29.03.26 Avyakt Bapdada
Assame
Murli
25.10.2009 Om Shanti Madhuban
“*“সৰ্ব সম্পদেৰে
সম্পন্ন নিজৰ চেহেৰা আৰু চাল-চলনৰ দ্বাৰা অলৌকিকতাৰ সাক্ষাৎকাৰ কৰোৱা”*”
আজি সৰ্ব সম্পদ দাতাই
নিজৰ সম্পদৰ মালিক সন্তানসকলক চাই আছেহঁক। প্ৰতিগৰাকী সন্তান সৰ্ব সম্পদেৰে সম্পন্ন
কিয়নো পিতাই সকলো সন্তানক একে নিচিনাই একে সময়তে সকলো সম্পদ দিছে। গতিকে বাপদাদাই
নিজৰ বালক তথা মালিক সন্তানসকলক লগ কৰিবলৈ আহিছে। সন্তানসকলে মাতিলে, সেয়েহে পিতা
সন্তানসকলৰ স্নেহত আহি উপস্থিত হৈ গৈছে। সম্পদতো বহুত আছে, সকলোতকৈ প্ৰথম সম্পদ হৈছে
জ্ঞান ধন, যি জ্ঞান ধনৰ দ্বাৰা ভৰপূৰ হৈ গ’লা, মহাদানী হৈ আনকো বিলাই থাকা। যি
জ্ঞানৰ সম্পদৰ দ্বাৰা ভিন্ন ভিন্ন বন্ধনত আবদ্ধ হৈ থকা আত্মা, সেই সকলো বন্ধনৰ পৰা
মুক্ত হৈ গ’ল। বন্ধনযুক্তৰ পৰা বন্ধনমুক্ত হৈ গ’ল। লগতে যোগ অৰ্থাৎ স্মৃতিৰ সম্পদ,
যাৰ দ্বাৰা অনেক শক্তি প্ৰাপ্ত কৰিছা। তেনেকৈয়ে ধাৰণাৰ দ্বাৰা সৰ্ব গুণৰ অনুভূতি
অৰ্থাৎ সম্পদ লাভ কৰিছা। লগতে ধাৰণাৰ শক্তিৰে সকলোৰে স্নেহৰ শক্তি, সকলোৰে প্ৰিয় আৰু
অনাসক্তবোধৰ শক্তিৰ সম্পদ প্ৰাপ্ত কৰিলা, সকলোৰে স্নেহৰ সম্পদ অনুভৱ কৰিলা। লগতে
সৰ্ব ব্ৰাহ্মণ সম্বন্ধৰ দ্বাৰা অপাৰ আনন্দৰ সম্পদ অনুভৱ কৰিলা। কিন্তু সৰ্ব সম্পদৰ
লগতে যি বিশেষ সম্পদ আছে সেয়া হৈছে সংগমৰ সময়ৰ সম্পদ। যি আত্মাই সময়ৰ সম্পদক মহত্ব
দিয়ে তেওঁ সদায় অনেক প্ৰাপ্তিৰ মালিক হৈ যায় কিয়নো সংগমযুগৰ সময় বহুত কম কিন্তু সময়
অনুপাতে প্ৰাপ্তি বেছি। সকলোতকৈ বেছি সংগমযুগৰ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ প্ৰাপ্তি হৈছে
স্বয়ং ভগৱান পিতাৰ ৰূপত, শিক্ষকৰ ৰূপত, সৎগুৰুৰ ৰূপত প্ৰাপ্ত হয়। সংগমযুগত এই সৰু
জন্মত 21 জন্মৰ প্ৰাপ্তি, য’ত তন, মন, ধন, জন সকলো প্ৰাপ্তি আছে আৰু প্ৰতিশ্ৰুতি আছে
21 জন্ম সম্পূৰ্ণ, আধা নহয়, তিনি চতুৰ্থাংশ নহয় কিন্তু সম্পূৰ্ণ 21 জন্মৰ
প্ৰতিশ্ৰুতি আছে। গতিকে সকলোতকৈ বেছি যি মহত্ব আছে সেয়া হৈছে সংগমযুগৰ এটি এটি
চেকেণ্ড অনেক বছৰৰ সমান। তেন্তে কোৱা, সকলো সম্পদেৰে সম্পন্নতো হোৱা নহয়? সম্পন্ন
হোৱা নহয়? সেইবাবে বাপদাদাই সদায় সময়ৰ স্মৃতি সোঁৱৰাই আছে। বহুত সন্তানে ভাবে যে এক
দুই মিনিট যদি অন্য কিবা ভাবিলোঁ, তেন্তে 2 মিনিটহে মাত্ৰ। কিন্তু যিমান সময়ৰ মহত্ব
আছে সেই অনুসৰিতো 2 মিনিট নহয়, 2 মাহো নহয়, দুই বছৰৰ সমান। সংগমৰ সময়ৰ ইমান মহত্ব
আছে। সৰ্ব শক্তিৰ, সৰ্ব গুণৰ, পৰমাত্ম স্নেহৰ, ব্ৰাহ্মণ পৰিয়ালৰ স্নেহৰ আৰু কল্প
পূৰ্বৰ ঈশ্বৰীয় অধিকাৰৰ, এই সকলো প্ৰাপ্তি এই সৰু যুগত হয় অন্য কোনো যুগত এই সৰ্ব
প্ৰাপ্তি নহয়। ৰাজ্য ভাগ্য থাকিব, তোমালোক সকলোৰে ৰাজ্য হ’ব, সুখ শান্তি সকলো থাকিব
কিন্তু পৰমাত্ম মিলনৰ, অতীন্দ্ৰিয় সুখৰ, সৰ্ব ব্ৰাহ্মণ পৰিয়ালৰ স্নেহৰ,
আদি-মধ্য-অন্তৰ জ্ঞানৰ ভাগ্য এতিয়া সংগমতেই পাইছা, প্ৰতি কল্পত পাই থাকিবা।
বাপদাদাই প্ৰতিগৰাকী
সন্তানৰ চেহেৰা দ্বাৰা চায় যে সম্পদ জমা কিমান আছে? সম্পদতো পাইছে কিন্তু প্ৰত্যেকে
কিমান জমা পুঁজি বৃদ্ধি কৰিছে, সেয়া প্ৰত্যেকৰে চেহেৰা দ্বাৰা, চাল-চলনৰ দ্বাৰা দেখা
যায় আৰু তোমালোক সকলোৱেও নিজে নিজক জানা যে মই কিমান জমা কৰিছোঁ! এতিয়া বাপদাদাৰ
অন্তৰৰ এইটোৱেই আশা যে সম্পদতো পাইছে কিন্তু এতিয়া সময় কেৱল বৰ্ণনা কৰাৰ নহয় কিন্তু
তোমালোকৰ চেহেৰা আৰু চাল-চলনে প্ৰত্যক্ষ অনুভৱ কৰাওক যে এই আত্মাসকল কোনো বিশেষ,
অনাসক্ত আৰু পৰমাত্ম স্নেহী কিয়নো আগলৈ গৈ সময় পৰিৱৰ্তন হ’লে তোমালোকৰ সেৱা কেৱল
বৰ্ণনা কৰিলে নহ’ব, সময় স্পৰ্শকাতৰ হোৱাৰ বাবে ইমান সময় কোনেও উলিয়াব নোৱাৰিব কিন্তু
তোমালোকৰ সম্পদ সম্পন্ন চেহেৰাৰ দ্বাৰা, চাল-চলনৰ দ্বাৰা
তোমালোকৰ অলৌকিকতাৰ
দূৰৈৰ পৰাই সাক্ষাৎকাৰ হ’ব। গতিকে এনেকুৱা নিজৰ পুৰুষাৰ্থ প্ৰত্যক্ষ কৰা। যেনেকৈ
পিতা ব্ৰহ্মাক দেখিলা, যদিওবা সংগঠনৰ মাজতেই থাকিল তেতিয়াও দূৰৈৰ পৰাই সেই
ব্যক্তিত্ব, জেউতি অনুভৱ হ’ল। তেনেকৈ এতিয়া ডবল বিদেশীসকলে বিশেষ ডবল পুৰুষাৰ্থ কৰা।
বাপদাদাই ডবল পুৰুষাৰ্থী বুলি কয় সেয়েহে বাপদাদা আজি নিমিত্ত ডবল বিদেশী সন্তানসকলক
দেখি আনন্দিত হৈছে। বৃদ্ধিৰ পুৰুষাৰ্থ ভালকৈ কৰি আছে, নিমিত্ত হোৱা আত্মাসকলৰ দ্বাৰা
প্ৰতিপালনো সকলোৱে বহুত ভাল পাই আছে আৰু বাপদাদাৰ এটা কথা সকলোৰে বৰ ভাল লাগে যে
সকলো আত্মাই প্ৰত্যেক বছৰে নিজৰ সংগঠনৰ মিলন মধুবনত বিশেষভাৱে কৰে কিয়নো মধুবনৰ
বায়ুমণ্ডলে পুনৰুজ্জীৱিত কৰাত বহুত সহযোগ দিয়ে আৰু এটাই দ্বায়িত্ব – স্ব-পৰিৱৰ্তন,
মনৰ সেৱা, ইজনে সিজনৰ অনুভৱ জনাৰো ভাল সুযোগ পায়। গতিকে বাপদাদাই এইটো কথাৰ কাৰণে
অভিনন্দন জনায়।
এতিয়া নিজৰ নিজৰ
স্থানত গৈ কিবা চমৎকাৰ কৰিবা, কিছু অনাসক্তবোধ যিটো পিতাৰ প্ৰিয় সেয়া বাস্তৱত অনুভৱ
কৰাবা যাৰ দ্বাৰা মধুবনৰ পুনৰুজ্জীৱিতকৰণৰ সহযোগ তাতো অনুভৱ কৰি থাকিব। গতিকে আজি
বিশেষকৈ ডবল পুৰুষাৰ্থী দলৰ মিলন আৰু চোৱা তোমালোক সকলোলৈ ভাৰতবাসী সন্তানসকলৰ ইমান
স্নেহ যে প্ৰথম সুযোগ তোমালোককেই দিয়ে। গতিকে প্ৰথম সুযোগৰ ফলাফল প্ৰথম নম্বৰ ল’ব
লাগে। ভাল লাগে, বাপদাদাই আগতেও শুনাইছে যে ডবল বিদেশী বা ডবল পুৰুষাৰ্থী সন্তানসকলে
পিতাৰ এটা বিশেষ উপাধি প্ৰত্যক্ষ কৰিছে। যি বিদেশৰ অধিকাংশ ঠাইৰ পৰা পিতাৰ
সন্তানসকলক উলিয়াই তেওঁলোকৰো ভাগ্যৰ চিত্ৰ আঁকি দিছে, সেইবাবে একাগ্ৰতাৰে যিসকলে
চাৰিওফালে পৰিশ্ৰম কৰি আছে, তাৰ দ্বাৰা পিতাৰ বিশ্ব কল্যাণকাৰী কৰ্তব্য প্ৰসিদ্ধ
কৰিছে সেয়েহে বাপদাদাই প্ৰতিগৰাকী সন্তানক বাঃ! সন্তান বাঃ! বুলি অভিনন্দন জনায়।
এতিয়াও যেনেকৈ ভাৰতৰ চুকে-কোণে বাৰ্তা দিয়াৰ সেৱা চলি থাকে তেনেকৈ তাতো
উৎসাহ-উদ্দীপনা আছে যে বাকী থকা দেশবোৰত বাৰ্তা দি দিওঁ কিয়নো সময়ৰ কোনো ভৰসা নাই।
বাপদাদাই আগতেই কৈছে যে অকস্মাত যিকোনো ঘটনা ঘটিব পাৰে সেইবাবে বাৰ্তা দিয়াৰ বা
নিজৰ উন্নতিৰ কথা এতিয়াই, কেতিয়াবা নহয়, বাপদাদাই কৈছেই যে বাস্তৱত ব্ৰাহ্মণৰ
অভিধানত ‘কেতিয়াবা’ শব্দ শোভা নাপায়, এতিয়াই, সংকল্প কৰিলা কৰিবই লাগে। চাম, কৰিম,
এই ‘ম ম’ (কৰিম কৰিম) শব্দই নাই সেই কাৰণে তোমালোকৰ মম্মায়ো এইটোৱে লক্ষ্য ৰাখিলে
আৰু সকলোকে সোঁৱৰাই দিলে যে
“এতিয়া নহ’লে তেন্তে
কেতিয়াও নহয়”।
গতিকে ডবল পুৰুষাৰ্থী
সন্তানসকল এতিয়াই কৰোঁতা নে কেতিয়াবা? যিসকলে ভাবে যে এতিয়াই কৰি দেখুৱাওঁতা,
তেওঁলোকে হাত দাঙা। কৰিবই লাগে। কৰিবই লাগে। কৰিম নহয়, কৰিবই লাগে। মনত ৰাখিবা, নিজে
নিজৰ খতিয়ান ৰাখিবা আৰু বাপদাদাই আগতেই শুনাইছে যে প্ৰতি নিশা বাপদাদাক নিজৰ গোটেই
দিনটোৰ খতিয়ান শুনোৱাৰ পাছত নিজৰ মগজ খালী কৰি শুলে তোমালোকৰ টোপনিও ভাল আহিব আৰু
লগতে দৈনিক খবৰ দিলে পিছৰ দিনা স্মৃতিত থাকে যে বাবাক মই নিজৰ বুলি কৈছোঁ, তেতিয়া
সেই স্মৃতিয়ে সহযোগ দিয়ে। তেতিয়া ধৰ্মৰজাৰ পুৰীলৈ যাবলগীয়া নহয়। দি দিলা নহয় আৰু
পৰিৱৰ্তন কৰি ল’লা গতিকে ধৰ্মৰজাৰ পুৰীৰ পৰা বাচি যাবা। এতিয়া পৰৱৰ্তী বছৰ, দেখাতো
কোনেও নাই কিন্তু এতিয়া লক্ষ্য ৰাখা, বছৰ বাদ দিয়া, অতি কমেও যিমান কম সময়ত পিতাৰ
যি আশা আছে যে চেহেৰা দেখা পাওক, চলন দেখা পাওক, সেয়া অতি সোনকালে বাস্তৱায়িত কৰি
দেখুওৱা। সাহস আছে, তেন্তে হাত দাঙা। সাহস আছেনে? সাহস আছেনে? বাৰু অভিনন্দন।
বাপদাদাইতো প্ৰতিগৰাকী সন্তানৰ মাজত নিশ্চয়তা আৰু সাহসৰ উৎসাহ-উদ্দীপনা এতিয়া দেখি
আছে। কিন্তু প্লেনত যাওঁতে যাওঁতে অলপ কম কৰি নিদিবা। বঢ়াই থাকিবা। বাপদাদাই যি দৃঢ়
সংকল্পৰ চাবি দিছে সেয়া সদায় স্থায়ী কৰি ৰাখিবা। কৰিবই লাগে, এতিয়াই, ‘ম ম’ নহয়।
সেই সময় এতিয়া গ’ল। হৈ যাব নহয়, হ’বই লাগে। বাপদাদাই “ডবল পুৰুষাৰ্থী”ৰ যি উপাধি
দিছে, সেয়া সদায় স্মৃতিত ৰাখিবা।
বাকী বাপদাদাই ফলাফল
শুনিলে, বাপদাদাই যি সেৱাৰ পৰিকল্পনা দিলে, সেই ক্ষেত্ৰত ভাৰতেও কম কৰা নাই আৰু
বিদেশেও কম কৰা নাই। এইটো বৰদান বেছিভাগ ঠাইতে উৎসাহ-উদ্দীপনাৰে কৰিছে আৰু ফলাফলো
বেলেগ বেলেগ ঠাইৰ পৰা আহি আছে। গতিকে বাপদাদাই ভাৰতৰে হওক বা বিদেশৰে হওক,
সন্তানসকলক বাস্তৱায়িত কৰাৰ বাবে পদম পদমগুণ অভিনন্দন জনাই আছে।
এতিয়া এই বছৰত বিশেষকৈ
কোনটো কথা বাস্তৱায়িত কৰিব লাগে, সেয়া শুনাই দিলোঁ যে এতিয়া তোমালোকক যিয়েই দেখে
তেওঁলোকে যাতে তোমালোকৰ চেহেৰাত জেউতি দেখা পায়। প্ৰত্যক্ষতাৰ নিমিত্ত হোৱা, পিতাক
প্ৰত্যক্ষ কৰাব লাগে তেন্তে কি কৰিব লাগে? সদায় মিচিকিয়াই থকা চেহেৰা, কোনো চিন্তা,
কোনো বিভ্ৰান্তি নাই। বাপদাদাই শুনাইছিল যে এতিয়া দুটা শব্দ স্মৰণ কৰা – মায়াক
ইংগিত দিয়া যে আঁতৰি যোৱা আৰু নিজক অতিথিশালাত অনুভৱ কৰা। এইখন জগত তোমালোকৰ নহয়,
অতিথিশালা, এতিয়াতো ঘৰলৈ যাবই লাগে। ঘৰৰ দৃশ্য মনত, বুদ্ধিত দৃষ্টিগোচৰ হওক। তেতিয়া
স্বতঃ ঘৰলৈ আহিলোঁ বুলিয়েই ধৰা। তোমালোকৰ এটা গীত আছে – এতিয়া ঘৰলৈ যাব লাগে। গতিকে
এইটো লহৰ সকলো স্থানত হওক, ভাৰতে হওক বা বিদেশে হওক, এতিয়া এইটো অনুভৱ প্ৰত্যক্ষ কৰি
দেখুওৱা। বেহদৰ বৈৰাগ্য, অতিথিশালাত মন নবহে, স্মৃতিত থাকে যে যাব লাগে, যাব লাগে।
গতিকে এই বেহদৰ বৈৰাগ্য যিকোনো প্ৰকাৰৰ মনৰ সংকল্পক, পৰস্পৰ সংগঠনৰ মায়াৰ
বিঘিনিবোৰক একেবাৰে সমাপ্ত কৰি দিব। এই মায়াৰ ধুমুহা তোমালোকৰ কাৰণে উপহাৰ হৈ যাব।
এয়া যি সৰু-সুৰা কাকত (পৰিস্থিতি) আহে এয়া কাকত যেন নালাগিব কিন্তু এটা অনুভৱ
বঢ়োৱাৰ লিফ্ট যেন লাগিব। উপহাৰ আৰু লিফ্ট। বুজিলা। এতিয়া লক্ষ্য ৰাখা বেহদৰ বৈৰাগ্য
আৰু সাহস উৎসাহ-উদ্দীপনাৰ ডেউকাৰে উৰি থাকা আৰু উৰুৱাই থাকা। এতিয়া উৰাৰ সময়। নিজৰ
ডেউকা সদায় পৰীক্ষা কৰা দুৰ্বলতো হৈ থকা নাই।
বাপদাদাই ডবল
বিদেশীসকলৰ বিস্তাৰ দেখি আনন্দিত হৈছে, এতিয়া কি চাব বিচাৰে? প্ৰতিগৰাকী সন্তান
পিতাৰ সমান সম্পন্ন আৰু সম্পূৰ্ণ, সৰ্ব সম্পদেৰে সম্পন্ন আৰু যি শ্ৰীমত পাই আহিছা
তাত সম্পূৰ্ণ। পচন্দ হৈছেনে? পচন্দ হৈছে যদি তালি বজোৱা। বাৰু। এই তালি সদায়
স্মৃতিত ৰাখিবা, নিজে নিজেই মনত বজাবা, বাহিৰৰ পৰা নহয় মনত বজাবা। এয়া ঘৰৰ কাম। বাৰু।
90খন দেশৰ পৰা 2300
ভাই-ভনী আহিছে:-
(পাঁচটা খণ্ডৰ ভাই-ভনীসকলক বেলেগ বেলেগ গোটত থিয় কৰালে) 1) আমেৰিকা, কানাডা আৰু
কেৰিবিয়ানৰ ভাই-ভনীসকল, 2) অষ্ট্ৰেলিয়া, এছিয়া, নিউজিলেণ্ড, ফিজি, 3) ইউৰোপ, ইউ.কে.,
মিডিল ইষ্ট, 4) আফ্ৰিকা, দক্ষিণ আফ্ৰিকা, মৰিচাছ, 5) ৰাছিয়া, চি.আই.এছ. বাল্টিক
দেশসমূহ।
সকলোৱে আগবাঢ়ি যোৱাৰ
সংকল্পও কৰিছে আৰু পৰস্পৰ বাৰ্তালাপো কৰিছে। বাপদাদাৰ ওচৰলৈ খবৰ আহি থাকে। এতিয়া
সদাপ্ৰস্তুত দল তৈয়াৰ কৰা। যিবোৰ দেশৰ যিমানেই আহিছে, সেই দেশসমূহক বাপদাদাই
পুৰস্কাৰ দিব, কি পুৰস্কাৰ দিব সেয়াতো সেই সময়ত দেখিবা। কিন্তু বাপদাদাই ডবল
পুৰুষাৰ্থী সন্তানসকলৰ প্ৰত্যেক অঞ্চলৰ দলক এইটো কয় যে যি কোনো দল যি এক নম্বৰত যাব
সেই দলক পুৰস্কাৰ দিব। এখন দেশৰ প্ৰতিখন চহৰত যিমান সেৱাকেন্দ্ৰ আছে, ধৰা আমেৰিকা,
আমেৰিকাৰ সংযোগত যিসমূহ দেশ আছে, সেই সকলো দেশ মিলি পৰস্পৰ আলোচনা কৰি কাৰ্যসূচী
হাতত লোৱা যে ইয়াত সকলো নিৰ্বিঘ্ন হৈ থাকিম, সদাপ্ৰস্তুত হৈ থাকিম, মায়াজিৎ হৈ
থাকিম, স্নেহী আৰু সেৱাত সহযোগী হৈ থাকিম। যি এক নম্বৰ হ’ব, সেই দলক বাপদাদাই
পুৰস্কাৰ দিব। বাৰু, এটা নহয় তেন্তে তিনিটা দলক দিম। এক দুই তিনি। তিনি নম্বৰ।
এনেইতো এটাক দিয়া হয় কিন্তু ডবল পুৰুষাৰ্থী হোৱা নহয় সেয়েহে তিনিটাক সুযোগ দিম।
পচন্দ হৈছেনে? হয় হাত লৰোৱা। পচন্দ হৈছেনে? কিমান সময় লাগিব? এই শিক্ষকসকলে কোৱা,
কিমান সময় লাগিব পুৰস্কাৰ ল’বলৈ? কোৱা। (সকলোৱে ক’লে ফেব্ৰুৱাৰীলৈকে) সকলো দেশৰ
শিক্ষকসকলে হাত দাঙা। ঠিক আছেনে? তৈয়াৰ হ’বা নহয়! তেতিয়া বাপদাদাই পুৰস্কাৰ দিব। বৰ
ভাল। ইয়াৰ বাবে তালিতো বজোৱা। বাৰু। ভাৰতৰো পাল আহিব। এতিয়াতো তোমালোকৰ পাল।
বাপদাদাও আনন্দিত হয় বাঃ! তীব্ৰ পুৰুষাৰ্থী সন্তান বাঃ! বাৰু।
চাৰিওফালৰ তীব্ৰ
পুৰুষাৰ্থী সাহস আৰু উৎসাহ-উদ্দীপনাৰে উৰোঁতা, খোজকাঢ়োতা নহয়, উৰোঁতা, চাৰিওফালৰ
পিতাৰ সমান সম্পন্ন আৰু সম্পূৰ্ণ হওঁতা বাপদাদাৰ অন্তৰাসনধাৰী, সদায় পিতাৰ সংযুক্ত
ৰূপৰ অনুভৱ আৰু সহযোগ লওঁতা প্ৰতিগৰাকী কল্পৰ পাছত লগ পোৱা, স্নেহী সন্তানসকলক
বাপদাদাৰ স্নেহ সহিত স্মৰণ আৰু নমস্কাৰ।
দাদীসকলৰ সৈতে:-
পিতাৰ সৈতে তোমালোক সকলোৰে সহযোগ আছে নহয়। সন্তান আৰু পিতা দুয়োৰে সহযোগত যজ্ঞ চলিছে,
চলি থাকিব। নিমিত্ততো তোমালোকো হোৱা নহয়। সাকাৰত এজনে ক’লে আনজনে কৰিলে। ইজনে সিজনৰ
সহযোগী হৈ উৰি আছা। বাবাই উৰি থকা দেখি আনন্দিত হয়। (দাদী জানকীয়ে ক’লে গুলজাৰ
দাদীৰ চমৎকাৰ) তেওঁতো লগত আছেই। বাপদাদাৰ এইটোৱে শুভ ইচ্ছা আছে যে তোমালোক সকলো যি
নিমিত্ত হৈছা তেওঁলোক সদায় একে নিচিনা দৃষ্টি গোচৰ হওক। ভিন্ন ভিন্ন নহয়, একে নিচিনা
দৃষ্টি গোচৰ হওক। এজনে ক’লে আনজনে মতামত দিলে আৰু এক হৈ গ’ল। সেইবাবেতো যজ্ঞ চলি আছে।
তোমালোক সকলোৰে একতাৰেই চলি আছে, যদিও বাহিৰৰ পৰা দেখা নাযায় কিন্তু সংকল্পত,
বিচাৰধাৰাত এক হৈ থাকি আৰু আগবাঢ়ি যাব লাগে কিয়নো এতিয়া তোমালোক সকলোৰে ওপৰত দৃষ্টি
নিবদ্ধ হৈ আছে। ভাল বাৰু।
বৰদান:
নিজৰ শ্ৰেষ্ঠ
বৃত্তিৰ দ্বাৰা শুদ্ধ বায়ুমণ্ডল গঢ়োঁতা সদায় শক্তিশালী আত্মা হোৱা
যিসকল সদায় নিজৰ
শ্ৰেষ্ঠ বৃত্তিত স্থিৰ হৈ থাকে তেওঁলোক কোনো ধৰণৰ বায়ুমণ্ডল, প্ৰকম্পনত অস্থিৰ হ’ব
নোৱাৰে। বৃত্তিৰ দ্বাৰাই বায়ুমণ্ডল গঢ়ি উঠে, যদি তোমালোকৰ বৃত্তি শ্ৰেষ্ঠ হয় তেন্তে
বায়ুমণ্ডল শুদ্ধ হৈ যাব। বহুতে বৰ্ণনা কৰে যে কি কৰো বায়ুমণ্ডলেই এনেকুৱা,
বায়ুমণ্ডলৰ বাবে মোৰ বৃত্তি চঞ্চল হ’ল – তেতিয়া সেই সময়ত শক্তিশালী আত্মাৰ পৰিৱৰ্তে
দুৰ্বল আত্মা হৈ যায়, কিন্তু ব্ৰতৰ (প্ৰতিজ্ঞাৰ) স্মৃতিৰে বৃত্তি শ্ৰেষ্ঠ কৰি তোলা
তেতিয়া শক্তিশালী হৈ যাবা।
স্লোগান:
গুণমূৰ্ত হৈ
সকলোকে গুণমূৰ্ত কৰি তোলা মানেই মহাদানী হোৱা।
অব্যক্ত ইংগিত:
নিশ্চয়ৰ আধাৰ মজবুত কৰি সদায় নিৰ্ভয় আৰু নিশ্চিন্ত হৈ থাকা
পৰস্পৰ ইজন-সিজনৰ
প্ৰতি সঁচা স্নেহ থাকক, স্নেহী আত্মাৰ প্ৰতি কেতিয়াও সন্দেহৰ সৃষ্টি নহ’ব। তেওঁৰ
স্নেহযুক্ত বাণী, সাধাৰণ হ’লেও অন্তৰত আঘাত নকৰিব। তেওঁৰ লঘু কথাও এনেকুৱা লাগিব যে
এওঁ নিশ্চয় কোনো উদ্দেশ্যৰে কৈছে। অদৰকাৰী, ব্যৰ্থ যেন নালাগিব। য’ত স্নেহ থাকে,
ত’ত বিশ্বাস নিশ্চয় থাকে। গতিকে ব্ৰাহ্মণ পৰিয়ালত ইজনে-সিজনৰ প্ৰতি স্নেহ বা
বিশ্বাস ৰাখি, সম্পূৰ্ণ নিশ্চয়বুদ্ধিৰ হোৱা তেতিয়া পিতা ব্ৰহ্মাৰ আশাবোৰ পূৰণ কৰিব
পাৰিবা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]