28.04.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পিতাৰ সমান আকৰ্ষণীয় (সুন্দৰ) হ’বৰ কাৰণে নিজক আত্মা বিন্দু বুলি বুজি বিন্দু পিতাক
স্মৰণ কৰা”
প্ৰশ্ন:
স্মৃতিত থকাৰ
গুপ্ত কঠোৰ পৰিশ্ৰম প্ৰত্যেক সন্তানে কৰিব লাগে - কিয়?
উত্তৰ:
কিয়নো স্মৃতিত নাথাকিলে আত্মা পাপ আত্মাৰ পৰা পুণ্য আত্মা হ’ব নোৱাৰে। যেতিয়া গুপ্ত
স্মৃতিত থাকিব, দেহী-অভিমানী হ’ব, তেতিয়াহে বিকৰ্ম বিনাশ হ’ব। ধৰ্মৰজাৰ শাস্তিৰ পৰা
ৰক্ষা পোৱাৰ সাধনো হৈছে স্মৃতি। মায়াৰ ধুমুহাই স্মৃতিত থকাতেই বিঘিনি আনে সেইকাৰণে
স্মৃতিত থকাৰ গুপ্ত পৰিশ্ৰম কৰা তেতিয়া লক্ষ্মী-নাৰায়ণৰ দৰে আকৰ্ষণীয় (সুন্দৰ) হ'ব
পাৰিবা।
গীত:
ওঁম্ নমঃ
শিৱায়ে....
ওঁম্শান্তি।
এই মহিমা হৈছে
সকলোৰে পিতাৰ। স্মৰণ কৰা হয় ভগৱানক অৰ্থাৎ পিতাক, তেওঁক মাতা-পিতা বুলি কোৱা হয় নহয়।
ঈশ্বৰ পিতা বুলিও কোৱা হয়। এনেকুৱা নহয় সকলো মানুষ্যক ঈশ্বৰ পিতা বুলি ক’ব। ‘বাবা’
বুলিতো তেওঁকো (লৌকিক পিতাককো) কোৱা হয়। লৌকিক পিতা বুলি যাক কোৱা হয় তেৱোঁ আকৌ
পাৰলৌকিক পিতাক স্মৰণ কৰে। বাস্তৱত স্মৰণ কৰোঁতা হৈছে আত্মা, যিয়ে লৌকিক পিতাকো
স্মৰণ কৰে। সেই আত্মাই নিজৰ ৰূপক, বৃত্তিক নাজানে। আত্মাই নিজকে নাজানে তেন্তে
ঈশ্বৰ পিতাক কেনেকৈ জানিব। নিজৰ লৌকিক পিতাকতো সকলোৱে জানে, তেওঁৰ পৰা উত্তৰাধিকাৰ
পোৱা যায়। নহ’লেনো স্মৰণ কিয় কৰিব। পাৰলৌকিক পিতাৰ পৰা নিশ্চয় উত্তৰাধিকাৰ পাইছিলা।
কয় যে হে ঈশ্বৰ পিতা। তেওঁৰ পৰা দয়া, ক্ষমা খুজিব কিয়নো পাপ কৰি থাকে। এয়াও ড্ৰামাত
নিৰ্ধাৰিত হৈ আছে। কিন্তু আত্মাক জনা আৰু পৰমাত্মাক জনা, এইটো কঠিন বিষয়। আটাইতকৈ
সহজ আৰু অটাইতকৈ কঠিন। যিমানেই বিজ্ঞান আদি শিকে, যাৰ দ্বাৰা চন্দ্ৰলৈকে গুচি যায়।
তথাপিও এই জ্ঞানৰ আগত সেয়া তুচ্ছ। নিজক আৰু পিতাক জনাতো বৰ কঠিন। যিসকল সন্তানে
নিজক ব্ৰহ্মাকুমাৰ-কুমাৰী বুলি কয়, তেওঁলোকেও যাতে নিজক আত্মা বুলি প্ৰত্যয় যায়। মই
আত্মা বিন্দু, মোৰ পিতাও বিন্দু - এইটো পাহৰি যায়। এইটো হৈছে কঠিন বিষয়। নিজক আত্মা
বুলি পাহৰি যায় তেতিয়া পিতাক স্মৰণ কৰিবলৈও পাহৰি যায়। দেহী-অভিমানী হোৱাৰ অভ্যাস
নাই। আত্মা হৈছে বিন্দু, অত্মাতেই 84 জন্মৰ ভূমিকা নিহিত হৈ আছে। মই আত্মাই ভিন্ন
ভিন্ন শৰীৰ লৈ ভূমিকা পালন কৰোঁ, এইটো বাৰে বাৰে পাহৰি যায়। মুখ্য এইটোৱেই
বুজিবলগীয়া কথা। আত্মা আৰু পৰমাত্মাক বুজাৰ বাহিৰে বাকী জ্ঞানতো সকলোৰে বুদ্ধিত আহি
যায়। আমি 84 জন্ম লওঁ, সূৰ্যবংশী, চন্দ্ৰবংশী... হওঁ। এই চক্ৰতো বহুত সহজ। বুজি পাই
যায়। কিন্তু কেৱল চক্ৰক জানিলে ইমান লাভ নহয়, যিমান নিজক আত্মা বুলি নিশ্চয় কৰি
পিতাক স্মৰণ কৰাত লাভ হয়। মই আত্মা তৰা। আকৌ পিতাও তৰা অতি সূক্ষ্ম। তেৱেঁই সৎগতি
দাতা। তেওঁক স্মৰণ কৰিলেহে বিকৰ্ম বিনাশ হ'ব। এনেকৈ কোনেও নিৰন্তৰ স্মৰণ নকৰে।
দেহী-অভিমানী নহয়। অনৱৰত এইটো স্মৃতিত থাকে যে মই আত্মা। পিতাৰ আদেশ হৈছে - মোক
স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ'ব। মই বিন্দু হওঁ। ইয়াত আহি ভূমিকা পালন কৰোঁতা
হৈছোঁ। মোৰ 5 বিকাৰৰ মামৰ লাগি আছে। লৌহযুগত আছোঁ। এতিয়া সোণালী যুগলৈ যাব লাগে
সেইকাৰণে পিতাক বহুত স্নেহেৰে স্মৰণ কৰিব লাগে। এইটো ৰীতিৰে পিতাক স্মৰণ কৰিলে
তেতিয়া মামৰ আঁতৰি যাব। ইয়াত পৰিশ্ৰম হয়। সেৱাৰ যশস্যাতো বহুত কৰে। আজি এইটো সেৱা
কৰিলোঁ, বহুত প্ৰভাৱিত হ'ল কিন্তু শিৱবাবাই বুজি পায় আত্মা আৰু পৰমাত্মাৰ জ্ঞানৰ
ক্ষেত্ৰত অলপো প্ৰভাৱিত নহ’ল। ভাৰত স্বৰ্গ আৰু নৰক কেনেকৈ হয়। 84 জন্ম কেনেকৈ লয়,
সতো-ৰজো-তমোত কেনেকৈ আহে। কেৱল এয়া শুনি প্ৰভাৱিত হয়। পৰমাত্মা নিৰকাৰ, এইটোও বুজি
পায়। বাকী মই আত্মা, মোৰ মাজত 84 জন্মৰ ভূমিকা নিহিত হৈ আছে। পিতাও বিন্দু, তেওঁৰ
গোটেই জ্ঞান আছে। তেওঁক স্মৰণ কৰিব লাগে। এই কথাবোৰ কোনেও নুবুজে। মুখ্য কথাটি
নুবুজে। বিশ্বৰ বুৰঞ্জী-ভূগোলৰ জ্ঞান পিতাইহে দিয়ে। চৰকাৰেও বিচাৰে যে বিশ্বৰ
ইতিহাস-ভূগোল থকা উচিত। এইটোতো তাতকৈও সূক্ষ্ম কথা। আত্মা কি? তাত কেনেকৈ 84 জন্মৰ
ভূমিকা থাকে। সেয়াও অবিনাশী। এইটো স্মৃতিলৈ অনা, নিজক বিন্দু বুলি বুজা আৰু পিতাক
স্মৰণ কৰা যাৰ দ্বাৰা বিকৰ্ম বিনাশ হ’ব - এনেকৈ যোগত কোনেও তৎপৰ হৈ নাথাকে। এনেকৈ
স্মৃতিত থাকিলে তেতিয়া বহুত আকৰ্ষণীয় হৈ যাব। এই লক্ষ্মী-নাৰায়ণক চোৱা কিমান
আকৰ্ষণীয়। ইয়াৰ মনুষ্যকতো চোৱা কেনেকুৱা। নিজেই কয় আমাৰ কোনো গুণ নাই। আমি যেন মলিন
(অপৱিত্ৰ) আপুনি স্বচ্ছ (পৱিত্ৰ)। যেতিয়া নিজক আত্মা বুলি প্ৰত্যয় গৈ পিতাক স্মৰণ
কৰিবা তেতিয়া সফলতা পাবা। নহ’লেতো সফলতা বহুত কম পোৱা যায়। এনেকৈ ভাবে যে মোৰ বহুত
ভাল জ্ঞান আছে। বিশ্বৰ বুৰঞ্জী-ভূগোল মই জানোঁ। কিন্তু যোগৰ খতিয়ান নুশুনায়। কাচিৎহে
কোনোবা আছে যি এইটো অৱস্থাত থাকে অৰ্থাৎ নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰে।
বহুতৰে অভ্যাস নাই। বাবাই বুজি পায় যে সন্তানসকলে কেৱল জ্ঞানৰ চক্ৰ বুদ্ধিত ঘূৰায়।
বাকী মই আত্মা, বাবাৰ সৈতে মই যোগযুক্ত হ’ব লাগে, যাৰ দ্বাৰা লৌহযুগৰ পৰা ওলাই
সোণালী যুগলৈ যাম। মই আত্মাই পিতাক জানিব লাগে, তেওঁৰ স্মৃতিতহে থাকিব লাগে, এইটো
অভ্যাস বহুতৰে কম। বহুত আহেও। ভাল ভাল বুলিও কয়। বাকী তেওঁলোকে এইটো গম নাপায় যে
ভিতৰত কিমান মামৰ লাগি আছে। সুন্দৰৰ পৰা শ্যামবৰণীয়া হৈ গৈছে। আকৌ সুন্দৰ কেনেকৈ
হ'বা? এইটো কোনেও নাজানে। কেৱল বুৰঞ্জী-ভূগোল জনাটোৱেই কাম নহয়। পৱিত্ৰ কেনেকৈ হ’বা?
শাস্তি নোখোৱাৰ উপায় হৈছে - কেৱল স্মৃতিত থকা। যোগ ঠিক নহ’লে তেতিয়া ধৰ্মৰজাৰ শাস্তি
খাবা। এইটো বহুত ডাঙৰ বিষয়, যিটো কোনেও ধাৰণ কৰিব নোৱাৰে। জ্ঞানত নিজক পাকৈত বুলি
বুজি বহি থাকে, এই ক্ষেত্ৰত কোনো সন্দেহ নাই। মূল কথা হৈছে যোগৰ। যোগত বহুত কেঁচা
সেইকাৰণে পিতাই কয় - সাৱধান হৈ থাকিবা, কেৱল পণ্ডিত হ’ব নালাগে। মই আত্মা, মই পিতাক
স্মৰণ কৰিব লাগে। পিতাই আদেশ দিছে - মনমনাভৱ (নিজক আত্মা বুলি বুজি পৰমপিতা শিৱক
স্মৰণ কৰা) এইটো হৈছে মহামন্ত্ৰ। নিজক তৰা বুলি বুজি পিতাকো তৰা বুলি বুজা তাৰপাছত
পিতাক স্মৰণ কৰা। পিতাৰ কোনো ডাঙৰ ৰূপ সন্মুখলৈ নাহে। গতিকে দেহী-অভিমানী হওঁতেই
পৰিশ্ৰম হয়। বিশ্বৰ মহাৰজা মহাৰাণী এগৰাকীকৈ হয়, যাৰ লাখ লাখ প্ৰজা থাকে। প্ৰজাতো
বহুত হয় নহয়। বুৰঞ্জী-ভূগোল জনাতো সহজ কিন্তু যেতিয়া নিজক আত্মা বুলি বুজি পিতাক
স্মৰণ কৰিবা তেতিয়া পাৱন হ'বা। এইটো অভ্যাস বৰ কঠিন। স্মৰণ কৰিবলৈ বহিলে তেতিয়া
ধুমুহাই বহুত বিঘিনি আনিব। কোনোবাই আধা ঘণ্টাও একৰস হৈ বহিব, সেয়াও বৰ কঠিন। বাৰে
বাৰে পাহৰি যাব। এই ক্ষেত্ৰত সঁচাকৈয়ে গুপ্ত পৰিশ্ৰম আছে। চক্ৰৰ ৰহস্য জনাতো সহজ।
বাকী দেহী-অভিমানী হৈ পিতাক স্মৰণ কৰা, এইটো কাচিৎহে কোনোবাই বুজে আৰু সেই অনুসৰি
কাৰ্য কৰে। পিতাৰ স্মৃতিৰেহে তোমালোক পাৱন হ’বা। নিৰোগী কায়া, দীঘলীয়া আয়ুস পাবা।
কেৱল বিশ্বৰ বুৰঞ্জী-ভূগোল বুজালে মালাৰ মণি হ’ব নোৱাৰিবা। মণি হ’বা স্মৃতিত থাকিলে।
এইটো পৰিশ্ৰম কোনেও কৰিব নোৱাৰে। নিজেও বুজে যে আমি স্মৃতিত নাথাকোঁ। ভাল ভাল মহাৰথী
এইটো কথাত ঢিলা। মুখ্য কথা বুজাবই নাজানে। এইটো কথা হয়েই কঠিন। কল্পৰ আয়ুস এওঁলোকে
দীঘলীয়া কৰি দিছে। তোমালোকে 5 হাজাৰ বছৰ বুলি সিদ্ধ কৰা। কিন্তু আত্মা-পৰমাত্মাৰ
ৰহস্য একোৱে নাজানে, স্মৰণেই নকৰে সেইকাৰণে অৱস্থা উঠা-নমা কৰি থাকে। দেহ-অভিমান
বহুত আছে। দেহী-অভিমানী হ’লেহে মালাৰ মণি হ’ব পাৰে। এনেকুৱা নহয় যে বিশ্বৰ
বুৰঞ্জী-ভূগোল বুজাওঁ সেইকাৰণে মই মালাত সমীপত আহি যাম, নহয়। আত্মা ইমান সূক্ষ্ম,
ইয়াত 84 জন্মৰ ভূমিকা নিহিত হৈ আছে। এইটো কথা প্ৰথমে বুদ্ধিত আনিব লাগে, পাছত চক্ৰ
স্মৃতিলৈ আনিব লাগে। মূল কথা হৈছে যোগৰ। যোগী অৱস্থা লাগে। পাপ আত্মাৰ পৰা পুণ্য
আত্মা হ’ব লাগে। যোগেৰে আত্মা পৱিত্ৰ হ’ব। যোগবল থকাসকলহে ধৰ্মৰজাৰ শাস্তিৰ পৰা
ৰক্ষা পাব পাৰে। এইটো পুৰুষাৰ্থ কাচিৎহে কাৰোবাৰ দ্বাৰা হয়। মায়াৰ ধুমুহাও বহুত
আহিব। এইটো বৰ কঠিন গুপ্ত পুৰুষাৰ্থ। লক্ষ্মী-নাৰায়ণ হোৱাতো কোনো মাহীৰ ঘৰলৈ যোৱা
কথা (ইমান উজু) নহয়। এইটো অভ্যাস হৈ গ’লে তেতিয়া চলোঁতে-ফুৰোঁতে পিতাৰ স্মৃতি আহি
থাকিব, ইয়াকেই যোগ বুলি কোৱা হয়। বাকী এই জ্ঞানৰ কথাতো সৰু সৰু সন্তানসকলেও বুজি
পাব। চিত্ৰবিলাকত গোটেই যুগ আদি দেখুওৱা আছে। এয়াতো গতানুগতিক। যেতিয়া কোনো কাৰ্য
আৰম্ভ কৰে তেতিয়া স্বস্তিকা লগায়। এইটো হৈছে সত্যযুগ, ত্ৰেতা, দ্বাপৰ, কলিযুগৰ
প্ৰতীক, বাকী ওপৰত আছে একেবাৰে সৰু সংগমযুগ। গতিকে প্ৰথমে নিজক আত্মা বুলি বুজি
পিতাক স্মৰণ কৰি থাকিলে তেতিয়াহে সেই শান্তি বিয়পিব পাৰে। যোগৰ দ্বাৰা বিকৰ্ম বিনাশ
হ'ব। গোটেই জগতে আত্মা পৰমাত্মাৰ বিষয়ে এইটো কথা পাহৰি গৈছে। কিছুমানে কয় - পৰমাত্মা
হাজাৰ সূৰ্যতকৈও তেজোময়, কিন্তু এইটো কেনেকৈ হ'ব পাৰে। যিহেতু কয় যে আত্মাই পৰমাত্মা
তেন্তে দুয়োটা একে নহ'ল জানো। সৰু-ডাঙৰৰ পাৰ্থক্য থাকিব নোৱাৰে। ইয়াৰ ওপৰতো বুজাব
লাগে। আত্মাৰ ৰূপ হৈছে বিন্দু। আত্মাই যদি পৰমাত্মা হয় তেন্তে পৰমাত্মাও বিন্দু
নহ'ল জানো। ইয়াত পাৰ্থক্যতো হ'ব নোৱাৰে। সকলো যদি পৰমাত্মা হৈ যায় তেন্তে সকলো
ৰচয়িতা হৈ যাব। সকলোৰে সৎগতি কৰোঁতাতো একমাত্ৰ পিতা হয় নহয়। বাকীতো প্ৰত্যেকে নিজৰ
ভূমিকা পাইছে। এইটো বুদ্ধিত ধাৰণ কৰিবলগীয়া হয়, বোধশক্তিৰ কথা। পিতাই কয় - মোক
স্মৰণ কৰা তেতিয়া মামৰ আঁতৰি যাব। এইটো পৰিশ্ৰম কৰিবলগীয়া হয়। এফালেতো আধাকল্প
দেহ-অভিমানী হৈ আছা। সত্যযুগত দেহী-অভিমানী হৈ থাকিও পিতাক নাজানে। জ্ঞানক নাজানে।
এতিয়া তোমালোকে যি জ্ঞান পাইছা সেই জ্ঞান লোপ হৈ যায়। তাত কেৱল ইমানখিনি জানে যে আমি
আত্মাই এটা শৰীৰ এৰি আন এটা লওঁ। ভূমিকা পালন কৰোঁ। ইয়াত চিন্তাৰ কি কথা আছে।
প্ৰত্যেকে নিজৰ নিজৰ ভূমিকা পালন কৰিব লাগে। কান্দিলে কি হ'ব? এইটো বুজোৱা হয়, যদি
কিবা বুজে তেন্তে শান্ত হৈ যাব। নিজে বুজিলে তেতিয়া আনকো বুজাব। বৃদ্ধলোকে বুজায়ো,
কান্দিলে জানো ঘূৰি আহিব। শৰীৰ এৰি আত্মা ওলাই গ'ল, এই ক্ষেত্ৰত কন্দাৰ কি কথা আছে।
অজ্ঞানকালতো এনেকৈ বুজে। কিন্তু তেওঁলোকে এইটো জানো জানে যে আত্মা আৰু পৰমাত্মা কি
বস্তু। আত্মাত খাদ পৰিছে, তেওঁলোকেতো ভাবে আত্মা নিৰ্লেপ। গতিকে এইটো বৰ সূক্ষ্ম কথা।
বাবাই জানে বহুত সন্তান স্মৃতিত নাথাকে। কেৱল বুজালে কি হ'ব। বহুত প্ৰভাৱিত হ'ল,
কিন্তু ইয়াৰ দ্বাৰা তেওঁলোকৰ জানো কিবা কল্যাণ হ’ল। আত্মা-পৰমাত্মাৰ পৰিচয় পালে
তেতিয়া বুজিব যথাযথ আমি তেওঁৰ সন্তান। পিতাহে পতিত-পাৱন। তেওঁ আহি আমাক দুখৰ পৰা
মুক্ত কৰে। তেৱোঁ বিন্দু। গতিকে পিতাক নিৰন্তৰ স্মৰণ কৰিব লাগে। বাকী
বু্ৰঞ্জী-ভূগোল জনাতো কোনো ডাঙৰ কথা নহয়। যদিও বুজিবলৈ আহে কিন্তু এইটো অৱস্থাত
তৎপৰ হৈ থাকক যে মই আত্মা, এই ক্ষেত্ৰতহে পৰিশ্ৰম হয়। আত্মা-পৰমাত্মাৰ কথাতো
তোমালোককো পিতাহে আহি বুজায়। সৃষ্টিৰ চক্ৰতো সহজ। যিমান সম্ভৱ উঠোঁতে-বহোঁতে
দেহী-অভিমানী হোৱাৰ পৰিশ্ৰম কৰিব লাগে। দেহী-অভিমানী বহুত শান্ত হৈ থাকে। বুজি পায়
মই শান্তিলৈ যাব লাগে। নিৰাকাৰী জগতত গৈ বিৰাজমান হ'ব লাগে। মোৰ ভূমিকা এতিয়া পূৰা
হ’ল। পিতাৰ ৰূপ সূক্ষ্ম বিন্দু বুলি বুজিব। তেওঁ কোনো ডাঙৰ লিঙ্গ নহয়। বাবা অতি
সূক্ষ্ম। তেৱেঁই জ্ঞানপূৰ্ণ, সকলোৰে সৎগতিদাতা। মই আত্মাও জ্ঞানপূৰ্ণ হৈ আছোঁ।
এনেকুৱা চিন্তন যেতিয়া চলিব তেতিয়া উচ্চ পদ পাব পাৰে। গোটেই জগতত কোনেও
আত্মা-পৰমাত্মাক নাজানে।
তোমালোক ব্ৰাহ্মণসকলে
এতিয়া জানিলা। সন্ন্যাসীসকলেও নাজানে। আহি নুবুজেও। তেওঁলোকতো সকলো নিজৰ নিজৰ
ধৰ্মতহে আহিব। হিচাপ-নিকাচ নিষ্পত্তি কৰি গুচি যাবগৈ। তোমালোকেহে এইটো পৰিশ্ৰম কৰিলে
পিতাৰ পৰা উত্তৰাধিকাৰ পাবা। এতিয়া আকৌ দেহী-অভিমানী হ'ব লাগে। অন্তৰতো আত্মাত আছে
নহয়। আত্মাইহে অন্তৰ পিতাৰ সৈতে লগাব লাগে। অন্তৰ শৰীৰত নাই। শৰীৰৰতো সকলোবোৰ স্থূল
কৰ্মেন্দ্ৰিয়। অন্তৰ লগোৱাতো এইটো হৈছে আত্মাৰ কাম। নিজক আত্মা বুলি বুজি আকৌ
পৰমাত্মাৰ সৈতে অন্তৰ লগাব লাগে। আত্মা বহুত সূক্ষ্ম। কিমান সূক্ষ্ম আত্মা, কিমান
ভূমিকা পালন কৰে। এয়া হৈছে প্ৰকৃতি। ইমান সূক্ষ্ম বস্তুত কিমান অবিনাশী ভূমিকা
নিহিত হৈ আছে। সেয়া কেতিয়াও নাশ হৈ নাযায়। অতি সূক্ষ্ম। তোমালোকে চেষ্টা কৰিলে
তথাপিও ডাঙৰ বস্তু স্মৃতিলৈ আহি যাব। মই আত্মা এটি সূক্ষ্ম তৰা গতিকে পিতাও সূক্ষ্ম।
তোমালোক সন্তানসকলে প্ৰথমতে এইটো পৰিশ্ৰম কৰিব লাগে। ইমান ক্ষুদ্ৰ আত্মাহে এতিয়া
পতিত হৈছে। আত্মাক পাৱন কৰি তোলাৰ এইটো হৈছে প্ৰথম উপায়। পাঠ পঢ়িব লাগে। বাকী
খেল-ধেমালি কৰা সেয়া বেলেগ কথা। খেলাৰো এটা কৌশল আছে। পঢ়াৰ দ্বাৰা পদমৰ্যাদা পোৱা
যায়। খেল-ধেমালিৰে পদমৰ্যাদা পোৱা নাযায়। খেল আদিৰ বিভাগ বেলেগ। তাৰ লগত জ্ঞান আৰু
যোগৰ সম্পৰ্ক নাই। এই ভোগ আদি আগবঢ়োৱাটোও হৈছে খেল। মুখ্য কথা হৈছে স্মৃতিত থকাৰ।
ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) ধৰ্মৰজাৰ
শাস্তিৰ পৰা ৰক্ষা পাবৰ কাৰণে স্মৃতিত থকাৰ গুপ্ত পৰিশ্ৰম কৰিব লাগে। পাৱন হোৱাৰ
উপায় হৈছে নিজক আত্মা বিন্দু বুলি বুজি পিতাক স্মৰণ কৰা।
(2) জ্ঞানত নিজে নিজক
পাকৈত বুলি ভাবিব নালাগে, একৰস স্থিতি গঢ়ি তোলাৰ অভ্যাস কৰিব লাগে। পিতাৰ যি আজ্ঞা
সেয়া পালন কৰিব লাগে।
বৰদান:
প্ৰতিটো কৰ্ম
কৰি কমল আসনত বিৰাজমান হৈ থাকোঁতা সহজ আৰু নিৰন্তৰ যোগী হোৱা
নিৰন্তৰ যোগযুক্ত হৈ
থাকিবলৈ কমল পুষ্পৰ আসনত সৰ্বদা বিৰাজমান হৈ থাকা কিন্তু কমল আসনত তেওঁহে স্থিৰ হৈ
থাকিব পাৰে যি পাতল (বোজা মুক্ত) হয়। কোনো ধৰণৰ বোজা বা বন্ধন যাতে নাথাকে। মনত
সংকল্পৰ বোজা, সংস্কাৰৰ বোজা, জগতৰ বিনাশী বস্তুৰ আকৰ্ষণৰ বোজা, লৌকিক সমন্ধীয়ৰ
মমত্বৰ বোজা - যেতিয়া এই সকলোবোৰ বোজা আঁতৰিব তেতিয়াহে কমল আসনত বিৰাজমান হৈ
নিৰন্তৰ যোগী হ’ব পাৰিবা।
স্লোগান:
সহনশীলতা গুণ ধাৰণ কৰি লোৱা তেতিয়া অসত্যতাৰ সহায় ল’বলগীয়া নহ’ব।
অব্যক্ত ইংগিত: মহান
হ’বলৈ মধুৰতা আৰু নম্ৰতাৰ গুণ ধাৰণ কৰা
কাৰোবাৰ সংস্কাৰ সৰল,
মধুৰ হ’লে সেয়া সংস্কাৰ স্বৰূপত আহে। যেতিয়া সংস্কাৰ বাপদাদাৰ সমান হৈ যাব তেতিয়া
বাপদাদাৰ স্বৰূপ সকলোৱে দেখিবলৈ পাব। যেনেকুৱা বাপদাদা তেনেকুৱা হুবহু সেয়াই গুণ,
সেয়াই কৰ্তব্য, সেয়াই বাণী, সেয়াই সংকল্প অনুভৱ হ’ব। সকলোৰে মুখৰ পৰা ওলাব এওঁলোককতো
তেওঁ যেনেই লাগে।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]