27.06.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকৰ সময় অতি মূল্যৱান, সেইবাবে অদৰকাৰী কথাত নিজৰ সময় নষ্ট নকৰিবা”

প্ৰশ্ন:
মনুষ্যৰ পৰা দেৱতা হ'বৰ কাৰণে পিতাৰ কোনটো শ্ৰীমত প্ৰাপ্ত হৈছে?

উত্তৰ:
সন্তানসকল, তোমালোক যিহেতু মনুষ্যৰ পৰা দেৱতা হোৱাগৈ গতিকে 1) কোনো আসুৰিক স্বভাৱ থকা উচিত নহয়, 2) কাৰো প্ৰতি ক্ৰোধ কৰিব নালাগে, 3) কাকো দুখ দিব নালাগে, 4) কোনোধৰণৰ অদৰকাৰী কথা কাণেৰে শুনিব নালাগে। পিতাৰ শ্ৰীমত হৈছে - বেয়া নুশুনিবা, বেয়া নাচাবা, বেয়া নক’বা।

ওঁম্শান্তি।
তোমালোক সন্তানসকলৰ বৈঠক অতি সাধাৰণ। য'তে-ত'তে বহিব পাৰা। লাগিলে জংঘলত বহা, পাহাৰৰ ওপৰত বহা, ঘৰত বহা বা জুপুৰিত বহা, য'তে-ত'তে বহিব পাৰা। এনেকৈ বহিলে তোমালোক সন্তানসকল বদলি হৈ যোৱা। তোমালোক সন্তানসকলে জানা এতিয়া আমি মনুষ্য, ভৱিষ্যতৰ কাৰণে দেৱতা হৈ আছোঁ। আমি কাঁইটৰ পৰা ফুল হৈ আছোঁ। বাবা বাগিচাৰ গৰাকীও হয়, মালীও হয়। আমি পিতাক স্মৰণ কৰি আৰু 84 ৰ চক্ৰ ঘূৰাই বদলি হৈ আছোঁ। ইয়াত বহা, লাগিলে য'তেই নবহা তোমালোক বদলি হৈ হৈ মনুষ্যৰ পৰা দেৱতা হৈ যোৱাগৈ। বুদ্ধিত লক্ষ্য-উদ্দেশ্য আছে, আমি এয়া (দেৱী-দেৱতা) হৈ আছোঁ। যিয়েই কাম-কাজ কৰা, ৰুটি সেকা, বুদ্ধিৰে কেৱল পিতাক স্মৰণ কৰা। সন্তানসকলে এইটো শ্ৰীমত পাইছে - চলোঁতে-ফুৰোঁতে সকলো কৰিও কেৱল স্মৃতিত থাকা। পিতাৰ স্মৃতিৰে উত্তৰাধিকাৰো স্মৃতিলৈ আহে, 84ৰ চক্ৰও স্মৃতিলৈ আহে। ইয়াত আৰু কি কষ্ট আছে, একোৱেই নাই। যিহেতু আমি দেৱতা হওঁগৈ গতিকে কোনো আসুৰিক স্বভাৱো থকা উচিত নহয়। কাৰো প্ৰতি ক্ৰোধ নকৰিবা, কাকো দুখ নিদিবা, কোনোধৰণৰ অদৰকাৰী কথা কাণেৰে শুনিব নালাগে। কেৱল পিতাক স্মৰণ কৰা। বাকী সংসাৰৰ পৰচৰ্চা-পৰনিন্দাৰ কথা বহুত শুনিলা। আধাকল্পৰ পৰা এইবোৰ শুনি শুনি তোমালোক অৱনমিত হৈ গ'লা। এতিয়া পিতাই কয় – এই পৰচৰ্চা-পৰনিন্দা নকৰিবা। অমুক এনেকুৱা, এওঁৰ এইটো আছে। কোনোধৰণৰ অদৰকাৰী কথা ক’ব নালাগে। এয়া যেন নিজৰ সময় নষ্ট কৰা। তোমালোকৰ সময় বহুত মূল্যৱান। পঢ়াতেই নিজৰ কল্যাণ আছে, ইয়াৰ দ্বাৰাই পদ পাবা। সেই পঢ়াত বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ বিদেশলৈ যায়। তোমালোককতো কোনো কষ্ট নিদিয়ে। পিতাই আত্মাসকলক কয় – মোক অৰ্থাৎ পিতাক স্মৰণ কৰা, ইজনক-সিজনৰ মুখামুখিকৈ বহুৱায়, তথাপিও পিতাৰ স্মৃতিত থাকা। স্মৃতিত বহোঁতে বহোঁতে তোমালোক কাঁইটৰ পৰা ফুল হৈ যোৱাগৈ। কিমান ভাল যুক্তি, গতিকে পিতাৰ শ্ৰীমতত চলিব লাগে নহয়। প্ৰত্যেকৰে বেলেগ বেলেগ বেমাৰ থাকে। গতিকে প্ৰত্যেক বেমাৰৰ কাৰণে ‘ছাৰ্জন’ আছে। ডাঙৰ ডাঙৰ ব্যক্তিসকলৰ বিশেষ ‘ছাৰ্জন’ নাথাকে জানো। তোমালোকৰ ‘ছাৰ্জন’ কোন হৈছে? ভগৱান। তেওঁ হৈছে অবিনাশী ‘ছাৰ্জন’। তেওঁ কয় - মই তোমালোকক আধাকল্পৰ কাৰণে নিৰোগী কৰি তোলোঁ। কেৱল মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ’ব। তোমালোক 21 জন্মৰ কাৰণে নিৰোগী হৈ যাবা। এইটো গাঁঠি বান্ধি ল'ব (দৃঢ় প্ৰতিজ্ঞ হ’ব) লাগে। স্মৃতিৰ দ্বাৰাই তোমালোক নিৰোগী হৈ যাবাগৈ। পুনৰ 21 জন্মৰ কাৰণে কোনো ৰোগ নহ'ব। যদিও আত্মাতো অবিনাশী, শৰীৰহে ৰোগী হয় কিন্তু ভোগেতো আত্মাই নহয়। তাত আধাকল্প তোমালোক কেতিয়াও ৰোগী নোহোৱা। কেৱল স্মৃতিত তৎপৰ হৈ থাকা। সেৱাতো সন্তানসকলে কৰিবই লাগে। প্ৰদৰ্শনীত সেৱা কৰোঁতে কৰোঁতে সন্তানসকলৰ ডিঙি শুকাই যায়। কোনো সন্তানে আকৌ ভাবে আমি সেৱা কৰি কৰি বাবাৰ ওচৰলৈ গুচি যাম। এয়াও বহুত ভাল সেৱা কৰাৰ উপায়। প্ৰদৰ্শনীতো সন্তানসকলে বুজাব লাগে। প্ৰদৰ্শনীত পোন-প্ৰথমে এই লক্ষ্মী-নাৰায়ণৰ চিত্র দেখুওৱাব লাগে। এইখন হৈছে অতি উত্তম চিত্ৰ। ভাৰতত আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে যথাযথ এওঁলোকৰ ৰাজত্ব আছিল। প্ৰচুৰ ধন আছিল। পৱিত্ৰতা-সুখ-শান্তি সকলো আছিল। কিন্তু ভক্তিমাৰ্গত সত্যযুগক লাখ লাখ বছৰ বুলি কৈ দিছে তেন্তে কিবা কথা কেনেকৈ স্মৃতিত আহিব, এই লক্ষ্মী-নাৰায়ণৰ চিত্ৰখন অতি উত্তম। সত্যযুগত 1250 বছৰ এইটো কুলে ৰাজত্ব কৰিছিল। আগতে তোমালোকেও নাজানিছিলা। এতিয়া পিতাই তোমালোক সন্তানসকলক স্মৃতি সোঁৱৰাই দিছে যে তোমালোকে গোটেই বিশ্বত ৰাজত্ব কৰিছিলা, তোমালোকে পাহৰি গ'লা নেকি? 84 জন্মও তোমালোকে লৈছা। তোমালোকেই সূৰ্যবংশী আছিলা। পুনৰ্জন্মতো লয়েই। 84 জন্ম তোমালোকে কেনেকৈ ল'লা, এইটো বুজিবলগীয়া অতি সাধাৰণ কথা। অৱনমিত হৈ আহিলা, এতিয়া পুনৰ পিতাই আৰোহণ কলাত লৈ যায়। গায়নো কৰে – তোমালোকৰ যেতিয়া আৰোহণ কলা হয় তেতিয়া সকলোৰে কল্যাণ হয়। আকৌ শংখ আদি বজায়। এতিয়া তোমালোক সন্তানসকলে জানা যে হাহাকাৰ হ'ব, পাকিস্তানত চোৱা কি হৈ গৈছিল - সকলোৰে মুখৰ পৰা এয়াই উচ্চাৰিত হৈছিল - হে ভগৱান, হায় ৰাম এতিয়া কি হ'ব। এতিয়া এই বিনাশতো বহুত ডাঙৰ, তাৰ পাছত আকৌ জয়জয়কাৰ হ'ব। পিতাই সন্তানসকলক বুজায় - এই বেহদ সৃষ্টিৰ এতিয়া বিনাশ হ'ব। বেহদৰ পিতাই তোমালোকক বেহদৰ জ্ঞান শুনায়। হদৰ কথা বুৰঞ্জী-ভূগোলতো শুনি আহিছা। এইটো কোনেও গম পোৱা নাছিল যে লক্ষ্মী-নাৰায়ণে কেনেকৈ ৰাজত্ব কৰিলে। এওঁলোকৰ বুৰঞ্জী-ভূগোল কোনেও নাজানে। তোমালোকে ভালদৰে জানা - ইমান জন্ম ৰাজত্ব কৰিলে তাৰ পাছত এইটো ধৰ্ম আহে, ইয়াক কোৱা হয় আধ্যাত্মিক জ্ঞান, যিটো আধ্যাত্মিক পিতাই সন্তানসকলক দিয়ে। তাততো মনুষ্যই, মনুষ্যক পঢ়ায়, ইয়াত আমাক আত্মাসকলক পৰমাত্মাই নিজৰ সমানকৈ গঢ়ি আছে। শিক্ষকে নিশ্চয় নিজৰ সমানকৈ গঢ়ি তুলিব।

পিতাই কয় - মই তোমালোকক নিজতকৈও উচ্চ দ্বৈত-মুকুটধাৰী কৰি তোলোঁ। স্মৃতিৰে ‘লাইট’ৰ (পৱিত্ৰতাৰ) মুকুট প্ৰাপ্ত হয়, আৰু 84ৰ চক্ৰক জানিলে তোমালোক চক্ৰৱৰ্তী হৈ যোৱা, এতিয়া তোমালোক সন্তানসকলক কৰ্ম-অকৰ্ম-বিকৰ্মৰ গতিও বুজাইছে। সত্যযুগত কৰ্ম অকৰ্ম হয়। ৰাৱণৰাজ্যতহে কৰ্ম বিকৰ্ম হয়। ছিৰি নামি আহে, কলা কম হৈ হৈ অৱনমিত হ’বই লাগে। কিমান ছিঃ ছিঃ হৈ যায়। পুনৰ পিতা আহি ভক্তসকলক ফল দিয়ে। জগতত ভক্ততো সকলো হয়। সত্যযুগত কোনো ভক্ত নাথাকে। ভক্তিৰ পন্থ ইয়াত আছে। তাততো জ্ঞানৰ প্ৰালব্ধ থাকে। এতিয়া তোমালোকে জানা আমি পিতাৰ পৰা বেহদৰ প্ৰালব্ধ লৈ আছোঁ। যিকোনো লোককে পোন-প্ৰথমে এই লক্ষ্মী-নাৰায়ণৰ চিত্ৰৰ ওপৰত বুজোৱা। আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে এওঁলোকৰ ৰাজত্ব আছিল, বিশ্বত সুখ-শান্তি-পৱিত্ৰতা সকলো আছিল, আন কোনো ধৰ্ম নাছিল। এই সময়ততো অনেক ধৰ্ম আছে, সেই প্ৰথম ধৰ্মটিৰ এতিয়া অস্তিত্ব নাই পুনৰ সেই ধৰ্মটি নিশ্চয় আহিব। এতিয়া পিতাই কিমান মৰমেৰে পঢ়ায়। কোনো যুদ্ধৰ কথা নাই, ভিকহু জীৱন, আনৰ ৰাজ্য, নিজৰ সকলো গুপ্ত। বাবাও গুপ্তভাৱে আহিছে। আত্মাসকলক বহি বুজায়। আত্মাইহে সকলোবোৰ কৰে। শৰীৰৰ দ্বাৰা ভূমিকা পালন কৰে। তেওঁলোক এতিয়া দেহ-অভিমানত আহি গৈছে। এতিয়া পিতাই কয় - দেহী-অভিমানী হোৱা। পিতাই অন্য কোনো কষ্ট নিদিয়ে। পিতা যেতিয়া গুপ্ত ৰূপত আহে তেতিয়া তোমালোক সন্তানসকলক গুপ্ত দানত বিশ্বৰ বাদশ্বাহী দিয়ে। তোমালোকৰ সকলো গুপ্ত সেইবাবে লোকাচাৰৰ ৰূপত কন্যাক যেতিয়া যৌতুক দিয়ে তেতিয়া গুপ্তভাৱে দিয়ে। বাস্তৱত গায়ন কৰা হয় - গুপ্ত দান মহাপুণ্য। দুই-চাৰিজনে গম পালে তেতিয়া সেই শক্তি কম হৈ যায়।

পিতাই কয় - সন্তানসকল তোমালোকে প্ৰদৰ্শনীত পোন-প্ৰথমে এই লক্ষ্মী-নাৰায়ণৰ চিত্ৰৰ ওপৰত সকলোকে বুজোৱা। তোমালোকে বিচৰা নহয় - বিশ্বত শান্তি হওঁক। কিন্তু সেয়া কেতিয়া আছিল, এইটো কাৰো বুদ্ধিত নাই। এতিয়া তোমালোকে জানা - সত্যযুগত পৱিত্ৰতা, সুখ, শান্তি সকলো আছিল, স্মৰণো কৰে অমুক স্বৰ্গবাসী হ'ল, একোৱেই বুজি নাপায়। যাৰ মনত যি আহে তাকে কৈ দিয়ে, অৰ্থ একো নাই। এয়া হৈছে ড্ৰামা। মৰমৰ সন্তানসকলৰ বুদ্ধিত জ্ঞান আছে আমি 84 ৰ চক্ৰ পৰিক্ৰমা লগাওঁ। এতিয়া পিতা আহিছে - পতিত সৃষ্টিৰ পৰা পাৱন সৃষ্টিলৈ লৈ যাবলৈ। পিতাৰ স্মৃতিত থাকি বদলি হৈ গৈ থাকে। কাঁইটৰ পৰা ফুল হৈ যায়। পুনৰ আমি চক্ৰৱৰ্তী ৰজা হ'মগৈ। গঢ়ি তোলোঁতাজন হৈছে পিতা। তেওঁ পৰম আত্মা সদায় পৱিত্র। তেৱেঁই পৱিত্র কৰি তুলিবলৈ আহে। সত্যযুগত তোমালোক সুন্দৰ হৈ যাবাগৈ। তাত প্ৰাকৃতিক সৌন্দৰ্য থাকে। আজিকালিতো কৃত্ৰিমভাৱে অলংকৰণ কৰে নহয়। কি কি যে ধুন ওলাইছে। কেনেকুৱা কেনেকুৱা সাজপাৰ পৰিধান কৰে। আগতে মহিলাসকল বহুত পৰ্দাৰ আঁৰত আছিল, যাতে কাৰো দৃষ্টি নপৰে। এতিয়াতো আৰুহে খোলোচা কৰি দিছে, গতিকে য'তে-ত'তে মলিনতা বাঢ়ি গৈছে। পিতাই কয় – বেয়া নুশুনিবা…..।

ৰজাৰ শক্তি থাকে। ঈশ্বৰৰ অৰ্থে দান কৰে গতিকে তাত শক্তি থাকে। ইয়াততো কাৰো শক্তি নাই, যাৰ যি মন যায় সেয়াই কৰি থাকে। বহুত লেতেৰা মনুষ্য। তোমালোক বহুত সৌভাগ্যশালী হোৱা যে নাৱৰীয়াই হাতত ধৰিছে। তোমালোকেই কল্পই কল্পই নিমিত্ত হোৱা। তোমালোকে জানা প্ৰথমে মুখ্য হৈছে দেহ-অভিমান, তাৰ পাছতহে সকলো ভূত আহে। পৰিশ্ৰম কৰিব লাগে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা, এয়া কোনো তিতা দৰব নহয়। কেৱল কয় - নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। তেতিয়া পিতাৰ স্মৃতিত যিমানেই খোজ নাকাঢ়া, কেতিয়াও ভৰি ভাগৰি নপৰিব। পাতল হৈ যাবা। বহুত সহায় পোৱা যায়। তোমালোক মাষ্টৰ সৰ্বশক্তিমান হৈ যোৱাগৈ। তোমালোকে জানা আমি বিশ্বৰ মালিক হওঁ, পিতাৰ ওচৰলৈ আহিছোঁ আৰু কোনো কষ্ট নিদিয়ে। কেৱল সন্তানসকলক কয় – বেয়া নুশুনিবা। যিসকল সেৱাধাৰী সন্তান তেওঁলোকৰ মুখেৰেতো সদায় জ্ঞান ৰত্নহে উচ্চাৰিত হ’ব। জ্ঞানৰ কথাৰ বাহিৰে অন্য কোনো কথা মুখেৰে উচ্চাৰিত হ’ব নোৱাৰে। তোমালোকে ব্যৰ্থ পৰচৰ্চা-পৰনিন্দাৰ কথা কেতিয়াও শুনিব নালাগে। সেৱা কৰোঁতাসকলৰ মুখেৰে সদায় ৰত্নহে উচ্চাৰিত হয়। জ্ঞানৰ কথাৰ বাহিৰে বাকীবোৰ হৈছে পাথৰ দলিওৱা। যদি পাথৰ নদলিয়ায় তেন্তে নিশ্চয় জ্ঞান ৰত্ন দিয়ে, হয় পাথৰ দলিয়াব নহ’লে অবিনাশী জ্ঞান ৰত্ন দিব, যাৰ মূল্য কথাৰে বৰ্ণনা কৰিব নোৱাৰি। পিতা আহি তোমালোকক জ্ঞান ৰত্ন দিয়ে। সেয়া হৈছে ভক্তি। পাথৰেই দলিয়াই থাকে।

সন্তানসকলে জানে বাবা অতি মৰমৰ, আধাকল্প গায়ন কৰি আহিছে, তুমি মাতা-পিতা........ কিন্তু অৰ্থ একোৱেই বুজি পোৱা নাছিল। ভাটৌৰ সদৃশ কেৱল গায়ন কৰি আছিল। তোমালোক সন্তানসকল কিমান আনন্দিত হ'ব লাগে। বাবাই আমাক বেহদৰ উত্তৰাধিকাৰ বিশ্বৰ বাদশ্বাহী দিয়ে। 5 হাজাৰ বছৰ পূৰ্বে আমি বিশ্বৰ মালিক আছিলোঁ। এতিয়া নহয়, পুনৰ মালিক হ'মগৈ। শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা উত্তৰাধিকাৰ দিয়ে। ব্ৰাহ্মণ কুল লাগে নহয়। ভাগীৰথ বুলি ক'লেও বুজিব নোৱাৰে সেইবাবে ব্ৰহ্মা আৰু তেওঁৰ আকৌ ব্ৰাহ্মণ কুল আছে। ব্ৰহ্মাৰ শৰীৰত প্ৰৱেশ কৰে সেইবাবে তেওঁক ভাগীৰথ বুলি কয়। ব্ৰহ্মাৰ সন্তান ব্ৰাহ্মণ। ব্ৰাহ্মণ হৈছে টিকনি (আটাইতকৈ উচ্চ)। বিৰাট ৰূপো এনেকুৱা, ওপৰত বাবা তাৰ পাছত সংগমযুগী ব্ৰাহ্মণ যিসকল ঈশ্বৰীয় সন্তান। তোমালোকে জানা যে এতিয়া আমি ঈশ্বৰীয় সন্তান হওঁ আকৌ দৈৱী সন্তান হ'মগৈ গতিকে ডিগ্ৰী কম হৈ যাব। এওঁলোক লক্ষ্মী-নাৰায়ণৰো ডিগ্ৰী কম, কিয়নো এওঁলোকৰ জ্ঞান নাই। জ্ঞান ব্ৰাহ্মণৰ আছে। কিন্তু লক্ষ্মী-নাৰায়ণক অজ্ঞানী বুলি কোৱা নহ’ব। এওঁলোকে জ্ঞানৰ দ্বাৰা এই পদ প্ৰাপ্ত কৰিছে। তোমালোক ব্ৰাহ্মণসকল কিমান উচ্চ আকৌ দেৱতা হোৱাগৈ তেতিয়া একোৱেই জ্ঞান নাথাকে, তেওঁলোকৰ জ্ঞান থকাহেঁতেন দৈৱী বংশত সেয়া পৰম্পৰাগতভাৱে চলি আহিলহেতেঁন। অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলক সকলো ৰহস্য, সকলো যুক্তি শুনায়। ট্ৰেইনত বহিও তোমালোকে সেৱা কৰিব পাৰা। এখন চিত্রৰ ওপৰতেই পৰস্পৰ বহি বাৰ্তালাপ কৰিলে তেতিয়া অনেক আহি একত্ৰিত হ’ব। যিসকল এই কুলৰ হ'ব তেওঁলোকে ভালদৰে ধাৰণা কৰি প্ৰজা হৈ যাব। সেৱা কৰিবলৈ চিত্রতো বহুত ভাল ভাল আছে। আমি ভাৰতবাসী প্ৰথমে দেৱী-দেৱতা আছিলোঁ, এতিয়াতো একোৱেই নাই। আকৌ বুৰঞ্জী পুনৰাবৃত্তি হয়। মাজত এয়া হৈছে সংগমযুগ, যেতিয়া তোমালোক পুৰুষোত্তম হোৱা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) জ্ঞানৰ কথাৰ বাহিৰে অন্য কোনো কথা মুখেৰে উচ্চাৰিত হ’ব নালাগে। পৰচৰ্চা-পৰনিন্দাৰ কথা কেতিয়াও শুনিব নালাগে। মুখেৰে যাতে সদায় ৰত্ন উচ্চাৰিত হৈ থাকে, পাথৰ (কটু বচন) নহয়।

(2) সেৱাৰ লগতে স্মৃতিৰ যাত্ৰাত থাকি নিজক নিৰোগী কৰি তুলিব লাগে। 21 জন্মৰ কাৰণে নিৰোগী কৰি তুলিবলৈ আমি অবিনাশী ‘ছাৰ্জন’ স্বয়ং ভগৱানক পাইছোঁ.... এইটো নিচাত বা আনন্দত থাকিব লাগে।

বৰদান:
প্ৰতিটো কৰ্মত পিতাক অনুসৰণ কৰি স্নেহৰ সঁহাৰি জনাওঁতা তীব্ৰ পুৰুষাৰ্থী হোৱা

যাৰ প্ৰতি স্নেহ থাকে তেওঁক আপোনাআপুনি অনুসৰণ কৰা হয়। সদায় স্মৃতিত থাকিব লাগে এয়া যি কৰ্ম কৰি আছোঁ সেয়া পিতাক অনুসৰণ কৰি কৰি আছোঁনে? যদি কৰা নাই তেন্তে বন্ধ কৰি দিয়া। পিতাক নকল কৰি পিতাৰ সমান হোৱা। নকল কৰিবলৈ যেনেকৈ কাৰ্বন কাগজ ব্যৱহাৰ কৰা হয় তেনেকৈ মনোযোগ ৰূপী কাগজ ব্যৱহাৰ কৰা তেতিয়া নকল হৈ যাব কিয়নো এতিয়াহে তীব্ৰ পুৰুষাৰ্থী হৈ নিজক সকলো শক্তিৰে সম্পন্ন কৰি তোলাৰ সময়। যদি নিজে নিজক সম্পন্ন কৰিব নোৱাৰা তেন্তে সহযোগ লোৱা। নহ’লে আগলৈ অতি পলম হৈ যাব।

স্লোগান:
সন্তুষ্টাৰ ফল হৈছে প্ৰসন্নতা, প্ৰসন্নচিত হ’লে প্ৰশ্ন সমাপ্ত হৈ যায়।


অব্যক্ত সংকেত: আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা

কোনো দুৰ্বল আত্মাৰ দুৰ্বলতা নাচাবা। এইটো স্মৃতি ৰাখা যে ভিন্ন ভিন্ন প্ৰকাৰৰ আত্মা আছে। সকলোৰে প্ৰতি যাতে আত্মিক দৃষ্টি থাকে। আত্মা ৰূপত তেওঁক স্মৃতিলৈ আনিলে শক্তি দিব পাৰিবা। আত্মাই কৈ আছে, আত্মাৰ এইটো সংস্কাৰ, এইটো পাঠ দৃঢ় কৰা তেতিয়া সকলোৰে প্ৰতি স্বতঃ শুভ-ভাৱনা থাকিব।