25.06.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পিতাই তোমালোকক নতুন সৃষ্টিৰ বাবে ৰাজযোগ শিকাই আছে, সেইবাবে এই পুৰণি সৃষ্টিৰ
বিনাশো নিশ্চয় হ’ব”
প্ৰশ্ন:
মনুষ্যৰ কোনটো
এটা ভাল অভ্যাস আছে কিন্তু তাৰ দ্বাৰাও প্ৰাপ্তি নহয়?
উত্তৰ:
মনুষ্যৰ ভগৱানক স্মৰণ কৰাতো যেন অভ্যাসত পৰিণত হৈছে, যেতিয়া কোনো পৰিস্থিতিৰ সৃষ্টি
হয় তেতিয়া কৈ দিয়ে - হে ভগৱান! সন্মুখত শিৱলিঙ্গ আহি যায় কিন্তু যথাৰ্থ পৰিচয়
নোহোৱাৰ বাবে প্ৰাপ্তি নহয় তেতিয়া কৈ দিয়ে সুখ-দুখ সকলো তেৱেঁই দিয়ে। তোমালোক
সন্তাসকলে এতিয়া এনেকৈ নোকোৱা।
ওঁম্শান্তি।
পিতা যাক
ৰচয়িতা বুলি কোৱা হয়, কাৰ ৰচয়িতা? নতুন সৃষ্টিৰ ৰচয়িতা। নতুন সৃষ্টিক স্বৰ্গ বা
সুখধাম বুলি কোৱা হয়, নাম উচ্চাৰণ কৰে কিন্তু বুজি নাপায়। শ্ৰীকৃষ্ণৰ মন্দিৰকো
সুখধাম বুলি কয়। এতিয়া সেয়াতো হৈ গ’ল সৰু মন্দিৰ। শ্ৰীকৃষ্ণতো বিশ্বৰ মালিক আছিল।
বেহদৰ মালিকক যেন হদৰ মালিক কৰি দিয়ে। শ্ৰীকৃষ্ণৰ সৰু মন্দিৰটোকে সুখধাম বুলি কয়।
বুদ্ধিত এইটো উদয় নহয় যে তেওঁতো বিশ্বৰ মালিক আছিল। ভাৰতৰেই নিৱাসী আছিল। তোমালোকেও
প্ৰথমতে একো জনা নাছিলা। পিতাইতো সকলো জানে, তেওঁ সৃষ্টিৰ আদি-মধ্য-অন্তক জানে।
এতিয়া তোমালোক সন্তানসকলে জানা, জগতততো এইটোও কোনেও নাজানে যে ব্ৰহ্মা-বিষ্ণু-শংকৰ
কোন হয়? শিৱতো হৈছে উচ্চতকৈও উচ্চ ভগৱান। বাৰু, আকৌ প্ৰজাপিতা ব্ৰহ্মা ক’ৰ পৰা আহিল?
হওঁতেতো মনুষ্যই হয়। প্ৰজাপিতা ব্ৰহ্মাতো নিশ্চয় ইয়াতেই লাগে নহয় যাৰ পৰা ব্ৰাহ্মণৰ
জন্ম হ’ব। প্ৰজাপিতা মানেই হ’ল মুখৰ দ্বাৰা তুলি লওঁতা, তোমালোক হৈছা মুখ বংশাৱলী।
এতিয়া তোমালোকে জানা যে কেনেকৈ ব্ৰহ্মাক পিতাই নিজৰ কৰি মুখ বংশাৱলী কৰিছে, এওঁৰ
শৰীৰত প্ৰৱেশো কৰিলে আকৌ ক’লে যে এওঁ মোৰ সন্তানো হয়। তোমালোকে জানা এওঁৰ নাম
ব্ৰহ্মা কেনেকৈ হ’ল, কেনেকৈ জন্ম হ’ল, এইটো অন্য কোনেও নাজানে। কেৱল মহিমা গায় যে
পৰমপিতা পৰমাত্মা উচ্চতকৈও উচ্চ, কিন্তু এইটো কাৰো বুদ্ধিত উদয় নহয় যে উচ্চতকৈও
উচ্চ হৈছে পিতা। আমাৰ অৰ্থাৎ সকলো আত্মাৰ তেওঁ পিতা। তেৱোঁ বিন্দু ৰূপেই হয়, তেওঁৰ
সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান আছে। এই জ্ঞানো তোমালোকে এতিয়া পাইছা। প্ৰথমতে অলপো
এই জ্ঞান নাছিল। মনুষ্যই কেৱল কৈ থাকে ব্ৰহ্মা-বিষ্ণু-শংকৰ, কিন্তু একোৱেই নাজানে।
গতিকে তেওঁলোককেই বুজাব লাগে। এতিয়া তোমালোক বিচাৰ বুদ্ধি সম্পন্ন হৈছা। এইটো জানা
যে পিতা জ্ঞানৰ সাগৰ হয়, যিয়ে আমাক জ্ঞান শুনায়, পঢ়ায়। এই ৰাজযোগ হৈছেই সত্যযুগ
নতুন সৃষ্টিৰ বাবে গতিকে নিশ্চয় পুৰণি সৃষ্টিৰ বিনাশ হোৱা উচিত। তাৰ বাবেই এই
মহাভাৰতৰ যুদ্ধ। আধাকল্প ধৰি তোমালোকে এই ভক্তিমাৰ্গৰ শাস্ত্ৰ পঢ়ি আহিছা। এতিয়াতো
পিতাৰ পৰা পোনপটীয়াকৈ শুনা। পিতাই বহি কোনো শাস্ত্ৰ নুশুনায়। জপ-তপ কৰা, শাস্ত্ৰ আদি
পঢ়া এয়া সকলো হৈছে ভক্তি। এতিয়া ভক্তসকলক ভক্তিৰ ফল লাগে কিয়নো ভগৱানক লগ পাবৰ
কাৰণেই পৰিশ্ৰম কৰে। কিন্তু জ্ঞানৰ দ্বাৰা সৎগতি হয়। জ্ঞান আৰু ভক্তি দুয়োটা একেলগে
চলিব নোৱাৰে। এতিয়া হৈছেই ভক্তিৰ ৰাজ্য। সকলো ভক্ত। প্ৰত্যেকৰ মুখেৰে “হে ঈশ্বৰ পিতা”
নিশ্চয় উচ্চাৰিত হ’ব। এতিয়া তোমালোক সন্তানসকলে জানা যে পিতাই নিজৰ পৰিচয় দিছে যে
মই সূক্ষ্ম বিন্দু। মোকেই জ্ঞানৰ সাগৰ বুলি কয়। মোৰ অৰ্থাৎ বিন্দুত গোটেই জ্ঞান
ভৰপূৰ হৈ আছে। আত্মাতেই জ্ঞান থাকে। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা যে তেওঁক
পৰমপিতা পৰমাত্মা বুলি কোৱা হয়। তেওঁ হৈছে সৰ্বোচ্চ আত্মা অৰ্থাৎ সকলোতকৈ উচ্চ
পতিত-পাৱন পিতাহে সৰ্বোচ্চ হয় নহয়। মনুষ্যই “হে ভগৱান” বুলি ক’লে তেতিয়া শিৱলিঙ্গহে
স্মৃতিলৈ আহিব। সেয়াও যথাৰ্থ ৰীতিৰে নহয়। যেন একপ্ৰকাৰৰ অভ্যাসত পৰিণত হৈছে যে
ভগৱানক স্মৰণ কৰিব লাগে। ভগৱানেই সুখ-দুখ দিয়ে। এতিয়া তোমালোক সন্তানসকলে এনেকৈ
নোকোৱা। তোমালোকে জানা যে পিতাতো হৈছে সুখদাতা। সত্যযুগত সুখধাম আছিল। তাত দুখৰ নাম
নাছিল। কলিযুগত হয়েই দুখ, ইয়াত সুখৰ নামেই নাই। উচ্চতকৈও উচ্চ ভগৱান, তেওঁ হৈছে সকলো
আত্মাৰ পিতা। এইটো কোনেও নাজানে যে আত্মাসকলৰ পিতাও আছে, এনেকৈ কয়ো যে আমি সকলো ভাই
ভাই। তেন্তে নিশ্চয় সকলো এজন পিতাৰেই সন্তান হ’ল নহয়। কোনোবাই আকৌ কৈ দিয়ে যে তেওঁতো
সৰ্বব্যাপী - তোমাৰ ভিতৰতো আছে, মোৰ ভিতৰতো আছে…। হেৰ’, তোমালোকতো হৈছা আত্মা, এয়া
তোমালোকৰ শৰীৰ আকৌ তৃতীয়টো বস্তু কেনেকৈ হ’ব পাৰে! আত্মাক জানো পৰমাত্মা বুলি ক’বা।
জীৱ আত্মা বুলি কোৱা হয়। জীৱ পৰমাত্মা বুলি কোৱা নহয়। আকৌ পৰমাত্মা সৰ্বব্যাপী
কেনেকৈ হ’ব পাৰে! পিতা সৰ্বব্যাপী হ’লে তেতিয়া আকৌ সকলো পিতা হৈ যায়, পিতাই পিতাৰ
পৰা জানো উত্তৰাধিকাৰ পাব। পিতাৰ পৰাতো সন্তানেহে উত্তৰাধিকাৰ লয়। সকলো পিতা কেনেকৈ
হ’ব পাৰে। ইমান সৰু কথাটিও কোনেও বুজি নাপায়। সেইবাবে পিতাই কয় - সন্তানসকল, মই
আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে তোমালোকক কিমান বিচাৰ বুদ্ধি সম্পন্ন কৰি তুলিছিলোঁ,
তোমালোক সদা স্বাস্থ্যৱান, সম্পত্তিৱান, বিচাৰ বুদ্ধি সম্পন্ন আছিলা। ইয়াতকৈ বেছি
বিচাৰ বুদ্ধি সম্পন্ন আৰু কোনো হ’ব নোৱাৰে। তোমালোকে এতিয়া যি বোধশক্তি পাইছা এয়া
আকৌ তাত নাথাকিব। তাত এইটো জানো গম পোৱা যে আমি আকৌ অৱনমিত হ’ম। এইটো গম পালে তেতিয়া
সুখৰ অনুভৱেই নহ’ব। এই জ্ঞান আকৌ প্ৰায় লোপ হৈ যায়। এই ড্ৰামাৰ জ্ঞান কেৱল এতিয়াহে
তোমালোকৰ বুদ্ধিত আছে। ব্ৰাহ্মণসকলেই অধিকাৰী হৈ থাকে। তোমালোকৰ বুদ্ধিত আছে যে
এতিয়া আমি ব্ৰাহ্মণ বৰ্ণৰ হওঁ। ব্ৰাহ্মণসকলকে পিতাই জ্ঞান শুনায়। ব্ৰাহ্মণে আকৌ
সকলোকে শুনায়। গায়নো আছে যে ভগৱানে আহি স্বৰ্গ স্থাপনা কৰিছিল, ৰাজযোগ শিকাইছিল।
চোৱা শ্ৰীকৃষ্ণ জয়ন্তী উদ্যাপন কৰে, এনেকৈ ভাবে যে শ্ৰীকৃষ্ণ বৈকুণ্ঠৰ মালিক আছিল,
কিন্তু তেওঁ বিশ্বৰ মালিক আছিল - এইটো বুদ্ধিত উদয় নহয়। যেতিয়া তেওঁৰ ৰাজত্ব আছিল
তেতিয়া আন কোনো ধৰ্ম নাছিল। তেওঁৰেই সমগ্ৰ বিশ্বত ৰাজত্ব আছিল আৰু সেয়া যমুনাৰ পাৰত
আছিল। এতিয়া তোমালোকক এয়া কোনে বুজাই আছে? ভগৱানুবাচ (ভগৱানে কয়)। বাকী সেয়া যিবোৰ
বেদ-শাস্ত্ৰ আদি শুনায় সেয়া হৈছে ভক্তিমাৰ্গৰ। ইয়াততো স্বয়ং ভগৱানে তোমালোকক শুনাই
আছে। এতিয়া তোমালোকে বুজি পোৱা যে আমি পুৰুষোত্তম হৈ আছোঁ। তোমালোকৰে এইটো বুদ্ধিত
আছে যে আমি শান্তিধাম নিবাসী হওঁ পুনৰ আমি আহি 21 জন্মৰ প্ৰালব্ধ ভোগ কৰিম।
তোমালোক সন্তানসকলৰ
অন্তৰ আনন্দত আপ্লুত হৈ থাকিব লাগে যে বেহদৰ (অসীমৰ) বাবা শিৱবাবাই আমাক পঢ়াই আছে,
তেওঁ জ্ঞানৰ সাগৰ, সৃষ্টিৰ আদি-মধ্য-অন্তৰ বিষয়ে জানে। এনেহেন পিতা আমাৰ বাবে আহিছে
সেয়েহে আনন্দত উথলি উঠিব লাগে। বাবাক কয় - বাবা মই আপোনাক নিজৰ উত্তৰাধিকাৰী কৰিছোঁ।
পিতা সন্তানসকলৰ প্ৰতি উৎসৰ্গিত হৈ যায়, সন্তানসকলে আকৌ কয় যে ভগৱান আপুনি যেতিয়া
আহিব তেতিয়া আমি আপোনাৰ প্ৰতিয়ে উৎসৰ্গিত হৈ যাম অৰ্থাৎ সন্তান কৰি ল’ম। এৱোঁ নিজৰ
সন্তানসকলকে উত্তৰাধিকাৰী কৰি লয়। বাবাক উত্তৰাধিকাৰী কেনেকৈ কৰিবা। এইটোও গূঢ় কথা।
নিজৰ সকলো সলনা-সলনি কৰি লোৱা – এই ক্ষেত্ৰত বুদ্ধিৰে কাম কৰিবলগীয়া হয়। গৰিবেতো
তৎক্ষণাৎ সলনা-সলনি কৰি ল’ব, চহকীয়ে কাচিৎহে কৰিব। যেতিয়ালৈকে পূৰা ৰীতিৰে জ্ঞান
নলয়। ইমান সাহস নাথাকে। গৰিবেতো তৎক্ষণাৎ কৈ দিয়ে - বাবা আমিতো আপোনাকহে
উত্তৰাধিকাৰী কৰিম। আমাৰ ওচৰত আছেনো কি। উত্তৰাধিকাৰী কৰি আকৌ নিজৰ শৰীৰ নিৰ্বাহো
কৰিব লাগে। কেৱল নিমিত্ত বুলি বুজি চলিব লাগে। যুক্তি (উপায়) বহুত শুনাই থাকে।
পিতাইতো কেৱল চাই থাকে যে কোনো পাপ কৰ্মত পইচা নষ্টতো নকৰে? মনুষ্যক পুণ্য আত্মা কৰি
তোলাত পইচা বিনিয়োগ কৰেনে? সেৱাও বিধি পূৰ্বক কৰেনে? এয়া পূৰা পৰীক্ষা কৰিব, তাৰ
পাছত ৰায় দিব। এৱোঁ (ব্ৰহ্মা বাবায়ো) নিজৰ ব্যৱসায়ৰ পৰা ঈশ্বৰৰ অৰ্থে উলিয়াইছিল নহয়।
সেয়া আছিল আওপকীয়া। এতিয়া পিতা পোনপটীয়াকৈ আহিছে। মনুষ্যই ভাবে আমি যি কিছু কৰোঁ
তাৰ ফল ঈশ্বৰে পৰৱৰ্তী জন্মত দিয়ে। কোনোবা গৰিব দুখী হ'লে তেতিয়া বুজিব যে কৰ্মই
এনেকুৱা কৰিছে। যদি ভাল কৰ্ম কৰিছে তেন্তে সুখী হয়। পিতাই তোমালোক সন্তানসকলক কৰ্মৰ
গতিৰ ওপৰত বুজায়, ৰাৱণৰাজ্যত তোমালোকৰ সকলো কৰ্ম বিকৰ্মই হৈ যায়। সত্যযুগ আৰু
ত্ৰেতাত ৰাৱণেই নাথাকে সেইবাবে তাত কোনো কৰ্ম বিকৰ্ম নহয়। ইয়াত যি ভাল কৰ্ম কৰে তাৰ
অল্পকালৰ কাৰণে সুখ পায়। তথাপিও কিবা নহয় কিবা ৰোগ বাক-বিতণ্ডাতো থাকেই কিয়নো
অল্পকালৰ সুখ। এতিয়া পিতাই কয় - এই ৰাৱণৰাজ্যই নাশ হৈ যাব। ৰামৰাজ্যৰ স্থাপনা
শিৱবাবাই কৰি আছে।
তোমালোকে জানা যে এই
চক্ৰ কেনেকৈ ঘূৰে। ভাৰতেই আকৌ গৰিব হৈ যায়। ভাৰত আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে
স্বৰ্গ আছিল, এই লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব আছিল। এওঁলোকেই প্ৰথমতে ৰাজ-সিংহাসনত
বহিছিল। শ্ৰীকৃষ্ণ ৰাজকুমাৰ হয় আকৌ যেতিয়া সয়ম্বৰ হ’ল তেতিয়া ৰজা হ'ল। শ্ৰীনাৰায়ণ
নাম হ'ল। এইটোও তোমালোকে এতিয়াহে বুজি পোৱা সেয়েহে তোমালোক আচম্বিত হোৱা। বাবা আপুনি
ৰচয়িতা আৰু ৰচনাৰ গোটেই জ্ঞান শুনায়। আপুনি আমাক কিমান উচ্চ পাঠ পঢ়ায়। উৎসৰ্গিত হৈ
যাওঁ, আমিতো এজন পিতাৰ বাহিৰে আন কাকো স্মৰণ কৰিব নালাগে। অন্তলৈকে পঢ়িব লাগে গতিকে
নিশ্চয় শিক্ষকক স্মৰণ কৰিব লাগে। স্কুলত শিক্ষকক স্মৰণ কৰে নহয়। সেই স্কুলবোৰততো
কিমান শিক্ষক থাকে। প্ৰতিটো শ্ৰেণীৰ শিক্ষক বেলেগ হয়, ইয়াততো এজনেই শিক্ষক। কিমান
মৰমিয়াল পিতা। পিতা মৰমিয়াল, শিক্ষক মৰমিয়াল......। আগতে ভক্তিমাৰ্গত অন্ধশ্ৰদ্ধাৰে
স্মৰণ কৰিছিলা। এতিয়াতো পোনপটীয়াকৈ পিতাই পঢ়ায় তেন্তে কিমান আনন্দিত হ’ব লাগে
তথাপিও কয় - বাবা পাহৰি যাওঁ। নাজানো আমাৰ বুদ্ধিয়ে আপোনাক কিয় স্মৰণ নকৰে। গায়নো
কৰে - ঈশ্বৰৰ গতি-মত অনন্য। বাবা আপোনাৰ গতি আৰু সৎগতিৰ মততো অপূৰ্ব। এনেহেন পিতাক
স্মৰণ কৰিব লাগে। স্ত্ৰীয়ে নিজৰ স্বামীৰ গুণগান কৰে নহয়। বৰ ভাল, এয়া এয়া তেওঁৰ
সম্পত্তি আছে, ভিতৰি আনন্দিত হৈ থাকে নহয়। এওঁতো (শিৱবাবাতো) স্বামীসকলৰো স্বামী,
পিতাসকলৰো পিতা, এওঁৰ পৰা আমি কিমান সুখ পাওঁ। বাকী সকলোৰে পৰাতো দুখ পাওঁ। অৱশ্যে
হয়, শিক্ষকৰ পৰা সুখ পোৱা যায়, কিয়নো পঢ়াৰ পৰা উপাৰ্জন হয়। সদায় বানপ্ৰস্থ অৱস্থাত
গুৰুৰ শৰণ লোৱা হয়। পিতায়ো কয় - মই বানপ্ৰস্থ অৱস্থাত আহিছোঁ। এৱোঁ (ব্ৰহ্মাও)
বানপ্ৰস্থী, ময়ো বানপ্ৰস্থী। মোৰ এই সন্তানসকলো বানপ্ৰস্থী। পিতা, শিক্ষক, গুৰু
তিনিওজনেই একেলগে আছে। পিতা শিক্ষকো হয় আকৌ গুৰু হৈ লগত লৈ যায়। সেই এজন পিতাৰেই
মহিমা আছে, এই কথাবোৰ কোনো শাস্ত্ৰ আদিত নাই। বাবাই সকলো কথা ভালকৈ বুজায়। ইয়াতকৈ
উচ্চ জ্ঞান একো নাথাকে আৰু জনাৰো দৰকাৰ নাথাকে। আমি সকলো জানি বিশ্বৰ মালিক হৈ যাওঁ,
আৰু অন্য জ্ঞানেৰে কি কৰিম। সন্তানসকলৰ বুদ্ধিত এইটো থাকিলে তেতিয়া আনন্দত আৰু
তাৰেই স্মৃতিত থাকিব। পুণ্য আত্মা হ'বৰ কাৰণে স্মৃতিত নিশ্চয় থাকিব লাগে। মায়াৰ
ধৰ্ম হ'ল তোমালোকৰ যোগ খণ্ডিত কৰা। যোগতেই মায়াই বিঘিনি আনে। পাহৰি যোৱা। মায়াৰ
ধুমুহা বহুত আহে। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। সকলোৰে আগততো এওঁ (ব্ৰহ্মাবাবা)
আছে, সেয়েহে তেওঁৰ সকলো অনুভৱ হয়। মোৰ ওচৰলৈ যেতিয়া আহিব তেতিয়াহে সকলোকে বুজাম নহয়।
এই সকলো মায়াৰ ধুমুহা আহিব। বাবাৰ (ব্ৰহ্মাবাবাৰ) ওচৰতো আহে। তোমালোকৰো আহিব। মায়াৰ
ধুমুহাই নাহিলে, যোগযুক্ত হৈয়েই থাকিলে তেতিয়াতো কৰ্মাতীত অৱস্থা হৈ যাব। তেতিয়া আমি
ইয়াত থাকিব নোৱাৰিম। কৰ্মাতীত অৱস্থা হৈ গ'লে তেতিয়া আমি সকলো গুচি যামগৈ। শিৱৰ
বৰযাত্ৰী বুলি গায়ন আছে নহয়। শিৱবাবা আহিলে তেতিয়াহে আমি সকলো আত্মা যাম। শিৱবাবা
আহেই সকলোকে লৈ যাবলৈ। সত্যযুগত জানো ইমান আত্মা থাকিব। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) শিৱবাবাক
নিজৰ উত্তৰাধিকাৰী কৰি সকলো সলনা-সলনি কৰি ল’ব লাগে। উত্তৰাধিকাৰী কৰি শৰীৰ নিৰ্বাহো
কৰিব লাগে, নিমিত্ত হৈ থাকিব লাগে। টকা-পইচা কোনো পাপ কৰ্মত খটুৱাব নালাগে।
(2) ভিতৰি আনন্দত
গদগদ হৈ থাকিব লাগে যে স্বয়ং জ্ঞান সাগৰ বাবাই আমাক পঢ়াই আছে। পুণ্য আত্মা হ'বৰ বাবে
স্মৃতিত থাকিব লাগে, মায়াৰ ধুমুহালৈ ভয় কৰিব নালাগে।
বৰদান:
সত্যতাৰ আধাৰত
এক পিতাক প্ৰত্যক্ষ কৰোঁতা, নিৰ্ভীক কৰ্তৃত্ব স্বৰূপ হোৱা
সত্যতাই প্ৰত্যক্ষতাৰ
আধাৰ। পিতাক প্ৰত্যক্ষ কৰিবলৈ নিৰ্ভীক আৰু কৰ্তৃত্ব স্বৰূপ হৈ কোৱা, সংকোচ কৰি নহয়।
যেতিয়া অনেক মতধাৰীয়ে কেৱল এটা কথা মানি ল’ব যে আমাৰ সকলোৰে পিতা এজন আৰু তেৱেঁই
এতিয়া কাৰ্য কৰি আছে, আমি সকলো এজনেৰে সন্তান এক হওঁ আৰু এই এজনেই যথাৰ্থ.. তেতিয়া
বিজয়ৰ পতাকা উৰুৱা হ’ব। এইটো সংকল্পৰে মুক্তিধামলৈ যাবা আকৌ যেতিয়া নিজৰ নিজৰ ভূমিকা
পালন কৰিবলৈ আহিবা তেতিয়া প্ৰথমতে এয়াই সংস্কাৰ জাগ্ৰত হ’ব যে ঈশ্বৰ এজন। এয়াই
সোণালী যুগৰ স্মৃতি।
স্লোগান:
সহ্য কৰা মানেই নিজৰ শক্তি ৰূপ প্ৰত্যক্ষ কৰা।
অব্যক্ত সংকেত:
আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা
যেনেকৈ এই দেহ
স্পষ্টকৈ দেখা পোৱা যায় তেনেকৈ নিজ আত্মাৰ স্বৰূপ স্পষ্টকৈ দেখা দিয়ক অৰ্থাৎ অনুভৱত
আহক। মস্তক অৰ্থাৎ বুদ্ধিৰ স্মৃতি বা দৃষ্টিৰে আত্মিক স্বৰূপৰ বাহিৰে অন্য একোৱেই
যাতে দেখা নিদিয়ে বা স্মৃতিলৈ নাহে। এনেকুৱা নিৰন্তৰ তপস্বী হোৱা তেতিয়া প্ৰত্যেক
আত্মাৰ প্ৰতি কল্যাণৰ শুভ-সংকল্প উৎপন্ন হ’ব। যদিওবা কোনোবাই নিজৰ সংস্কাৰ-স্বভাৱৰ
বশীভূত হৈ তোমালোকৰ পুৰুষাৰ্থত পৰীক্ষাৰ নিমিত্ত হৈছে, তেওঁৰ প্ৰতিও সদায় কল্যাণৰ
সংকল্প উৎপন্ন হওঁক।