27.03.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – জ্ঞান সাগৰ পিতাৰ দ্বাৰা তোমালোক মাষ্টৰ জ্ঞান সাগৰ হৈছা, তোমালোকে জ্ঞানৰ তৃতীয় নেত্ৰ লাভ কৰিছা, সেইবাবে তোমালোক হৈছা ত্ৰিনেত্ৰী, ত্ৰিকালদৰ্শী আৰু ত্ৰিলোকীনাথ”

প্ৰশ্ন:
বিশ্বৰ আত্মিক সেৱা তোমালোক সন্তানসকলৰ বাহিৰে আন কোনেও কৰিব নোৱাৰে- কিয়?

উত্তৰ:
কিয়নো তোমালোকেহে পৰম আত্মাৰ (শিৱবাবাৰ) শক্তি লাভ কৰা। প্ৰথমে তোমালোক আত্মাসকলক পৰম আত্মাৰ দ্বাৰা জ্ঞানৰ বেজী দিয়া হয়, যাৰ দ্বাৰা তোমালোক 5 বিকাৰৰ ওপৰত নিজেও বিজয়ী হোৱা আৰু আনকো কৰোঁৱা। এনেকুৱা সেৱা আন কোনেও কৰিব নোৱাৰে। কল্পই কল্পই তোমালোক সন্তানসকলেই এই আত্মিক সেৱা কৰা।

গীত:
ছৌড় ভী দে আকাশ সিংহাসন….. (এৰি দিয়া আকাশ সিংহাসন……)

ওঁম্শান্তি।
পিতাৰ স্মৃতিত বহিব লাগে আন কোনো দেহধাৰীৰ স্মৃতিত বহিব নালাগে। নতুন নতুন যিসকল আহে তেওঁলোকে পিতাকতো নাজানে। তেওঁৰ নামতো বৰ সহজ - শিৱবাবা। পিতাক সন্তানে নাজানে, কিমান আচৰ্যজনক কথা। শিৱবাবা উচ্চতকৈও উচ্চ, সকলোৰে সৎগতি দাতা। সকলো পতিতক পাৱন কৰোঁতা, সকলোৰে দুখ হৰণ কৰোঁতা বুলিও কয়, কিন্তু তেওঁ কোন, এয়া তোমালোক ব্ৰহ্মাকুমাৰ-কুমাৰীসকলৰ বাহিৰে আন কোনেও নাজানে। তোমালোক হৈছা তেওঁৰ নাতি-নাতিনী। তেন্তে নিশ্চয় পিতা আৰু পিতাৰ ৰচনাৰ আদি, মধ্য আৰু অন্তক জানিবা। পিতাৰ দ্বাৰা সন্তানেহে সকলো জানি যায়। এইখন হয়েই পতিত সৃষ্টি। সকলো কলিযুগী পতিতক সত্যযুগী পাৱন কেনেকৈ কৰি তোলে সেয়া তোমালোক ব্ৰহ্মাকুমাৰ-কুমাৰীসকলৰ বাহিৰে জগতত আন কোনেও নাজানে। কলিযুগী দুৰ্গতিৰ পৰা উদ্ধাৰ কৰোঁতা, সত্যযুগী সৎগতি দাতা পিতাহে হয়। শিৱ জয়ন্তীও ভাৰততহে হয়। নিশ্চয় তেওঁ আহে কিন্তু আহি ভাৰতক কি দিয়ে, সেয়া ভাৰতবাসীয়ে নাজানে। প্ৰতি বছৰে শিৱ জয়ন্তী পালন কৰে কিন্তু জ্ঞানৰ তৃতীয় নেত্ৰ নাই সেইবাবে পিতাক নাজানে।

গীত:- নয়নহীনক মাৰ্গ-দৰ্শন কৰা....... (নয়নহীন কো ৰাহ দিখাও…….)

এইটো মনুষ্যয়ে ৰচনা কৰা গীত যে আমি সকলো নয়নহীন। এই স্থূল নয়নতো সকলোৰে আছে কিন্তু নিজক নয়নহীন বুলি কিয় কয়? সেয়া পিতাই বহি বুজায় যে জ্ঞানৰ তৃতীয় নেত্ৰ কাৰোৱেই নাই। পিতাক নজনাতো এয়া হ’ল অজ্ঞানতা। পিতাক পিতাৰ দ্বাৰা জনা ইয়াক জ্ঞান বুলি কোৱা হয়। পিতাই জ্ঞানৰ তৃতীয় নেত্ৰ দিয়ে, যাৰ দ্বাৰা তোমালোকে গোটেই ৰচনাৰ আদি-মধ্য-অন্তক জানা। তোমালোক জ্ঞান সাগৰৰ সন্তান মাষ্টৰ জ্ঞান সাগৰ হৈ যোৱা। তৃতীয় নেত্ৰ মানেই ত্ৰিনেত্ৰী, ত্ৰিকালদৰ্শী, ত্ৰিলোকীনাথ হৈ যোৱা। ভাৰতবাসীয়ে এইটো নাজানে যে এই লক্ষ্মী-নাৰায়ণ যি সত্যযুগৰ মালিক আছিল, তেওঁলোকে সেই উত্তৰাধিকাৰ কেনেকৈ পালে? তেওঁলোক কেতিয়া আহিল? আকৌ ক’লৈ গ’ল? পুনৰ কেনেকৈ ৰাজ্য ল’লে? একোৱেই নাজানে। এই দেৱতাসকল পাৱন হয় নহয়। পাৱনতো নিশ্চয় পিতায়েই কৰি তুলিব। তোমালোক ভাৰতবাসীক পিতাই বহি বুজায়। যিসকলে দেৱতাসকলক, শিৱক মানে। শিৱৰ জন্মও ভাৰততে হৈছে। উচ্চতকৈও উচ্চ হৈছে ভগৱান। শিৱ জয়ন্তীও ইয়াতেই পালন কৰে। জগত অম্বা, জগত পিতা ব্ৰহ্মা আৰু সৰস্বতীৰো জন্ম ইয়াতেই হয়। ভাৰততেই পালন কৰে। বাৰু, লক্ষ্মী-নাৰায়ণৰ জন্মও ইয়াতেই হয়, তেওঁলোকেই ৰাধা কৃষ্ণ। এয়াও ভাৰতবাসীয়ে নাজানে। এনেকৈ কয় - হে পতিত পাৱন আহক তেন্তে নিশ্চয় সকলো পতিত। সাধু-সন্ত, ঋষি-মুনি আদি সকলোৱে আহ্বান জনায় যে আমাক পাৱন কৰি তুলিবলৈ আহক। আনফালে আকৌ কুম্ভ মেলা আদিলৈ পাপ ধুব যায়। এনেকৈ ভাবে যে গঙ্গা পতিত পাৱনী। আহ্বান জনায় যে পতিত-পাৱন আহক তেন্তে মনুষ্যই কাক কেনেকৈ পাৱন কৰি তুলিব পাৰে? পিতাই বুজায় - তোমালোক প্ৰথমে দেৱী-দেৱতা ধৰ্মৰ আছিলা তেতিয়া সকলো পাৱন আছিলা। এতিয়া পতিত। এনেকৈ কয় - প্ৰভু মাৰ্গ-দৰ্শন কৰক। তেন্তে ক’ৰ মাৰ্গ? কয় - বাবা জীৱন মুক্তিৰ মাৰ্গ দেখুৱাওক। আমাৰ 5 বিকাৰ আছে। বাবা আমি সকলো স্বৰ্গত আছিলোঁ, নিৰ্বিকাৰী আছিলোঁ। এতিয়া বিকাৰী পতিত হৈ গ’লোঁ, ইয়াৰ কিবা ৰহস্যতো বুজাওক। এইবোৰ কোনো মুখৰোচক কথা নহয়। পিতাই বুজায় - শ্ৰীমদ্ভাগৱত গীতা অথবা পৰমাত্মাই শুনোৱা গীতা। পতিতক পাৱন কৰি তোলোঁতা হৈছে নিৰাকাৰ ভগৱান। মনুষ্যক ভগৱান বুলি ক’ব নোৱাৰি। পিতাই কয় - ইমান ডাঙৰ ডাঙৰ গুৰু থকা সত্ত্বেও ভাৰত ইমান পতিত কড়িৰ নিচিনা কিয় হৈ গ’ল। কালিৰ কথা যে ভাৰত স্বৰ্গ আছিল। বাবাই ভাৰতক স্বৰ্গ উপহাৰ দিছিল। ভাৰতবাসী পতিতসকলক আহি ৰাজযোগ শিকাই পাৱন কৰি তুলিছিল। এতিয়া পুনৰ পিতা সন্তানসকলৰ ওচৰত সেৱাধাৰী হৈ আহিছে। পিতা হৈছে আত্মিক সেৱাধাৰী। বাকীতো সকলো মনুষ্য মাত্ৰেই হৈছে পাৰ্থিৱ সেৱাধাৰী। সন্ন্যাসীও পাৰ্থিৱ সেৱাধাৰী। তেওঁলোকে বহি গ্ৰন্থ আদি পঢ়ি শুনায়। পিতাই কয় যে মই নিৰাকাৰ আহি সাকাৰ সাধাৰণ বৃদ্ধ শৰীৰত প্ৰৱেশ কৰি সন্তানসকলক বুজাওঁ। হে ভাৰতবাসী সন্তানসকল, চোৱা আত্মিক পিতাই আত্মাসকলক বহি বুজায়। এই ব্ৰহ্মাই নুশুনায়, সেই নিৰাকাৰ পিতাই এইটো (ব্ৰহ্মাৰ) শৰীৰৰ আধাৰ লয়। শিৱৰতো নিজৰ শৰীৰ নাই। শালগ্ৰাম আত্মাসকলৰতো নিজৰ নিজৰ শৰীৰ আছে। পুনৰ্জন্মত আহি আহি পতিত হৈ যায়। এতিয়াতো গোটেই সৃষ্টিখনেই পতিত। পাৱন এজনো নাই। তোমালোক সতোপ্ৰধান আছিলা আকৌ খাদ পৰা বাবে সতোৰ পৰা ৰজো, তমোত আহিলা। তোমালোক ভাৰতবাসীৰ ওচৰত শিৱবাবা আহি শৰীৰ ধাৰণ কৰে যাক ভাগীৰথ বুলিও কোৱা হয়। মন্দিৰত শংকৰৰ চিত্ৰ দেখুৱায় কিয়নো তেওঁলোকে শিৱ শংকৰক একে বুলি বুজি লয়। এইটো নুবুজে যে শিৱতো নিৰাকাৰ, শংকৰতো আকাৰী। শিৱ শংকৰ একেজন বুলি কেনেকৈ কয়। বাৰু, আকৌ বলধৰ ওপৰত কোনে আৰোহন কৰে। শিৱ নে শঙ্কৰে? সূক্ষ্মলোকত বলধ ক’ৰ পৰা আহিল? শিৱ থাকে মূললোকত, শংকৰ সূক্ষ্মলোকত। মূললোকত সকলো আত্মা থাকে। সূক্ষ্মলোকত কেৱল ব্ৰহ্মা-বিষ্ণু-শংকৰহে থাকে, তাত জন্তু নাথাকে। পিতাই কয় - মই সাধাৰণ বুঢ়া শৰীৰত প্ৰৱেশ কৰি তোমালোকক বুজাওঁ। তোমালোক সন্তানসকলে নিজৰ জন্মৰ বিষয়ে নাজানা। সত্যযুগৰ পৰা তোমালোকে কিমান জন্ম লৈছা? 84 জন্ম লৈছা। এতিয়া এইটো হৈছে অন্তিম জন্ম। ভাৰত যি অমৰলোক পাৱন আছিল, সেই ভাৰত এতিয়া মৃত্যুলোক পতিত। সকলোৰে সৎগতি দাতাতো এজনেই হয় নহয়। ৰুদ্ৰ মালা হৈছেই পৰমপিতা পৰমাত্মা নিৰাকাৰ শিৱৰ। শ্ৰী শ্ৰী 108 ৰুদ্ৰ মালা বুলি কোৱা হয়। সকলো শিৱৰ ডিঙিৰ হাৰ। পিতাতো হৈছে পতিত-পাৱন সকলোৰে সৎগতি দাতা, সকলোকে উত্তৰাধিকাৰ দিওঁতা। লৌকিক পিতাৰ পৰা হদৰ (স্থূল) উত্তৰাধিকাৰ পোৱা যায়, যাক সন্ন্যাসীসকলে কাউৰীৰ বিষ্ঠাৰ সমান সুখ বুলি ভাবে। পিতাই কয় যে যথাযথ তোমালোকৰ এই সুখ কাউৰীৰ বিষ্ঠাৰ সমান। পিতাহে আহি জ্ঞানেৰে পতিতক পাৱন অথবা কাঁইটক ফুল কৰি তোলে। এয়া হৈছে গীতাৰ জ্ঞান। এই জ্ঞান কোনো মনুষ্যই বুজাব নোৱাৰে। জ্ঞানৰ সাগৰ পতিত-পাৱন পিতাইহে বুজাব পাৰে। পিতাৰ পৰাহে উত্তৰাধিকাৰ পোৱা যায় যি তোমালোকে লৈ আছা। তোমালোকেহে কেৱল সৎগতিৰ ফালে গৈ আছাহঁক। এতিয়াতো সংগমত আছা, তেওঁলোকতো কলিযুগত আছে। এতিয়া হৈছে কলিযুগৰ অন্ত। মহাভাৰতৰ যুদ্ধও সন্মুখত থিয় হৈ আছে। 5 হাজাৰ বছৰ পূৰ্বেও যেতিয়া তোমালোকে ৰাজযোগ শিকিছিলা তেতিয়া খেৰৰ জুমুঠি স্বৰূপ গোলাকাৰ পৃথিৱীখনত জুই লাগিছিল। এতিয়া তোমালোকে ৰাজযোগ শিকি আছা, এই লক্ষ্মী-নাৰায়ণ হ’বৰ কাৰণে। বাকীতো সকলো হৈছে ভক্তিমাৰ্গ। পিতা যেতিয়া আহে তেতিয়া আহি স্বৰ্গৰ দ্বাৰ খোলে। পিতাই কয় - এই শিৱশক্তি ভাৰত মাতাসকলেতো শ্ৰীমতত ভাৰতক স্বৰ্গ কৰি তোলে। তোমালোক হৈছা শিৱশক্তি ভাৰত মাতা, যিসকলে ভাৰতক স্বৰ্গ কৰি তোলা। তোমালোক হোৱাই শিৱৰ সন্তান, তেওঁকহে স্মৰণ কৰা। শিৱৰ পৰা শক্তি লৈ 5 বিকাৰ ৰূপী শত্ৰুৰ ওপৰত জয় লাভ কৰা। তোমালোক সন্তানসকলে 5 হাজাৰ বছৰ পূৰ্বেও ভাৰতৰ আত্মিক সেৱা কৰিছিলা। তেওঁলোকে সমাজ সেৱা কৰে, পাৰ্থিৱ সেৱা। এয়া হৈছে আত্মিক সেৱা। পৰম আত্মা আহি আত্মাক বেজী দিয়ে, পঢ়ায়। আত্মাইহে শুনে। তোমালোক হৈছা আত্মা। তোমালোকেহে 84 জন্ম লোৱা। এটা শৰীৰ এৰি আন এটা লোৱা। 84 জন্ম লৈ 84 গৰাকী মা-পিতা পালা। সত্যযুগত, ত্ৰেতাত তোমালোকে স্বৰ্গৰ সুখ পালা, এতিয়া আকৌ বেহদৰ পিতাৰ দ্বাৰা সুখৰ উত্তৰাধিকাৰ লৈ আছা। যথাযথ ভাৰতে এই উত্তৰাধিকাৰ পাইছিল। ভাৰতত এই লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব আছিল। তাত দৈত্য আদি কোনো নাছিল। তোমালোকে জানা যে এতিয়া এই পুৰণি সৃষ্টিত জুই লাগিব। মই আহি জ্ঞান যজ্ঞ ৰচনা কৰোঁ। তোমালোক সকলো পৱিত্ৰ দেৱতা হোৱাগৈ। হাজাৰ হাজাৰ আছে যিসকলে দেৱতা হ’বলৈ পুৰুষাৰ্থ কৰি আছে। পিতা আহিছে সন্তানসকলৰ সৎগতি কৰিবৰ বাবে। তোমালোক সন্তানসকলক কাঁইটৰ পৰা ফুল কৰি আছে। তোমালোকক জ্ঞানৰ তৃতীয় নেত্ৰ দি আছে যাৰ দ্বাৰা তোমালোকে গোটেই ড্ৰামাক, শিৱবাবাই কি ভূমিকা পালন কৰে, সকলো জানা। ব্ৰহ্মা আৰু বিষ্ণুৰ কি সম্পৰ্ক সেয়াও জানা। তেওঁলোকে দেখুৱায় যে বিষ্ণুৰ নাভিৰ পৰা ব্ৰহ্মাৰ আবিৰ্ভাৱ হ’ল। ব্ৰহ্মাই গৈ বিষ্ণু হয়। ব্ৰাহ্মণৰ পৰাই আকৌ দেৱতা। বিষ্ণুৰ পৰা ব্ৰহ্মা হ’বলৈ 5 হাজাৰ বছৰ লাগিল। তোমালোকৰ এই জ্ঞান আছে। তোমালোক ব্ৰাহ্মণসকলৰ নাভিকমলৰ পৰা বিষ্ণুপুৰী প্ৰকট হৈ আছে। তেওঁলোকেতো চিত্ৰ আঁকিছে যে বিষ্ণুৰ নাভিৰ পৰা ব্ৰহ্মাৰ আবিৰ্ভাৱ হ’ল। আকৌ সকলো বেদ শাস্ত্ৰৰ সাৰ শুনালে। এতিয়া তোমালোকে ব্ৰহ্মাৰ দ্বাৰা গোটেই সাৰ বুজি পোৱা। পিতাই কয় - মুখ্য ধৰ্ম-শাস্ত্ৰ 4 খন, প্ৰথমে দৈৱী ধৰ্মৰ শাস্ত্ৰ গীতা। গীতা কোনে শুনালে? শিৱবাবাই। জ্ঞান সাগৰ, পতিত-পাৱন, সুখৰ সাগৰ হৈছে শিৱবাবা। তেওঁ বহি ভাৰতক স্বৰ্গ কৰি তুলিলে, শ্ৰীকৃষ্ণই নহয়। শ্ৰীকৃষ্ণইতো মোৰ পৰা জ্ঞান শুনি শ্ৰীকৃষ্ণ হ’ল। তেন্তে এয়া গুপ্ত কথা নহ’ল জানো। নতুন নতুন সন্তানসকলে এই কথাবোৰ বুজিব নোৱাৰে, এইখনক নৰক বুলি কোৱা হয়। সেইখনক স্বৰ্গ বুলি কোৱা হয়। শিৱবাবাই স্বৰ্গ স্থাপন কৰিলে, তাত এই লক্ষ্মী-নাৰায়ণে ৰাজত্ব কৰিছিল। এতিয়া তোমালোক মনুষ্যৰ পৰা দেৱতা হৈ আছা। পিতাই কয় - এই মৃত্যুলোক, দুখধামত তোমালোকৰ এয়া অন্তিম জন্ম। ভাৰত অমৰলোক আছিল। তাত দুখৰ নামেই নাছিল। ভাৰত পৰিস্তান আছিল, এতিয়া কবৰস্থান হৈ গ’ল, পুনৰ পৰিস্তান হ’ব। এই সকলোবোৰ বুজিবলগীয়া কথা। এয়া হৈছে মনুষ্যৰ পৰা দেৱতা হোৱাৰ পাঠশালা। এয়া কোনো সন্ন্যাসীৰ সৎসংগ নহয়, য’ত বহি শাস্ত্ৰ শুনায়। এই কথাবোৰ নতুন কোনেও বুজিব নোৱাৰে যেতিয়ালৈকে 7 দিনীয়া পাঠ্যক্ৰম নকৰে। এই সময়ত ভক্ততো সকলো মনুষ্য মাত্ৰেই হয়, তেওঁলোকৰ আত্মায়ো স্মৰণ কৰে। এক পৰমাত্মা প্ৰেমিকৰ সকলো প্ৰেমিকা।

পিতা আহি সত্যখণ্ড ৰচে। আধাকল্পৰ পাছত পুনৰ ৰাৱণ আহি অসত্য খণ্ড ৰচে। এতিয়া হৈছে সংগম। এই সকলোবোৰ বুজিবলগীয়া কথা। ভাল ভাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ শ্ৰীমতত চলি সঁচা আত্মিক সেৱা কৰিব লাগে। সৰ্বশক্তিমান পিতাৰ পৰা শক্তি লৈ 5 বিকাৰ ৰূপী শত্ৰুৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব লাগে।

(2) মনুষ্যৰ পৰা দেৱতা হ’বৰ বাবে পৱিত্ৰ নিশ্চয় হ’ব লাগে। জ্ঞান ধাৰণ কৰি কাঁইটৰ পৰা ফুল হ’ব লাগে আৰু আনকো কৰি তুলিব লাগে।

বৰদান:
বিনাশৰ সময়ত পৰীক্ষাত উত্তীৰ্ণ হওঁতা আকাৰী লাইট ৰূপধাৰী হোৱা

বিনাশৰ সময়ত পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ বা সকলো পৰিস্থিতিৰ সন্মুখীন হ’বলৈ আকাৰী লাইট ৰূপধাৰী হোৱা। যেতিয়া চলোঁতে-ফুৰোঁতে লাইট-হাউচ হৈ যাবা তেতিয়া তোমালোকৰ এই স্থূল ৰূপ (শৰীৰ) দৃষ্টিগোচৰ নহ’ব। যেনেকৈ ভূমিকা পালন কৰাৰ সময়ত পোছাক ধাৰণ কৰা আৰু কাৰ্য সমাপ্ত হ’লে পোছাক সোলোকাই পেলোৱা। এক ছেকেণ্ডত ধাৰণ কৰা আৰু এক ছেকেণ্ডত ইয়াৰ পৰা উৰ্দ্ধত গুচি যোৱা — যেতিয়া এইটো অভ্যাস হ’ব, তেতিয়া প্ৰত্যক্ষদৰ্শীয়ে অনুভৱ কৰিব যে এওঁলোক লাইটৰ বস্ত্ৰধাৰী আৰু লাইটেই এওঁলোকৰ অলংকাৰ।

স্লোগান:
উৎসাহ-উদ্দীপনাৰ ডেউকা সদায় লগত থাকিলে তেতিয়া প্ৰতিটো কাৰ্যত সফলতা সহজে পোৱা যায়।


অব্যক্ত ইংগিত: নিশ্চয়তাৰ ভেটী মজবুত কৰি সদায় নিৰ্ভয় আৰু নিশ্চিন্ত হৈ থাকা

পিতা সৰ্বশক্তিমান সেয়েহে তেওঁৰ হাতত ধৰাসকল গন্তব্যস্থান পালেগৈয়েই – এইটো বিশ্বাস ৰাখা। নিজে লাগিলে দুৰ্বলো হোৱা কিন্তু সংগীতো মজবুত হয় নহয়! সেইবাবে পাৰ হৈয়েই যাবা। সদায় এনেকুৱা নিশ্চয়বুদ্ধিৰ বিজয়ী ৰত্ন হওঁ - এইটো স্মৃতিতে থাকা। যি হৈ গ’ল সেয়া অতীত হ’ল, বিন্দু অথাৎ পূৰ্ণ বিৰাম লগাই আগবাঢ়ি যোৱা।

বিশেষ সূচনা:- আজি মৰমৰ বাপদাদাৰ অতিকৈ মৰমৰ, দেশ-বিদেশৰ গোটেই ব্ৰাহ্মণ পৰিয়ালৰ প্ৰাণ, আমাৰ সকলোৰে অন্তৰত ৰাজ্য কৰোঁতা মৰমৰ দাদী জানকী জীৰ পুণ্য স্মৃতি দিৱস । দাদী জীয়ে 104 বছৰ বয়সলৈকে বিদেহী তথা জীৱনমুক্ত স্থিতিত থাকি, জ্ঞান দানৰ লগতে গুণ দান কৰি গোটেই পৰিয়ালৰ অলৌকিক প্ৰতিপালন কৰিছে। তেওঁৰ সাৰগৰ্ভিত জ্ঞানৰ অনেক গূঢ় ৰহস্যৰে ভৰপূৰ ক্লাছসমূহে সকলোকে মাৰ্গদৰ্শন কৰি আহিছে। আজিও তেওঁৰ ছত্ৰছায়া আৰু তেওঁৰ দ্বাৰা প্ৰাপ্ত অমূল্য শিক্ষাসমূহ অনেক ব্ৰহ্মা সন্তানৰ কাণত গুঞ্জৰিত হৈ থাকে। দাদী জী সত্যতা, স্বচ্ছতা আৰু সৰলতাৰ প্ৰতিমূৰ্তি আছিল। দাদী জীৰ দ্বাৰা প্ৰাপ্ত অনেক অমূল্য শিক্ষাসমূহৰ ভিতৰত কিছুমান শিক্ষা ইয়াত লিখা হৈছে, সকলোৱে যাতে এয়া হৃদয়ংগম কৰি নিজৰ মাজত ধাৰণ কৰে।

1) নিজৰ সূক্ষ্ম অভিমান চিনাক্ত কৰি সেয়া শীঘ্ৰতাৰে শেষ কৰা মানেই নিজৰ ওপৰত আশীৰ্বাদ কৰা।

2) বেছিকৈ ভাবিলে, কথা ক’লে আৰু চিন্তা কৰিলে শক্তি খৰচ হয়, মৌনতাত থাকিলে শক্তি জমা হয়।

3) কাৰোবাৰ ভুল যাতে অন্তৰত নাথাকে, অন্তৰ নিকা কৰি ৰাখিলে শান্তিত থাকিব পাৰিবা।

4) বোধ শক্তিৰে ব্যৰ্থ আৰু নেতিবাচক কথা শেষ কৰি দিলে শান্তি প্ৰিয় হৈ যাবা।

5) বাবাৰ পৰা পুৰস্কাৰ ল’বলৈ হ’লে নিয়মত চলা, ক’তো যাতে অলপো আসক্তি বা বশ্যতা নাথাকে।

6) কৰ্ম আৰু সম্বন্ধ গুণৰ দ্বাৰা জনা যায়, সেয়েহে কৰ্মত আত্মিকতা আৰু সম্বন্ধত সত্যতা যাতে থাকে।

7) নম্ৰতা আৰু সত্যতাক নিজৰ সংগী কৰি ল’লে প্ৰতিটো কথা সঠিক হ’ব।

8) মৰম বিচৰাৰ পৰিৱৰ্তে স্বমানত থাকা আৰু সকলোকে মান দিয়া, তেতিয়া মৰমৰ পাত্ৰ হৈ যাবা।

9) যিসকল সৎ, স্বচ্ছ আৰু সেৱাধাৰী, তেওঁলোকেই পৰমাত্ম স্নেহৰ পাত্ৰ।

10) সেৱা কৰোঁতে ‘ডবল লাইট’ হৈ থকাটোৱেই আটাইতকৈ ডাঙৰ সেৱা।

11) ডাঙৰ কথাক সৰু কৰি দিলে শূলো কাঁইট হৈ যাব।

12) চিন্তনে সাধনাত ব্যাঘাত জন্মায় আৰু স্মৰণে সাধনাৰ দ্বাৰা সিদ্ধি প্ৰাপ্ত কৰায়।

13) আনন্দ ৰূপী সম্পদ সদায় অটুট ৰাখিবলৈ হ’লে ইতিবাচক চিন্তা কৰাৰ পদ্ধতি শিকি লোৱা।

14) বৰ্তমানৰ স্থিতিয়েই অন্তিমত কামত আহিব, সেইবাবে নিজৰ স্থিতি গঢ়ি তোলাত মনোনিবেশ কৰা।

15) মনোবল এনেকৈ বঢ়োৱা যাতে কাঁইটৰ জংঘলত নিজেও সুৰক্ষিত হৈ থাকা আৰু আনকো সহযোগ দিব পাৰা।

16) অপৱিত্ৰতাৰ পৰা মুক্ত হ’বলৈ আন্তৰিক বৈৰাগ্য বৃত্তি ধাৰণ কৰা।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]