28.08.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকে ড্ৰামাৰ গুপ্ত ৰহস্য জানা যে এই সংগমযুগেই আৰোহণ কলাৰ যুগ, সত্যযুগৰ পৰা কলা কম হৈ গৈ থাকে”

প্ৰশ্ন:
সকলোতকৈ উত্তম সেৱা কোনটো আৰু সেই সেৱা কোনে কৰে?

উত্তৰ:
ভাৰতক স্বৰ্গ কৰি তোলা, প্ৰজাক ৰজা কৰি তোলা, পতিতক পাৱন কৰি তোলা - এয়া হৈছে সকলোতকৈ উত্তম সেৱা। এনেকুৱা সেৱা এজন পিতাৰ বাহিৰে অন্য কোনেও কৰিব নোৱাৰে। পিতাই এনেকুৱা মহান সেৱা কৰিছে সেইবাবেইতো সন্তানসকলে তেওঁক সন্মান কৰে, সৰ্ব প্ৰথমে সোমনাথ মন্দিৰ নিৰ্মাণ কৰি তেওঁৰ পূজা কৰে।

গীত:
আখিৰ ৱহ দিন আয়া আজ….. (অৱশেষত সেই দিনটি আজি আহিল…..)

ওঁম্শান্তি।
অতি মৰমৰ আত্মিক সন্তানসকলে এই গীতটি শুনিলা। যিদৰে আত্মা গুপ্ত আৰু শৰীৰ প্ৰত্যক্ষ, আত্মাক এই দুচকুৰে দেখা পোৱা নাযায়, গুপ্ত হয়। (আত্মা) নিশ্চয় আছে কিন্তু এই শৰীৰৰ দ্বাৰা ঢাক খাই আছে, সেইবাবে কোৱা হয় আত্মা গুপ্ত। আত্মাই নিজে কয় মই নিৰাকাৰ হওঁ, ইয়াত সাকাৰত আহি গুপ্ত হৈ আছোঁ। আত্মাসকলৰ নিৰাকাৰী সৃষ্টি আছে। তাততো গুপ্ত হৈ থকাৰ কথা নাই। পৰমপিতা পৰমাত্মাও তাত থাকে, তেওঁক কোৱা হয় - সৰ্বশ্ৰেষ্ঠ। উচ্চতকৈও উচ্চ আত্মা। আটাইতকৈ দূৰৈত থাকোঁতা হৈছে পৰমপিতা পৰমাত্মা। পিতাই কয় - যিদৰে তোমালোক গুপ্ত, ময়ো গুপ্তবেশত আহিবলগীয়া হয়। মই গৰ্ভকাৰাগাৰত নাহোঁ। মোৰ এটাই নাম ‘শিৱ’ চলি আহি থাকে। মই এওঁৰ এওঁৰ শৰীৰত আহিলে মোৰ নাম সলনি নহয়। এওঁৰ আত্মাৰ যিটো শৰীৰ আছে, তাৰ নাম সলনি হয়। মোকতো শিৱ বুলিয়ে কয়, সকলো আত্মাৰ পিতা। গতিকে তোমালোক আত্মাসকল এই শৰীৰত গুপ্ত হৈ আছা। এই শৰীৰৰ দ্বাৰা কৰ্ম কৰা। ময়ো গুপ্ত। তোমালোক সন্তানসকলে এই জ্ঞান এতিয়া পাই আছা যে মই আত্মা এই শৰীৰৰ দ্বাৰা ঢাক খাই আছোঁ। আত্মা হৈছে – গুপ্ত। শৰীৰ হৈছে প্ৰত্যেক্ষ। ময়ো হৈছোঁ অশৰীৰী। পিতা গুপ্ত হৈ এই শৰীৰৰ দ্বাৰা শুনায়। তোমালোকো গুপ্ত, শৰীৰৰ দ্বাৰা শুনা। তোমালোকে জানা বাবাৰ আগমন হৈছে। পিতা ভাৰতক পুনৰ গৰিবৰ পৰা চহকী কৰি তুলিবলৈ আহে। তোমালোকে ক'বা আমাৰ ভাৰত গৰিব। সকলোৱে জানে কিন্তু তেওঁলোকে গমেই নাপায় যে আমাৰ ভাৰত কেতিয়া চহকী আছিল, কেনেকুৱা আছিল। তোমালোক সন্তানসকলৰ বহুত নিচা আছে - আমাৰ ভাৰততো বহুত চহকী আছিল। দুখৰ কথা নাছিল। সত্যযুগত অন্য কোনো ধৰ্ম নাছিল। এটাই দেৱী-দেৱতা ধৰ্ম আছিল, এইটো কোনেও গম নাপায়। এয়া বিশ্বৰ যি ইতিহাস-ভূগোল আছে, এয়া কোনেও নাজানে। এতিয়া তোমালোকে ভালদৰে বুজি পোৱা আমাৰ ভাৰত বহুত চহকী আছিল। এতিয়া বহুত গৰিব। এতিয়া পুনৰ পিতা আহিছে চহকী কৰি তুলিবলৈ। ভাৰত সত্যযুগত বহুত চহকী আছিল, যেতিয়া দেৱী-দেৱতাসকলৰ ৰাজ্য আছিল পুনৰ সেই ৰাজ্য কলৈ গ'ল। এইটো কোনেও নাজানে। ঋষি-মুনি আদিয়েও কয় আমি ৰচয়িতা আৰু ৰচনাক নাজানো। পিতাই কয় - সত্যযুগত এই দেৱী-দেৱতাসকলৰ ৰচয়িতা-ৰচনাৰ জ্ঞান নাছিল। আদি-মধ্য-অন্তক নাজানে। যদি তেওঁলোকৰ এইটো জ্ঞান থাকে যে আমি ছিৰি নামি (অৱনমিত হৈ) ৰসাতলে যাম (অধঃপতিত হ’ম) তেন্তে বাদশ্বাহীৰ সুখো নাথাকিব। চিন্তা আহি যাব।

এতিয়া তেওঁলোকৰ চিন্তা হৈ আছে যে আমি তমোপ্ৰধানৰ পৰা সতোপ্ৰধান কেনেকৈ হওঁ। আমি আত্মা যি নিৰাকাৰী সৃষ্টিত আছিলোঁ তাৰপৰা কেনেকৈ আকৌ সুখধামত আহিলোঁ – এয়াও জ্ঞান আছে। আমি এতিয়া আৰোহণ কলাত আছোঁ। এয়া 84 জন্মৰ ছিৰি, ইয়াৰ মাজৰ পৰ্য্যায়ত কি হয়, এয়াও তোমালোকে জানা। সত্যযুগত সকলোৱেতো নাহিব। ড্ৰামা অনুসৰি প্ৰত্যেক ভাৱৰীয়াই ক্ৰমানুসৰি নিজৰ নিজৰ সময়ত আহি ভূমিকা পালন কৰিব।

এতিয়া তোমালোক সন্তানসকলে জানা গৰিবৰ ত্ৰাণকৰ্তা বুলি কাক কোৱা হয়। জগতে নাজানে। গীতটিতো শুনিলা - অৱশেষত সেই দিনটি আজি আহিল..... এয়া সকলো হৈছে ভক্তি। ভগৱানে কেতিয়া আহি আমাক ভক্তসকলক এই ভক্তিমাৰ্গৰ পৰা আতঁৰাই সৎগতিত লৈ যায়, এয়াও বুজিছা। ৰামৰাজ্য, ৰাৱণৰাজ্য কি বস্তুৰ নাম, এইটোও কোনো মনুষ্যই নাজানে। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা - বাবা পুনৰাই এই শৰীৰত আহিছে। শিৱ জয়ন্তীও পালন কৰে গতিকে শিৱ নিশ্চয় আহে। এনেকৈও নকয় মই শ্ৰীকৃষ্ণৰ তনত আহোঁ, নহয়। পিতাই কয় - শ্ৰীকৃষ্ণৰ আত্মাই 84 জন্ম লৈছে। যিজন প্ৰথম নম্বৰত আছিল তেওঁ এতিয়া অন্তিমত আছে, ততত্বম্ (তোমালোকৰ ক্ষেত্ৰতো তেনেকুৱাই)। মইতো আহোৱেই সাধাৰণ তনত। তোমালোকক আহি শুনাওঁ, তোমালোকে কেনেকৈ 84 জন্ম ভোগ কৰা। এই সময়ত এজনেও নিজক দেৱতা ধৰ্মৰ বুলিতো নুবুজে কিয়নো সত্যযুগক বহুত দূৰলৈ লৈ গৈছে। কল্পৰ আয়ুস লাখ লাখ বছৰ বুলি লিখি দিছে। বাস্তৱত ড্ৰামাৰ ইতিহাসতো বৰ চুটি। ইয়াত কোনোবাতো ধৰ্মৰ 500 বছৰৰ, কোনোবাটোৰ 2500 বছৰৰ ইতিহাস আছে। তোমালোকৰ ইতিহাস হৈছে - 5 হাজাৰ বছৰৰ। দেৱতা ধৰ্মৰসকলহে স্বৰ্গলৈ আহিব অন্য ধৰ্মতো আহেই পাছত। দেৱতা ধৰ্মৰসকলহে অন্য ধৰ্মলৈ ধৰ্মান্তৰিত হৈ গৈছে। ড্ৰামা অনুসৰি পুনৰায় এনেকৈয়ে ধৰ্মান্তৰিত হৈ যাব। পুনৰ নিজৰ নিজৰ ধৰ্মলৈ উভতি আহিব। পিতাই বুজায় সন্তানসকল, তোমালোকতো বিশ্বৰ মালিক আছিলা। তোমালোকে এতিয়া বুজি পোৱা বাবাই স্বৰ্গৰ স্থাপনা কৰিবলৈ ওলাইছে তেন্তে আমি কিয়নো স্বৰ্গত নাথাকিম। পিতাৰ পৰা আমি উত্তৰাধিকাৰ নিশ্চয় ল’ম। গতিকে ইয়াৰ দ্বাৰা সিদ্ধ হয় যে এওঁ আমাৰ ধৰ্মৰ, যিজন নহয় তেওঁ নাহিবই। ক’ব পৰধৰ্মলৈ কিয় যাওঁ। তোমালোক সন্তানসকলে জানা সত্যযুগ নতুন সৃষ্টিত দেৱতাসকলৰ বহুত সুখ আছিল। সোণৰ মহল আছিল। সোমনাথৰ মন্দিৰত কিমান সোণ আছিল। এনেকুৱা অন্য কোনো মন্দিৰ নায়েই। তাত বহুত হীৰা মুকুতা আছিল। বৌদ্ধি আদিৰ কোনো হীৰা মুকুতাৰ মহল নাথাকিব। তোমালোক সন্তানসকলক যিজন পিতাই ইমান উচ্চ কৰি তুলিছে তেওঁৰ তোমালোকে কিমান মান ৰাখিছা। যিয়ে ভাল কৰ্ম কৰি যায় তেওঁৰ মান ৰখা হয়। এতিয়া তোমালোকে জানা আটাইতকৈ ভাল কৰ্ম পতিত-পাৱন পিতাইহে কৰি যায়। তোমালোকৰ আত্মাই কয় আটাইতকৈ উত্তমতকৈও উত্তম সেৱা বেহদৰ পিতাই আহি কৰে। আমাক প্ৰজাৰ পৰা ৰজা, ভিকহুৰ পৰা ৰাজকুমাৰ কৰি তোলে। যিজনে ভাৰতক স্বৰ্গ কৰি তোলে তেওঁৰো মান কোনেও নাৰাখে। তোমালোকে জানা উচ্চকৈও উচ্চ মন্দিৰ বুলি গায়ন আছে সোমনাথৰ, যাক লুটি লৈ গ’ল। লক্ষ্মী-নাৰায়ণৰ মন্দিৰ কেতিয়াও কোনেও লুটা নাই। সোমনাথ মন্দিৰ লুটিছে। ভক্তিমাৰ্গত এওঁলোক বহুত ধনৱান হয়। ৰজাসকলৰ ভিতৰতো ক্ৰমানুসৰি হয় নহয়। যিসকল উচ্চ পদবীধাৰী হয় তেওঁলোকক নিম্ন পদবীধাৰীসকলে সন্মান কৰে। দৰবাৰতো ক্ৰমানুসৰি বহে। বাবাতো অনুভৱী হয় নহয়। ইয়াৰ দৰবাৰ হৈছে, পতিত ৰজাসকলৰ। পাৱন ৰজাসকলৰ দৰবাৰ কেনেকুৱা হ’ব। যিহেতু তেওঁলোকৰ ওচৰত ইমান ধন থাকিব সেয়েহে তেওঁলোকৰ ঘৰো ইমানেই সুন্দৰ হ’ব। এতিয়া তোমালোকে জানা বাবাই আমাক পঢ়াই আছে, স্বৰ্গৰ স্থাপনা কৰাই আছে। আমি স্বৰ্গৰ মহাৰজা-মহাৰাণী হওঁ আকৌ আমি বাগৰি পৰোঁ (অৱনমিত হওঁ), আকৌ আমি পোন প্ৰথমে শিৱবাবাৰ পূজাৰী হ’ম। যিজনে স্বৰ্গৰ মালিক কৰি তুলিলে, আমি তেওঁৰ পূজা কৰিম। তেওঁ আমাক বহুত চহকী কৰি তোলে। এতিয়া ভাৰত কিমান গৰিব। আগতে ইমান গৰিব নাছিল। বহুত আনন্দত থাকিছিল। যি জমী 500 টকাত লৈছিল (ক্ৰয় কৰিছিল), সেয়া আজি 5 হাজাৰতো পাবলৈ নাই। তাততো ধৰণীৰ মূল্য নাথাকে, যাক যিমান লাগে লৈ লয়। অনেক জমী পৰি থাকিব। মিঠা নদীৰ পাৰত তোমালোকৰ মহল হ’ব নহয় জানো। বহুত কম মনুষ্য হ’ব, প্ৰকৃতি দাসী হ’ব, ফল ফুল বহুত ভাল পোৱা যায়। এতিয়া তোমালোকে কিমান পৰিশ্ৰম কৰা। কিন্তু খৰাং হ’লে তেতিয়া শস্য পোৱা নাযায়। গতিকে গীতটি শুনি তোমালোক ৰোমাঞ্চিত হৈ উঠিব লাগে। পিতাক গৰিবৰ ত্ৰাণকৰ্তা বুলি কোৱা হয়। এতিয়া অৰ্থ বুজিলা নহয়। কাক চহকী কৰি তোলে? নিশ্চয় ইয়ালৈ যিসকল আহিব তেওঁলোকক চহকী কৰি তুলিব নহয় জানো। তোমালোক সন্তানসকলে জানা আমি পাৱনৰ পৰা পতিত হ’বলৈ 5 হাজাৰ বছৰ লাগিল। এতিয়া আকৌ তৎক্ষণাৎ বাবাই পতিতৰ পৰা পাৱন কৰি তোলে। উচ্চতকৈও উচ্চ কৰি তোলে। এক চেকেণ্ডত জীৱনমুক্তি প্ৰাপ্ত হয়। কয় - বাবা আমি আপোনাৰ। পিতাই কয় - সন্তানসকল তোমালোক বিশ্বৰ মালিক হোৱা। সন্তান জন্ম হ’ল আৰু উত্তৰাধিকাৰী হ’ল। কিমান আনন্দিত হয়। কিন্তু কন্যা সন্তানক দেখি চেহেৰাই গোমা হৈ যায়। ইয়াততো সকলো আত্মাই সন্তান হয়। আমি স্বৰ্গৰ মালিক হৈ গ’লোঁ, এতিয়া গম পাইছোঁ যে আমি 5 হাজাৰ বছৰ পূৰ্বে স্বৰ্গৰ মালিক আছিলোঁ। বাবাই এনেকুৱাকৈ গঢ়িছিল। শিৱ জয়ন্তীও পালন কৰে - কিন্তু এইটো নাজানে যে তেওঁ কেতিয়া আহিছিল। লক্ষ্মী-নাৰায়ণৰ ৰাজ্য কেতিয়া আছিল, একো নাজানে। বাস্তৱত ভাৰতৰ জনসংখ্যা সকলোতকৈ বেছি হোৱা উচিত। ভাৰতৰ মাটিকালিও সকলোতকৈ বেছি হ’ব লাগে। লাখ লাখ বছৰ হ’লে তেতিয়াতো জমী বহুত হ’ব লাগে। গোটেই জগতৰেই জমী যথেষ্ট নহ’ব। লাখ লাখ বছৰত কিমান মনুষ্য জন্ম হৈ যায়। অগণন মনুষ্য হৈ যায়। ইমানতো নাই। এই সকলোবোৰ কথা পিতাই বহি বুজায়। মনুষ্যই শুনিলে তেতিয়া কয় এই কথাবোৰতো কেতিয়াও শুনা নাই, কোনো শাস্ত্ৰতো পঢ়া নাই, এইবোৰতো আচৰিত কথা। এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত গোটেই চক্ৰৰ জ্ঞান আছে। বহুত জন্মৰ অন্তত এয়া এতিয়া পতিত আত্মা, যি সতোপ্ৰধান আছিল সেয়া এতিয়া তমোপ্ৰধান হৈছে, আকৌ সতোপ্ৰধান হ’ব লাগে। তোমালোক আত্মাসকলে এতিয়া জ্ঞান পাই আছা - আত্মাই শৰীৰৰ দ্বাৰা শুনিলে তেতিয়া শৰীৰ দুলি থাকে কিয়নো আত্মাই শুনে নহয় জানো। যথাযথ আমি আত্মাই 84 জন্ম লৈছোঁ, নিশ্চয় 84 গৰাকী মাতা পিতা পাইছোঁ। এইটোও হিচাপ আছে নহয়। বুদ্ধিত উদয় হয় 84 জন্ম লওঁ আকৌ কম জন্ম লওঁতা সকলো থাকিব। নিম্নতম, অধিকতমৰ হিচাপ থাকিব নহয়। পিতাই বহি বুজায় শাস্ত্ৰবোৰত কি কি লিখি দিছে। তোমালোকৰ বাবেতো তথাপিও 84 জন্ম বুলি কয়, মোৰ বাবেতো অসংখ্য, গণনাতীত জন্ম বুলি কৈ দিছে। কণ কণত বচ্ যিফালে চাওঁ, তুমিয়েই তুমি…… কৃষ্ণই কৃষ্ণ। মথুৰা বৃন্দাবনত কয় - শ্ৰীকৃষ্ণ সৰ্বব্যাপী। ৰাধাপন্থীসকলে আকৌ ক’ব ৰাধাই ৰাধা। ক’ব আমি হৈছো ৰাধা-স্বামী। কৃষ্ণ স্বামী অন্যসকল। তেওঁলোকে ৰাধাক মানে, যিফালে চাওঁ ৰাধাই ৰাধা। তুমিও ৰাধা ময়ো ৰাধা।

এতিয়া পিতাই বহি বুজায় যথাৰ্থতে মই গৰিবৰ ত্ৰাণকৰ্তা হওঁ। ভাৰতেই সকলোতকৈ চহকী আছিল। এতিয়া আটাইতকৈ গৰিব হৈছে সেইবাবে মই ভাৰততেই আহিবলগীয়া হয়। এয়া ৰচি থোৱা ড্ৰামা, ইয়াত অলপো পাৰ্থক্য হ’ব নোৱাৰে। এয়া হৈছে বিশাল ড্ৰামা। ড্ৰামাৰ যি অংশৰ দৃশ্যগ্ৰহণ হৈ গ’ল সেয়া হুবহু পুনৰাবৃত্তি হ’ব। ড্ৰামাখনকো জানিব লাগে। ড্ৰামা মানে ড্ৰামা। সেয়া হৈছে হদৰ ড্ৰামা, এয়া হৈছে বেহদৰ ড্ৰামা। ইয়াৰ আদি-মধ্য-অন্তক কোনেও নাজানে। সেয়েহে গৰিবৰ ত্ৰাণকৰ্তা বুলি নিৰাকাৰ ভগৱানকহে মানিব, কৃষ্ণক নামানিব। কৃষ্ণতো সত্যযুগৰ চহকী ৰাজকুমাৰ হয়। ভগৱানৰতো নিজৰ শৰীৰ নাই, তেওঁ আহি তোমালোক সন্তানসকলক চহকী কৰি তোলে। তোমালোকক ৰাজযোগৰ শিক্ষা দিয়ে। তেওঁলোকেও পঢ়াৰ দ্বাৰা বেৰিষ্টাৰ আদি হয় আকৌ উপাৰ্জন কৰে। পিতায়ো তোমালোকক এতিয়া পঢ়ায়। তোমালোক ভৱিষ্যতে নৰৰ পৰা নাৰায়ণ হোৱা। তোমালোকৰ জন্মতো হ’ব নহয় জানো। এনেকুৱাতো নহয় স্বৰ্গ কোনোবা সমূদ্ৰৰ পৰা ওলাই আহিব। শ্ৰীকৃষ্ণয়ো জন্ম লৈছিল নহয়। কংসপুৰী আদিতো সেই সময়ত নাছিল। শ্ৰীকৃষ্ণৰ নাম কিমান গায়ন কৰা হয়। তেওঁৰ পিতাকৰ নামেই নাই, তেওঁৰ পিতাক ক’ত আছে। নিশ্চয় ৰজাৰ সন্তান হ’ব নহয়। তাত ডাঙৰ ৰজাৰ ঘৰত জন্ম হয়। কিন্তু তেওঁ পতিত ৰজা হোৱাৰ বাবে তেওঁৰ নাম থাকিব জানো। শ্ৰীকৃষ্ণ যেতিয়া থাকে তেতিয়া কিছু পতিতও থাকে। যেতিয়া তেওঁলোক একেবাৰে শেষ হৈ যায় তেতিয়া তেওঁ গাদীত বহে, নিজৰ ৰাজ্য লৈ লয় তেতিয়াহে তেওঁৰ চন আৰম্ভ হয়। লক্ষ্মী-নাৰায়ণৰ পৰা চন আৰম্ভ হয়। তোমালোকে পূৰা হিচাপ লিখা। এওঁৰ ৰাজ্য ইমান সময় আকৌ এওঁৰ ইমান সময় গতিকে মনুষ্যই বুজিব এয়াতো কল্পৰ আয়ুস বেছি হ’বই নোৱাৰে। 5 হাজাৰ বছৰৰ পূৰা হিচাপ আছে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা, সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) ৰচয়িতা আৰু ৰচনাৰ জ্ঞান বুদ্ধিত ৰাখি সতোপ্ৰধান হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। বচ্ এটাই চিন্তা থাকিব লাগে যে আমি সতোপ্ৰধান নিশ্চয় হ’ব লাগে।

(2) এই বেহদৰ ড্ৰামা বুদ্ধিত ৰাখি অপাৰ আনন্দত থাকিব লাগে, পিতাৰ সমান সন্মান প্ৰাপ্ত কৰিবৰ বাবে পতিতসকলক পাৱন কৰি তোলাৰ সেৱা কৰিব লাগে।

বৰদান:
অধিকাৰীবোধৰ স্মৃতিৰে সৰ্ব শক্তিৰ অনুভৱ কৰোঁতা প্ৰাপ্তি স্বৰূপ হোৱা

যদি বুদ্ধিৰ সম্বন্ধ সদায় এক পিতাৰ সৈতে যুক্ত হৈ থাকে, তেন্তে সৰ্ব শক্তিৰ উত্তৰাধিকাৰ অধিকাৰৰ ৰূপত প্ৰাপ্ত হয়। যিসকলে অধিকাৰী বুলি বুজি প্ৰতিটো কৰ্ম কৰে, তেওঁলোকৰ কোৱাৰ বা সংকল্পতো বিচৰাৰ প্ৰয়োজন নাথাকে। এই অধিকাৰীবোধৰ স্মৃতিয়েহে সৰ্ব শক্তি প্ৰাপ্তিৰ অনুভৱ কৰায়। সেয়েহে এইটো নিচা থাকিব লাগে যে সৰ্ব শক্তি আমাৰ জন্মসিদ্ধ অধিকাৰ। অধিকাৰী হৈ চলিলে অধীনতা সমাপ্ত হৈ যাব।

স্লোগান:
নিজৰ লগতে প্ৰকৃতিকো পাৱন কৰি তুলিবলৈ হ’লে সম্পূৰ্ণ আসক্তি মুক্ত হোৱা।


অব্যক্ত ইংগিত: অপৱিত্ৰতাৰ বীজো সমাপ্ত কৰি সম্পূৰ্ণ স্বচ্ছ (পৱিত্ৰ) হোৱা

যদি পৱিত্ৰতাৰ নিয়ম দৃঢ় তেন্তে আসক্তি মুক্ত, ঈৰ্ষা আৰু ক্ৰোধৰ পৰাও মুক্ত হোৱা। খিংখিঙীয়া স্বভাবো যাতে নাথাকে। এইটোও আসক্তি নাৰাখিবা যে "এইটো হ'বই লাগিব"। স্বাৰ্থ বা ঈৰ্ষাৰ বশৱৰ্তী হৈ কিবা কথা ক'লে আৰু সেয়া পূৰণ নহ'লে ক্ৰোধৰ জন্ম হ’ব সেয়েহে পৱিত্ৰতাৰ স্তম্ভ দৃঢ় কৰা, তেতিয়া এই স্তম্ভই লাইট্‌ হাউছৰ কাম কৰিব।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]