26.08.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকে প্ৰতিশ্ৰুতি দিয়া যে আমি নিজৰেই যোগবলেৰে এই ভাৰতক স্বৰ্গ কৰি গঢ়ি তুলিম, তাত এক ধৰ্ম, এক ৰাজ্য হ’ব”

প্ৰশ্ন:
মায়াৰ কোনটো বিঘিনিৰ পৰা সুৰক্ষিত হৈ থাকোতাজনে বহুত ভাল চমৎকাৰ কৰিব পাৰে?

উত্তৰ:
মায়াৰ আটাইতকৈ ডাঙৰ বিঘিনি হৈছে – দেহ-অভিমানত আনি ইজনক সিজনৰ নাম ৰূপত আবদ্ধ কৰা। যিসকল সন্তান এই বিঘিনিৰ পৰা সুৰক্ষিত হৈ থাকে, মায়াৰ প্ৰবঞ্চনাৰ পৰা বাচি থাকে, তেওঁলোকে বহুত চমৎকাৰ কৰি দেখুৱায়। তেওঁলোকৰ বুদ্ধিত সেৱাৰ নতুন নতুন বিচাৰ চলি থাকে। সেৱাত উন্নতি তেতিয়া হ’ব যেতিয়া দেহী-অভিমানী হ’ব।

ওঁম্শান্তি।
পিতা আহিছে আত্মিক সন্তানসকলক শ্ৰীমত দিবলৈ। সন্তানসকলে এইটোতো জানে যে অলপ সময়ৰ ভিতৰত নাটকৰ পৰকল্পনা অনুসৰি সকলো কাৰ্য হ’ব। আমি ৰাৱণপুৰীক বিষ্ণুপুৰী কৰি তোলোঁ। এতিয়া পিতাও গুপ্ত তেন্তে পঢ়াও গুপ্ত। সেৱাকেন্দ্ৰতো বহুত আছে। সৰু–ডাঙৰ গাঁৱবোৰত সেৱাকেন্দ্ৰ আছে আৰু সন্তানো বহুত আছে। আৰুহে দিনে-প্ৰতিদিনে বাঢ়ি গৈ থাকিব। সাহিত্যতো লিখে যে আমি এই ভাৰত ভূমিক স্বৰ্গ কৰি তুলিহে এৰিম। এই ভাৰতভূমি তোমালোকৰ বহুত মৰমৰ কিয়নো তোমালোকে জানা যে এই ভাৰতেই স্বৰ্গ আছিল। ইয়াৰ 5 হাজাৰ বছৰ হ’ল। ভাৰত বহুত প্ৰভাৱশালী আছিল। তোমালোক ব্ৰহ্মা মুখ বংশাৱলী সন্তানসকলৰহে এই জ্ঞান আছে। এই ভাৰতক শ্ৰীমতত স্বৰ্গ কৰি তুলিব লাগে। সকলোকে ৰাস্তা দেখুৱাব লাগে আৰু কোনো কাজিয়া-পেচালৰ ইয়াত কথা নাই। পৰস্পৰ বহি দিহা-পৰামৰ্শ দিব লাগে যে এই চিত্ৰবোৰৰ দ্বাৰা এনেকুৱা কি বিজ্ঞাপন দিওঁ যাতে বাতৰি কাকততো এই চিত্ৰ প্ৰকাশ পায়। পৰস্পৰ ইয়াৰ ওপৰত সন্মিলন পাতিব লাগে। যিদৰে সেই চৰকাৰৰ লোকসকল পৰস্পৰ মিলিত হয়, ৰায় দিয়ে যে ভাৰতক আমি কেনেকৈ শুধৰাওঁ। এয়া যি ইমান মতভেদ হৈ গৈছে, তাক পৰস্পৰ মিলি ঠিক কৰোঁ আৰু ভাৰতত সুখ-শান্তি কেনেকৈ স্থাপন হ’ব। এনেদৰে তোমালোকো হৈছা আত্মিক পাণ্ডৱ চৰকাৰ, এয়াও হৈছে বিশাল ঈশ্বৰীয় চৰকাৰ। পতিত-পাৱন পিতাইহে পতিত সন্তানসকলক পাৱন কৰি তুলি পাৱন সৃষ্টিৰ মালিক কৰি তোলে। এইটো ৰহস্য তোমালোক সন্তানসকলে জানা। মুখ্য হৈছেই ভাৰতৰ আদি সনাতন দেৱী-দেৱতা ধৰ্ম। এয়া হৈছে ৰুদ্ৰ জ্ঞান যজ্ঞ। ৰুদ্ৰ বুলি কোৱা হয় শিৱক। এতিয়া তোমালোকক পিতা আহি জগাইছে, তোমালোকে আকৌ আনক জগাই তুলিব লাগে। নাটকৰ পৰিকল্পনা অনুসৰি তোমালোকে জগাই থাকা। এতিয়ালৈকে যিয়ে যেনেকুৱা পুৰুষাৰ্থ কৰিছে, সিমানেই কল্প পূৰ্বেও কৰিছিল। তোমালোকৰ হৈছে আত্মিক যুদ্ধ। কেতিয়াবা মায়াৰ শক্তি প্ৰবল হৈ যায়, কেতিয়াবা ঈশ্বৰৰ। কেতিয়াবা কেতিয়াবাতো সেৱা বহুত তীব্ৰতাৰে চলে। কেতিয়াবা বহুত সন্তানৰ ওপৰত মায়াৰ বিঘিনি আহি যায়। মায়াই একদম বেহুচ (সংজ্ঞাহীন) কৰি দিয়ে। যুদ্ধক্ষেত্ৰ নহয় জানো। মায়াই, ৰামৰ সন্তানক বেহুচ কৰি দিয়ে। লৱ-কুশৰ কাহিনীও আছে নহয়। ৰামৰ দুটি সন্তান দেখুৱাইছে। ইয়াততো বাবাৰ অনেক সন্তান আছে। এই সময়ত সকলো মনুষ্য কুম্ভকৰ্ণৰ নিদ্ৰাত শুই আছে। তেওঁলোকে এইটোও নাজানে যে পৰমপিতা পৰমাত্মা আহিছে - সন্তানসকলক উত্তৰাধিকাৰ দিবলৈ। পিতা ভাৰততেই আহে। এইটো কথা একেবাৰেই পাহৰি গৈছে। ভাৰতবাসীয়েই স্বৰ্গৰ মালিক আছিল, ইয়াত কোনো সন্দেহ নাই। পৰমপিতা পৰমাত্মাৰ জন্মও ইয়াত হয় সেইবাবেতো শিৱজয়ন্তী ভাৰতত পালন কৰে। তেন্তে নিশ্চয় তেওঁ আহি কিবা কৰিছিল। বুদ্ধিয়ে কয় যে নিশ্চয় পিতাই আহি স্বৰ্গৰ স্থাপনা কৰিছিল। প্ৰেৰণাৰ দ্বাৰা স্থাপনা কৰিব জানো। ইয়াততো তোমালোক সন্তানসকলক ৰাজযোগ শিকোৱা হয়, স্মৃতিৰ যাত্ৰা শিকোৱা হয়। প্ৰেৰণাত কোনো আৱাজ (শব্দ) নাথাকে। ভাবে শঙ্কৰে প্ৰেৰণাৰে বিনাশ কৰে, কিন্তু ইয়াত প্ৰেৰণাৰ কথা নাই। তোমালোকে বুজি পাই গৈছা যে নাটকত তেওঁলোকৰ ক্ষেপণাস্ত্ৰ তৈয়াৰ কৰাৰ ভূমিকাই আছে। তেওঁলোক বিনাশৰ অৰ্থে নিমিত্ত হৈছে। প্ৰেৰণা হৈছে শাস্ত্ৰৰ শব্দ, ইয়াত প্ৰেৰণাৰতো কথাই নাই। নাটক অনুসৰি বিনাশতো হ’বই। গায়ন আছে মহাভাৰতৰ যুদ্ধত এই ক্ষেপনাস্ত্ৰ আদি কামত আহিছিল, যি অতীত হৈ গ’ল সেয়া আকৌ পুনৰাবৃত্তি হ’ব। তোমালোকে প্ৰতিশ্ৰুতি দিয়া যে আমি যোগবলেৰে স্বৰ্গৰ স্থাপনা কৰিম, তাত এটা ধৰ্ম থাকিব। তেন্তে অন্য সকলো ধৰ্ম ক’ত থাকিব? নিশ্চয় বিনাশ হৈ যাব। এইটো বুজিবলগীয়া কথা। গায়ন আছে - ব্ৰহ্মাৰ দ্বাৰা স্থাপনা, বিষ্ণুৰ দ্বাৰা প্ৰতিপালনতো ঠিকেই আছে, কিন্তু শঙ্কৰকতো শিৱৰ লগত মিলাই দিছে, এইটো ভুল। শিৱ-শঙ্কৰ বুলি কৈ দিয়ে কিয়নো শঙ্কৰেতো কোনো কাম নকৰে সেইবাবে শিৱৰ লগত মিলাই দিছে। কিন্তু শিৱবাবাই কয় মইতো বহুত কাম কৰিবলগীয়া হয়। সকলোকে পাৱন কৰি তুলিবলগীয়া হয়। মই এই ব্ৰহ্মাৰ শৰীৰত প্ৰৱেশ কৰি এই সাকাৰৰ দ্বাৰা স্থাপনাৰ কাৰ্য কৰাওঁ। শঙ্কৰৰতো কোনো ভূমিকা নাই। শিৱৰ পূজা হয়। শিৱহে কল্যাণকাৰী জোলোঙা ভৰপূৰ কৰোঁতা। শিৱ পৰমাত্মায়ে নমঃ বুলি কয় নহয়। এই ব্ৰহ্মাও হ’লগৈ প্ৰজাপিতা। ব্ৰহ্মাই বিষ্ণু, বিষ্ণুয়েই ব্ৰহ্মা এইবোৰতো বৰ গূঢ় কথা। এইবোৰ কেৱল তোমালোক সন্তানসকলেহে জানা। বুদ্ধিমান সন্তানসকলৰ বুদ্ধিত তৎক্ষণাৎ জ্ঞান ধাৰণ হৈ যায়। মনুষ্যই একো বুজি নাপায় যে পতিত-পাৱন পিতা কেতিয়া আহিব! এতিয়াতো কলিযুগৰ অন্তিম পৰ্য্যায়। যদি কয় যে কলিযুগৰ অন্ত হ’বলৈ 40 হাজাৰ বছৰ বাকী আছে, তেন্তে এতিয়া আৰু কিমান পতিত হ’ব? কিমান দুখ সহ্য কৰিব? কলিযুগত সুখতো নহ’ব। একোৱেই নজনাৰ কাৰণে বেচেৰাসকল অতি অন্ধকাৰত আছে।

তোমালোক সন্তানসকল পৰস্পৰ মিলিত হৈ ৰায় দিব লাগে যে কেনেকৈ সেৱাৰ বৃদ্ধি কৰিব পৰা যায়। পিতাই পৰিকল্পনাতো শুনাই থাকে গতিকে সন্তানসকল পৰস্পৰ মিলিত হ’ব লাগে। চিত্ৰৰ ওপৰত ভালদৰে বুজাব লাগে। এয়াও নাটক অনুসৰি চিত্ৰ তৈয়াৰ হৈ গৈ আছে। সন্তানসকলে জানে যে যিমানেই সময় পাৰ হৈ গৈ থাকে, হুবহু নাটক চলি থাকে। সন্তানসকলৰ অৱস্থাতো কেতিয়াবা উচ্চ, কেতিয়াবা নিম্ন, এইটো চলি থাকিব। বাবায়ো সাক্ষী হৈ প্ৰত্যক্ষ কৰে। কেতিয়াবা কেতিয়াবা সন্তানসকলৰ ওপৰত গ্ৰহচাৰী বহে তেতিয়া তাক শেষ কৰিবলৈ যত্ন কৰায়। বাবাই বাৰে বাৰে কয় যে পিতাক স্মৰণ কৰা। কিন্তু দেহ-অভিমানত আহি যায় সেয়েহে আঘাত প্ৰাপ্ত হয়, ইয়াত দেহী-অভিমানী হ’ব লাগে। কিন্তু সন্তানসকলৰ দেহ-অভিমান বহুত আছে। তোমালোক দেহী-অভিমানী হ’লে তেতিয়া পিতাৰ স্মৃতি থাকিব আকৌ সেৱাৰ উন্নতিও হৈ থাকিব। যিসকলে উচ্চ পদ পাব বিচাৰিব, তেওঁলোক সদায় সেৱাত লাগি থাকিব। যদি ভাগ্যত নাই তেন্তে পুৰুষাৰ্থও নকৰিব। নিজেই কয় যে বাবা মোৰ ধাৰণা নহয়। বুদ্ধিত নবহে। ধাৰণা যদি নহয় তেন্তে আনন্দও নাথাকে। যিসকলৰ ধাৰণা হয় তেন্তে আনন্দিতও হয়। বুজি পায় যে শিৱবাবাৰ আগমন হৈছে। পিতাই কয় - সন্তানসকল তোমালোকে ভালদৰে বুজি লৈ পুনৰ আনকো বুজোৱা। কোনোৱেতো সেৱাত লাগি যায়। পুৰুষাৰ্থ কৰি থাকে। তোমালোক সন্তানসকলে জানা যে যি চেকেণ্ড পাৰ হৈ যায় সেয়া নাটকত নিৰ্ধাৰিত হৈ আছে পুনৰ এনেকৈয়ে পুনৰাবৃত্তি হয়। সন্তানসকলকহে বুজোৱা হয় যে বাহিৰত ভাষণ দিয়াৰ সময়ত অনেক প্ৰকাৰৰ মনুষ্য আহে। তোমালোক সন্তানসকলে জানা যে সকলোৱে বেদ, শাস্ত্ৰ, গীতা আদিৰ ওপৰতেই ভাষণ দিয়ে, তেওঁলোকে জানো এইটো জানে যে ইয়াত ঈশ্বৰে নিজৰ আৰু এই ৰচনাৰ আদি-মধ্য-অন্তৰ ৰহস্য বুজায়। চিত্ৰবোৰত কিমান ভালদৰে দেখুৱাইছে যে পৰমাত্মা কোন! এই কথাবোৰ প্ৰজেক্টৰৰ দ্বাৰাতো বুজাব নোৱাৰি। প্ৰদৰ্শনীত চিত্ৰও সন্মুখত আছে আৰু তোমালোকে আকৌ বুজাই উঠি সুধিবও পাৰা যে এতিয়া কোৱা গীতাৰ ভগৱান কোন? জ্ঞানৰ সাগৰ কোন? পৱিত্ৰতা সুখ-শান্তিৰ সাগৰ, মুক্তিদাতা মাৰ্গ-দৰ্শক কোন? কৃষ্ণৰ বাবেতো তেনেকৈ ক’ব নোৱাৰিব। পৰমাত্মাৰ মহিমা বেলেগ। প্ৰথমে লিখাবও লাগে, প্ৰমাণ ল’ব লাগে। সকলোৰে স্বাক্ষৰো ল’ব লাগে।

(সভাঘৰত চৰায়ে কাজিয়া কৰি আছে) এই সময়ত গোটেই সৃষ্টিত হাই-কাজিয়াই আছে। সকলোৱে পৰস্পৰ কাজিয়া কৰি থাকে। 5 বিকাৰো মনুষ্যৰ মাজতে বুলি গায়ন কৰা হয়। জীৱ-জন্তুৰতো কথা নহয়। বিকাৰী সৃষ্টি আৰু নিৰ্বিকাৰী সৃষ্টি মনুষ্যৰ বাবে বুলি গায়ন আছে। কলিযুগত হৈছে আসুৰিক সম্প্ৰদায়, সত্যযুগত হৈছে দৈৱী সম্প্ৰদায়। মনুষ্য ইমান তমোপ্ৰধান বুদ্ধিৰ যে একেবাৰে নুবুজে যে আমিয়েই আসুৰিক সম্প্ৰদায়ৰ। দেৱতাসকলৰ আগত গৈ গায়নো কৰে আমিয়েই নীচ, পাপী, আমাৰ নিৰ্গুণীসকলৰ কোনো গুণ নাই। তোমালোকেতো তেওঁলোকক সিদ্ধ কৰি ক’ব পাৰা। ছিৰিৰ চিত্ৰত বহুত স্পষ্টকৈ আছে। দেখুওৱা আছে যে কেনেকৈ আৰোহণ কলা হয় পুনৰ অৱৰোহণ কলা হয়। ভাৰতবাসীৰ বাবে মুখ্য হৈছে ছিৰিৰ চিত্ৰ। এইটো হৈছে সকলোতকৈ উত্তম বস্তু। এই চিত্ৰৰ ওপৰত বহুত ভালদৰে বুজাব পাৰা। 84 জন্ম পূৰ্ণ কৰি পুনৰ প্ৰথম নম্বৰত জন্ম ল’ব লাগিব পুনৰ অৱৰোহণ কলাৰ পৰা আৰোহণ কলালৈ যাব লাগিব। প্ৰত্যেকৰে বিচাৰ চলিব লাগে যে সকলোকে কেনেকৈ পথ দেখুৱাও। খেয়াল নচলিলে তেন্তে সেৱা কেনেকৈ কৰিব। চিত্ৰৰ ওপৰত বুজাৱাতো অতি সহজ। সত্যযুগৰ পাছত ছিৰি নামিবই (অৱনমিত হ’বই) লাগিব। সন্তানসকলে জানে যে এতিয়া আমি স্থানান্তৰ হৈ আছোঁ। কিন্তু পোনপটীয়াকৈ সত্যযুগলৈ নাযায়। প্ৰথমে শান্তিধামলৈ যাব লাগিব। তোমালোকে জানা আমি ভাৱৰীয়া। বাকী তোমালোকৰ ভিতৰতো ক্ৰমানুসৰি আছে যিয়ে নিজক এই নাটকৰ ভাৱৰীয়া বুলি বুজে। জগতত এইদৰে কোনেও ক’ব নোৱাৰে যে মই ভাৱৰীয়া হওঁ। আমি লিখোঁও যে প্ৰত্যেক মনুষ্য মাত্ৰই এই বেহদৰ নাটকৰ ভাৱৰীয়া হোৱা সত্বেও নাটকৰ মুখ্য ভাৱৰীয়াসকলক, নিৰ্দেশকক আৰু নাটকৰ আদি-মধ্য-অন্তক নাজানে, তেন্তে তেওঁলোক অবুজ। এনেকৈ লিখাত কোনো আপত্তি নাই। এখন কাণেৰে শুনি আনখনেৰে উলিয়াই দিব নালাগে। সেৱা, সেৱা আৰু সেৱা। বাবাই জানে যে সন্তানসকলৰ ওপৰত কেতিয়াবা গ্ৰহচাৰীও বহে। যেতিয়া গ্ৰহচাৰী বহে তেতিয়া কিমান লোকচান হৈ যায়, সেয়া পিতাই জানে। চহকী দৰিদ্ৰ হৈ পৰে। কাৰণতো থাকে নহয় জানো। বহুতক বাবাই বুজায়ো থাকে - সন্তানসকল নাম-ৰূপত কেতিয়াও আবদ্ধ নহ’বা। নহ’লেতো মায়া এনেকুৱা যে নাকত ধৰি গাঁতত পেলাই দিব। মায়াই বহুত প্ৰবঞ্চনা কৰি দিব। প্ৰেমিক-প্ৰেমিকা ইয়াত হ’ব নালাগে। প্ৰেমিক- প্ৰেমিকা কোনোবা বিকাৰৰ কাৰণে হয়, কোনোবা কেৱল ৰূপত ভোল যায়। তোমালোকে জানা সেৱাকেন্দ্ৰতো এনেকুৱা মায়াৰ বিঘিনি বহুত আহে, এজনে আনজনৰ নাম-ৰূপত আবদ্ধ হৈ পৰে। মায়া এনেকুৱা প্ৰবল যে মাতা, মাতাৰ নাম-ৰূপত, কন্যা, কন্যাৰ নাম-ৰূপতো আবদ্ধ হৈ যায়। পুৰুষাৰ্থ কৰি থাকিলেও মায়াই একেবাৰে ধৰি লয় সেইবাবে বাবাই সাৱধান কৰি দিয়ে যে সন্তানসকল মায়াই বহুত আবদ্ধ কৰিবলৈ (ফান্দত পেলাবলৈ) যত্ন কৰিব, কিন্তু তোমালোক আবদ্ধ হ’ব নালাগে। দেহ-অভিমানত আহিব নালাগে। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। মায়াৰ প্ৰবঞ্চনাৰ পৰা বাচি থাকিব লাগে। তোমালোক সন্তানসকলক পিতাই ফুল কৰি তুলিবলৈ আহিছে, তোমালোকৰ কোনো কথাত সংশয় উৎপন্ন হ’ব নালাগে। যদি অন্তৰত সংশয় উৎপন্ন হ’ল তেন্তে ভালদৰে সেৱা কৰিব নোৱাৰিব। ভিতৰি কলমটিয়াই থাকিব। সাহস ৰাখিব লাগে। সময় বহুত কম। বাবাৰ মুৰুলী শুনিলে তেতিয়া উৎসাহিত হ’ব। আত্মপ্ৰকাশ সন্তানটিয়ে সঠিক ৰীতিৰে চিত্ৰৰ ফালে মনোযোগ দি আছে। বোম্বাই (এতিয়া মুম্বাই) নিবাসীসকলৰো মগজত উদয় হ’ব লাগে। প্ৰথমে মুখ্য চিত্ৰ তৈয়াৰ কৰিব লাগে। পৰীক্ষা কৰিব লাগে, বাবাই নিৰ্দেশনা দি থাকে যে কিদৰে চিত্ৰবোৰৰ উন্নতি হোৱা উচিত। এনেকুৱা কোনো যুক্তি ৰচা যাতে ছিৰিৰ চিত্ৰ বিমান বন্দৰত ৰখা হয়। এই চিত্ৰ দেখি সকলো আনন্দিত হ’ব। অৱশেষত বুজিব যে এওঁলোকক মত দিওতাজন কোন। গতিকে সন্তানসকলৰ বহুত নিচা বাঢ়িব লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা, সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) তোমালোক সন্তানসকল যুদ্ধক্ষেত্ৰত আছা, মায়া ৰাৱণৰ সৈতে তোমালোকৰ যুদ্ধ। মায়াই বহুত বিঘিনি আনে। সন্তানসকল অতি সাৱধান হৈ থাকিব লাগে।

(2) প্ৰত্যেকে নিজৰ উন্নতিৰ বাবে বিচাৰ কৰিব লাগে। চিত্ৰৰ ওপৰত কেনেকৈ বুজাওঁ, সেৱা কেনেকৈ বৃদ্ধি কৰোঁ। চিত্ৰত এনেকুৱা কি সংযোজন কৰোঁ যাতে মনুষ্যই সহজে বুজি পায়।

বৰদান:
দেহ-অভিমান ত্যাগৰ দ্বাৰা শ্ৰেষ্ঠ ভাগ্য গঢ়োঁতা সৰ্ব সিদ্ধি স্বৰূপ হোৱা

দেহ-অভিমান ত্যাগ কৰা অৰ্থাৎ দেহী-অভিমানী হ’লে পিতাৰ সৈতে সৰ্ব সম্বন্ধৰ, সৰ্ব শক্তিৰ অনুভৱ হয়, এই অনুভৱেই সংগমযুগৰ সৰ্বশ্ৰেষ্ঠ ভাগ্য। বিধাতাৰ পৰা প্ৰাপ্ত এই বিধি প্ৰয়োগ কৰিলে বৃদ্ধিও হ’ব আৰু সৰ্ব সিদ্ধিও প্ৰাপ্ত হ’ব। দেহধাৰীৰ সম্বন্ধ বা স্নেহততো নিজৰ মুকুট, সিংহাসন আৰু নিজৰ প্ৰকৃত স্বৰূপ— সকলো ত্যাগ কৰিলা, তেন্তে পিতাৰ স্নেহত দেহ-অভিমান ত্যাগ কৰিব নোৱাৰা জানো! এই এটা ত্যাগৰ দ্বাৰা সৰ্ব ভাগ্য প্ৰাপ্ত হৈ যাব।

স্লোগান:
ক্ৰোধমুক্ত হ’ব বিচাৰিলে স্বাৰ্থৰ পৰিৱৰ্তে নিঃস্বাৰ্থ হোৱা, ইচ্ছাসমূহৰ ৰূপ পৰিৱৰ্তন কৰা।


অব্যক্ত ইংগিত: অপৱিত্ৰতাৰ বীজো সমাপ্ত কৰি সম্পূৰ্ণ স্বচ্ছ (পৱিত্ৰ) হোৱা

পিতাৰ সৈতে তোমালোক সকলোৱেও গুৰু দায়িত্ব লৈছা যে পৱিত্ৰতাৰ দ্বাৰা আমি প্ৰকৃতিকো পাৱন কৰি তুলিম। গতিকে এই সংকল্প পূৰণ কৰিবলৈ বাপদাদাই বিচাৰে যে বিশ্বৰ প্ৰতিগৰাকী সন্তান সাধনৰ পৰাই হওক বা ব্যক্তিৰ পৰাই হওক প্ৰথমে আসক্তি-মুক্ত হওক। সাধন ব্যৱহাৰ কৰাটো বেলেগ কথা আৰু আসক্তি বেলেগ কথা। সেয়েহে বাপদাদাই প্ৰতিগৰাকী সন্তানক প্ৰথমে আসক্তি-মুক্ত কৰি তুলিব বিচাৰে।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]