26.10.25 Avyakt Bapdada
Assame
Murli
15.10.2007 Om Shanti Madhuban
“*“সংগমযুগৰ
জীৱনমুক্ত স্থিতিৰ অনুভৱ কৰিবৰ বাবে সকলো বোজা আৰু বন্ধন পিতাক দি ডবল লাইট হোৱা”*”
আজি বিশ্ব ৰচয়িতা
বাপদাদাই নিজৰ প্ৰথম ৰচনা অতি প্ৰিয় আৰু ভাগ্যশালী সন্তানসকলৰ সৈতে মিলন মেলা উদ্যাপন
কৰি আছে। বহুত সন্তান সন্মুখত আছে, দুচকুৰে চাই আছে আৰু চাৰিওফালৰ অনেক সন্তান
অন্তৰত সমাহিত হৈ আছে। বাপদাদাই প্ৰত্যেক সন্তানৰ মস্তকত তিনিটা ভাগ্যৰ তৰা
চিকমিকাই থকা দেখি আছে। এটা ভাগ্য হ’ল - বাপদাদাৰ শ্ৰেষ্ঠ প্ৰতিপালনৰ, দ্বিতীয়টো
শিক্ষকৰ দ্বাৰা শিক্ষাৰ, তৃতীয়টো সন্তানৰ দ্বাৰা সকলো বৰদানৰ চিকমিকাই থকা তৰা।
তোমালোকেও নিজৰ মস্তকত চিকমিকাই থকা তৰা অনুভৱ কৰি আছা নহয়! সকলো সম্বন্ধ বাপদাদাৰ
সৈতে আছে তথাপিও জীৱনত এই তিনিটা সম্বন্ধৰ আৱশ্যক আৰু তোমালোক সকলো অতিকৈ মৰমৰ
আলাসৰ লাড়ু সন্তানসকলে সহজে প্ৰাপ্ত কৰিছা। প্ৰাপ্ত কৰিছা নহয়! নিচা আছে নহয়!
অন্তৰত গীত গাই থাকা নহয় - বাঃ! বাবা বাঃ! বাঃ! শিক্ষক বাঃ! বাঃ! সৎগুৰু বাঃ! জগতৰ
লোকেতো লৌকিক গুৰু যাক মহান আত্মা বুলি কয়, তেওঁৰ দ্বাৰা এটা বৰদান প্ৰাপ্ত কৰিবলৈও
কিমান প্ৰযত্ন কৰে আৰু তোমালোকক পিতাই জন্মতেই সহজ বৰদানেৰে সম্পন্ন কৰি দিলে। ইমান
শ্ৰেষ্ঠ ভাগ্য, সপোনতো ভাবিছিলা জানো যে ভগৱান পিতা ইমান আমাৰ প্ৰতি উছৰ্গিত হৈ যাব!
ভক্তসকলে ভগৱানৰ গীত গায় আৰু ভগৱান পিতাই কাৰ গীত গায়? তোমালোক ভাগ্যৱান সন্তানসকলৰ।
এতিয়াও তোমালোক সকলো
ভিন্ন ভিন্ন দেশৰ পৰা কি বিমানেৰে আহিছা? স্থূল বিমানেৰে নে পৰমাত্ম প্ৰেমৰ বিমানেৰে
সকলো ফালৰ পৰা আহি উপস্থিত হৈ গৈছা। পৰমাত্ম বিমানে কিমান সহজে লৈ আহে, কোনো অসুবিধা
নাই। গতিকে সকলো পৰমাত্ম প্ৰেমৰ বিমানেৰে আহি উপস্থিত হৈ গৈছা তাৰ বাবে অভিনন্দন,
অভিনন্দন, অভিনন্দন। বাপদাদাই প্ৰতিগৰাকী সন্তানক দেখি, লাগিলে প্ৰথম বাৰ আহিছে অথবা
বহুকালৰ পৰা আহি আছে। কিন্তু বাপদাদাই এটি এটি সন্তানৰ বিশেষত্বক জানে। বাপদাদাৰ
যিকোনো সন্তান কনিষ্ঠই হওঁক, জ্যেষ্ঠই হওঁক, মহাবীৰ বা পুৰুষাৰ্থীয়েই হওঁক, কিন্তু
প্ৰতিগৰাকী সন্তান অতিকৈ মৰমৰ, কিয়? তোমালোকেতো পিতাক বিচাৰিলা, নাপালা, কিন্তু
বাপদাদাই তোমালোক সকলো সন্তানক বহুত মৰম, আদৰ, স্নেহেৰে চুক-কোণৰ পৰা বিচাৰি উলিয়ালে।
গতিকে মৰমৰ হোৱা সেয়েহে বিচাৰি উলিয়ালে কিয়নো পিতাই জানে মোৰ কোনো এটি সন্তান
এনেকুৱা নহয় যাৰ কোনো বিশেষত্ব নাই। কিবা বিশেষত্বয়ে লৈ আনিছে। আন নহ’লেও গুপ্ত
ৰূপত অহা পিতাক চিনিতো পালে। “মোৰ বাবা” বুলি ক’লে, সকলোৱে “মোৰ বাবা!” বুলি কোৱা
নহয়। কোনোবা আছানে যিয়ে “তোমাৰ বাবা” বুলি কোৱা, কোনোবা আছেনে? সকলোৱে “মোৰ বাবা”
বুলি কয়। তেন্তে বিশেষ হোৱা নহয়। ইমান ডাঙৰ ডাঙৰ বিজ্ঞানী, ডাঙৰ ডাঙৰ ভি.আই.পি.য়ে
চিনিব নোৱাৰিলে, কিন্তু তোমালোক সকলোৱেতো চিনি পালা নহয়। নিজৰ কৰি ল’লা নহয়। সেয়েহে
পিতায়ো নিজৰ কৰি ল’লে। এইটো আনন্দত প্ৰতিপালিত হৈ উৰি আছা নহয়! উৰি আছা, খোজকাঢ়ি
থকা নাই, উৰি আছা কিয়নো খোজকাঢ়ি গৈ থকাসকল পিতাৰ লগত ঘৰলৈ যাব নোৱাৰিব কিয়নো পিতাতো
উৰোঁতা, তেন্তে খোজকাঢ়ি গৈ থকাসকল কেনেকৈ একেলগে গৈ পাব। সেয়েহে পিতাই সকলো
সন্তানক কি বৰদান দিয়ে? ফৰিস্তা স্বৰূপ হোৱা। ফৰিস্তাই উৰে, খোজ নাকাঢ়ে, উৰে।
তেন্তে তোমালোক সকলো উৰন্ত কলাধাৰী হোৱা নহয়! হোৱানে? যিসকল উৰন্ত কলাধাৰী হোৱা হাত
দাঙা, নে কেতিয়াবা চলন্ত কলা, কেতিয়াবা উৰন্ত কলা? নহয় নেকি? সদায় উৰন্ত কলা, ডবল
লাইট হোৱা নহয়! কিয়? ভাবা? পিতাই তোমালোক সকলোৰে পৰা প্ৰতিশ্ৰুতি লৈছে যে যি কোনো
প্ৰকাৰৰ বোজা যদি মনত, বুদ্ধিত আছে তেন্তে পিতাক দি দিয়া, পিতা ল’বলৈয়ে আহিছে।
তেন্তে পিতাক বোজা দি দিলা নে অলপ-অচৰপ যতনে ৰাখি থৈছা? যিহেতু লওঁতাই লৈ আছে,
তেন্তে বোজা দিওঁতেও ভাবিবলগীয়া কথা আছে জানো? নে 63 জন্মৰ বোজা যতনে ৰখাৰ অভ্যাস
আছে? বহুত সন্তানে কেতিয়াবা কেতিয়াবা কয় - নিবিচাৰোঁ, কিন্তু অভ্যাসবশত উপাই বিহীন।
এতিয়াতো উপাই বিহীন নোহোৱা নহয়! উপাই বিহীন নে মজবুত? উপাই বিহীন কেতিয়াও নহ’বা।
মজবুত। শক্তিসকল উপাই বিহীন নে মজবুত? মজবুত হোৱা নহয়? বোজা ৰাখিবলৈ ভাল লাগে জানো?
বোজাৰ প্ৰতি অন্তৰ আকৰ্ষিত হৈ গৈছে নেকি? এৰা, এৰিলেহে হাত সাৰিবা। এৰি নিদিয়া
সেয়েহে এৰা নিদিয়ে। এৰাৰ সাধন হ’ল - দৃঢ় সংকল্প। অনেক সন্তানে কয় – দৃঢ় সংকল্পতো
কৰোঁ, কিন্তু, কিন্তু…. কাৰণ কি? দৃঢ় সংকল্প কৰা কিন্তু যি দৃঢ় সংকল্প কৰা সেয়া
পুনৰাবৃত্তি নকৰা। বাৰে বাৰে মনত পুনৰাবৃত্তি কৰা আৰু উপলব্ধি কৰা, বোজা কি আৰু ডবল
লাইটৰ অনুভৱ কি? উপলব্ধিৰ পাঠ্যক্ৰমৰ প্ৰতি এতিয়া আৰু মনোযোগ দিয়া। কোৱা আৰু ভবা -
এয়া কৰা, কিন্তু অন্তৰেৰে উপলব্ধি কৰা - বোজা কি আৰু ডবল লাইট কি? পাৰ্থক্য সন্মুখত
ৰাখা কিয়নো বাপদাদাই এতিয়া সময়ৰ সমীপতা অনুসৰি প্ৰতিগৰাকী সন্তানৰ মাজত কি চাব খোজে?
যি কোৱা সেয়া কৰি দেখুৱাব লাগে। যি ভাবা সেয়া স্বৰূপত আনিব লাগে কিয়নো পিতাৰ
উত্তৰাধিকাৰ, জন্মসিদ্ধ অধিকাৰ হৈছে মুক্তি আৰু জীৱনমুক্তি। সকলোকে নিমন্ত্ৰণো এয়াই
দিয়া নহয় যে আহি মুক্তি আৰু জীৱনমুক্তিৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰা। তেন্তে নিজক সোধা
যে মুক্তিধামত মুক্তিৰ অনুভৱ কৰিব লাগে নে সত্যযুগত জীৱনমুক্তিৰ অনুভৱ কৰিব লাগে নে
এতিয়া সংগমযুগত মুক্তি, জীৱনমুক্তিৰ সংস্কাৰ ধাৰণ কৰিব লাগে? কিয়নো তোমালোকে কোৱা
যে আমি এতিয়া নিজৰ ঈশ্বৰীয় সংস্কাৰেৰে দৈৱী সংসাৰ গঢ়ি তোলোঁতা হওঁ। নিজৰ সংস্কাৰেৰে
নতুন সংসাৰ গঢ়ি আছোঁ। তেন্তে এতিয়া সংগমতেই মুক্তি জীৱনমুক্তিৰ সংস্কাৰ জাগ্ৰত হ’ব
লাগে নহয়! সেয়েহে পৰীক্ষা কৰা সকলো বন্ধনৰ পৰা মন আৰু বুদ্ধি মুক্ত হৈছেনে? কিয়নো
ব্ৰাহ্মণ জীৱনত বহুত কথাৰ পৰা যি পূৰ্ব জন্মৰ বন্ধন হয়, তাৰ পৰা মুক্ত হৈছা। কিন্তু
সকলো বন্ধনৰ পৰা মুক্ত হৈছানে নে কোনো কোনো বন্ধনে এতিয়াও নিজৰ বন্ধনত বান্ধে? এই
ব্ৰাহ্মণ জীৱনত মুক্তি আৰু জীৱনমুক্তিৰ অনুভৱ কৰাটোৱে ব্ৰাহ্মণ জীৱনৰ শ্ৰেষ্ঠতা
কিয়নো সত্যযুগত জীৱনমুক্ত, জীৱনবন্ধন দুয়োটাৰ জ্ঞানেই নাথাকিব। এতিয়া অনুভৱ কৰিব
পাৰা, জীৱনবন্ধন কি, জীৱনমুক্ত কি, কিয়নো তোমালোক সকলোৰে প্ৰতিশ্ৰুতি আছে, অনেক বাৰ
প্ৰতিশ্ৰুতি দিছা, কি প্ৰতিশ্ৰুতি দিয়া? স্মৃতিত আছেনে? যাকেই সোধা হয় তোমাৰ এই
ব্ৰাহ্মণ জীৱনৰ লক্ষ্য কি? কি উত্তৰ দিয়া? পিতাৰ সমান হ’ব লাগে। দৃঢ় হোৱা নহয়?
পিতাৰ সমান হ’ব লাগে নহয়? নে অলপ-অচৰপ হ’ব লাগে? সমান হ’ব লাগে নহয়! সমান হ’ব লাগে
নে অলপ হৈ গ’লেও হ’ব? হ’বনে? তাক সমান বুলিতো কোৱা নহ’ব নহয়। তেন্তে পিতা মুক্ত, নে
বন্ধনত আছে? যদি যিকোনো প্ৰকাৰৰ দেহৰে হওঁক, দেহৰ সম্বন্ধৰে হওঁক, মাতা পিতা বন্ধু
সখা নহয়, দেহৰ সৈতে কৰ্মেন্দ্ৰিয়ৰ যি সম্বন্ধ আছে, সেই কোনোবাটো কৰ্মেন্দ্ৰিয়ৰ
সম্বন্ধৰ বন্ধন আছে, অভ্যাসৰ বন্ধন আছে, স্বভাৱৰ বন্ধন আছে, পুৰণা সংস্কাৰৰ বন্ধন
আছে, তেন্তে পিতাৰ সমান কেনেকৈ হ’লা? আৰু প্ৰতিদিনে প্ৰতিজ্ঞা কৰা পিতাৰ সমান হ’বই
লাগিব। হাত দাঙিবলৈ ক’লে তেতিয়া সকলোৱে কি কোৱা? লক্ষ্মী-নাৰায়ণ হ’ম। বাপদাদা
হৰ্ষিত হয়, প্ৰতিজ্ঞা বহুত ভাল ভাল কৰা কিন্তু প্ৰতিজ্ঞাৰ লাভ নোলোৱা। প্ৰতিজ্ঞা আৰু
লাভৰ সন্তুলন ৰাখিব নাজানা। প্ৰতিজ্ঞাৰ ফাইল বাপদাদাৰ ওচৰত বহুত বহুত ডাঙৰ আছে,
সকলোৰে ফাইল আছে। তেনেকৈয়ে লাভৰো ফাইল থাকক, সন্তুলন থাকক, তেতিয়া কিমান ভাল লাগিব।
এয়া সেৱাকেন্দ্ৰৰ
শিক্ষকসকল বহি আছা নহয়। এয়াও সেৱাকেন্দ্ৰ নিবাসী বহি আছা নহয়? তেন্তে সমান হওঁতা
হ’লা নহয়। সেৱাকেন্দ্ৰ নিবাসী নিমিত্ত সন্তানসকলতো সমান হ’ব লাগে নহয়! হয়নে? হোৱাও
কিন্তু কেতিয়াবা কেতিয়াবা অলপ দুষ্ট হৈ যোৱা। বাপদাদাইতো সকলো সন্তানৰ গোটেই দিনটোৰ
অৱস্থা আৰু চলন দুয়োটাই চাই থাকে। তোমালোকৰ দাদীও সূক্ষ্মলোকত আছিল নহয়, দাদীয়েও
দেখিছিল তেতিয়া কি কৈছিল, গম পোৱানে? কৈছিল বাবা এনেকুৱাও হয় নেকি? এনেকুৱা হয়,
এনেকুৱা কৰে, আপুনি চাই থাকেনে? শুনিলা, তোমালোকৰ দাদীয়ে কি দেখিলে। এতিয়া বাপদাদাই
এয়াই চাব খোজে যে এটি এটি সন্তান মুক্তি জীৱনমুক্তিৰ উত্তৰাধিকাৰৰ অধিকাৰী হওঁক,
কিয়নো উত্তৰাধিকাৰ এতিয়া প্ৰাপ্ত হয়। সত্যযুগততো স্বাভাৱিক জীৱন হ’ব, এতিয়াৰ
অভ্যাসৰ স্বভাৱিক জীৱন, কিন্তু উত্তৰাধিকাৰৰ অধিকাৰ, এতিয়া সংগমত আছে সেয়েহে
বাপদাদাই এয়াই বিচাৰে যে প্ৰত্যেকে নিজক পৰীক্ষা কৰক, যদি কিবা বন্ধনে আকৰ্ষণ কৰে,
তেন্তে তাৰ কাৰণ কি ভাবা। কাৰণৰ কথা ভাবা আৰু কাৰণৰ লগতে নিবাৰণৰ কথাও ভাবা। নিবাৰণ
বাপদাদাই অনেক বাৰ ভিন্ন ভিন্ন ৰূপত দি দিছে। সৰ্বশক্তিৰ বৰদান দিছে, সৰ্বগুণৰ
সম্পদ দিছে, সম্পদ ব্যৱহাৰ কৰিলে সম্পদ বৃদ্ধি পায়। সম্পদ সকলোৰে লগত আছে, বাপদাদাই
দেখিছে। প্ৰত্যেকৰে জমা পুঁজিও লক্ষ্য কৰে। বুদ্ধি হ’ল জমা কৰা কোঠালি। বাপদাদাই
সকলোৰে পুঁজি দেখিছে। জমা পুঁজি আছে কিন্তু সম্পদ সময়ত ব্যৱহাৰ নকৰে। কেৱল বিন্দু
ৰূপত ভাবে, হয় এইটো কৰিব নালাগে, এইটো কৰিব লাগে। বিন্দু ৰূপত ব্যৱহাৰ কৰে, ভাবে
কিন্তু বিন্দু হৈ বিন্দুক ব্যৱহাৰ নকৰে সেয়েহে কথাবোৰ থাকি যায়। বিন্দু হৈ ব্যৱহাৰ
কৰা তেতিয়া নিবাৰণ হৈ যাব। কোৱাও যে এইটো কৰিব নালাগে, আকৌ পাহৰাও। কোৱাৰ লগতে
পাহৰাও। ইমান সহজ বিধি শুনাইছোঁ, সংগমযুগত কেৱল হয়েই বিন্দুৰ চমৎকাৰ, বচ্ বিন্দু
ব্যৱহাৰ কৰা আৰু কোনো মাত্ৰাৰ আৱশ্যকতা নাই। তিনিটা বিন্দু ব্যৱহাৰ কৰা। আত্মা
বিন্দু, পিতা বিন্দু আৰু ড্ৰামা বিন্দু। তিনিটা বিন্দু ব্যৱহাৰ কৰি থাকা তেতিয়া
পিতাৰ সমান হোৱাটো কোনো কঠিন নহয়। লগাব খোজা বিন্দু কিন্তু লগোৱাৰ সময়ত হাত কঁপে,
তেতিয়া প্ৰশ্ন বোধক চিহ্ন হৈ যায় নতুবা আশ্চৰ্যৰ ৰেখা হৈ যায়। তাত হাত কঁপে, ইয়াত
বুদ্ধি কঁপে। নহ’লেনো তিনিটা বিন্দু স্মৃতিত ৰখাটো কি কঠিন? বাপদাদাইতো দ্বিতীয় সহজ
যুক্তিও শুনাইছে, সেইটো কি? আশীৰ্বাদ দিয়া আৰু আশীৰ্বাদ লোৱা। বাৰু, যোগ শক্তিশালী
নহয়, ধাৰণা অলপ কম, ভাষণ দিবলৈ সাহস নাই, কিন্তু আশীৰ্বাদ দিয়া আৰু আশীৰ্বাদ লোৱা,
এটাই কাম কৰা আৰু বাকী আৰু সকলো বাদ দিয়া, এটা কাম কৰা, আশীৰ্বাদ দিব লাগে আশীৰ্বাদ
ল’ব লাগে। যিয়েই নহওঁক কোনোবাই যিয়েই নিদিয়ক কিন্তু মই আশীৰ্বাদ দিব লাগে, ল’ব লাগে।
এটা কথাতো দৃঢ় কৰা, ইয়াতে সকলো আহি যাব। যদি আশীৰ্বাদ দিয়া আৰু আশীৰ্বাদ লোৱা তেন্তে
ইয়াৰ দ্বাৰা শক্তি আৰু গুণ নাহিব জানো? স্বতঃ আহি যাব নহয়! এটাই লক্ষ্য ৰাখা, কৰি
চোৱা, এদিন অভ্যাস কৰি চোৱা, তাৰ পাছত সাদিন কৰি চোৱা, বাৰু আন কথা বুদ্ধিলৈ নাহে,
এটাতো আহিব। যিয়েই নহওঁক আশীৰ্বাদ দিব লাগে আৰু ল’ব লাগে। এইটোতো কৰিব পাৰা নে
নোৱাৰা? কৰিব পাৰানে? বাৰু, তেন্তে যেতিয়াই যাবা তেতিয়া এইটো চেষ্টা কৰিবা। এইটো
কৰিলে সকলো যোগযুক্ত স্বতঃ হৈ যাবা কিয়নো ব্যৰ্থ কৰ্ম নকৰিবা তেতিয়াতো যোগযুক্ত হৈয়ে
গ’লা নহয়। কিন্তু লক্ষ্য ৰাখা আশীৰ্বাদ দিব লাগে, আশীৰ্বাদ ল’ব লাগে। কোনোবাই যিয়েই
নিদিয়ক অভিশাপো পাবা, ক্ৰোধৰ কথাও আহিব কিয়নো প্ৰতিজ্ঞা কৰিবা নহয়, মায়ায়ো শুনি আছে
যে এওঁ প্ৰতিজ্ঞা কৰিব, মায়ায়ো নিজৰ কামতো কৰিব নহয়! যেতিয়া মায়াজিৎ হৈ যাবা তেতিয়া
নকৰে, এতিয়াতো মায়াজিৎ হৈ আছা নহয়, গতিকে মায়াই নিজৰ কাম কৰিব কিন্তু মই আশীৰ্বাদ
দিব লাগে আশীৰ্বাদ ল’ব লাগে। হ’ব পাৰেনে? যিসকলে কৈছা যে হ’ব পাৰে তেওঁলোকে হাত দাঙা।
বাৰু শক্তিসকল হাত দাঙা। হয়, হ’ব পাৰেনে? সকলো ফালৰ পৰা শিক্ষকসকল আহিছা নহয়। যেতিয়া
তোমালোক নিজৰ দেশলৈ যাবা তেতিয়া প্ৰথমে সকলোৱে এসপ্তাহৰ এই ঘৰৰ কাম কৰিব লাগিব আৰু
ফলাফল পঠিয়াব লাগিব, শ্ৰেণীকক্ষৰ সদস্য কিমান, কিমান ‘অ.কে.’ আৰু কিমান অলপ কেঁচা
আৰু কিমান পৰিপক্ক, তেন্তে ‘অ.কে.’ৰ মাজত লাইন আঁকি দিবা বচ্ এনেকৈ সংবাদ দিবা।
ইমান জন ‘অ.কে.’, ইমান জনৰ ‘অ.কে.’ত লাইন অঁকা আছে। ইয়াত চোৱা ডবল বিদেশী আহিছে
তেন্তে ডবল কাম কৰিবা নহয়। এসপ্তাহৰ ফলাফল পঠিয়াবা তেতিয়া বাপদাদাই চাব, সহজ হয় নহয়,
কঠিনতো নহয়। মায়া আহিব, তোমালোকে ক’বা মোৰতো আগতে এনেকুৱা সংকল্প কেতিয়া উদয় হোৱা
নাছিল, এতিয়া উদয় হৈ গ’ল, এনেকুৱা হ’ব, কিন্তু দৃঢ় নিশ্চয়তা থকাসকলৰ বিজয় নিশ্চিত।
দৃঢ়তাৰ ফল হৈছে সফলতা। সফলতা প্ৰাপ্ত নকৰাৰ কাৰণ হৈছে দৃঢ়তাৰ অভাৱ। গতিকে দৃঢ়তাৰে
সফলতা প্ৰাপ্ত কৰিবই লাগিব।
যেনেকৈ সেৱা উৎসাহ
উদ্দীপনাৰে কৰি আছা তেনেকৈ নিজৰ, নিজৰ প্ৰতি সেৱা আৰু বিশ্ব সেৱা, নিজৰ প্ৰতি সেৱা
অৰ্থাৎ পৰীক্ষা কৰা আৰু নিজক পিতাৰ সমান কৰি তোলা। যিকোনো ত্ৰুটি, দুৰ্বলতা পিতাক
দি দিয়াচোন, কিয় ৰাখি থৈছা, পিতাৰ ভাল নালাগে। কিয় দুৰ্বলতা ৰাখি থোৱা? দি দিয়া।
দিয়াৰ সময়ত সৰু লৰা-ছোৱালী হৈ যোৱা। যেনেকৈ সৰু লৰা-ছোৱালীয়ে যিকোনো বস্তু যতনে
ৰাখিব নোৱাৰে, কিবা বস্তু পচন্দ নহ’লে তেতিয়া কি কৰে? মা-দেউতা এয়া তোমালোকে লৈ লোৱা।
তেনেকৈয়ে যিকোনো প্ৰকাৰৰ বোজা বন্ধন যি ভাল নালাগে, কিয়নো বাপদাদাই দেখিবলৈ পায়,
এফালে এনেকৈ ভাবি আছে, ভালতো নহয়, ঠিকতো নহয় কিন্তু কি কৰোঁ, কেনেকৈ কৰোঁ... এয়াতো
ভাল নহয়। এফালে ভাল নহয় বুলি কৈ আছে, আনফালে যতনে ৰাখি আছে, তেন্তে ইয়াক কি বুলি
কোৱা হ’ব? ভাল বুলি ক’মনে? ভালতো নহয়, নহয় জানো। তেন্তে তোমালোক কি হ’ব লাগে?
ভালতকৈও ভাল হ’ব লাগে নহয়। ভালো নহয়, ভালতকৈও ভাল। গতিকে যেতিয়াই কোনো এনেকুৱা কথা
আহে, বাবা উপস্থিত আছে, তেওঁক দি দিয়া আৰু যদি পুনৰাই আহে তেন্তে আনৰ বস্তু বুলি
বুজি আকৌ দি দিয়া। আনৰ বস্তু লোৱা নহয় কিয়নো তোমালোকেতো দি দিলা, গতিকে পিতাৰ হৈ
গ’ল, পিতাৰ বস্তু বা আনৰ বস্তু ভুলতে তোমালোকৰ ওচৰলৈ আহি গ’লে তোমালোকে আলমাৰীত ৰাখি
থবা জানো? ৰাখি থবানে? উলিয়াই দিবা নহয়। যিকোনো প্ৰকাৰে হ’লেও উলিয়াই দিবা, ৰাখি
নোথোৱা। যতনে ৰাখিতো নোথোৱা নহয়। গতিকে দি দিয়া। পিতা ল’বৰ বাবে আহিছে। আৰুতো
তোমালোকৰ ওচৰত একো নাই যে দি দিবা। কিন্তু এয়াতো দিব পাৰা নহয়। আকন ফুল হয়, সেয়া
দিয়া। যতনে ৰাখিবলৈ ভাল লাগে জানো? বাৰু।
চাৰিওফালৰ সকলো
বাপদাদাৰ অন্তৰ পচন্দৰ সন্তানসকলক, দিলাৰাম হয় নহয়, গতিকে দিলাৰামৰ অন্তৰ পচন্দ
সন্তানসকলক, স্নেহৰ অনুভৱত সদায় সাঁতুৰি থকা সন্তানসকলক, একমাত্ৰ পিতা দ্বিতীয় কোনো
নাই, সপোনতো দ্বিতীয় কোনো নাই, এনেকুৱা বাপদাদাৰ অতি প্ৰিয় আৰু অতি দেহ-বোধৰ পৰা
উৰ্দ্ধত থকা, কল্পান্তত পুনৰাই লগ পোৱা অতিকৈ মৰমৰ, পদমগুণ ভাগ্যশালী সন্তানসকলক
অন্তৰৰ স্নেহপূৰ্ণ স্মৰণ আৰু পদম পদম গুণ আশীৰ্বাদ, লগতে বালক তথা মালিক সন্তানসকলৰ
প্ৰতি বাপদাদাৰ নমস্কাৰ।
বৰদান:
ঈশ্বৰীয়
মৰ্যাদাৰ আধাৰত বিশ্বৰ আগত দৃষ্টান্ত হওঁতা সহজযোগী হোৱা
বিশ্বৰ আগত দৃষ্টান্ত
হ’বৰ বাবে অমৃতবেলাৰ পৰা ৰাতিলৈকে যি ঈশ্বৰীয় মৰ্যাদা আছে সেই অনুসৰি চলি থাকা,
বিশেষ অমৃতবেলাৰ মহত্বক জানি সেই সময়ত শক্তিশালী স্থিতি গঢ়ি তোলা তেতিয়া গোটেই
দিনটোৰ জীৱন মহান হৈ যাব। যেতিয়া অমৃতবেলা বিশেষভাৱে পিতাৰ পৰা শক্তি ভৰাই ল’বা
তেতিয়া শক্তিস্বৰূপ হৈ চলিলে যিকোনো কাৰ্যত কঠিনতাৰ অনুভৱ নহ’ব আৰু মৰ্যাদাপূৰ্বক
জীৱন-যাপন কৰিলে সহজযোগীৰ স্থিতি স্বতঃ হৈ যাব আকৌ তেতিয়া বিশ্বই তোমালোকক জীৱন দেখি
নিজৰ জীৱন গঢ়িব।
স্লোগান:
নিজৰ চলন আৰু
চেহেৰাৰ দ্বাৰা পৱিত্ৰতাৰ শ্ৰেষ্ঠতাৰ অনুভৱ কৰোৱা।
অব্যক্ত সংকেত:
সহজযোগী হ'বলৈ হ’লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা
প্ৰয়োগী আত্মা
সংস্কাৰৰ ওপৰত, প্ৰকৃতিৰ দ্বাৰা অহা পৰিস্থিতিসমূহৰ ওপৰত আৰু বিকাৰসমূহৰ ওপৰত সদায়
বিজয়ী হ’ব। যোগী বা প্ৰয়োগী আত্মাৰ আগত পাঁচ বিকাৰ ৰূপী সাপ ডিঙিৰ মালা অথবা আনন্দত
নৃত্য কৰাৰ মঞ্চ হৈ যায়।