27.09.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক এতিয়া সঁচা পাঠশালাত বহি আছা, এয়া সৎসঙ্গও হয়, ইয়াত তোমালোকে সত্য পিতাৰ
সঙ্গ পাইছা, যিজনে পাৰলৈ লৈ যায়”
প্ৰশ্ন:
হিচাপ-নিকাচৰ
খেলত মনুষ্যৰ বোধ আৰু তোমালোকৰ বোধৰ মাজত কোনটো পাৰ্থক্য আছে?
উত্তৰ:
মনুষ্যই ভাবে - এয়া যি দুখ-সুখৰ খেল চলে, এই দুখ-সুখ সকলো পৰমাত্মাই দিয়ে আৰু
তোমালোক সন্তানসকলে বুজি পোৱা যে এয়া প্রত্যেকৰে কৰ্মৰ হিচাপৰ খেল। পিতাই কাকোৱেই
দুখ নিদিয়ে। তেওঁতো আহেই সুখৰ ৰাস্তা দেখুৱাবলৈ। বাবাই কয় – সন্তানসকল, মই কাকোৱে
দুখী কৰা নাই। এয়াতো তোমালোকৰেই কৰ্মৰ ফল।
গীত:
এই পাপৰ
সৃষ্টিৰ পৰা.... (ইচ পাপ কী দুনিয়া চে....)
ওঁম্শান্তি।
মৰমৰ আত্মিক
সন্তানসকলে গীতটি শুনিলা। কাক আহ্বান জনায়? পিতাক। বাবা, আহি এই কলিযুগী পাপৰ
সৃষ্টিৰ পৰা সত্যযুগী পুণ্যৰ সৃষ্টিলৈ লৈ যাওঁক। এতিয়া জীৱ-আত্মাসকলো কলিযুগী।
তেওঁলোকৰ বুদ্ধি ওপৰলৈ যায়। পিতাই কয় - মই যি হওঁ, যেনেকুৱা হওঁ, তেনেকৈ কোনেও
নাজানে। ঋষি-মুনি আদিয়েও কয় আমি ৰচয়িতা মালিক অৰ্থাৎ বেহদৰ পিতাক আৰু তেওঁৰ বেহদৰ
ৰচনাৰ আদি-মধ্য-অন্তক নাজানো। আত্মাসকল য'ত থাকে সেই ঠাই হ'ল ব্রহ্ম মহাতত্ত্ব, য'ত
সূৰ্য, চন্দ্র নাথাকে। মূললোকত নাইবা সূক্ষ্মলোকত নাথাকে। বাকী এই মঞ্চততো বিজুলী
আদি সকলো লাগে নহয়। সেয়েহে এই মঞ্চই বিজুলী লাভ কৰে - ৰাতি চন্দ্র-তৰাৰ, দিনত
সূৰ্যৰ। এইবোৰ হ'ল চাকি। এই চাকিবোৰ থকা সত্ত্বেও অন্ধকাৰ বুলি কোৱা হয়। ৰাতিতো
তথাপিও চাকি জ্বলাব লাগে। সত্যযুগ-ত্রেতাক কোৱা হয় দিন আৰু ভক্তিমাৰ্গক কোৱা হয় ৰাতি।
এয়াও বুজিবলগীয়া কথা। নতুন সৃষ্টি পুনৰ পুৰণি নিশ্চয় হ'ব। পুনৰ নতুন হ'ব তেতিয়া
পুৰণিৰ বিনাশ নিশ্চয় হ'ব। এয়া হৈছে বেহদৰ সৃষ্টি। ৰজাসকলৰ ঘৰো বহুত ডাঙৰ ডাঙৰ হয় ।
এয়া হ'ল বেহদৰ ঘৰ। মঞ্চ অথবা ষ্টেজ। ইয়াক কৰ্মক্ষেত্র বুলিও কোৱা হয়। কৰ্মতো নিশ্চয়
কৰিব লাগে। সকলো মনুষ্যৰ বাবে এয়া কৰ্মক্ষেত্র। সকলোৱে কৰ্ম কৰিবই লাগে। ভূমিকা
পালন কৰিবই লাগে। প্রত্যেক আত্মাই ভূমিকা প্রথমৰ পৰাই প্রাপ্ত কৰি থৈছে। তোমালোকৰ
মাজতো কোনোবা আছে যিজনে এই কথাবোৰ ভালদৰে বুজিব পাৰে। বাস্তৱত এয়া হৈছে গীতা-পাঠশালা।
পাঠশালাত কেতিয়াবা বৃদ্ধসকলে পঢ়ে জানো? ইয়াততো বুঢ়া-ডেকা আদি সকলোৱে পঢ়ে।
সেইবোৰক বেদৰ পাঠশালা বুলি কোৱা নহ'ব। তাত একোৱেই লক্ষ্য-উদ্দেশ্য নাথাকে। আমি ইমান
বেদশাস্ত্র আদি পঢ়োঁ, ইয়াৰ দ্বাৰা কি হ'মগৈ - সেইটো নাজানে। যিকোনো ধৰণৰ সৎসঙ্গ যি
আছে, লক্ষ্য-উদ্দেশ্য একো নাই। এতিয়াতো সেইবোৰক সৎসঙ্গ বুলি ক'বলৈ লাজ লাগে। সত্যতো
এজন পিতাই হয়, যিজনৰ বাবে কোৱা হয় – সৎসংগই উদ্ধাৰ কৰে, কুসঙ্গই বুৰায়। কুসঙ্গ
কলিযুগী মনুষ্যৰ। সত্যৰ সঙ্গতো এজনৰেই। এতিয়া তোমালোকৰ আচৰিত যেন লাগে। গোটেই
সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান পিতাই কেনেকৈ দিয়ে, তোমালোকতো আনন্দিত হোৱা উচিত।
তোমালোক সঁচা পাঠশালাত বহি আছা। বাকী সকলোবোৰ হৈছে মিছা পাঠশালা, সেই সৎসঙ্গ আদিৰ
পৰা একোৱেই হৈ নোলায়গৈ। স্কুল-কলেজ আদিৰ পৰা তথাপিও কিবা হৈ ওলায় কিয়নো পঢ়ে।
বাকী ক'তোৱেই পঢ়া নচলে। সৎসঙ্গক পঢ়া বুলি কোৱা নহ’ব। শাস্ত্ৰ আদি পঢ়িতো আকৌ দোকান
খুলি বহে, পইচা অৰ্জন কৰে। অলপ ‘গ্ৰন্থ’ পঢ়িবলৈ শিকি গুৰুদ্বাৰ খুলি বহি যায়।
গুৰুদ্বাৰো কিমান খোলে। গুৰুৰ দ্বাৰ অৰ্থাৎ ঘৰ বুলি ক'ব নহয়। গুৰুদ্বাৰৰ দ্বাৰ খোলে,
তাত গৈ শাস্ত্ৰ আদি পঢ়ে। তোমালোকৰ গুৰুদ্বাৰ হ'ল- মুক্তি আৰু জীৱনমুক্তি ধাম,
সৎগুৰুৰ দ্বাৰ। সৎগুৰুৰ নাম কি? অকালমূৰ্ত। সৎ গুৰুক অকালমূৰ্ত বুলি কোৱা হয়, তেওঁ
আহি মুক্তি আৰু জীৱনমুক্তিৰ দ্বাৰ খোলে। অকাল-মূৰ্ত হয় নহয়, যাক কালেও খাব নোৱাৰে।
আত্মা হয়েই বিন্দু, তাক কালে কেনেকৈ খাব। সেই আত্মাতো শৰীৰ এৰি আঁতৰি যায়।
মনুষ্যই বুজি পায় জানো যে এটা পুৰণা শৰীৰ এৰি আকৌ গৈ অন্য এটা ল’ব, তেন্তে ইয়াত
কন্দাৰ কি দৰকাৰ। এইটো তোমালোকে জানা - ড্ৰামা অনাদি ৰচি থোৱা আছে। প্ৰত্যেকেই
ভূমিকা পালন কৰিবই লাগে। পিতাই বুজাই আছে সত্যযুগত হ'ল নষ্টোমোহা। মোহজিতৰো কাহিনী
আছে নহয়। পণ্ডিতসকলে শুনায়, মাতাসকলেও শুনি শুনি আকৌ ‘গ্ৰন্থ’ লৈ বহি যায় -
শুনাবৰ বাবে। বহুত সময় ধৰি শুনাই থাকে। তাক কোৱা হয় কাণেৰে শুনি ৰস পোৱা। ড্ৰামাৰ
পৰিকল্পনা অনুসৰি মনুষ্যইতো ক'ব মোৰ দোষ কি। পিতাই কয় - মোক তোমালোকে মোক মাতিছা
যে দুখৰ সৃষ্টিৰ পৰা লৈ যাওঁক। এতিয়া মই আহিছোঁ তেন্তে মোৰ কথা শুনিব লাগে নহয়।
পিতাই সন্তানসকলক বহি বুজাই আছে, ভাল মত পালে তেন্তে সেয়া গ্ৰহণ কৰিব লাগে নহয়।
তোমালোকৰো কোনো দোষ নাই। ৰাম ৰাজ্য, ৰাৱণৰাজ্যৰ খেল ৰচি থোৱা আছে। খেলত কোনোবা
পৰাজিত হ’লে তেনেহ’লে তেওঁৰ দোষ জানো। জয় আৰু পৰাজয় হৈ থাকে, ইয়াত যুদ্ধৰ কথা নাই।
তোমালোকৰ বাদশ্বাহী আছিল। এইটোও তোমালোকে আগতে গম পোৱা নাছিলা, এতিয়া তোমালোকৰ
যিসকল সেৱাধাৰী, যিসকলৰ নাম উজ্জ্বল হয় তেওঁলোকে বুজি পায়। দিল্লীত সকলোতকৈ নাম
জ্বলা বুজাওঁতা কোন? তেতিয়া তৎক্ষণাৎ নাম ল’ব জগদীশৰ। তোমালোকৰ কাৰণে আলোচনীও
উলিয়ায়। তাত সকলোবোৰ আহি যায়। অনেক প্ৰকাৰৰ যুক্তি লিখে, বৃজমোহনেও লিখে। লিখাতো
জানো কোনো মাহীৰ ঘৰ (ইমান উজু)। নিশ্চয় বিচাৰ সাগৰ মন্থন কৰে। ভাল সেৱা কৰে। কিমান
লোক পঢ়ি আনন্দত হয়। সন্তানসকলো সজীৱ হয়। কোনো কোনোৱে প্ৰদৰ্শনীত বহুত মগজ খটুৱায়,
কোনো কোনো কৰ্ম বন্ধনত আৱদ্ধ হৈ আছে, সেয়েহে ইমান কৰিব নোৱাৰে। এয়াও কোৱা হ’ব
ড্ৰামা, অৱলাসকলৰ ওপৰতো অত্যাচাৰ হোৱাতো ড্ৰামাত ভূমিকা আছে। এনেকুৱা ভূমিকা কিয়
পালন কৰিছে, এইটো প্ৰশ্নই উঠিব নোৱাৰে। এয়াতো অনাদি পূৰ্ব নিৰ্ধাৰিত ড্ৰামা। তাক
জানো কিবা কৰিব পাৰে। কোনোৱে কয় মই কি ভুল কৰিছোঁ যাৰ বাবে এনেকুৱা ভূমিকা ৰাখিছে।
এতিয়াতো ভুলৰ কথাই নাই। এয়াতো ভূমিকা। অৱলাসকল কোনোবাতো নিমিত্তি হ’ব, যিসকলৰ দুখ
হ’ব। তেনেহ’লেতো সকলোৱে ক’ব মোৰ এইটো ভূমিকা কিয়? নহয় এইখন পূৰ্ব নিৰ্ধাৰিত ড্ৰামা।
পুৰুষসকলৰ ওপৰতো অত্যাচাৰ হয়। এই কথাবোৰত কিমান সহনশীল হ’বলগীয়া হয়। বহুত সহনশীলতা
লাগে। মায়াৰ বিঘ্নতো বহুত আহিব। বিশ্বৰ বাদশ্বাহী লোৱা তেন্তে কিছু পৰিশ্ৰম কৰিব
লাগিব। ড্ৰামাত আপদ, সংঘাত আদি কিমান আছে। অৱলাসকলৰ ওপৰত অত্যাচাৰ লিখা আছে। তেজৰ
নদীও বৈ যাব। ক’তোৱেই নিৰাপদ নহ’ব। এতিয়াতো সেৱাকেন্দ্ৰত পুৱাৰ ক্লাচ আদিলৈ যোৱা।
এনেকুৱাও সময় আহিব যেতিয়া তোমালোক বাহিৰলৈ ওলাবও নোৱাৰিবা। দিনে-প্ৰতিদিনে সময় বেয়া
হৈ গৈ থাকে আৰু বেছি বেয়া হ’বলৈ গৈ আছে। দুখৰ দিন বহুত তীব্ৰতাৰে আহিব। বেমাৰ আদিত
দুখ হ’লে তেতিয়া আকৌ ভগৱানক স্মৰণ কৰে। আহ্বান জনায়। এতিয়া তোমালোকে গম পোৱা বাকী
অলপ দিন আছে। তাৰপাছত আমি সুখধাম শান্তিধামলৈ নিশ্চয় যাম। জগতৰ লোকসকলেতো এইটোও
নাজানে। এতিয়া তোমালোক সন্তানসকলে অনুভৱ কৰা নহয়। এতিয়া পিতাক সম্পূৰ্ণকৈ জানি গ’লা।
তেওঁলোক সকলোৱেতো ভাবে যে পৰমাত্মা হৈছে লিংগ। শিৱলিংগৰ পূজাও কৰে। তোমালোক শিৱৰ
মন্দিৰলৈ গৈছিলা, কেতিয়াবা এইটো খেয়াল কৰিছিলানে যে শিৱলিংগ কি বস্তু? এইটো জড়
তেন্তে নিশ্চয় চৈতন্যও থাকিব। এইটো তেনেহ’লে কি? ভগৱানতো হৈছে ৰচয়িতা ওপৰত থাকে।
তেওঁৰ চিহ্ন আছে কেৱল পূজাৰ বাবে। পূজ্য হ’লেতো তেতিয়া এই বস্তুবোৰ নাথাকিব। শিৱ
কাশীৰ মন্দিৰলৈ যায়, কোনোবাই গম পায় জানো যে ভগৱান নিৰাকাৰ। আমিও তেওঁৰ সন্তান হওঁ।
পিতাৰ সন্তান হৈ আকৌ আমি দুখী কিয় হৈছোঁ? বিচাৰ কৰিবলগীয়া কথা নহয় জানো। আত্মাই কয়
– মই পৰমাত্মাৰ সন্তান তেন্তে মই দুখী কিয় হৈছোঁ? পিতাতো হয়েই সুখ দিওঁতা। আহ্বানো
জনায় - হে ভগৱান আমাৰ দুখ দূৰ কৰক। তেওঁ কেনেকৈ দূৰ কৰিব। দুখ-সুখ এয়াতো নিজৰ কৰ্মৰ
হিচাপ। মনুষ্যই ভাবে সুখৰ সলনি সুখ, দুখৰ সলনি দুখ পৰমাত্মাই দিয়ে। তেওঁৰ ওপৰত জাপি
দিয়ে। পিতাই কয় - মই কেতিয়াও দুখ নিদিওঁ। মইতো আধাকল্পৰ বাবে সুখ দি যাওঁ। এইখন আকৌ
সুখ আৰু দুখৰ খেল। কেৱল সুখৰ খেল হ’লে এই ভক্তি আদি একোৱেই নাথাকিব, ভগৱানক পাবলৈয়ে
এই ভক্তি আদি কৰে নহয়। এতিয়া পিতাই বহি গোটেই খবৰ শুনাই আছে। পিতাই কয় - তোমালোক
সন্তানসকল কিমান ভাগ্যশালী হোৱা। সেই ঋষি মুনিসকলৰ কিমান নাম আছে। তোমালোক হৈছা
ৰাজঋষি, তেওঁলোক হৈছে হঠযোগী ঋষি। ঋষি অৰ্থাৎ পৱিত্ৰ। তোমালোক স্বৰ্গৰ ৰজা হোৱা
গতিকে পৱিত্ৰ নিশ্চয় হ’ব লাগে। সত্যযুগ-ত্ৰেতাত যাৰ ৰাজত্ব আছিল তেওঁলোকৰে পুনৰ হ’ব।
বাকী সকলো পাছত আহিব। তোমালোকে এতিয়া কোৱা যে আমি শ্ৰীমতত নিজৰ ৰাজ্য স্থাপনা কৰি
আছোঁ। পুৰণি সৃষ্টিৰ বিনাশ হ’বলৈতো সময় লাগিব নহয়। সত্যযুগ আহিব, কলিযুগ আঁতৰিব।
কিমান বিশাল জগত। এখন
এখন চহৰ মনুষ্যৰে কিমান ভৰি আছে। ধনৱান ব্যক্তিয়ে জগতৰ পৰিক্ৰমা লগায়। কিন্তু ইয়াত
গোটেই জগতখনক কোনেও চাব নোৱাৰে। হয়, সত্যযুগত চাব পাৰে কিয়নো সত্যযুগত হয়েই এক
ৰাজ্য, ইমান কমসংখ্যক ৰজা হ’ব ইয়াতো চোৱা কিমান বিশাল জগত। ইমান বিশাল জগতখনৰ
পৰিক্ৰমা কোনে লগাব। তাত তোমালোক সমূদ্ৰলৈ যাবলগীয়া নহয়। তাত শ্ৰীলংকা, বৰ্মা আদি
থাকিবনে? নাথাকে, একোৱেই নাথাকে। এই কৰাচি নাথাকিব। তোমালোক সকলো মিঠা নদীৰ দাঁতিত
থাকিবা। খেতিবাতি আদি সকলো থাকে, সৃষ্টিতো ডাঙৰ হয়। মনুষ্য বহুত কম থাকে আকৌ পাছলৈ
বৃদ্ধি হয়। আকৌ তাত গৈ নিজৰ ৰাজ্য স্থাপনা কৰিলে। লাহে লাহে অধীন কৰি গ’ল। নিজৰ
ৰাজ্য স্থাপনা কৰি ল’লে। এতিয়াতো সকলোৱে এৰিব লাগিব। একমাত্ৰ ভাৰতেই আছে যিয়ে কাৰো
ৰাজ্য কাঢ়ি লোৱা নাই কিয়নো ভাৰত প্ৰকৃততে অহিংসক হয় নহয়। ভাৰতেই গোটেই সৃষ্টিৰ
মালিক আছিল। বাকী সকলো পাছত আহিছে যিসকলে খণ্ড খণ্ড কৈ লৈ গৈ থাকিল। তোমালোকে কাকো
অধীন কৰা নাই। ইংৰাজসকলে অধীন কৰি লৈছে। তোমালোক ভাৰতবাসীকতো পিতাই বিশ্বৰ মালিক কৰি
তোলে। তোমালোক জানো ক’ৰবালৈ গৈছা। তোমালোক সন্তানসকলৰ বুদ্ধিত এই সকলোবোৰ কথা আছে।
বৃদ্ধা মাতাসকলেতো ইমানবোৰ কথা বুজিব নোৱাৰে। পিতাই কয় – এয়া ভালেই যে তোমালোকে
একোৱেই পঢ়া নাই। পঢ়ি অহা সকলোবোৰ বুদ্ধিৰ পৰা আঁতৰাই দিবলগীয়া হয়। কেৱল এইটো কথাই
ধাৰণ কৰিব লাগে - মৰমৰ সন্তানসকল পিতাক স্মৰণ কৰা। তোমালোকে কৈছিলাও নহয় যে বাবা
আপুনি আহিলে আমি উৎসৰ্গিত হৈ যাম, কুৰ্বান হ’ম। তোমালোক তেনেহ’লে মোৰ প্ৰতি
উৎসৰ্গিত হ’ব লাগে। লেন-দেন হয় নহয়। বিয়াৰ সময়ত স্ত্ৰী পুৰুষে ইজনে সিজনৰ হাতত নিমখ
দিয়ে। পিতাকো কয় - মই আপোনাক পুৰণা সকলো দিওঁ। মৰিবতো লাগিব। এই সকলোবোৰ শেষ হৈ যাব।
আপুনি মোক পুনৰ নতুন সৃষ্টিত দিব। পিতা আহেই সকলোকে লৈ যাবলৈ। কাল হয় নহয়। সিন্ধুত
কৈছিল এয়া কোন কাল যিয়ে সকলোকে পলুৱাই লৈ যায়। তোমালোক সন্তানসকলতো আনন্দিত হোৱা।
পিতা আহেই লৈ যাবলৈ। আমিতো আনন্দেৰে নিজৰ ঘৰলৈ যাম। সহ্যও কৰিব লাগে। ভাল ভাল ডাঙৰ
ডাঙৰ ঘৰৰ মাতাসকলে মাৰ খায়। তোমালোকে সঁচা উপাৰ্জন কৰা। মনুষ্যই জানে জানো, তেওঁলোক
হয়েই কলিযুগী শূদ্ৰ সম্প্ৰদায়। তোমালোক হৈছা সংগমযুগী পুৰুষোত্তম হৈ আছা। এইটো জানা
যে প্ৰথম নম্বৰত পুৰুষোত্তম এই লক্ষ্মী-নাৰায়ণ হয়। পুনৰ ডিগ্ৰী কম হৈ গৈ থাকিব।
ওপৰৰ পৰা তললৈ আহি থাকিব। পুনৰ লাহে লাহে অৱনমিত হৈ থাকিব। এই সময়ত সকলো অৱনমিত হৈ
গৈছে। বৃক্ষ জোপা পুৰণা হৈ গৈছে। শিপা পচি গৈছে। এতিয়া পুনৰ স্থাপনা হয়। ভেটি তৈয়াৰ
হয় নহয়। পুলি কিমান সৰু, পাছত তাৰ পৰা কিমান ডাঙৰ বৃক্ষ বাঢ়ি যায়। এয়াও বৃক্ষ।
সত্যযুগত বৃক্ষ বহুত সৰু হয়। এতিয়া কিমান ডাঙৰ বৃক্ষ। মনুষ্য সৃষ্টিৰ বিভিন্ন ধৰণৰ
ফুল কিমান আছে। এজোপা বৃক্ষতেই কিমান বৈচিত্ৰ আছে। মনুষ্য সৃষ্টিৰ অনেক ভিন্ন ধৰ্মৰ
বৃক্ষ। এজনৰ চেহেৰা আনজনৰ লগত নিমিলে। পূৰ্ব নিধাৰিত ড্ৰামা হয় নহয়। একেধৰণৰ ভূমিকা
কাৰো হ’ব নোৱাৰে। ইয়াকে কোৱা হয় প্ৰাকৃতিক পূৰ্ব নিৰ্ধাৰিত বেহদৰ ড্ৰামা। ইয়াতো
বহুত নকল আছে। যি বস্তু আচল সেয়া শেষো হয়। পুনৰ 5 হাজাৰ বছৰ পাছত আচল ৰূপত আহিব।
চিত্ৰ আদিও জানো আচল ৰূপত তৈয়াৰ হৈছে। ব্ৰহ্মাৰো চেহেৰা পুনৰ 5 হাজাৰ বছৰ পাছত
তোমালোকে দেখিবা। এই ড্ৰামাৰ ৰহস্য বুজি পাবলৈ বুদ্ধি বৰ বিশাল হোৱা উচিত। আৰু একো
নুবুজিলেও কেৱল এটা কথা বুদ্ধিত ৰাখা - একমাত্ৰ শিৱবাবা দ্বিতীয় কোনো নাই। এয়া
আত্মাই ক’লে – বাবা, মই আপোনাকেই স্মৰণ কৰিম। এয়াতো সহজ হয় নহয়। হাতেৰে কৰ্ম কৰি
থাকা আৰু বুদ্ধিৰে পিতাক স্মৰণ কৰি থাকা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সহনশীলতা
গুণ ধাৰণ কৰি মায়াৰ বিঘিনি অতিক্ৰম কৰিব লাগে। অনেক আপদ আহিব, অত্যাচাৰ হ’ব -
এনেকুৱা সময়ত সহ্য কৰি পিতাৰ স্মৃতিত থাকিব লাগে। সঁচা উপাৰ্জন কৰিব লাগে।
(2) বিশাল বুদ্ধিৰ হৈ
এই পূৰ্ব নিৰ্ধাৰিত ড্ৰামাখনক ভালদৰে বুজিব লাগে, এইখন প্ৰাকৃতিক ড্ৰামা ৰচি থোৱা
আছে সেয়েহে প্ৰশ্ন উঠিব নোৱাৰে। পিতাই যি ভাল মত দিয়ে সেইমতে চলি থাকিব লাগে।
বৰদান:
মায়াজিৎ, বিজয়ী
হোৱাৰ লগতে পৰোপকাৰী হোৱা
এতিয়ালৈকে
স্ব-কল্যাণত বহুত সময় গৈ আছে। এতিয়া পৰোপকাৰী হোৱা। মায়াজিৎ বিজয়ী হোৱাৰ লগতে সৰ্ব
সম্পদৰ বিধাতা হোৱা অৰ্থাৎ সকলো সম্পদ কাৰ্যত ব্যৱহাৰ কৰা। আনন্দ ৰূপী সম্পদ, শান্তি
ৰূপী সম্পদ, শক্তি ৰূপী সম্পদ, জ্ঞান ৰূপী সম্পদ, গুণ ৰূপী সম্পদ, সহযোগ দিয়াৰ
সম্পদ বিলোৱা আৰু বঢ়োৱা। যেতিয়া এতিয়া বিধাতা বোধৰ স্থিতিৰ অনুভৱ কৰিবা অৰ্থাৎ
পৰোপকাৰী হ’বা তেতিয়া অনেক জন্ম বিশ্ব ৰাজ্য অধিকাৰী হ’বা।
স্লোগান:
বিশ্ব কল্যাণকাৰী হ’বলৈ হ’লে নিজৰ সকলো দুৰ্বলতা সদাকালৰ বাবে বিদায় দিয়া।
অব্যক্ত সংকেত: এতিয়া
একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত কৰি যোগ জ্বালা ৰূপ কৰি তোলা
যেনেকৈ দুৰ্গ নিৰ্মাণ
হয়, যাৰ দ্বাৰা প্ৰজা দুৰ্গৰ ভিতৰত সুৰক্ষিত হৈ থাকে। ৰজাৰ বাবে কোঠা নিৰ্মাণ নকৰে,
দুৰ্গ নিৰ্মাণ কৰে। তোমালোকেও নিজৰ বাবে, সংগীসকলৰ বাবে, অন্য আত্মাসকলৰ বাবে জ্বালা
ৰূপ স্মৃতিৰ দুৰ্গ নিৰ্মাণ কৰা। যেতিয়া স্মৃতিৰ শক্তিয়ে জ্বালা ৰূপ ল’ব তেতিয়া
প্ৰত্যেক আত্মাই সুৰক্ষাৰ অনুভূৱ কৰিব।