25.08.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰিলে তোমালোকৰ উপাৰ্জনো হয় লগতে স্বাস্থ্যৱানো হোৱা,
তোমালোক অমৰ হৈ যোৱা”
প্ৰশ্ন:
হৃদয় শুদ্ধ কৰি
তোলাৰ সহজ যুক্তি (উপায়) কোনটো?
উত্তৰ:
য’তেই থাকা নিমিত্ত হৈ থাকা। সদায় বুজিবা যে আমি শিৱবাবাৰ ভাণ্ডাৰৰ পৰা খাওঁ।
শিৱবাবাৰ ভাণ্ডাৰৰ ভোজন খোৱাজনৰ হৃদয় শুদ্ধ হৈ যায়। প্ৰবৃত্তিত থাকি যদি শ্ৰীমতত
নিৰ্দেশনা অনুসৰি নিমিত্ত হৈ থাকা তেন্তে সেয়াও শিৱবাবাৰ ভাণ্ডাৰ, মনেৰে সমৰ্পণ হোৱা।
ওঁম্শান্তি।
জন্ম-জন্মান্তৰ আধাকল্প সন্তানসকলে সৎসংগ কৰিলে, সাধু-সন্ত, পণ্ডিত আদি সকলো
মনুষ্যৰ সৎসংগ হয়, এয়া কোনো মনুষ্যৰ সৎসংগ নহয়। ইয়াক কোৱা হয় আত্মিক সৎসংগ। পৰম
আত্মাই আত্মাসকলৰ সৈতে বাৰ্তালাপ অৰ্থাৎ সৎসংগ কৰে। ইয়াত তোমালোকে কোনো মনুষ্যৰ পৰা
নুশুনা, দেৱতাসকলৰ পৰাও নুশুনা। তোমালোকে শুনা ভগৱানৰ পৰা। ভগৱানক সদায় নিৰাকাৰ বুলি
কোৱা হয় আৰু ভগৱান তেতিয়াই আহে যেতিয়া সন্তানসকলক ভগৱান-ভগৱতী কৰি তুলিবলৈ পঢ়াব লাগে।
ভগৱান আৰু ভগৱতীৰ পদ ভগৱানৰ বাহিৰে কোনেও দিব নোৱাৰে। তোমালোক সন্তানসকলে জানা
কল্পই কল্পই সংগমযুগ হ’লে তেতিয়া নিৰাকাৰ ভগৱান আহি আমাক জ্ঞান দিয়ে। এয়াও কেৱল
তোমালোকেহে বুজি পোৱা, অন্য কোনোবাই কাচিৎহে বুজিব পাৰে। শিৱবাবা নিশ্চয় আহে, কিন্তু
তেওঁৰ সলনি কৃষ্ণক গীতাৰ ভগৱান বুলি কৈ দিছে। গতিকে নিশ্চয় সকলোৰে বুদ্ধিত মনুষ্য
শৰীৰহে আহে। তোমালোকেই দৈৱীগুণ সম্পন্ন আছিলা আৰু এতিয়া আসুৰি গুণ সম্পন্ন হৈছা।
এতিয়া আকৌ দৈৱীগুণ সম্পন্ন হোৱা। দৈৱীগুণধাৰীসকলক ঈশ্বৰীয় সম্প্ৰদায়, আসুৰি
গুণধাৰীসকলক আসুৰি সম্প্ৰদায় বুলি কোৱা হয়। এতিয়া নিৰাকাৰ পিতাই নিৰাকাৰ সম্প্ৰদায়
অৰ্থাৎ আত্মাসকলক পঢ়ায়, সেইকাৰণে কোৱা হয় ঈশ্বৰীয় সম্প্ৰদায় অথবা আত্মিক সম্প্ৰদায়,
যিসকলক আত্মিক পিতাই আহি পঢ়ায়। এতিয়া তোমালোক আত্ম-অভিমানী হোৱা। আমি আত্মা হওঁ,
পিতাই আমাক পঢ়ায়। তেওঁ কয় - মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হ’ব।
আত্মাসকলকহে পঢ়ায়, তেৱেঁই জ্ঞানপূৰ্ণ হয় অন্য ঋষি-মুনি আদিয়েতো সকলোৱে ‘নেতি’
‘নেতি’ (নাজানো নাজানো) বুলি কৈ গ’ল অৰ্থাৎ আমি আত্মাক নাজানো। যেতিয়ালৈকে সেই
জ্ঞানৰ সাগৰ সন্মুখত নাহে তেন্তে জ্ঞান কেনেকৈ বুজাব। এয়া ভালকৈ বুজিবলগীয়া কথা।
আমাক কোনো মনুষ্যই নপঢ়ায়, আমাক পিতাই পঢ়ায়। তেওঁ হ’ল বেহদৰ পিতা নিৰাকাৰ। এইটোও
সন্তানসকলক বুজোৱা হৈছে, সাকাৰ আৰু নিৰাকাৰ দুজন পিতা প্ৰত্যেকৰে থাকে। এজন আত্মিক
আনজন দৈহিক (পাৰ্থিৱ)। আত্মিক পিতাহে আহি আত্মাসকলক পাৱন কৰি তোলে। তোমালোকে জানা
আমি পাৱন আছিলোঁ, পতিত হ’লোঁ আকৌ পতিতৰ পৰা পাৱন কেনেকৈ হওঁ। চিত্ৰও সন্মুখত আছে,
বাবাই ৰায় দিয়ে যে বাৰে বাৰে চক্ৰৰ সন্মুখত গৈ বহা তেতিয়া বুদ্ধিত গোটেই জ্ঞান আহি
যাব যে আমি এতিয়া সংগমত বহি আছোঁ আৰু সকলোৱে নিজক কলিযুগত আছে বুলি ভাবে। কলিযুগক
ঘোৰ অন্ধকাৰ বুলি কোৱা হয়। এতিয়া তোমালোক আছা সংগমত। এতিয়া তোমালোকৰ (জ্ঞানৰ)
প্ৰকাশ আছে, সত্যযুগত আকৌ তোমালোকে এই জ্ঞান নোপোৱা। পিতা যেতিয়া আহে তেতিয়াহে ঘোৰ
(অতিশয়) আলোক হয়। এই সংগমযুগ হয়েই কল্যাণকাৰী যুগ। ইয়াৰ নিচিনা যুগ আৰু নাই, যেতিয়া
পিতা আহে। সত্যযুগক কল্যাণকাৰী বুলি কোৱা নহ’ব, তাত কাৰো কল্যাণ নহয়। কল্যাণ সংগমতহে
হয়। সত্যযুগততো হয়েই কল্যাণ। সংগমত কলিযুগক সত্যযুগ, কল্যাণকাৰী কৰি তোলে। গতিকে
এতিয়া তোমালোকৰ ক্ষেত্ৰত চোৱা কিমান কল্যাণ হয়, কেৱল পিতা আৰু উত্তৰাধিকাৰক স্মৰণ
কৰিলে তোমালোকৰ কিমান উপাৰ্জন হয়। প্ৰচুৰ উপাৰ্জনো হয় আৰু সম্পূৰ্ণ স্বাস্থ্যও পোৱা।
তোমালোকৰ জীৱন অমৰ হৈ যায়। তোমালোকৰ কেতিয়াও অকাল মৃত্যু নহয়। তেন্তে সন্তানসকল
কিমান আনন্দিত হ’ব লাগে কিয়নো তোমালোকৰ বুদ্ধিত গোটেই জ্ঞান আছে। ইয়ালৈ তোমালোক
সন্তানসকল আহা গতিকে পুৰুষাৰ্থ কৰি সংগ্ৰহালয়ত চিত্ৰসমূহৰ ওপৰত বুজোৱাৰ বাবে যোগ্য
হ’ব লাগে। নিজক যোগ্য কৰি তুলিবলৈ 7-8 দিন বহিলৈ শিকা। অভ্যাস হ’ল, লগে লগে সেৱাত
দৌৰিব। সেৱা কৰি আকৌ ঘূৰি আহে। এয়া শিকাতো বহুত সহজ। চিত্ৰ সন্মুখত দেখিলেই বুদ্ধিত
আহি যায় যে আমি সংগমত বহি আছোঁ। আজিৰ জগতত বহুত মনুষ্য আছে, কালিলৈ বহুত কম হ’ব।
ইমানবিলাক উভতি যাব। এতিয়া পিতা স্বয়ং আহিছে, সন্তানসকলৰ কিমান সন্মান ৰাখে। দূৰণিৰ
দেশত থকাজন আনৰ দেশলৈ আহিল… ৰাৱণৰ দেশ আনৰ দেশ নহয় জানো। ৰামৰ দেশততো কেতিয়াও ৰাৱণ
আহিব নোৱাৰে। ইয়াৰ ওপৰত এটা কাহিনী অথবা আখ্যানো শুনায়, যিবোৰ আখ্যান শুনায় সেই
সকলোবোৰ হ’ল কাহিনী। কাহিনীবোৰততো কোনো সাৰ নাই, উপন্যাসতো কোনো সাৰ নাই। উপন্যাসো
কিমান অনেক বিক্ৰী কৰে। কেৱল উপন্যাস বেছিয়েই লাখপতি হৈ যায়।
এতিয়া তোমালোক
সন্তানসকলৰ প্ৰতিপালনতো পিতাৰ হাতত। বচ্ তোমাৰ সৈতেই খাওঁ অৰ্থাৎ তোমাৰেই ভাণ্ডাৰৰ
পৰা খাওঁ… তোমালোকৰ গোটেই প্ৰতিপালন ইয়াতেই হয়। যিসকল সমৰ্পিত হৈ যায় তেওঁলোকৰ
প্ৰতিপালনতো হয়েই লগতে যিসকলে মনেৰেও ভাবে যে এই সকলোবোৰ ঈশ্বৰৰ (পিতাৰ) মই নিমিত্ত
হওঁ, মই শ্ৰীমতত চলিহে খৰচ আদি কৰোঁ। এনেকৈ যিসকলে ভাবে তেওঁলোকেও শিৱবাবাৰ
ভাণ্ডাৰৰ পৰা খায়। শিৱবাবাৰ ভাণ্ডাৰৰ পৰা খালে হৃদয় শুদ্ধ হয়। এনেকুৱা নহয় যে
তেওঁলোকে শিৱবাবাৰ ভাণ্ডাৰৰ পৰা নাখায়। পিতাৰ নিৰ্দেশনা মতে চলাসকলেও যেন পিতাৰ
ভাণ্ডাৰৰ পৰা খায়। যি ভাণ্ডাৰৰ পৰা খায়, সেই ভাণ্ডাৰ সদায় ভৰপূৰ হৈ থাকে আৰু তাৰ পৰা
খালে কাল কণ্টক দূৰ হয়… তাৰপাছত তোমালোকৰ কেতিয়াও অকাল মৃত্যু নহ’ব। এই সময়তেই
শিৱবাবা আহে, তেওঁৰ মহিমাও গায়ন কৰা হৈছে। শিৱ জয়ন্তীও পালন কৰে কিন্তু তেওঁৰ
ভাণ্ডাৰ কেনেকুৱা, এইটো কোনেও নাজানে। বাবাও যথাযথ আহে নহয় জানো। যিসকল সন্তান আহে
তেওঁলোকে শিৱবাবাৰ ভাণ্ডাৰৰ পৰা ভোজন পায়। পুৰুষ সমৰ্পণ হ’লে সেইটো বাৰু ঠিক, যদি
তেওঁলোক সমৰ্পণ নহয় তেতিয়া মাতাসকলে কি কৰিব? কিয়নো উপাৰ্জনতো স্বামীৰ। তেওঁতো
সমৰ্পিত নহয়। তেওঁতো যেতিয়া আমদানি কৰিব তেতিয়াহে স্ত্ৰীয়ে খাব। অৱশ্যে হয়, যুগল
সমৰ্পিত হ’লে তেতিয়া আকৌ শিৱবাবাৰ ভাণ্ডাৰৰ পৰা প্ৰতিপালিত হ’ব পাৰে। এয়া পিতাই
সন্তানসকলক ভালদৰে বুজায়। বুদ্ধিত ৰাখিব লাগে আমি পিতাৰ ওচৰত বহি আছোঁ যেতিয়ালৈকে
কৰ্মাতীত অৱস্থা নহয়। দিনে-প্ৰতিদিনে আমি নিজৰ স্বৰাজ্যৰ সমীপত আহি থাকোঁ। সময়
অতিবাহিত হৈ থাকে, তোমালোক সমীপত আহি থাকা। সত্যযুগৰ প্ৰথম বছৰলৈ এতিয়া কিমান বছৰ
বাকী আছে বুলি ক’বা? এতিয়া কিমান সমীপত আহি গ’লা? পিতাই কয় - সন্তানসকল এতিয়া
তোমালোকৰ 84 ৰ চক্ৰ পূৰা হয়। তোমালোকে এতিয়া 84 জন্মৰ চক্ৰক জানিলা। চক্ৰক দেখিলেই
ক’ব আমি এতিয়া সংগমত আছোঁ। এইফালে কলিযুগ, সেইফালে সত্যযুগ। কালিলৈ আমি নিজৰ
সুখধামত থাকিম। জগতৰ লোকে গম নাপায়, তেওঁলোকতো একেবাৰে ঘোৰ অন্ধকাৰত আছে। তোমালোক
সন্তানসকল বহুত আনন্দিত হ’ব লাগে। বেহদৰ পিতাৰ পৰা আমি 21 জন্মৰ উপাৰ্জন কৰোঁ।
সৰ্বদা সুখৰ উত্তৰাধিকাৰ পাই আছোঁ – এইটো আনন্দ থাকে। স্বৰ্গবাসী হোৱা - এয়া
তোমালোকৰেই ভাগ্যত আছে। স্বৰ্গ এক বিস্ময়কৰ বস্তু। যেনেকৈ 7 টা বিস্ময় দেখুৱায় নহয়।
এয়াতো সকলোতকৈ ডাঙৰ বিস্ময়। বিস্ময়কৰ স্বৰ্গৰ চিত্ৰও আছে। এই লক্ষ্মী-নাৰায়ণ
স্বৰ্গৰ মালিক আছিল সেইকাৰণে বাবাই লিখিছিল – ওপৰত সূৰ্যবংশীৰ বিষয়ে লিখা তাৰ তলত
চন্দ্ৰবংশীৰ বিষয়ে লিখা তেতিয়া আধাকল্প পূৰা হৈ যাব। সূৰ্যবংশী, চন্দ্ৰবংশী 1250
বছৰ। তেতিয়া আকৌ লাখ লাখ বছৰৰতো কথাই নোহোৱা হৈ যাব। তাত (লৌকিক জগতত) বাহুবলত
কিমান খৰচ হয়। ইয়াত আৰম্ভণিৰ পৰা অন্তলৈকে একোৱেই খৰচ নহয়। এয়াতো পিতা আৰু
সন্তানসকলৰ হিচাপ, খৰচৰ কথাই নাই। ইয়াত সন্তানসকল আহি সজীৱ হওক সেইকাৰণে ঘৰ আদি
নিৰ্মাণ কৰায়। সন্তানসকলৰে পইচা সেয়াও কিমান দিন অতিবাহিত হৈ গ’ল। বাকী কেইটিমান
দিন আছে, খৰচ একোৱে নাই। তোমালোকে জীৱনমুক্তি পোৱা, এটা কড়িও খৰচ নকৰাকৈ। ইয়াত কেৱল
পৰিশ্ৰমৰ কথা। ভগৱানকতো সকলো ভক্তই স্মৰণ কৰে কিন্তু এইটো নাজানে যে ভগৱান কোন হয়?
ভগৱানক নজনাৰ কাৰণে বহুতকে ভগৱান বুলি মানি লয়। এতিয়া তোমালোক সন্তানসকলে সঁচা
পিতাৰ পৰিচয় দিব লাগে। বাবাই কিমানবাৰ বুজাইছে, ডাঙৰ ডাঙৰ চিত্ৰ মুখ্য স্থানসমূহত
লগোৱা। যেনেকৈ বিমান বন্দৰ আছে, বিমান বন্দৰৰ অধিকাৰীয়ে কি ল’ব? তেওঁলোকক বুজোৱা
এয়াতো সকলো মনুষ্যৰ কল্যাণৰ কাৰণে। ইয়াক বুজিলেই মনুষ্যই পিতাৰ পৰা উত্তৰাধিকাৰ লৈ
বিশ্বৰ মালিক হ’ব পাৰে। মুখ্য হ’ল দিল্লী। দিল্লী ৰাজধানী নহয় জানো। তাত সকলো একেলগে
থাকে। তাত টিনপাতত এনেকুৱা ডাঙৰ ডাঙৰ চিত্ৰ লগাব লাগে। মুখ্য হয়েই ত্ৰিমূৰ্তি,
সৃষ্টিচক্ৰ আৰু কল্পবৃক্ষ। এই ছিৰিৰ চিত্ৰখনতো লেখত ল’বলগীয়া, ইয়াত বিনাশ আদিও ভালকৈ
লিখা আছে আৰু পতিত-পাৱন পৰমপিতা পৰমাত্মা নে পানীৰ গঙ্গা? বিচাৰ কৰা।
ব্ৰহ্মাকুমাৰ-কুমাৰীসকলে সোধে – ঈশ্বৰ সৰ্বব্যাপী নে এক পৰমপিতা পৰমাত্মা? পিতাৰ
পৰাতো সন্তানসকলে উত্তৰাধিকাৰ পায়। মুখ্য হয়েই এইখন চিত্ৰ। ত্ৰিমূৰ্তিৰ চিত্ৰখনো
বহুত মূল্যৱান। ব্ৰহ্মাৰ দ্বাৰা বিষ্ণুপুৰীৰ স্থাপনা হয়, আকৌ তেৱেঁই প্ৰতিপালনো
কৰিব।
সন্তানসকল অপাৰ
আনন্দিত হ’ব লাগে – বেহদৰ পিতাই আমাক পঢ়ায়, স্বৰ্গৰ মালিক কৰি তুলিবলৈ। বাবা আহি
স্বৰ্গৰ স্থাপনা আৰু নৰকৰ বিনাশ কৰায় সেইকাৰণে মহাভাৰতৰ যুদ্ধও লগতে আছে। প্ৰত্যেক
5 হাজাৰ বছৰৰ পাছত এই চক্ৰ ঘূৰে। পিতাও কল্পই কল্পই কল্পৰ সংগমযুগত আহে। গীতাত
তেওঁলোকে আকৌ যুগে যুগে বুলি লিখি দিছে সেয়াও 5টা যুগ আছে পাঁচ বাৰ আহিব। আকৌ 24
অৱতাৰ, অমুক অৱতাৰ কিয় লিখি দিছে! মনুষ্যই কিমান যজ্ঞ, তপ, তীৰ্থ আদি কৰে, ভাবে এয়া
সকলো ভগৱানক পোৱাৰ ৰাস্তা। কিন্তু ভগৱানৰ ওচৰলৈ কোনেও যাব নোৱাৰে। আধাকল্প কিমান
মগজ খটুৱালে। জন্ম-জন্মান্তৰ পৰিক্ৰমা লগালে, এইটো কৰিলে… তথাপিও পিতাক নাপালে।
এতিয়া পিতা তোমালোক সন্তানসকলৰ কিমান সমীপত আছে। তোমালোকৰ সৈতে বাৰ্তালাপ কৰি আছে,
তোমালোকক বুজাই আছে। তোমালোকে বুজি পোৱা কল্পই কল্পই হুবহু আমি এনেকৈয়ে মিলিত হওঁ,
যি হৈ গ’ল সেয়া কল্পই কল্পই হ’ব। সেইজন দাদাই সোণাৰী হ’ব। আকৌ তেওঁৰ শৰীৰতে পিতাই
প্ৰৱেশ কৰিব, আকৌ সেইসকল সন্তানেই আহি পিতাৰ হ’ব আৰু পুনৰ স্বৰ্গৰ উত্তৰাধিকাৰ ল’ব।
পিতাৰ তোমালোক সন্তানসকলৰ সৈতে অনাদি অবিনাশী এই ভূমিকা কল্পই কল্পই এনেকৈয়ে
পুনৰাবৃত্তি হৈ থাকে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা, সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এয়া
কল্যাণকাৰী সংগমযুগ, ইয়াত সকলো কথাত কল্যাণ আছে, উপাৰ্জনেই উপাৰ্জন হয়। পিতা আৰু
উত্তৰাধিকাৰক স্মৰণ কৰি 21 জন্মৰ কাৰণে জীৱন অমৰ কৰিব লাগে।
(2) প্ৰবৃত্তিত থাকি
মন-বুদ্ধিৰে সমৰ্পণ হ’ব লাগে। শ্ৰীমতত খৰচ কৰিব লাগে, পূৰা নিমিত্ত হৈ থাকিব লাগে।
বৰদান:
সহযোগৰ শক্তিৰে,
অসহযোগীসকলক সহযোগী কৰি তোলোঁতা পিতাৰ সমান পৰোপকাৰী হোৱা
সহযোগীসকলৰ সৈতে
সহযোগী হোৱা- এয়া কোনো মহাবীৰত্ব নহয়, কিন্তু যিদৰে পিতাই অপকাৰীসকলকো উপকাৰ কৰে,
ঠিক তেনেদৰে তোমালোক সন্তানসকলো পিতাৰ সমান হোৱা। কোনোবা যিমানেই অসহযোগী নহওক কিয়,
তোমালোকে নিজৰ সহযোগৰ শক্তিৰে অসহযোগীক সহযোগী কৰি দিয়া, এনেকৈ নাভাবিবা যে এইটো
কাৰণত এওঁ আগবাঢ়িব পৰা নাই। দুৰ্বলক দুৰ্বল বুলি ভাবি এৰি নিদিবা, বৰঞ্চ তেওঁক বল
দি বলৱান কৰি তোলা। এইটো কথাত মনোযোগ দিলে সেৱাৰ পৰিকল্পনাৰূপী অলংকাৰত হীৰা জিলিকি
উঠিব, অৰ্থাৎ সহজে প্ৰত্যক্ষতা হ'ব।
স্লোগান:
ক্ৰোধৰ কাৰণ হ'ল স্বাৰ্থ বা ঈৰ্ষা — এয়াই খিংখিঙীয়া স্বভাৱৰ মূল, প্ৰথমে ইয়াকে
সমাপ্ত কৰা।
অব্যক্ত ইংগিত:
অপৱিত্ৰতাৰ বীজো সমাপ্ত কৰি সম্পূৰ্ণ স্বচ্ছ (পৱিত্ৰ) হোৱা
পৱিত্ৰতা হৈছে ভেটি
আৰু সেই ভেটিৰ ব্ৰহ্মচৰ্য ব্ৰত ধাৰণ কৰাটো এটা সাধাৰণ কথা। কিন্তু এতিয়া তোমালোক
আগবাঢ়িছা, সেয়েহে এয়া শৈশৱৰ অৱস্থা নহয়, এতিয়াতো বানপ্ৰস্থ অৱস্থাত যাব লাগে।
মই ব্ৰহ্মচাৰী হৈতো থাকোঁ, পৱিত্ৰতাতো আছেই — কেৱল ইমানতে সন্তুষ্ট নহ'বা। মূল ভেটি
অৰ্থাৎ সংকল্প শুদ্ধ কৰি তোলা, জ্ঞান স্বৰূপ কৰি তোলা, শক্তি স্বৰূপ কৰি তোলা।
সম্পূৰ্ণতা লাভ কৰাৰ
বাবে দাদী প্ৰকাশমণি জীৰ গুপ্ত পুৰুষাৰ্থ
(১৯ তম পুণ্য স্মৃতি
দিৱস উপলক্ষে বিশেষ ধাৰণাসমূহ)
1) দাদী জীয়ে সকলো
দায়িত্ব পালন কৰি লক্ষ্য ৰাখিলে যে মই সৰ্বগুণ সম্পন্ন, সৰ্ব কলা সম্পন্ন আৰু
নিৰ্বিকাৰীতাতো সম্পন্ন... হৈ সম্পূৰ্ণতাৰ লক্ষ্যত উপনীত হ’বই লাগিব।
2) দাদী জীয়ে মন,
বচন আৰু কৰ্মৰে ডবল অহিংসক হৈ সকলোকে সুখ দিলে আৰু নিজেও সুখ ল’লে। মনেৰেও কোনো
আত্মাক কেতিয়াও দুখ নিদিলে আৰু নিজেও দুখ নল’লে।
3) দাদী জী সদায়
একমাত্ৰ পিতাৰ আকৰ্ষণতে আছিল, তেওঁক কোনো পুৰণি বস্তু, ব্যক্তি বা প্ৰকৃতিৰ তত্ত্বই
নিজৰ ফালে আকৰ্ষিত নকৰিলে। সদায় এক পিতাৰ স্মৃতিত থাকি তেওঁ নিজৰ সূক্ষ্ম
বৃত্তিসমূহকো একাগ্ৰ কৰিলে।
4) সদায় সাক্ষীবোধৰ
স্থিতিত থাকি, সদায় সংগীৰ সান্নিধ্যৰ অনুভৱ কৰিলে। তেওঁৰ দৃষ্টি আৰু বৃত্তিত
আত্মিকতা আৰু অলৌকিকতা আছিল। তেওঁৰ সংস্কাৰ ইমান মাৰ্জিত আছিল যে তেওঁৰ চকু কাৰো
প্ৰতি আকৰ্ষিত নহ’ল।
5) তেওঁ কাৰো অৱগুণ
মনত ৰাখি থোৱা নাছিল। কাৰো অৱগুণ লক্ষ্য নকৰিলে। সদায় পৰ-চিন্তন, পৰ-দৰ্শন আৰু
পৰ-মতৰ পৰা মুক্ত হৈ থাকি স্ব-চিন্তনত থাকিল।
6) দাদী জী ব্ৰহ্মা
বাবাৰ সমান সদায় বিনম্ৰ হৈ থাকিল। নিৰাকাৰী আৰু নিৰহংকাৰী স্থিতিত থকাৰ অভ্যাস
কৰিলে। সদায় নিজক সেৱাধাৰী বুলি বুজিলে। কেতিয়াও নিজৰ মহিমা স্বীকাৰ নকৰিলে।
কোনোবাই নিন্দা কৰিলে তেওঁ ভয়ভীত নহ’ল আৰু মহিমা শুনি অতিশয় আনন্দিত নহ’ল। প্ৰতিটো
কথাত নিজৰ স্থিতি সমান কৰি ৰাখিলে।
7) বাপদাদাৰ পৰা পোৱা
দিব্য বুদ্ধিৰ উপহাৰ অতি সযতনে ৰাখিলে। সদায় সমৰ্থ সংকল্প কৰিলে। প্ৰতিটো কৰ্ম যাতে
শ্ৰীমত অনুসৰি হয়, তাত যাতে অলপো নিজৰ বা আনৰ মত মিহলি নহয়, দিব্য বুদ্ধিৰ আধাৰত
যাতে প্ৰতিটো সংকল্প, বাণী আৰু কৰ্ম হয় — এইটোৱে লক্ষ্য ৰাখি সম্পূৰ্ণতা প্ৰাপ্ত
কৰিলে।
8) সদায় এক বল এক
ভৰসা, এজনৰ সৈতেই সকলো সম্বন্ধ, কাৰো প্ৰতি কোনো আকৰ্ষণ বা মোহ নাছিল। সদায় 'ভাই
ভাই'ৰ বৃত্তিৰে সকলোকে চালে আৰু দয়াশীলতা গুণ ধাৰণ কৰি দুৰ্বল আত্মাসকলক বল দিলে।
অপকাৰীৰো উপকাৰ কৰিলে।
9) সকলো সৰু-বৰ
পৰিস্থিতিক “একো নতুন নহয়”ৰ স্মৃতিৰে অতিক্ৰম কৰিলে। কোনো দৃশ্য দেখি কিয়, কি—এইবোৰ
প্ৰশ্নত নিজকে আউল লগোৱাৰ পৰিৱৰ্তে সদায় সাক্ষীবোধ ধাৰণ কৰিলে, সদায় হৰ্ষিত হৈ
থাকিল।
10) তেওঁৰ প্ৰতিটো
কথাতে গাম্ভীৰ্যতা দেখা গৈছিল। কোনো কথাই তেওঁ সাধাৰণভাৱে কোৱা নাছিল। তেওঁৰ মুখেৰে
কেৱল সেইবোৰ কথাই ওলাইছিল যিবোৰ হ’বলগীয়া আছিল। এনেকুৱা সিদ্ধি স্বৰূপ আত্মাৰ
সংকল্পও সিদ্ধ হোৱাৰ বাবেই সহজেই সম্পূৰ্ণতা প্ৰাপ্ত কৰিলে।
11) দাদী জী সদায়
আত্মবিশ্বাসেৰে ভৰপূৰ হৈ থকাৰ বাবে এইটো স্মৃতিত থাকিল যে মইতো কল্প কল্পৰ বিজয়ী
আত্মা। কোনো পুৰণা সংস্কাৰ-স্বভাৱ বা হিচাপ-নিকাচৰ অধীন নহ’ল। এনেকুৱা অনুভৱ কৰিলে
যেন আত্মা লাইটৰ শৰীৰত নিবাস কৰি আছে।
12) দাদী জীৰ বুদ্ধি
স্বচ্ছ পৰিষ্কাৰ দাপোণৰ দৰে আছিল। তেওঁ নিৰন্তৰ তপস্বী মূৰ্ত হৈ থাকিল। সদায় এইটোৱে
স্মৃতি থাকিল যে এই তপস্যাৰ দ্বাৰাই বিশ্বৰ কল্যাণ হ’ব আৰু এখন সুখময় সংসাৰ ৰচনা
হ’ব।
13) দাদী জীয়ে
অন্তিম সময় সন্মুখত দেখিও সদায় স্ব-চিন্তন কৰিলে। স্ব-উন্নতিৰ বাবে নিতৌ অমৃতবেলা
বাবাৰ সৈতে অতি মধুৰ আত্মিক বাৰ্তালাপ কৰিলে, বাবাৰ মহাবাক্যসমূহ গভীৰভাৱে অধ্যয়ন
কৰিলে। বাবাৰ লগতে বাবাৰ মুৰুলীৰ প্ৰতি তেওঁৰ অটল প্ৰেম আছিল।
14) দাদী জীয়ে নিজৰ
সম্পূৰ্ণ স্থিতি গঢ়ি তুলিবলৈ দেহবোধৰ পৰা উৰ্দ্ধত থকাৰ অভ্যাস কৰিলে। তেওঁৰ
বুদ্ধিত সদায় এয়াই থাকিল যে মই স্ব-স্থিতি উচ্চ, একাগ্ৰ, একৰস অথবা সংকল্পৰ পৰা
উৰ্দ্ধত নিৰ্সংকল্প কৰি তুলিব লাগে, তেতিয়াহে মই এই পুৰণি জগতৰ পৰা উৰি গৈ বাবাৰ
ওচৰত সূক্ষ্ম লোকত গৈ বহিব পাৰিম।
15) তেওঁ সদায় এইটো
নিষ্ঠাত থাকিল যে মই বাবাৰ স্মৃতিত থাকি সকলোকে সন্তুষ্ট কৰি সকলোৰে আশীৰ্বাদ ল’ব
লাগে। কোনো আত্মাই যাতে মোৰ পৰা কেতিয়াও অসন্তুষ্ট হৈ অভিশাপ নিদিয়ে, তাৰ ওপৰত
সম্পূৰ্ণ ধ্যান ৰাখি তেওঁ সকলোৰে আশীৰ্বাদ পাত্ৰ হ’ল।
16) সদায় এটা
লক্ষ্যই সন্মুখত থাকিল যে মই সম্পন্ন ফৰিস্তা তথা কৰ্মাতীত হ’ব লাগে। এই পুৰণি শৰীৰ
ত্যাগ কৰি ফৰিস্তা হৈ অব্যক্তলোক নিবাসী হ’ব লাগে। এই সেৱাসমূহতো দিনে-ৰাতিয়ে
চলিয়েই থাকিব, গতিকে মই সেৱাৰ লগতে নিজৰ ওপৰতো সূক্ষ্ম মনোযোগ দি সন্মানেৰে
উত্তীৰ্ণ হ’ব লাগে।
17) দাদী জী সদায়
সকলো বাধা-বিঘিনিৰ উৰ্দ্ধত নিৰ্বিঘ্ন অৱস্থাত আছিল। একান্তত বহি নিজে নিজক
সূক্ষ্মভাৱে পৰীক্ষা কৰি, নিজৰ দুৰ্বলতাসমূহ, আত্মাৰূপী হীৰাৰ দাগ সম্পূৰ্ণভাৱে
নাইকীয়া কৰি অমূল্য হীৰা হৈ গ’ল।
18) নিজক সম্পূৰ্ণ
পাৱন, লাইট-মাইট সম্পন্ন কৰি তুলিবলৈ আন্তৰিক বৈৰাগ্য বৃত্তিৰে সকলো কথাৰ পৰা
উৰ্দ্ধত থাকি নিজৰ সূক্ষ্ম দৃষ্টি আৰু বৃত্তি সম্পূৰ্ণ পাৱন কৰি তুলিলে। পুৰণা
সংস্কাৰৰ প্ৰকৃতিক পৰাস্ত কৰি প্ৰকৃতিজিৎ হৈ বাবাৰ কোলাত সমাহিত হৈ গ’ল।
19) "মই বাবাৰ, মই
বাবাৰ সমান সম্পূৰ্ণ হ’বই লাগিব"—সেইবাবে সূক্ষ্ম দেহৰ অভিমান, নিজৰ সংস্কাৰ,
মান-সন্মান আৰু মহিমা, বুদ্ধি আৰু অভ্যাসসমূহ সম্পূৰ্ণৰূপে সমৰ্পণ কৰিলে আৰু পিতাৰ
সমান হৈ অব্যক্তলোক নিবাসী হৈ গ’ল। বাৰু — ওঁম্ শান্তি।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]