23.11.25 Avyakt Bapdada
Assame
Murli
31.12.2007 Om Shanti Madhuban
“*“নৱবৰ্ষত অখণ্ড
মহাদানী, অখণ্ড নিৰ্বিঘ্ন, অখণ্ড যোগী আৰু সদায় সফলতামূৰ্ত হোৱা”*”
আজি বাপদাদাই নিজৰ
সন্মুখত ডবল সভা চাই আছেহঁক। এফালেতো সাকাৰত সন্মুখত বহি আছে আৰু আনফালে দূৰৈত বহিও
অন্তৰৰ সমীপত দেখিবলৈ পোৱা গৈছে। দুয়োখন সভাৰ শ্ৰেষ্ঠ আত্মাসকলৰ মস্তকত আত্মা দীপক
চিকমিকাই আছে। কিমান সুন্দৰ চিকমিকাই থকা দৃশ্য। ইমানবিলাক এটা সংকল্পত, একৰস
স্থিতিত স্থিৰ, পৰমাত্ম প্ৰেমত লীন একাগ্ৰ বুদ্ধিৰে স্নেহত সমাহিত কিমান ধুনীয়া লাগি
আছে। তোমালোক সকলো আজি বিশেষ নৱবৰ্ষ উদ্যাপন কৰিবলৈ উপস্থিত হৈ গৈছা। বাপদাদায়ো
সকলো সন্তানৰ উৎসাহ-উদ্দীপনা দেখি, চিকমিকাই থকা আত্ম দীপক দেখি হৰ্ষিত হৈ আছে।
আজিৰ দিনটি সংগমৰ দিন।
এটা বৰ্ষৰ, পুৰণাৰ বিদায় আৰু নৱবৰ্ষৰ স্বাগত হ’ব। নৱবৰ্ষ অৰ্থাৎ নতুন উৎসাহ আৰু
উদ্দীপনা, স্ব-পৰিৱৰ্তনৰ উৎসাহ আছে, সৰ্ব প্ৰাপ্তি নিজে প্ৰাপ্ত কৰা দেখি অন্তৰ
উৎসাহিত হৈছে। জগতৰ লোকেও এই উৎসৱ উদ্যাপন কৰে, তেওঁলোকৰ বাবে এদিনৰ উৎসৱ আৰু
তোমালোক ভাগ্যশালী প্ৰিয় সন্তানসকলৰ বাবে সংগমযুগৰ প্ৰতিটো দিনেই উৎসৱ কিয়নো আনন্দৰ
উৎসৱ হয়। জগতৰ লোকেতো নুমাই যোৱা চাকি জ্বলাই বৰ্ষ উদ্যাপন কৰে আৰু বাপদাদা আৰু
তোমালোক ইমানবোৰ চাৰিওফালৰ জাগ্ৰত দীপকৰ সৈতে নৱবৰ্ষৰ উৎসৱ উদ্যাপন কৰিবলৈ আহিছোঁ।
এয়াতো ৰীতি-প্ৰথা পালন কৰিবৰ বাবে নিমিত্ত মাত্ৰ কৰা আচলতে তোমালোক সকলো জাগ্ৰত
দীপক। নিজৰ চিকমিকাই থকা দীপক দেখিবলৈ পোৱা নহয়! যিটো অবিনাশী দীপক।
নৱবৰ্ষত প্ৰত্যেকে
অন্তৰত নিজৰ প্ৰতি, বিশ্বৰ আত্মাসকলৰ প্ৰতি কিবা নতুন পৰিকল্পনা কৰিছানে? 12 বজাৰ
পাছত নতুন বৰ্ষ আৰম্ভ হৈ যাব তেন্তে এইটো বছৰ বিশেষ কি ৰূপত উদ্যাপন কৰিবা? যেনেকৈ
পুৰণা বছৰে বিদায় ল’ব তেনেকৈ তোমালোক সকলোৱেও পুৰণা সংকল্প, পুৰণা সংস্কাৰ এইবোৰ
বিদায় দিয়াৰ সংকল্প কৰিলানে? বৰ্ষৰ লগতে তোমালোকেও নতুন উৎসাহ-উদ্দীপনাৰ সংকল্প
বাস্তাবায়িত কৰিবা নহয়! গতিকে ভাবা নিজৰ মাজত কি নবীনতা আনিবা? কি নতুন
উৎসাহ-উদ্দীপনাৰ লহৰ বিয়পাবা? কি বিশেষ সংকল্পৰ প্ৰকম্পন বিয়পাবা? ভাবিছানে? কিয়নো
তোমালোক সকলো ব্ৰাহ্মণ সমগ্ৰ বিশ্বৰ আত্মাসকলৰ বাবে পৰিৱৰ্তনৰ নিমিত্ত আত্মা হোৱা।
বিশ্বৰ আধাৰ হোৱা, পূৰ্বজ হোৱা, পূজ্য হোৱা। তেন্তে এইটো বছৰ নিজৰ শ্ৰেষ্ঠ বৃত্তিৰ
দ্বাৰা কি প্ৰকম্পন বিয়পাবা? যেনেকৈ প্ৰকৃতিয়ে চাৰিওফালে কেতিয়াবা গৰমৰ, কেতিয়াবা
ঠাণ্ডাৰ, কেতিয়াবা বসন্তৰ প্ৰকম্পন বিয়পায়। তোমালোক প্ৰকৃতিৰ মালিক প্ৰকৃতিজিতসকলে
কি প্ৰকম্পন বিয়পাবা? যাৰ দ্বাৰা আত্মাসকলে অলপ সময়ৰ বাবে হ’লেও সুখ-শান্তিৰ অনুভৱ
কৰিব। ইয়াৰ বাবে বাপদাদাই এইটোৱে ইংগিত দি আছে যে যিয়েই সম্পদ প্ৰাপ্ত হৈছে সেই
সম্পদসমূহ সফল কৰা আৰু সফলতা স্বৰূপ হোৱা। বিশেষ সময় ৰূপী সম্পদ কেতিয়াও যাতে
ব্যৰ্থত নাযায়। এক চেকেণ্ডো ব্যৰ্থত খৰচ নকৰি কাৰ্যত লগোৱা। সময় সফল কৰা, প্ৰতিটো
শ্বাস সফল কৰা, প্ৰতিটো সংকল্প সফল কৰা, প্ৰতিটো শক্তি সফল কৰা, প্ৰতিটো গুণ সফল কৰা।
এইটো বৰ্ষ বিশেষকৈ সফলতামূৰ্ত হোৱাৰ বৰ্ষ উদ্যাপন কৰা কিয়নো সফলতা তোমালোকৰ
জন্মসিদ্ধ অধিকাৰ। এই অধিকাৰ নিজৰ কাৰ্যত ব্যৱহাৰ কৰি সফলতামূৰ্ত হোৱা কিয়নো এতিয়াৰ
সফলতা তোমালোকৰ অনেক জন্ম লগত থাকিব। তোমালোকৰ সময়ৰ সফলতাৰ প্ৰালব্ধ পূৰা আধাকল্প
প্ৰাপ্ত হ’ব। এতিয়াৰ সময়ৰ সফলতাৰ প্ৰালব্ধ গোটেই সময়েই প্ৰাপ্ত হ’ব। শ্বাস সফল কৰিলে
ভৱিষ্যতেও চোৱা তোমালোকৰ শ্বাসৰ সফলতাৰ পৰিণাম ভৱিষ্যতে সকলো আত্মা গোটেই সময়
স্বাস্থ্যৱান হৈ থাকে। বেমাৰৰ নাম নাই। চিকিৎসা বিভাগেই নাই কিয়নো চিকিৎসক কি হৈ
যাব? ৰজা হৈ যাব নহয়! বিশ্বৰ মালিক হৈ যাব। কিন্তু এই সময়ত তোমালোকে শ্বাস সফল কৰা
আৰু সকলো আত্মাৰ স্বাস্থ্যৱান হৈ থকাৰ প্ৰালব্ধ প্ৰাপ্ত হয়। তেনেকৈ জ্ঞান ৰূপী
সম্পদ, তাৰ ফল স্বৰূপে স্বৰ্গত তোমালোকে নিজৰ ৰাজ্যত ইমান বুদ্ধিমান, শক্তিমান হৈ
যোৱা যে তাত কোনো মন্ত্ৰীৰ উপদেশ লোৱাৰ আৱশ্যকতা নাথাকে, নিজেই বুদ্ধিমান, শক্তিমান
হোৱা। শক্তিসমূহ সফল কৰা, তাৰ প্ৰালব্ধ তাত সৰ্ব শক্তি বিশেষকৈ ধৰ্ম সত্ত্বা, ৰাজ্য
সত্ত্বা, দুয়োটা বিশেষ শক্তি, সত্ত্বা তাত প্ৰাপ্ত হ’ব। গুণ ৰূপী সম্পদ সফল কৰা তাৰ
প্ৰালব্ধ দেৱতা পদৰ অৰ্থই হ’ল দৈৱিক গুণধাৰী আৰু লগতে এতিয়া অন্তিম জন্মত তোমালোকৰ
জড় মূৰ্তিৰ যেতিয়া পূজা কৰে তেতিয়া কি মহিমা কৰে? সৰ্বগুণ সম্পন্ন। গতিকে এই সময়ৰ
সফলতাৰ প্ৰালব্ধ স্বতঃ প্ৰাপ্ত হৈ যায় সেয়েহে পৰীক্ষা কৰা সম্পদ প্ৰাপ্ত হ’ল,
সম্পদেৰে সম্পন্ন হ’লা কিন্তু নিজৰ প্ৰতি বা বিশ্বৰ প্ৰতি কিমান সফল কৰিলা? পুৰণা
বৰ্ষ বিদায় দিবা তেন্তে পুৰণা বৰ্ষত জমা কৰা সম্পদ সফল কৰিলানে, কিমান কৰিলা? এইটো
পৰীক্ষা কৰিবা আৰু আগন্তুক বৰ্ষতো এই সম্পদসমূহ ব্যৰ্থৰ পৰিৱৰ্তে সফল কৰিবই লাগিব।
এক চেকেণ্ডো আৰু একো সম্পদ যাতে ব্যৰ্থত নাযায়। আগতে কৈছোঁ যে সংগমৰ সময়ৰ এটা
চেকেণ্ড চেকেণ্ড নহয় এটা বছৰৰ সমান। এনেকৈ নাভাবিবা যে এক চেকেণ্ড, এক মিনিটহে গ’ল,
ব্যৰ্থত যোৱা, ইয়াকে অমনোযোগিতা বুলি কোৱা হয়। তোমালোক সকলোৰে লক্ষ্য হ’ল যে পিতা
ব্ৰহ্মাৰ সমান সম্পন্ন আৰু সম্পূৰ্ণ হ’ব লাগে। পিতা ব্ৰহ্মাই সকলো সম্পদ আদিৰ পৰা
অন্তিম দিনলৈকে সফল কৰিলে, ইয়াৰ প্ৰত্যক্ষ প্ৰমাণ দেখিলা- সম্পূৰ্ণ ফৰিস্তা হৈ গ’ল।
তোমালোকৰ মৰমৰ দাদীকো দেখিলা সফল কৰিলে আৰু আনকো সফল কৰাৰ উৎসাহ-উদ্দীপনা বঢ়ালে।
ড্ৰামানুসৰি বিশেষ বিশ্ব সেৱাৰ অলৌকিক ভূমিকাৰ নিমিত্ত হ’ল।
তেন্তে এইটো বছৰ,
কাইলৈৰ পৰা প্ৰতিদিনে নিজৰ খতিয়ান ৰাখিবা - সফল আৰু ব্যৰ্থ….. কি হ’ল কিমান হ’ল?
অমৃতবেলাই দৃঢ় সংকল্প কৰিবা, স্মৃতি স্বৰূপ হ’বা যে সফলতা মোৰ জন্মসিদ্ধ অধিকাৰ।
সফলতা মোৰ ডিঙিৰ হাৰ। সফলতা স্বৰূপ হোৱাটোৱেই হৈছে সমান হোৱা। পিতা ব্ৰহ্মাৰ প্ৰতি
স্নেহ আছে নহয়। তেন্তে পিতা ব্ৰহ্মাৰ সকলোতকৈ বেছি স্নেহ কাৰ প্ৰতি আছিল? জানানে,
কাৰ প্ৰতি আছিল? মুৰুলীৰ প্ৰতি। অন্তিম দিনাও মুৰুলীৰ পাঠ খতি নকৰিলে। সমান হোৱাৰ
ক্ষেত্ৰত এইটো পৰীক্ষা কৰিবা – পিতা ব্ৰহ্মাৰ যাৰ প্ৰতি স্নেহ আছিল, পিতা ব্ৰহ্মাৰ
স্নেহৰ প্ৰমাণ হ’ল - যাৰ প্ৰতি পিতাৰ স্নেহ আছিল তাৰ প্ৰতি মোৰ স্নেহ স্বতঃ সহজে থকা
উচিত। পিতা ব্ৰহ্মাৰ আৰু বিশেষত্ব কি আছিল? সদায় সৰ্তক, অমনোযোগিতা নাই। অন্তিম
দিনাও কিমান সক্ৰিয় হৈ নিজৰ সেৱাৰ ভূমিকা পালন কৰিলে। শৰীৰ দুৰ্বল হোৱা সত্ত্বেও
কেনেকৈ সক্ৰিয় হৈ, আধাৰ লৈ নবহিলে আৰু সৰ্তক কৰি থৈ গ’ল। তিনিটা কথাৰ মন্ত্ৰ দি গ’ল।
স্মৃতিত আছে নহয় সকলোৰে। গতিকে যিমান সৰ্তক হৈ থাকিবা, অনুসৰণ কৰিবা, অমনোযোগিতা
সমাপ্ত হ’ব। অমনোযোগিতাৰ বিশেষ বচন বাপদাদাই বহুত শুনি থাকে। জানা নহয়! যদি সেই
তিনিটা শব্দ (নিৰাকাৰী, নিৰ্বিকাৰী আৰু নিৰহংকাৰী) সদায় নিজৰ মনত আওৱাই থাকা আৰু
উপলব্ধি কৰি গৈ থাকা তেতিয়া স্বতঃ সহজ আৰু স্বতঃ সমান হৈয়েই যাবা। এটা কথা সফল কৰা
সফলতামূৰ্ত হোৱা।
বাপদাদাই সন্তানসকলৰ
বছৰৰ ফলাফল চালে। কি দেখিলোঁ? মহাদানী হৈছা কিন্তু অখণ্ড মহাদানী, ‘অখণ্ড’ শব্দটিৰ
প্ৰতি বিশেষ ধ্যান দিবা, অখণ্ড মহাদানী, অখণ্ড যোগী, অখণ্ড নিবিঘ্ন এতিয়া ইয়াৰ
আৱশ্যকতা আছে। অখণ্ড হ’ব পাৰানে? হ’ব পাৰেনে? প্ৰথম শাৰীৰসকলে কোৱা যে অখণ্ড হ’ব
পাৰেনে? যদি হ’ব পাৰি হাত দাঙা। যিসকলে কৰিব পাৰা, কৰিব পাৰানে? মধুবন নিবাসীয়েও
দাঙি আছে। বাপদাদাই মধুবন নিবাসীক প্ৰথমে চায়। মধুবনৰ প্ৰতি স্নেহ আছে। শান্তিবন বা
পাণ্ডৱ ভৱন বা যিয়েই দাদীৰ ভূজা সকলোকে প্ৰথমে চায়। যদি অখণ্ড হৈ যোৱা তেন্তে মনেৰে
শক্তি বিয়পোৱাৰ সেৱাত ব্যস্ত হৈ থাকা, বাণীৰে জ্ঞানৰ সেৱা আৰু কৰ্মৰে গুণদান বা
গুণৰ সহযোগ দিয়াৰ সেৱা কৰা।
আজিকালি অজ্ঞানী
আত্মাই হওক, ব্ৰাহ্মণ আত্মাই হওক, সকলোকে গুণ দান, গুণৰ সহযোগ দিয়াৰ আৱশ্যক। যদি
নিজে সহজ সাধাৰণ ৰূপত আৰ্হি হৈ থাকা তেন্তে স্বতঃ আনে তোমালোকৰ গুণমূৰ্তৰ সহযোগ পাব।
আজিকালি ব্ৰাহ্মণ আত্মাসকলেও আৰ্হি চাব বিচাৰে, শুনিব নিবিচাৰে। পৰস্পৰেও কি কোৱা?
কোন হৈছে? গতিকে প্ৰত্যক্ষ ৰূপত গুণমূৰ্ত চাব বিচাৰে। গতিকে কৰ্মৰে বিশেষ গুণৰ
সহযোগ, গুণ দান দিয়াৰ আৱশ্যকতা আছে। শুনিব কোনেও নিবিচাৰে, চাব বিচাৰে। সেয়েহে এতিয়া
এইটো বিশেষ ধ্যানত ৰাখিবা যে মই জ্ঞানেৰে, বাণীৰেতো সেৱা কৰিয়েই আছা আৰু কৰিয়েই
থাকিব লাগিব, এৰিব নালাগে, কিন্তু এতিয়া মন আৰু কৰ্ম, মনৰ দ্বাৰা প্ৰকম্পন বিয়পোৱা।
কিৰণ বিয়পোৱা। প্ৰকম্পন আৰু কিৰণ দূৰৈত বহিও দিব পাৰা। শুভ-ভাৱনা, শুভ-কামনাৰ দ্বাৰা
যিকোনো আত্মাক মনৰ সেৱাৰ দ্বাৰা প্ৰকম্পন আৰু কিৰণ দিব পাৰা। গতিকে এতিয়া এইটো বছৰ
মনেৰে শক্তিৰ প্ৰকম্পন, শক্তিসমুহৰ দ্বাৰা কিৰণ আৰু কৰ্মৰ দ্বাৰা গুণৰ সহযোগ আৰু
অজ্ঞানী আত্মাসকলক গুণদান দিয়া।
নতুন বছৰৰ উপহাৰো দিয়া
নহয়। গতিকে এইটো বছৰ স্বয়ং গুণমূৰ্ত হৈ গুণ উপহাৰ দিবা। গুণৰ ‘ট’লী’ (প্ৰসাদ) খুওৱা
নহয়। লগ পোৱা তেতিয়া ‘ট’লী’ খুওৱা নহয়। ‘ট’লী’ খুৱালে আনন্দিত হৈ যায় নহয়। কিছুমান
আঁতৰি গুচি যোৱা আত্মায়ো ‘ট’লী’ৰ কথা মনত পেলায়। বাকী কথা পাহৰি যায় কিন্তু ‘ট’লী’
স্মৃতিলৈ আহে। তেন্তে এইটো বছৰ কি ‘ট’লী’ খুৱাবা? গুণ ৰূপী ‘ট’লী’ খুৱাবা। গুণৰ
পিকনিক কৰিবা কিয়নো পিতাৰ সমান সময়ৰ সমীপতা অনুসৰি আৰু দাদীৰ ইংগিত অনুসৰি সময়ৰ
সম্পন্নতা অকস্মাৎ যিকোনো সময়তে হোৱাৰ সম্ভাৱনা আছে সেয়েহে পিতাৰ সমান হ’ব লাগে আৰু
দাদীৰ স্নেহৰ প্ৰতিদান দিব লাগে গতিকে মন আৰু কৰ্মৰ দ্বাৰা সহযোগী হোৱাৰ যি আৱশ্যকতা
আছে, কোনোবা যেনেকুৱাই নহওক এনেকৈ নাভাবিবা যে এওঁ হ’লে তেতিয়া মই হ’ম। এক নম্বৰৰ
হ’ব লাগে সেয়েহে কেতিয়াও এনেকৈ নাভাবিবা যে এওঁ হ’লে তেতিয়া মই হ’ম। প্ৰথম নম্বৰতো
হওতাজন হৈ যাব, তেতিয়া তোমালোকৰ নম্বৰতো দ্বিতীয় হৈ যাব। তোমালোকে জানো দ্বিতীয়
নম্বৰ হ’ব বিচৰা নে প্ৰথম নম্বৰ হ’ব বিচৰা? এনেয়ে যদি কাৰোবাক কোৱা যে আপুনি
দ্বিতীয় নম্বৰ লৈ লওক তেন্তে ল’বনে? সকলোৱে এয়াই ক’ব যে প্ৰথম নম্বৰ ল’ম। তেন্তে
প্ৰথমে নিমিত্ত হ’ব লাগিব। আনক নিমিত্ত কিয় কৰা, নিজক নিমিত্ত কৰাচোন। পিতা
ব্ৰহ্মাই কি ক’লে? প্ৰতিটো কথাত নিজে নিমিত্ত হৈ নিমিত্ত কৰিলে। “হে অৰ্জুন” হৈ
ভূমিকা পালন কৰিলে। মই নিমিত্ত হ’ব লাগে। মই কৰিব লাগে। আনে কৰিব, মোক দেখি আনে
কৰিব, আনক দেখি মই কৰিম, নহয়। মোক দেখি আনে কৰিব। এয়া পিতা ব্ৰহ্মাৰ প্ৰথম পাঠ।
তেন্তে শুনিলা কি কৰিব লাগে? সফলতামূৰ্ত, সফল সফলতামূৰ্ত, অখণ্ড দানী, মায়া আহিবলৈ
সাহসেই নকৰিব। যেতিয়া অখণ্ড মহাদানী হৈ যাবা, নিৰন্তৰ সেৱাধাৰী হৈ থাকিবা, ব্যস্ত
হৈ থাকিবা, মন-বুদ্ধি সেৱাধাৰী হৈ থাকিব তেতিয়া মায়া ক’ত আহিব। তেন্তে এতিয়া এইটো
বৰ্ষ কি হ’ব লাগে? সকলোৰে এটা আৱাজ অন্তৰৰ পৰা ওলাওক, এয়া বাপদাদাই বিচাৰে, সেইটো
কি? কোনো সমস্যা নাই, সম্পূৰ্ণ। সমস্যা নহয় সম্পূৰ্ণ হ’বই লাগে। দৃঢ় নিশ্চয়বুদ্ধি,
বিজয়মালাৰ সমীপৰ মণি হ’বই লাগে। ঠিক আছে নহয়! হ’ব লাগে নহয়! মধুবন নিবাসী হ’ব লাগে!
কোনো অভিযোগ নাই নহয়? কোনো অভিযোগ নাই। সাহস থকাসকলে হাত দাঙা। কোনো সমস্যা নাই।
বাঃ! অভিনন্দন, অভিনন্দন, অভিনন্দন।
চোৱা নিশ্চয়তাৰ
প্ৰত্যক্ষ প্ৰমাণ হৈছে আত্মিক নিচা। যদি আত্মিক নিচা নাই তেন্তে নিশ্চয়তাও নাই।
সম্পূৰ্ণ নিশ্চয়তা নাই, অলপ অচৰপ আছে। তেন্তে নিচা ৰাখা কিনো ডাঙৰ কথা! কিমান কল্প
তোমালোকেই পিতাৰ সমান হৈছা, স্মৃতিত আছেনে? অগণন বাৰ হৈছা। গতিকে এইটো নিচা ৰাখা
আমিয়েই হৈছোঁ, আমিয়েই হওঁ আৰু আমিয়েই বাৰে বাৰে হৈ থাকিম। এইটো নিচা যাতে সদায়েই
কৰ্মত দেখা যায়। সংকল্পত নহয়, বাণীত নহয় কিন্তু কৰ্মত কৰ্মৰ অৰ্থ হ’ল চলনত, চেহেৰাত
দেখা দিয়ক। ঘৰৰ কাম পাই গ’লা। পালা নহয়? এতিয়া চাম ক্ৰম নম্বৰত আহা নে এক নম্বৰত আহা।
বাৰু।
বাপদাদাৰ ওচৰত কাৰ্ড,
পত্ৰ, ই-মেইল, স্নেহপূৰ্ণ স্মৃতি, কম্পিউটাৰৰ দ্বাৰা বহুত আহিছে আৰু বাপদাদাই দূৰৈত
বহি থকা অন্তৰাসনধাৰী সন্তানসকলক, প্ৰত্যেককে সন্মুখত প্ৰকট কৰি নাম সহিত বিশেষত্ব
সহিত স্নেহপূৰ্ণ স্মৰণ কৰি আছে আৰু অন্তৰৰ আশীৰ্বাদ দি আছে। বাপদাদাই জানে যে
স্নেহতো সকলোৰে থাকেই আৰু বাপদাদাই সদায় অমৃতবেলা বিশেষ ব্ৰাহ্মণ আত্মাসকলৰ
স্নেহপূৰ্ণ স্মৰণৰ সঁহাৰি বিশেষভাৱে জনায়। সেয়েহে কাৰ্ডো ভাল ভাল তৈয়াৰ কৰিছে। সেয়া
ইয়াত (মঞ্চত) ৰাখে কিন্তু বাপদাদাৰ ওচৰলৈতো সূক্ষ্মধামত আগতেই গৈ পায়। বাৰু।
চাৰিওফালৰ চিকমিকাই
থকা আত্ম-দীপ সন্তানসকলক, সদায় সফল কৰোঁতা সফলতা স্বৰূপ সন্তানসকলক, সদায় অখণ্ড
মহাদানী, অখণ্ড নিৰ্বিঘ্ন, অখণ্ড জ্ঞানী আৰু যোগযুক্ত, সদায় একে সময়তে তিনিওটা সেৱা
কৰোঁতা মনেৰে প্ৰকম্পনৰ দ্বাৰা, বায়ুমণ্ডলৰ দ্বাৰা, বাণীৰে বচনৰ দ্বাৰা, কৰ্মৰ
দ্বাৰা চলন আৰু চেহেৰাৰে তিনিওটা সেৱা একে সময়তে একেলগে হওক তেতিয়া তোমালোকৰ প্ৰভাৱ
ভাল বুলি কোৱাসকলৰ ওপৰত নহয় কিন্তু ভাল হওতাসকলৰ ওপৰত পৰিব। গতিকে এনেকৈ অনুভৱী
মূৰ্তৰ দ্বাৰা অনুভৱ কৰাওতা সন্তানসকলক বাপদাদাৰ নৱবৰ্ষ উপলক্ষে পদমগুণ স্নেহপূৰ্ণ
স্মৰণ, আশীৰ্বাদ আৰু অন্তৰৰ আসন সদায় অন্তৰাসনধাৰী কৰি তোলোঁতা হয়, সেয়েহে
চাৰিওফালৰ সন্তানসকলক যিসকল সন্মুখত আছে বা দূৰৈত বহি অন্তৰাসনত আছে, সকলোকে নাম আৰু
বিশেষত্ব সহিত স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।
বাৰু - যিসকল প্ৰথম
বাৰ আহিছে তেওঁলোক থিয় হোৱা। হাত লৰোৱা। চোৱা আধা শ্ৰেণী প্ৰথম বাৰ আহিছে। পিছৰসকলে
হাত লৰোৱা। টি.ভি.ত দেখা পোৱা গৈছে। বহুত আছে। বাৰু প্ৰথম বাৰ অহাসকলক বাপদাদাই
বহুত বহুত অন্তৰেৰে অভিনন্দনো জনাইছে আৰু অন্তৰেৰে স্নেহপূৰ্ণ স্মৰণো কৰিছে। যেনেকৈ
এতিয়া আহিছা, এতিয়া অহাসকলৰ প্ৰতি বাপদাদাৰ বৰদান হৈছে – “অমৰ হোৱা”।
বৰদান:
গ্লানি
কৰোঁতাসকলকো গুণমালা পিন্ধাওঁতা ইষ্ট দেৱ, মহান আত্মা হোৱা
যেনেকৈ আজিকালি
তোমালোক বিশেষ আত্মাসকলক স্বাগত জনোৱাৰ সময়ত কোনোবাই ডিঙিত স্থূল মালা পিন্ধায়
তেতিয়া তোমালোকে পিন্ধাওঁতাজনৰ ডিঙিত ওলোটাই পিন্ধাই দিয়া, তেনেকৈ গ্লানি
কৰোঁতাসকলকো তোমালোকে গুণমালা পিন্ধাই দিয়া তেতিয়া স্বতঃ তোমালোকক ওলোটাই গুণমালা
দিব কিয়নো গ্লানি কৰোতাজনক গুণমালা পিন্ধোৱা অৰ্থাৎ জন্ম জন্মৰ বাবে ভক্ত নিশ্চিত
কৰি দিয়া। এই দিয়াটোৱেই অনেক বাৰৰ বাবে লোৱা হৈ যায়। এইটো বিশেষত্বই ইষ্ট দেব, মহান
আত্মা কৰি তোলে।
স্লোগান:
নিজৰ মনৰ
বৃত্তি সদায় ভাল শক্তিশালী কৰি তোলা তেতিয়া বেয়াও ভাল হৈ যাব।
অব্যক্ত সংকেত: অশৰীৰী
তথা বিদেহী স্থিতিৰ অভ্যাস বঢ়োৱা
যিমানে চাৰিওফালে
কামৰ টনাটনি নহওক, বুদ্ধি সেৱাৰ কাৰ্যত অতি ব্যস্ত হৈ নাথাকক - এনেকুৱা সময়ত অশৰীৰী
হোৱাৰ অভ্যাস কৰি চোৱা। যথাৰ্থ সেৱাৰ কেতিয়াও বন্ধন নহয় কিয়নো যোগযুক্ত,
যুক্তিযুক্ত সেৱাধাৰী সদায় সেৱা কৰিও উৰ্দ্ধত থাকে। এনেকুৱা নহয় যে সেৱা বেছি সেয়েহে
অশৰীৰী হ’ব নোৱাৰে। স্মৃতিত ৰাখিবা যে মোৰ সেৱা নহয় পিতাই দিছে তেতিয়া বন্ধনমুক্ত
হৈ থাকিবা।