28.09.25 Avyakt Bapdada
Assame
Murli
15.02.2007 Om Shanti Madhuban
“*“অমনোযোগিতা, এলাহ
আৰু অজুহাতৰ নিদ্ৰাৰ পৰা জগাটোৱে শিৱৰাত্ৰিৰ সঁচা জাগৰণ”*”
আজি বাপদাদাই বিশেষকৈ
নিজৰ চাৰিওফালৰ অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা, পৰমাত্ম স্নেহৰ পাত্ৰ
সন্তানসকলক সাক্ষাৎ কৰিবলৈ আৰু বিচিত্ৰ পিতা সন্তানসকলৰ জন্মদিন উদ্যাপন কৰিবলৈ
আহিছে। তোমালোক সকলো আজি বিশেষ বিচিত্ৰ জন্মদিন উদ্যাপন কৰিবলৈ আহিছা নহয়! এই
জন্মদিন গোটেই কল্পত কাৰো নহয়। কেতিয়াও শুনা নাই চাগৈ যে পিতা আৰু সন্তানৰ জন্মদিন
একেদিনাই হয়। তেন্তে তোমালোক সকলো পিতাৰ জন্মদিন উদ্যাপন কৰিবলৈ আহিছা নে
সন্তানসকলৰো উদ্যাপন কৰিবলৈ আহিছা? কিয়নো গোটেই কল্পত পৰমাত্ম পিতা আৰু পৰমাত্ম
সন্তানসকলৰ ইমান বেছি স্নেহ আছে যে জন্মও একেলগে হয়। পিতাই অকলে বিশ্ব পৰিৱৰ্তনৰ
কাৰ্য নকৰে, সন্তানসকলৰ লগত একেলগে কৰে। এই অলৌকিক একেলগে থকাৰ স্নেহ, সঙ্গী হোৱাৰ
স্নেহ এই সংগমতেই অনুভৱ কৰা। পিতা আৰু সন্তানৰ ইমান গভীৰ স্নেহ, জন্মও লগত হয় আৰু
থাকাও ক’ত? অকলে নে লগত? প্ৰতিগৰাকী সন্তানে উৎসাহ-উদ্দীপনাৰে কয় যে মই পিতাৰ সৈতে
সংযুক্ত। সংযুক্ত হৈ থাকা নহয়! অকলেতো নাথাকা নহয়! লগতে জন্ম, লগতে থাকে আৰু আগলৈও
কি প্ৰতিজ্ঞা? লগত আছোঁ, লগত থাকিম, লগত যাম নিজৰ মৰমৰ ঘৰলৈ। ইমান স্নেহ অন্য কোনোবা
পিতা-সন্তানৰ দেখিছানে? যিয়েই সন্তান নহওঁক, য’তেই নাথাকক, যেনেকুৱাই নহওঁক, কিন্তু
লগত আছে আৰু লগতেই যাওঁতা। গতিকে এনেকুৱা এই বিচিত্ৰ আৰু স্নেহী জন্মদিন উদ্যাপন
কৰিবলৈ আহিছা। লাগিলে সন্মুখত পালন কৰি আছা বা দেশ-বিদেশত চাৰিওফালে একে সময়তে
একেলগে পালন কৰি আছে।
বাপদাদাই চাৰিওফালে
চাই আছে যে কেনেকৈ সকলো সন্তানে উৎসাহ-উদ্দীপনাৰে অন্তৰেৰে “বাঃ বাবা! বাঃ বাবা!
বাঃ জন্মদিন!”ৰ গীত গাই আছে। যদি বুটাম টিপে তেতিয়া চাৰিওফালৰ আৱাজ, অন্তৰৰ আৱাজ,
উৎসাহ-উদ্দীপনাৰ আৱাজ বাপদাদাৰ কাণত গুঞ্জৰিত হৈ যায়। বাপদাদাই সকলো সন্তানৰ উৎসাহ
দেখি সন্তানসকলকো নিজৰ দিব্য জন্মৰ পদম পদম পদমগুণ অভিনন্দন জনাই আছে। বাস্তৱত
উৎসৱৰ অৰ্থই হৈছে উৎসাহ-উদ্দীপনাত থকা। গতিকে তোমালোক সকলোৱে উৎসাহেৰে এই উৎসৱ পালন
কৰি আছা। নামো ভক্তসকলে শিৱৰাত্ৰি ৰাখিছে।
আজি বাপদাদাই সেই
ভক্ত আত্মাসকলক অভিনন্দন জনাই আছিল, যিসকলে তোমালোকৰ এই বিচিত্ৰ জন্মদিন পালন কৰাৰ
অনুকৰণ বৰ ভালকৈ কৰিছে। তোমালোকে জ্ঞান আৰু প্ৰেমৰ ৰূপত পালন কৰা আৰু সেই ভক্ত
আত্মাসকলে ভাৱনা, শ্ৰদ্ধাৰ ৰূপত তোমালোকে পালন কৰাৰ অনুকৰণ কৰিছে। গতিকে আজি সেই
সন্তানসকলকো অভিনন্দন জনাই আছিল যে অনুকৰণ কৰাত ভাল ভূমিকা পালন কৰিছে। চোৱা প্ৰতিটো
কথাৰ অনুকৰণ কৰিছে। অনুকৰণ কৰিবলৈও জানিব লাগে নহয়! মুখ্য কথাতো এই দিনটোত
ভক্তসকলেও ব্ৰত ৰাখে, তেওঁলোকে ব্ৰত খোৱা-বোৱাৰ ৰাখে, ভাৱনাত বৃত্তিক শ্ৰেষ্ঠ কৰি
তুলিবলৈ ব্ৰত ৰাখে, তেওঁলোকে প্ৰতি বছৰে ৰাখিবলগীয়া হয় আৰু তোমালোকে কি ব্ৰত লৈছা?
এবাৰেই ব্ৰত লোৱা, বছৰে বছৰে ব্ৰত নোলোৱা। এবাৰেই ব্ৰত লোৱা পৱিত্ৰতাৰ। সকলোৱে
পৱিত্ৰতাৰ ব্ৰত লৈছা, দৃঢ়তাৰে লৈছানে? যিসকলে দৃঢ়তাৰে লৈছা তেওঁলোকে হাত দাঙা, দৃঢ়,
অলপো কেঁচা নহয়। দৃঢ়? বাৰু। দ্বিতীয় প্ৰশ্নও আছে, বাৰু ব্ৰততো লৈছা অভিনন্দন। কিন্তু
অপৱিত্ৰতাৰ মুখ্য পাঁচ সঙ্গী, ঠিক আছে নহয়! কান্ধ লৰোৱা। বাৰু পাঁচটাৰ ব্ৰত লৈছানে?
নে দুই তিনিটাৰ লৈছা? কিয়নো য’ত পৱিত্ৰতা আছে ত’ত অংশ মাত্ৰও অপৱিত্ৰতা থাকে তেতিয়া
জানো সম্পূৰ্ণ পৱিত্ৰ আত্মা বুলি কোৱা হ’ব? আৰু তোমালোক ব্ৰাহ্মণ আত্মাসকলৰতো
পৱিত্ৰতা ব্ৰাহ্মণ জন্মৰ সম্পত্তি, ব্যক্তিত্ব, আভিজাত্য। সেয়েহে পৰীক্ষা কৰা – যে
মুখ্য পৱিত্ৰতাৰ ওপৰততো মনোযোগ আছে কিন্তু সম্পূৰ্ণ পৱিত্ৰতাৰ কাৰণে আৰু যি সঙ্গী
আছে, তাক ঢিলাকৈতো এৰি দিয়া নাই? সৰুটোলৈ মৰম ৰাখিছা আৰু ডাঙৰটোক ঠিক কৰিছা। তেন্তে
কি পিতাই ৰেহাই দিছে জানো যে আৰু যি চাৰিটা আছে সেইকেইটাক লাগিলে সঙ্গী কৰি লোৱা?
পৱিত্ৰতা কেৱল ব্ৰহ্মচৰ্যক কোৱা নহয় কিন্তু ব্ৰহ্মচৰ্যৰ লগতে ব্ৰহ্মাচাৰী হোৱা অৰ্থাৎ
পৱিত্ৰতাৰ ব্ৰত পালন কৰা। কোনো সন্তানে বাৰ্তালাপত কয়, বাৰ্তালাপতো সকলোৱে কৰে নহয়।
তেতিয়া বহুত মিঠা মিঠা কথা কয়। কয় বাবা মুখ্যটোৰ ক্ষেত্ৰততো ভালেই, বাকী সৰু সৰু
এনেই কেতিয়াবা মনৰ সংকল্পত আহি যায়। মনত আহে, বাণীত নাহে আৰু মনকতো কোনেও দেখা
নাপায়। আৰু কিছুমানে আকৌ কয় যে সৰু সৰু ল’ৰা ছোৱালীলৈ স্নেহ থাকে নহয়। গতিকে এই
চাৰিওটালৈ স্নেহ হৈ যায়। ক্ৰোধ আহি যায়, মোহ আহি যায়, নিবিচাৰোঁ আহি যায়। বাপদাদাই
কয় যদি কোনোবাটো আহি যায় তেনেহ’লে দুৱাৰ খোলা আছে সেয়েহে আহি যায় নহয়! তেন্তে দুৱাৰ
কিয় খোলা আছে? দুৰ্বলতাৰ দুৱাৰ খোলা আছে, তেন্তে দুৰ্বলতাৰ দুৱাৰ খোলা অৰ্থাৎ
আহ্বান জনোৱা।
গতিকে আজিৰ দিনটোত
পিতাৰ আৰু নিজৰ জন্মদিনতো পালন কৰি আছা কিন্তু যিসকলে জন্ম হওঁতেই ব্ৰতৰ প্ৰতিজ্ঞা
কৰিছে। সৰ্ব প্ৰথম বৰদান পিতাই কি দিছে, স্মৃতিত আছেনে? জন্মদিনৰ বৰদান স্মৃতিত
আছেনে? কি দিছে? পৱিত্ৰ হোৱা, যোগী হোৱা। সকলোৰে বৰদান স্মৃতিত আছে নহয়? স্মৃতিত আছে
পাহৰিতো যোৱা নাই? পৱিত্ৰ হোৱাৰ বৰদান এটাৰ দিয়া নাই, পাঁচটাৰে দিছে। তেন্তে আজি
বাপদাদাই কি বিচাৰে। জন্মদিন উদ্যাপন কৰিবলৈ আহিছা, পিতাৰো উদ্যাপন কৰিবলৈ আহিছা
নহয়। শিৱৰাত্ৰি উদ্যাপন কৰিবলৈ আহিছা, তেন্তে জন্মদিনৰ উপহাৰ আনিছা নে খালী হাতে
আহিছা? 70 বছৰ (বৰ্তমান 89 বছৰ) স্থাপনাৰ সমাপ্ত হৈ গৈছে। স্মৃতিত আছে নহয়! 70 বছৰ
চিন্তা কৰা, লাগিলে তোমালোক পিছত আহিছা কিন্তু স্থাপনাৰতো 70 বছৰ হৈ গ’ল নহয়! লাগিলে
এতিয়া আহিছা, কিন্তু স্থাপনাৰ কৰ্তব্যত তোমালোক সকলো সঙ্গী হোৱা নহয়! সঙ্গীতো হোৱা
নহয়! লাগিলে আজি প্ৰথম বাৰ আহিছা। যিসকলে মধুবনলৈ প্ৰথম বাৰ মিলন উদ্যাপন কৰিবলৈ
আহিছে, সেইসকলে দীঘলকৈ হাত দাঙা। বাৰু। তোমালোক সকলোকে লাগিলে এতিয়া এবছৰ হৈছে,
দুবছৰ হৈছে কিন্তু নিজক কি বুলি কোৱা? ব্ৰহ্মাকুমাৰী, ব্ৰহ্মাকুমাৰ নে পুৰুষাৰ্থী
কুমাৰ কুমাৰী? কি বুলি কোৱা? কোনোবাই নিজক পুৰুষাৰ্থী কুমাৰ বুলি কয় জানো!
ব্ৰহ্মাকুমাৰৰ চহী কৰা নহয়! সকলোৱে বি.কে. লিখা নে পি.কে. লিখা? পুৰুষাৰ্থী কুমাৰ।
তেন্তে প্ৰতিজ্ঞা কি? সঙ্গী হৈ থাকিম, লগত যাম, সংযুক্ত হৈ থাকিম, তেনেহ’লে সংযুক্ত
হ’বলৈ সমানতাতো লাগিব নহয়!
আজিৰ 70 বছৰৰ উৎসৱতো
উদ্যাপন কৰি আহিছা। বাপদাদাই দেখিছে, যি মণ্ডলৰেই সেৱাৰ পাল পৰে সেইসকলে 70 বছৰৰ
সন্মান সমাৰোহ উদ্যাপন কৰে। সকলোৱে উদ্যাপন কৰে নহয়! বচ্ কেৱল সৰু সৰু উপহাৰ দি
দিয়ে, বচ্। কিন্তু আজি এফালে জন্মদিন উদ্যাপন কৰিবলৈ আহিছা নহয়, দৃঢ় হোৱা নহয়? আৰু
আনফালে 70 বছৰ সম্পন্ন হ’ল, গতিকে সন্মান সমাৰোহো উদ্যাপন কৰি আছা, জন্মদিনো উদ্যাপন
কৰি আছা, তাত উপহাৰ কি দিবা? ট্ৰে দিবা, চাদৰ দিবা? কি উপহাৰ আনিছা? ঠিক আছে ৰূপৰ
গিলাচ দি দিবা! কিন্তু আজিৰ দিনটোত বাপদাদাৰ নিজৰ আশাৰ দীপক সন্তানসকলৰ প্ৰতি শুভ
আশা আছে। সেই শুভ আশা কোনটো, কওঁনে? কোৱা বা শুনা মানে কি? এখন কাণেৰে শুনা আৰু
অন্তৰত সমাহিত কৰি লোৱা, এনেকুৱানে? উলিয়াইতো নিদিয়া, ইমানখিনিতো নহয় কিন্তু
অন্তৰতেই সমাহিত কৰি দিয়ে। গতিকে আজিৰ দিনটোত সেই শুভ আশা শুনাওঁনে, প্ৰথম শাৰীৰসকলে
কোৱা, কান্ধ লৰোৱা, শিক্ষকসকল কান্ধ লৰোৱা। ভাল পতাকা লৰাই আছে। ডবল বিদেশীসকলে কোৱা?
নিজক বান্ধিব লাগিব, তেতিয়াহে ক’বা, এনেয়ে নক’বা, কিয়নো 70 বছৰতো বাপদাদায়ো
অমনোযোগিতা, এলাহ আৰু অজুহাতৰ খেল দেখিলে। ঠিক আছে 70 বছৰ বাৰু নহয় তেন্তে 50, 40,
30, 20 বছৰ হ’ল, কিন্তু ইমান সময়তো এই তিনিটা খেল সন্তানসকলৰ বহুত দেখিলে। গতিকে
আজিৰ দিনটোত ভক্তই জাগৰণ কৰে, নোশোৱে, তেন্তে তোমালোক সন্তানসকলৰ জাগৰণ কোনটো? কোনটো
টোপনিত বাৰে বাৰে শুই যোৱা, এলাহবোধ, অলসতা আৰু অজুহাতৰ নিদ্ৰাত আৰামেৰে শুই যোৱা।
সেয়েহে আজি বাপদাদাই এই তিনিটা কথাৰ সকলো সময়ত জাগৰণ চাবলৈ বিচাৰে। যেতিয়াই চোৱা
ক্ৰোধ আহে, অভিমান আহে, লোভ আহে, কাৰণ কি বুলি কয়? বাপদাদাই এটা ট্ৰেডমাৰ্ক দেখিবলৈ
পায়, যেতিয়া কিবা পৰিস্থিতি আহে! তেতিয়া কি কয়, এয়াতো হয়েই…, গম নাপাওঁ কোনে কৰালে?
কিন্তু শব্দ এইটোৱেই কয় – এয়াতো হৈয়েই থাকে, এয়াতো চলেই। এয়া জানো কিবা নতুন কথা,
এয়াটো হৈয়েই থাকে। এয়া কি? অমনোযোগিতা নহয়নে? এৱোঁতো কৰে, গৰিষ্ঠসংখ্যকে ক্ৰোধৰ পৰা
হাত সাৰিবলৈ এইটো কৰিলে সেয়েহে হ’ল। মই ভুল কৰিলোঁ, তেনেকৈ নকয়। এওঁ এইটো কৰিলে নহয়,
এইটো হ’ল নহয়, সেইবাবে হ’ল। আনক দোষাৰোপ কৰা বহুত সহজ। এওঁ নকৰিলে তেতিয়া নহ’ব। আৰু
পিতাই যি ক’লে সেয়া নহ’ব। তেওঁ কৰিলে হ’ব, পিতাৰ শ্ৰীমতত ক্ৰোধ নাশ কৰিব নোৱাৰা জানো?
আজিকালি ক্ৰোধৰ সন্তান প্ৰভুত্ব, প্ৰভুত্বও বিভিন্ন প্ৰকাৰৰ। তেন্তে আজি চাৰিওটাৰে
ব্ৰত ল’বানে? যেনেকৈ প্ৰথম কথাটিৰ দৃঢ় সংকল্প বিশেষভাৱে গৰিষ্ঠসংখ্যকে কৰিছে
তেনেকৈয়ে চাৰিওটাৰেও সংকল্প কৰিবা! এইটো অজুহাত নেদেখুৱাবা, এওঁ এইটো কৰিলে সেইবাবে
মোৰ হ’ল, আৰু পিতাই যিটো বাৰে বাৰে কয়, সেয়া স্মৃতিত নাই, তেওঁ যি কৰিলে সেয়া
স্মৃতিত আহি গ’ল, তেন্তে এয়া অজুহাত দেখুওৱা হ’ল নহয়! গতিকে আজি বাপদাদাই জন্মদিনৰ
উপহাৰ বিচাৰিছে এই তিনিটা কথা, যিয়ে চাৰিওটাকে দুৰ্বল কৰি দিয়ে। সংস্কাৰৰ সন্মুখীনতো
হ’বই লাগিব, সংস্কাৰৰ সন্মুখীন নহয়, এয়া হৈছে কাকত। এটা জন্মৰ পঢ়া আৰু গোটেই কল্পৰ
প্ৰাপ্তি, আধাকল্প ৰাজ্য-ভাগ্য, আধাকল্প পূজ্য, গোটেই কল্পৰ এটা জন্মতে প্ৰাপ্তি,
সেয়াও চুটি জন্ম, পূৰা জন্ম নহয়, চুটি জন্ম। তেন্তে সাহস আছেনে? যিসকলে ভাবিছা,
সাহস নিশ্চয় ৰাখিম, এনেই পুৰুষাৰ্থ নকৰোঁ, মনোযোগ দিম… “কৰিম কৰিম” নহয়। সৰু ল’ৰা
নহয়, 70 বছৰ (বৰ্তমান 89 বছৰ) পূৰ্ণ হৈ আছে। সেয়াতো তিনি চাৰিমহীয়া সন্তানে “কৰিম
কৰিম” কৰে। তেনেহ’লে তোমালোক পিতাৰ সঙ্গী হোৱা নহয়! বিশ্ব কল্যাণকাৰী হোৱা, সেয়াতো
70 বছৰ পূৰ্ণ হৈ আছে। বাপদাদাই হাত দাঙিবলৈ কোৱা নাই কিয়নো বাপদাদাই দেখিছে হাত
দাঙিও কেতিয়াবা কেতিয়াবা অমনোযোগী হৈ যায়। তেন্তে কি ভাবিছা যে যিয়েই নহওঁক, পাহাৰ
সদৃশ কাকতো আহক কিন্তু পাহাৰক কপাহ কৰি দিম, এনেকুৱা দৃঢ় সংকল্প কৰাৰ সাহস আছেনে!
কিয়নো সংকল্প বৰ ভাল কৰা, যি সময়ত সংকল্প কৰা বাপদাদাও আনন্দিত হৈ যায়। কিন্তু হয়
কি, 70 বছৰতো ঢিলাই দিলা কিন্তু বাপদাদাই দেখি আছে যে সময়ৰ কোনো ভৰসা নাই আৰু এই
জ্ঞানৰ আধাৰত পুৰুষাৰ্থৰ প্ৰতিটো কথাত বহুকালৰ হিচাপ আছে। বাৰু এতিয়াই কৰি ল’বা,
কিন্তু বহুকালৰ হিচাপ আছে কিয়নো প্ৰাপ্তি প্ৰত্যেকেই কি বিচাৰে? এতিয়া হাত দাঙা,
কোনোবা ৰাম সীতা হ’বা নেকি? যিসকলে ৰাম-সীতা হ’বলৈ বিচাৰে সেইসকলে হাত দাঙা,
ৰাজ্যপদ পাবা। কেইজনমানে হাত দাঙি আছে – ৰাম সীতা হ’বানে? লক্ষ্মী-নাৰায়ণ নোহোৱা
নেকি? ডবল বিদেশীসকলৰ কোনোবাই হাত দাঙিছে নেকি? (কোনো নাই) যিহেতু বহুকালৰ ভাগ্য
প্ৰাপ্ত কৰিব বিচৰা, লক্ষ্মী-নাৰায়ণ হোৱা অৰ্থাৎ বহুকালৰ ৰাজ্য-ভাগ্য প্ৰাপ্ত কৰা।
গতিকে বহুকালৰ প্ৰাপ্তি। তেন্তে প্ৰত্যেক কথাতে বহুকালতো লাগে নহয়! এতিয়া 63 জন্মৰ
বহুকালৰ সংস্কাৰ আছে তেনেকৈ কোৱা নহয়, মোৰ ভাৱ নাই, ভাৱনা নাই, সংস্কাৰ আছে 63
জন্মৰ। তেন্তে বহুকালৰ হিচাপ হ’ল নহয়, সেইবাবে বাপদাদাই এইটো বিচাৰে যে সংকল্পত
দৃঢ়তা থাকক, দৃঢ়তাৰেই অভাৱ হৈ যায়, হৈ যাব… চলেই, চলিবলৈ দিয়া, কোন হৈছেনো, আৰু
এটাতো বহুত ভাল কথা সকলোৱে কয়, বাপদাদাই কথাবোৰ টুকি থৈছে, নিজৰ সাহস নাথাকিলে
তেতিয়া কয় মহাৰথীয়েও এনেকুৱা কৰে, মই কৰিলোঁ তাতে কি হ’ল? কিন্তু বাপদাদাই সোধে যে
যি সময়ত মহাৰথীয়ে ভুল কৰে, সেই সময়ত মহাৰথী হয় জানো? তেন্তে মহাৰথীৰ নাম কিয় বদনাম
কৰিছা? সেই সময়ত তেওঁ মহাৰথী নহয়েই, গতিকে মহাৰথী বুলি কৈ নিজক দুৰ্বল কৰা এয়া হৈছে
নিজক প্ৰতাৰণা কৰা। আনক চোৱা সহজ, নিজক চাবলৈ অলপ সাহস লাগে। গতিকে আজি বাপদাদা
হিচাপৰ কিতাপ শেষ কৰাৰ উপহাৰ ল’বলৈ আহিছে। দুৰ্বলতা আৰু অজুহাতৰ হিচাপ-নিকাচ তাৰো
বহুত ডাঙৰ কিতাপ, তাক নাশ কৰিব লাগে। তেন্তে প্ৰত্যেকেই যিসকলে ভাবিছা মই কৰি
দেখুৱাম, কৰিবই লাগিব, নতশিৰ হ’বই লাগিব, সলনি হ’বই লাগিব, পৰিৱৰ্তন মহোৎসৱ পালন
কৰিবই লাগিব, যিসকলে ভাবিছা সংকল্প কৰিম তেওঁলোকে হাত দাঙা। দৃঢ় নে গতানুগতিক?
গতানুগতিক সংকল্পও থাকে আৰু দৃঢ় সংকল্পও থাকে। তেন্তে তোমালোক সকলোৱে দৃঢ় সংকল্প
লৈছানে? দৃঢ় লৈছানে? মধুবনৰসকলে দীঘলকৈ হাত দাঙা। ইয়াত সন্মুখত মধুবনৰসকল বহে, বহুত
ওচৰত বহাৰ সুযোগ আছে। প্ৰথম আসন মধুবনৰসকলে পায়, বাপদাদা আনন্দিত হৈছে। প্ৰথমত বহিছা,
প্ৰথম হৈ থাকিবা। তেন্তে আজিৰ উপহাৰতো সুন্দৰ হ’ল নহয়। বাপদাদাও আনন্দিত হৈছে কিয়নো
তোমালোক অকলে নোহোৱা। তোমালোকৰ পিছত তোমালোকৰ ৰাজধানীত তোমালোকৰ অভিজাত পৰিয়াল,
তোমালোকৰ অভিজাত প্ৰজা, আকৌ দ্বাপৰৰ পৰা তোমালোকৰ ভক্ত, সতো ৰজো তমোগুণী, তিনি
প্ৰকাৰৰ ভক্ত, তোমালোকৰ পিছত দীঘল শাৰী। যিটো তোমালোকে কৰিবা সেয়া তোমালোকৰ পিছৰসকলে
কৰে। তোমালোকে অজুহাত দেখুৱালে তেতিয়া ভক্তসকলেও বহুত অজুহাত দেখুৱায়। এতিয়া
ব্ৰাহ্মণ পৰিয়ালেও তোমালোকক দেখি, ওলোটা অনুকৰণ কৰাততো পাকৈত হয় নহয়। সেয়েহে এতিয়া
দৃঢ় সংকল্প কৰা, সংস্কাৰৰ বিৰোধ থাকিব, স্বভাৱৰ মতভেদ হ’ব, তৃতীয় কথা দুৰ্বলতাৰ হয়,
কোনোবাই কাৰোবাৰ বাবে মিছা কথা কৈ দিলে, তেতিয়া বহুত সন্তানে কয় মোৰ বেছি ক্ৰোধ আহে
মিছা ক’লে। কিন্তু সত্য পিতাৰ দ্বাৰা সত্যাসত্য নিৰূপণ কৰিলানে, সত্য পিতা তোমালোকৰ
লগত, তেন্তে গোটেই মিছা জগতখন এফালে আৰু এক পিতা তোমালোকৰ লগত, বিজয় তোমালোকৰ
নিশ্চিত হৈয়েই আছে। কোনেও তোমালোকক বিচলিত কৰিব নোৱাৰে, কিয়নো পিতা তোমালোকৰ লগত আছে।
মিছা বুলি কৈ আছে। তেন্তে মিছাক মিছাই হৈ থাকিব দিয়াচোন, বৃদ্ধি কিয় কৰা! গতিকে
পিতাৰ অজুহাত ভাল নালাগে, এইটো হ’ল, এইটো হ’ল, এইটো হ’ল… এইটো এইটোৰ গীত এতিয়া
সমাপ্ত হ’ব লাগে। ভাল হ’ল, ভাল হ’ব, ভালে থাকিম, সকলোকে ভাল কৰিম। ভাল ভাল ভালৰ গীত
গোৱা। তেন্তে পচন্দ হৈছেনে? পচন্দ হৈছেনে? অজুহাত সমাপ্ত কৰিবানে? কৰিবানে? দুয়োখন
হাত দাঙা। হয়, ভালকৈ লৰোৱা। বাৰু, চাই থকাবোৰেও হাত লৰাই আছে। যিফালেই চাই আছা, হাত
লৰোৱা। তুমিতো লৰাই আছা। বাৰু এতিয়া তললৈ কৰা, এতিয়া নিজৰ পৰিৱৰ্তনৰ তালি বজোৱা। (সকলোৱে
জোৰকৈ তালি বজালে) ভাল বাৰু।
বাৰু – এতিয়া
প্ৰত্যেকেই এক মিনিটৰ কাৰণে দৃঢ় সংকল্প স্বৰূপত বহা যে অজুহাত, এলাহ, অমনোযোগিতা
সকলো সময়ত দৃঢ় সংকল্পৰ দ্বাৰা সমাপ্ত কৰি বহুকালৰ হিচাপ জমা কৰিবই লাগে। যিয়েই নহওক,
একো চাব নালাগে কিন্তু পিতাৰ অন্তৰাসনধাৰী হ’বই লাগে, বিশ্বৰ সিংহাসনধাৰী হ’বই লাগে।
এইটো দৃঢ় সংকল্প স্বৰূপত সকলো বহা। বাৰু।
চাৰিওফালৰ সদায়
উৎসাহ-উদ্দীপনাৰ অনুভৱত থাকোঁতা, সদায় “দৃঢ়তা সফলতাৰ চাবি”ক কাৰ্যত প্ৰয়োগ কৰোঁতা,
সদায় পিতাৰ লগত আৰু প্ৰতিটো কাৰ্যত সঙ্গী হৈ থাকোঁতা, সদায় এজনৰ নাম লওঁতা আৰু
মিতব্যয়ী, একাগ্ৰতা স্বৰূপত আগলৈ উৰি থাকোঁতা, বাপদাদাৰ অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা, বিশেষ সন্তানসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।
বৰদান:
হদৰ সৰ্ব ইচ্ছা
ত্যাগ কৰোঁতা সঁচা তপস্বী মূৰ্ত হোৱা
হদৰ ইচ্ছাসমূহ ত্যাগ
কৰি সঁচা অৰ্থত তপস্বী মূৰ্ত হোৱা। তপস্বী মূৰ্ত অৰ্থাৎ হদৰ ইচ্ছা মাত্ৰম্ অবিদ্যা
ৰূপ। যিয়ে লোৱাৰ সংকল্প কৰে তেওঁ অল্পকালৰ কাৰণে লয় কিন্তু সদাকালৰ কাৰণে হেৰুৱায়।
তপস্বী হোৱাত বিশেষ বিঘ্ন ৰূপ হৈছে এই অল্পকালৰ ইচ্ছাসমূহ সেইবাবে এতিয়া তপস্বী
মূৰ্ত হোৱাৰ প্ৰমাণ দিয়া অৰ্থাৎ হদৰ মান সন্মান লোৱাৰ ভাৱ ত্যাগ কৰি বিধাতা হোৱা।
যেতিয়া বিধাতাবোধৰ সংস্কাৰ জাগ্ৰত হ’ব তেতিয়া অন্য সকলো সংস্কাৰ স্বতঃ নিষ্ক্ৰিয় হৈ
যাব।
স্লোগান:
কৰ্ম ফলৰ
সূক্ষ্ম কামনা ৰখাটোও ফল পকাৰ আগতেই খাই পেলোৱাৰ দৰে।
অব্যক্ত সংকেত:
সহজযোগী হ'বলৈ হ’লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা
পাপ কাটেশ্বৰ বা পাপ
হৰণ কৰোঁতা তেতিয়া হ’ব পাৰিবা যেতিয়া যোগ জ্বালা স্বৰূপ হ’ব। এই স্মৃতিৰ দ্বাৰা
অনেক আত্মাৰ নিৰ্বলতা দূৰ হ’ব, ইয়াৰ কাৰণে প্ৰত্যেক চেকেণ্ড, প্ৰতিটো শ্বাসত পিতা
আৰু তোমালোক সংযুক্ত হৈ থাকা। কোনো সময়তে স্মৃতি যাতে সাধাৰণ নহয়। স্নেহ আৰু শক্তি
দুয়োটা ৰূপ সংযুক্ত হওঁক।