28.10.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
বাবা কিমান দূৰৈৰ পৰা তোমালোকক পঢ়াবলৈ আহে, পঢ়াৰ মাচুলো নলয় তেন্তে কিমান
স্নেহযুক্ত হৈ পঢ়িব লাগে”
প্ৰশ্ন:
আত্মিক চৰকাৰে
গোটেই জগতৰ কাৰণে এয়া বিনামূলীয়া স্কুল খুলিছে - কিয়?
উত্তৰ:
কিয়নো সকলো মাউৰা, অনাথ হৈ গৈছে। পিতাই এনেকুৱা গৰিব সন্তানসকলৰ পৰা মাচুল কি ল'ব।
এই অন্তিম জন্মত পিতাই এনেকুৱা পাঠ পঢ়ায় যাৰ দ্বাৰা তোমালোক বিশ্বৰ মালিক হৈ যোৱা।
যিসকল নতুন নতুন সন্তান পঢ়িবলৈ আহে, তেওঁলোকৰো কোনো লোকচান নহয়। যদিওবা শেষৰ ফালে
আহিছে কিন্তু অলপ পৰিশ্ৰম কৰি পুৰণি সকলতকৈও আগবাঢ়ি যাব পাৰে।
গীত:
জাগ চজনিয়া
জাগ… (জাগা প্ৰিয়তমাসকল জাগা…)
ওঁম্শান্তি।
মৰমৰ আত্মিক
সন্তানসকলে গীতটি শুনিলে। আত্মিক পিতাই ক’লে, ইয়াত তোমালোক আত্মাসকল আত্ম-অভিমানী
হৈ বহিব লাগে। পৰমপিতা পৰমাত্মা আৰু সন্তানসকল এতিয়া আহি মিলিত হৈছে। ইয়াক কোৱা হয়
আত্মাসকল আৰু পৰমপিতা পৰমাত্মাৰ এই সৃষ্টিত মেলা। এই মেলা এবাৰেই হয়। আধাকল্প
সত্যযুগ ত্ৰেতাত কোনেও আহ্বান নকৰে। তোমালোক সন্তানসকল সুখী হৈ থাকা, যি সুখ
তোমালোক আত্মাসকলে এতিয়া প্ৰাপ্ত কৰি আছা। তোমালোক প্ৰথমে সতোপ্ৰধান আছিলা, এতিয়া
তমোপ্ৰধান পতিত হৈ গৈছা পুনৰ পিতাই পাৱন কৰি তোলে। যেতিয়া পূজাৰী হোৱা তেতিয়া দুখী
হৈ যোৱা। 5 বিকাৰৰ কাৰণেই দুখী হয়। যিমানে ছিৰি নামি গৈ থাকা সিমানে দুখী হৈ গৈ থাকা।
এতিয়া তোমালোক সন্তানসকলে জানা দুখৰ পাহাৰ খহিবলগীয়া আছে। এই পুৰণি সৃষ্টিৰ এতিয়া
বিনাশ হ'ব। তোমালোকৰ বুদ্ধিয়ে জানে - বাবা হৈছে নিৰাকাৰ, তেওঁ শিক্ষক হৈ আমাক
শালগ্ৰামসকলক পঢ়ায়। তেওঁ কয় - সন্তানসকল, মই পুনৰাই তোমালোকক বিশ্বৰ মালিক কৰি
তুলিবলৈ আহিছোঁ। 5 হাজাৰ বছৰ পূৰ্বেও তোমালোক স্বৰ্গৰ মালিক আছিলা, স্মৃতিত আছে নহয়।
সংগমতেই তোমালোকক গঢ়ি তুলিছিলোঁ। এতিয়া পুনৰ তোমালোকক মনুষ্যৰ পৰা দেৱতা, বৈকুণ্ঠ
স্বৰ্গৰ মালিক কৰি তুলিবলৈ আহিছোঁ। তোমালোকক এই উত্তৰাধিকাৰ দিছিলোঁ পুনৰ তোমালোকে
84 জন্ম ল'বলগীয়া হ’ল। এতিয়া তোমালোকৰ 84 জন্ম পূৰ্ণ হ'ল। এতিয়া মই আহিছোঁ, পুনৰ
তোমালোকে প্ৰথম নম্বৰৰ জন্মৰ পৰা আৰম্ভ কৰিব লাগে। মই তোমালোকৰ পিতাই তোমালোকক
শিক্ষাও দিওঁ। এতিয়া পিতাই পঢ়াৰ মাচুল সন্তানৰ পৰা ল'ব জানো? সন্তানসকলৰ পৰা মাচুল
কেনেকৈ ল'ব? এক পাই-পইচাও মাচুল নলওঁ। কিমান দূৰৈৰ পৰমধামৰ পৰা আহোঁ তোমালোকক পঢ়াবলৈ।
এইটো চাকৰি কৰিবলৈ নিতৌ আহোঁ। কাৰোবাৰ চাকৰি দূৰৈত ক’ৰবাত হ’লে তেতিয়া নিতৌ অহা-যোৱা
কৰিবলগীয়া হয়, নহয় জানো। তোমালোকে জানা বাবা জ্ঞানৰ সাগৰ হয়, যিয়ে আমাক সৃষ্টিৰ
আদি-মধ্য-অন্তৰ জ্ঞান দিয়ে। ভগৱানুবাচ (ভগৱানে কয়) - মই নিৰাকাৰ পৰমাত্মা হওঁ,
কৃষ্ণ নহয়। তোমালোকে যিজন কৃষ্ণক ভগৱান বুলি ভাবা, তেওঁ ভগৱান হ'ব নোৱাৰে। তেওঁতো
সম্পূৰ্ণ 84 জন্ম লয়। ভগৱানৰ নিজৰ শৰীৰ নাই। যেনেকৈ তোমালোক আত্মা তেৱোঁ আত্মা।
কিন্তু কেৱল আত্মা বুলি ক'লেতো সকলোৰে লগত মিলি যাব সেয়েহে মোক পৰম আত্মা বুলি কয়।
নাটকৰ পৰিকল্পনা অনুসৰি মোৰ (আত্মাৰ) নাম হৈছে শিৱ। মই হৈছোঁ নিৰাকাৰ। মোক আহ্বানেই
জনায় - শিৱবাবা। আচলতে মোৰ নাম এটাই। বাকী ভিন্ন ভিন্ন নাম ৰাখি দিছে। মোৰ নাম কোনো
ৰুদ্ৰ নহয়। কৃষ্ণয়ো কোনো যজ্ঞ ৰচা নাই। এই সকলোবোৰ মিছা। মইহে আহি তোমালোকক সঁচা কথা
কওঁ। তোমালোকক সঁচাকৈ নৰৰ পৰা নাৰায়ণ কৰি গঢ়ি তুলিবলৈ মই আহিছোঁ। মোৰ ঘৰ বহুত দূৰৈত।
ইয়ালৈ আহি এই শৰীৰৰ দ্বাৰা তোমালোকক পঢ়াওঁ। গোটেই দিন এওঁৰ শৰীৰত বহি নাথাকোঁ।
পৰিক্ৰমা লগাই থাকোঁ। মোৰ গ্লানি কৰাৰ কাৰণে তোমালোক বহুত দুখী, মহান পতিত হৈ গৈছা।
ব্ৰহ্মাকো কোনোবাই আদি দেৱ বুলি কয়, কোনোবাই আদম বুলি কয়, কোনোবাই মহাবীৰ বুলি কয়,
তোমালোকে প্ৰজাপিতা বুলি কোৱা। তোমালোকে মোক আধাকল্প স্মৰণ কৰিছা, সেয়েহে মই এই পৰৰ
দেশত আহিবলগীয়া হৈছে। সকলো পতিত দুখী। মাউৰা হয়। গৰাকী নাই। মাউৰাসকলক পঢ়াবলৈ চৰকাৰে
মাচুল নলয়। এয়াতো বহুত ডাঙৰ আত্মিক চৰকাৰ। বেহদৰ (অসীমৰ; পাৰলৌকিক) পিতাক কোনেও
নাজানে। কিমান জপ-তপ, দান-পুণ্য আদি কৰে। সোধা হয় - এইবোৰ কিয় কৰে? তেতিয়া ক'ব ইয়াৰ
দ্বাৰা ভগৱানৰ ওচৰলৈ গুচি যাম। কোনোবাই জপ-তপ কৰিলে গৈ পাব, কোনোবাই শাস্ত্ৰ পঢ়ি।
পিতাই কয় - এনেকুৱাতো নহয়। ভক্তি কৰি কৰিতো তোমালোক আৰুহে পতিত হৈ গৈছা। পাখি ভাঙি
গৈছে। তোমালোক উৰিব নোৱাৰা, যেতিয়ালৈকে তোমালোকৰ ভিতৰত জ্ঞান-ঘৃত নপৰে। ঘৃত অথবা
পেট্ৰোল শেষ হৈ যোৱাৰ কাৰণে জ্যোতি নুমাই গৈছে। পুনৰ মই আহি ভৰাওঁ।
তোমালোকে জানা –
বাবাৰ আগমন হৈছে। ইয়াত তোমালোক আনন্দেৰে থাকা। ঘৰলৈ গ'লে তোমালোকে পাহৰি যোৱা।
তোমালোকৰ পৰা মই এই পঢ়াৰ বাবদ মাচুল নলওঁ। তোমালোকে ক’বা - চাউল এমুঠি দিওঁ। এই
চাউল মুঠিতো তোমালোকে ভক্তি মাৰ্গত দি আহিছা, যাৰ প্ৰতিদান আকৌ পৰৱৰ্তী জন্মত
প্ৰাপ্ত হয়। এতিয়া তোমালোকে জানা - পিতা সন্মুখত বহি আছে, বিনামূলীয়াকৈ পঢ়ায় কিয়নো
জানে যে এওঁলোকৰ ওচৰত আছেই বা কি। তেন্তে পিতাই জানো তোমালোকৰ পৰা কিবা ল'ব। সেই
পঢ়াততো কিমান খৰচ কৰিবলগীয়া হয়। কিমান পৰীক্ষা উত্তীৰ্ণ হ’বলগীয়া হয়। মইতো এটাই পঢ়া
পঢ়াওঁ। স্কুললৈ যিসকল অহা-যোৱা কৰে, তেওঁলোকক যোগ কৰি গৈ থাকোঁ। অৱশ্যে হয় যিসকল
দেৰিকৈ আহে, তেওঁলোকে অলপ বেছিকৈ পৰিশ্ৰম কৰিবলগীয়া হয়। তাৰ পৰিৱৰ্তে দেৰিকৈ অহাসকলে
আকৌ ভাল সাৰ কথা শুনিবলৈ পায়। যিসকলে শীঘ্ৰতাৰে পঢ়ে তেওঁলোকৰ একো লোকচান নহয়।
নতুনসকলে ভাল ভাল সাৰ কথা শুনিবলৈ পালে পুৰণি সকলতকৈও বেগেৰে আগবাঢ়ি যায়। পিতাই কয়
– আৰম্ভণিত যিসকল আহিছিল তেওঁলোকৰ কিমান আঁতৰি গুচি গ’ল। ভাল হ’ল যে তোমালোক দেৰিকৈ
আহিলা সেয়েহে আকৌ তোমালোকে গূঢ়তকৈও গূঢ় সাৰ কথা শুনিবলৈ পোৱা। পিতাই কয় - পাৰ্থিৱ
পঢ়াও পঢ়া। শৰীৰ নিৰ্বাহৰ কাৰণে পেছাগত কাম-কাজো লাগিলে কৰা কেৱল মোক স্মৰণ কৰা আৰু
চক্ৰক স্মৰণ কৰা। এইটো পাহৰিব নালাগে। এইটোতো বুজি পোৱা নহয় যে এতিয়া আমাৰ 84 জন্মৰ
এয়া অন্তৰ সময়।
পিতাই বুজায় মোক
স্মৰণ কৰা তেতিয়া তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাবা। স্মৰণতো তোমালোকে (লৌকিক)
পিতাকো কৰা, স্বামীকো কৰা। এতিয়া মই তোমালোকৰ স্বামীৰো স্বামী, পিতাৰো পিতা হওঁ,
শিক্ষকো হওঁ। মই তোমালোকৰ সকলো হওঁ। সুখ দিওঁতা হওঁ। সেইসকল পতিত সম্বন্ধীয় আদিয়েতো
তোমালোকক দুখেই দিব। সত্যযুগত কোনেও কাকো দুখ নিদিয়ে। এতিয়া মই আহিছোঁ সত্যযুগৰ
ৰাজ্য-ভাগ্য দিবলৈ। তোমালোকে জানা এই সংগমতেই আমি পিতাৰ পৰা উত্তৰাধিকাৰ লওঁ। এতিয়া
তোমালোকে যিমানে পঢ়িবা। পঢ়াও বহুত সহজ। এয়া হয়েই সহজ জ্ঞান, সহজ স্মৃতি। মৃত্যুও
সন্মুখত থিয় হৈ আছে। মই আহিছোঁ তোমালোক সকলোকে লৈ যাবলৈ সেয়েহে মোক কালৰো কাল বুলিও
কয়। এনেকৈও কয় যে এওঁক কালে খাই পেলালে। কালে শৰীৰক খায়, আত্মাকতো খাব নোৱাৰে।
আত্মাইতো এটা শৰীৰ এৰি আন এটা লয়গৈ। ভূমিকা পালন কৰে। এতিয়া তোমালোকে জানা এটা
ঢকাতেই সকলোবোৰ নাশ হৈ যাব, মৃত্যু এনেকৈ হ'ব যে কাৰো বাবে কোনেও নাকান্দিব। সকলোৱে
উভতি যাবই লাগে। তেতিয়া কান্দে যেতিয়া পুনৰ্জন্ম বাৰে বাৰে দুখৰ সৃষ্টিতেই লয়।
তোমালোকে পিতাক আহ্বানো এই কাৰণেই কৰা যে বাবা আমাক আপোনাৰ লগত লৈ যাওক। গতিকে এতিয়া
বাবাৰ আগমন হৈছে, যি মনুষ্য মাত্ৰ আছে সকলোকে লৈ যায়। বিনাশ হ’লে তেতিয়া সকলো মৰিব।
কোনো নাথাকিব। চৰকাৰে নিজৰ পৰিকল্পনা কৰি আছে। মনুষ্য সৃষ্টিতো বাঢ়িয়েই গৈ থাকে। সৰু
সৰু ঠাল-ঠেঙুলিবোৰতো কিমান পাত ওলাই আহে। বৃক্ষতো বাঢ়িবই। কিন্তু তাৰ আয়ুসো নিশ্চয়
আছে। কল্পবৃক্ষৰ আয়ুস জানো লাখ লাখ বছৰ হ'ব পাৰে। এতিয়া পিতাই তোমালোকক পঢ়াই আছে,
পূজ্য দেৱী-দেৱতা কৰি গঢ়ি তুলিবলৈ। পোন-প্ৰথমে পিতাক তোমালোকেই পোৱা অন্য
ধৰ্মাৱলম্বীসকলতো আহেই শেষৰ ফালে। সত্যযুগত তোমালোক আহা। তোমালোককে পঢ়াওঁ। কেৱল কওঁ
– যদি পাৱন সৃষ্টিলৈ যাব বিচৰা তেন্তে বিকাৰত নাযাবা। তথাপিও তোমালোকে কিয় নামানা,
বিহ অবিহনে তোমালোক থাকিব নোৱাৰানে? মোৰ মতত যদি নচলা তেন্তে উচ্চ পদো নাপাবা।
তোমালোকৰ আশাই আছিল কৃষ্ণপুৰীলৈ যোৱাৰ। তেন্তে কৃষ্ণৰ ৰাজধানীলৈ যাবা নে প্ৰজাৰ
শাৰীত যাবা? কৃষ্ণৰ লগত খেল-ধেমালি ৰাজকুমাৰ-ৰাজকুমাৰীসকলেহে কৰিব। প্ৰজাই জানো
কৰিব। এওঁলোক মম্মা-বাবায়ো পঢ়ি আছে। তোমালোকে জানা এওঁলোক ৰাধা-কৃষ্ণ পুনৰ সয়ম্বৰৰ
পাছত লক্ষ্মী-নাৰায়ণ হ'বগৈ। ৰজাসকলৰহে মালা তৈয়াৰ হয় নহয় জানো। 8 (আঠ) মণিৰ ভিতৰত
আহা, বাৰু 8 (আঠ)ত যদি নোৱাৰা তেন্তে 108ত আহা। অতিকমেও 16108ততো আহা। এয়া হৈছেই
ৰাজযোগ। পিতাৰ শ্ৰীমতত চলিব লাগে। ঘৰৰ সদস্যসকলকো বুজোৱা। পিতাই তোমালোকক বুজায়,
অন্যক বুজাবৰ কাৰণে। পুৰণি সৃষ্টিৰ বিনাশ হ'বই। মহাভাৰতৰ যুদ্ধও প্ৰসিদ্ধ হয় যেতিয়া
ভগৱান আহিছিল। ভগৱানেই আহি ৰাজযোগ শিকাইছিল, স্বৰ্গৰ স্থাপনা আৰু নৰকৰ বিনাশ হ’ল,
এয়া সেয়াই সময়। পুনৰ ৰাজধানী স্থাপন হৈ যাব। সত্যযুগত অন্য কোনো ধৰ্ম নাথাকেই। ভাৰত
কিমান মুকুটধাৰী আছিল, কিমান চহকী আছিল, খ্ৰীষ্টানসকল সকলো ইয়াৰ পৰাই চহকী হৈছে।
সোমনাথৰ মন্দিৰৰ পৰাও কিমান সামগ্ৰী উটৰ পিঠিত ভৰপূৰ কৰি লৈ গ'ল। এয়াতো এটা মন্দিৰৰ
কথা। ভাৰতত বহুত মন্দিৰ আছিল। পিতাই গোটেই বৃক্ষৰ ৰহস্য বুজায়। মই বীজ ওপৰত আছোঁ।
এয়া ওলোটা বৃক্ষ নহয় জানো। জ্ঞানপূৰ্ণ মই হওঁ। তোমালোকে মোক আহ্বানেই জনোৱা -
পতিত-পাৱন আহক। তথাপিও নাম ৰূপৰ পৰা উপৰাম বুলি কৈ দিয়ে। ৰাৱণে সকলোকে একদম অবুজ কৰি
দিছে। এতিয়া তোমালোকৰ স্মৃতি উদয় হৈছে, আমাৰ পিতা কোন হয়। এই চক্ৰ কেনেকৈ ঘূৰে।
সকলোৰে বোধশক্তিতো একে নহয়। এজনৰ বোধ আনজনৰ লগত নিমিলে। এজনৰ চেহেৰা (চাৰিত্ৰিক
বৈশিষ্ট্য) আনজনৰ লগত নিমিলে। গতিকে এতিয়া তোমালোক সন্তানসকল পিতাৰ হ'ব লাগে নহয়
জানো। তেওঁ পিতাও হয়, শিক্ষকো হয় আৰু সৎগুৰুও হয়। তোমালোকে জানা এওঁ কোনো মাচুল নলয়।
কড়িৰ সমানো খৰচ নকৰাকৈয়ে তোমালোকৰ 21 জন্মৰ কাৰণে বাদশ্বাহী প্ৰাপ্ত হৈ যায়।
তোমালোকে ভক্তি মাৰ্গত ঈশ্বৰৰ অৰ্থে কিছু দিছিলা প্ৰতিদানত পৰৱৰ্তী জন্মত তোমালোকে
পাইছিলা। এতিয়াতো মই পোনপটীয়াকৈ আহি ভাৰতক স্বৰ্গ কৰি গঢ়ি তোলোঁ। ইয়াত যি কিছু খৰচ
হয়, সেয়া সন্তানসকলৰে হয়। সন্তানসকলকে ক'ব যে খৰচ কৰিব লাগে। এই এজন ব্ৰহ্মাক খৰচ
কৰিবৰ কাৰণে ভালদৰে ধৰিলোঁ। এওঁৰ শৰীৰত প্ৰৱেশ কৰি সকলোবোৰ কৰালোঁ। এওঁতো ততালিকে
স্বাহা (সমৰ্পিত) হৈ গ'ল। এওঁৰ ওচৰত যি আছিল সকলোবোৰ দি দিলে। বাবাই ক'লে, ভিকহু হৈ
যোৱা তেতিয়া এনেকুৱা ৰাজকুমাৰ কৰি তুলিম, সাক্ষাৎকাৰ কৰাই দিলে। খেয়াল আহিল - এতিয়া
এইবোৰ কি কৰিম। বিনাশ হ'বই। বাবাই ক'লে - বান্দৰৰ নিচিনাকৈ মুঠি বন্ধ নকৰিবা, খুলি
দিয়া। ততালিকে খুলি (যজ্ঞত দি) দিলে। নহ'লে ইমানবোৰ সন্তানৰ খৰচ কেনেকৈ চলিব।
সন্তান বাদশ্বাহ, ককা (শিৱবাবা) পৰামৰ্শদাতা এনেকুৱা হৈ গ'ল। এজনকেই পইচাৰ কাৰণে ধৰি
ল'লে। তোমালোক সন্তানসকলৰ ভাতী তৈয়াৰ হ'বলগীয়া আছিল। স্কুলো নিৰ্মাণ কৰা হৈছিল।
এতিয়া তোমালোক বিচাৰ বুদ্ধি সম্পন্ন হৈ পুনৰ অন্যকো পঢ়োৱা। তোমালোকে কিমানৰ কল্যাণ
কৰা। পিতা হয়েই কল্যাণকাৰী, সকলোকে নৰকৰ পৰা উলিয়াই স্বৰ্গলৈ লৈ যায়। এতিয়া যিমান
পুৰুষাৰ্থ কৰিবা সিমান উচ্চ পদ পাবা। প্ৰজাৰ কাৰণেও প্ৰদৰ্শনী আদিৰ যুক্তি (উপায়)
আৰু ওলাই গৈ থাকিব। ঢেৰ প্ৰজা হৈ যাব। ৰজা-ৰাণীতো কম সংখ্যক হয়। প্ৰজাতো কোটিৰ
হিচাপত হয়, নহয় জানো। ৰজা-ৰাণীতো এযোৰেই হয়। তাত কাজিয়া-পেচাল আদি নহয়। সন্তানসকলে
জানে - এতিয়া মৃত্যু সন্মুখত থিয় হৈ আছে। যিমান যোগযুক্ত হৈ থাকিবা সিমান পাপ
আত্মাৰ পৰা পুণ্য আত্মা হ'বা অন্য কোনো উপায় নাই। সুসন্তানে মাতা-পিতাক অনুসৰণ কৰে।
পিতা পাৱন হ’ব, সন্তান নহ’ব তেন্তে তেওঁ কুসন্তান হ'ল নহয় জানো। ইয়াততো নষ্টোমোহা
হ'বলগীয়া হয়। মোৰতো একমাত্ৰ শিৱবাবা আন কোনো নাই। উত্তৰাধিকাৰো তেওঁৰ পৰা পাবা।
এতিয়া পিতাৰ পৰা নতুন সৃষ্টিৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰিব লাগে, গতিকে পতিত নহ'বা।
পাৱন নোহোৱাকৈ নতুন সৃষ্টিলৈ যাব নোৱাৰিবা। জন্ম-জন্মান্তৰ পাপ কৰি থোৱা আছে, তাৰ
শাস্তি ভোগ কৰিবলগীয়া হয়। যেনেকৈ 63 জন্মৰ পাপৰ শাস্তি পোৱা যায়। গৰ্ভ কাৰাগাৰতো
শাস্তি ভোগ কৰে। সত্যযুগত কোনো কাৰাগাৰ আদি নাথাকে। হয়েই স্বৰ্গ। এতিয়া পিতা সাধাৰণ
শৰীৰত আহিছে, সেয়েহে পিতাক চিনি নাপায়। পিতাৰ সৈতে যোগযুক্ত হ’লেহে আত্মা পাৱন হ'ব।
পিতাই কয় - মই পতিত সৃষ্টিত, পতিত শৰীৰত আহোঁ আকৌ এওঁক এক নম্বৰ পাৱন কৰি তোলোঁ। তত
ত্বম্ (তোমালোকৰ ক্ষেত্ৰতো একেই)। তোমালোকো পাৱন হোৱা। তোমালোক পিতাৰ সন্তান হৈছা।
প্ৰজাপিতা ব্ৰহ্মাৰো সন্তান হোৱা সেয়েহে বাপদাদা বুলি কোৱা হয়। পিতাই বুজায় - এতিয়া
সময় বহুত কম। শৰীৰৰ ভৰসা নাই। পিতাক স্মৰণ কৰি থাকা, স্বদৰ্শন চক্ৰধাৰী হোৱা। গোটেই
দিন এই কথাবোৰেই খেয়ালত থাকিব লাগে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সম্পূৰ্ণ
নষ্টোমোহা হ'ব লাগে। একমাত্ৰ শিৱবাবা দ্বিতীয় কোনো নাই, এইটো পাঠ দৃঢ় কৰিব লাগে।
সুসন্তান হৈ মাতা-পিতাক অনুসৰণ কৰিব লাগে।
(2) কড়িৰ সমানো খৰচ
নোহোৱা পঢ়াৰ দ্বাৰা 21 জন্মৰ বাদশ্বাহী পোৱা যায় গতিকে বহুত নিষ্ঠাৰে পঢ়া পঢ়িব লাগে।
স্বদৰ্শন চক্ৰধাৰী হ'ব লাগে।
বৰদান:
সদায় নিজৰ
শ্ৰেষ্ঠ ভাগ্যৰ নিচা আৰু আনন্দত থাকোঁতা পদমাপদম ভাগ্যশালী হোৱা
গোটেই বিশ্বত যিসকল
ধৰ্মপিতা বা জগৎগুৰু বুলি পৰিচিত হৈছে, তেওঁলোকৰ কোনেও মাতা-পিতাৰ সম্বন্ধৰে অলৌকিক
জন্ম আৰু প্ৰতিপালন লাভ নকৰে। তেওঁলোকেতো অলৌকিক মাতা-পিতাৰ অনুভৱ সপোনতো কৰিব
নোৱাৰে। কিন্তু তোমালোক পদমাপদমপতি শ্ৰেষ্ঠ আত্মাসকলে প্ৰতিদিনে মাতা-পিতাৰ আৰু সকলো
সম্বন্ধৰ স্মৃতি আৰু মৰম লাভ কৰাৰ পাত্ৰ হোৱা। স্বয়ং সৰ্বশক্তিমান পিতাই তোমালোক
সন্তানসকলৰ সেৱক হৈ প্ৰতিটো খোজতে সংগ দিয়ে - গতিকে, নিজৰ এই শ্ৰেষ্ঠ ভাগ্যৰ নিচা
আৰু আনন্দত থাকা।
স্লোগান:
দেহ আৰু মন সদায় আনন্দিত কৰি ৰাখিবলৈ কেৱল আনন্দৰেই সমৰ্থ সংকল্প কৰা।
অব্যক্ত ইংগিত:
পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰা:
বাপদাদাই সদায়
শ্ৰীমত দিয়ে যে মনত প্ৰত্যেক আত্মাৰ প্ৰতি শুভ-ভাৱনা আৰু শুভ-কামনা ৰাখিবা,
অপকাৰীৰ প্ৰতিও উপকাৰ কৰাৰ বৃত্তি ৰাখিবা—এয়াই হৈছে স্বচ্ছ মন। নিজৰ প্ৰতি বা আনৰ
প্ৰতি ব্যৰ্থ সংকল্প উদয় হ’লে সেয়া স্বচ্ছ মন নহয়। যেতিয়া মন স্বচ্ছ আৰু বুদ্ধি
নিৰ্মল তথা স্পষ্ট হ’ব, তেতিয়াহে ডাবল লাইট স্থিতি গঢ়ি উঠিব। পিতাৰ সমান স্থিতি
গঢ়ি তোলাৰ এয়াই সহজ উপায়।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]