27.04.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক ফুল হৈ সকলোকে সুখ দিব লাগে, ফুল স্বৰূপ সন্তানে মুখেৰে ৰত্ন উচ্চাৰিত কৰিব”
প্ৰশ্ন:
ফুল হ'বলগীয়া
সন্তানসকলৰ প্ৰতি ভগৱানে এনেকুৱা কোনটো শিক্ষা দিয়ে যাৰ দ্বাৰা তেওঁলোক সদায়
সুৱাসিত হৈ থাকিব?
উত্তৰ:
হে মোৰ ফুল স্বৰূপ সন্তানসকল, তোমালোকে নিজৰ ভিতৰত চোৱা - যে মোৰ ভিতৰত কোনো আসুৰিক
অৱগুণ ৰূপী কাঁইটতো নাই! যদি ভিতৰত কোনো কাঁইট আছে তেন্তে যেনেকৈ আনৰ অৱগুণৰ দেখিলে
ঘৃণা ওপজে তেনেকৈ নিজৰ অৱগুণকো ঘৃণা কৰা তেতিয়া কাঁইট আঁতৰি যাব। নিজক নিৰীক্ষণ কৰি
থাকা - মন-বচন-কর্মৰে এনেকুৱা কোনো বিকৰ্মতো নহয়, যাৰ বাবে দণ্ড ভুগিবলগীয়া হ’ব!
ওঁম্শান্তি।
আত্মিক
সন্তানসকলৰ প্ৰতি আত্মিক পিতাই বহি বুজায়। এই সময়ত এয়া ৰাৱণৰাজ্য হোৱাৰ বাবে সকলো
মনুষ্য দেহ-অভিমানী সেইবাবে তেওঁলোকক জংঘলৰ কাঁইট বুলি কোৱা হয়। এয়া কোনে বুজায়?
বেহদৰ পিতাই। যিয়ে এতিয়া কাঁইটক ফুল কৰি গঢ়ি আছে। ক’ৰবাত ক’ৰবাত মায়া এনেকুৱা যে
ফুল হৈ থাকোঁতে তৎক্ষণাৎ কাঁইট বনাই দিয়ে। ইয়াক কোৱাই হয় কাঁইটৰ জংঘল, ইয়াত অনেক
প্ৰকাৰৰ জন্তু সদৃশ মনুষ্য থাকে। হওঁতে মনুষ্যই হয়, কিন্তু পৰস্পৰ জন্তুৰ দৰে কাজিয়া
কৰি থাকে। ঘৰে ঘৰে কাজিয়া লাগি থাকে। বিষয় সাগৰতে সকলো ডুবি আছে, এই গোটেই জগতখন বৰ
বিশাল বিষৰ সাগৰ, য'ত মনুষ্য ডুবি আছে। এইখনকে পতিত ভ্রষ্টাচাৰী সৃষ্টি বুলি কোৱা
হয়। তোমালোক এতিয়া কাঁইটৰ পৰা ফুল হৈ আছা। পিতাক বাগিচাৰ মালিক বুলিও কোৱা হয়।
পিতাই বহি বুজায় – ‘গীতা’ত জ্ঞানৰ কথা আছে আকৌ মনুষ্যৰ চাল-চলন কেনেকুৱা - সেয়া
ভাগৱতত বৰ্ণনা কৰা আছে। কি কি কথা লিখি দিছে। সত্যযুগত জানো এনেকৈ ক’ব। সত্যযুগতো
হয়েই ফুলৰ বাগিচা। তোমালোক এতিয়া ফুল হৈ আছা। ফুল হৈ আকৌ কাঁইট হৈ যোৱা। আজি বহুত
ভালকৈ চলা আকৌ মায়াৰ ধুমুহা আহি যায়। বহি থাকোঁতেই মায়াই কি অৱস্থা কৰি দিয়ে। পিতাই
কৈ থাকে - মই তোমালোকক বিশ্বৰ মালিক কৰি তোলোঁ। ভাৰতবাসীক কয় তোমালোক বিশ্বৰ মালিক
আছিলা। কালিৰ কথা। লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল। হীৰা-মুকুতাৰ মহল আছিল। তাক কোৱাই
হয় ‘আল্লাৰ বাগিচা’। জংঘল ইয়াত আছে, আকৌ বাগিচাও ইয়াতে হ'ব নহয়। ভাৰত স্বর্গ আছিল,
তাত ফুলেই ফুল আছিল। পিতাইহে ফুলৰ বাগিচা তৈয়াৰ কৰে। ফুল হৈ হৈ আকৌ সংগদোষত আহি
নষ্ট হৈ যায়। বচ্ বাবা মই বিয়া পাতিম। মায়াৰ জাকজমকতা দেখা পায় নহয়। ইয়াততো হৈছে
একেবাৰে শান্তি। এই গোটেই সৃষ্টিখনেই জংঘল। জংঘলত নিশ্চয় জুই লাগিব। তেতিয়া জংঘলত
থকা সকলো শেষ হৈ যাব নহয়। সেয়াই জুই লাগিব যি 5 হাজাৰ বছৰ পূৰ্বে লাগিছিল, যাৰ নাম
মহাভাৰতৰ যুদ্ধ ৰাখিছে। পাৰমাণৱিক বোমাৰ যুদ্ধতো প্ৰথমে যাদৱসকলৰ মাজতে লাগে। তাৰো
গায়ন আছে। বিজ্ঞানৰ দ্বাৰা ক্ষেপণাস্ত্ৰ তৈয়াৰ কৰিছে। শাস্ত্ৰততো বহুত কাহিনী আছে।
পিতাই সন্তানসকলক বুজায় - এনেকৈ পেটৰ পৰা জানো ক্ষেপণাস্ত্ৰ আদি ওলাব পাৰে। তোমালোকে
এতিয়া দেখিবলৈ পোৱা বিজ্ঞানৰ দ্বাৰা কিমান বোমা আদি তৈয়াৰ কৰে। কেৱল 2 টা বোমা
পেলাওঁতেই কিমান চহৰ ধ্বংস হৈ গ’ল। কিমান মানুহ মৰিল। লাখ লাখ মৰিছে নিশ্চয়। এতিয়া
এই ইমান বিশাল জংঘলত কোটি কোটি মনুষ্য বাস কৰে, ইয়াত জুই লাগিব।
শিৱবাবাই বুজায়,
পিতাতো তথাপিও দয়াশীল। পিতাইতো সকলোৰে কল্যাণ কৰিব লাগে। তথাপি যাবনো ক’লৈ। দেখিবলৈ
পাবা যেতিয়া জুই লাগিব তেতিয়া আকৌ পিতাৰেই শৰণ ল’ব। পিতা হৈছে সকলোৰে সৎগতি দাতা,
পুনৰ্জন্ম ৰহিত। তেওঁক আকৌ সৰ্বব্যাপী বুলি কৈ দিয়ে। এতিয়া তোমালোক হৈছা সংগমযুগী।
তোমালোকৰ বুদ্ধিত গোটেই জ্ঞান আছে। মিত্ৰ-সম্বন্ধীয় আদিৰ লগতো দায়িত্ব পালন কৰি
চলিব লাগে। তেওঁলোকৰ হৈছে আসুৰিক গুণ, তোমালোকৰ হৈছে দৈৱীগুণ। তোমালোকৰ কাম হৈছে
আনকো এয়াই শিকোৱা। মন্ত্ৰ দি থাকা। তোমালোকে প্ৰদৰ্শনীৰ দ্বাৰা কিমান বুজোৱা।
ভাৰতবাসীৰ 84 জন্ম পূৰা হ'ল। এতিয়া পিতা আহিছে - মনুষ্যৰ পৰা দেৱতা কৰি তুলিবলৈ
অৰ্থাৎ নৰকবাসী মনুষ্যক স্বৰ্গবাসী কৰি তোলে। দেৱতাসকল স্বৰ্গত থাকে। এতিয়া নিজৰ
আসুৰিক গুণৰ প্ৰতি ঘৃণা ওপজে। নিজক নিৰীক্ষণ কৰা হয়, মই দৈৱীগুণধাৰী হৈছোঁনে? মোৰ
কোনো অৱগুণতো নাই? মন-বাণী-কৰ্মৰে মই এনেকুৱা কোনো কৰ্মতো কৰা নাই যিটো আসুৰিক কৰ্ম?
মই কাঁইটক ফুল কৰি তোলাৰ বেপাৰ কৰোঁ নে নকৰোঁ? বাবা হৈছে বাগিচাৰ মালিক আৰু তোমালোক
ব্ৰহ্মাকুমাৰ-কুমাৰীসকল হৈছা মালী। ভিন্ন ভিন্ন প্ৰকাৰৰ মালীও থাকে। কিছুমানতো
বুদ্ধিহীন যিয়ে কাকো নিজৰ সমান কৰি তুলিব নোৱাৰে। প্ৰদৰ্শনীলৈ বাগিচাৰ মালিকতো
নাযাব। মালীসকল যাব। এইজন (ব্ৰহ্মা বাবা) মালীও শিৱবাবাৰ লগত আছে, সেয়েহে এৱোঁ যাব
নোৱাৰে। তোমালোক মালীসকল সেৱা কৰিবলৈ যোৱা। ভাল ভাল মালীসকলকহে মাতে। বাবায়ো কয়
বুদ্ধিহীনসকলক নামাতিবা। বাবাই নাম নকয়। তৃতীয় শ্ৰেণীৰ মালীও আছে নহয়। বাগিচাৰ
মালিকে স্নেহ তেওঁলোকক কৰিব যিয়ে ভাল ভাল ফুল তৈয়াৰ কৰি দেখুৱাব। তেওঁলোকক লৈ
বাগিচাৰ মালিক আনন্দিতও হ'ব। মুখেৰে সদায় ৰত্নহে উচ্চাৰিত কৰি থাকে। কোনোবাই ৰত্নৰ
সলনি পাথৰ উচ্চাৰিত কৰিলে তেতিয়া বাবাই কি ক’ব। শিৱক আকন ফুলো অৰ্পণ কৰে নহয়। গতিকে
কিছুমান এনেকুৱাও হৈ যায়। চাল-চলন চোৱা কেনেকুৱা। কাঁইট হৈ যায়, আকৌ জংগললৈ গুচি
যায়। সতোপ্ৰধান হোৱাৰ সলনি তমোপ্ৰধান হৈ যায়। তেওঁলোকৰ আকৌ কি গতি হয়।
পিতাই কয় – মই
প্ৰথমেতো নিষ্কামী আৰু দ্বিতীয়তে পৰোপকাৰী। পৰৰ উপকাৰ কৰোঁ ভাৰতবাসীৰ ওপৰত, যিয়ে
মোৰ গ্লানি কৰে। পিতাই কয় - মই এই সময়তে আহি স্বৰ্গ স্থাপন কৰোঁ। কাৰোবাক যদি কোৱা
যে স্বৰ্গলৈ ব'লা, তেতিয়া কয় মইতো ইয়াতেই স্বৰ্গত আছোঁ। হেৰ’ স্বর্গ থাকে সত্যযুগত।
কলিযুগত আকৌ স্বর্গ ক’ৰ পৰা আহিল। কলিযুগক কোৱাই হয় নৰক। পুৰণি তমোপ্ৰধান সৃষ্টি।
মনুষ্যই গম নাপায় যে স্বর্গ ক'ত থাকে। স্বর্গ আকাশত আছে বুলি ভাবে। দেলৱাড়া মন্দিৰতো
স্বর্গ ওপৰত দেখুৱাইছে। তলত তপস্যা কৰি আছে। সেয়েহে মনুষ্যয়ো কৈ দিয়ে - অমুক
স্বর্গলৈ গ'ল। স্বর্গ ক'ত আছে? সকলোৰে বাবে কৈ দিয়ে স্বৰ্গবাসী হ'ল। এইখন হয়েই বিষয়
সাগৰ। ক্ষীৰ সাগৰ বিষ্ণুপুৰীক কোৱা হয়। তেওঁলোকে আকৌ পূজাৰ কাৰণে এটা ডাঙৰ পুখুৰী
সাজি দিছে। তাত বিষ্ণুক বহুৱাইছে। তোমালোক সন্তানসকলে এতিয়া স্বৰ্গলৈ যোৱাৰ বাবে
প্ৰস্তুতি চলাই আছা। য'ত গাখীৰৰ নদী হ'ব। তোমালোক সন্তানসকল এতিয়া ফুল হৈ গৈ থাকা।
এনেকুৱা কোনো চলন থাকিব নালাগে যাতে কোনোবাই কয়, এওঁতো কাঁইট। সদায় ফুল হোৱাৰ বাবে
পুৰুষাৰ্থ কৰি থাকা। মায়াই কাঁইট বনাই দিয়ে, সেইবাবে নিজে বহুত বহুত সাৱধানে চলিব
লাগে।
পিতাই কয় -
গৃহস্থালিত থাকি পদুম ফুলৰ দৰে পৱিত্ৰ হ'ব লাগে। বাগিচাৰ মালিক বাবা কাঁইটৰ পৰা ফুল
কৰি তুলিবলৈ আহিছে। চাব লাগে মই ফুল হৈছোঁনে। ফুলকহে য'ত ত'ত সেৱাৰ কাৰণে মাতে। বাবা
গোলাপ ফুল পঠিৱাওক। দেখিবলৈতো পোৱা যায় – কোন কেনেকুৱা ফুল। পিতাই কয় - মই আহোঁৱেই
তোমালোকক ৰাজযোগ শিকাবলৈ। এয়া হয়েই সত্য-নাৰায়ণৰ কাহিনী। সত্য প্ৰজাৰ নহয়। ৰজা-ৰাণী
হ'লে তেন্তে প্ৰজাও নিশ্চয় তৈয়াৰ কৰিব। এতিয়া তোমালোকে বুজি পোৱা যে ৰজা-ৰাণী তথা
প্ৰজা কেনেকৈ ক্ৰমানুসৰি হয়। গৰিব যাৰ দুই-পাঁচ টকাও হাতত নাথাকেগৈ, তেওঁলোকে কি
দিব। তেওঁলোকেও সিমান পায়, যিমান হাজাৰ দিওঁতাসকলে পায়। সকলোতকৈ বেছি গৰিব হৈছে
ভাৰত। কাৰো স্মৃতিত নাই যে আমি ভাৰতবাসীয়ে স্বর্গবাসী আছিলোঁ। দেৱতাসকলৰ মহিমাও
গায়ন কৰে কিন্তু বুজি নাপায়। যেনেকৈ ভেকুলীয়ে টোৰ টোৰ কৰে। বুলবুল চৰাইয়ে কিমান মিঠা
শব্দ কৰে, অৰ্থ একো নাজানে। আজিকালি ‘গীতা’ শুনাওঁতা কিমান আছে। মাতাসকলো ওলাইছে।
‘গীতা’ৰ দ্বাৰা কোনটো ধৰ্ম প্ৰতিষ্ঠা হ’ল? এয়া একোৱে নাজানে। কোনোবাই অলপ
তন্ত্ৰ-মন্ত্ৰ কৰি দেখুৱালে বচ্, ভাবিব এওঁ ভগৱান। গায়ন কৰে - পতিত-পাৱন। তেন্তে
পতিত নহয় জানো। পিতাই কয় – বিকাৰ গ্ৰস্ত হোৱাতো হৈছে এক নম্বৰৰ পাপ। এই গোটেই জগতখন
পতিত। সকলোৱে আহ্বান জনায় - হে পতিত-পাৱন আহক। এতিয়া তেওঁ আহিব লাগে নে গঙ্গা স্নান
কৰি পাৱন হ’ব লাগে? পিতাই মনুষ্যৰ পৰা দেৱতা কৰি তুলিবৰ কাৰণে কিমান পৰিশ্ৰম
কৰিবলগীয়া হয়। পিতাই কয় - মোক স্মৰণ কৰিলে তোমালোক কাঁইটৰ পৰা ফুল হৈ যাবা। মুখেৰে
কেতিয়াও পাথৰ (কটু বচন) উচ্চাৰিত নকৰিবা। ফুল হোৱা। এয়াও পঢ়া নহয় জানো। আগবাঢ়ি গৈ
থাকোঁতে গ্ৰহচাৰী বহি যায় তেতিয়া অকৃতকাৰ্য হৈ যায়। আশাবাদীৰ পৰা আশাহীন হৈ যায়। আকৌ
কয় মই বাবাৰ ওচৰলৈ যাওঁ। ইন্দ্ৰৰ সভাত পাপী জানো আহিব পাৰে। এয়া ইন্দ্ৰসভা নহয় জানো।
যিসকল ব্ৰাহ্মণীয়ে লৈ আহে তেওঁলোকৰো বহুত দায়িত্ব আছে। বিকাৰ গ্ৰস্ত হ'লে তেতিয়া
ব্ৰাহ্মণীৰ ওপৰতো বোজা আহি যাব, সেইবাবে সাৱধানে কাৰোবাক আনিব লাগে। আগলৈ গৈ
তোমালোকে দেখিবা সাধু-সন্ত আদি সকলো শাৰীত থিয় হৈ যাব। ভীষ্ম পিতামহ আদিৰ নামতো আছে
নহয়। সন্তানসকল বহুত বিশাল বুদ্ধিৰ হোৱা উচিত। তোমালোকে যি কোনো লোককে ক’ব পাৰা -
ভাৰত ফুলৰ বাগিচা আছিল। দেৱী-দেৱতাসকলে নিবাস কৰিছিল। এতিয়াতো কাঁইট হৈ গ’ল।
তোমালোকৰ 5 বিকাৰ আছে নহয়। ৰাৱণৰাজ্য মানেই জংঘল। পিতা আহি কাঁইটক ফুল কৰি তোলে।
খেয়াল কৰিব লাগে – এতিয়া যদি আমি গোলাপ ফুল নহওঁ তেন্তে জন্ম-জন্মান্তৰ আকন ফুলেই
হ’ম। প্ৰত্যেকে নিজৰ কল্যাণ কৰিব লাগে। শিৱবাবাৰ ওপৰত জানো দয়া কৰে। দয়াতো নিজৰ
ওপৰত কৰিব লাগে। এতিয়া শ্রীমতত চলিব লাগে। বাগিচালৈ কোনোবা গ'লে নিশ্চয় সুৱাসিত
ফুলবোৰকে চাব। আকন ফুল চাব জানো। ফুলৰ প্ৰদৰ্শনী হয় নহয়। এয়াও ফুলৰ প্ৰদৰ্শনী। বহুত
শ্ৰেষ্ঠ উপহাৰ পোৱা যায়। অতি উত্তম ফুল হ'ব লাগে। চাল-চলন বৰ অমায়িক হ'ব লাগে।
ক্ৰোধী ব্যক্তিৰ লগত বহুত নম্ৰ হৈ যাব লাগে। আমি শ্ৰীমতত পৱিত্ৰ হৈ পৱিত্ৰ সৃষ্টি
স্বৰ্গৰ মালিক হ'ব বিচাৰোঁ। যুক্তিতো বহুত থাকে নহয়। মাতাসকলৰ কায়দা-কিটিপ বহুত থাকে।
চাতুৰীৰে পৱিত্ৰতাত থকাৰ কাৰণে পুৰুষাৰ্থ কৰিব লাগে। তোমালোকে ক’ব পাৰা যে
ভগৱানুবাচ কাম মহাশত্রু, পৱিত্ৰ হ'লে সতোপ্ৰধান হৈ যাবা। তেন্তে আমি জানো ভগৱানৰ কথা
নামানিম! যুক্তিৰে নিজক ৰক্ষা কৰিব লাগে। বিশ্বৰ মালিক হ'বলৈ অলপ সহ্য কৰিলা তাতে
কি হ’ল। তোমালোকে নিজৰ কাৰণে কৰা নহয়। তেওঁলোকে ৰাজপাটৰ কাৰণে যুদ্ধ কৰে তোমালোকে
নিজৰ কাৰণে সকলো কৰা। পুৰুষাৰ্থ কৰিব লাগে। পিতাক পাহৰি যোৱাৰ বাবেই অধোগতি হয়।
তেতিয়া আকৌ লজ্জিত হোৱা। দেৱতা কেনেকৈ হ'বা। ভাল বাৰু।
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) মায়াৰ
গ্ৰহচাৰীৰ পৰা ৰক্ষা পাবলৈ মুখেৰে সদায় জ্ঞান ৰত্ন উচ্চাৰিত কৰি থাকিব লাগে।
সংগদোষৰ পৰা নিজক সাৱধান কৰি চলিব লাগে।
(2) সুৱাসিত ফুল হ'বলৈ
অৱগুণবোৰ আঁতৰাই গৈ থাকিব লাগে। শ্ৰীমতত বহুত বহুত নম্ৰ হ'ব লাগে। কাম মহাশত্রুৰ
হাতত কেতিয়াও পৰাজিত হ’ব নালাগে। যুক্তিৰে নিজক ৰক্ষা কৰিব লাগে।
বৰদান:
শক্তিসমূহক
যাদু বুলি ভবাৰ সলনি কৰ্তব্য বুলি বুজি প্ৰয়োগ কৰোঁতা পূজন আৰু গায়ন যোগ্য হোৱা
স্মৃতিৰ দ্বাৰা যিবোৰ
শক্তি প্ৰাপ্ত হয় সেইবোৰক যাদু বুলি ভাবি প্ৰয়োগ নকৰিবা কিন্তু কৰ্তব্য বুলি বুজি
কাৰ্যত প্ৰয়োগ কৰিবা। সেইসকল মনুষ্যৰ তন্ত্ৰ-মন্ত্ৰৰে সিদ্ধি লাভ কৰাৰ যাদু থাকে
কিন্তু তোমালোকৰ ওচৰত আছে শ্ৰীমত। শ্ৰীমতৰ দ্বাৰা শক্তি নিশ্চয় আহৰণ হয় সেইকাৰণে
সংকল্পৰে কৰ্তব্য সিদ্ধ হয়। সংকল্পৰে কাৰোবাক কাৰ্য কৰিবলৈ প্ৰেৰণা দিব পাৰা, এয়াও
শক্তি কিন্তু শ্ৰীমতত যেতিয়া নিজৰ মত মিহলি নহ’ব তেতিয়া গায়ন আৰু পূজন যোগ্য হ’বাগৈ।
স্লোগান:
যিকোনো প্ৰকাৰৰ অস্থিৰতাত হতাশ হোৱাৰ সলনি বিশাল অন্তৰৰ হোৱা।
অব্যক্ত ইংগিত: মহান
হ’বলৈ মধুৰতা আৰু নম্ৰতাৰ গুণ ধাৰণ কৰা
যিসকল সৰলচিত্ত
তেওঁলোকেই মধুৰতা গুণেৰে সম্পন্ন, আৰু তেওঁলোকেই সদায় হৰ্ষিত হৈ থাকে। হৰ্ষিতচিত্ত
হ'লে সকলোকে আকৰ্ষিত কৰে। হৰ্ষিত হোৱাৰ অৰ্থই হ'ল অতীন্দ্ৰিয় সুখত দুলি থকা। জ্ঞান
সোঁৱৰি, অব্যক্ত স্থিতিৰ অনুভৱ কৰি অতীন্দ্ৰিয় সুখত দুলি থকা – ইয়াকে হৰ্ষিত বুলি
কোৱা হয়। এনেকৈ যি হৰ্ষিত হৈ থাকে, তেওঁৱেই আকৰ্ষিত কৰে।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]