26.09.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – সদায় এইটোয়েই স্মৃতি থাকিব লাগে যে আমি শ্ৰীমতত নিজৰ সত্যযুগী ৰাজধানী স্থাপনা কৰি আছোঁ, তেতিয়া অপাৰ আনন্দিত হৈ থাকিবা”

প্ৰশ্ন:
এই জ্ঞানৰ ভোজন কোনসকল সন্তানৰ হজম হ'ব নোৱাৰে?

উত্তৰ:
যিসকলে ভুল কৰি, ছিঃ ছিঃ (পতিত) হৈ আকৌ শ্ৰেণী কোঠাত আহি বহে, তেওঁলোকৰ জ্ঞান হজম হ'ব নোৱাৰে। তেওঁলোকে মুখেৰে কেতিয়াও ক'ব নোৱাৰে যে ভগৱানুবাচ কাম মহাশত্ৰু। তেওঁলোকৰ অন্তৰ ভিতৰি দহি থাকিব। তেওঁলোক আসুৰিক সম্প্ৰদায়ৰ হৈ যায়।

ওঁম্শান্তি।
পিতাই বহি আত্মিক সন্তানসকলক বুজায়, তেওঁ কোনজন পিতা, সেইজন পিতাৰ মহিমা তোমালোক সন্তানসকলে কৰিব লাগে। গায়নো কৰা হয় সৎ শিৱবাবা, সৎ শিৱ শিক্ষক, সৎ শিৱ গুৰু। সত্যতো তেৱেঁই হয় নহয়। তোমালোক সন্তানসকলে জানা আমি সত্য শিৱবাবাক পাইছোঁ। আমি সন্তানসকল এতিয়া শ্ৰীমতত একমত হৈ আছোঁ। সেয়েহে শ্ৰীমতত চলিব লাগে নহয়। পিতাই কয় - এটাতো দেহী-অভিমানী হোৱা আৰু পিতাক স্মৰণ কৰা। যিমানে স্মৰণ কৰিবা, নিজৰ কল্যাণ কৰিবা। তোমালোকে পুনৰাই নিজৰ ৰাজধানী স্থাপনা কৰি আছা। আগতেও আমাৰ ৰাজধানী আছিল। আমি দেৱী-দেৱতা ধৰ্মাৱলম্বীসকলেই 84 জন্ম ভোগ কৰি, অন্তিম জন্মত এতিয়া সংগমত আছোঁ। তোমালোক সন্তানসকলৰ বাহিৰে অন্য কোনেও এই পুৰুষোত্তম সংগমযুগৰ বিষয়ে নাজানে। বাবাই কিমান যুক্তি দিয়ে - সন্তানসকল, যদি ভালদৰে স্মৃতিত থাকা তেন্তে বহুত আনন্দিত হৈ থাকিবা। কিন্তু পিতাক স্মৰণ কৰাৰ সলনি অন্য সাংসাৰিক কথাত সোমাই পৰে। এইটো স্মৃতিত থকা উচিত যে আমি শ্ৰীমতত নিজৰ ৰাজ্য স্থাপনা কৰি আছোঁ। গায়নো আছে উচ্চতকৈও উচ্চ ভগৱান, তেওঁৰেই উচ্চতকৈও উচ্চ শ্ৰীমত। শ্ৰীমতে কি শিকায়? সহজ ৰাজযোগ। বাদশ্বাহী ল'বলৈ পঢ়াই আছে। নিজৰ পিতাৰ দ্বাৰা সৃষ্টিৰ আদি-মধ্য-অন্তক জানি লৈ আকৌ দৈৱীগুণো ধাৰণ কৰিব লাগে। পিতাৰ কেতিয়াও বিৰুদ্ধাচৰণ কৰিব নালাগে। বহুত সন্তানে নিজক সেৱাৰ যোগ্য হোৱা বুলি ভাবি অহংকাৰত আহি যায়। এনেকুৱা বহুত হয়। পাছত কোনো কোনো ঠাইত পৰাজিত হ'লে তেতিয়া সেৱাৰ প্ৰতি নিচা নাইকিয়া হৈ যায়। তোমালোক মাতাসকলতো নিৰক্ষৰ। পঢ়া-শুনা থকা হ'লে চমৎকাৰ কৰি দেখুৱালাহেঁতেন। পুৰুষসকলৰ মাজত তথাপিও পঢ়া-শুনা কৰা কিছু সংখ্যক আছে। তোমালোক কুমাৰীসকলে কিমান নাম উজ্বল কৰিব লাগে। তোমালোকে শ্ৰীমতত বাদশ্বাহী স্থাপনা কৰিছিলা। নাৰীৰ পৰা লক্ষ্মী হৈছিলা তেন্তে কিমান নিচা থাকিব লাগে। ইয়াততো চোৱা পাই-পইচাৰ পঢ়া-শুনাত জীৱন উৎসৰ্গিত কৰি আছে। হেৰ' তোমালোক সুন্দৰ (পাৱন) হৈ উঠা, আকৌ ক'লা (পতিত), তমোপ্ৰধানসকলৰ প্ৰতি অন্তৰৰ আকৰ্ষণ কিয় ৰাখা। এই কবৰস্থানৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। আমিতো পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছোঁ। পুৰণি সৃষ্টিৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰখা মানে জহন্নামলৈ অৰ্থাৎ নৰকলৈ যোৱা। পিতা আহি নৰকৰ পৰা ৰক্ষা কৰে তথাপিও মুখ নৰকৰ ফালে কিয় কৰা। তোমালোকৰ এই পঢ়া কিমান সহজ। কোনো ঋষি-মুনিয়ে নাজানে। কোনো শিক্ষক, কোনো ঋষি-মুনিয়ে বুজাব নোৱাৰে। এওঁতো পিতা-শিক্ষক-গুৰুও হয়। সেই গুৰুসকলে শাস্ত্ৰ শুনায়। তেওঁলোকক শিক্ষক বুলি কোৱা নহ’ব তেওঁলোক কোনেও এনেকৈ নকয় যে আমি সৃষ্টিৰ বুৰঞ্জী-ভূগোল শুনাওঁ। তেওঁলোকেতো শাস্ত্ৰৰ কথাবোৰেই শুনাব। পিতাই তোমালোকক শাস্ত্ৰসমূহৰ সাৰ বুজায়, আকৌ সৃষ্টিৰ বুৰঞ্জী-ভূগোলৰ বিষয়েও বুজায়। এতিয়া এইজন শিক্ষক ভাল নে সেই শিক্ষকসকল ভাল? সেই শিক্ষকসকলৰ পৰা তোমালোকে যিমানেই নপঢ়া কিয় কিনো উপাৰ্জন কৰিবা? সেয়াও ভাগ্য। পঢ়ি থাকোতেই যদি কিবা দুৰ্ঘটনা হয়, মৃত্যু হয় তেতিয়া পঢ়া শেষ। ইয়াত তোমালোকে এই পঢ়া যিমানেই পঢ়িবা, সেয়া ব্যৰ্থত নাযায়। অৱশ্যে হয়, শ্ৰীমতত নচলি কিবা ওলোটা আচৰণ কৰিলে বা গাঁতত গৈ পৰিলে (অধঃপতিত হ'লে) তেতিয়া যিমান পঢ়িছিল সেয়া একো লগত লৈ যাব নোৱাৰে, এই পঢ়াতো 21 জন্মৰ বাবে। কিন্তু অধঃপতিত হ'লে কল্প-কল্পান্তৰৰ বাবে বহুত বহুত লোকচান হৈ যায়। পিতাই কয়- সন্তানসকল, মুখ ক'লা নকৰিবা। এনেকুৱা বহুত আছে যিসকলে মুখ ক'লা কৰি, ছিঃ ছিঃ হৈ পুনৰ আহি বহি যায়। তেওঁলোকৰ কেতিয়াও এই জ্ঞান হজম নহ'ব। বদ-হজম হৈ যায়। যিখিনি শুনিব সেয়া বদ-হজম হৈ যাব, তেতিয়া মুখেৰে কাকো ক'ব নোৱাৰিব যে ভগৱানুবাচ (ভগৱানে কয়) - কাম মহাশত্ৰু, তাৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব লাগে। নিজেই যদি বিজয় প্ৰাপ্ত কৰিব নোৱাৰে তেন্তে আনক কেনেকৈ ক'ব! ভিতৰি অন্তৰ দহি থাকিব নহয়! তেওঁলোকক আসুৰিক সম্প্ৰদায়ৰ বুলি কোৱা হয়, অমৃত পান কৰি কৰি যদি বিহ পান কৰে তেন্তে এশগুণ ক'লা হৈ যায়। হাড়-মূৰ ভাঙি যায়।

তোমালোক মাতাসকলৰ সংগঠনতো বহুত ভাল হোৱা উচিত। লক্ষ্য-উদ্দেশ্যতো সন্মুখত আছে। তোমালোকে জানা এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্যত এক দেৱী-দেৱতা ধৰ্ম আছিল। এক ৰাজ্য, এক ভাষা, এশ শতাংশ পৱিত্ৰতা, শান্তি, সমৃদ্ধি আছিল। সেই একেখন ৰাজ্যই পিতাই এতিয়া স্থাপনা কৰি আছে। এয়া হ'ল লক্ষ্য-উদ্দেশ্য। এশ শতাংশ পৱিত্ৰতা, সুখ, শান্তি, সম্পত্তিৰ স্থাপনা এতিয়া হৈ আছে। তোমালোকে দেখুওৱা বিনাশৰ পাছত শ্ৰীকৃষ্ণ আহি আছে। স্পষ্টকৈ লিখি দিয়া উচিত। সত্যযুগী এখনেই দেৱী-দেৱতাৰ ৰাজ্য, এক ভাষা, পৱিত্ৰতা, সুখ, শান্তি পুনৰাই স্থাপনা হৈ আছে। চৰকাৰে বিচাৰে নহয়। স্বৰ্গ হয়েই সত্যযুগ-ত্ৰেতাত। কিন্তু মনুষ্যই নিজক নৰকবাসী বুলি ভাবে জানো। তোমালোকে লিখিব পাৰা - দ্বাপৰ-কলিযুগত সকলো নৰকবাসী। এতিয়া তোমালোক সংগমযুগী। আগতে তোমালোকো কলিযুগী নৰকবাসী আছিলা, এতিয়া তোমালোক স্বৰ্গবাসী হৈ আছা। ভাৰতক শ্ৰীমতত স্বৰ্গ কৰি গঢ়ি আছা। কিন্তু সেই সাহস, সংগঠন থাকিব লাগে। পৰিক্ৰমা লগাবলৈ গ’লে এই লক্ষ্মী-নাৰায়ণৰ চিত্ৰ লৈ যাব লাগে। ভাল হয়। তাত লিখি দিয়া - আদি সনাতন দেৱী-দেৱতা ধৰ্ম, সুখ-শান্তিৰ ৰাজ্য ত্ৰিমূৰ্তি শিৱবাবাৰ শ্ৰীমতত স্থাপনা হৈ আছে। এনেকুৱা ডাঙৰ ডাঙৰ আখৰৰ ডাঙৰ ডাঙৰ চিত্ৰ হ'ব লাগে। সৰু ল'ৰা-ছোৱালীয়ে সৰু চিত্ৰ পচন্দ কৰে। হেৰ', চিত্ৰতো যিমান ডাঙৰ হয় সিমানেই ভাল। এই লক্ষ্মী-নাৰায়ণৰ চিত্ৰতো বহুত ভাল। ইয়াত মাথোঁ লিখিব লাগে এজনেই সত্য ত্ৰিমূৰ্তি শিৱবাবা, সত্য ত্ৰিমূৰ্তি শিৱ শিক্ষক, সত্য ত্ৰিমূৰ্তি শিৱ গুৰু। ত্ৰিমূৰ্তি শব্দটি নিলিখিলে বুজিব যে পৰমাত্মাতো নিৰাকাৰ, তেওঁ শিক্ষক কেনেকৈ হ'ব পাৰে। জ্ঞানতো নাই নহয়। লক্ষ্মী-নাৰায়ণৰ চিত্ৰ টিনপাতত লগাই প্ৰত্যেক স্থানত ৰাখিব লাগে, এয়া স্থাপনা হৈ আছে। পিতা আহিছে ব্ৰহ্মাৰ দ্বাৰা এক ধৰ্ম প্ৰতিষ্ঠা কৰি বাকী সকলোৰে বিনাশ কৰাবলৈ। সন্তানসকলৰ সদায় এইটো নিচা থাকিব লাগে। কিছু কিছু কথাত একমতত উপনীত হ'ব নোৱাৰিলে তেতিয়া তৎক্ষণাৎ অসন্তুষ্ট হৈ যায়। এয়াতো হয়েই। কোনোবাজন কোনো পক্ষে, কোনোবাজন আন পক্ষে, অৱশেষত সংখ্যাগৰিষ্ঠৰ পক্ষই লোৱা হয়, এইক্ষেত্ৰত মনোমালিন্য হোৱাৰ কথা নাই। সন্তানসকল বিতুষ্ট হৈ যায়। মোৰ কথাই মান্যতা নাপালে। হেৰ ইয়াত ঠেহ পাতিবলগীয়া কথা কি আছে। পিতাতো সকলোকে সন্তুষ্ট কৰোঁতা হয়। মায়াই সকলোকে বিতুষ্ট কৰি দিছে, সকলোৱে পিতাৰ প্ৰতি বিতুষ্ট হৈ আছে, বিতুষ্টনো কি হ'ব - পিতাক নাজানেই। যিজন পিতাই স্বৰ্গৰ বাদশ্বাহী দিলে তেওঁক নাজানেই। পিতাই কয় - মই তোমালোকৰ উপকাৰ কৰোঁ। তোমালোকে আকৌ মোৰ অপকাৰ কৰা। ভাৰতৰ অৱস্থা চোৱা কেনেকুৱা। তোমালোকৰ ভিতৰতো বহুত কম সংখ্যক আছে যিসকলৰ নিচা থাকে। এয়া হৈছে নাৰায়ণী নিচা। এনেদৰে কোৱা উচিত হ'ব জানো যে আমিতো ৰাম-সীতা হ'মগৈ। তোমালোকৰ লক্ষ্য-উদ্দেশ্যই হৈছে নৰৰ পৰা নাৰায়ণ হোৱা। তোমালোক আকৌ ৰাম-সীতা হোৱাটোতে আনন্দিত হৈ যোৱা, সাহস দেখুৱাব লাগে নহয়। পুৰণি সৃষ্টিৰ প্ৰতি অন্তৰৰ আকৰ্ষণ একেবাৰে ৰাখিব নালাগে। কাৰোবাৰ প্ৰতি যদি অন্তৰৰ আকৰ্ষণ ৰাখিলা তেন্তে মৰিলা। জন্ম-জন্মান্তৰৰ বাবে লোকচান হৈ যাব। বাবাৰ পৰাতো স্বৰ্গৰ সুখ প্ৰাপ্ত হয় তেন্তে আমি নৰকত কিয় পৰোঁ। পিতাই কয় - তোমালোক যেতিয়া স্বৰ্গত আছিলা তেতিয়া অন্য কোনো ধৰ্ম নাছিল। এতিয়া ড্ৰামা অনুসৰি তোমালোকৰ ধৰ্ম নাই। কোনেও নিজক দেৱতা ধৰ্মৰ বুলি নামানে। মনুষ্য হৈয়ো নিজৰ ধৰ্মক নাজানিলে তেন্তে কি বুলি কোৱা হ'ব। হিন্দু বুলি কোনো ধৰ্ম আছে জানো। কোনে প্ৰতিষ্ঠা কৰিলে, এইটোও নাজানে। তোমালোক সন্তানসকলক কিমান বুজোৱা হয়। পিতাই কয় - মই কালৰো কাল এতিয়া সকলোকে উভতাই লৈ যাবলৈ আহিছোঁ। বাকী যিসকলে ভালদৰে পঢ়িব তেওঁলোক বিশ্বৰ মালিক হ'ব। এতিয়া ঘৰলৈ ব'লা। এই ঠাই থকাৰ উপযোগী নহয়, আসুৰিক মতত চলি বহুত কদৰ্যময় কৰি দিছে। পিতাইতো এনেকৈ ক'ব নহয়। তোমালোক ভাৰতবাসী যিসকল বিশ্বৰ মালিক আছিলা, এতিয়া কিমান ঠেলা-গঁতা খাই থাকা। লাজ নালাগেনে। তোমালোকৰ মাজতো কোনোবা আছে যিয়ে ভালদৰে বুজি পায়। ক্ৰমানুসৰিতো হয় নহয়। বহুত সন্তানতো নিদ্ৰাৰত হৈ থাকে। সেই আনন্দৰ পাৰা উৰ্দ্ধগামী নহয়। বাবাই আমাক পুনৰাই ৰাজধানী দিয়ে। পিতাই কয়- এই সাধু আদিকো মই উদ্ধাৰ কৰোঁ। তেওঁলোকে নিজকো মুক্তি দিব নোৱাৰে, অন্যকো নোৱাৰে। সঁচা গুৰুতো এজনেই সৎগুৰু, যিজনে সংগমত আহি সকলোৰে সৎগতি কৰে। পিতাই কয় - কল্পৰ সংগম যুগে যুগে মই আহোঁ, যেতিয়া মই গোটেই সৃষ্টিক পাৱন কৰি তুলিবলগীয়া হয়। মনুষ্যই ভাবে পিতা সৰ্বশক্তিমান, তেওঁ কি কৰিব নোৱাৰে। হে'ৰ, মোক আহ্বানে জনোৱা যে আহি আমাক পতিতসকলক পাৱন কৰি তোলক সেয়েহে মই আহি পাৱন কৰি তোলো। বাকী আৰু কি কৰিম। বাকীতো তন্ত্ৰ-মন্ত্ৰ কৰোঁতা বহুত আছে, মোৰ কৰ্তব্যই হৈছে নৰকক স্বৰ্গ কৰি তোলা। সেয়াতো প্ৰত্যেক পাঁচ হাজাৰ বছৰৰ পাছত গঢ় লৈ উঠে। এয়া তোমালোকেহে জানা। আদি সনাতন হৈছে দেৱী-দেৱতা ধৰ্ম। বাকীতো সকলো পিছে পিছে আহিছে। অৰবিন্দ ঘোষতো এতিয়া আহিছে তথাপিও চোৱা তেওঁৰ কিমান আশ্ৰম নিৰ্মাণ হৈ গৈছে। তাত নিৰ্বিকাৰী হোৱাৰ কিবা কথা আছে জানো। তেওঁলোকেতো ভাবে গৃহস্থালিত থাকি কোনো পৱিত্ৰ হৈ থাকিব নোৱাৰে। পিতাই কয় – গৃহস্থালিত থাকি কেৱল এটা জন্ম পৱিত্ৰ হৈ থাকা। তোমালোক জন্ম-জন্মান্তৰতো পতিত হৈ আছিলা। এতিয়া মই আহিছোঁ তোমালোকক পাৱন কৰি তুলিবলৈ। এই অন্তিম জন্ম পৱিত্ৰ হোৱা। সত্যযুগ-ত্ৰেতাততো বিকাৰ নাথাকেই।

এই লক্ষ্মী-নাৰায়ণৰ চিত্ৰ আৰু ছিৰিৰ চিত্ৰ বহুত ভাল। ইয়াত লিখিত আছে - সত্যযুগত এক ধৰ্ম, এক ৰাজ্য আছিল। বুজাবৰ বাবে ডাঙৰ যুক্তি লাগে। বৃদ্ধা মাতাসকলকো শিকাই বুজাই প্ৰস্তুত কৰিব লাগে, যাতে প্ৰদৰ্শনীত কিছু বুজাব পাৰে। যিকোনো লোককে এই চিত্ৰ দেখুৱাই কোৱা এওঁলোকৰ (লক্ষ্মী-নাৰায়ণৰ) ৰাজ্য আছিল নহয়। এতিয়াতো নাই। পিতাই কয় - এতিয়া তোমালোকে মোক স্মৰণ কৰিলে তেতিয়া তোমালোক পৱিত্ৰ হৈ পৱিত্ৰ সৃষ্টিলৈ যাবাগৈ। এতিয়া পৱিত্ৰ সৃষ্টি স্থাপনা হৈ আছে। কিমান সহজ। বৃদ্ধাসকলে বহি প্ৰদৰ্শনীত বুজালে তেতিয়া নাম প্ৰসিদ্ধ হৈ যাব। শ্ৰীকৃষ্ণৰ চিত্ৰতো লিখা লিখনি বহুত ভাল। ক'ব লাগে যে এই লিখনিখিনি অৱশ্যই পঢ়ি চাওঁক। এয়া পঢ়িলেহে তোমালোকৰ নাৰায়ণী নিচা অথবা বিশ্বৰ মালিকবোধৰ নিচা লাগি যাব।

পিতাই কয় - মই তোমালোকক এনেকুৱা লক্ষ্মী-নাৰায়ণ কৰি গঢ়ি তোলোঁ গতিকে তোমালোকো আনৰ বাবে দয়াশীল হ'ব লাগে। যেতিয়া নিজৰ কল্যাণ কৰিবা তেতিয়া আনৰো কৰিব পাৰিবা। বৃদ্ধসকলক এনেকৈ শিকাই দক্ষ কৰি তোলা যাতে বাবাই প্ৰদৰ্শনীলৈ 8-10 গৰাকী বৃদ্ধাক পঠিয়াই দিব ক’লে তৎক্ষণাৎ আহি যায়। যিয়ে কৰিব তেৱেঁ পাব। সন্মুখত লক্ষ্য-উদ্দেশ্য দেখিয়েই আনন্দ জাগে। আমি এই শৰীৰ এৰি বিশ্বৰ মালিক হ'মগৈ। যিমান স্মৃতিত থাকিবা সিমান পাপ খণ্ডন হ'ব। চোৱা, খামৰ ওপৰত মুদ্ৰিত আছে - এক ধৰ্ম, এক দৈৱী ৰাজ্য, এক ভাষা..... সেয়া সোনকালে স্থাপনা হ'ব। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কেতিয়াও পৰস্পৰ বা পিতাৰ প্ৰতি বিতুষ্ট হ'ব নালাগে, পিতা সন্তুষ্ট কৰিবলৈ আহিছে সেয়েহে কেতিয়াও বিতুষ্ট হ'ব নালাগে। পিতাৰ বিৰুদ্ধাচৰণ কৰিব নালাগে।

(2) পুৰণি সৃষ্টিৰ প্ৰতি, পুৰণি দেহৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। সৎ পিতা, সৎ শিক্ষক আৰু সৎগুৰুৰ সৈতে সততাৰে চলিব লাগে। সদায় এজনৰে শ্ৰীমতত চলি দেহী-অভিমানী হ'ব লাগে।

বৰদান:
নিজৰ তপস্বী স্বৰূপৰ দ্বাৰা সৰ্ব প্ৰাপ্তিৰ অনুভূতি কৰোঁতা মাষ্টৰ বিধাতা হোৱা

যেনেকৈ সূৰ্যই বিশ্বক কিৰণ আৰু অনেক বিনাশী প্ৰাপ্তিৰ অনুভূতি কৰায় তেনেকৈ তোমালোক তপস্বী আত্মাসকলে নিজৰ তপস্বী স্বৰূপৰ দ্বাৰা সকলোকে প্ৰাপ্তিৰ কিৰণৰ অনুভূতি কৰোৱা। ইয়াৰ বাবে প্ৰথমে জমা পুঁজি বঢ়োৱা। পাছত জমা কৰা সম্পদ মাষ্টৰ বিধাতা হৈ দি গৈ থাকা। তপস্বীমূৰ্তৰ অৰ্থ হৈছে তপস্যাৰ দ্বাৰা শান্তিৰ শক্তিৰ কিৰণ চাৰিওফালে বিয়পি পৰাৰ অনুভূৱ হওঁক।

স্লোগান:
স্বয়ং বিনয়ী হৈ সকলোকে মান দি গৈ থাকা - এয়াই সঁচা পৰোপকাৰ।


অব্যক্ত সংকেত: এতিয়া একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত কৰি যোগ জ্বালা ৰূপ কৰি তোলা

এতিয়া “ভাল ভাল” বুলি কয়, কিন্তু ভাল হ’ব লাগে এইটো প্ৰেৰণা পোৱা নাই। তাৰ এটাই সাধন হৈছে সংগঠিত ৰূপত জ্বালা স্বৰূপ হোৱা। এটি এটি চৈতন্য ‘লাইট-হাউচ’ হোৱা। সেৱাধাৰী হোৱা, স্নেহী হোৱা, এক বল এক ভৰসা কৰোঁতা হোৱা, এয়াতো সকলো ঠিকে আছে, কিন্তু মাষ্টৰ সৰ্বশক্তিমানৰ অৱস্থা মঞ্চত দৃষ্টিগোচৰ হ’লে তেতিয়া তোমালোকৰ আগত চগাপোকৰ দৰে পৰিক্ৰমা লগাবলৈ আৰম্ভ কৰি দিব।