26.04.26 Avyakt Bapdada
Assame
Murli
31.12.2009 Om Shanti Madhuban
“*“নতুন বছৰত সকলো
আত্মাক বাৰ্তা দি সোণালী সৃষ্টি উপহাৰ দিয়া, পিতাৰ সমান হ'বলৈ দেহী-অভিমানী হৈ থকাৰ
স্বভাৱ স্বভাৱসিদ্ধ কৰি তোলা”*”
আজি বাপাদাদাই
প্ৰতিগৰাকী সন্তানক স্নেহ আৰু বাপাদাদাৰ প্ৰেমত লীন হৈ থকা স্বৰূপত চাই আছেহঁক।
প্ৰতিগৰাকী সন্তান পৰমাত্মাৰ প্ৰেমত জিলিকি আছে। সকলো সন্তান প্ৰেমৰ বিমানত আহি
উপস্থিত হৈ গৈছে। নৱবৰ্ষ উদ্যাপন কৰিবলৈ আহিছে যদিও সকলোৰে নয়নত কি দেখিবলৈ পোৱা
গৈছে? নৱবৰ্ষ, নতুন বছৰতো কেৱল এক নিমিত্ত মাত্ৰহে, কিন্তু তোমালোক সকলোৰে নয়নত
কিহৰ উৎসাহ আছে? তিনিটা অভিনন্দন জনাই আছা। এটা নিজৰ নতুন জীৱনৰ অভিনন্দন,
দ্বিতীয়তে নতুন যুগৰ অভিনন্দন আৰু তৃতীয়তে পৰিয়াল আৰু পিতাৰ সৈতে মিলনৰ অভিনন্দন।
তোমালোকৰ নয়নত কি ঘূৰি আছে? তোমালোকৰ নিজৰ নৱযুগ সন্মুখলৈ আহি আছে নহয়!। অন্তৰত
উৎসাহ জাগি আছে যে নতুন যুগ সমাগত। নতুন যুগৰ জিলিকি থকা পোছাক সন্মুখত ইমানেই
স্পষ্ট হৈ আছে যে আজি সংগমযুগত আছোঁ আৰু সোনকালেই এই জিলিকি থকা পোছাক পিন্ধিব
লাগিব। সন্মুখলৈ চাই চাই আনন্দিত হৈ আছা। বিদায়ো জনাই আছা আৰু অভিনন্দনো লৈ আছা।
যেনেকৈ পুৰণি বছৰটোক বিদায় দিয়া হয় আৰু তাৰ পাছত সেই বছৰটো পাহৰি যোৱা হয়, কেৱল
নতুন বছৰটোহে সন্মুখলৈ আহে। ঠিক তেনেকৈ তোমালোকৰ সন্মুখত পুৰণি সৃষ্টিক নহয়, নতুন
সৃষ্টিকহে অভিনন্দন জনাই আছা। পুৰণি সৃষ্টিক বিদায় জনাই আছা। গতিকে আজি সকলোৰে
মাজত নতুন যুগৰ উৎসাহ-উদ্দীপনা আছে, জগতৰ লোকেও নতুন বছৰৰ অভিনন্দন জনায় আৰু লগতে
উপহাৰো দিয়ে। সেয়েহে বাপাদাদায়ো তোমালোক সন্তানসকলক পুৰণি স্বভাৱ আৰু সংস্কাৰ
বিদায় দি নতুন সৃষ্টিলৈ যোৱাৰ উপহাৰ দি আছে, যিখন নতুন সৃষ্টিত কেৱল প্ৰাপ্তি আৰু
প্ৰাপ্তিহে আছে। সংক্ষেপে ক'বলৈ গ'লে নতুন সৃষ্টিত অপ্ৰাপ্ত কোনো বস্তু নাই। এনেকুৱা
সোণালী সৃষ্টিৰ উপহাৰ বাপাদাদাই তোমালোক প্ৰতিগৰাকী সন্তানক দি আছে। তোমালোকৰো নিচা
আছে নহয় যে আমি সোণালী সৃষ্টিৰ অধিকাৰী হৈ আছোঁ। এনে উপহাৰ আন কোনেও দিব নোৱাৰে।
পিতাই প্ৰতিগৰাকী সন্তানক নিৰ্দেশ দিছে যে সকলো আত্মাক পিতাৰ এই সোণালী সৃষ্টিৰ
বাৰ্তা দি তেওঁলোককো তোমালোকে উপহাৰ দিয়া। তোমালোকৰ ওচৰত কি উপহাৰ আছে?। এটাতো নতুন
সৃষ্টিৰ উপহাৰ দিয়া আৰু দ্বিতীয়তে তোমালোকৰ ওচৰত বহুত সম্পদ আছে। গুণৰ সম্পদ,
শক্তিৰ সম্পদ, স্বমানৰ সম্পদ, কিমান যে সম্পদ আছে। গতিকে সকলোকে কিবা নহয় কিবা গুণ,
কিবা নহয় কিবা শক্তি উপহাৰ দিয়া, যাৰ দ্বাৰা তেওঁলোকৰ জীৱন সলনি হৈ যায় আৰু সোণালী
সৃষ্টিৰ অধিকাৰী হৈ যায়, কিয়নো দেখি আছা বৰ্তমান চাৰিওফালে দুখ আৰু অশান্তি বাঢ়ি
আছে। চাৰিওফালে সকলোৰে মাজত ভয় আৰু চিন্তা বিৰাজ কৰিছে। এনে দুখী আৰু অশান্ত
আত্মাসকলক কমেও এইটো বাৰ্তা নিশ্চয় দিয়া যে এতিয়া পিতা আহিছে, এতিয়াৰ পৰা অবিনাশী
উত্তৰাধিকাৰৰ অধিকাৰী হৈ যাওক। এইটো বাৰ্তা প্ৰত্যেক আত্মাক দিও আছা কিন্তু এতিয়াও
পিতাৰ বহুত সন্তান এই বাৰ্তাৰ পৰা বঞ্চিত হৈ আছে। তথাপিও একেজন পিতাৰেই সন্তান হয়
নহয়, সেয়েহে নিজৰ ভাই-ভনীসকলক এইটো বাৰ্তা উপহাৰ নিশ্চয় দিয়া। যাতে কোনো বাদ পৰি
নাযায়। সেৱা কৰি আছা, বাপাদাদাই সন্তানসকলৰ সেৱা দেখি আনন্দিত হৈছে কিন্তু পিতাৰ
এয়াই আশা যে মোৰ কোনো সন্তানেই যাতে বাৰ্তাৰ পৰা বঞ্চিত হৈ থাকি নাযায়। কোনেও যাতে
অভিযোগ নকৰে যে আপোনালোকে সোণালী সৃষ্টি উপহাৰ পালে কিন্তু আমি গমেই নাপালোঁ। আমাৰ
পিতা আহিল কিন্তু আমি বাৰ্তা নাপালোঁ, সেয়েহে এই নতুন বছৰত এইটোৱেই প্ৰয়াস কৰা,
পৰস্পৰ মিলি পৰিকল্পনা কৰা যাতে কোনো এটা কোণাও বাদ পৰি নাযায়। কোনেও যাতে আক্ষেপ
নকৰে বৰঞ্চ আনন্দিত হৈ যাওক, অন্ততঃ এইটো গম পাওক যে আমাৰ পিতা আহি গ'ল। বঞ্চিত হৈ
যাতে থাকি নাযায়। তেন্তে এই নতুন বছৰত কি কৰিবা? পৰস্পৰ মিলি পৰিকল্পনা কৰা,
বাপাদাদাৰ প্ৰতিগৰাকী সন্তানৰ প্ৰতি পুতৌ জাগে। তোমালোকেও ভাই-ভনীসকলৰ ওপৰত এতিয়া
বিশেষ দয়াশীল আৰু কল্যাণকাৰী স্বৰূপ ধাৰণ কৰি সকলোকে বাৰ্তা দিব লাগে। অন্ততঃ
এনেকুৱা আক্ষেপ যাতে নকৰে।
আজি সকলো সন্তান নতুন
বছৰ উদ্যাপন কৰাৰ উৎসাহ-উদ্দীপনাৰে আহি উপস্থিত হৈ গৈছে। বাপাদাদাই প্ৰতিগৰাকী
সন্তানক দেখি কি গীত গায়? জানা নহয়!। বাঃ! সন্তান বাঃ! যিসকল প্ৰথমবাৰৰ বাবে আহিছে,
তেওঁলোককো বাপাদাদাই কৈ আছে যে ভাগ্যৱান হোৱা, সময় সমাপ্ত হোৱাৰ আগতেই পিতাৰ হৈ
গ’লা। নতুন সন্তানসকলক বাপাদাদাই পদম পদম গুণ বেছি ভাগ্যৱান হোৱাৰ অভিনন্দন জনাই আছে।
আজিকালি বাপাদাদাই সকলো সন্তানৰ মাজত এটা কথা চাব বিচাৰে, জানানে সেয়া কোনটো?
যেনেকৈ সকলোৰে অন্তৰত উৎসাহ আছে, লক্ষ্য আছে যে আমি পিতাৰ সমান হ'বলগীয়াই হওঁ, হ'ম
নহয়, হ'বলগীয়াই হওঁ, তেন্তে যেনেকৈ লক্ষ্য আছে, তেনেকৈ এতিয়া বাপাদাদাই লক্ষ্যৰ
লগতে লক্ষণো চাব বিচাৰে। যেনেকৈ সমান হোৱাৰ লক্ষ্য আছে, তেনেকৈ লক্ষণো সমান হোৱাৰ
হওক। এতিয়া লক্ষ্য বহুত উচ্চ কিন্তু লক্ষণৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে। সমান,
যিমান ডাঙৰ লক্ষ্য সিমান ডাঙৰ লক্ষণ। এতিয়া কোনো কোনো সন্তানে লক্ষণ ধাৰণ কৰিব
বিচাৰে কিন্তু মাজে মাজে তথাপি কৈ দিয়ে, বিচাৰোঁ বহুত কিন্তু... গতিকে এয়া যাতে
আঁতৰি যায়। তোমালোকৰ চাল-চলন আৰু চেহেৰা দূৰৈৰ পৰাই যিমান ডাঙৰ লক্ষ্য, সিমান লক্ষণ
চেহেৰাত দৃষ্টিগোচৰ হওক, চাল-চলনত দৃষ্টিগোচৰ হওক। যেনেকৈ তোমালোক আগতে দেহ-অভিমানত
আছিলা, কিন্তু যেতিয়া দেহ-অভিমানত আছিল তেতিয়া দেহ-অভিমানৰ স্বভাৱ স্বাভাৱিক আছিল,
কেতিয়াবা পুৰুষাৰ্থ কৰিছিলা জানো যে দেহ-অভিমান আহোঁ, স্বাভাৱিকভাৱেই স্বভাৱ
দেহ-অভিমানৰ আছিল। আধাকল্প পুৰুষাৰ্থ কৰা নাছিলা, তেনেকৈয়ে এতিয়াও দেহী-অভিমানী
হোৱাৰ স্বভাৱ স্বাভাৱিক হয়নে! যিহেতু দেহ-অভিমানৰ স্বভাৱ স্বাভাৱিক, কেতিয়াবা
স্মৃতিলৈ আহিল জানো যে দেহ-অভিমানত আহোঁ, এইটো পুৰুষাৰ্থ কৰিলা জানো? এতিয়াও
দেহ-অভিমান আৰু দেহী-অভিমান, তেন্তে দেহী-অভিমানী হোৱাত ইমান পৰিশ্ৰম কিয়!। কিয়নো
বাপাদাদাৰ ওচৰলৈ খবৰ আহে যে কেতিয়াবা কেতিয়াবা দেহ-অভিমান আঁতৰাবলৈ পৰিশ্ৰম
কৰিবলগীয়া হয়। যিহেতু দেহ-অভিমান স্বাভাৱিক আছিল তেন্তে দেহী-অভিমানী হোৱাত
পৰিশ্ৰম কিয়? সেয়েহে বাপাদাদাৰ সন্তানসকলৰ পৰিশ্ৰম ভাল নালাগে। পৰিশ্ৰমমুক্ত হৈ
যাওক আৰু স্বাভাৱসিদ্ধ স্বভাৱ হৈ যাওক, ইয়াকে লক্ষ্য আৰু লক্ষণ সমান বুলি কোৱা হয়।
তেতিয়া তোমালোকে দেখিবা যে পিতাৰ সমান হোৱাটো বহুত সহজ আৰু স্বাভাৱিক যেন লাগিব।
যেনেকৈ পিতা ব্ৰহ্মাক দেখিলা ইমান ডাঙৰ পৰিয়ালৰ দায়িত্ব থকা সত্ত্বেও স্বভাৱসিদ্ধ
স্বভাৱ দেহী-অভিমানীৰে হৈ থাকিল। যদিও সন্তানসকলৰ ওপৰতো দায়িত্ব আছে, কিন্তু পিতা
ব্ৰহ্মাৰ তুলনাত সেই দায়িত্বনো কি!। যিয়েই দায়িত্বই নাথাকক, ধৰি লোৱা মণ্ডলৰ
দায়িত্ব আছে, বা যজ্ঞৰ কাম-কাজৰ কোনো দায়িত্ব আছে, কিন্তু সেই দায়িত্ব ব্ৰহ্মা
বাবাৰ তুলনাতনো কি!। পিতা ব্ৰহ্মাই শিৱবাবাৰ সহায়ত বাস্তৱত দেখুৱাই দিলে যে
কৰাওঁতাই কৰোৱাই আছে, মই কৰোঁতা হৈ পিতাৰ সমান অনাসক্ত আৰু স্নেহী হৈ আছোঁ। গতিকে
যিহেতু পিতাৰ সমান হ'ব বিচৰা তেন্তে এইটো পৰীক্ষা কৰা যে যিয়েই নহওক, মনৰে হওক,
বাণীৰে হওক, বা কৰ্মৰে হওক, দায়িত্ব আছে কিন্তু মই হৈছোঁ কৰোঁতা, নিমিত্ত, কৰাওঁতা
মালিক হৈছে শিৱবাবা, এই কৰাওঁতাৰ পাঠ আগবাঢ়ি গৈ থাকোঁতে পাহৰি যোৱা। সেয়েহে লক্ষ্য
আৰু লক্ষণ দুয়োটা সমান কৰিব লাগে। এতিয়া পুৰণি বছৰক বিদায় দিয়াৰ লগতে এই
লক্ষ্যক লক্ষণলৈ ৰূপান্তৰিত কৰিব লাগে। নতুন বছৰ মানে নতুন কথা। কি কৰিম, মায়া আহি
যায়, নিবিচাৰোঁ কিন্তু আহি যায়... এই শব্দ বা সংকল্প পুৰণি বছৰৰ লগতে বিদায় দিয়া।
কেৱল বছৰটোক বিদায় নিদিবা। বাপাদাদাই শুনাইছিল যে মায়াও বাপাদাদাৰ ওচৰলৈ আহে আৰু
কি কয়? মইতো বুজি পাওঁ যে মোৰ যোৱাৰ সময় হৈছে কিন্তু কোনো কোনো সন্তানে মোক আৱাহন
কৰে, তেন্তে মই কি কৰিম। গতিকে আজি বিদায়ৰ লগতে মায়াৰ ভিন্ন ভিন্ন ৰূপকো বিদায়
দিব লাগিব। সাহস আছেনে?। সাহস আছেনে?। হাত দাঙা। বিদায় দিয়াৰ সাহস আছেনে?। পিছফালে
থকাসকলৰ সাহস আছেনে?। যাৰ সাহস আছে, তেওঁলোকে হাত দাঙা। পিতাই এই সাহসৰ বাবে বহুত
পদম পদম গুণ অভিনন্দন জনাই আছে। কিয়?। কিয় বাপাদাদাই ইয়াৰ ওপৰত জোৰ দি আছে?।
কিয়নো তোমালোক সকলোৱে দেখি আছা সৃষ্টিৰ অৱস্থা দ্ৰুতগতিত বেয়া হ'বলৈ আৰম্ভ কৰিছে
আৰু বাপাদাদাৰ এই মহাবাক্য কিছু সময়ৰ পৰা চলি আছে যে অকস্মাত কিবা ঘটিব। গতিকে
অকস্মাত কিবা ঘটিব আৰু যদি বহুত সময়ৰ অভ্যাস নাথাকে তেন্তে কোৱা অকস্মাতৰ সময়ত
অভ্যাসৰ প্ৰয়োজন আছে নহয়! এতিয়াই চোৱা বাপাদাদাই ঘৰত কৰিবলৈ কাম দিলে, 10 মিনিট,
মুঠ 24 বাৰ 10-10 মিনিটৰ ঘৰত কৰিবলৈ কাম দিলে, বহুত সন্তানৰ কঠিন লাগি আছে। তেন্তে
ভাবা, যদি 10 মিনিট অভ্যাস কৰিব নোৱাৰা তেন্তে অকস্মাত কিবা ঘটিলে সেই সময়ত কি
কৰিবা? বাপাদাদাই জানে যে 24 বাৰ কৰাৰ ক্ষেত্ৰত বহুতে সময় অলপ কম পায়, কিন্তু
বাপাদাদাই পৰীক্ষামূলকভাৱে চালে যে 10 মিনিট একেটা স্মৃতিতে যেতিয়া বিচাৰে, যেনেকৈ
বিচাৰে তেনেকৈ থাকিব পাৰেনে, বাপাদাদাই এইটো কোৱা নাই যে এতিয়াই 10 মিনিট কৰা, বাৰু
যদি নোৱাৰা, যিয়ে পাৰে তেওঁলোকে কৰা, যদি নোৱাৰা তেন্তে 5 মিনিট কৰা, 5 মিনিটৰ পৰা
6 মিনিট, 7 মিনিট কৰা, যিমান বঢ়াব পাৰা সিমান চেষ্টা কৰা। বাপাদাদাই নিজেই কৈ আছে
ইয়াত তেনেকুৱা কোনো কথা নাই। যদি 10 মিনিট বেছি সময় যেন লাগে তেন্তে বাৰু 8 (আঠ)
মিনিট কৰা, 9 মিনিট কৰা, যিমান বেছি কৰিব পাৰা সিমান অভ্যাস কৰা কিয়নো বহুকালৰ
বৰদান বাস্তৱত এতিয়াহে ফলপ্ৰসূ কৰিব পাৰা। যদি এতিয়া বহুকালৰ অভ্যাস নাথাকে তেন্তে
এতিয়াৰ বহুকালৰ পুৰুষাৰ্থৰ যি প্ৰাপ্তি, আধাকল্পৰ সেই বহুকালৰ প্ৰাপ্তিত অন্তৰ হৈ
যাব। গতিকে যিমান পাৰি সিমান বাপাদাদাই ৰেহাই দিছে, 5 মিনিটতকৈ বেছি কৰা, 10 মিনিট
নোৱাৰিলে 7 মিনিট কৰা, 8 (আঠ) মিনিট কৰা, 5 মিনিটৰো ৰেহাই আছে। কিন্তু যদি কোনোবা
সময়ত 10 মিনিট হয় তেন্তে ভাল। এনেকুৱা সময় আহিব যেতিয়া তোমালোকে নিজে নিজৰ বাবে
আৰু বিশ্বৰ বাবেও কিৰণ দিব লাগিব। সেয়েহে বাপাদাদাই ৰেহাই দিয়ে, যিমান বেছি সময়
কৰিব পাৰা, সিমান অভ্যাস কৰা কিয়নো এতিয়াৰ বহুত সময় ভৱিষ্যতৰ আধাৰ। ঠিক আছেনে?।
কঠিন লাগে, একো কথা নাই, এতিয়াতো কোনো আপত্তি নাই আৰু পিতাক কৈ দিলা এইটো বহুত ভাল
কৰিলা কিয়নো ধৰি লোৱা 10 মিনিট বহিব নোৱাৰা, ভাবোতে গুচি যায়, তেন্তে 5 মিনিট গ'ল।
সেয়েহে বাপাদাদাই কয় যে কমেও 5 মিনিটতকৈ কম নকৰিবা। যিমান বঢ়াব পাৰা সিমান বঢ়োৱা।
ঠিক আছে, স্পষ্ট হ'লনে? কিয়নো বাপাদাদাই প্ৰত্যেককে বহুত শ্ৰেষ্ঠ ৰূপত চায়।
বাপাদাদাই ইয়াৰ চিন স্বৰূপে প্ৰতিগৰাকী সন্তানক কিমান স্বমান দিছে। যদি স্বমানৰ
তালিকা উলিওৱা তেন্তে সেয়া কিমান দীঘলীয়া?
আজি বাপাদাদা অমৃতবেলা
পৰিক্ৰমা লগাবলৈ গ’ল। কি চাবলৈ গ’ল?। বাপাদাদাই স্বমানৰ বহুত ডাঙৰ মালা দিছে। যদি
এটি এটি স্বমানত স্থিৰ হৈ সেই স্থিতিত বহা, চলা, তেন্তে স্বমানৰ উচ্চাৰণ কৰি গৈ থাকা
আৰু মালা ঘূৰাই থাকা, তেতিয়া বহুত মজা লাগিব। স্বমানৰ তালিকা ৰাখিছা, কিন্তু এটি
এটি স্বমান কিমান শ্ৰেষ্ঠ আৰু কোনে দিছে! বিশ্বৰ সৰ্বশক্তিমান হৰ্তা-কৰ্তাই
প্ৰতিগৰাকী সন্তানক অনেক স্বমানৰ তালিকা দিছে। সেয়া ব্যৱহাৰ কৰা কিয়নো আৰু কোনো
হৰ্তা-কৰ্তা নাই যিয়ে তোমালোকৰ এই স্বমান কম কৰিব পাৰে। আন কোনেও ইমান স্বমানৰ মালা
পোৱা নাই। গতিকে বাপাদাদাই দেখিলে যে সত্যযুগত ৰাজ্য-ভাগ্য পাবা কিন্তু এই স্বমানৰ
মালা সংগমযুগৰ দান। বাপাদাদাই যেতিয়াই সন্তানসকললৈ চায়, প্ৰতিগৰাকী সন্তানক
স্বমানৰ স্থিতিৰে চায় – বাঃ! সন্তান বাঃ!। গতিকে স্বমানৰ কৰ্তৃত্বত থাকা, মই কোন!
কেতিয়াবা কোনোবাটো স্বমান সন্মুখত ৰাখা, কেতিয়াবা আন কোনোবাটো স্বমান সন্মুখত ৰাখা
আৰু পৰীক্ষা কৰা যে আজি অমৃতবেলা যিটো বিশেষ স্বমান বুদ্ধিত ৰাখিলা সেয়া ব্যৱহাৰ
কৰিলানে! সেই স্বমান সম্পদ হয় নহয়, কিয়নো সম্পদ বৃদ্ধি কৰাৰ উপায় হ'ল যিমানে
সম্পদ কাৰ্যত ব্যৱহাৰ কৰিবা সম্পদ সিমানে বাঢ়ে। গতিকে আজি বাপাদাদাই চাই আছিল কোন
কোন সন্তান আছে, কাৰ ওচৰত স্বমানৰ স্মৃতিৰ মালা ডাঙৰ আছিল, কাৰ ওচৰত সৰু। য'ত
স্বমানৰ থাকিব ত’ত দেহভান শেষ হৈ যায়। গতিকে আজি বাপাদাদাই পৰিক্ৰমা লগালে আৰু
দেখিলে যেনেকৈ স্বমানৰ সম্পদ আছে তেনেকৈ এটি এটি শক্তি, এটি এটি গুণ ব্যৱহাৰ কৰা,
কাৰ্যত লগোৱা। এয়া যি সমস্যা আহে যে মায়া আহি গ'ল, মায়া আহি নাযায় কিন্তু মায়াৰ
বাবেতো বাবাই শুনাই দিছে যে মায়াই কয় মোক আৱাহন কৰে সেইবাবে যাওঁ, এনেয়ে নাযাওঁ,
যিকোনো লঘু সংকল্প কৰা মানে মায়াক আৱাহন কৰা, শক্তিসমূহ এৰিলা মানে মায়াক আৱাহন
কৰিলা। নিবিচাৰোঁ কিন্তু আহি যায়। বলৱান কোন? নিবিচাৰোঁ কিন্তু আহি যায়, তেন্তে মায়া
বলৱান হ'ল নে তোমালোক? গতিকে আজি পুৰণি বছৰ শেষ হৈছে, নতুন বছৰত নতুন উৎসাহ, নতুন
উদ্দীপনা, কিয়নো সংগমযুগৰ গায়ন আছে যে প্ৰতিটো দিনেই উৎসাহেৰে ভৰা অৰ্থাৎ উৎসৱ।
গতিকে উৎসাহ-উদ্দীপনা থাকিলে প্ৰতিটো দিনেই উৎসৱ, সেয়েহে দৃঢ় হৈ থাকিবা, নিতৌ
চলোঁতে-ফুৰোঁতে নিজৰ খতিয়ান চাবা। পৰীক্ষা কৰিবা, পৰীক্ষা কৰিলেহে পৰিৱৰ্তন কৰিবা
নহয়। পৰীক্ষাই যদি নকৰা তেন্তে পৰিৱৰ্তন কেনেকৈ কৰিবা!।
আজি নতুন বছৰৰ বাবে
বাপাদাদাৰ বিশেষভাৱে এইটোৱেই সংকল্প যে প্ৰতিগৰাকী সন্তানে যেনেকৈ পুৰণি বছৰটোক
বিদায় দিছে তেনেকৈ মায়াকো বিদায় দিয়ক। ব্যৰ্থ সংকল্পক বিদায় দিয়ক কিয়নো
গৰিষ্ঠ সংখ্যকৰ ক্ষেত্ৰত এইটোৱেই দেখা গৈছে যে ব্যৰ্থ সংকল্প বেছিকৈ আহে। বিকাৰী
সংকল্প কম, কিন্তু ব্যৰ্থ যিবোৰ আছে, তাৰ নাম চিহ্ন যাতে নোহোৱা হৈ যায়, প্ৰতিটো
সংকল্প সমৰ্থ হওক, ব্যৰ্থ নহওক কিয়নো ব্যৰ্থ সংকল্পত, কেৱল সংকল্পই নচলে লগতে
ব্যৰ্থ সময়ো যায় আৰু পিতাৰ সমান হোৱাত দূৰত্ব বাঢ়ি যায়। তোমালোকৰ ইচ্ছাতো আছে
যে সমান হওঁ, সেয়েহে হাত দাঙিছা। কিন্তু বাপাদাদাই সদায় কয় যে মনৰ হাত দাঙিব লাগে,
এই হাত দঙাটোতো সহজ। তেন্তে বিদায় দিয়াৰ সাহস আছেনে? সাহস আছেনে? হাত দাঙা। ভাল,
সাহসী হোৱা। মাথোঁ সাহস অটুট ৰাখিবা। যদি সাহস থাকে তেন্তে যি লক্ষ্য ৰাখিছা সেয়া
পূৰণ হৈয়েই যাব কিয়নো বাপাদাদাও লগত আছে। বাপাদাদাই বিচাৰে যে মোৰ কোনো সন্তান যাতে
পিছ পৰি নাথাকে। হাতে হাত ধৰি আগবাঢ়ক। শিৱ পিতা নিৰাকাৰ, হাত নাই কিন্তু শ্ৰীমতেই
তেওঁৰ হাত। খোজে প্ৰতি শ্ৰীমতত চলা মানেই হাতে হাত ধৰি চলা। গতিকে সকলোকে নতুন বছৰৰ,
নৱ জীৱনৰ আৰু নৱ যুগৰ, এই তিনিওটাৰে পদম পদম গুণ অভিনন্দন। বাৰু।
এতিয়া চাৰিওফালৰ
দেশ-বিদেশৰ প্ৰতিগৰাকী পিতাৰ প্ৰিয়, পিতাৰ আদৰৰ, পিতাৰ অতিকৈ মৰমৰ সন্তানসকলক বিদায়
আৰু অভিনন্দন। আৰু বাপাদাদাই শুনালে যে পুৰণি বছৰৰ লগতে পুৰণি সংস্কাৰকো বিদায়
দিওতা, স্বভাৱকো বিদায় দিওতা মহাবীৰ সন্তানসকল, প্ৰতিটো খোজত পদমৰ উপাৰ্জন কৰোঁতা
সন্তানসকল, বাপাদাদাই সদায় যি স্বমান দিয়ে, সেই স্বমানৰ স্থিতিত থাকি অনুভৱ কৰোঁতা
প্ৰতিগৰাকী সন্তানক বাপাদাদাই এনে ৰূপত চায় যে এই প্ৰতিগৰাকী সন্তান 21 জন্মৰ
উত্তৰাধিকাৰৰ অধিকাৰী, গোটেই কল্পত 21 জন্মৰ অধিকাৰী হোৱাৰ উত্তৰাধিকাৰ তোমালোক
সন্তানসকলেহে লাভ কৰা। গতিকে এনেকুৱা চাৰিওফালৰ শ্ৰেষ্ঠ অধিকাৰী সন্তানসকলক
বাপাদাদাই পিতা, শিক্ষক আৰু গুৰু, এই তিনিওটা ৰূপেৰে স্নেহসহিত স্মৰণ কৰিছে আৰু
নমস্কাৰ জনাইছে।
বৰদান:
সেৱা আৰু
পুৰুষাৰ্থত সফলতা লাভ কৰোঁতা দ্বৈত মুকুটধাৰী হোৱা
সংগমযুগত সদায় নিজক
দ্বৈত মুকুটধাৰী বুলি বুজি চলা - এটা লাইট অৰ্থাৎ পৱিত্ৰতাৰ মুকুট আৰু আনটো -
দায়িত্বৰ মুকুট। পৱিত্ৰতা আৰু শক্তি - লাইট আৰু মাইটৰ মুকুট ধাৰণ কৰাসকলৰ মাজত
দ্বৈত শক্তি সদায় বৰ্তি থাকে। এনেকুৱা দ্বৈত শক্তি থকা আত্মাসকল সদায় শক্তিশালী
হৈ থাকে। তেওঁলোকে সেৱা আৰু পুৰুষাৰ্থত সদায় সফলতা লাভ কৰে।
স্লোগান:
দিব্য
গুণসমূহৰ আধাৰত মন-বচন আৰু কৰ্ম কৰাটোৱেই দিব্যতা।
অব্যক্ত ইংগিত: মহান
হ’বলৈ মধুৰতা আৰু নম্ৰতাৰ গুণ ধাৰণ কৰা
যিকোনো বস্তুক গৰম কৰি
নৰম কৰা হয়, তাৰ পাছত গঢ় দিয়া হয়। ইয়াতো গৰম অৱস্থা হ'ল শক্তি ৰূপ আৰু নৰম
অৱস্থা হ'ল নম্ৰতা অৰ্থাৎ স্নেহ ৰূপ। যাৰ প্ৰত্যেক আত্মাৰ প্ৰতি স্নেহ থাকিব তেওঁহে
নম্ৰচিত্ত হৈ থাকিব পাৰে। স্নেহ নাথাকিলে দয়াশীলো হ'ব নোৱাৰিব, নম্ৰচিত্তও হ'ব
নোৱাৰিব। শক্তিৰূপত মালিকবোধ আৰু নম্ৰতাত সেৱাৰ গুণ আছে। গতিকে যেতিয়া এই নৰম আৰু
গৰম দুয়োটা অৱস্থা থাকিব তেতিয়া সকলো কথাতে নিজক গঢ় দিব পাৰিবা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]