24.04.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এতিয়া ঘৰলৈ উভতি যাব লাগে, সেইবাবে দেহ-বোধ পাহৰি নিজক অশৰীৰী আত্মা বুলি বুজা, সকলোৰে পৰা মমত্ব আঁতৰাই দিয়া”

প্ৰশ্ন:
সংগমযুগত তোমালোক সন্তানসকলে পিতাৰ পৰা কোনটো বুদ্ধিমত্তা শিকা?

উত্তৰ:
তমোপ্ৰধানৰ পৰা সতোপ্ৰধান কেনেকৈ হ’ম, নিজৰ ভাগ্য কেনেকৈ উচ্চ কৰিম, এই বুদ্ধিমত্তা এতিয়াহে তোমালোকে শিকা। যি যিমান যোগযুক্ত আৰু জ্ঞানযুক্ত হৈছে, তেওঁলোকৰ সিমান উন্নতি হৈ থাকে। উন্নতি কৰিব বিচৰা সন্তানসকল কেতিয়াও লুকাই থাকিব নোৱাৰে। পিতাই প্ৰত্যেক সন্তানৰ কৰ্মকাণ্ডৰ পৰা বুজি পায় যে কোনগৰাকী সন্তানে নিজৰ উচ্চ ভাগ্য গঢ়ি আছে।

গীত:
মৰনা তেৰী গলী মে...... (তোমাৰ গলিতে যেন মৰোঁ......)

ওঁম্শান্তি।
সকলো সন্তানে গীতটি শুনিলা। সন্তান বুলি ক'লে সকলো সেৱাকেন্দ্ৰৰ সন্তানে জানি যায় যে বাবাই আমাক ব্ৰাহ্মণসকলৰ কাৰণে কয় যে সন্তানসকলে এই গীতটি শুনিলা - জীৱন্তে ডিঙিৰ মালা হ'বৰ কাৰণে অৰ্থাৎ মূলধামলৈ গৈ বাবাৰ ঘৰত থাকিবৰ কাৰণে। সেইখন শিৱবাবাৰ ঘৰ হয় নহয়, য'ত সকলো শালগ্ৰামসকল থাকে। ব্ৰাহ্মণ কুল ভূষণ, স্বদৰ্শন চক্ৰধাৰী সন্তানসকলে জানে যে যথাযথ সেইজন বাবাৰেই আগমন হৈছে। তেওঁ কয় - এতিয়া তোমালোক অশৰীৰী হ'ব লাগে অৰ্থাৎ দেহৰ বোধ পাহৰিব লাগে। এই পুৰণি সৃষ্টিতো নাশ হৈ যাব। এই শৰীৰতো এৰিব লাগে অৰ্থাৎ সকলোকে এৰিব লাগে কিয়নো এই সৃষ্টিখনেই নাশ হৈ যাব। গতিকে এতিয়া ঘৰলৈ উভতি যাব লাগে। তোমালোক সকলো সন্তান এতিয়া আনন্দিত হোৱা কিয়নো আধাকল্প ঘৰলৈ যাবৰ কাৰণে বহুত হাবাথুৰি খাইছা। কিন্তু ৰাস্তা নাপালা! আৰুহে ভক্তিমাৰ্গৰ জাকজমকতা দেখি মনুষ্য আৱদ্ধ হৈ পৰে। এয়া হৈছে ভক্তিমাৰ্গৰ পিটনি য'ত মনুষ্য মাত্ৰেই ডিঙিলৈকে আৱদ্ধ হৈ গৈছে। এতিয়া সন্তানসকলে কয় - বাবা আমি পুৰণি সৃষ্টি, পুৰণা শৰীৰক পাহৰি যাওঁ। এতিয়া আপোনাৰ লগত অশৰীৰী হৈ ঘৰলৈ যাম। সকলোৰে বুদ্ধিত আছে পৰমপিতা পৰমাত্মা পৰমধামৰ পৰা আহিছে, আমাক লৈ যাবৰ কাৰণে। কেৱল কয় - তোমালোক পৱিত্ৰ হৈ মোক স্মৰণ কৰা। জীৱন্তে মৰিব লাগে। তোমালোকে জানা তাত ঘৰত আত্মাসকল থাকে। সেয়াও আত্মাতো বিন্দু হয়। নিৰাকাৰী সৃষ্টিলৈ সকলো আত্মা গুচি যাব, যিমান মনুষ্য আছে সিমান আত্মা তাত থাকিব। আত্মাসকলে সেই মহাতত্ত্বত কিমান ঠাই লয়। শৰীৰতো ইমান ডাঙৰ, কিমান ঠাই লয়? বাকী আত্মাক কিমান ঠাই লাগে! আমি আত্মাসকলে কিমান কম ঠাই ল'ম? বহুত কম। সন্তানসকলৰ এই সকলোবোৰ কথা পিতাৰ দ্বাৰা শুনাৰ সৌভাগ্য এতিয়া প্ৰাপ্ত হৈছে। পিতাইহে কয় যে তোমালোক নাঙঠ হৈ (শৰীৰ অবিহনে) আহিছিলা পুনৰ শৰীৰ ধাৰণ কৰি ভূমিকা পালন কৰিলা, এতিয়া পুনৰ জীৱন্তে মৰিব লাগে, সকলোকে পাহৰিব লাগে। পিতা আহি মৰিবলৈ শিকায়। তেওঁ কয় - নিজৰ পিতাক, নিজৰ ঘৰক স্মৰণ কৰা। খুব পুৰুষাৰ্থ কৰা। যোগত থাকিলে পাপ নাশ হ'ব। পুনৰ আত্মা তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাব সেয়েহে পিতাই ৰায় দিয়ে – কল্প পূৰ্বেও কৈছিলোঁ যে দেহৰ সকলো সম্বন্ধ এৰি মামেকম্ (কেৱল মোক) স্মৰণ কৰা। সকলোৰে পিতাতো তেওঁ হয় নহয়। তোমালোক প্ৰজাপিতা ব্ৰহ্মাৰ মুখ বংশাৱলী সন্তান, যিসকলে জ্ঞান পাই থাকা। শিৱৰ সন্তানতো হোৱাই। এইটোতো সকলোৰে নিশ্চয়তা আছে - আমি ভগৱানৰ সন্তান। কিন্তু তেওঁৰ নাম, ৰূপ, দেশ, কাল পাহৰি যোৱাৰ কাৰণে, ভগৱানৰ প্ৰতি কাৰোৰে ইমান মৰম নাথাকে। কাকো দোষ নিদিয়ে। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে।

পিতাই বুজায় যে তোমালোক আত্মাসকল কিমান সূক্ষ্ম বিন্দু হোৱা, তাত 84 জন্মৰ ভূমিকা নিহিত হৈ আছে। কিমান বিচিত্ৰ। আত্মাই কেনেকৈ শৰীৰ ধাৰণ কৰি ভূমিকা পালন কৰে। এতিয়া তোমালোকে বেহদৰ ভূমিকাৰ বিষয়ে জানিছা। এই জ্ঞান আৰু কাৰো নাই। তোমালোকো দেহ-অভিমানী আছিলা। এতিয়া কিমান সলনি হৈ গ'লা। সেয়াও প্ৰত্যেকৰে ভাগ্য অনুসৰি। কল্প পূৰ্বৰ ভাগ্যৰ এতিয়া সাক্ষাৎকাৰ হৈ আছে। জগতত কিমান অনেক মনুষ্য আছে। যিয়ে যেনেকুৱা কৰ্ম কৰিলে সেই অনুসৰি দুখী, সুখী, চহকী, গৰিব হয়। আত্মাই সেয়া হয়। আত্মা কেনেকৈ সুখত আহে, আকৌ কেনেকৈ দুখত আহে, এয়া পিতাই বহি বুজায়। তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হোৱাৰ বুদ্ধিমত্তা পিতাইহে শিকায় কল্প পূৰ্বৰ দৰে। যিয়ে যিমান বুদ্ধিমত্তা পালে সিমানেই এতিয়া পাই আছে। অন্তিমলৈকে প্ৰত্যেকৰে ভাগ্যক বুজি পাই যাব। তেতিয়া ক'ব - কল্পই কল্পই প্ৰত্যেকৰে এনেকুৱাই ভাগ্য হ'ব। যিসকল ভাল যোগযুক্ত, জ্ঞানযুক্ত হ'ব - তেওঁলোকে সেৱাও কৰি থাকিব। পঢ়াত সদায় উন্নতি হৈ থাকে। কোনো সন্তানে সোনকালে উন্নতি প্ৰাপ্ত কৰি লয়, কোনোৱে বহুত মগজ ক্ষয় কৰে। ইয়াতো এনেকুৱা। কল্প পূৰ্বৰ দৰে যিসকলে উন্নতি কৰে, তেওঁলোক লুকাই থাকিব নোৱাৰে। পিতাইতো জানে নহয় - সকলোৰে সংযোগ শিৱবাবাৰ লগত আছে। এয়াও সন্তানসকলৰ কৰ্মকাণ্ড দেখিলে বুজি পাই যায়, গতিকে তেৱোঁ দেখা পায়। এওঁৰ পৰা যদিও কোনোবাই লুকুৱায় কিন্তু শিৱবাবাৰ পৰাতো লুকাৱাব নোৱাৰে। ভক্তিমাৰ্গতেই পৰমাত্মাৰ পৰা লুকুৱাব নোৱাৰে তেন্তে জ্ঞানমাৰ্গত কেনেকৈ লুকুৱাব পাৰে। পিতাই বুজাই থাকে, পঢ়াতো বহুত সহজ। কৰ্মও কৰিব লাগে। থাকিবও লাগে মিত্ৰ-সম্বন্ধীয়সকলৰ সৈতে পুৰণি সৃষ্টিত। তাত থাকি পৰিশ্ৰম কৰিব লাগে। ইয়াত থাকি পুৰুষাৰ্থ কৰা সকলতকৈও তাত ঘৰত থাকি পুৰুষাৰ্থ কৰাসকল তীক্ষ্ণ হ'ব পাৰে। যদিহে এনেকুৱা নিষ্ঠা থাকে তেতিয়াহে। শাস্ত্ৰত অৰ্জুন আৰু আদিবাসীজনৰ দৃষ্টান্ত আছে নহয়। যদিও আদিবাসীজন বাহিৰৰ নিবাসী আছিল কিন্তু অভ্যাসৰ দ্বাৰা তেওঁ অৰ্জুনতকৈও বাণ চলোৱাত নিপুণ হৈ গ’ল। গতিকে গৃহস্থ ব্যৱহাৰত থাকি পদুম ফুলৰ দৰে থাকিব লাগে। এয়াও তোমালোকে দৃষ্টান্ত দেখিবলৈ পাবা। গৃহস্থ ব্যৱহাৰত থাকি বহুত ভাল সেৱা কৰিব পাৰে। তেওঁলোকে বহুত উন্নতি কৰি গৈ থাকিব। ইয়াত থকাসকলকো মায়াই এৰি নিদিয়ে। এনেকুৱা নহয় যে বাবাৰ ওচৰত আহিলে মুক্ত হৈ যায়। নহয়, প্ৰত্যেকৰে নিজৰ নিজৰ পুৰুষাৰ্থ। গৃহস্থ ব্যৱহাৰত থকাসকলে ইয়াত থকাসকলতকৈ ভাল পুৰুষাৰ্থ কৰিব পাৰে। বহুত ভাল বাহাদুৰী দেখুৱাব পাৰে, তেওঁলোককহে মহাবীৰ বুলি কোৱা হয়, যিসকল গৃহস্থ ব্যৱহাৰত থাকি পদুম ফুলৰ দৰে হৈ দেখুৱাব। ক'ব যে বাবা আপুনিতো এৰি দিলে। বাবাই কয় - মই ক’ত এৰিলোঁ, মোকহে এৰি থৈ গ'ল। বাবাইতো কাকো এৰি থৈ অহা নাই। ঘৰলৈ আৰুহে সন্তান আহি গ'ল। বাকী কন্যাসকলৰ কাৰণেতো বাবাই কয় যে তোমালোকে এই ঈশ্বৰীয় সেৱা কৰা। এৱোঁ বাবা, তেৱোঁ বাবা। কুমাৰো বহুত আহিল কিন্তু চলিব নোৱাৰিলে। কন্যাসকল তথাপিও ভাল। কন্যাক 100 ব্ৰাহ্মণতকৈও উত্তম হিচাপে গণ্য কৰা হয়। গতিকে কন্যা সেইগৰাকী যিয়ে 21 কুলৰ উদ্ধাৰ কৰে, জ্ঞানৰ বাণ মাৰে। বাকী যিসকল গৃহস্থালিত থাকে তেওঁলোকো ব্ৰহ্মাকুমাৰ-কুমাৰী হ’ল। আগলৈ গৈ তেওঁলোকৰো বন্ধন শেষ হৈ যাব। সেৱাতো কৰিবই লাগে নহয়। বহুত সেৱা কৰোঁতা সন্তান পিতাৰ অন্তৰত অধিষ্ঠিত হৈ আছে, যিসকলে হাজাৰ হাজাৰ জনৰ কল্যাণ কৰি আছে। গতিকে এনেকুৱা সেৱাধাৰী সন্তানসকলৰ আশীৰ্বাদো প্ৰাপ্ত হৈ থাকিব। তেওঁলোক অন্তৰত অধিষ্ঠিত হৈ থাকিব। যিসকল অন্তৰত আছে তেওঁলোকেই সিংহাসনত বহিব। বাবাই কয় - পৰস্পৰ মিলি সকলোকে মাৰ্গ দেখুওৱাৰ যুক্তি ৰচি থাকা। চিত্ৰও তৈয়াৰ হৈ থাকে। এই সকলোবোৰ ব্যৱহাৰিক কথা।

এতিয়া তোমালোকে বুজি পোৱা যে পৰমপিতা পৰমাত্মা হৈছে নিৰাকাৰ, তেৱোঁ বিন্দু। কিন্তু তেওঁ জ্ঞানপূৰ্ণ, পতিত-পাৱন। আত্মাও বিন্দু। শিশু তথাপিও সৰু। পিতা আৰু সন্তানৰ মাজত পাৰ্থক্যতো থাকে নহয়। আজিকালিতো 15-16 বছৰীয়া সকলো পিতা হৈ যায়। তথাপিও সন্তান তেওঁতকৈ সৰুৱে হ'ল নহয়। ইয়াত আশ্চৰ্য চোৱা - পিতাও আত্মা, সন্তানো আত্মা। তেওঁ হৈছে পৰম আত্মা, জ্ঞানপূৰ্ণ। বাকী সকলোৱে নিজৰ পঢ়া অনুসৰি নীচ বা উচ্চ পদ পায়। সকলো পঢ়াৰ ওপৰত নিৰ্ভৰ কৰে। ভাল কৰ্ম কৰিলে উচ্চ পদ প্ৰাপ্ত কৰে। এতিয়া তোমালোক সন্তানসকলৰ সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান আছে। স্বৰ্গত কেৱল ভাৰতহে আছিল আৰু কোনো খণ্ড নাছিল। গতিকে সৰু নতুন ভাৰতত নিজৰ স্বৰ্গ দেখুওৱা হওক। উদাহৰণ স্বৰূপে দ্বাৰকা নাম নহয়, লক্ষ্মী-নাৰায়ণৰ ৰাজবংশৰ ৰাজ্য বুলি লিখিব লাগে। বুদ্ধিয়েও কয় সত্যযুগত প্ৰথমে দৈৱী ৰাজবংশৰ ৰাজ্য হ'ব। তেওঁলোকৰ গাঁও থাকিব, সৰু সৰু এলেকা থাকিব। এইটোও বিচাৰ সাগৰ মন্থন কৰিব লাগে। লগতে শিৱবাবাৰ সৈতে বুদ্ধিৰ যোগসূত্ৰও স্থাপন কৰিব লাগে। আমি স্মৃতিৰ দ্বাৰাহে বাদশ্বাহী লওঁ। স্মৃতিৰ দ্বাৰাহে মামৰ আঁতৰিব, ইয়াতেই সকলো পৰিশ্ৰম হয়। বহুতৰে বুদ্ধি বাহিৰত ভ্ৰমি ফুৰে, ইয়াত বহি থাকিও গোটেই সময় স্মৃতিত থাকিব নোৱাৰে, বুদ্ধি অন্য ফালে গুচি যাব। ভক্তিমাৰ্গতো এনেকুৱা হয়। শ্ৰীকৃষ্ণৰ ভক্তি কৰোঁতে কৰোঁতে বুদ্ধি অন্য ফালে গুচি যায়। ঐকান্তিক ভক্তি কৰোঁতাসকলে সাক্ষাৎকাৰৰ কাৰণে বহুত পৰিশ্ৰম কৰে। কিমান ঘণ্টা বহি যায় যে শ্ৰীকৃষ্ণৰ বাহিৰে আৰু কোনো যাতে স্মৃতিলৈ নাহে, বহুত পৰিশ্ৰম হয়। ইয়াতে 8 (আঠ)ৰ আৰু 16108 ৰ মালা তৈয়াৰ হয়। তেওঁলোকেতো লাখৰ মালাও দেখুৱায়। কিন্তু জ্ঞানমাৰ্গৰ মালা বহুত মূল্যৱান। ভক্তিমাৰ্গ সুলভ কিয়নো ইয়াত আত্মিক পৰিশ্ৰম কৰিবলগীয়া হয়। শ্ৰীকৃষ্ণক দেখি আনন্দত নৃত্য কৰে। ভক্তি আৰু জ্ঞানৰ মাজত ৰাতি-দিনৰ পাৰ্থক্য আছে, তোমালোকক এইটো বুজোৱা নহয় যে শ্ৰীকৃষ্ণক স্মৰণ কৰিলে মামৰ আঁতৰিব। ইয়াততো বুজোৱা হয় যে যিমান পিতাক স্মৰণ কৰিবা সিমান পাপ নাশ হ'ব।

তোমালোক সন্তানসকলে এতিয়া যোগবলেৰে বিশ্বৰ মালিক হোৱা। এয়া কাৰো সপোনতো খেয়াল নচলিব। লক্ষ্মী-নাৰায়ণে কোনো যুদ্ধ আদি কৰা নাই। বিশ্বৰ মালিক আকৌ কেনেকৈ হ'ল? এয়াতো তোমালোক সন্তানসকলেহে জানা। পিতাই কয় - যোগবলেৰে তোমালোকে বাদশ্বাহী পাবা। কিন্তু ভাগ্যত নাথাকিলে তেতিয়া পুৰুষাৰ্থই নকৰে। সেৱাধাৰী নহয়। পিতাইতো নিৰ্দেশনা দি থাকে যে এনেকৈ এনেকৈ প্ৰদৰ্শনী কৰা। অতিকমেও 150-200 প্ৰদৰ্শনী এদিনতেই হৈ যাওঁক। গাঁৱে গাঁৱে পৰিক্ৰমা লগোৱা। যিমান সেৱাকেন্দ্ৰ সিমান প্ৰদৰ্শনী। এটা এটা সেৱাকেন্দ্ৰত প্ৰদৰ্শনী হ'লে বুজাবলৈ সহজ হৈ যাব। সেৱাকেন্দ্ৰও দিনে-প্ৰতিদিনে ডাঙৰ হৈ গৈ থাকিব যতে চিত্ৰ আদিও ৰাখিব পাৰে। চিত্ৰও উদ্ভাৱন হৈ গৈ থাকে। সুন্দৰ মহল আদিৰে ভাৰতৰ বৈকুণ্ঠৰ চিত্ৰ তৈয়াৰ কৰিব লাগে। আগলৈ গৈ বুজাবলৈ ভাল ভাল চিত্ৰ তৈয়াৰ হৈ গৈ থাকিব। বানপ্ৰস্থ অৱস্থাৰ লোকসকলে ঘূৰোঁতে-ফুৰোঁতেও সেৱা কৰি থাকিব লাগে, যাৰ ভাগ্য উদয় হ'ব তেওঁ ওলাই আহিব। বহুত সন্তানে কুকৰ্ম কৰি নিজৰ সন্মান হেৰুৱায়, তেতিয়া যজ্ঞৰ সন্মান হানি হয়। যেনেকুৱা চাল-চলন তেনেকুৱা পদ। যিসকলে বহুতক সুখ দিয়ে, তেওঁলোকৰতো নাম গায়ন কৰা হয় নহয়। এতিয়া সৰ্বগুণৰে সম্পন্নতো হোৱা নাই নহয়। কোনো কোনোৱে বহুত ভাল সেৱা কৰি আছে। এনেকুৱাসকলৰ নাম শুনি বাবা আনন্দিত হয়। সেৱাধাৰী সন্তানসকলক দেখি বাবা আনন্দিত হ'ব নহয়। সেৱাত ভাল পৰিশ্ৰম কৰি থাকে। সেৱাকেন্দ্ৰও খুলি থাকে, যাৰ দ্বাৰা হাজাৰজনৰ কল্যাণ হ'ব। তেওঁৰ দ্বাৰা আকৌ বহুত ওলাই গৈ থাকিব। সম্পূৰ্ণতো কোনো হোৱা নাই। ভুলো কিবা নহয় কিবা হৈ যায়। মায়াই এৰি নিদিয়ে। যিমানে সেৱা কৰি নিজৰ উন্নতি কৰিবা সিমানে অন্তৰত অধিষ্ঠিত হ’বা। সিমানেই উচ্চ পদ পাবা। পুনৰ কল্পই কল্পই এনেকুৱাই পদ হ'ব। শিৱবাবাৰ পৰাতো কোনেও লুকুৱাব নোৱাৰে। অন্তিমত প্ৰত্যেকৰে নিজৰ কৰ্মৰ সাক্ষাৎকাৰতো হয়। তেতিয়া কি কৰিব পাৰিবা! বহুত কান্দিব লাগিব সেইবাবে বাবাই বুজাই থাকে যে এনেকুৱা কোনো কৰ্ম নকৰিবা যাৰ বাবে অন্তিমত শাস্তিৰ ভাগীদাৰ হ’বলগীয়া হ’ব, অনুতাপ কৰিবলগীয়া হ’ব। কিন্তু যিমানেই নুবুজোৱা ভাগ্যত নাথাকিলে তেতিয়া পুৰুষাৰ্থই নকৰেই। আজিকালিৰ মনুষ্যইতো পিতাক নাজানেই। ভগৱানক স্মৰণ কৰে কিন্তু নাজানে। তেওঁৰ কথা নামানে। এতিয়া সেই বেহদৰ পিতাৰ পৰা তোমালোকে চেকেণ্ডত সত্যযুগী স্বৰাজ্যৰ উত্তৰাধিকাৰ পোৱা। শিৱবাবাৰ নামতো সকলোৱে পচন্দ কৰে নহয়। সন্তানসকলে জানে যে সেই বেহদৰ পিতাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ প্ৰাপ্ত হৈ আছে। ভাল বাৰু।

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ চাল-চলনেৰে পিতাৰ বা যজ্ঞৰ নাম প্ৰসিদ্ধ কৰিব লাগে, এনেকুৱা কোনো কৰ্ম যাতে নহয় যাৰ বাবে পিতাৰ সন্মান হানি হয়। সেৱাৰ দ্বাৰা নিজৰ ভাগ্য নিজে গঢ়িব লাগে।

(2) পিতাৰ সমান কল্যাণকাৰী হৈ সকলোৰে আশীৰ্বাদ লৈ আগত নম্বৰ ল'ব লাগে। গৃহস্থ ব্যৱহাৰত থাকি পদুম ফুলৰ সমান হৈ থকাৰ ভাল বাহাদুৰী দেখুৱাব লাগে।

বৰদান:
সতোপ্ৰধান স্থিতিত স্থিৰ হৈ থাকি সদায় সুখ-শান্তিৰ অনুভূতি কৰোঁতা দ্বৈত অহিংসক হোৱা

সদায় নিজৰ সতোপ্ৰধান সংস্কাৰত স্থিৰ হৈ থাকি সুখ-শান্তিৰ অনুভূতি কৰা- এয়া হৈছে প্ৰকৃত অহিংসা। হিংসা অৰ্থাৎ যাৰ দ্বাৰা দুখ-অশান্তি প্ৰাপ্ত হয়। গতিকে পৰীক্ষা কৰা যে গোটেই দিনটোত কোনো প্ৰকাৰৰ হিংসাতো নকৰোঁ! যদি কোনো শব্দৰ দ্বাৰা কাৰোবাৰ স্থিতি অস্থিৰ কৰি দিয়া তেন্তে এয়াও হিংসা। দ্বিতীয়তে যদি নিজৰ সতোপ্ৰধান সংস্কাৰ দমন কৰি ৰাখি অন্য সংস্কাৰ ব্যৱহাৰত আনা তেন্তে এয়াও হিংসা সেয়েহে সূক্ষ্মত গৈ মহান আত্মাৰ স্মৃতিৰে দ্বৈত অহিংসক হোৱা।

স্লোগান:
সত্যৰ লগত অসত্য মিহলি হ’লেই আনন্দ নোহোৱা হৈ যায়।


অব্যক্ত ইংগিত: মহান হ’বলৈ মধুৰতা আৰু নম্ৰতাৰ গুণ ধাৰণ কৰা

তোমালোকৰ প্ৰতিষাৰ বাণী অলৌকিক হওক, ফৰিস্তাৰ সমান হওক। প্ৰতিষাৰ বাণী মধুৰ হওক। এইটো কথাৰ প্ৰতি এতিয়া মনোযোগ দিয়া তেতিয়াহে প্ৰত্যক্ষতা হ’ব কিয়নো এতিয়ালৈকে বাণীৰ শক্তি ব্যৰ্থত গৈ আছে, সেয়েহে বাণীত পিতাক প্ৰত্যক্ষ কৰাৰ যি ধাৰ (শক্তি) থাকিব লাগে সেয়া কম আছে, বাণী ব্যৰ্থৰ পৰা ৰক্ষা কৰা তেতিয়া পিতাক প্ৰত্যক্ষ কৰাৰ আৱাজ তীব্ৰ হ’ব।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]