26.06.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এতিয়া তোমালোকে নিন্দা-স্তুতি, মান-অপমান, দুখ–সুখ সকলো সহ্য কৰিব লাগে, তোমালোকৰ সুখৰ দিন এতিয়া সমীপত আহি আছে”

প্ৰশ্ন:
পিতাই নিজৰ ব্ৰাহ্মণ সন্তানসকলক কোনটো এটা সাৱধান বাণী শুনায়?

উত্তৰ:
সন্তানসকল, কেতিয়াও পিতাৰ প্ৰতি বিতুষ্ট নহ’বা, যদি পিতাৰ প্ৰতি বিতুষ্ট হোৱা তেন্তে সৎগতিৰ পৰাও বিতুষ্ট হৈ যাবা। পিতাই সাৱধান কৰি দিয়ে – বিতুষ্ট হোৱাসকলে অতি কঠোৰ শাস্তি পাব। পৰস্পৰ বা ব্ৰাহ্মণীৰ প্ৰতিও যদি বিতুষ্ট হোৱা তেন্তে ফুল হ’বলৈ গৈ কাঁইট হৈ যাবাগৈ, সেয়েহে বহুত সাৱধান হৈ থাকিবা।

গীত:
ধীৰজ ধৰ মনুৱা… (হে মন ধৈৰ্য ধৰা…)

ওঁম্শান্তি।
অতিকৈ মৰমৰ সন্তানসকলে গীতটি শুনিলা, তোমালোক সন্তানসকলৰ জন্ম জন্মান্তৰৰ যি দুখ আছে সকলো দূৰ হৈ যোৱা উচিত। এই গীতৰ কলিটি শুনিলা, তোমালোকে জানা যে এতিয়া আমাৰ দুখৰ ভূমিকা সমাপ্ত হয় আৰু সুখৰ ভূমিকা আৰম্ভ হয়। যিয়ে পূৰা ৰীতিৰে নাজানে তেওঁ কিবা নহয় কিবা কথাত দুখ নিশ্চয় প্ৰত্যক্ষ কৰে। ইয়াত বাবাৰ ওচৰলৈ আহিলেও কিবা নহয় কিবা প্ৰকাৰৰ দুখৰ আভাস হ’ব। বাবাই বুজিব পাৰে যে বহুত সন্তানৰ চাগে অসুবিধা হয়। যেতিয়া তীৰ্থ যাত্ৰাত যায় কেতিয়াবা ভিৰ হয়, কেতিয়াবা বৰষুণ হয়, কেতিয়াবা ধুমুহাৰ সন্মুখীন হ’বলগীয়া হয়। যিসকল সঁচা ভক্ত তেওঁলোকে ক’ব যে কোনো কথা নাই ভগৱানৰ ওচৰলৈ আহিছোঁ। ভগৱান বুলি বুজিয়ে যাত্ৰাত যায়। মনুষ্যৰ অনেক ভগৱান আছে। গতিকে যিসকল ভাল আৰু দৃঢ় বিশ্বাসী তেওঁলোকে কয় কোনো কথা নাই, ভাল কামত সদায় বিঘিনি আহেই, পুনৰ উভতি যাম জানো। কোনো কোনোতো উভতিও যায়। কেতিয়াবা বিঘিনি আহে, কেতিয়াবা নাহেও। পিতাই কয় – সন্তানসকল এয়াও তোমালোকৰ যাত্ৰা। তোমালোকে ক’বা আমি বেহদৰ পিতাৰ ওচৰলৈ যাওঁ, সেইজন পিতা সকলোৰে দুখ হৰণ কৰোঁতা। এইটো নিশ্চয়তা আছে, আজিকালি চোৱা মধুবনত কিমান ভিৰ হয়, বাবাৰ চিন্তা হৈ থাকে, বহুতৰে অসুবিধাও হয় চাগৈ। মজিয়াত শুবলগীয়া হয়। বাবাই জানো বিচাৰে যে সন্তানসকলক মজিয়াত শুবলৈ দিওঁ। কিন্তু ড্ৰামা অনুসৰি ভিৰ হৈ গৈছে, কল্প পূৰ্বেও হৈছিল আকৌ হ’ব, এই ক্ষেত্ৰত কোনো দুখ হ’ব নালাগে। এইটোও জানে যে পঢ়োঁতাসকলৰ কোনোবা ৰজা হ’ব কোনোবা আকৌ প্ৰজাও হ’ব। কাৰোবাৰ উচ্চ পদবী, কাৰোবাৰ কম। কিন্তু সুখ নিশ্চয় হ’ব। এইটোও বাবাই জানে যে কিছুমান বহুত অপৰিপক্ক যিয়ে একোৱেই সহ্য কৰিব নোৱাৰে। তেওঁলোকৰ অলপ কষ্ট হ’লে তেতিয়া ক’ব মইতো অকাৰণতে আহি গ’লোঁ নতুবা ক’ব মোক ব্ৰাহ্মণীয়ে জোৰ কৰি লৈ আহিছে। এনেকুৱাও থাকিব যিয়ে ক’ব মোক ব্ৰাহ্মণীয়ে অকাৰণতে ফান্দত পেলালে। সম্পূৰ্ণ পৰিচয় নাই যে বিশ্ব বিদ্যালয়লৈ আহিছোঁ। এই সময়ৰ পঢ়াৰ দ্বাৰা কোনোবা ৰজা হ’ব। কোনোবা ভৱিষ্যতে ভিকহুও হ’বগৈ। ইয়াৰ ৰজা আৰু ভিকহুৰ মাজত আৰু তাৰ ৰজা আৰু ভিকহুৰ মাজত ৰাতি-দিনৰ পাৰ্থক্য থাকে। ইয়াৰ ৰজাও দুখী আৰু ভিকহুও দুখী। তাত দুয়ো সুখী হৈ থাকে। ইয়াততো হয়েই পতিত বিকাৰী সৃষ্টি। বাবাই বুজায় - যদিও কাৰোবাৰ বহুত ধন আছে এই ধন-সম্পত্তি সকলো মাটিত মিলি যাব। এই শৰীৰো নাশ হৈ যাব। আত্মাতো মাটিত মিলি নাযায়, বিড়লাৰ দৰে কিমান ডাঙৰ ডাঙৰ চহকী লোক আছে কিন্তু তেওঁলোকে কি জানে যে এতিয়া এই পুৰণি সৃষ্টি পৰিৱৰ্তন হৈ আছে। জনা হ’লে ততালিকে ইয়ালৈ আহি গ’লহেঁতেন। এনেকৈ কয় যে ইয়ালৈ ভগৱান আহিছে তথাপিও যাবনো ক’লৈ? পিতাৰ বাহিৰে অন্য কাৰো দ্বাৰা সৎগতি পাব নোৱাৰে। যদি কোনোবা বিতুষ্ট হৈ যায় তেতিয়া কোৱা হ’ব যে তেওঁ সৎগতিৰ প্ৰতি বিতুষ্ট হৈ গ’ল। এনেকৈ বহুত বিতুষ্ট হৈ থাকিব, অৱনমিত হৈ থাকিব। আশ্চৰ্যজনকভাৱে শুনিব, নিশ্চয়তাও জন্মিব….. কোনোৱেতো বুজি পায় যে যথাযথ ইয়াৰ বাহিৰে অন্য কোনো ৰাস্তা নাই। ইয়াৰ দ্বাৰাতো সুখ আৰু শান্তিৰ উত্তৰাধিকাৰ পোৱা যাব। ইয়াৰ অবিহনে সুখ-শান্তি পোৱা অসম্ভৱ। যেতিয়া ধন বহুত থকিব তেতিয়াহে সুখ পাব। ধন থাকিলেহে সুখ হয় নহয়। তাততো (মূললোকত) আত্মাসকল শান্তিত বহি থাকে। কোনোৱে কয় - মোৰ ভূমিকা নাথাকিলে তেতিয়া মই সদায় তাতেই থাকিলোহেঁতেন, কিন্তু এনেকৈ ক’লেই হ’ব জানো। সন্তানসকলক বুজোৱা হৈছে – এইখন পূৰ্ব নিৰ্ধাৰিত খেল। বহুত আছে যিয়ে কিবা নহয় কিবা সংশয়ত আহি এৰি গুচি যায়। ব্ৰাহ্মণীৰ প্ৰতি বিতুষ্ট হৈ যায় বা পৰস্পৰ বিতুষ্ট হৈ পঢ়া এৰি দিয়ে।

এতিয়া তোমালোক ইয়ালৈ ফুল হ’ব আহিছা। উপলব্ধি কৰা যে যথাযথ আমি কাঁইটৰ পৰা ফুল হৈ আছোঁ। ফুল নিশ্চয় হ’ব লাগে। কাৰোবাৰ কিবা সংশয় থাকে, অমুকে এইটো কৰে, এওঁ এনেকুৱা সেইবাবে মই নাযাওঁ। বচ্‌ বিতুষ্ট হৈ ঘৰত বহি থাকেগৈ। পিতাই কয় - বাকী সকলোৰে প্ৰতি লাগিলে বিতুষ্ট হোৱা কিন্তু এক পিতাৰ প্ৰতি কেতিয়াও বিতুষ্ট নহ’বা। বাবাই সাৱধান কৰি দিয়ে, শাস্তি বৰ কঠোৰ। আনকি গৰ্ভতো শাস্তি পোৱা যায়, সকলো সাক্ষাৎকাৰ কৰায়। সাক্ষাৎকাৰ নকৰোৱাকৈ শাস্তি পাব নোৱাৰে। ইয়াৰো সাক্ষাৎকাৰ হ’ব। তোমালোকে পঢ়ি পঢ়ি পৰস্পৰ হাই–কাজিয়া কৰি, বিতুষ্ট হৈ পঢ়িবলৈ এৰি দিছিলা। তোমালোক সন্তানসকলে বুজি পোৱা যে আমি পিতাৰ পৰা পঢ়িব লাগে। পঢ়া কেতিয়াও এৰিব নালাগে। তোমালোকে ইয়াত মনুষ্যৰ পৰা দেৱতা হ’বলৈকে পঢ়া। এনেহেন উচ্চতকৈও উচ্চ পিতাৰ ওচৰলৈ তোমালোক সাক্ষাৎ কৰিব আহা। কেতিয়াবা বেছিকৈ আহি যায়, ড্ৰামা অনুসৰি কিছু কষ্ট হৈ যায়। সন্তানসকলৰ অনেক প্ৰকাৰৰ ধুমুহা আহে। অমুক বস্তুটো নাপালোঁ, এইটো নাপালোঁ, এয়াতো একোৱেই নহয়। যেতিয়া মৃত্যুৰ সময় হ’ব তেতিয়া অজ্ঞানী মনুষ্যই ক’ব - মই কি পাপ কৰিছোঁ অকাৰণতে যে মোক মৃত্যুদণ্ড দিছে। সেই অন্তিমৰ ভূমিকাকেই অনাহকতে তেজৰ খেল বুলি কোৱা হয়। হঠাতে বোমা বৰ্ষণ কৰিব। অনেক মৰিব। এয়া অনাহকতে তেজৰ খেল নহ’ল জানো। অজ্ঞানী মনুষ্যই এনেকৈ আৰ্তনাদ কৰিব। তোমালোক সন্তানসকলতো বহুত আনন্দিত হোৱা কিয়নো তোমালোকে জানা যে এই সৃষ্টিৰ বিনাশ হ’বই, অনেক ধৰ্মৰ বিনাশ নহ’লে কেনেকৈ এক সত্য ধৰ্মৰ প্ৰতিষ্ঠা হ’ব। সত্যযুগত এক আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল। কোনোবাই কি জানে যে সত্যযুগৰ আদিত কি আছিল। এয়া হৈছে পুৰুষোত্তম সংগমযুগ। পিতা আহিছেই সকলোকে পুৰুষোত্তম কৰি তুলিবলৈ। সকলোৰে পিতা হয় নহয়। ড্ৰামাকতো তোমালোকে জানি গ’লা। সকলোৱেতো সত্যযুগত নাহিব। ইমান কোটি কোটি আত্মা সত্যযুগত জানো আহিব। এয়া হ’ল বিতং কথা। বহুত কন্যাসন্তান আছে যিয়ে একোৱেই বুজি নাপায়। ভক্তিমাৰ্গত অভ্যস্ত হৈ গৈছে। জ্ঞান বুদ্ধিত ধাৰণ হ’ব নোৱাৰে। ভক্তি কৰাৰ অভ্যাস হৈ গৈছে। এনেকৈ কয় যে ভগৱানে কি কৰিব নোৱাৰে। মৃতককো জীয়াই তুলিব পাৰে। বাবাৰ ওচৰলৈ আহে, এনেকৈ কয় যে অমুক মানুহজনে মৃতককো জীয়াই তুলিলে তেন্তে ভগৱানে জানো কৰিব নোৱাৰে। কোনোবাই ভাল কাম কৰিলে তেওঁৰ মহিমা গাবলৈ লাগি যায়। তেতিয়া তেওঁৰ হাজাৰ হাজাৰ অনুগামী হৈ যাব। তোমালোকৰ ওচৰলৈতো বহুত কমসংখ্যক আহে। ভগৱানে পঢ়ায় তেনেস্থলত ইমান কমসংখ্যক কিয়? এনেকৈ বহুতে কয়। হেৰ’, ইয়াততো মৰিবলগীয়া হয়। তাততো (ভক্তিমাৰ্গত) হৈছে শ্ৰৱণ ৰস। বৰ জাকজমকতাৰে গীতা শুনায়, ভক্তসকলে শুনে। ইয়াত শ্ৰৱণ ৰসৰ কথা নাই। তোমালোকক কেৱল কোৱা হয় যে পিতাক স্মৰণ কৰা। গীতাতো এই ‘মনমনাভৱ' শব্দটি আছে। পিতাক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ’ব। পিতাই কয় - বাৰু ব্ৰাহ্মণী বা সেৱাকেন্দ্ৰৰ প্ৰতি বিতুষ্ট হৈ যোৱা, ঠিক আছে এইটোতো কাম কৰা অন্য সকলো সংগ এৰি নিজক আত্মা বুলি বুজা, এজন পিতাক স্মৰণ কৰা। পিতাহে পতিত-পাৱন হয়। বচ্‌, পিতাক স্মৰণ কৰি থাকা। স্বদৰ্শন চক্ৰ ঘূৰাই থাকা। ইমানখিনি স্মৰণ কৰিলেও স্বৰ্গলৈ নিশ্চয় আহিবা। স্বৰ্গততো উচ্চ পদ পুৰুষাৰ্থ অনুসৰিহে পাবা। প্ৰজা তৈয়াৰ কৰিবলগীয়া হয়। নহ’লে ৰাজত্ব কাৰ ওপৰত কৰিবা। যিসকলে বহুত পৰিশ্ৰম কৰে, উচ্চ পদো তেওঁলোকেই পাব। উচ্চ পদৰ বাবেই কিমান যে মগজ খটুৱায়। পুৰুষাৰ্থ অবিহনে কোনো থাকিব নোৱাৰে। তোমালোক সন্তানসকলে জানা যে উচ্চতকৈও উচ্চ হৈছে পতিত-পাৱন পিতা। মনুষ্যই মহিমা যদিও গায় কিন্তু অৰ্থ বুজি নাপায়। ভাৰত কিমান চহকী আছিল, ভাৰত হৈছে স্বৰ্গ, বিশ্বৰ আশ্চৰ্য। সেই সাতোটা আশ্চৰ্য হৈছে মায়াৰ। গোটেই ড্ৰামাত উচ্চতকৈও উচ্চ হৈছে স্বৰ্গ, নীচতকৈও নীচ হৈছে নৰক। এতিয়া তোমালোক পিতাৰ ওচৰলৈ আহিছা, এইটো জানা যে মৰমৰ বাবাই ইমান উচ্চতকৈও উচ্চলৈ লৈ যায়। তেওঁক কোনে পাহৰিব। লাগিলে বাহিৰলৈ য’লৈকে নোযোৱা কেৱল এটা কথা স্মৃতিত ৰাখা, পিতাক স্মৰণ কৰা। পিতাইহে শ্ৰীমত দিয়ে – ভগৱানুবাচ (ভগৱানে কয়), ব্ৰহ্মা ভগৱানুবাচ নহয়।

বেহদৰ পিতাই সন্তানসকলক সোধে – সন্তানসকল, মই তোমালোকক ইমান চহকী কৰি গ’লোঁ আকৌ তোমালোকৰ দুৰ্গতি কেনেকৈ হ’ল? কিন্তু এনেকৈ শুনে যেন একো বুজি নাপায়। সেয়েহে সন্তানসকলৰ কিছু অসুবিধা হয়, দুখ–সুখ, স্তুতি–নিন্দাও সহ্য কৰিবলগীয়া হয়। ইয়াৰ মনুষ্যসকল চোৱা কেনেকুৱা প্ৰধান মন্ত্ৰীকো পাথৰ দলিয়াবলৈ কুণ্ঠাবোধ নকৰে। এনেকৈ কয় যে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ নতুন তেজ। সিহঁতৰ বহুত গুণ-গান কৰে। এনেকৈ ভাবে যে এওঁলোক ভৱিষ্যত নৱ প্ৰজন্ম। কিন্তু সেই বিদ্যাৰ্থীসকলেই দুখ দিওঁতা হৈ যায়। কলেজ জ্বলাই দিয়ে। ইজনে সিজনক গালি পাৰি থাকে। পিতাই বুজায় - জগতৰ কেনেকুৱা অৱস্থা। ড্ৰামাৰ ভাৱৰীয়া হৈও ড্ৰামাৰ আদি–মধ্য–অন্ত আৰু মুখ্য ভাৱৰীয়া আদিক নাজানিলে তেন্তে তেওঁলোকক কি বুলি কোৱা হ’ব! শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ কোন, তেওঁৰ জীৱন বৃত্তান্ততো জানিব লাগে নহয়। একোৱেই নাজানে। ব্ৰহ্মা, বিষ্ণু, শংকৰৰ কি ভূমিকা আছে, ধৰ্ম প্ৰতিষ্ঠাপসকলৰ কি ভূমিকা আছে। মনুষ্যইতো অন্ধশ্ৰদ্ধাত আহি সকলোকে গুৰু বুলি কৈ দিয়ে। গুৰুতো সেইজন যিয়ে সৎগতি কৰায়। এতিয়া সকলোৰে সৎগতি দাতাতো হৈছে এজনেই পৰমপিতা পৰমাত্মা। তেওঁ পৰম গুৰুও হয়, আকৌ জ্ঞানো দিয়ে। তোমালোক সন্তানসকলক পঢ়ায়ো, তেওঁৰ ভূমিকাই অপূৰ্ব। ধৰ্মও প্ৰতিষ্ঠা কৰে আৰু সকলো ধৰ্মৰ বিনাশো কৰায়। বাকীসকলেতো কেৱল ধৰ্ম প্ৰতিষ্ঠা কৰে, স্থাপনা আৰু বিনাশ কৰোঁতাজনকে গুৰু বুলি কোৱা হ’ব নহয়। পিতাই কয় - মই কালৰো কাল। এটা ধৰ্ম প্ৰতিষ্ঠা আৰু বাকী সকলো ধৰ্ম বিনাশ হৈ যাব অৰ্থাৎ এই জ্ঞান যজ্ঞত স্বাহা (আহুতি) হৈ যাব। তেতিয়া কোনো যুদ্ধও নালাগিব আৰু যজ্ঞও ৰচা নহ’ব। তোমালোকে গোটেই বিশ্বৰ আদি–মধ্য–অন্তৰ বিষয়ে জানা। বাকী সকলোৱেতো “নাজানো নাজানো” বুলি কয়। তোমালোকে এনেকৈ ক’বা জানো। পিতাৰ বাহিৰে অন্য কোনেও বুজাব নোৱাৰে। গতিকে তোমালোক সন্তানসকল বহুত আনন্দিত হ’ব লাগে কিন্তু মায়াই এনেকৈ বিৰুদ্ধাচৰণ কৰে যে স্মৃতিয়েই পাহৰাই দিয়ে। তোমালোক সন্তানসকলে দুখ-সুখ, মান–অপমান সহ্য কৰিব লাগে। এনেয়েতো ইয়াত কোনো অপমান কৰা নহয়। যদি কিবা কথা থাকে তেন্তে পিতাক জনাব লাগে। নজনালে ডাঙৰ পাপ হৈ যায়। পিতাক শুনালে তৎক্ষণাৎ তেওঁ সাৱধান কৰি দিব। এই ‘ছার্জন’ৰ পৰা লুকুৱাব নালাগে। তেওঁ অতি শ্ৰেষ্ঠ ‘ছাৰ্জন’। জ্ঞান হৈছে বেজী, ইয়াক অঞ্জন বুলিও কয়। অঞ্জনক জ্ঞান–কাজল বুলিও কোৱা হয়। যাদু আদিৰতো কথাই নাই। পিতাই কয় - মই তোমালোকক পতিতৰ পৰা পাৱন হোৱাৰ যুক্তি (উপায়) শুনাবলৈ আহিছোঁ। পৱিত্ৰ নহ’লে ধাৰণাও নহ’ব। এই কাম বিকাৰৰ কাৰণেই আকৌ পাপ হয়। ইয়াৰ ওপৰত জয়ী হ’ব লাগে। নিজে যদি বিকাৰগ্ৰস্ত হয় তেন্তে আনক ক’ব নোৱাৰিব। সেয়াতো মহাপাপ হৈ যায়। পিতাই কাহিনীও শুনায় - পণ্ডিতে ক’লে যে ‘ৰাম ৰাম’ বুলি ক’লে সাগৰ পাৰ হৈ যাবা। মনুষ্যই ভাবে যে পানীৰ সাগৰ। যেনেকৈ আকাশৰ অন্ত নাই তেনেকৈ সাগৰৰো অন্ত পাব নোৱাৰে। ব্ৰহ্ম মহাতত্ত্বৰো অন্ত নাই। ইয়াত মনুষ্যই অন্ত পাবৰ বাবে পুৰুষাৰ্থ কৰে, তাত (স্বৰ্গত) কোনো পুৰুষাৰ্থ নকৰে। ইয়াত যিমান দূৰলৈকে নাযাওঁক পুনৰ ঘূৰি আহে। পেট্ৰ’লেই যদি নাথাকে তেন্তে আহিব কেনেকৈ? এয়া হৈছে বিজ্ঞানীসকলৰ অতি অহংকাৰ যাৰ দ্বাৰা বিনাশ কৰি দিয়ে। উৰাজাহাজৰ পৰা সুখো আছে আকৌ তাৰ পৰা অতি দুখো আছে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কোনো কাৰণতে পঢ়া এৰিব নালাগে। শাস্তি অতি কঠোৰ তাৰ পৰা ৰক্ষা পাবলৈ অন্য সকলো সংগ ত্যাগ কৰি এজন পিতাক স্মৰণ কৰিব লাগে। বিতুষ্ট হ’ব নালাগে।

(2) জ্ঞান ৰূপী বেজী দিওঁতা বা অঞ্জন লগাওঁতা হৈছে একমাত্ৰ পিতা, সেই অবিনাশী ‘ছাৰ্জন’ৰ পৰা কোনো কথা লুকুৱাব নালাগে। পিতাক শুনালে ততালিকে সাৱধান কৰি দিব।

বৰদান:
দৈহিক স্বাস্থ্য, মনৰ আনন্দ আৰু ধনৰ সমৃদ্ধিৰে শ্ৰেষ্ঠ ভাগ্যৱান হোৱা

সংগমযুগত সদায় স্ব-স্থিতিত থাকিলে দেহৰ কৰ্মভোগ শূলৰ পৰা কাঁইট হৈ যায়, দেহৰ ৰোগ যোগলৈ পৰিৱৰ্তন কৰি দিয়া সেই কাৰণে সদায় স্বাস্থ্যৱান হোৱা। ‘মনমনাভৱ’ হোৱাৰ কাৰণে আনন্দৰ খনিৰে সদায় সম্পন্ন হোৱা সেই কাৰণে মনৰ আনন্দও প্ৰাপ্ত হয় আৰু জ্ঞান ধন সকলো ধনতকৈ শ্ৰেষ্ঠ। জ্ঞান ধন থকাসকলৰ প্ৰকৃতি স্বতঃ দাসী হৈ যায় আৰু সৰ্ব সম্বন্ধও এজনৰ লগত আছে, সম্পৰ্কও পৱিত্ৰ হংসৰ লগত... সেই কাৰণে শ্ৰেষ্ঠ ভাগ্যৱানৰ বৰদান স্বতঃ প্ৰাপ্ত হয়।

স্লোগান:
স্মৃতি আৰু সেৱা দুয়োটাৰ সন্তুলনেই দ্বৈত চাবি।


অব্যক্ত সংকেত: আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা

যেনেকৈ অনেক জন্ম নিজৰ দেহৰ স্বৰূপৰ স্মৃতি স্বাভাৱিক হৈ থাকিল তেনেকৈ নিজৰ প্ৰকৃত স্বৰূপৰ স্মৃতিৰ অনুভৱ অলপ সময়ও নকৰিবা নেকি? এই প্ৰথম পাৰ্টি সম্পূৰ্ণ কৰা তেতিয়া নিজৰ আত্ম-অভিমানী স্থিতিৰ দ্বাৰা সৰ্ব আত্মাক সাক্ষাৎকাৰ কৰোৱাৰ নিমিত্ত হ’বা।