29.04.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
এইটো তোমালোকৰ অতি অমূল্য জন্ম, এইটো জন্মতে তোমালোকে মনুষ্যৰ পৰা দেৱতা হ’বলৈ পাৱন
হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে”
প্ৰশ্ন:
ঈশ্বৰীয়
সন্তান বুলি কোৱা সন্তানসকলৰ মুখ্য ধাৰণা কি হ’ব?
উত্তৰ:
তেওঁলোক পৰস্পৰ বহুত মিলা-প্ৰীতিৰে থাকিব। কেতিয়াও অপ্ৰীতিকৰ নহ’ব। যিসকল
দেহ-অভিমানী মনুষ্য তেওঁলোকে ওলট-পালট কথা কয়, হাই-কাজিয়া কৰে। তোমালোক সন্তানসকলৰ
সেইবোৰ অভ্যাস থাকিব নোৱাৰে। ইয়াত তোমালোকে দৈৱীগুণ ধাৰণ কৰিব লাগে, কৰ্মাতীত অৱস্থা
পাব লাগে।
ওঁম্শান্তি।
প্ৰথমতে পিতাই
সন্তানসকলক কয় – দেহী-অভিমানী হোৱা। নিজক আত্মা বুলি বুজা। গীতা আদিত যিয়েই আছে
কিন্তু সেয়া সকলো হ’ল ভক্তিমাৰ্গৰ শাস্ত্ৰ। পিতাই কয় – মই জ্ঞানৰ সাগৰ। তোমালোক
সন্তানসকলক জ্ঞান শুনাওঁ। কি জ্ঞান শুনাওঁ? সৃষ্টিৰ অথবা ড্ৰামাৰ আদি-মধ্য-অন্তৰ
জ্ঞান শুনাওঁ। এয়া হৈছে পঢ়া। বুৰঞ্জী আৰু ভূগোল হয় নহয়। ভক্তিমাৰ্গত কোনেও
বুৰঞ্জী-ভূগোল নপঢ়ে। নামো নল’ব। সাধু-সন্ত আদিয়ে বহি শাস্ত্ৰ পঢ়ে। এই পিতাইতো কোনো
শাস্ত্ৰ পঢ়ি নুশুনায়। তোমালোকক এই পঢ়াৰ দ্বাৰা মনুষ্যৰ পৰা দেৱতা কৰি তোলে। তোমালোক
আহিছাই মনুষ্যৰপৰা দেৱতা হ’বলৈ। হওঁতে তেওঁলোকো মনুষ্য, এয়াও মনুষ্য। কিন্তু এইসকল
মনুষ্যই পিতাক মাতে যে হে পতিত-পাৱন আহক। গতিকে এইটো জানা যে দেৱতাসকল পাৱন হয়।
বাকীতো সকলো অপৱিত্ৰ মনুষ্য, তেওঁলোকে দেৱতাসকলক প্ৰণাম জনায়। তেওঁলোকক পাৱন আৰু
নিজক পতিত বুলি ভাবে। কিন্তু দেৱতাসকল পাৱন কেনেকৈ হ’ল, কোনে কৰিলে – এয়াও কোনো
মনুষ্য মাত্ৰেই নাজানে। সেয়েহে পিতাই বুজায় – নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা
– ইয়াতেই পৰিশ্ৰম হয়। দেহ-অভিমান থাকিব নালাগে। আত্মা অবিনাশী, সংস্কাৰো আত্মাতে
থাকে। আত্মাইহে ভাল-বেয়া সংস্কাৰ লৈ যায়। সেইবাবে এতিয়া পিতাই কয় – দেহী-অভিমানী
হোৱা। নিজ আত্মাকো কোনেও নাজানে। যেতিয়া ৰাৱণৰাজ্য আৰম্ভ হয় তেতিয়া অন্ধকাৰ মাৰ্গ
আৰম্ভ হয়। দেহ-অভিমানী হৈ যায়।
পিতাই বহি বুজায় যে
তোমালোক সন্তানসকল ইয়াত কাৰ ওচৰলৈ আহিছা? এওঁৰ (ব্ৰহ্মাৰ) ওচৰলৈ অহা নাই। মই এওঁৰ
শৰীৰত প্ৰৱেশ কৰিছোঁ। এওঁৰ বহুত জন্মৰ অন্তত এয়া পতিত জন্ম। বহুত জন্ম কেনেধৰণৰ?
সেয়াও শুনাইছোঁ, আধাকল্প হ’ল পৱিত্ৰ জন্ম, আধাকল্প হ’ল পতিত জন্ম। গতিকে এৱোঁ পতিত
হৈ গ’ল। ব্ৰহ্মাই নিজকে দেৱতা বা ঈশ্বৰ বুলি নকয়। মনুষ্যই ভাবে প্ৰজাপিতা ব্ৰহ্মা
দেৱতা আছিল সেইবাবে কয় – ব্ৰহ্মা দেৱতায়ে নমঃ। পিতাই বুজায় - যিজন ব্ৰহ্মা পতিত
আছিল, বহুত জন্মৰ অন্তত তেওঁ পুনৰ পাৱন হৈ দেৱতা হয়। তোমালোক হৈছা বি.কে.। তোমালোকো
ব্ৰাহ্মণ, এই ব্ৰহ্মাও ব্ৰাহ্মণ। এওঁক দেৱতা বুলি কোনে কয়? ব্ৰহ্মাক ব্ৰাহ্মণ বুলি
কোৱা হয়, দেৱতা বুলি কোৱা নহয়। এওঁ যেতিয়া পৱিত্ৰ হয় তেতিয়াও ব্ৰহ্মাক দেৱতা বুলি
কোৱা নহ’ব। যেতিয়ালৈকে বিষ্ণু (লক্ষ্মী-নাৰায়ণ) নহয় তেতিয়ালৈকে দেৱতা বুলি কোৱা
নহ’ব। তোমালোক হৈছা ব্ৰাহ্মণ-ব্ৰাহ্মণী। তোমালোকক প্ৰথমতে শূদ্ৰৰ পৰা ব্ৰাহ্মণ,
ব্ৰাহ্মণৰ পৰা দেৱতা কৰি তোলোঁ। এয়া তোমালোকৰ অমূল্য হীৰাতুল্য জন্ম বুলি কোৱা হয়।
অৱশ্যে কৰ্মভোগতো থাকেই। সেয়েহে এতিয়া পিতাই কয় - নিজক আত্মা বুলি বুজি মোক পিতাক
স্মৰণ কৰি থাকা। এইটো অভ্যাস হ’লে তেতিয়াহে বিকৰ্ম বিনাশ হ’ব। দেহধাৰী বুলি ভাবিলেতো
বিকৰ্ম বিনাশ নহ’ব। আত্মা ব্ৰাহ্মণ নহয়, শৰীৰত থাকিলেহে তেতিয়া ব্ৰাহ্মণ, তাৰ পাছত
দেৱতা... শূদ্ৰ আদি হয়। এতিয়া পিতাক স্মৰণ কৰিবলৈ পৰিশ্ৰম হয়। সহজযোগো হয়। পিতাই কয়
– অতিকৈ সহজো হয়। কোনো কোনোৰ কাৰণে আকৌ বহুত কঠিনো অনুভৱ হয়। বাৰে বাৰে দেহ-অভিমানত
আহি পিতাক পাহৰি যায়। দেহী-অভিমানী হ’বলৈ সময়তো লাগে নহয়। এনেকুৱা হ’ব নোৱাৰে যে
এতিয়া তোমালোক একৰস হৈ যাবা আৰু পিতাৰ স্মৃতি স্থায়ী হৈ যাব। নহয়। কৰ্মাতীত অৱস্থা
পাই গ’লে তেতিয়াতো শৰীৰো থাকিব নোৱাৰে। পৱিত্ৰ আত্মা বোজামুক্ত হৈ একেবাৰে শৰীৰ এৰি
দিব। পৱিত্ৰ আত্মাৰ লগত অপৱিত্ৰ শৰীৰ থাকিব নোৱাৰে। এনেকুৱা নহয় যে এই দাদা (ব্ৰহ্মা)
সিপাৰে গুচি গ’ল। এৱোঁ কয় – স্মৃতিত থাকিবলৈ বহুত পৰিশ্ৰম কৰিবলগীয়া হয়।
দেহ-অভিমানত আহিলে অদৰকাৰী কথা কোৱা, যুদ্ধ, কাজিয়া আদি চলে। আমি সকলো আত্মা ভাই
ভাই এনেকৈ বুজিলে আত্মাৰ একো নহ’ব। দেহ-অভিমানৰ বাবেহে উপদ্ৰৱ হৈছে। এতিয়া তোমালোক
সন্তানসকল দেহী-অভিমানী হ’ব লাগে। যেনেকৈ দেৱতাসকল মিলা-প্ৰীতিৰে থাকে তেনেকৈ
তোমালোকো পৰস্পৰ বহুত মিলা-প্ৰীতিৰে থাকিব লাগে। তোমালোক কেতিয়াও অপ্ৰীতিকৰ হ’ব
নালাগে। যিসকল দেহ-অভিমানী মনুষ্য তেওঁলোকে ওলট-পালট কথা কয়, হাই-কাজিয়া কৰে।
তোমালোক সন্তানসকলৰ সেইটো অভ্যাস থাকিব নোৱাৰে। ইয়াততো তোমালোকে দেৱতা হ’বলৈ
দৈৱীগুণ ধাৰণ কৰিব লাগে। কৰ্মাতীত অৱস্থা পাব লাগে। এইটো জানা যে এয়া শৰীৰ, এইখন
পুৰণি তমোপ্ৰধান সৃষ্টি। পুৰণি বস্তুক, পুৰণি সম্বন্ধক ঘৃণা কৰিবলগীয়া হয়।
দেহ-অভিমানৰ কথা ত্যাগ কৰি নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে তেতিয়া পাপ
বিনাশ হ’ব। বহুত সন্তান স্মৃতিত থকাৰ ক্ষেত্ৰত অকৃতকাৰ্য হয়। জ্ঞান বুজোৱাত বহুত
তীক্ষ্ণ হৈ যায় কিন্তু স্মৃতিত থাকিবলৈ বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। ডাঙৰ পৰীক্ষা।
আধাকল্পৰ পুৰণি ভক্তইহে বুজিব পাৰে। ভক্তিত যিসকল শেষৰফালে আহিছে তেওঁলোকে ইমান
বুজিব নোৱাৰিব।
পিতা এই শৰীৰত আহি কয়
– মই প্ৰত্যেক 5000 হাজাৰ বছৰ পাছত আহোঁ। ড্ৰামাত মোৰ ভূমিকা আছে আৰু মই এবাৰে আহোঁ।
এয়া সেয়াই সংগমযুগ। বিনাশো সমাগত। এই ড্ৰামা হয়েই 5000 বছৰৰ। যদি কলিযুগৰ আয়ুস এতিয়া
আৰু 40 হাজাৰ বছৰ আছে তেন্তে ক’ব নোৱাৰি আৰু কি হৈ যাব। তেওঁলোকে কয় – যদি ভগৱানো
আহি যায় তথাপিও আমি শাস্ত্ৰৰ মাৰ্গ এৰি নিদিওঁ। এইটোও গম নাপায় যে 40 হাজাৰ বছৰ
পাছত কোন ভগৱান আহিব। কোনোৱে ভাবে কৃষ্ণ ভগৱান আহিব। কিছুদিন পাছত তোমালোকৰ নাম
প্ৰসিদ্ধ হ’ব। কিন্তু সেইটো অৱস্থা হোৱা উচিত। পৰস্পৰ বহুত স্নেহ থকা উচিত। তোমালোক
ঈশ্বৰীয় সন্তান নোহোৱা জানো। তোমালোকক ঈশ্বৰৰ সহায়কাৰী বুলি গায়ন কৰা হৈছে। তোমালোকে
কোৱা – আমি পতিত ভাৰতক পাৱন কৰি তুলিবলৈ পিতাৰ সহায়কাৰী হওঁ। বাবা, কল্পই কল্পই আমি
আত্ম-অভিমানী হৈ আপোনাৰ শ্ৰীমতত যোগবলেৰে নিজৰ বিকৰ্ম বিনাশ কৰোঁ। যোগবল হ’ল
শান্তিৰ বল। শান্তিৰ বল আৰু বিজ্ঞানৰ বলৰ মাজত দিন-ৰাতিৰ পাৰ্থক্য আছে। আগলৈ গৈ
তোমালোকৰ বহুত সাক্ষাৎকাৰ হৈ থাকিব। আৰম্ভণিত কিমান সন্তানে সাক্ষাৎকাৰ কৰিলে,
ভূমিকা পালন কৰিলে। তেওঁলোক আজি নাই। মায়াই খাই পেলালে। যোগযুক্ত হৈ নাথাকিলে মায়াই
খাই পেলায়। যিহেতু সন্তানসকলে জানে যে ভগৱানে আমাক পঢ়ায় তেন্তে নিয়ম অনুসৰি পঢ়া
উচিত। নহ’লে বহুত কম পদ পাবা। শাস্তিও বহুত খাবা। মনুষ্যই গায়নো কৰে নহয় –
জন্ম-জন্মান্তৰৰ পাপী। তাততো (সত্যযুগত) ৰাৱণৰ ৰাজ্যই নাই সেয়েহে বিকাৰৰ নামো কেনেকৈ
থাকিব পাৰে। সেয়া হয়েই সম্পূৰ্ণ নিৰ্বিকাৰী ৰাজ্য। সেয়া ৰামৰাজ্য, এয়া হ’ল
ৰাৱণৰাজ্য। এই সময়ত সকলো তমোপ্ৰধান। প্ৰত্যেক সন্তানে নিজৰ স্থিতি পৰীক্ষা কৰিব লাগে
যে মই পিতাৰ স্মৃতিত কিমান সময় থাকিব পাৰোঁ? দৈৱীগুণ কিমানলৈ ধাৰণ কৰিছোঁ? মুখ্য কথা,
অন্তঃদৰ্শন কৰিব লাগে মোৰ কোনো অৱগুণতো নাই? মোৰ খোৱা-বোৱা কেনেকুৱা? গোটেই দিনটোত
কোনো অযথা কথা বা মিছাতো নকওঁ? শৰীৰ নিৰ্বাহৰ অৰ্থেও মিছা আদি ক’বলগীয়া হয় নহয়। আকৌ
মনুষ্যই ভাবে দান আদি কৰিলে পাপ কম হৈ যাব। ভাল কৰ্ম কৰিলে তেতিয়া তাৰো প্ৰতিদান
পোৱা যায়। কোনোৱে হস্পিতাল সাজি দিলে তেতিয়া পৰৱৰ্তী জন্মত ভাল স্বাস্থ্য পাব। কলেজ
সাজি দিলে তেতিয়া পঢ়া-শুনাত ভাল হ’ব। কিন্তু পাপৰ প্ৰায়চিত্ত কি? তাৰ বাবে আকৌ গংগা
স্নান কৰিবলৈ যায়। বাকী যি ধন দান কৰে তাৰ ফল পৰৱৰ্তী জন্মত পাই যায়। সেই ক্ষেত্ৰত
পাপ খণ্ডন হোৱাৰ কথা নাথাকে। সেয়া হ’ল ধনৰ লেনদেন, ঈশ্বৰৰ অৰ্থে দিলে, ঈশ্বৰে
অল্পকালৰ কাৰণে দি দিলে। ইয়াততো তোমালোক পৱিত্ৰ হ’ব লাগে। পিতাৰ স্মৃতিত থকাৰ বাহিৰে
পৱিত্ৰ হোৱাৰ আন কোনো উপায় নাই। পাৱন আকৌ পতিত সৃষ্টিত থাকিব জানো। তেওঁলোকে ঈশ্বৰ
অৰ্থে আওপকীয়াকৈ কৰে। এতিয়াতো ঈশ্বৰে কয় – মই তোমালোকক পাৱন কৰি তুলিবলৈ সন্মুখত
আহিছোঁ। মইতো দাতা হওঁ, মোক তোমালোকে দিলে তেতিয়া মই প্ৰতিদানত দিওঁ। মই জানো নিজৰ
লগত ৰাখিম। তোমালোক সন্তানসকলৰ কাৰণেহে ঘৰ আদি নিৰ্মাণ কৰা হৈছে। সন্ন্যাসীসকলেতো
নিজৰ বাবে ডাঙৰ ডাঙৰ মহল আদি সজায়। ইয়াত শিৱবাবাই নিজৰ কাৰণেতো একো নাসাজে। বাবাই
কয় – ইয়াৰ প্ৰতিদান তোমালোকে নতুন সৃষ্টিত 21 জন্মৰ কাৰণে পাবা কিয়নো তোমালোকে
সন্মুখত লেনদেন কৰা। যি পইচা দিয়া সেয়া তোমালোকৰে কামত খটুওৱা হয়। ভক্তিমাৰ্গতো দাতা
হওঁ সেয়েহে এতিয়াও দাতা হওঁ। সেয়া হ’ল আওপকীয়া, এয়া হ’ল পোনপটীয়া। বাবাইতো কৈ দিয়ে
– যি কিছু আছে তাৰে গৈ সেৱাকেন্দ্ৰ খোলা। আনৰ কল্যাণ কৰা। ময়োতো সেৱাকেন্দ্ৰ খোলো
নহয়। সন্তানসকলে দিছে, সন্তানসকলকে সহায় কৰোঁ। মই জানো নিজৰ লগত পইচা লৈ আহোঁ। মইতো
আহি এওঁৰ (ব্ৰহ্মাৰ) শৰীৰত প্ৰৱেশ কৰোঁ, এওঁৰ দ্বাৰা কৰ্তব্য কৰাওঁ। মইতো স্বৰ্গত
আহিব নালাগে। এই সকলো তোমালোকৰ কাৰণে, মইতো অভোক্তা। একোৱে নলওঁ। এনেকৈও নকওঁ যে
ভৰিত পৰি সেৱা কৰা। মইতো তোমালোক সন্তানসকলৰ একান্ত বাধ্য সেৱক। এয়াও তোমালোকে জানা
যে তেৱেঁই, মাতা-পিতা, বন্ধু-সখা... সকলো। সেয়াও নিৰাকাৰ। তোমালোকে কোনো গুৰুক
কেতিয়াও “তুমিয়েই মাতা-পিতা” বুলি নোকোৱা। গুৰুক গুৰু, শিক্ষকক শিক্ষক বুলি ক’বা।
এওঁক মাতা-পিতা বুলি কোৱা। পিতাই কয় – মই কল্পই কল্পই এবাৰে আহোঁ। তোমালোকেহে 12
মাহৰ পাছত জয়ন্তী পালন কৰা। কিন্তু শিৱবাবা কেতিয়া আহিল, কি কৰিলে, এয়া কোনেও নাজানে।
ব্ৰহ্মা-বিষ্ণু-শংকৰৰো বৃত্তিক নাজানে কিয়নো ওপৰত থকা শিৱৰ চিত্ৰ উৰুৱাই দিলে।
নহ’লেতো শিৱবাবা কৰণ-কৰাৱণহাৰ হয়। ব্ৰহ্মাৰ দ্বাৰাই কৰায়। এয়াও তোমালোক সন্তানসকলে
জানা, কেনেকৈ আহি প্ৰৱেশ কৰে আৰু কৰি দেখুৱায়। নিজেই এওঁক (ব্ৰহ্মাক) কয় তুমিও
এনেকুৱা কৰা। প্ৰথমেতো ভালদৰে পঢ়া। পিতাক স্মৰণ কৰা, দৈৱীগুণ ধাৰণ কৰা। যেনেকৈ এওঁৰ
আত্মাই (শিৱবাবাই) কয়; এৱোঁ কয় – মই পিতাক স্মৰণ কৰোঁ। বাবাও যেন লগত আছে। তোমালোকৰ
বুদ্ধিত আছে যে আমি নতুন সৃষ্টিৰ মালিক হ’মগৈ। সেয়েহে চাল-চলন, খোৱা-বোৱা আদি সকলো
সলনি হ’ব লাগে। বিকাৰবোৰ এৰিব লাগে। শুধৰণিতো হ’বই লাগে। যিমানে শুধৰণি হ’বা আকৌ
শৰীৰ এৰিলে তেতিয়া উচ্চ কুলত জন্ম ল’বাগৈ। কুলো ক্ৰমানুসৰি হয়। ইয়াতো বহুত ভাল ভাল
কুল থাকে। 4-5 জন ভাই সকলোৱে পৰস্পৰ একত্ৰিত হৈ থাকে, কোনো কাজিয়া আদি নহয়। এতিয়া
তোমালোক সন্তানসকলে জানা যে আমি অমৰলোকলৈ যাওঁ য’ত কালে নাখায়। ভয়ৰ কোনো কথা নাই।
ইয়াততো দিনে-প্ৰতিদিনে ভয় বাঢ়ি যাব। বাহিৰলৈ ওলাব নোৱাৰিবা। এয়াও জানা যে এই পঢ়া
কোটিৰ মাজত কোনোবাইহে পঢ়িব। কোনোৱেতো ভালদৰে বুজে, বহুত ভাল লিখেও। এনেকুৱা সন্তানো
নিশ্চয় আহিব। ৰাজধানীতো স্থাপনা হ’বই নহয়। বাকী অলপ সময় আছে।
পিতাই সেই পুৰুষাৰ্থী
সন্তানসকলৰ বহুত মহিমা কৰে যিসকল স্মৃতিৰ যাত্ৰাত তীব্ৰ দৌৰ লগায়। মুখ্য হৈছে
স্মৃতিত থকাৰ কথা। ইয়াৰ দ্বাৰা পুৰণি হিচাপ-নিকাচ নিষ্পত্তি হ’ব। কোনো কোনো সন্তানে
বাবালৈ লিখে – বাবা, মই ইমান ঘণ্টা সদায় স্মৰণ কৰোঁ তেতিয়া বাবায়ো বুজি পায় যে এওঁ
ভাল পুৰুষাৰ্থী। পুৰুষাৰ্থতো কৰিব লাগে নহয় সেইবাবে পিতাই কয় – পৰস্পৰ কেতিয়াও
হাই-কাজিয়া কৰা অনুচিত। এয়াতো জন্তুৰ কাম। হাই-কাজিয়া কৰা এয়া হৈছে দেহ-অভিমান।
পিতাৰ নাম বদনাম কৰি দিব। পিতাৰ ক্ষেত্ৰতে কোৱা হয় – সৎগুৰুৰ নিন্দকে উচ্চ পদ নাপায়।
সাধুসকলে আকৌ নিজৰ ক্ষেত্ৰত কৈ দিলে (নিজকে সৎগুৰু বুলি কৈ দিলে)। সেয়েহে মাতাসকলে
তেওঁলোকক বহুত ভয় কৰে যাতে কোনো অভিশাপ পাবলগীয়া নহয়। এতিয়া তোমালোকে জানা আমি
মনুষ্যৰ পৰা দেৱতা হৈ আছোঁ। সঁচা অমৰকথা শুনি আছোঁ। তোমালোকে কোৱা – আমি
শ্ৰীলক্ষ্মী-নাৰায়ণৰ পদ পাবলৈ এই পাঠশালালৈ আহোঁ অন্য ক’তো এনেকৈ নকয়। এতিয়া আমি
নিজৰ ঘৰলৈ যাওঁ। এই ক্ষেত্ৰত স্মৃতিত থকাৰ পুৰুষাৰ্থই হৈছে মুখ্য। আধাকল্প স্মৰণ কৰা
নাই। এতিয়া এটা জন্মতে স্মৰণ কৰিব লাগে। এয়াই পৰিশ্ৰম কৰিব লাগে। স্মৰণ কৰিব লাগে,
দৈৱীগুণ ধাৰণ কৰিব লাগে, কিবা পাপ কৰ্ম কৰিলে এশ গুণ শাস্তি হৈ যাব। পুৰুষাৰ্থ কৰিব
লাগে, নিজৰ উন্নতি কৰিব লাগে। আত্মাইহে শৰীৰৰ দ্বাৰা পঢ়ি বেৰিষ্টাৰ বা ছাৰ্জন আদি
হয় নহয়। এই লক্ষ্মী-নাৰায়ণৰ পদতো বহুত উচ্চ। আগলৈ তোমালোকৰ বহুত সাক্ষাৎকাৰ হ’ব।
তোমালোক হৈছা সৰ্বোত্তম ব্ৰাহ্মণ কুল ভূষণ, স্বদৰ্শন চক্ৰধাৰী। কল্প পূৰ্বেও এই
জ্ঞান তোমালোকক শুনাইছিলোঁ। পুনৰ তোমালোকক শুনাওঁ। তোমালোকে শুনি পদ পোৱা। আকৌ এই
জ্ঞান প্ৰায় লোপ হৈ যায়। বাকী এই শাস্ত্ৰ আদি হৈছে সকলো ভক্তিমাৰ্গৰ। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) ভিতৰি
নিজৰ বিচাৰ কৰিব লাগে – মই পিতাৰ স্মৃতিত কিমান সময় থাকোঁ? দৈৱীগুণ কিমানলৈ ধাৰণ
কৰিছোঁ? মোৰ কোনো অৱগুণতো নাই? মোৰ খোৱা-বোৱা, চাল-চলন মাৰ্জিত হয়নে? অযথা কথাতো
নকওঁ? মিছা কথাতো নকওঁ?
(2) স্মৃতিৰ খতিয়ানৰ
তালিকা বঢ়োৱাৰ অভ্যাস কৰিব লাগে – আমি সকলো আত্মা ভাই ভাই। দেহ-অভিমানৰ পৰা দূৰৈত
থাকিব লাগে। নিজৰ একৰস স্থিতি স্থায়ী কৰি তুলিব লাগে, তাৰ বাবে সময় দিব লাগে।
বৰদান:
পাঁচ তত্ব আৰু
পাঁচ বিকাৰক নিজৰ সেৱাধাৰী কৰোঁতা মায়াজিৎ স্বৰাজ্য অধিকাৰী হোৱা
যেনেকৈ সত্যযুগত
দাস-দাসীয়ে পিছফালৰ পৰা বিশ্ব মহাৰজা বা বিশ্ব মহাৰাণীৰ ৰাজকীয় পোছাকৰ পাট ধৰি ৰাখে,
তেনেকৈ সংযমযুগত তোমালোক সন্তানসকলে যেতিয়া মায়াজিৎ স্বৰাজ্য অধিকাৰীৰ উপাধিৰ
পোছাকেৰে সু-সজ্জিত হৈ থাকিবা তেতিয়া এই 5 তত্ব আৰু 5 বিকাৰে পিছফালৰ পৰা তোমালোকৰ
পোছাকৰ পাট ধৰি ৰাখিব অৰ্থাৎ অধীন হৈ চলিব। ইয়াৰ বাবে দৃঢ় সংকল্প ৰূপী বেল্টেৰে
উপাধিৰ পোছাক আটিল কৰি লোৱা, ভিন্ন ভিন্ন পোছাক আৰু অলংকাৰৰ ছেটেৰে সু-সজ্জিত হৈ
পিতাৰ লগত থাকা তেতিয়া এই বিকাৰ বা তত্ব পৰিৱৰ্তন হৈ সহযোগী সেৱাধাৰী হৈ যাব।
স্লোগান:
যিবোৰ গুণ আৰু শক্তিৰ বৰ্ণনা কৰা তাৰ অনুভৱত মগন হৈ যোৱা। অনুভৱেই সকলোতকৈ উচ্চ
কৰ্তৃত্ব।
সংযুক্ত ৰূপৰ স্মৃতিৰে
সদায় বিজয়ী হ’বলৈ আজিৰ অব্যক্ত সংকেত:
নিজক পিতাৰ লগত
সংযুক্ত বুলি বুজিলে বিনাশী সংগ লোৱাৰ সংকল্প সমাপ্ত হৈ যাব কিয়নো সৰ্বশক্তিমান সংগী
আছে। যেনেকৈ সূৰ্যৰ আগত অন্ধকাৰ তিষ্ঠি থাকিব নোৱাৰে তেনেকৈ সৰ্বশক্তিমানৰ আগত
মায়াৰ কোনো ব্যৰ্থ সংকল্প তিষ্ঠি থাকিব নোৱাৰে। যিকোনো শত্ৰুৱে প্ৰহাৰ কৰাৰ আগতে
অকলশৰীয়া কৰি লয়, সেই কাৰণে কেতিয়াও অকলশৰীয়া নহ’বা।