26.11.25 Morning Assame Murli Om Shanti BapDada Madhuban
মৰমৰ সন্তানসকল –
“এতিয়া তোমালোক হৈছা বিশ্ব সেৱক, তোমালোকৰ কোনো কথাত দেহ-অভিমান জাগিব নালাগে”
প্ৰশ্ন:
কোনটো এটা
অভ্যাস ঈশ্বৰীয় নিয়মৰ বিৰুদ্ধ, যাৰ দ্বাৰা বহুত লোকচান হয়?
উত্তৰ:
কোনো ধৰণৰ চলচ্চিত্ৰৰ কাহিনী শুনা বা পঢ়া, উপন্যাস পঢ়া... এইটো অভ্যাস একেবাৰে
নিয়মৰ বিৰুদ্ধ, ইয়াৰ দ্বাৰা বহুত লোকচান হয়। বাবাই বাধা দিয়ে – সন্তানসকল, তোমালোকে
এনেকুৱা কোনো কিতাপ পঢ়িব নালাগে। যদি কোনোবা ব্ৰহ্মাকুমাৰ-কুমাৰীয়ে এনেকুৱা কিতাপ
পঢ়ে তেন্তে তোমালোকে ইজনে সিজনক সাৱধান কৰি দিবা।
গীত:
মুখৰা দেখ লে
প্ৰাণী.... (চেহেৰা চাই লোৱা প্ৰাণী...)
ওঁম্শান্তি।
অতি মৰমৰ
আত্মিক সন্তানসকলৰ প্ৰতি আত্মিক পিতাই কয় – নিজক পৰীক্ষা কৰা যে স্মৃতিৰ যাত্ৰাৰে
মই তমোপ্ৰধানৰ পৰা সতোপ্ৰধানৰ ফালে কিমান আগবাঢ়িছোঁ কিয়নো যিমানে স্মৰণ কৰিবা সিমানে
পাপ খণ্ডন হ’ব। এতিয়া এইষাৰ কথা কোনো শাস্ত্ৰ আদিত লিখা আছে জানো? কিয়নো যিসকলে
ধৰ্ম প্ৰৱৰ্তন কৰিলে, তেওঁলোকে যি বুজালে তাৰেই শাস্ত্ৰ ৰচিত হৈছে যিবোৰ আকৌ বহি পঢ়ে।
কিতাপৰ পূজা কৰে। এতিয়া এয়াও বুজিবলগীয়া কথা, যিহেতু এয়া লিখা আছে। দেহ সহিত দেহৰ
সকলো সম্বন্ধ ত্যাগ কৰি নিজক আত্মা বুলি বুজা। পিতাই সোঁৱৰাই দিয়ে – তোমালোক
সন্তানসকল প্ৰথমতে অশৰীৰী হৈ আহিছিলা, তাততো পৱিত্ৰ হৈয়ে থাকে। মুক্তি-জীৱনমুক্তিত
কোনো পতিত আত্মা যাব নোৱাৰে। সেয়া হ’ল নিৰাকাৰী, নিৰ্বিকাৰী জগত। ইয়াক কোৱা হয়
সাকাৰী বিকাৰী সৃষ্টি আকৌ সত্যযুগত এয়াই নিৰ্বিকাৰী সৃষ্টি হয়। সত্যযুগত থাকোঁতা
দেৱতাসকলৰতো বহুত মহিমা আছে। এতিয়া সন্তানসকলক বুজোৱা হয় – ভালদৰে ধাৰণ কৰি আনকো
বুজোৱা। তোমালোক আত্মাসকল য’ৰপৰা আহিছা, পৱিত্ৰ হৈয়ে আহিছা। আকৌ ইয়ালৈ আহি অপৱিত্ৰও
নিশ্চয় হ’ব লাগে। সত্যযুগক নিৰ্বিকাৰী সৃষ্টি, কলিযুগক বিকাৰী সৃষ্টি বুলি কোৱা হয়।
এতিয়া তোমালোকে পতিত-পাৱন পিতাক স্মৰণ কৰা যে আমাক পাৱন নিৰ্বিকাৰী কৰি গঢ়ি তুলিবলৈ
আপুনি বিকাৰী সৃষ্টি, বিকাৰী শৰীৰত আহক। পিতাই নিজে বহি বুজায় – ব্ৰহ্মাৰ চিত্ৰতে
বিবুদ্ধিত পৰে যে দাদাক কিয় বহুৱাইছে। বুজাব লাগে - এওঁতো ভাগীৰথ। শিৱ ভগৱানুবাচ –
এই ৰথ মই লৈছোঁ কিয়নো মোক প্ৰকৃতিৰ আধাৰ নিশ্চয় লাগে। নহ’লেনো মই তোমালোকক পতিতৰ পৰা
পাৱন কেনেকৈ কৰি তোলোঁ। নিতৌ পঢ়ুওৱাবও নিশ্চয় লাগে। এতিয়া পিতাই তোমালোক সন্তানসকলক
কয় – নিজক আত্মা বুলি বুজি মামেকম্ স্মৰণ কৰা। সকলো আত্মাই নিজৰ পিতাক স্মৰণ কৰিব
লাগে। শ্ৰীকৃষ্ণক সকলো আত্মাৰ পিতা বুলি কোৱা নহয়। তেওঁৰতো নিজৰ শৰীৰ আছে। সেয়েহে
এই পিতাই বহুত সহজকৈ বুজায় – যেতিয়াই কাৰোবাক বুজোৱা তেতিয়া কোৱা – পিতাই কয়
তোমালোক অশৰীৰী হৈ আহিছা, এতিয়া অশৰীৰী হৈ যাব লাগে। তাৰপৰা পৱিত্ৰ আত্মাই আহে। যদি
কালিও কোনোবা আহে তথাপিও পৱিত্ৰ হয়, তেন্তে তেওঁৰ মহিমা নিশ্চয় হ’ব। সন্ন্যাসী,
বৈৰাগী, গৃহস্থী যাৰ খ্যাতি হয়, নিশ্চয় তেওঁলোকৰ এয়া প্ৰথম জন্ম। তেওঁলোক আহিবই লাগে
ধৰ্ম প্ৰৱৰ্তন কৰিবলৈ। যেনেকৈ বাবাই গুৰু নানকৰ ক্ষেত্ৰত বুজায়। এতিয়া ‘গুৰু’
শব্দটিও ক’বলগীয়া হয় কিয়নো নানক নামতো বহুতৰে থাকে নহয়। যেতিয়া কাৰোবাৰ মহিমা কৰা
হয় তেতিয়া সেইটো অৰ্থৰে কোৱা হয়। নক’লে ভাল নহয়। প্ৰকৃততে সন্তানসকলক বুজোৱা হৈছে –
কেৱল এজনৰ বাহিৰে গুৰু কোনোৱেই নহয়। যাৰ নামতে গায়ন কৰে – সৎগুৰু অকাল... তেওঁ
অকালমূৰ্ত অৰ্থাৎ যাক কালে নাখায়, সেয়া হ’ল আত্মা, সেইবাবে এই কাহিনী আদি বহি ৰচিছে।
চলচ্চিত্ৰৰ কাহিনীৰ কিতাপ, উপন্যাস আদিও বহুতে পঢ়ে। বাবাই সন্তানসকলক সাৱধান কৰি
দিয়ে। কেতিয়াও কোনো উপন্যাস আদি নপঢ়িবা। কিছুমানৰ অভ্যাস থাকে। ইয়াততো তোমালোক
সৌভাগ্যশালী হোৱা। কিছুমান ব্ৰহ্মাকুমাৰ-কুমাৰীয়েও উপন্যাস পঢ়ে সেইবাবে বাবাই সকলো
সন্তানক কয় – কেতিয়াবা কোনোবাই উপন্যাস পঢ়া দেখিলে তৎক্ষণাৎ উঠাই ফালি পেলোৱা, ইয়াৰ
বাবে ভয় খাব নালাগে। আমাক কোনোবাই অভিশাপ নিদিয়ক বা খং নকৰক, এনেকুৱা কোনো কথা নাই।
তোমালোকৰ কাম হ’ল – এজনে আনজনক সাৱধান কৰা। চলচ্চিত্ৰৰ কাহিনী শুনা বা পঢ়াতো নিয়ম
বিৰুদ্ধ। কিবা নিয়ম বিৰুদ্ধ চলন থাকিলে তেতিয়া ততালিকে জনাব লাগে। নহ’লেনো শুধৰণি
কেনেকৈ হ’ব? নিজৰ লোকচান কৰি থাকিব। নিজৰে যদি যোগবল নাথাকে তেন্তে ইয়াত বহি কি
শিকাব। বাবাই বাধা দিয়ে। যদি পুনৰ এনেকুৱা কাম কৰা তেন্তে অন্তৰ নিশ্চয় দহি থাকিব।
নিজৰ লোকচান হ’ব সেইবাবে কাৰোবাৰ কিবা অৱগুণ দেখিলে তেতিয়া লিখি জনোৱা উচিত। কোনো
নিয়ম বিৰুদ্ধ চলনতো নাই? কিয়নো এই সময়ত ব্ৰাহ্মণ সেৱক হয় নহয়। বাবায়ো কয় –
সন্তানসকল নমস্কাৰ। অৰ্থ সহিত বুজায়। যিসকল কন্যাই পঢ়ায় – তেওঁলোকৰ দেহ-অভিমান অহা
অনুচিত। শিক্ষকো বিদ্যাৰ্থীৰ সেৱক নহয় জানো। ৰাজ্যপাল আদিয়েও চিঠি লিখে, তলত
স্বাক্ষৰ কৰে “মই একান্ত বাধ্য সেৱক”। একেবাৰে কাষত নাম লিখিব। বাকী কেৰাণীয়ে নিজৰ
হাতেৰে লিখিব। কেতিয়াও নিজৰ মহিমা নিলিখে। আজিকালি গুৰুৱেতো নিজক নিজে “শ্ৰী শ্ৰী”
বুলি লিখি দিয়ে। ইয়াতো কিছুমান এনেকুৱা আছে – শ্ৰী অমুক লিখি দিয়ে। প্ৰকৃততে এনেকৈও
লিখা অনুচিত। মহিলায়ো শ্ৰীমতী বুলি লিখিব নোৱাৰে। শ্ৰীমত তেতিয়া পাব যেতিয়া শ্ৰী
শ্ৰী স্বয়ং আহি মত দিব। তোমালোকে বুজাব পাৰা যে নিশ্চয় কাৰোবাৰ মতৰ দ্বাৰা এয়া (দেৱতা)
হৈছে নহয়। ভাৰতত কোনেও এইটো গম নাপায় যে এওঁলোক ইমান উচ্চ বিশ্বৰ মালিক কেনেকৈ হ’ল।
তোমালোকৰতো এইটোৱে নিচা থকা উচিত। এয়া লক্ষ্য-উদ্দেশ্যৰ চিত্ৰ সদায় বুকুত লগাই ৰখা
উচিত। যিকোনো লোককে কোৱা – আমাক ভগৱানে পঢ়ায়, যাৰ দ্বাৰা আমি বিশ্বৰ মহাৰজা হওঁ।
পিতা আহিছে এই ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ। এই পুৰণি সৃষ্টিৰ বিনাশ সমাগত। তোমালোক সৰু
সৰু কন্যাসকলে শিশু সুলভ ভাষাত সকলোকে বুজাব পাৰা। ডাঙৰ ডাঙৰ সন্মিলন আদি হয়, তাত
তোমালোকক নিমন্ত্ৰণ জনায়। এই চিত্ৰ তোমালোকে লৈ যোৱা আৰু বহি বুজোৱা। ভাৰতত পুনৰাই
এওঁলোকৰ ৰাজ্য প্ৰতিষ্ঠা হৈ আছে। যিকোনো ঠাইত ভৰপূৰ সভাত তোমালোকে বুজাব পাৰা।
গোটেই দিন সেৱাৰেই নিচা থাকিব লাগে। ভাৰতত এওঁলোকৰ ৰাজ্য প্ৰতিষ্ঠা হৈ আছে। বাবাই
আমাক ৰাজযোগ শিকাই আছে। শিৱ ভগৱানুবাচ – হে সন্তানসকল, তোমালোকে নিজক আত্মা বুলি
বুজি মোক স্মৰণ কৰা। তেতিয়া তোমালোকে 21 প্ৰজন্মৰ বাবে এয়া (লক্ষ্মী-নাৰায়ণ) হৈ যাবা।
দৈৱী গুণো ধাৰণ কৰিব লাগে। এতিয়াতো সকলোৰে আসুৰিক গুণ। শ্ৰেষ্ঠ কৰি গঢ়ি তোলোঁতাতো
এজনে শ্ৰী শ্ৰী শিৱবাবা। সেইজন উচ্চতকৈও উচ্চ পিতাই আমাক পঢ়ায়। শিৱ ভগৱানুবাচ,
মনমনাভৱ। ভাগীৰথতো প্ৰসিদ্ধ। ভাগীৰথকে ব্ৰহ্মা বুলি কোৱা হয়, যাক মহাবীৰ বুলিও কোৱা
হয়। ইয়াত দেলৱাড়া মন্দিৰত বহি আছে নহয়। জৈন আদিৰ যিসকল মন্দিৰ নিৰ্মাণ কৰোঁতা আছে
তেওঁলোকৰ কোনেও নাজানে। তোমালোক সৰু সৰু কন্যাসকলে যিকোনো লোককে সাক্ষাৎ কৰিব পাৰা।
এতিয়া তোমালোক বহুত শ্ৰেষ্ঠ হৈ আছা। এয়া ভাৰতৰ লক্ষ্য-উদ্দেশ্য নহয় জানো। কিমান নিচা
বাঢ়িব লাগে। ইয়াত বাবাই ভালদৰে নিচা বঢ়ায়। সকলোৱে কয় – আমিতো লক্ষ্মী-নাৰায়ণ হ’ম।
ৰাম-সীতা হ’বলৈ কোনেও হাত নাদাঙে। এতিয়াতো তোমালোক হৈছা অহিংসক, ক্ষত্ৰিয়। তোমালোক
অহিংসক ক্ষত্ৰিয়সকলক কোনেও নাজানে। এয়া তোমালোকে এতিয়া বুজি পোৱা। ‘গীতা’তো
‘মনমনাভৱ’ শব্দটি আছে। নিজক আত্মা বুলি বুজা। এয়াতো বুজিবলগীয়া কথা নহয় জানো আন
কোনেও বুজিব নোৱাৰে। পিতাই বহি সন্তানসকলক শিক্ষা দিয়ে – সন্তানসকল, আত্ম-অভিমানী
হোৱা। এইটো অভ্যাস তোমালোকৰ আকৌ 21 জন্মৰ বাবে চলে। তোমালোকে শিক্ষা পোৱাই 21 জন্মৰ
বাবে।
বাবাই বাবে বাৰে মূল
কথা বুজায় – নিজক আত্মা বুলি বুজি বহা। পৰমাত্মা পিতাই আমাক আত্মাসকলক বহি বুজায়,
তোমালোকে বাৰে বাৰে দেহৰ অভিমানত আহি যোৱা তেতিয়া ঘৰ-সংসাৰ আদি স্মৃতিত আহি যায়।
এনেকুৱা হয়। ভক্তিমাৰ্গতো ভক্তি কৰোঁতে কৰোঁতে বুদ্ধি আনফালে গুচি যায়। একেবাৰে
একাগ্ৰতাৰে কেৱল ঐকান্তিক ভক্তি কৰাসকলহে বহিব পাৰে, যাক তীব্ৰ ভক্তি বুলি কোৱা হয়।
একেবাৰে স্নেহত লীন হৈ যায়। তোমালোক যেতিয়া স্মৃতিত বহা তেতিয়া কোনোবা সময়ত একেবাৰে
অশৰীৰী হৈ যোৱা। যিসকল ভাল সন্তান হ’ব – তেওঁলোকহে এনেকুৱা অৱস্থাত বহিব। দেহৰ বোধ
নোহোৱা হৈ যাব। অশৰীৰী হৈ সেইটো মতলীয়া অৱস্থাত বহি থাকিব। এইটো অভ্যাস হৈ যাব।
সন্ন্যাসীসকল হ’ল তত্ব জ্ঞানী বা ব্ৰহ্ম জ্ঞানী। তেওঁলোকে কয় – আমি লীন হৈ যাম। এই
পুৰণি শৰীৰ ত্যাগ কৰি ব্ৰহ্ম তত্বত লীন হৈ যাম। সকলোৰে নিজৰ নিজৰ ধৰ্ম আছে নহয়।
কোনেও অন্য ধৰ্মক নামানে। আদি সনাতন দেৱী-দেৱতা ধৰ্মাৱলম্বীসকলো তমোপ্ৰধান হৈ গৈছে।
‘গীতা’ৰ ভগৱান কেতিয়া আহিছিল? ‘গীতা’ৰ যুগ কেতিয়া আছিল? কোনেও নাজানে। তোমালোকে জানা
এই সংগমযুগতে পিতা আহি ৰাজযোগ শিকায়। তমোপ্ৰধানৰ পৰা সতোপ্ৰধান কৰি তোলে। ভাৰতৰে কথা।
অনেক ধৰ্মও নিশ্চয় আছিল। গায়ন আছে – এক ধৰ্ম প্ৰতিষ্ঠা, অনেক ধৰ্মৰ বিনাশ। সত্যযুগত
এক ধৰ্ম আছিল। এতিয়া কলিযুগত অনেক ধৰ্ম। পুনৰ এক ধৰ্ম প্ৰতিষ্ঠা হয়। এক ধৰ্ম আছিল,
এতিয়া নাই। বাকী সকলো ঠিয় হৈ আছে। বট বৃক্ষৰ উদাহৰণো একেবাৰে সঠিক। আধাৰ নাই। বাকী
গোটেই বৃক্ষ থিয় হৈ আছে। ঠিক তেনেকৈ ইয়াতো দেৱী-দেৱতা ধৰ্ম নাই। আদি সনাতন ধৰ্ম যি
মূল কাণ্ড আছিল – সেয়া এতিয়া প্ৰায় লোপ হৈ গৈছে। পুনৰাই পিতাই প্ৰতিষ্ঠা কৰে। বাকী
ইমান সকলো ধৰ্মতো পাছত আহিছে পুনৰ চক্ৰ পুনৰাবৃত্তি নিশ্চয় হ’ব লাগে অৰ্থাৎ পুৰণি
সৃষ্টিৰ পৰা আকৌ নতুন সৃষ্টি হ’ব লাগে। নতুন সৃষ্টিত এওঁলোকৰ ৰাজত্ব আছিল। তোমালোকৰ
ওচৰত ডাঙৰ চিত্ৰও আছে, সৰুও আছে। ডাঙৰ বস্তু হ’লে তেতিয়া দেখি সুধিব – এয়া কি আনিছা।
তোমালোকে কোৱা, আমি সেইটো বস্তু আনিছোঁ, যাৰ দ্বাৰা মনুষ্য ভিকহুৰ পৰা ৰাজকুমাৰ হৈ
যায়। অন্তৰত বহুত উৎসাহ, বহুত আনন্দ থকা উচিত। আমি আত্মাসকল ভগৱানৰ সন্তান।
আত্মাসকলক ভগৱানে পঢ়ায়। বাবাই আমাক নয়নত বহুৱাই লৈ যাব। এই ছিঃ ছিঃ সৃষ্টিততো আমি
থাকিব নালাগে। আগলৈ গৈ ত্ৰাহি ত্ৰাহি কৰিব, কথাই নুসুধিবা। কোটি কোটি মনুষ্য মৰে।
এয়াতো তোমালোক সন্তানসকলৰ বুদ্ধিত আছে। আমি এই দুচকুৰে যি দেখিবলৈ পাওঁ এয়া একোৱেই
নাথাকিব। ইয়াততো মনুষ্য কাঁইট সদৃশ। সত্যযুগ হ’ল ফুলৰ বাগিচা। তেতিয়া আমাৰ নয়নেই
শীতল হৈ যাব। বাগিচালৈ গ’লে নয়ন শীতল হৈ যায় নহয়। গতিকে তোমালোক এতিয়া পদ্মাপদম
ভাগ্যশালী হৈ আছা। যিসকল ব্ৰাহ্মণ তেওঁলোকৰ চৰণত পদম আছে। তোমালোক সন্তানসকলে বুজাব
লাগে – আমি এই ৰাজ্য প্ৰতিষ্ঠা কৰি আছোঁ, সেইবাবে বাবাই বেজ তৈয়াৰ কৰাইছে। শুভ্ৰ
শাৰী পৰিধান কৰি থাকিলে, বেজ লগাই ৰাখিলে, ইয়াৰ দ্বাৰা স্বতঃ সেৱা হৈ থাকিব।
মনুষ্যই গায় – আত্মা পৰমাত্মা বহুকাল বিচ্ছিন্ন হৈ থাকিল... কিন্তু বহুকালৰ অৰ্থ
কোনেও বুজি নাপায়। তোমালোকক পিতাই কৈছে যে বহুকাল অৰ্থাৎ 5 হাজাৰ বছৰ পাছত তোমালোক
সন্তানসকল পিতাৰ সৈতে মিলিত হোৱা। তোমালোকে এয়াও জানা যে এই সৃষ্টিত সকলোতকৈ
প্ৰসিদ্ধ হ’ল – এই ৰাধা-কৃষ্ণ। এওঁলোক সত্যযুগৰ প্ৰথম ৰাজকুমাৰ-ৰাজকুমাৰী। কেতিয়াও
কাৰো খেয়ালতো নাহিব যে এওঁলোক ক’ৰপৰা আহিল। সত্যযুগৰ আগত নিশ্চয় কলিযুগ হ’ব।
তেওঁলোকে কি কৰ্ম কৰিলে যাৰ বাবে বিশ্বৰ মালিক হ’ল। ভাৰতবাসী কোনেও এওঁলোকক বিশ্বৰ
মালিক বুলি নাভাবে। এওঁলোকৰ যেতিয়া ৰাজত্ব আছিল তেতিয়া ভাৰতত আন কোনো ধৰ্ম নাছিল।
এতিয়া তোমালোক সন্তানসকলে জানা – পিতাই আমাক ৰাজযোগ শিকাই আছে। এয়া আমাৰ লক্ষ্য–উদ্দেশ্য।
যদিও মন্দিৰত তেওঁলোকৰ চিত্ৰ আদি আছে কিন্তু এইটো বুজি নাপায় যে এই সময়ত এয়া
প্ৰতিষ্ঠা হৈ আছে। তোমালোকৰ ভিতৰতো ক্ৰমানুসৰি বুজি পায়। কোনোৱেতো একেবাৰে পাহৰি
যায়। চলন এনেকুৱা যেনেকুৱা আগতে আছিল। ইয়াততো বহুত ভালদৰে বুজি পায়, ইয়াৰ পৰা বাহিৰ
ওলালে সকলো শেষ। সেৱাৰ চখ থকা উচিত। সকলোকে এই বাৰ্তা দিয়াৰ যুক্তি ৰচা। পৰিশ্ৰম
কৰিব লাগে। নিচাৰে ক’ব লাগে – শিৱবাবাই কয়, মোক স্মৰণ কৰা তেতিয়া পাপ মোচন হৈ যাব।
আমি এজন শিৱবাবাৰ বাহিৰে আন কাকো স্মৰণ নকৰোঁ। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1)
লক্ষ্য-উদ্দেশ্যৰ চিত্ৰ সদায় লগত ৰাখিব লাগে। নিচা থাকিব লাগে যে এতিয়া আমি শ্ৰীমতত
বিশ্বৰ মালিক হ’বলৈ গৈ আছোঁ। আমি এনেকুৱা ফুলৰ বাগিচালৈ যাওঁ – য’ত আমাৰ নয়নেই শীতল
হৈ যাব।
(2) সেৱাৰ বহুত চখ
ৰাখিব লাগে। বিশাল অন্তৰেৰে বা উৎসাহেৰে ডাঙৰ ডাঙৰ চিত্ৰৰে সেৱা কৰিব লাগে। ভিকহুৰ
পৰা ৰাজকুমাৰ হ’ব লাগে।
বৰদান:
কৰ্মৰ গতিক
জানি গতি-সৎগতিৰ সিদ্ধান্ত লওঁতা মাষ্টৰ দুখ হৰ্তা, সুখ কৰ্তা হোৱা
এতিয়াও নিজৰ জীৱনৰ
কাহিনী চোৱা আৰু শুনোৱাত ব্যস্ত হৈ নাথাকিবা। তাৰ পৰিৱৰ্তে প্ৰত্যেকৰে কৰ্মৰ গতিক
জানি গতি-সৎগতি দিয়াৰ সিদ্ধান্ত লোৱা। মাষ্টৰ দুখ হৰ্তা, সুখ কৰ্তাৰ ভূমিকা পালন কৰা।
নিজৰ ৰচনাৰ দুখ-অশান্তিৰ সমস্যা সমাপ্ত কৰা, তেওঁলোকক মহাদান আৰু বৰদান দিয়া। নিজেই
সুবিধা নল’বা, এতিয়াতো দাতা হৈ দিয়া। যদি আলম্বনৰ আধাৰত নিজৰ উন্নতি বা সেৱাত
অল্পকালৰ কাৰণে সফলতা প্ৰাপ্ত হৈও যায় তেন্তে আজি মহান হৈ যাবা কিন্তু কাইলৈ
মহানতাৰ তৃষ্ণাতুৰ আত্মা হৈ যাবা।
স্লোগান:
অনুভূতি নোহোৱা – এয়া যুদ্ধৰ স্থিতি, যোগী হোৱা যোদ্ধা নহয়।
অব্যক্ত সংকেত: অশৰীৰী
তথা বিদেহী স্থিতিৰ অভ্যাস বঢ়োৱা
যেনেকৈ পিতা ব্ৰহ্মা
অব্যক্ত হৈ বিদেহী স্থিতিৰ দ্বাৰা কৰ্মাতীত হ’ল, গতিকে অব্যক্ত ব্ৰহ্মাৰ বিশেষ
প্ৰতিপালনৰ পাত্ৰ হোৱা সেই কাৰণে অব্যক্ত প্ৰতিপালনৰ প্ৰতিদান বিদেহী হৈ দিয়া। সেৱা
আৰু স্থিতিৰ সন্তুলন ৰাখা। বিদেহী মানে দেহৰ পৰা উৰ্দ্ধত। স্বভাৱ, সংস্কাৰ, দুৰ্বলতা
সকলো দেহৰ সৈতে থাকে আৰু দেহৰ পৰা উৰ্দ্ধত হৈ যোৱা মানে সকলোৰে পৰা অনাসক্ত হৈ গ’লা,
সেয়েহে এইটো ব্যায়ামে বহুত সহযোগ দিব, এই ক্ষেত্ৰত নিয়ন্ত্ৰণ শক্তি লাগে।