28.06.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
নিজৰ উন্নতিৰ কাৰণে নিতৌ ৰাতি শোৱাৰ আগতে নিজৰ খতিয়ান চোৱা, পৰীক্ষা কৰা - মই গোটেই
দিনটোত কাকো দুখতো নিদিলোঁ?”
প্ৰশ্ন:
মহান
সৌভাগ্যশালী সন্তানসকলৰ কোনটো বাহাদুৰী থাকিব?
উত্তৰ:
যিসকল মহান সৌভাগ্যশালী তেওঁলোক স্ত্ৰী-পুৰুষ একেলগে থাকিও ভাই ভাই হৈ (আত্মা
স্বৰূপত) থাকিব। স্ত্ৰী-পুৰুষৰ বোধ নাথাকিব। দৃঢ় নিশ্চয় বুদ্ধিৰ হ'ব। মহান
সৌভাগ্যশালী সন্তানে তৎক্ষণাৎ বুজি পাই যায় যে ময়ো বিদ্যাৰ্থী, এৱোঁ বিদ্যাৰ্থী,
ভাই-ভনী হৈ গ'ল, কিন্তু এইটো বাহাদুৰীত তেতিয়াহে দেখুৱাব পাৰে যেতিয়া নিজক আত্মা
বুলি বুজিব।
গীত:
মুখৰা দেখ লে
প্ৰাণী অপনি দিল দৰ্পণ মে..... (অন্তৰ দৰ্পণত নিজৰ চেহেৰা চাই লোৱা হে প্ৰাণী.....)
ওঁম্শান্তি।
এইটো কথা
পিতাই নিতৌ সন্তানসকলক বুজায় যে শোৱাৰ সময়ত নিজৰ ভিতৰত খতিয়ান চোৱা যে কাকো দুখতো
নিদিলোঁ আৰু কিমান সময় পিতাক স্মৰণ কৰিলোঁ? মূল কথা এইটোৱেই। গীততো কয় - নিজৰ ভিতৰত
চোৱা - মই কিমান তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈছোঁ? গোটেই দিনটোত কিমান সময় নিজৰ মৰমৰ
পিতাক স্মৰণ কৰিলোঁ? কোনো দেহধাৰীক স্মৃতিত আনিব নালাগে। সকলো আত্মাক কোৱা হয় -
নিজৰ পিতাক স্মৰণ কৰা। এতিয়া উভতি যাব লাগে। ক'লৈ যাব লাগে? শান্তিধাম হৈ নতুন
সৃষ্টিলৈ যাব লাগে। এয়াতো পুৰণি সৃষ্টি হয় নহয়। যেতিয়া পিতা আহিব তেতিয়া স্বৰ্গৰ
দ্বাৰ মুকলি হ’ব। এতিয়া তোমালোক সন্তানসকলে জানা যে আমি সংগমযুগত বহি আছোঁ। এইটোও
ৱাণ্ডাৰ (আচৰিত কথা) যে সংগমযুগত আহি পানী জাহাজত বহি আকৌ নামি যায়। এতিয়া তোমালোকে
সংগমযুগত পুৰুষোত্তম হ’বৰ বাবে আহি নাওত বহিছা, পাৰ হ’বৰ কাৰণে। সেয়েহে পুৰণি
কলিযুগী সৃষ্টিৰ পৰা অন্তৰৰ আকৰ্ষণ আঁতৰাই দিবলগীয়া হয়। এই শৰীৰৰ দ্বাৰা কেৱল ভূমিকা
পালন কৰিবলগীয়া হয়। এতিয়া আমি অতি আনন্দেৰে উভতি যাব লাগে। মনুষ্যই মুক্তিৰ কাৰণে
কিমান মগজ খটুৱায় কিন্তু মুক্তি-জীৱনমুক্তিৰ অৰ্থ বুজি নাপায়। শাস্ত্ৰৰ শব্দবোৰ
কেৱল শুনিছে কিন্তু সেয়া কি বস্তু, কোনে দিয়ে, কেতিয়া দিয়ে, এয়া একোৱে নাজানে।
তোমালোক সন্তানসকলে জানা যে পিতা মুক্তি-জীৱনমুক্তিৰ উত্তৰাধিকাৰ দিবলৈ আহে। সেয়াও
কেৱল এবাৰ জানো, অনেক বাৰ। অন্তহীন বাৰ তোমালোকে মুক্তিৰ পৰা জীৱনমুক্তি আকৌ জীৱন
বন্ধনত আহিছা। তোমালোকে এতিয়া এইটো বুজিছা যে আমি আত্মা, বাবাই আমাক অৰ্থাৎ
সন্তানসকলক শিক্ষা বহুত দিয়ে। তোমালোকে ভক্তিমাৰ্গত দুখত স্মৰণ কৰিছিলা, কিন্তু চিনি
পোৱা নাছিলা। এতিয়া মই তোমালোকক পৰিচয় দিছোঁ যে কেনেকৈ মোক স্মৰণ কৰিলে তোমালোকৰ
বিকৰ্ম বিনাশ হ'ব। এতিয়ালৈকে কিমান বিকৰ্ম হ’ল, সেয়া নিজৰ খতিয়ান ৰাখিলে জানিব
পাৰিবা। যিসকল সেৱাত ব্যস্ত হৈ থাকে তেওঁলোকে গম পায়, সন্তানসকলৰ সেৱাৰ ৰুচি থাকে।
পৰস্পৰ মিলি সিদ্ধান্ত লৈ মনুষ্যৰ জীৱন হীৰাতুল্য কৰি তুলিবলৈ সেৱাৰ বাবে ওলায়। এইটো
কিমান পুণ্যৰ কাম। ইয়াত খৰচ আদিৰো কোনো কথা নাই। কেৱল হীৰাৰ দৰে হ'বলৈ পিতাক স্মৰণ
কৰিব লাগে। ‘পুখৰাজ পৰী’, ‘স্বব্জ পৰী’ আদি যি নাম আছে, সেয়া তোমালোক হোৱা। যিমানে
স্মৃতিত থাকিবা সিমানে হীৰাৰ দৰে হৈ যাবাগৈ। কোনোবা মাণিকৰ দৰে, কোনোবা পুখৰাজৰ দৰে
হ’বগৈ। 9 ৰত্ন থাকে নহয়। কাৰোবাৰ গ্ৰহগতি বেয়া হ'লে 9 ৰত্নৰ আঙুঠি পিন্ধে।
ভক্তিমাৰ্গত বহুত উপচাৰ দিয়ে। ইয়াততো সকলো ধৰ্মৰ লোকৰ বাবে এটাই উপচাৰ – ‘মনমনাভৱ’
কিয়নো ঈশ্বৰ এজনেই। মনুষ্যৰ পৰা দেৱতা হোৱাৰ বা মুক্তি-জীৱনমুক্তি পোৱাৰ পুৰুষাৰ্থ
এটাই, কেৱল পিতাক স্মৰণ কৰিব লাগে, কষ্টৰ কোনো কথা নাই। ভাবিব লাগে মোৰ স্মৃতি কিয়
স্থায়ী নহয়। গোটেই দিনটোত ইমান কম সময় কিয় স্মৰণ কৰিলোঁ? যিহেতু এই স্মৃতিৰ দ্বাৰা
আমি সৰ্বদা স্বাস্থ্যৱান, নিৰোগী হ’মগৈ তেন্তে কিয়নো নিজৰ খতিয়ান ৰাখি উন্নতি নকৰোঁ।
বহুত আছে যিয়ে 2-4 দিন খতিয়ান ৰাখি আকৌ পাহৰি যায়। যিকোনো লোককে বুজোৱা একেবাৰে সহজ।
নতুন সৃষ্টিক সত্যযুগ আৰু পুৰণি সৃষ্টিক কলিযুগ বুলি কোৱা হয়। কলিযুগ সলনি হৈ
সত্যযুগ হ’ব। সলনি হয় সেইবাবে মই বুজাই আছোঁ।
বহুত সন্তানৰ এইটোও
দৃঢ় নিশ্চয়তা নাই যে এয়া সেইজনেই নিৰকাৰ পিতাই ব্ৰহ্মাৰ শৰীৰত আহি আমাক পঢ়াই আছে।
হেৰ’, ব্ৰাহ্মণ হোৱা নহয়। ব্ৰহ্মাকুমাৰ-ব্ৰহ্মাকুমাৰী বুলি কোৱা, তাৰ অৰ্থই বা কি,
উত্তৰাধিকাৰ ক’ৰ পৰা পাবা! তোলনীয়া তেতিয়া হয় যেতিয়া কিবা প্ৰাপ্তি হয়। তোমালোক
ব্ৰহ্মাৰ সন্তান ব্ৰহ্মাকুমাৰ-কুমাৰী কিয় হৈছা? সঁচাকৈয়ে হৈছা নে তাতো কাৰোবাৰ সংশয়
আহি যায়। যিসকল মহান সৌভাগ্যশালী সন্তান আছে তেওঁলোক স্ত্ৰী-পুৰুষ একেলগে থাকিও ভাই
ভাই হৈ (আত্মা স্বৰূপত) থাকিব। স্ত্ৰী-পুৰুষৰ বোধ নাথাকিব। দৃঢ় নিশ্চয় বুদ্ধিৰ নহ’লে
স্ত্ৰী-পুৰুষৰ দৃষ্টি সলনি হ’বলৈও সময় লাগে। মহান সৌভাগ্যশালী সন্তানে তৎক্ষণাৎ বুজি
পায় – ময়ো বিদ্যাৰ্থী, এৱোঁ বিদ্যাৰ্থী ভাই-ভনী হৈ গ'ল। এইটো বাহাদুৰী তেতিয়াহে
দেখুৱাব যেতিয়া নিজক আত্মা বুলি বুজিব। আত্মাতো সকলো ভাই ভাই হয়, আকৌ
ব্ৰহ্মাকুমাৰ-ব্ৰহ্মাকুমাৰী হ’লে ভাই-ভনী হৈ যায়। কোনোবাতো বন্ধন মুক্তও আছে,
তথাপিও কাৰোবাৰ ফালে বুদ্ধি যায়। কৰ্মাতীত অৱস্থা হ'বলৈ সময় লাগে। তোমালোক
সন্তানসকল ভিতৰি বহুত আনন্দিত হৈ থকা উচিত। কোনো জঞ্জাল নাই। আমি আত্মাসকল এতিয়া
পুৰণা শৰীৰ আদি সকলো এৰি বাবাৰ ওচৰলৈ যাওঁ। আমি কিমান ভূমিকা পালন কৰিলোঁ। এতিয়া
চক্ৰ সম্পূৰ্ণ হয়। এনেকৈ নিজৰ সৈতে কথা পাতিব লাগে। যিমানে কথা পাতি থাকিবা সিমানে
হৰ্ষিত হৈও থাকিবা আৰু নিজৰ চলনো নিৰীক্ষণ কৰি থাকিবা - কিমানলৈকে মই
লক্ষ্মী-নাৰায়ণক বৰণ কৰাৰ লায়ক হৈছোঁ? বুদ্ধিৰে বুজা যায় - এতিয়া অলপ সময় পাছত পুৰণা
শৰীৰ ত্যাগ কৰিব লাগিব। তোমালোক ভাৱৰীয়াও হোৱা নহয়। নিজক ভাৱৰীয়া বুলি ভাবা। আগতে
ভবা নাছিলা, এতিয়া এই জ্ঞান পাইছা গতিকে ভিতৰি বহুত আনন্দিত হৈ থকা উচিত। পুৰণি
সৃষ্টিৰ প্ৰতি বৈৰাগ্য, ঘৃণা জন্মিব লাগে।
তোমালোক বেহদৰ
সন্ন্যাসী, ৰাজযোগী। এই পুৰণা শৰীৰকো বুদ্ধিৰে সন্ন্যাস কৰিব লাগে। আত্মাই বুজি পায়
– ইয়াৰ প্ৰতি বুদ্ধিৰ আকৰ্ষণ ৰাখিব নালাগে। বুদ্ধিৰে এই পুৰণি সৃষ্টি, পুৰণা শৰীৰৰ
সন্ন্যাস কৰিছোঁ। এতিয়া আমি আত্মাসকল যাওঁ, গৈ পিতাৰ সৈতে মিলিত হ’ম। সেয়াও তেতিয়া
হ'ব যেতিয়া এজন পিতাক স্মৰণ কৰিবা। অন্য কাৰোবাক স্মৰণ কৰিলে তেন্তে স্মৃতি নিশ্চয়
আহিব। তেতিয়া শাস্তিও ভুগিব লাগিব আৰু পদো ভ্ৰষ্ট হৈ যাব। যিসকল ভাল বিদ্যাৰ্থী
তেওঁলোকে নিজৰ সৈতে প্ৰতিজ্ঞা কৰি লয় যে মই বৃত্তি লৈহে এৰিম। গতিকে ইয়াতো প্ৰত্যেকে
এইটো খেয়ালত ৰাখিব লাগে যে মই পিতাৰ পৰা পূৰা ৰাজ্য-ভাগ্য লৈহে এৰিম। তেওঁলোকৰ
তেতিয়া চলনো এনেকুৱাই হৈ থাকিব। আগলৈ পুৰুষাৰ্থ কৰি কৰি ঘাতি পূৰণ কৰিব লাগিব। সেইটো
তেতিয়া হ'ব যেতিয়া নিতৌ সন্ধিয়া নিজৰ অৱস্থা নিৰীক্ষণ কৰিবা। বাবাৰ ওচৰলৈতো
প্ৰত্যেকৰে খবৰ আহে নহয়। বাবাই প্ৰত্যেককে বুজিব পাৰে, কাৰোবাকতো কৈ দিয়ে যে তোমাৰ
মাজত সেয়া দেখিবলৈ পোৱা নাযায়। এই লক্ষ্মী-নাৰায়ণৰ দৰে হোৱাৰ চেহেৰা দেখিবলৈ পোৱা
নাযায়। চলন, খোৱা-বোৱা আদিতো চোৱা। সেৱানো ক’ত কৰা! তেতিয়া কি হ'বাগৈ! আকৌ অন্তৰত
ভাবে - মই কিবা কৰি দেখুৱাম। এই ক্ষেত্ৰত প্ৰত্যেকে স্বতন্ত্ৰ হৈ নিজৰ ভাগ্য উচ্চ
কৰি তুলিবৰ কাৰণে পঢ়িব লাগে। যদিহে শ্রীমতত নচলা তেন্তে সিমান উচ্চ পদো পাব নোৱাৰিবা।
এতিয়া কৃতকাৰ্য নহ’লে তেন্তে কল্প-কল্পান্তৰলৈ হ'ব নোৱাৰিবা। তোমালোকে সকলো
সাক্ষাৎকাৰ কৰিবা - মই কি পদ পোৱাৰ লায়ক? নিজৰ পদৰো সাক্ষাৎকাৰ কৰি থাকিবা।
আৰম্ভণিতো সাক্ষাৎকাৰ কৰিছিল তেতিয়া বাবাই শুনাবলৈ মানা কৰি দিছিল। অন্তিমত সকলো গম
পোৱা যাব যে মই কি হ'মগৈ তেতিয়া একো কৰিব নোৱাৰিবা। কল্প-কল্পান্তৰলৈ এয়াই অৱস্থা
হৈ যাব। দ্বৈত মুকুটধাৰী, দ্বৈত ৰাজ্য-ভাগ্য পাব নোৱাৰিবা। এতিয়া পুৰুষাৰ্থ কৰাৰ
সীমা বহুত আছে, ত্ৰেতাৰ অন্তিমলৈকে 16108ৰ দীঘল মালা তৈয়াৰ হয়। তোমালোক ইয়ালৈ নৰৰ
পৰা নাৰায়ণ হোৱাৰ পুৰুষাৰ্থ কৰিবলৈকে আহিছা। যেতিয়া কম পদৰ সাক্ষাৎকাৰ হ'ব তেতিয়া
সেই সময়ত যেন ঘৃণা জন্মিব ধৰিব। মুখ তলমুৱা হৈ যাব। মইতো একোৱে পুৰুষাৰ্থ নকৰিলোঁ।
বাবাই কিমান বুজালে যে খতিয়ান ৰাখা, এইটো কৰা সেইবাবে বাবাই কৈছিল যিসকল সন্তান আহে
সকলোৰে ফটো উঠাই ৰাখিব লাগে। লাগিলে দলটোৰ একেলগে ফটো হওঁক। দল লৈ আহা নহয়। তাত আকৌ
তাৰিখ, ছবি আদি সকলো থাকিব লাগে। তেতিয়া বাবাই কৈ থাকিব কোন অৱনমিত হ’ল? বাবাৰ ওচৰলৈ
সকলো খবৰেই আহে, শুনাই থাকিব। কিমানক মায়াই টানি লৈ গ'ল। শেষ হৈ গ'ল। কন্যাসকলো
বহুত অৱনমিত হয়। একেবাৰে দুৰ্গতি হৈ যায়, কথাই নুসুধিবা সেইবাবে বাবাই কয় -
সন্তানসকল, সাৱধানে থাকিবা। মায়াই কিবা নহয় কিবা ৰূপ ধাৰণ কৰি ধৰি লয়। কাৰো
নাম-ৰূপৰ ফালে নাচাবাই। যদিও এই দুচকুৰে দেখা কিন্তু বুদ্ধিত এজন পিতাৰ স্মৃতি আছে।
তৃতীয় নেত্ৰ এইবাবেই পাইছা যাতে পিতাকহে প্ৰত্যক্ষ কৰা আৰু স্মৰণ কৰা। দেহ-অভিমান
ত্যাগ কৰি গৈ থাকা। এনেকুৱাও নহয় যে চকু তললৈ কৰি কাৰোবাৰ সৈতে কথা পাতিব লাগে।
এনেকুৱা দুৰ্বল হ'ব নালাগে। দেখিও বুদ্ধিৰ যোগসূত্ৰ নিজৰ অতিকৈ মৰমৰ প্ৰিয়তমৰ (শিৱবাবাৰ)
সৈতে থাকিব লাগে। এইখন সৃষ্টিক দেখিও ভিতৰি বুজি পায় যে এয়াতো এতিয়া কবৰস্থান হ'বগৈ।
ইয়াৰ সৈতে কি সম্পৰ্ক ৰাখিম। তোমালোকে জ্ঞান পোৱা – সেয়া ধাৰণ কৰি সিপাৰে যাব লাগে।
তোমালোক সন্তানসকলে
যেতিয়া প্ৰদৰ্শনী আদিত বুজোৱা তেতিয়া হাজাৰ বাৰ মুখেৰে ‘বাবা বাবা’ উচ্চাৰিত হ'ব
লাগে। বাবাক স্মৰণ কৰিলে তোমালোকৰ কিমান লাভ হ'ব। শিৱবাবাই কয় – মামেকম্ (কেৱল মোক)
স্মৰণ কৰিলে বিকৰ্ম বিনাশ হ'ব। শিৱবাবাক স্মৰণ কৰিলে তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ
যাবা। বাবাই কয় - মোক স্মৰণ কৰা। এইটো পাহৰি নাযাবা। পিতাৰ নিৰ্দেশনা পাইছা
‘মনমনাভৱ’। পিতাই কৈছে - এই ‘বাবা’ শব্দটি ভালদৰে মন্থন কৰি থাকা। গোটেই দিন ‘বাবা
বাবা’ কৰি থাকিব লাগে। অন্য কোনো কথা নাই। প্ৰথম নম্বৰৰ মুখ্য কথা এইটোৱেই। প্ৰথমে
পিতাক জানিব লাগে, ইয়াতেই কল্যাণ আছে। এই 84ৰ চক্ৰক বুজাটোতো অতি সহজ। সন্তানসকলৰ
প্ৰদৰ্শনীত বুজোৱাৰ বহুত চখ থাকিব লাগে। যদি ক’ৰবাত দেখা যে মই বুজাব নোৱাৰো তেতিয়া
ক’ব পাৰা যে আমাৰ জেষ্ঠ ভগ্নীক মাতি দিওঁ কিয়নো এয়াও পাঠশালা হয় নহয়। ইয়াত কোনোৱে
কম, কোনোৱে বেছিকৈ পঢ়ে। এনেকৈ ক’বলৈ দেহ-অভিমান আহিব নালাগে। য'ত ডাঙৰ সেৱাকেন্দ্ৰ
থাকে ত’ত প্ৰদৰ্শনীও অনুষ্ঠিত কৰিব লাগে। চিত্র আঁৰি থ’ব লাগে - স্বৰ্গৰ দ্বাৰ।
এতিয়া স্বৰ্গৰ দ্বাৰ মুকলি হৈ আছে। এই আগন্তুক যুদ্ধৰ আগতেই নিজৰ উত্তৰাধিকাৰ লৈ
লোৱা। যেনেকৈ মন্দিৰলৈ নিতৌ যোৱা হয়, সেইদৰে তোমালোকৰ বাবে এই পাঠশালা। চিত্ৰ আঁৰি
থোৱা থাকিলে তেতিয়া বুজোৱাত সহজ হ'ব। চেষ্টা কৰা যে নিজৰ পাঠশালাখনক কেনেকৈ
চিত্ৰশালা কৰি তোলোঁ? জাকজমকতাও যদি থাকে তেন্তে মনুষ্য আহিব। বৈকুণ্ঠলৈ যোৱাৰ
ৰাস্তা, এক চেকেণ্ডত বুজি পোৱাৰ ৰাস্তা। পিতাই কয় - তমোপ্ৰধানতো কোনেও বৈকুণ্ঠলৈ
যাব নোৱাৰে। নতুন সৃষ্টিলৈ যোৱাৰ বাবে সতোপ্ৰধান হ'ব লাগে, ইয়াত একোৱে খৰচ নাই।
মন্দিৰ বা গীৰ্জা আদিলৈ যোৱাৰ প্ৰয়োজন নাই। স্মৰণ কৰি কৰি পৱিত্ৰ হৈ পোনে পোনে মৰমৰ
ঘৰলৈ (শান্তিধামলৈ) যাম। মই নিশ্চয়তা প্ৰদান কৰিছোঁ তোমালোক এনেকৈ অপৱিত্ৰৰ পৰা
পৱিত্ৰ হৈ যাবা। গোলকৰ (সৃষ্টি চক্ৰৰ) চিত্ৰখনৰ ক্ষেত্ৰত দ্বাৰ ডাঙৰকৈ ৰাখিব লাগে।
স্বৰ্গৰ দ্বাৰ কেনেকৈ মুকলি হয়। কিমান স্পষ্ট। নৰকৰ গেট বন্ধ হ'ব। স্বৰ্গত নৰকৰ নাম
নাথাকে। কৃষ্ণক কিমান স্মৰণ কৰে। কিন্তু এইটো কোনেও নাজানে যে তেওঁ কেতিয়া আহে,
একোৱেই নাজানে। পিতাকেই নাজানে। ভগৱানে আমাক পুনৰাই ৰাজযোগ শিকায় - এইটো স্মৃতিত
থাকিলেও কিমান আনন্দিত হ’বা। এইটোও আনন্দ থাকিব লাগে যে আমি ঈশ্বৰ পিতাৰ বিদ্যাৰ্থী।
এইটো কিয় পাহৰিব লাগে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) গোটেই দিন
মুখেৰে ‘বাবা বাবা’ উচ্চাৰিত হৈ থাকিব লাগে, অন্য নহ’লেও প্ৰদৰ্শনী আদিত বুজোৱাৰ
সময়ত মুখেৰে হাজাৰ বাৰ ‘বাবা বাবা’ উচ্চাৰিত হ’ব লাগে।
(2) এই দুচকুৰে সকলো
দেখিও, এজন পিতাৰ স্মৃতিত থাকিব লাগে, পৰস্পৰ বাৰ্তালাপ কৰিও তৃতীয় নেত্রৰ দ্বাৰা
আত্মাক আৰু আত্মাৰ পিতাক চোৱাৰ অভ্যাস কৰিব লাগে।
বৰদান:
প্ৰতিটো
চেকেণ্ড আৰু সংকল্প অমূল্য ৰীতিৰে ব্যতীত কৰোঁতা অমূল্য ৰত্ন হোৱা
সংগমযুগৰ এটা
চেকেণ্ডৰো বহুত মূল্য আছে। যেনেকৈ একৰ বিপৰীতে লাখ গুণ হয় তেনেকৈ যদি এটা চেকেণ্ডো
ব্যৰ্থত যায় তেন্তে লাখ গুণ ব্যৰ্থত যায় – সেই কাৰণে ইমান মনোযোগ দিয়া তেতিয়া
অমনোযোগিতা সমাপ্ত হৈ যাব। এতিয়াতো কোনো হিচাপ লওঁতা নাই কিন্তু অলপ সময়ৰ পাছত
পশ্চাতাপ হ’ব কিয়নো এই সময়ৰ মূল্য বহুত। যিয়ে নিজৰ প্ৰতিটো চেকেণ্ড, প্ৰতিটো সংকল্প
অমূল্য ৰীতিৰে ব্যতীত কৰে তেৱেঁই অমূল্য ৰত্ন।
স্লোগান:
যি সদায় যোগযুক্ত তেওঁ সহযোগৰ অনুভৱ কৰি বিজয়ী হৈ যায়।
অব্যক্ত সংকেত:
আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা
আত্মা শব্দটি স্মৃতিত
আহিলেই আত্মিকতাৰ লগতে শুভ-ভাৱনাও আহি যায়। পৱিত্ৰ দৃষ্টি হৈ যায়। লাগিলে কোনোবাই
গালিও দি আছে কিন্তু এইটো স্মৃতি থাকিব লাগে যে এই আত্মাটিয়ে তমোগুণী ভূমিকা পালন
কৰি আছে তেতিয়া তেওঁৰ প্ৰতি ঘৃণা নজন্মিব, তেওঁৰ প্ৰতিও শুভ-ভাৱনা বৰ্তি থাকিব।