প্ৰসিদ্ধ, বাহিৰৰ পৰা
ইয়ালৈ যোগ শিকিব আহে। শান্তিত বহি থাকিব। ঘৰ-সংসাৰৰ পৰা দূৰ হৈ যায়। সেয়াতো হৈছে
আধাকল্পৰ কাৰণে কৃত্ৰিম শান্তি। কোনেও সঁচা শান্তি বিষয়ে গমেই নাপায়। পিতাই কয় -
সন্তানসকল, তোমালোকৰ স্ব-ধৰ্মই হৈছে শান্তি, এই শৰীৰেৰে তোমালোকে কৰ্ম কৰা।
যেতিয়ালৈকে শৰীৰ ধাৰণ নকৰে তেতিয়ালৈকে আত্মা শান্তিত থাকে। পুনৰ ক’ৰবাত নহয় ক’ৰবাত
গৈ প্ৰৱেশ কৰে। ইয়াততো আকৌ কোনো কোনোৱে সূক্ষ্ম শৰীৰেৰে হাবাথুৰি খাই থাকে। সেয়া
ছায়াৰ শৰীৰ, কোনোবা দুখ দিওঁতা, কোনোবা ভাল, ইয়াতো কোনোবা ভাল মনুষ্য থাকে যিয়ে
কাকোৱেই দুখ নিদিয়ে। কোনোবাইতো বহুত দুখ দিয়ে। কোনোবা আকৌ যেন সাধু মহাত্মা।
পিতাই বুজায় মৰমৰ
সন্তানসকল, তোমালোকে 5 হাজাৰ বছৰৰ পাছত পুনৰ আহি মিলিত হৈছা। কি ল’বলৈ? পিতাই
শুনাইছে তোমালোকে কি পাবা। বাবা আপোনাৰ পৰা কি পাম, এইটোতো প্ৰশ্নই নহয়। আপুনিতো
হয়েই স্বৰ্গ স্থাপনা কৰোঁতা ঈশ্বৰ পিতা। নতুন সৃষ্টিৰ ৰচয়িতা। তেন্তে নিশ্চয় আপোনাৰ
পৰা বাদশ্বাহীয়েই পাম। পিতাই কয় - অলপো যদি কিবা বুজি যায় তেতিয়াও স্বৰ্গলৈ নিশ্চয়
আহিব। মই স্বৰ্গ স্থাপনা কৰিবলৈ আহিছোঁ। সকলোতকৈ শ্ৰেষ্ঠ ব্যক্তি হৈছে ভগৱান আৰু
প্ৰজাপিতা ব্ৰহ্মা। তোমালোকে জানা যে বিষ্ণু কোন? আন কোনেও নাজানে। তোমালোকেতো ক’বা
আমি এওঁৰ বংশৰ হওঁ, এই লক্ষ্মী-নাৰায়ণেতো সত্যযুগত ৰাজত্ব কৰিছিল। এই চক্ৰ আদি জানো
বাস্তৱত বিষ্ণুৰ হয়। এই অলংকাৰ আমাৰ ব্ৰাহ্মণসকলৰ। এতিয়া এই জ্ঞান আছে। সত্যযুগত
জানো এয়া বুজাব। এনেকুৱা কথা শুনোৱাৰ শক্তি কাৰো নাই। তোমালোকে এই 84ৰ চক্ৰক জানা।
ইয়াৰ অৰ্থ কোনেও বুজিব নোৱাৰে। সন্তানসকলক পিতাই বুজাইছে। সন্তানসকলেও বুজি গৈছে,
আমাৰ ক্ষেত্ৰততো এই অলংকাবোৰ শোভা নাপায়। এতিয়া আমি শিক্ষা আহৰণ কৰি আছোঁ।
পুৰুষাৰ্থ কৰি আছোঁ। পুনৰ এনেকুৱা হৈ যামগৈ। স্বদৰ্শন চক্ৰ ঘূৰাই ঘূৰাই আমি দেৱতা
হৈ যাম। স্বদৰ্শন চক্ৰ অৰ্থাৎ ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তক জানিব লাগে। গোটেই
সৃষ্টিত কোনেও এইটো বুজাব নোৱাৰে যে এই সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰে। পিতাই কিমান সহজকৈ
বুজায় - এই চক্ৰৰ আয়ুস ইমান বেছিতো হ’ব নোৱাৰে। মনুষ্য সৃষ্টিৰেই খবৰ শুনোৱা হয় যে
ইমান মনুষ্য আছে। এনেকৈ জানো কোৱা হয় যে কিমান কাছ আছে, মাছ আদি কিমান আছে,
মনুষ্যৰেই কথা। তোমালোককো প্ৰশ্ন সোধে, পিতাই সকলো শুনাই থাকে। কেৱল তাৰ প্ৰতি পূৰা
ধ্যান দিব লাগে।
পিতাই বুজাইছে -
যোগবলেৰে তোমালোকে সৃষ্টি পাৱন কৰি তোলা তেন্তে যোগবলেৰে ভোজন শুদ্ধ কৰিব নোৱাৰানে?
বাৰু, তোমালোকতো এনেকুৱা হৈছা। তেন্তে কাৰোবাক নিজৰ সমান কৰি গঢ়ি তোলানে? এতিয়া
তোমালোক সন্তানসকলে বুজি পোৱা যে পিতা আহিছে স্বৰ্গৰ বাদশ্বাহী পুনৰাই দিবলৈ। সেয়েহে
ইয়াক প্ৰত্যাখ্যান নকৰিবা। বিশ্বৰ বাদশ্বাহী প্ৰত্যাখ্যান কৰিলে তেন্তে শেষ। তেতিয়া
আৱৰ্জনাৰ পাত্ৰত গৈ পৰিবা। এই গোটেই জগতখন হৈছে আৱৰ্জনা। তেন্তে ইয়াক আৱৰ্জনা বুলিয়ে
কোৱা হ’ব। জগতৰ অৱস্থা চোৱা কেনেকুৱা। তোমালোকেতো জানা যে আমি বিশ্বৰ মালিক হওঁগৈ।
এইটো কোনেও নাজানে যে সত্যযুগত এখনেই ৰাজ্য আছিল, মানি নল’ব। নিজৰ অহংকাৰ থাকে
সেয়েহে অলপো নুশুনে, কৈ দিয়ে এই সকলোবোৰ আপোনালোকৰ কল্পনা। কল্পনাৰেই এই শৰীৰ আদি
তৈয়াৰ হৈছে। অৰ্থ একোৱেই বুজি নাপায়। বচ্ এয়া ঈশ্বৰৰ কল্পনা, ঈশ্বৰে যি বিচাৰে
সেয়াই হয়, তেওঁৰ এয়া খেল। এনেকুৱা কথা কয়, কথাই নুসুধিবা। এতিয়া তোমালোক সন্তানসকলে
জানা বাবাৰ আগমন হৈছে। বৃদ্ধ মাতাসকলেও কয় - বাবা প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত আমি
আপোনাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ লওঁ। আমি এতিয়া আহিছোঁ স্বৰ্গৰ ৰাজ্য-ভাগ্য ল’বলৈ।
তোমালোকে জানা যে সকলো ভাৱৰীয়াৰ নিজৰ নিজৰ ভূমিকা আছে। এজনৰ ভূমিকা আনজনৰ লগত নিমিলে।
তোমালোক আকৌ এইটো নাম ৰূপতেই এই সময়ত পুনৰ পিতাৰ পৰা উত্তৰাধিকাৰ ল’বলৈ পুৰুষাৰ্থ
কৰিবা। কিমান সীমাহীন উপাৰ্জন হয়। যদিও বাবাই কয় যদি অলপো শুনে তেতিয়াও স্বৰ্গলৈ
আহিব কিন্তু প্ৰত্যেক মনুষ্যই শ্ৰেষ্ঠ হ’বলৈকে পুৰুষাৰ্থ কৰে নহয়। সেয়েহে পুৰুষাৰ্থ
হৈছে প্ৰথম। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যেনেকৈ
বাবাই সন্তানসকলৰ সেৱা কৰে, কোনো অহংকাৰ নাই তেনেকৈ পিতাক অনুসৰণ কৰিব লাগে। পিতাৰ
শ্ৰীমতত চলি বিশ্বৰ বাদশ্বাহী ল’ব লাগে, প্ৰত্যাখ্যান কৰিব নালাগে।
(2) পিতাসকলৰো পিতা,
পতিসকলৰো পতি যিজন সৰ্বোচ্চ, অতি মৰমৰ তেওঁৰ প্ৰতি জীৱন্তে উছৰ্গিত হৈ যাব লাগে।
জ্ঞান-চিতাত বহিব লাগে। কেতিয়াও ভুলতো পিতাক পাহৰি ওলোটা কাম কৰিব নালাগে।
বৰদান:
আনন্দৰ অক্ষয়
সম্পদেৰে ভৰপূৰ সদায় নিচিন্ত বাদশ্বাহ হোৱা
আনন্দৰ সাগৰৰ দ্বাৰা
নিতৌ আনন্দৰ অক্ষয় সম্পদ প্ৰাপ্ত হয় সেয়েহে যিকোনো পৰিস্থিতিত আনন্দ নোহোৱা হৈ যাব
নোৱাৰে। কোনো কথাৰ বাবে চিন্তা হ’ব নোৱাৰে। এনেকুৱা নহয় যে সম্পত্তিৰ কি হ’ব,
পৰিয়ালৰ কি হ’ব। পৰিৱৰ্তনেই হ’ব নহয়। পুৰণি সৃষ্টিত যিমানেই শ্ৰেষ্ঠ নহওঁক কিন্তু
সকলো পুৰণাই সেয়েহে নিচিন্ত হৈ গ’লা। যি হ’ব ভালেই হ’ব। ব্ৰাহ্মণৰ কাৰণে সকলো ভাল,
বেয়া একোৱে নাই। তোমালোকৰ এয়া এনেকুৱা বাদশ্বাহী যাক কোনেও কাঢ়ি নিব নোৱাৰে।
স্লোগান:
এই সংসাৰখনক এক অলৌকিক খেল আৰু পৰিস্থিতিসমূহক খেলাৰ সামগ্ৰী বুলি বুজি চলা তেতিয়া
কেতিয়াও নিৰাশ নোহোৱা।
অব্যক্ত সংকেত: এতিয়া
একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত কৰি যোগ জ্বালা ৰূপ কৰি তোলা
অন্তিম তথা তীব্ৰ
পুৰুষাৰ্থ জ্বালা ৰূপৰেই বাকী আছে। পাণ্ডৱসকলৰ কাৰণে যাদৱসকল ৰৈ আছে। পাণ্ডৱসকলৰ
শ্ৰেষ্ঠ সম্ভ্ৰম, আত্মিক সম্ভ্ৰমৰ স্থিতিয়ে যাদৱসকলৰ অশান্তিকৰ পৰিস্থিতি সমাপ্ত কৰি
দিব। সেয়েহে নিজৰ সম্ভ্ৰমেৰে অশান্ত আত্মাসকলক শান্তি আৰু আৰামৰ বৰদান দিয়া। জ্বালা
স্বৰূপ অৰ্থাৎ লাইট-হাউচ আৰু মাইট-হাউচ স্থিতিক বুজি এইটো পুৰুষাৰ্থ কৰি থাকা।