27.08.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এতিয়া এই বেহদৰ পুৰণি সৃষ্টিৰ বিনাশ হ’ব, নতুন সৃষ্টি স্থাপন হৈ আছে, সেইকাৰণে নতুন সৃষ্টিলৈ যাবলৈ পৱিত্ৰ হোৱা”

প্ৰশ্ন:
পৰমাত্মাৰ বিষয়ে তোমালোক সন্তানসকলে কোনটো আচৰিত কথা জানা যিটো মনুষ্যৰ বোধশক্তিৰ বাহিৰত?

উত্তৰ:
তোমালোকে কোৱা যেনেকৈ আত্মা জ্যোতিবিন্দু, তেনেকৈ পৰমাত্মাও অতি সূক্ষ্ম জ্যোতিবিন্দু। এই আচৰিত কথাবোৰ মনুষ্যৰ বোধশক্তিৰ বাহিৰত। বহুত সন্তানো এই ক্ষেত্ৰত বিবুদ্ধিত পৰি যায়। বাবাই কয় - সন্তানসকল বিবুদ্ধিত নপৰিবা। যদি সূক্ষ্ম ৰূপত স্মৃতিত নাথাকে তেন্তে ডাঙৰ ৰূপত স্মৰণ কৰা। স্মৰণ নিশ্চয় কৰিব লাগে।

গীত:
ৰাত কে ৰাহি থক্‌ মত্‌ জানা… (নিশাৰ পথিক ভাগৰি নপৰিবা....)

ওঁম্শান্তি।
আত্মিক সন্তানসকলক আত্মিক পিতাই বহি বুজায় সেইকাৰণে সন্তানসকল আত্মা-অভিমানী হৈ বহিব লাগে। এনেকৈ আৰু কোনো স্থানত বুজোৱা নহয়। কোনো সাধু-সন্তই এনেকৈ নুবুজায় যে আত্মা-অভিমানী হৈ বহা। এনেকৈ এজন পিতাইহে বুজায় আন কোনেও এনেকৈ ক’বলৈ নাজানিবই। এইটো যুক্তি কোনেও শুনাব নোৱাৰিব। তোমালোক সন্তানসকলেও বুজি পোৱা যে আমি আত্মা। আত্মাইহে এটা শৰীৰ এৰি আন এটা লয়। কেতিয়াবা অধিবক্তা, কেতিয়াবা ডাক্তৰ হয়। আত্মাহে এতিয়া পতিত হৈছে আকৌ পাৱন হ’ব। আত্মাত জ্ঞান ধাৰণ হয়। পিতা নিৰাকাৰ জ্ঞানৰ সাগৰ গতিকে নিশ্চয় আহি জ্ঞান শুনাব নহয়। পতিত-পাৱন হয় গতিকে নিশ্চয় আহি পাৱন কৰি তুলিব। তেওঁ হ’ল সৰ্বোচ্চ (চুপ্ৰীম) পৰমপিতা পৰমাত্মা। মই তোমালোকৰ পিতা সৰ্বোচ্চ হওঁ, জ্ঞানপূৰ্ণ হওঁ। মোৰ নিজৰ শৰীৰ নাই। এই সকলো জ্ঞান তোমালোক আত্মাই ধাৰণ কৰা সেয়েহে তোমালোক আত্মা-অভিমানী হ’ব লাগে। দেহ-অভিমান ৰাখিব নালাগে আৰু এনেকুৱা কোনো স্থান নাই য’ত শুনোঁতা আৰু শুনাওঁতা দুয়ো দেহী-অভিমানী হয়। পিতাতো হয়েই নিৰাকাৰ। তেওঁ আহি তোমালোকক ৰাজযোগ শিকায়। বাকী সকলো মনুষ্য হয়েই দেহ-অভিমানী। যদিও এই লক্ষ্মী-নাৰায়ণৰ ক্ষেত্ৰত ক’ব – এওঁলোক আত্মা-অভিমানী আছিল তথাপিও দেহবোধতো থাকে নহয়। এই জ্ঞান পৰমপিতা পৰমাত্মাহে আহি দিয়ে। আত্মাই ধাৰণ কৰিবলগীয়া হয়। আত্মাকেই পতিতৰ পৰা পাৱন হোৱাৰ যুক্তি (উপায়) শুনায়। এতিয়া গোটেই জগতৰ পতন আকৌ উত্থান কৰিবলৈ আহে। এয়া তোমালোক সন্তানসকলে জানা। পতন মানে বিনাশ উত্থান মানে স্থাপনা। স্থাপনা আৰু বিনাশ। স্থাপনা কিহৰ? নতুন সৃষ্টিৰ, স্বৰ্গৰ স্থাপনা আকৌ পুৰণি সৃষ্টি নৰকৰ বিনাশ। বিনাশ আৰু স্থাপনা। কলিযুগ হৈছে পুৰণা সৃষ্টি, ইয়াৰ বিনাশ নিশ্চয় হোৱা উচিত। বিনাশৰ লক্ষণ – এই ভয়ানক মহাভাৰতৰ যুদ্ধ। মহাভাৰতৰ বৃত্তান্ত মহাভাৰত শাস্ত্ৰত দেখুৱায়। পিতাই ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কৰে। সেয়াতো নিশ্চয় নতুন সৃষ্টিৰেই কৰিব নহয়। এয়া হ’ল বেহদৰ (গোটেই পুৰণি সৃষ্টিৰ) বিনাশ আৰু বেহদৰ স্থাপনা, পিতাইহে নতুন ঘৰ সাজিব – সন্তানসকলৰ কাৰণে। পাছত পুৰণা ঘৰ নিশ্চয় ভাঙি পেলাব। তোমালোকে বুজি পোৱা – বাবাই এতিয়া নতুন সৃষ্টি স্থাপন কৰি আছে। তমোপ্ৰধানৰ পৰা আকৌ সতোপ্ৰধান কৰি তুলিবলৈ আমাক তৈয়াৰ কৰি আছে। বিনাশৰ কাৰণে মহাভাৰতৰ যুদ্ধ প্ৰসিদ্ধ। এনেকৈ কয় - এয়া সেয়াই সময়। সেই তৰাবোৰেই আহি পৰস্পৰ মিলিত হৈছে যিবোৰ মহাভাৰতৰ সময়ত আছিল। এই ছিৰিৰ চিত্ৰতো লিখা হৈছে - ভাৰতৰ উত্থান আৰু পতনৰ অদ্ভুত কাহিনী। এই শাৰীটিত ‘কল্প কল্প’ শব্দটিও থাকিব লাগে। আৰম্ভণিৰ পৰা অন্তলৈকে মনুষ্যই 84 জন্ম লয়। এইটোও তোমালোকৰ বুদ্ধিত আছে। মনুষ্যৰ বুদ্ধিততো একদম গড্‌ৰেজৰ তলা লাগি আছে। এই কথাবোৰ মনুষ্যই জানিব লাগে। আত্মাসকলে ইয়াত ভূমিকা পালন কৰিবলৈ শৰীৰ ধাৰণ কৰে। গতিকে নাটকৰ আদি-মধ্য-অন্তৰ ৰচয়িতা, নিৰ্দেশক, মুখ্য ভাৱৰীয়া আদিক জানিব লাগে নহয়। এতিয়া তোমালোকে নাটকৰ আদি-মধ্য-অন্ত, কোন কি, গোটেই নাটকৰ বিষয়ে গম পাই গ’লা – আৰম্ভণিৰ পৰা অন্তলৈকে। পিতাৰ দ্বাৰা এই সকলো জ্ঞান পাই আছা। সৃষ্টিচক্ৰ কেনেকৈ ঘূৰে। ইয়াক কোৱা হয় আত্মিক জ্ঞান। পাৰ্থিৱ জ্ঞানক দৰ্শন বুলি কোৱা হয়। আধ্যাত্মিক জ্ঞান, আত্মিক জ্ঞানক জ্ঞান বুলি কোৱা হয়। এতিয়া এই সকলোবোৰ কথা সন্তানসকলৰ বুদ্ধিত ধাৰণ কৰাইছে।

সন্তানসকলে জানে এতিয়া 84 জন্মৰ নাটক পূৰা হয়। এতিয়া আমি উভতি যাওঁ কিন্তু কোনো পতিত উভতি যাব নোৱাৰে। নহ’লেতো ইমান জপ, তপ, তীৰ্থ আদি কিয় কৰে। পৱিত্ৰ হ’বলৈয়ে গঙ্গা স্নান কৰিবলৈ যায়, কিন্তু ইয়াৰ দ্বাৰা কোনো পাৱনতো হ’ব নোৱাৰে সেইকাৰণে উভতি কোনেও যাব নোৱাৰে। মনেসজা কথাতো বহুত কৈ থাকে যে অমুক সিপাৰে নিৰ্বাণধামত গ’ল, জ্যোতি জ্যোতিত বিলীন হৈ গ’ল। পিতাই বুজাইছে - উভতি কোনেও নাযায়। সকলো ভাৱৰীয়া ইয়াতেই আছে। এতিয়া নাটক পূৰা হয় সেয়েহে সকলো মঞ্চত থিয় হৈ আছে। এতিয়া সকলো ইয়াত উপস্থিত আছে। মনুষ্যই গম নাপায় যে বৌদ্ধধৰ্মী, খ্ৰীষ্টান আদি ক’ত আছে। তোমালোকে বুজি পোৱা যে যিসকল আত্মা ওপৰৰ পৰা ইয়ালৈ আহিছে সেই সকলো এই সময়ত তমোপ্ৰধান। তমোপ্ৰধানৰ পৰা সতোপ্ৰধান কল্প পূৰ্বেও হৈছিল। পিতাহে আহি স্থাপনা, বিনাশ কৰায়। কয়ো এই জ্ঞান ৰজাৰো ৰজা কৰি তোলোঁতা হয়। এয়া বেহদৰ পিতাই কয় যে মই তোমালোকক ৰজাৰো ৰজা কৰি তোলোঁ। শ্ৰীকৃষ্ণইতো স্থাপনা নকৰায়। ৰচয়িতা হৈছে পিতা। পিতাহে আহি বুজায় যে তোমালোকে মোক আহ্বান তেতিয়াই জনোৱা যেতিয়া সৃষ্টি পতিত হয়। এনেকুৱা নহয় যে মই নতুন সৃষ্টি ৰচনা কৰোঁ। যেনেকৈ দেখুৱায় - প্ৰলয় হ’ল, এই সকলোবোৰ ভুল। মনুষ্যই আহ্বানেই জনায় যে হে পতিত-পাৱন আহক তেন্তে নিশ্চয় পতিত সৃষ্টিত আহিব নহয়। পিতাহে আহি কৃষ্ণপুৰীৰ সাক্ষাৎকাৰ কৰায়। এনেকৈ দেখুৱায় যে শ্ৰীকৃষ্ণ সাগৰত আঁহতৰ পাতত আহিল… হওতে এই কথাষাৰ ঠিকেই। নতুন সৃষ্টিত প্ৰথম শ্ৰীকৃষ্ণহে আহে। সাগৰত নহয় কিন্তু গৰ্ভ মহলত আহে। আঙুলি চুহি, বৰ আৰামত গৰ্ভ মহলত থাকে। সত্যযুগতো যি সন্তান হয় - গৰ্ভ মহলত থাকে। তেওঁলোকে গৰ্ভ মহলৰ কথাক আকৌ সাগৰত পাতৰ ওপৰত বহি থকা দেখুৱাইছে। সেই সকলোবোৰ হৈছে ভক্তিমাৰ্গৰ কথা। পিতাই এই সকলো শাস্ত্ৰৰ সাৰ বহি বুজায়। ইয়াত গৰ্ভ কাৰাগাৰত থাকে সেয়েহে কয় - আমাক বাহিৰলৈ উলিওৱা। পুনৰ আমি পাপ নকৰোঁ। কিন্তু ৰাৱণৰ সৃষ্টিত পাপতো হয়েই। তথাপি পাপ কৰিবলৈ লাগি যায়। তোমালোক আধাকল্প ‘কাৰাগাৰৰ চৰাই’ হৈ যোৱা। চোৰসকলক ‘কাৰাগাৰৰ চৰাই’ বুলি কয়। বাহিৰলৈ ওলায় তথাপিও চুৰ কৰি থাকে আৰু কাৰাগাৰলৈ যাবলগীয়া হয় সেইকাৰণে ‘কাৰাগাৰৰ চৰাই’ বুলি কয়। পিতাই বুজাইছে এয়া ৰাৱণৰ ৰাজ্য। তাততো এই কথাবোৰ নহয়েই। সেয়া হয়েই ৰামৰাজ্য। তাত গৰ্ভ কাৰাগাৰো নাথাকে আৰু সেই কাৰাগাৰো নাথাকে। ইয়াততো কিমান মনুষ্য কাৰাগাৰত পৰি থাকে। গৰ্ভ কাৰাগাৰ আছে গতিকে সেই কাৰাগাৰো আছে। দ্বৈত কাৰাগাৰ। কলিযুগৰ অন্ত হয় নহয়।

পিতাই বুজায় - তোমালোক সন্তানসকলে এতিয়া স্থাপনা কৰি আছা। উত্থান আৰু পতন, প্ৰত্যেক কল্পত হৈয়েই থাকে। উত্থান আৰু পতন সৃষ্টিৰ হয়। তাৰ ভিতৰত মুখ্য ভূমিকা হৈছে ভাৰতৰ। গায়নো কৰি থাকে - আত্মা পৰমাত্মা পৃথকে থাকিল বহুকাল… গতিকে তাৰো হিচাপ লাগে নহয়। কোনসকল আত্মা বহুকালৰ পৰা পৃথকে আছে। পোন প্ৰথমে দেৱী-দেৱতা ধৰ্মৰ আত্মাসকল ভূমিকা পালন কৰিবলৈ আহে। এতিয়া সেই দেৱতাসকল নাই, যিসকলে ৰাজত্ব কৰি যায়, তেওঁলোকৰ চিত্ৰ চিহ্নবোৰ থাকে। ৰাজ্যতো নাশ হৈ গ’ল। স্বৰ্গ নাশ হৈ যায় তেতিয়া আকৌ নৰক হয় পুনৰ নৰক নাশ হ’লে স্বৰ্গ হয়। গতিকে নতুন সৃষ্টিৰ স্থাপনা হয় আৰু নৰকৰ বিনাশ হয়। স্থাপনাৰ কাৰণে সন্তানসকলতো লাগে নহয়। তোমালোকেই থাকিবা। প্ৰথমেতো তোমালোক দৈৱীগুণ সম্পন্ন দেৱতা হ’ব লাগে। এয়াও গায়ন আছে - মনুষ্যৰ পৰা দেৱতা... মনুষ্য মলিয়ন হয় নহয়। ভগৱানুবাচ (ভগৱানে কয়) - গৃহস্থ ব্যৱহাৰত থাকি পদুম ফুলৰ সমান হ’ব লাগে। এয়া এই মৃত্যুলোকত হয়েই অন্তিম জন্ম, এইটো জন্মতে পৱিত্ৰ হ’ব লাগে। এয়া ভালদৰে বুজাব লাগে। আমি এই মৃত্যুলোকৰ অন্তিম জন্ম পৱিত্ৰ হৈ থাকোঁ। পিতাই কয় – এই বিকাৰসমূহৰ ওপৰত জয়ী হ’লে তোমালোক বিশ্বৰ মালিক হ’বাগৈ। সন্তানসকলেও শুনি পুনৰ আনক বুজায় যে এই পুৰণি সৃষ্টিৰ বিনাশ সমাগত। এয়া সেয়াই মহাভাৰতৰ যুদ্ধ, কাম মহাশত্ৰু, সেইকাৰণে প্ৰতিজ্ঞা কৰা। এতিয়া তোমালোকে বুজি পোৱা যে আমি পৱিত্ৰ হওঁ। এই পুৰণি সৃষ্টিৰ বিনাশ নিশ্চয় হ’ব, তাৰ আগতেই পৱিত্ৰ নিশ্চয় হ’ব লাগে। বিনাশ হয় তেতিয়াতো কথাই নুসুধিবা - হাহাকাৰ হৈ যায়, অতি কঠোৰ মৃত্যু। তোমালোকে চাবও নোৱাৰিবা। কাৰোবাৰ অস্ত্ৰোপচাৰ হ’লে দুৰ্বল লোক স্থিৰে থাকিব নোৱাৰে, বাগৰি পৰে সেইকাৰণে চিকিৎসকে পৰিয়ালৰ লোকক অনুমতি নিদিয়ে। এয়াতো কিমান ভয়ানক অস্ত্ৰোপচাৰ হ’ব। এজনে আনজনক মাৰি থাকিব। এইখন হৈছে লেতেৰা সৃষ্টি, কাঁইটৰ জংঘল। সত্যযুগক কোৱা হয় ফুলৰ বাগিচা। দেৱতাসকল চৈতন্য ফুল হয় নহয়। মনুষ্যইতো বুজি লয় স্বৰ্গত কোনো ফুলৰ বাগিচা আছে, যি শুনে তাকে কৈ দিয়ে। আল্লাৰ বাগিচা বুলি কয় নহয়, তেতিয়া আকৌ ধ্যানতো বাগিচা দেখিব। আল্লাই হাতত ফুল দিলে। বুদ্ধিতেই খোদাৰ বাগিচা আছে। ভক্তিমাৰ্গত সাক্ষাৎকাৰ কৰিবলৈ ভক্তি কৰে। সাক্ষাৎকাৰ হ’লে তেতিয়া ক’ব সৰ্বব্যাপী হয় নহয়। যি অতীত হৈ গ’ল সেয়া পুনৰ হ’ব। সন্তানসকলে যি পোছাকত, যেনেকৈ আহিছে, সেই পোছাকত পুনৰ কল্পৰ পাছত আহিব। নাটকক কিছুমানে ভালদৰে বুজে, বাবাৰ ওচৰলৈ কোনোবা আহিলে তেতিয়া বাবাই সোধে - আগতে কেতিয়াবা আহিছিলানে? কয় - হয় বাবা কল্প পূৰ্বেও আপোনাক লগ পাইছিলোঁ, আপোনাৰ পৰা উত্তৰাধিকাৰ ল’বলৈ আহিছিলোঁ। পিতাই কয় - কি পদ পাইছিলা? বাবা মম্মা বুলি কয় তেন্তে নিশ্চয় তেওঁলোকৰ কুলত আহিব। বাবাই কয় - এনেকুৱা পুৰুষাৰ্থ কৰা যাতে উচ্চ পদ পোৱা। এই সকলোবোৰ কথা তোমালোকৰ বুদ্ধিত আছে। যথাযথ যুদ্ধও হ’ব, নৰকৰ বিনাশতো হ’বই। তোমালোকৰ ওচৰত অতি উত্তম চিত্ৰ আছে। এই কৃষ্ণৰ দুটা গোলকৰ চিত্ৰও ছপাব লাগে, ইয়াত অতি স্পষ্টকৈ আছে। স্বৰ্গৰ দুৱাৰ মুকলি হ’লে তেতিয়া নৰকক লঠিয়াই দিয়ে। তোমালোকৰো মুখ স্বৰ্গৰ ফালে, এয়াতো একেবাৰে সঠিক কথা। জানা যে এতিয়া আমি ঘৰলৈ যাব লাগে গতিকে ঘৰকে স্মৃতিলৈ আনিব লাগে। পুৰণি সৃষ্টিক পাহৰিব লাগে, ইয়াক কোৱা হয় বেহদৰ বৈৰাগ্য। পুৰণি সৃষ্টিক এৰি আমি বাবাৰ ওচৰলৈ যাওঁ। স্মৃতিৰ যাত্ৰাৰেহে যাম। মুখ্য হয়েই স্মৃতিত থকাৰ কথা। স্মৰণতো সকলোৱে কৰে নহয়। এতিয়া পিতা আহি যথাৰ্থ কথা বুজায় যে মোক স্মৰণ কৰা। এয়া হৈছে অব্যভিচাৰী স্মৰণ সেয়াও অৰ্থ সহিত। তোমালোকে জানা যে শিৱবাবাও বিন্দু। নিজকো আত্মা বিন্দু বুলি বুজা, পিতাকো বিন্দু বুলি বুজা। নতুন কথা দেখি পাহৰি যায়। নিজক আত্মা বুলি বুজি আকৌ পিতা আৰু নিজৰ ঘৰক স্মৰণ কৰিব লাগে। বাৰু বিন্দু সূক্ষ্ম, ঘৰতো ডাঙৰ নহয় জানো। ঘৰক স্মৰণ কৰা। বাবাও তাত থাকে। মই আৰু তোমালোক তালৈ যাম য'ত বাবা থাকে। বিন্দু স্মৃতিলৈ নাহে, বাৰু ঘৰতো স্মৃতিলৈ আহে নহয়, সেয়া হৈছে শান্তিধাম আৰু সেয়া হৈছে সুখধাম। এয়া হ'ল দুখধাম। তোমালোকে এতিয়া পুৰুষাৰ্থৰ ক্ৰম অনুসৰি পঢ়ি আছা আকৌ সুখধামত আহি যাবা। পিতাৰ সন্তান হয় গতিকে নিশ্চয় স্বর্গৰ বাদশ্বাহী লাগে। কল্প পূৰ্বেও শিৱবাবা আহিছিল, স্বৰ্গৰ বাদশ্বাহী দিছিল। তোমালোকে পাহৰি গ’লা। পিতাই কয় - এতিয়া আকৌ আহিছোঁ, তোমালোকক দিবলৈ। কিমান বাৰ তোমালোকে বাদশ্বাহী লৈছা আৰু হেৰুৱাইছা। অগণন বাৰ উত্তৰাধিকাৰ লৈছা তথাপি এনেহেন পিতাক কিয় পাহৰি যোৱা! মায়াৰ ধুমুহাৰ সৈতে বহুত যুদ্ধ হয় সেইবাবে নাটকো দেখুৱায় - মায়াই সেইফালে টানে, প্ৰভুৱে এইফালে টানে। জ্ঞানত বিঘিনি নাহে, স্মৃতিত থকাৰ ক্ষেত্ৰত বিঘিনি আহে, ইয়াতেই পৰিশ্ৰম হয়। এতিয়া পিতাই কয় - মহাৰথী হোৱা। এই পুৰণি সৃষ্টিততো জুই লাগিব। এই যজ্ঞত গোটেই পুৰণি সৃষ্টিৰ স্বাহা হ'ব (আহুতি যাব) গতিকে মহাবীৰো হ'ব লাগে। তোমালোক সন্তানসকলে অখণ্ড, অচল-অটল ৰাজ্য ল’ব লাগে। তোমালোকৰ বুদ্ধিযোগ পিতা সৈতে এনেকৈ থাকিব লাগে যাতে যিমানেই ধুমুহা নাহক, মায়াই একো কৰিব নোৱাৰে। এয়া হৈছে তোমালোকৰ অন্তিমৰ অৱস্থা, যেতিয়া স্থানান্তৰিত হোৱাৰ সময় হয়। যিদৰে স্কুলত পৰীক্ষা অন্তিমত হয়, তোমালোকৰ মালাও অন্তিমত তৈয়াৰ হ'ব। তোমালোকৰ বহুত সাক্ষাৎকাৰ হ'ব - অমুক এয়া হ'ব, অমুকি এয়া হ'ব। এওঁ দাসী হ'ব…. এই সকলোবোৰ শুনাব। সেই সময়ততো একো কৰিব নোৱাৰিবা, তেতিয়া অনুতাপ কৰিব লাগিব, এয়া মই কি কৰিলোঁ! শ্রীমতত কিয় নচলিলোঁ! কিন্তু অন্তিম সময়ত একো কৰিব নোৱাৰিব। এনেকৈ বহুতে অনুতাপ কৰে। মনুষ্যই কাৰোবাক হত্যা কৰি আকৌ পাছত অনুতাপ কৰে। কিন্তু হত্যাতো কৰি পেলালে তাৰপাছত কি কৰিব পাৰিব সেইবাবে পিতাই কয় - গাফিলতি নকৰিবা, নিজৰ পুৰুষাৰ্থ কৰি থাকা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা, সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) 84 জন্মৰ নাটক এতিয়া পূৰা হয়, ঘৰলৈ উভতি যাব লাগে, সেইবাবে আত্মা-অভিমানী হৈ পাৱন হ'ব লাগে। দেহ-অভিমান নাইকিয়া কৰিব লাগে।

(2) অৰ্থ সহিত নিজক আত্মা বিন্দু বুলি বুজি, বিন্দু পিতাৰ অব্যভিচাৰী স্মৃতিত থাকিব লাগে। মহাবীৰ হৈ নিজৰ অৱস্থা অচল-অটল কৰি তুলিব লাগে।

বৰদান:
ব্যৰ্থৰ লিকেজ্‌ সমাপ্ত কৰি সমৰ্থ হওঁতা কম খৰচত অধিক প্ৰাপ্তি কৰোঁতা হোৱা

সংগমযুগত বাপদাদাৰ পৰা যি সম্পদ প্ৰাপ্ত হৈছে, সেই সকলো সম্পদ ব্যৰ্থত যোৱাৰ পৰা ৰক্ষা কৰা তেতিয়া কম খৰচত অধিক প্ৰাপ্তি কৰোঁতা হৈ যাবা। ব্যৰ্থৰ পৰা ৰক্ষা কৰা অৰ্থাৎ সমৰ্থ হোৱা। য’ত সামৰ্থ্য থাকে ত’ত ব্যৰ্থত যা’ব — এয়া হ’ব নোৱাৰে। যদি ব্যৰ্থৰ লিকেজ্‌ আছে তেন্তে যিমানেই পুৰুষাৰ্থ নকৰা কিয়, পৰিশ্ৰম নকৰা কিয়, শক্তিশালী হ’ব নোৱাৰা, সেয়েহে লিকেজ্‌ পৰীক্ষা কৰি সমাপ্ত কৰা, তেতিয়া ব্যৰ্থৰ পৰা সমৰ্থ হৈ যাবা।

স্লোগান:
প্ৰবৃত্তিত থাকি সম্পূৰ্ণ পৱিত্ৰ হৈ থকা — এয়াই যোগী আৰু জ্ঞানী আত্মাৰ প্ৰত্যাহ্বান।


অব্যক্ত ইংগিত: অপৱিত্ৰতাৰ বীজো সমাপ্ত কৰি সম্পূৰ্ণ স্বচ্ছ (পৱিত্ৰ) হোৱা

পৰমাত্ম জ্ঞানৰ নবীনতাই হৈছে পৱিত্ৰতা। তোমালোকে গৌৰৱেৰে কোৱা নহয় যে জুই আৰু কপাহ একেলগে থাকিলেও জুই লাগিব নোৱাৰে! তোমালোকে ভাষণতো কোৱা যে পৱিত্ৰতা অবিহনে যোগী আত্মা, জ্ঞানী আত্মা হ’বই নোৱাৰে। গতিকে এইটো প্ৰত্যাহ্বান এতিয়া ব্যৱহাৰিক ৰূপত আনা।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]