23.11.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
সংগমযুগত তোমালোকে পিতাৰ দ্বাৰা ভাল বুদ্ধি আৰু শ্ৰেষ্ঠ মত পোৱা যাৰ দ্বাৰা তোমালোক
ব্ৰাহ্মণৰ পৰা দেৱতা হৈ যোৱা”
প্ৰশ্ন:
তোমালোক
সন্তানসকল কোনটো নিচাত থাকিলে চলন বহুত মাৰ্জিত হৈ যাব?
উত্তৰ:
তোমালোক জ্ঞানৰ নিচাত থাকিব লাগে। অহো! আমি ভগৱানৰ সন্মুখত বহি আছোঁ। আমি ইয়াৰ পৰা
যামগৈ, গৈ বিশ্বৰ মালিক, মুকুটধাৰী ৰাজকুমাৰ হ’মগৈ। যেতিয়া এনেকুৱা নিচাত থাকিবা
তেতিয়া চলন স্বতঃ মাৰ্জিত হৈ যাব। মুখেৰে অতি মধুৰ বচন উচ্চাৰিত হ’ব। পৰস্পৰৰ বহুত
মৰম-চেনেহ থাকিব।
গীত:
মহফিল মে জল
উঠি শমা… (ৰঙ্গসভাত জ্বলি উঠিল বন্তি শিখা…)
ওঁম্শান্তি।
মৰমৰ
সন্তানসকল, আত্মিক সন্তানসকল আহি ব্ৰাহ্মণ হৈ আত্মিক বাবাৰ পৰা এইটো নিশ্চয় বুজিছা
যে আমি হৈছোঁ সংগমযুগী ব্ৰাহ্মণ। পিতাই আমাৰ বুদ্ধিৰ তলা খুলিছে। এতিয়া আমি বুজি
পাওঁ যে এয়া হৈছে সংগমযুগ। পতিত, ভ্ৰষ্টাচাৰী যি মনুষ্য আছে তেওঁলোক পুনৰ পাৱন হৈ
ভৱিষ্যতে পাৱন শ্ৰেষ্ঠাচাৰী পুৰুষোত্তম বুলি ক’ব। এই লক্ষ্মী-নাৰায়ণে কোনোবা সময়ততো
পুৰুষাৰ্থ কৰি পুৰুষোত্তম হৈছে নহয় জানো। এওঁলোকৰ বুৰঞ্জী নিশ্চয় লাগে। এই
লক্ষ্মী-নাৰায়ণৰ ৰাজ্য কেতিয়া স্থাপন হ’ল? কলিযুগতো নহয়, সত্যযুগতো নহয়। স্বৰ্গ
স্থাপন হয়েই সংগমত। ইমান বিস্তাৰত কোনো নাযায়। তোমালোকে জানা এয়া সংগমযুগ। কলিযুগৰ
পাছত সত্যযুগ নতুন সৃষ্টি হয় তেন্তে নিশ্চয় সংগমতে হ’ব। আকৌ নতুন সৃষ্টিত নতুন
ৰাজ্য হ’ব। বুদ্ধি চলিব লাগে। তোমালোকে জানা পিতাৰ দ্বাৰা আমি ভাল বুদ্ধি আৰু
শ্ৰীমত পাই আছোঁ। এনেকৈ কয় যে ঈশ্বৰে এওঁক সদায় সুমতি অথবা ভাল মত দিয়ক। তেওঁ গোটেই
জগতৰ পিতা। সকলোকে ভাল মত দিওঁতা। সংগমযুগত আহি নিজৰ সন্তানসকলক ভাল মত দিয়ে। যাক
পাণ্ডৱ সম্প্ৰদায় আৰু দৈৱী সম্প্ৰদায় বুলি শাস্ত্ৰবোৰত লিখা আছে। ব্ৰাহ্মণ
সম্প্ৰদায় আৰু দৈৱী সম্প্ৰদায়কো কোনেও বুজিব নোৱাৰে। ব্ৰহ্মাৰ দ্বাৰাহে ব্ৰাহ্মণ
সম্প্ৰদায় হ’ব পাৰে। পৰমপিতা পৰমাত্মাইহে ব্ৰহ্মাৰ দ্বাৰা এই ৰচনা ৰচে। প্ৰজাপিতা
আছে সেইবাবেতো ইমানবিলাক ব্ৰহ্মাকুমাৰ আৰু ব্ৰহ্মাকুমাৰী আছে। যেতিয়ালৈকে কোনোবা আহি
তোমালোক ব্ৰাহ্মণসকলৰ পৰা জ্ঞান নলয় তেতিয়ালৈকে সৎগতি কেনেকৈ হ’ব পাৰে। তোমালোকৰ
ওচৰলৈ বহুত অহিব। সন্ন্যাসীসকলো আহিব আৰু অন্য ধৰ্মাৱলম্বীসকলো আহিব, পিতাৰ পৰা
উত্তৰাধিকাৰ ল’বলৈ। স্বৰ্গত তেওঁলোকৰ ভূমিকা নাই কিন্তু বাৰ্তা সকলোকে দিব লাগে যে
পিতা আহিছে। এই সময়ত হিন্দু বুলি কওঁতাসকলে কোনো দেৱী-দেৱতা ধৰ্মক নাজানে। তেওঁলোক
যিসকল প্ৰথমে সতোপ্ৰধান আছিল, তেওঁলোক আকৌ তমোত অহাৰ কাৰণে নিজক দেৱী-দেৱতা বুলি
ক’ব নোৱাৰে। তোমালোক সন্তানসকলে জানা, ৰাৱণৰ ৰাজ্যও ইয়াত হয় আৰু পৰমপিতা পৰমাত্মা
যাক ৰাম বুলিও কয় তেওঁৰ জন্মও ইয়াতেই হয়, গায়নো কৰে পতিত-পাৱন সীতাৰাম। কিন্তু পতিত
কোনে কৰিলে, ৰাৱণ কোন, কিয় পতিত-পাৱন পিতাক আহ্বান জনায়? এয়া কোনেও নাজানে। এইটো
কোনেও নুবুজে যে আমাৰ যি 5 বিকাৰ আছে, সেয়াই হৈছে ৰাৱণ। যাৰ 5 বিকাৰ নাই তেওঁলোক
হৈছে ৰাম সম্প্ৰদায়। এতিয়া ৰামৰাজ্য নাই সেইবাবে সকলোৱে বিচাৰে যে নতুন সৃষ্টি,
নতুন পৱিত্ৰ ৰাজ্য হওঁক। ৰাম বুলি কোৱা হয় শিৱবাবাক, কিন্তু তেওঁলোকে ৰামকেই
পৰমাত্মা বুলি বুজি ল’লে সেইবাবে শিৱবাবাক পাহৰি গ’ল। তোমালোকে বুজাব পাৰা যে
ৰামৰাজ্য কাক কোৱা হয়। শাস্ত্ৰবোৰত লিখি দিছে যে ৰামৰ সীতাক হৰণ কৰিলে, এয়া হ’ব
পাৰে জানো যে ৰজাৰ ৰাণীক কোনোবাই হৰণ কৰি লৈ যাব। শাস্ত্ৰও অনেক আছে। মুখ্য শাস্ত্ৰ
হৈছে গীতা। শাস্ত্ৰবোৰত লিখা আছে যে ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণ, দেৱতা, ক্ষত্ৰিয়
ধৰ্ম প্ৰতিষ্ঠা কৰে। সেইবাবে প্ৰজাপিতাৰো ইয়াতেই দৰকাৰ। ব্ৰহ্মাৰ ইমান অনেক সন্তান
আছে গতিকে তেওঁলোক হৈছে মুখ বংশাৱলী, ইমানবিলাক কোষ বংশাৱলী হ’ব নোৱাৰে। যিহেতু
সৰস্বতীও মুখ বংশাৱলী তেন্তে ব্ৰহ্মাৰ স্ত্ৰী হ’ব নোৱাৰে। এতিয়া পিতাই কয় -
ব্ৰহ্মাৰ মুখৰ দ্বাৰা তোমালোক ব্ৰাহ্মণ হৈছা, মোৰ সন্তান হৈছা। তোমালোক সন্তানসকলে
জানা শিৱবাবাৰ কিমান মহিমা আছে। পিতা পতিত-পাৱন, মুক্তিদাতাও হয়। এনেকৈ সকলোৱে
গায়নো কৰে কিন্তু বুজি নাপায়, সেয়েহে প্ৰথমে পিতাৰ পৰিচয় দিব লাগে যে তেওঁ
পতিত-পাৱন হয়, গীতাৰ ভগৱানো হয়। নিৰাকাৰ শিৱবাবা আছে যেতিয়া তেন্তে নিশ্চয় আহি
জ্ঞান শুনাইছিল। এতিয়া যিটো শৰীৰৰ দ্বাৰা জ্ঞান শুনায় তেওঁৰ নাম ৰখা হৈছে ব্ৰহ্মা।
নহ’লেনো ব্ৰহ্মা ক’ৰ পৰা আহিল। ব্ৰহ্মাৰ পিতা কোন? ব্ৰহ্মা–বিষ্ণু-শঙ্কৰৰ ৰচয়িতা
কোন? এইবোৰ হৈছে গূঢ় প্ৰশ্ন। ত্ৰিমূৰ্তি দেৱতা বুলিতো কয় কিন্তু এওঁলোক আহিল ক’ৰ
পৰা! এতিয়া পিতাই বুজায়, এওঁলোকৰো ৰচয়িতা উচ্চতকৈ উচ্চ ভগৱানেই হয়। এই তিনিওগৰাকী
দেৱতা হৈছে প্ৰকাশৰ (লাইটৰ), এওঁলোকৰ হাড় মাংস নাথাকে কিন্তু ভোদা বুদ্ধিৰসকলে
বুজিব নোৱাৰে। এই সন্দৰ্ভত বুজাব লাগে- উচ্চতকৈও উচ্চ হৈছে ভগৱান। তেওঁ ব্ৰহ্মাৰ
দ্বাৰা স্বৰ্গৰ উত্তৰাধিকাৰ দিয়ে। গায়নো কৰে – মনুষ্যৰ পৰা দেৱতা কৰি তুলিবলৈ
ঈশ্বৰৰ সময় নালাগে… আকৌ দেখুৱায় বিষ্ণুৰ নাভীৰ পৰা ব্ৰহ্মাৰ আবিৰ্ভাৱ হ’ল।
কেতিয়াবা নাভীৰ পৰা সন্তান হয় জানো? এতিয়া পিতাই বহি সকলো ৰহস্য বুজায়। কিন্তু
কোনোবাই বুজিলেহে।
তোমালোকে জানা যে
আত্মাকহে পাপ আত্মা, পুণ্য আত্মা বুলি কোৱা হয়। এনেকুৱা নহয় যে পৱিত্ৰ আত্মাই
পৰমাত্মা হয়। পৰমাত্মা পিতাতো সদায় পাৱন। তমোপ্ৰধানক পতিত বুলি কোৱা হয়।
সত্যযুগত যেতিয়া সুখ আছিল তেতিয়া দুখৰ নামেই নাছিল। মনুষ্যইতো কৈ দিয়ে যে স্বৰ্গ
এতিয়াই আছে। একোৱেই নুবুজে কিন্তু অন্তত আহি পিতাৰ পৰা উত্তৰাধিকাৰ ল’ব। তোমালোক
সন্তানসকলেহে জানা যে আমি নিজৰ ৰাজধানী স্থাপন কৰি আছোঁ। বিশ্বৰ মালিক আন কোনো হ’ব
নোৱাৰে। বিশ্বত ৰাজত্ব সত্যযুগত হয়। কলিযুগত গোটেই বিশ্বত ৰাজত্ব কৰিব নোৱাৰে।
এইটোও কোনেও গম নাপায়। গীতাতো উল্লেখ আছে যে ভয়ানক যুদ্ধ লাগিছিল তেতিয়াই সকলো
ধৰ্ম বিনাশ হৈ যায়। যেনেকৈ বাঁহৰ জংঘল থাকে, যেতিয়া শুকাই যায় তেতিয়া পৰস্পৰ
ঘৰ্ষণ হ’লে জুই লাগি যায় আৰু গোটেই জংঘল জ্বলি যায়। এই মনুষ্য সৃষ্টিৰ বৃক্ষও
জৰাজীৰ্ণ হৈ গৈছে। ইয়াতো এতিয়া জুই লাগিব, ইজনে সিজনৰ লগত যুঁজি নাশ হৈ যাব। জুইৰ
বস্তু তৈয়াৰ কৰিয়েই থাকে। এতিয়া পাৰমাণৱিক বোমাৰ দ্বাৰা জুই লাগিব, এইটো ৰহস্য
তেওঁলোকে নাজানে। এতিয়া কলিযুগ নৰক পৰিৱৰ্তন হৈ স্বৰ্গ হ’ব। এই জ্ঞানত মস্তি বহুত
থাকিব লাগে। নিজক চাব লাগে যে মই সেইটো মস্তি বা নিচাত থাকোঁনে? আমি পৰমাত্মাৰ
সন্তান, তেওঁৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ লৈ আছোঁ। পৰস্পৰ বাৰ্তালাপ কৰোঁতে মাৰ্জিত
হ’ব লাগে। ইয়াৰ পৰাই সকলো শিকিব লাগে। পাছত সেয়াই সংস্কাৰ লৈ যাবাগৈ। খুব অমায়িক
হ’ব লাগে, বহুত নিচা থাকিব লাগে। শিৱবাবাৰ আমি সন্তান হওঁ। এতিয়া দেৱতা পদ পাম,
গতিকে ইজনে সিজনৰ লগত কিমান মৰমেৰে কথা পাতিব লাগে। কিন্তু সন্তানসকলৰ মুখেৰে
এতিয়াও ফুল নোলায়। তোমালোক কিমান উচ্চ। তোমালোকৰ এইটো স্মৃতিত থাকিব লাগে যে আমি
শিৱবাবাৰ সন্তান হওঁ আকৌ সত্যযুগত মহাৰজা হ’মগৈ। অৰ্থাৎ আমি বিশ্বৰ মুকুটধাৰী
ৰাজকুমাৰ হ’মগৈ।
তোমালোক সন্তানসকলৰ
আন্তৰিক আনন্দ থাকিব লাগে যে আমি পৰমাত্মাৰ সন্মুখত বহি আছোঁ, যাৰ দ্বাৰা স্বৰ্গৰ
উত্তৰাধিকাৰ পোৱা যায় তেওঁৰ শ্ৰীমতত চলিব লাগে। তোমালোকে জানা যে আমাৰ ৰাজধানী
স্থাপন হৈ আছে। ৰাজধানীত সকলোৰে আৱশ্যক। কিন্তু তোমালোক সন্তানসকলৰ মুখেৰে সৰ্বদা
ৰত্ন উচ্চাৰিত হ’ব লাগে। বাবা ৰূপো হয় বসন্তও হয়। সকলো কাহিনী এতিয়াৰ হয়। পিতা
হৈছে জ্ঞানৰ সাগৰ। তেওঁ জ্ঞান বৰষে। বাকী সেই ইন্দ্ৰ দেৱতাই বৰষুণ দিয়ে, এনেকুৱা
কথা নহয়। এই ডাৱৰ প্ৰাকৃতিকভাৱে গঠন হয়, বৰষুণ দিয়ে। সত্যযুগত এই 5 তত্বও
তোমালোকৰ গোলাম হৈ যায় আৰু ইয়াত মনুষ্য সকলোৰে গোলাম হৈ যায়। ইয়াত প্ৰতিটো কথাত
পৰিশ্ৰম কৰিবলগীয়া হয়। তাত সকলো কথা স্বতঃ হৈ যায়। সেইবাবে সন্তানসকলৰ বাবাৰ
স্মৃতি সদায় থাকিব লাগে ইয়াৰ দ্বাৰা আনন্দৰ পাৰা সদায় উৰ্দ্ধগামী হৈ থাকিব।
তেওঁলোকেও (বৈজ্ঞানীকসকলেও) মন্থন কৰে। তোমালোক সন্তানসকলে বাণীৰ মন্থন কৰিব লাগে।
বাণীৰ প্ৰভাৱ কেতিয়াবা কেতিয়াবা বহুত ভাল হয়, কেতিয়াবা কম, ইয়াক মন্থন কৰা বুলি
কোৱা হয়। সন্তানসকলে পিতাৰ অৱস্থা চাই আছে আৰু বাবাই নিজৰ অনুভৱ শুনায়। গতিকে
কেতিয়াবা বহুত উদ্দীপনাৰ প্ৰবাহ থাকে, কেতিয়াবা কম। কেতিয়াবা বহুত ভাল সাৰ কথা
ওলায়। বাবাও সহায়কাৰী হৈ যায়। এয়াও তোমালোকে অনুভৱ কৰা। বাবাইতো কেতিয়াও হাতত
মুৰুলী নলয়। সন্তানসকলে আলোচনী লিখে - তেতিয়া বাবাই কেতিয়াবা কেতিয়াবা লক্ষ্য কৰে
যে সন্তানসকলে কেতিয়াবা গাফিলতিতো নকৰে। আলোচনীতো মুৰুলীৰ ভাল ভাল সাৰ কথা প্ৰকাশ
হয় আৰু চাৰিওফালে গৈ থাকে। কোনোবা ফালে মুৰুলী নগ’লে তেতিয়া বাবাই কয় ৰচয়িতা আৰু
ৰচনাৰ জ্ঞান 7 দিনত বুজি গৈছা নহয়। আৰুনো কি লাগে। বাকী 5 বিকাৰক ভস্ম কৰাৰ
পুৰুষাৰ্থ কৰিব লাগে বাকীতো একো কষ্ট নাই।
তোমালোক সন্তানসকলে
যিকোনো সৎসঙ্গত যাব পাৰা, সেৱা কৰাৰো উৎসাহ থাকিব লাগে। যেতিয়া সকলো ধৰ্মৰ লোক
একত্ৰিত হয় তেতিয়া বুজাব লাগে যে প্ৰতেকৰে ধৰ্ম বেলেগ বেলেগ। ভাই ভাই বুলি কয়
কিন্তু মিলি এক হ’ব নোৱাৰে। এয়া কেৱল কোৱাৰহে কথা। পিতাই কয় - মই আহি ব্ৰাহ্মণ কৰি
তুলি পুনৰ দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰোঁ, তাত অন্য কোনো ধৰ্ম নাথাকে। এয়া সেয়াই
মহাভাৰতৰ যুদ্ধ। গীতাতো ইয়াৰ বৰ্ণনা কৰা আছে। এয়া একেই পঢ়া। পঢ়াওঁতাজনো এজনেই।
পিতাই কয় জ্ঞান যেতিয়া পূৰা হ’ব তেতিয়া ময়ো গুচি যামগৈ। মই কলিযুগৰ অন্তত জ্ঞান
শুনাব লাগে, মই কল্পই কল্পই আহিব নালাগে। এক চেকেণ্ডো হীনডেঢ়ি নহ’ব। যেতিয়া জ্ঞান
পূৰা হ’ব তেতিয়া কৰ্মাতীত অৱস্থাত গুচি যাবা, তেতিয়াই বিনাশো হৈ যাব।
দিনে-প্ৰতিদিনে তোমালোকৰ সেৱা বৃদ্ধি হৈ গৈ থাকিব। ইয়াততো কাৰো পৱিত্ৰতাও নাই,
দৈৱীগুণৰ ধাৰণাও নাই। তাত পৱিত্ৰতাৰ পাৰ্থক্য কিমান চোৱা। তোমালোক এতিয়া সংগমত বহি
আছা, এইটোৱেই পুৰুষোত্তম যুগ। এতিয়া তোমালোক পুৰুষোত্তম হৈ আছা। কিন্তু সেই দীপ্তি,
সেই চলনৰো আৱশ্যক। কেতিয়াও মুখেৰে পাথৰ উচ্চাৰণ কৰিব নালাগে। ৰত্নহে মুখেৰে
উচ্চাৰিত হ’ব লাগে। এতিয়া তোমালোক দেৱতাৰ সমান সুন্দৰ হৈ আছা। ভগৱান আহি
ভগৱান-ভগৱতী কৰি তোলে। দেৱতাসকলকহে ভগৱান-ভগৱতী বুলি কয়। কিন্তু এনেকৈ কোনে গঢ়ি
তোলে? এইটো কোনেও নাজানে। তোমালোকৰ বুদ্ধিত পূৰা ৰচয়িতা আৰু ৰচনাৰ জ্ঞান আছে লগতে
আনকো নিজৰ সমান কৰি তোলাৰ দায়িত্বও আছে। বহুত আহি থাকিব। স্বদৰ্শন চক্ৰধাৰী
ব্ৰাহ্মণসকলেহে হয়। মায়াৰ ধুমুহাও সন্তানসকলৰহে আহে। কেতিয়াবা ধুমুহা আহিলে
হাড়-মূৰ ভাগি যায়। আগবাঢ়ি গৈ থাকোঁতে কোনোৱে অহিতো কৰে। পিতাই কয় - কোনো ছিঃ ছিঃ
কাম নকৰিবা। তোমালোক হৈছা মুখ বংশাৱলী ব্ৰাহ্মণ, তেওঁলোক হৈছে কোষ বংশাৱলী। কিমান
পাৰ্থক্য আছে। তেওঁলোক পাৰ্থিৱ (শাৰীৰিক) যাত্ৰাত যায়, তোমালোকৰ হৈছে আত্মিক যাত্ৰা।
তোমালোকে বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছাহঁক। এইটোও কাৰো জ্ঞান নাই যে বুজিব
তেওঁলোকো ব্ৰাহ্মণ, আমিও ব্ৰাহ্মণ। কিন্তু প্ৰকৃত ব্ৰাহ্মণ কোন? সেইসকল ব্ৰাহ্মণে
নিজক ব্ৰহ্মাকুমাৰ বুলি ক’ব নোৱাৰে। তোমালোকে নিজক ব্ৰহ্মাকুমাৰ বুলি কোৱা গতিকে
নিশ্চয় ব্ৰহ্মাও থাকিব। কিন্তু তেওঁলোকৰ বুদ্ধিত এই কথাবোৰ উদয় নহয়, যে এই বিষয়ে
সুধিব। বাবাই কল্পই কল্পই আহি এই কথাবোৰ তোমালোক সন্তানসকলক বুজায় যে তোমালোক
ব্ৰহ্মাৰ সন্তান ব্ৰাহ্মণ সকলো ভাই-ভনী হৈ গ’লা। তেন্তে আকৌ তোমালোক বিকাৰত কেনেকৈ
যাব পাৰা। যদি কোনোবা যায় তেন্তে ব্ৰাহ্মণ কুল কলংকিত কৰে। নিজকে
ব্ৰহ্মাকুমাৰ-কুমাৰী বুলি কৈ পুনৰ পতিত হ’ব নোৱাৰে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
াৰণাৰবাবেমুখ্যসাৰ:-
(1) বাণীৰে যি
শুনা তাৰ ওপৰত মন্থন কৰিব লাগে। পুৰুষোত্তম হৈ আছা সেয়েহে চলন বহুত মাৰ্জিত কৰি
তুলিব লাগে। মুখেৰে কেতিয়াও পাথৰ (কটু বচন) উচ্চাৰিত কৰিব নালাগে।
(2) বহুতক নিজৰ সমান
কৰি তোলাৰ বাবে দায়বদ্ধ বুলি ভাবি সেৱাত তৎপৰ হৈ থাকিব লাগে। কোনোধৰণৰ ছিঃ ছিঃ
লেতেৰা কাম কৰি অহিত কৰিব নালাগে।
বৰদান:
অতীন্দ্ৰিয়
সুখময় স্থিতিৰ দ্বাৰা অনেক আত্মাক আহ্বান কৰোঁতা বিশ্ব কল্যাণকাৰী হোৱা
যিমানেই অন্তিম
কৰ্মাতীত অৱস্থা সমীপত আহিব, সিমানেই বাণীৰ পৰা উৰ্দ্ধত শান্ত স্বৰূপৰ স্থিতি অধিক
প্ৰিয় লাগিব — এইটো স্থিতিত সদায় অতীন্দ্ৰিয় সুখৰ অনুভূতি হ'ব আৰু এই অতীন্দ্ৰিয়
সুখময় স্থিতিৰ দ্বাৰা অনেক আত্মাক সহজে আহ্বান জনাব পাৰিবা। এইটো শক্তিশালী
স্থিতিয়েই বিশ্ব কল্যাণকাৰী স্থিতি। এইটো স্থিতিৰ দ্বাৰা যিমানেই দূৰৈত থকা আত্মা
নহওক বাৰ্তা পঠিয়াব পাৰা।
স্লোগান:
প্ৰত্যেকৰে বিশেষত্বক স্মৃতিত ৰাখি বিশ্বাসী হোৱা তেতিয়া সংগঠন একমত হৈ যাব।
অব্যক্ত সংকেত: পিতা
ব্ৰহ্মাৰ সমান সম্পন্ন আৰু সম্পূৰ্ণ স্থিতিৰ অনুভৱ কৰা:
যেনেকৈ পিতা ব্ৰহ্মাৰ
বাবে সকলোৰে মুখৰ পৰা এটাই স্বৰ উচ্চাৰিত হয় — ‘মোৰ বাবা’। তেনেকৈ তোমালোকৰ
প্ৰত্যেক শ্ৰেষ্ঠ আত্মাৰ প্ৰতি এনেকুৱা ভাৱনা, এনেকুৱা উপলব্ধি হওক। প্ৰত্যেকৰে
প্ৰতি আত্মিকতাৰ ভাৱ জাগ্ৰত হওক। প্ৰত্যেকেই যাতে অনুভৱ কৰে যে এওঁ মোৰ শুভচিন্তক,
সহযোগী, সেৱাৰ সংগী — ইয়াকেই ‘পিতাৰ সমান’ বুলি কোৱা হয়। এয়াই হৈছে সম্পন্ন বা
সম্পূৰ্ণ কৰ্মাতীত অৱস্থা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]