24.08.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – সুখ দিওঁতা পিতাক বহুত বহুত প্ৰেমেৰে স্মৰণ কৰা, স্মৃতি অবিহনে প্ৰেম জাগিব নোৱাৰে”

প্ৰশ্ন:
পিতাই সন্তানসকলক নিতৌ স্মৃতিত থকাৰ অভ্যাস কৰিবলৈ ইঙ্গিত কিয় দিয়ে?

উত্তৰ:
কিয়নো স্মৃতিৰ দ্বাৰাহে আত্মা পাৱন হ’ব। স্মৃতিৰ দ্বাৰাহে পূৰা উত্তৰাধিকাৰ ল’ব পাৰিব। আত্মাৰ সকলো বন্ধন সমাপ্ত হৈ যাব। বিকৰ্মৰ পৰা মুক্ত হৈ যাব। শাস্তিৰ পৰা হাত সাৰি যাব। যিমানে স্মৰণ কৰিব সিমানে আনন্দিত হৈ থাকিব। লক্ষ্য সমীপত অনুভৱ হ’ব। কেতিয়াও ভাগৰি নপৰিব। বেহদৰ সুখ পাব সেইবাবে স্মৃতিত থকাৰ অভ্যাস নিশ্চয় কৰিব লাগে।

গীত:
বচপন কে দিন ভুলা ন দেনা….. (শৈশৱৰ দিনবোৰ পাহৰি নাযাবা…….)

ওঁম্শান্তি।
অতি মৰমৰ আত্মিক সন্তানসকলে গীতৰ কলিটিৰ অৰ্থ বুজিলে। এতিয়া জীৱন্তে তোমালোক বেহদৰ (পাৰলৌকিক) পিতাৰ হৈছা। গোটেই কল্পততো হদৰ (লৌকিক) পিতাৰ হ’লা। সত্যযুগতো হদৰ পিতাৰ হোৱা। এতিয়া কেৱল তোমালোক ব্ৰাহ্মণ সন্তানসকল বেহদৰ পিতাৰ হৈছা। তোমালোকে জানা বেহদৰ পিতাৰ পৰা আমি বেহদৰ উত্তৰাধিকাৰ লৈ আছোঁ। যদি পিতাক এৰা তেন্তে বেহদৰ উত্তৰাধিকাৰ পাব নোৱাৰা। হওঁতে তোমালোকে বুজি পোৱা কিন্তু অলপতে কোনেও সন্তুষ্ট নহয়। মনুষ্যই বহুত ধন বিচাৰে। ধনৰ অবিহনে সুখ হ’ব নোৱাৰে। ধনো লাগে, শান্তিও লাগে, নিৰোগী শৰীৰো লাগে। তোমালোক সন্তানসকলেহে জানা জগতত আজি কি আছে, কালিলৈ কি হ’বগৈ। বিনাশতো সমাগত আৰু কাৰো বুদ্ধিত এই কথাবোৰ নাই। যদি বুজেও বিনাশ সমাগত, তেতিয়া কি কৰিব লাগে, এইটো নাজানে। তোমালোক সন্তানসকলে বুজিছা, এনেয়ে গম পোৱা যায়, যিকোনো সময়তে যুদ্ধ লাগি গ’লে, অলপ ধোঁৱা ওলালেই হাহাকাৰ লাগি যাব। সময় নালাগিব। আগতেও সৰু কথাতে কিমান ডাঙৰ যুদ্ধ হৈ গৈছে। সন্তানসকলে জানে যে পুৰণি সৃষ্টি নাশ হোৱাৰ পথত সেইকাৰণে এতিয়া লৰালৰিকৈ পিতাৰ পৰা উত্তৰাধিকাৰ লৈ ল’ব লাগে। পিতাক নিতৌ স্মৰণ কৰি থাকিলে তেতিয়া হৰ্ষিত হৈ থাকিবা। দেহ-অভিমানত আহিলেই সেই আনন্দ হেৰাই যায়। দেহী-অভিমানী হ’লে তেতিয়া পিতাক স্মৰণ কৰা। দেহ-অভিমানত আহিলেই পিতাক পাহৰি দুখ পোৱা। যিমানে পিতাক স্মৰণ কৰিবা, সিমানে বেহদৰ পিতাৰ পৰা সুখ পাবা। ইয়ালৈ তোমালোক আহিছাই এনেকুৱা লক্ষ্মী-নাৰায়ণ হ’বলৈ। ৰজা-ৰাণী আৰু প্ৰজাৰ চাকৰ-বাকৰ, বহুত পাৰ্থক্য নহয় জানো। এতিয়াৰ পুৰুষাৰ্থ আকৌ কল্প-কল্পান্তৰৰ কাৰণে থাকি যাব। অন্তিমত সকলোৰে সাক্ষাৎকাৰ হ’ব – মই কিমান পুৰুষাৰ্থ কৰিলোঁ। এতিয়াও পিতাই কৈছে নিজৰ অৱস্থাক চাই থাকা। অতি মিঠা বাবা, যাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ পোৱা যায়, তেওঁক আমি কিমান স্মৰণ কৰোঁ। তোমালোকৰ সকলো নিৰ্ভৰ কৰে স্মৃতিৰ ওপৰত। যিমান স্মৰণ কৰিবা সিমান আনন্দিত হৈও থাকিবা। বুজিবা বচ্‌ এতিয়া সমীপত আহি পাইছোঁ। কিছুমান ভাগৰিও যায়, গম নাপাওঁ লক্ষ্য কিমান দূৰৈত, লক্ষ্যত উপনীত হ’লে পৰিশ্ৰমো সফল হ’ব। জগতে এইটোও গম নাপায় যে ভগৱান বুলি কাক কোৱা হয়। কয়ো হে ভগৱান আকৌ কণ কণত বিৰাজমান বুলি কৈ দিয়ে। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা আমি ভগৱানৰ হৈ গৈছোঁ। এতিয়া পিতাৰ মততহে চলিব লাগে। লাগিলে বিলাতত থাকা তাত থাকিও কেৱল পিতাক স্মৰণ কৰিব লাগে। তোমালোকে শ্ৰীমততো পাইছা। আত্মা তমোপ্ৰধানৰ পৰা সতোপ্ৰধান পিতাৰ স্মৃতি অবিহনে হ’ব নোৱাৰে। তোমালোকে কোৱা – বাবা আমি আপোনাৰ পৰা পূৰা উত্তৰাধিকাৰ ল’ম। যেনেকৈ আমাৰ বাবাই উত্তৰাধিকাৰ লৈছে, আমিও পুৰুষাৰ্থ কৰি তেওঁৰ আসনত নিশ্চয় বহিম। মম্মা বাবা ৰাজ-ৰাজেশ্বৰ, ৰাজ-ৰাজেশ্বৰী হয়, গতিকে আমিও হ’ম। পৰীক্ষাতো সকলোৰে কাৰণে একেই। তোমালোকক বহুত কম শিকোৱা হয়, কেৱল পিতাক স্মৰণ কৰা। ইয়াক কোৱা হয় সহজ ৰাজযোগ বল। তোমালোকে বুজি পোৱা যোগৰ দ্বাৰা বহুত বল পোৱা যায়। আমি কোনো বিকৰ্ম কৰিলে শাস্তি বহুত খাম, পদ ভ্ৰষ্ট হৈ যাব। স্মৃতিত থকাৰ ক্ষেত্ৰতে মায়াই বহুত বিঘিনি আনে।

তোমালোকে জানা আমি পাৱন সৃষ্টিলৈ গৈ আছোঁ। যিসকল ব্ৰাহ্মণ হ’ব তেওঁলোকেই নিমিত্ত হ’ব। ব্ৰহ্মা মুখ বংশাৱলী ব্ৰাহ্মণ নোহোৱাকৈ তোমালোকে পিতাৰ পৰা উত্তৰাধিকাৰ ল’ব নোৱাৰা। পিতাই সন্তানসকলক ৰচনা কৰেই উত্তৰাধিকাৰ দিবলৈ। শিৱবাবাৰতো আমি হওঁৱেই। তেওঁ নতুন সৃষ্টি ৰচনা কৰে সন্তানসকলক উত্তৰাধিকাৰ দিবলৈ। শৰীৰধাৰীকেই উত্তৰাধিকাৰ দিব। আত্মাসকলতো ওপৰত থাকে। তাততো উত্তৰাধিকাৰ বা প্ৰালব্ধৰ কথা নাই। তোমালোকে এতিয়া পুৰুষাৰ্থ কৰি প্ৰালব্ধ লৈ আছা, যিটো জগতে গম নাপায়। এতিয়া সময় সমীপত আহি গৈছে। সূচনা দি থাকে যদি অমুকে এনেকুৱা কৰে তেন্তে আমি একেবাৰে তাক উৰাই (শেষ কৰি) দিম। উৰুৱাৰ প্ৰস্তুতি চলি আছে। বোমা আদি কোনো ৰাখি থ’বলৈ নহয়। প্ৰস্তুতি বহুত চলি আছে। ব্ৰিটিছ চৰকাৰৰ দিনত পাকিস্তান, হিন্দুস্থান আছিল জানো? লিখা আছে য়ৱনসকলৰ (ইউৰোপীয়ান দেশসমূহৰ; যাদৱসকল) যুদ্ধ। পাণ্ডৱ আৰু কৌৰৱৰ যুদ্ধ নহয়। য়ৱনসকলে যথাযথ যুদ্ধ কৰি আছে। বোমাও তৈয়াৰ হৈ গ’ল। এতিয়া পিতাই আমাক আদেশ দিয়ে যে মোক স্মৰণ কৰা, নহ’লে অন্তিম সময়ত বহুত কান্দিবলগীয়া হ’ব। পৰীক্ষাত অনুত্তীৰ্ণ হ’লে তেতিয়া ক্ৰোধত গৈ ডুবি মৰে। ইয়াত ক্ৰোধৰ কথা নাই। অন্তিমত তোমালোকৰ বহুত সাক্ষাৎকাৰ হ’ব। মই কি হ’ম - সেয়া গম পোৱা যাব। পিতাৰ কাম হৈছে পুৰুষাৰ্থ কৰোৱা। কয় কৰ্ম কৰি থাকিও স্মৰণ কৰিবলৈ পাহৰি যোৱা বা আজৰি নোপোৱা তেন্তে ঠিক আছে বহি লোৱা। স্মৃতিত বহি পিতাক স্মৰণ কৰা। যেতিয়া পৰস্পৰ তোমালোক মিলিত হোৱা তেতিয়াও এইটো যত্ন কৰা যে আমি বাবাক স্মৰণ কৰোঁ। একত্ৰিত হৈ বহিলে তোমালোকে ভালদৰে স্মৰণ কৰিবা, সহায় পোৱা যাব। মূল কথা হৈছে পিতাক স্মৰণ কৰা। ইয়ালৈ আহা বা নাহা। কোনোবা বিদেশলৈ গ’লে তেতিয়া আহিবতো নোৱাৰিব। তাতো কেৱল এটা কথা স্মৃতিত ৰাখা। পিতাৰ স্মৃতিৰে তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ’ব পাৰিবা। পিতাই কয় - কেৱল এটা কথা স্মৃতিত ৰাখিবা- পিতাক স্মৰণ কৰা। পিতাই কয় মনমনাভৱ (নিজক আত্মা বুলি বুজি পৰমাত্মাক স্মৰণ কৰা)। মোক স্মৰণ কৰিলে বিশ্বৰ মালিক হ’বা। মূল কথা হৈছে স্মৃতিৰ। ক’লৈকো যোৱাৰ কথা নাই। ঘৰতে থাকা কেৱল পিতাক স্মৰণ কৰি থাকা। পৱিত্ৰ নহ’লেতো স্মৰণ কৰিব নোৱাৰিবা। এনেকুৱা জানো হয় যে সকলোৱে আহি শ্ৰেণীত পঢ়িব। মন্ত্ৰ ল’লা তাৰপাছত লাগিলে য’লৈকে গুচি নোযোৱা। সতোপ্ৰধান হোৱাৰ ৰাস্তা পিতাই দেখুৱাইছে। এনেয়েতো সেৱাকেন্দ্ৰলৈ আহিলে নতুন নতুন কথা শুনি থাকিবা। যদি কিবা কাৰণত আহিব নোৱাৰা, বৰষুণ দিলে অথবা নিষেধাজ্ঞা জাৰী কৰিলে, কোনেও বাহিৰলৈ ওলাব নোৱাৰিব তেতিয়া কি কৰিব। পিতাই কয় - কোনো আপত্তি নাই। য’তেই নাথাকা তোমালোক স্মৃতিত থাকা। চলোঁতে-ফুৰোঁতে স্মৰণ কৰা। আনকো এয়াই কোৱা যে পিতাক স্মৰণ কৰিলে বিকৰ্ম বিনাশ হ’ব আৰু দেৱতা হৈ যাবা। শব্দই হৈছে দুটা।

পিতাই কয় এই শৈশৱক পাহৰি নাযাবা। আজি হাঁহি আছা, যদি পিতাক পাহৰি যোৱা তেন্তে কালিলৈ কান্দিব লাগিব। পিতাৰ পৰা পূৰা উত্তৰাধিকাৰ লোৱা উচিত। এনেকুৱা বহুত আছে যিয়ে কয় স্বৰ্গলৈতো যাম নহয় বাকী ভাগ্যত যি আছে। তেওঁলোকক কোনো পুৰুষাৰ্থী বুলি কোৱা নহ’ব। মনুষ্যই পুৰুষাৰ্থ কৰেই উচ্চ পদ পাবৰ কাৰণে। এতিয়া যিহেতু পিতাৰ ওচৰত উচ্চ পদ পোৱা যায় তেন্তে গাফিলতি কিয় কৰিব লাগে। স্কুলত যিয়ে নপঢ়িব তেওঁ পঢ়া লিখা কৰাসকলৰ আগত মূৰ দোৱাব লাগিব। পিতাক পূৰা স্মৰণ নকৰিলে তেতিয়া প্ৰজাৰো চাকৰ হ’বলগীয়া হ’ব। ইয়াত আনন্দিত হ’ব লাগে জানো। সেয়েহে পিতাই বুজায় – মৰমৰ সন্তানসকল সন্মুখত সজীৱ হৈ যোৱা। অনেক বান্ধোনত থাকোঁতা আছে, আপত্তি নাই, ঘৰত বহি পিতাক স্মৰণ কৰি থাকা। তোমালোকক কিমান সহজকৈ বুজোৱা হয়, মৃত্যু সন্মুখত থিয় হৈ আছে, অকস্মাৎ যুদ্ধ আৰম্ভ হৈ যাব। এজনে-আনজনক কয় –অলপো যদি খেলিমেলি কৰা তেন্তে আমি এনেকুৱা কৰিম। আগতেই কৈ দিয়ে, বোমাৰ অহংকাৰ বহুত আছে। পিতাই কয় - সন্তানসকল এতিয়াও যোগবলত পাকৈত হোৱা নাই, এনেকুৱা নহওক যে যুদ্ধ লাগি যাওক। কিন্তু ড্ৰামা অনুসৰি এনেকুৱা নহ’বই। সন্তানসকলে পূৰা উত্তৰাধিকাৰ লোৱা নাই সেইকাৰণে নিশ্চয় হয়, এই যুদ্ধ লাগিলেও বন্ধ হৈ যাব কিয়নো এতিয়াও ৰাজধানী স্থাপন হোৱা নাই। সময় লাগে। পুৰুষাৰ্থ কৰাই থাকে, গম পোৱা নাযায় যিকোনো সময়তে কিবা হ’ব পাৰে। বচ্‌ বাগৰি পৰে, উৰাজাহাজ, ৰেল বাগৰি পৰে, মৃত্যু কিমান সহজ, থিয় হৈ আছে। ধৰণীও লৰ-চৰ কৰি থাকে। সকলোতকৈ বেছি কাম ভূমিকম্পই কৰিবলগীয়া আছে। কিন্তু বিনাশ হোৱাৰ আগতেই পিতাৰ পৰা পূৰা উত্তৰাধিকাৰ ল’ব লাগে সেইকাৰণে বহুত মৰমেৰে পিতাক স্মৰণ কৰিব লাগে। বাবা আপোনাৰ বাহিৰে মোৰ আন কোনো নাই। কেৱল পিতাকেই স্মৰণ কৰি থাকা। কিমান সহজ ৰীতিৰে যেন সৰু সৰু সন্তানক বুজায় অন্য কোনো কষ্ট নিদিওঁ, কেৱল স্মৰণ কৰা। কাম চিতাত বহি তোমালোক জ্বলি মৰিছা, সেয়েহে এতিয়া জ্ঞান চিতাত বহি পৱিত্ৰ হোৱা। তোমালোকক সোধে আপোনালোকৰ উদ্দেশ্য কি? কোৱা, যিজন সকলোৰে পিতা হয় তেওঁ কয় মামেকম্‌ (কেৱল মোক; পৰমপিতাক) স্মৰণ কৰা তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হ’ব আৰু তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাবা। সকলোৰে সৎগতি দাতা একমাত্ৰ পিতা হয়। এতিয়া পিতাই কয়- কেৱল মোক স্মৰণ কৰা তেতিয়া মামৰ আঁতৰি যাব। ইমানখিনি বাৰ্তাতো দিব পাৰা নহয় জানো। নিজে স্মৰণ কৰিলে তেতিয়া আনকো স্মৰণ কৰোৱাব পাৰিব। আনকো ৰুচিৰে ক’ব। নহ’লেতো অন্তৰৰ পৰা নোলাব। পিতাই কয়- য’তেই নাথাকা যিমান সম্ভৱ কেৱল স্মৰণ কৰা। যদিও অলপ খোৱা-বোৱাত কষ্ট আদি হয়, থাকিবতো ঘৰতেই লাগিব। ঘৰত থাকি পিতাক স্মৰণ কৰা, যাকে লগ পোৱা তেওঁক এইটো শিক্ষা দিয়া - মৃত্যু সন্মুখত থিয় হৈ আছে।

পিতাই কয় - তোমালোক সকলো তমোপ্ৰধান পতিত হৈ গৈছা, এতিয়া মোক স্মৰণ কৰা আৰু পৱিত্ৰ হোৱা। আত্মাহে পতিত হৈছে, সত্যযুগত আত্মা পাৱন হয়। পিতাৰ স্মৃতিৰেই আত্মা পাৱন হ’ব অন্য কোনো উপায় নাই। এইটো বাৰ্তা সকলোকে দি যোৱা তেতিয়াও অনেকৰ কল্যাণ কৰিবা অন্য কোনো কষ্ট নিদিওঁ। পুৰুষোত্তম মাহতো গৈ বুজোৱা যে সকলোতকৈ পুৰুষোত্তম কোন? সত্যযুগৰ আদিত এই লক্ষ্মী-নাৰায়ণ পুৰুষোত্তম আছিল। এওঁলোকক এনেকুৱা পুৰুষোত্তম কৰি তোলোঁতা অৰ্থাৎ স্বৰ্গৰ স্থাপনা কৰোঁতা হৈছে পিতা। সকলো আত্মাকে পাৱন কৰোঁতা পতিত-পাৱন পিতাই হয়। সকলোতকৈ উত্তমতকৈও উত্তম পুৰুষ কৰি তোলোঁতা হৈছে পিতা। যি পূজ্য আছিল তেওঁলোকেই আকৌ পূজাৰী হৈছে। ৰাৱণ ৰাজ্যত আমি পূজাৰী হৈছোঁ, ৰাম ৰাজ্যত পূজ্য আছিলোঁ। এতিয়া হৈছে ৰাৱণ ৰাজ্যৰ অন্ত। আমি পূজাৰীৰ পৰা আকৌ পূজ্য হওঁ। পিতাক স্মৰণ কৰাৰ আনকো ৰাস্তা দেখুৱাব লাগে। বৃদ্ধাসকলেও এই সেৱা কৰিব লাগে। মিত্ৰ-সম্বন্ধীয়সকলকো পিতাৰ পৰিচয় দিয়া। কোৱা যে শিৱবাবাই কয় মামেকম্‌ স্মৰণ কৰা তেতিয়া তোমালোক স্বৰ্গৰ মালিক হ’বাগৈ। নিৰাকাৰ শিৱবাবা সকলোৰে সৎগতি দাতা বাবা, সকলো আত্মাক কয় - মোক স্মৰণ কৰা তেতিয়া সতোপ্ৰধান হৈ যাবা। এয়া বুজোৱাতো সহজ হয় নহয় জানো। বৃদ্ধাসকলেও এইটো সেৱা কৰিব পাৰে। মূল কথাই হৈছে এইটো। বিয়া-সবাহ য’লৈকে নোযোৱা কাণত এই কথাবোৰ শুনোৱা। গীতাৰ ভগৱানে কয় - মোক স্মৰণ কৰা, এইষাৰ কথা সকলোৱে পচন্দ কৰিব। বেছিকৈ কোৱাৰ প্ৰয়োজন নাই। কেৱল বাবাৰ বাৰ্তা দিব লাগে যে পিতাই কয় - মোক স্মৰণ কৰা।

বাৰু - এনেকৈ বুজি লোৱা যে ভগৱানে প্ৰেৰণা দিয়ে। সপোনত সাক্ষাৎকাৰ হয়, শব্দ শুনিবলৈ পোৱা যায়- পিতাই কয় - মোক স্মৰণ কৰিলে সতোপ্ৰধান হৈ যাবা। তোমালোকে নিজেও যদি এইটো চিন্তন কৰি থাকা তেন্তে নাও পাৰ হৈ যাব। আমি বাস্তৱত বেহদৰ পিতাৰ হৈছোঁ আৰু পিতাৰ পৰা 21 জন্মৰ উত্তৰাধিকাৰ লৈ আছোঁ, গতিকে আনন্দিত হৈ থাকিব লাগে নহয় জানো। পিতাক পাহৰি গ’লেই কষ্ট হয়। পিতাই কিমান সহজকৈ কয় - মোক স্মৰণ কৰা তেতিয়া সকলোৱে বুজিব যে এওঁলোকেতো একদম সঠিক ৰাস্তা পাই গৈছে। এই ৰাস্তা আন কোনেও কেতিয়াও দেখুৱাব নোৱাৰে। এনেকুৱা সময় আহিব যেতিয়া তোমালোক ঘৰৰপৰা বাহিৰলৈ ওলাব নোৱাৰিবা। পিতাক স্মৰণ কৰি কৰি শৰীৰ এৰি দিবা। অন্তিম সময়ত যিয়ে শিৱবাবাক স্মৰণ কৰিব… তেতিয়া নাৰায়ণৰ কুলত যাব। লক্ষ্মী-নাৰায়ণৰ ৰাজবংশত আহিব। বাৰে বাৰে ৰাজকীয় পদ লাভ কৰিব। কেৱল মাত্ৰ পিতাক মৰমেৰে স্মৰণ কৰা। স্মৃতি অবিহনে প্ৰেম কেনেকৈ কৰিবা। সুখ পোৱা যায় সেইবাবেতো স্মৰণ কৰা হয়। দুখ দিওঁতাজনক মৰম কৰা নহয়। পিতাই কয় - মই তোমালোকক স্বৰ্গৰ মালিক কৰি তোলোঁ গতিকে মোক মৰম কৰা। পিতাৰ মতত চলিব লাগে নহয় জানো। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা, সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পঢ়াত কেতিয়াও গাফিলতি কৰিব নালাগে, যুদ্ধৰ পূৰ্বে পিতাৰ পৰা পূৰা পূৰা উত্তৰাধিকাৰ ল’ব লাগে।

(2) শ্ৰীমতত পিতাক বহুত মৰমেৰে স্মৰণ কৰিব লাগে।

বৰদান:
সংকল্প, বৃত্তি আৰু স্মৃতিৰ পৰা ব্যৰ্থ সমাপ্ত কৰোঁতা প্ৰকৃত ব্ৰাহ্মণ সম্পূৰ্ণ পৱিত্ৰ হোৱা

নিজৰ সংকল্প, বৃত্তি আৰু স্মৃতি পৰীক্ষা কৰা — এনেকুৱা নহয় যে কিবা ভুল হৈ গ’ল, অনুতাপ কৰিলা, ক্ষমা খুজিলা, ৰেহাই পাই গ’লা। কোনোবাই যিমানেই ক্ষমা নিবিচাৰক কিয়, যি পাপ বা ব্যৰ্থ কৰ্ম হ’ল, তাৰ চিন নাইকিয়া হৈ নাযায়। ৰেজিষ্টাৰ নিকা-স্বচ্ছ হৈ নাথাকে। কেৱল এই ৰীতি-প্ৰথাত নাযাবা, স্মৃতি থাকিব লাগে যে মই সম্পূৰ্ণ পৱিত্ৰ ব্ৰাহ্মণ। অপৱিত্ৰতাই সংকল্প, বৃত্তি বা স্মৃতিকো স্পৰ্শ কৰিব নোৱাৰে। ইয়াৰ বাবে প্ৰতিটো খোজতে সাৱধান হৈ থাকা।

স্লোগান:
পিতাৰ সান্নিধ্যক কামত লগোৱা, তেতিয়া কেতিয়াও নিৰাশ নোহোৱা।


অব্যক্ত ইংগিত: অপৱিত্ৰতাৰ বীজো সমাপ্ত কৰি সম্পূৰ্ণ স্বচ্ছ (পৱিত্ৰ) হোৱা

পৱিত্ৰতাৰ ৰহস্য বাস্তৱিক জীৱনত অনা অৰ্থাৎ সংকল্প ৰূপতো পাঁচ বিকাৰৰ ওপৰত বিজয়ী হোৱা। ব্যৰ্থ সংকল্পই ক্ৰোধৰো জন্ম দিয়ে, গতিকে কাম অৰ্থাৎ কোনো আত্মাৰ প্ৰতি যদি ব্যৰ্থ দৃষ্টিও যায়, তেন্তে সেই সময়ত পৱিত্ৰতা আছে বুলি মান্যতা দিয়া নহ’ব। সেয়েহে এই ব্যৰ্থ সংকল্প পিতাৰ প্ৰেমত উছৰ্গিত কৰা।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]