29.06.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
নিজক আত্মা বুলি বুজি আত্মাৰ সৈতে বাৰ্তালাপ কৰা তেতিয়া ফুলৰ সুবাস আহি থাকিব,
দেহ-অভিমানৰ দুৰ্গন্ধ আঁতৰি যাব”
প্ৰশ্ন:
নিজৰ সুবাস
চাৰিওফালে বিয়পাই দিওঁতা সঁচা ফুল বা চগাপোক কোন?
উত্তৰ:
সঁচা ফুল তেৱেঁই যিয়ে অনেকক নিজৰ সমান সুবাসিত ফুল কৰি তোলে। শ্রীমতত চলি অগ্নি
শিখাত (পৰমাত্মাৰ প্ৰতি) জ্বলি মৰি যাওঁতা অৰ্থাৎ সম্পূৰ্ণ উৎসৰ্গিত হওঁতা, জীৱন্তে
মৰি যাওঁতা সঁচা চগাপোক বা এনেকুৱা ফুলৰ সুবাস স্বতঃ চাৰিওফালে বিয়পে।
গীত:
মহফিল মে জল্
উঠি শমা…. (ৰঙ্গসভাত জ্বলি উঠিল অগ্নিশিখা…..)
ওঁম্শান্তি।
চগাপোকসকলে
গীতটি শুনিলে। চগাপোক বুলি কোৱা বা ফুল বুলি কোৱা কথা একেটাই। সন্তানসকলে বুজি পায়
যে আমি সঁচাকৈ চগাপোক হৈছোঁনে নে কেৱল পৰিক্ৰমা লগাই গুচি যাওঁ? অগ্নি শিখাক (পৰমাত্মাক)
পাহৰি যাওঁ? প্ৰত্যেকে নিজৰ অন্তৰক সুধিব লাগে যে মই কিমানলৈকে ফুল হৈছোঁ আৰু
জ্ঞানৰ সুবাস বিয়পাওঁ? নিজৰ দৰে ফুল কাক কৰি তুলিছোঁ? এয়াতো সন্তানসকলে জানে -
জ্ঞানৰ সাগৰ হৈছে পিতা, তেওঁৰ কিমান সুবাস আছে? যিসকল ভাল সুবাসিত ফুল বা চগাপোক
তেওঁলোকৰ পৰা নিশ্চয় ভাল সুবাস আহিব। তেওঁলোক সদায় আনন্দিত হৈ থাকিব অন্যকো নিজৰ
সমান ফুল বা চগাপোক কৰি তুলিব। ফুল নহ’লেও কলি কৰি তুলিব। সম্পূৰ্ণ চগাপোক তেওঁ হয়
যি জীৱন্তে মৰে। উৎসৰ্গিত হয় অথবা ঈশ্বৰীয় সন্তান হয়। কোনোবা চহকীয়ে কোনোবা গৰিবৰ
সন্তানক তুলি ল’লে তেতিয়া সন্তানটি সেই চহকীৰ কোলাত অহাৰ পাছত তেতিয়া সেই মা-পিতাই
স্মৃতিত আহি থাকে আৰু গৰিব মা-পিতাৰ স্মৃতি পাহৰি যাব। জানে যে মোৰ মা-পিতা গৰিব
কিন্তু স্মৰণ চহকী মা-পিতাক কৰিব, যাৰ পৰা ধন পোৱা যায়। সাধু-সন্ন্যাসী আদি আছে
তেওঁলোকে সাধনা কৰে মুক্তিধামলৈ যাওঁ। সকলোৱে মুক্তিৰ কাৰণেই পুৰুষাৰ্থ কৰে কিন্তু
মুক্তিৰ অৰ্থ বুজি নাপায়। কোনোৱে কয় - জ্যোতি জ্যোতিত সমাহিত হৈ যাম। কোনোৱে ভাবে
সিপাৰে নিৰ্বাণধামলৈ যাওঁ। নিৰ্বাণধামলৈ যোৱাটোক জ্যোতিত সমাহিত হোৱা বা মিলি যোৱা
বুলি কোৱা নহয়। তোমালোকে বুজি পোৱা - আমি দূৰণিৰ দেশৰ নিবাসী। এই লেতেৰা সৃষ্টিত
থাকি কি কৰিম। সন্তানসকলক বুজোৱা হৈছে যেতিয়া কাৰোবাক লগ পোৱা তেতিয়া এইটো বুজাব
লাগে যে এইখন পূৰ্ব নিৰ্ধাৰিত নাটক। সত্যযুগ, ত্ৰেতা……….. তাৰপাছত সংগমযুগ। এয়াও
বুজোৱা হৈছে সত্যযুগৰ পাছত ত্ৰেতাৰ সংগম হয়। সেই যুগ ঘূৰি থাকে আৰু এই কল্প ঘূৰি
থাকে। পিতা যুগে যুগে নাহে। যেনেকৈ মনুষ্যই ভাবে। বাবাই কয় – যেতিয়া সকলো তমোপ্ৰধান
হৈ যায়, কলিযুগৰ অন্ত হয়, সেই কল্পৰ সংগমত আহোঁ। যুগ পূৰা হ’লে তেতিয়া কলাও কম হয়।
এয়াও যেতিয়া পূৰা গ্ৰহণ লাগি যায় তেতিয়া মই আহোঁ। মই যুগে যুগে নাহোঁ। এই পিতাই বহি
চগাপোকসকলক বুজায়। চগাপোকসকলৰ মাজতো ক্ৰমানুসৰি আছে। কিছুমানতো জ্বলি মৰে, কোনোবা
পৰিক্ৰমা লগাই গুচি যায়। শ্রীমতত তোমালোকেহে চলিব পাৰা। যদি কোনো ক্ষেত্ৰত শ্রীমতত
নচলে তেন্তে মায়াই বগৰাই থাকিব। শ্রীমতৰ বহুত গায়ন আছে। শ্ৰীমদ্ভাগৱত গীতা বুলি কোৱা
হয়। শাস্ত্ৰতো পাছত যিসকলে বহি ৰচিছে সেই সময়ত বুদ্ধি ৰজো হোৱাৰ কাৰণে এনেকৈ বুজিলে
যে শ্ৰীকৃষ্ণ দ্বাপৰত আহিল। মই আহোঁৱেই তেতিয়া যেতিয়া আদি সনাতন দেৱী-দেৱতা ধৰ্ম
প্ৰায় লোপ হৈ যায়। বাকী সকলো ধৰ্ম থাকে। এনেকুৱা নহয় যে সেই দেৱতা ধৰ্মাৱলম্বী
মনুষ্য নোহোৱা হৈ যায় কিন্তু এইটো পাহৰি যায় যে আমি দেৱী-দেৱতা ধৰ্মৰ আছিলোঁ। নিজৰ
ধৰ্ম হিন্দু বুলি কৈ দিয়ে, এয়াও নাটকত নিৰ্ধাৰিত হৈ আছে। যেতিয়া পাহৰিব তেতিয়াইতো
মই পুনৰ আহি দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰোঁ। এয়া এজনেই পিতা যিয়ে আহি দুখধামৰ পৰা
সুখধামৰ মালিক কৰি তোলে। তোমালোকে ক’বা - এতিয়া আমি নৰকৰ মালিক। সৃষ্টিতো তমোপ্ৰধান
হ'বই। সকলো পতিত সেয়েহে পাৱনৰ আগত গৈ নমস্কাৰ জনায়। এতিয়া পিতাই কয়, শ্রীমতত চলা।
জন্ম-জন্মান্তৰৰ বোজা শিৰত বহুত আছে। নহ’লে ত্ৰাহি ত্ৰাহি কৰিব লাগিব। তেওঁলোকেতো
ভাবে, আত্মা নিৰ্লেপ কিন্তু নহয়, আত্মাইহে সুখ-দুখ দেখে। এয়া কোনেও বুজি নাপায়।
বাবাই বাৰে বাৰে বুজায় - লক্ষ্য বহুত উচ্চ। এই সময়ত তোমালোকে পুৰুষাৰ্থ কৰা যেতিয়া
দুখী হোৱা। জানা যে সত্যযুগত আমি বহুত সুখী আছিলোঁ। তাত এইটো গম নাপাবা যে আমি আকৌ
দুখধামলৈ যাব লাগিব। আমি সুখলৈ কেনেকৈ আহিলোঁ, কিমান জন্ম ল’ম, একোৱে নাজানে।
তোমালোকে এতিয়া জানা যে উচ্চ কোন হয়? তোমালোক ঈশ্বৰৰ সন্তান হোৱাৰ বাবে যেনেকৈ
ঈশ্বৰ জ্ঞানপূৰ্ণ তেনেকৈ তোমালোকো জ্ঞানপূৰ্ণ হ’লা। এতিয়া তোমালোক ঈশ্বৰীয় সন্তান
কিন্তু ক্ৰমানুসৰি। কিছুমানতো বহুত মতলীয়া, বুজি পায় মই বাবাৰ শ্রীমতত চলি থাকোঁ।
যিমানে মতত চলিবা সিমানে শ্ৰেষ্ঠ হ’বা। পিতাই সন্মুখত বহি সন্তানসকলক বুজায়।
সন্তানসকল দেহ-অভিমান ত্যাগ কৰা, দেহী-অভিমানী হোৱা, নিৰন্তৰ স্মৰণ কৰা। পিতাতো
হয়েই সৰ্বদা সুখদাতা। এনেকুৱা নহয় যে দুখো পিতায়ে দিয়ে। পিতাই কেতিয়াও সন্তানক দুখ
নিদিয়ে। সন্তানসকলে নিজৰ ওলোটা চলনৰ কাৰণে দুখ পায়। পিতাই দুখ দিব নোৱাৰে। এনেকৈ কয়
- হে ভগৱান সন্তান দিয়া তেতিয়া কুলৰ বৃদ্ধি হ'ব। সন্তানসকলক বহুত মৰম কৰে। বাকী দুখ
নিজৰ কর্মৰহে পায়। পিতাই এতিয়া তোমালোক সন্তানসকলক বহুত সুখী কৰি তোলে। কয় -
শ্রীমতত চলা। আসুৰি মতত চলিলে তোমালোকে দুখ পোৱা। সন্তানসকল, পিতা অথবা শিক্ষক অথবা
ডাঙৰৰ আজ্ঞা নামানিলে দুখী হোৱা। দুখদায়ী নিজে হয়, মায়াৰ হৈ যায়। ঈশ্বৰৰ মত এতিয়াহে
তোমালোকে পোৱা। ঈশ্বৰীয় মতৰ ফলাফল 21 জন্ম চলে আকৌ আধাকল্প মায়াৰ মতত চলে। ঈশ্বৰ
এবাৰেই আহি মত দিয়ে। মায়াইতো আধাকল্পৰ পৰা মত দি থাকে। পিতাই এবাৰে মত দিয়ে। মায়াৰ
মতত চলি 100 শতাংশ দুৰ্ভাগ্যশালী হৈ যায়। গতিকে যিসকল ভাল ভাল ফুল আছে তেওঁলোক সেইটো
আনন্দতে সদায় মতলীয়া হৈ থাকিব। ক্ৰমানুসৰি হয় নহয়। কিছুমান চগাপোকতো পিতাৰ হৈ
শ্রীমতত চলিবলৈ ধৰে। গৰিবেহে নিজৰ খতিয়ান লিখে। চহকীয়ে ভয় কৰে জানোচা ইয়াত আমাৰ পইচা
লৈ লয়। চহকীসকলৰ বাবে বহুত কঠিন। পিতাই কয় - মই গৰিবৰ ত্ৰাণকৰ্তা। দানো সদায় গৰিবকহে
কৰা হয়। সুদামাৰ কথা আছে নহয় - চাউল মুঠি লৈ তেওঁক মহল দি দিলে। তোমালোক হ'লা গৰিব।
ধৰি লোৱা কাৰোবাৰ 25-50 টকা আছে, তাৰপৰা 20-25 পইচা দিয়ে। চহকীয়ে 50 হাজাৰ দিলেও
সমান হৈ যায় সেইবাবে গৰিবৰ ত্ৰাণকৰ্তা বুলি গায়ন কৰা হৈছে। চহকী লোকেও কয়, আমি সময়
নাপাওঁ কিয়নো সম্পূৰ্ণ নিশ্চয়তা নাই। তোমালোক হ'লা গৰিব। গৰিবে ধন পালে আনন্দিত হয়।
পিতাই বুজাইছে ইয়াৰ গৰিব তাত চহকী হৈ যায় আৰু ইয়াৰ চহকী তাত গৰিব হৈ যায়।
কোনোৱে কয়, আমি যজ্ঞৰ
খেয়াল ৰাখিম নে কুটুম্বৰ খেয়াল ৰাখিম? বাবাই কয় তোমালোকে নিজৰ কুটুম্বৰ বহুত ভালদৰে
চম্ভাল কৰা। ভাল কথা যে তোমালোক এই সময়ত গৰিব। চহকী হোৱাহেঁতেন পিতাৰ পৰা পূৰা
উত্তৰাধিকাৰ ল’ব নোৱাৰিলাহেঁতেন। সন্ন্যাসীয়ে এনেকৈ নক’ব। তেওঁলোকেতো পইচা লৈ নিজৰ
সম্পত্তি গঢ়ে। শিৱবাবাই নিজৰ বাবে সম্পত্তি গঢ়ে জানো। এই ঘৰ আদি সকলোবোৰ তোমালোক
সন্তানসকলে নিজৰ কাৰণে নিৰ্মাণ কৰিছা। এয়া কাৰো সম্পত্তি নহয়, এয়াতো অস্থায়ী কিয়নো
অন্তিম সময়ত সন্তানসকল ইয়াতে আহি থাকিব লাগিব। আমাৰ স্মাৰকো ইয়াত আছে। গতিকে
অন্তিমত ইয়াত আহি বিশ্ৰাম ল’ব। পিতাৰ ওচৰলৈ দৌৰিব সেইসকল যিসকল যোগযুক্ত হ'ব।
তেওঁলোকে সহায়ো পাব। পিতাৰ বহুত সহায় পোৱা যায়। তোমালোকে ইয়াত বহি বিনাশ চাব লাগিব।
যেনেকৈ আৰম্ভণিত বাবাই তোমালোকক মনোৰঞ্জন কৰাইছিল আকৌ অন্তিমতো মনোৰঞ্জন কৰাবলৈ
আৰম্ভ কৰিব। বহুত মৰম কৰিব। যেন বৈকুণ্ঠতহে বহি আছোঁ, বহুত সমীপত গৈ থাকিবা। এয়াতো
বুজি পায় যে আমি যাত্রাত আছোঁ। অলপ সময় পাছত বিনাশ হ'ব। তোমালোক বহুত আনন্দিত হৈ
যাবা। বচ্ আমি গৈ ৰাজকুমাৰ হ’ম। অনেক প্ৰকাৰৰ ফুল আছে। প্ৰত্যেক সন্তানে বুজিব লাগে
- মই কিমান জ্ঞানৰ সুবাস বিয়পাই আছোঁ! কাক জ্ঞান আৰু যোগৰ শিক্ষা দিওঁ! যিসকলে কৰে
তেওঁলোক ভিতৰি প্রফুল্লিত হৈ থাকে। বাবাই গম পাই যায় এওঁ কি অৱস্থাত থাকে। তীব্ৰ
পুৰুষাৰ্থৰে এওঁৰ অৱস্থা কিমানলৈকে উন্নত হ’ব! তীব্ৰ পুৰুষাৰ্থৰে তেওঁলোকেই উন্নতি
কৰিব যিসকল চগাপোক হৈ গৈছে। পিতাই বুজায় - মায়াৰ ধুমুহাতো বহুত আহিব, তাৰ পৰা নিজকে
ৰক্ষা কৰিব লাগে। এতিয়া এই ৰাজযোগ পৰমপিতা পৰমাত্মা আহি শিকায়। পৰমাত্মা আহি
আত্মাসকলক বুজায়। আত্মাৰ জ্ঞান আছে - মই আত্মাই নিজৰ এই ভাই আত্মাক বুজাওঁ। যেনেকৈ
পৰমাত্মা পিতাই আমাক আত্মা সন্তানসকলক বুজায়। আমিও আত্মা। বাবাই আমাক শিকায়, আমি আকৌ
এই আত্মাসকলক বুজাওঁ কিন্তু এই আত্মা-বোধৰ নিশ্চয়তা নোহোৱাৰ কাৰণে নিজক মনুষ্য বুলি
বুজি মনুষ্যকে বুজায়। মই পৰম আত্মাই তোমালোক আত্মাসকলৰ সৈতে বাৰ্তালাপ কৰোঁ।
তোমালোকে আত্মাক শুনোৱা। এনেকৈ তোমালোক দেহী-অভিমানী হৈ যাকেই নুশুনোৱা তৎক্ষণাৎ
বাণ লাগিব। যদি নিজেই দেহী-অভিমানী হৈ থাকিব নোৱাৰা তেন্তে ধাৰণাও কৰাব নোৱাৰা। এয়া
বহুত উচ্চ লক্ষ্য। বুদ্ধিত এইটো থাকিব লাগে যে আমি এই ইন্দ্ৰিয়ৰ দ্বাৰা শুনোঁ।
পিতাই কয় - মই আত্মাসকলৰ সৈতে বাৰ্তালাপ কৰোঁ। পিতাৰ আজ্ঞা হৈছে অশৰীৰী হোৱা।
দেহ-অভিমান ত্যাগ কৰা, মোক স্মৰণ কৰা - এয়া বুদ্ধিত উদয় হ’ব লাগে। আমি আত্মাৰ সৈতে
বাৰ্তালাপ কৰোঁ, শৰীৰৰ সৈতে নহয়। যদিওবা মহিলা, তেওঁৰো আত্মাৰ সৈতে বাৰ্তালাপ কৰোঁ।
তোমালোক সন্তানসকলে বুজি পোৱা - আমি বাবাৰতো হৈ গ’লোঁ কিন্তু নহয়, ইয়াত বহুত
সূক্ষ্ম বুদ্ধি চলে। মই আত্মা, মই এওঁৰ আত্মাক বুজাওঁ। এওঁ মোৰ ভাই, এওঁক ৰাস্তা
দেখুৱাব লাগে। আত্মাই বুজি আছে। এনেকৈ বুজিলে তেতিয়া আত্মাত বাণ লাগিব। দেহক চাই
শুনালে তেতিয়া আত্মাই নুশুনে। প্ৰথমতে এনেকৈ সতৰ্ক কৰি দিয়া যে মই আত্মাৰ সৈতে
বাৰ্তালাপ কৰোঁ। আত্মাক পুৰুষ বুলিও কোৱা নহয়, মহিলা বুলিও কোৱা নহয়। আত্মাতো উপৰাম।
শৰীৰ অনুসৰি পুৰুষ-মহিলা নাম পায়। উদাহৰণ স্বৰূপে ব্ৰহ্মা-সৰস্বতীক পুৰুষ-মহিলা বুলি
কোৱা হ’ব। শিৱবাবাক পুৰুষ বা মহিলা বুলি কোৱা নহ’ব। গতিকে পিতাই আত্মাসকলক বুজায়।
উচ্চ লক্ষ্য। এইষাৰ বহুত কাঢ়া কথা। আত্মাক বেজী দিব লাগে, তেতিয়াহে দেহ-অভিমান আঁতৰে।
নহ’লে সুবাস নাহিব, শক্তি নাথাকিব। কথা একেবাৰে সৰু। আমি আত্মাৰ সৈতে বাৰ্তালাপ কৰি
আছোঁ। পিতাই কয় - তোমালোক উভতি যাব লাগে সেইবাবে দেহী-অভিমানী হোৱা। ‘মনমনাভৱ’ (নিজক
আত্মা বুলি বুজি পৰমপিতা শিৱক স্মৰণ কৰা)। তেতিয়া স্বতঃ ‘মধ্যাজী ভৱ’ (স্বৰ্গৰ
প্ৰালব্ধৰ স্মৃতি) আহি যায়। এতিয়া বহুত সূক্ষ্ম বুদ্ধি পোৱা যায়। ৰাতিপুৱাই উঠি
বিচাৰ সাগৰ মন্থন কৰিব লাগে। দিনততো সেৱা কৰিব লাগে কিয়নো কর্মযোগী হোৱা। লিখাও আছে
নিদ্ৰাজিৎ হোৱা। ৰাতি জাগি উপাৰ্জন কৰা। দিনততো মায়াৰ বহুত জঞ্জাল থাকে। অমৃতবেলা
বায়ুমণ্ডল বহুত ভাল হয়। বাবাক এয়াতো নিলিখে যে অমুক সময়ত উঠি বিচাৰ সাগৰ মন্থন কৰোঁ।
বহুত পৰিশ্ৰম আছে। বিশ্বৰ তোমালোক মালিক হোৱা। ইয়াততো হদৰ (সীমিত) মালিক হোৱা।
পানীৰ সীমাৰ কাৰণেও কিমান কাজিয়া হৈ থাকে। শত্ৰুতাপূৰ্ণ হৈ গৈছে। পৰস্পৰ ইজনে-সিজনক
ভাই বুলি নাভাবে। কেৱল এনেয়ে কৈ দিয়ে যে আমি সকলো এক। একতো হ'ব নোৱাৰে। অনেক আত্মা
আছে, সকলোৰে নিজৰ নিজৰ ভূমিকা আছে। তোমালোক ইয়াত বহি আছা। কল্প পূৰ্বেও বহিছিলা।
পাত লৰিল ড্ৰামা অনুসৰি। এনেকুৱা নহয় যে প্ৰতি খিলা পাত পৰমাত্মাই লৰায়। এনেকুৱা
কথাবোৰ বুজি আকৌ বুজোৱা। প্ৰত্যেকে বুজিব পাৰে যে মই চগাপোক হৈছোঁনে! মই বাবাৰ মতত
চলি থাকোঁনে! অদৰকাৰী বাৰ্তালাপতো নকৰোঁ! ক’ৰবাত নিজৰ পইচা পাপৰ ফালেতো খটুৱাই থকা
নাই? ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ সৈতে মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজক আত্মা
বুলি বুজি আত্মাৰ সৈতে বাৰ্তালাপ কৰিব লাগে। দেহী-অভিমানী হৈ শুনিলে আৰু শুনালে
ধাৰণা ভাল হ'ব।
(2) নিদ্ৰাক জয় কৰোঁতা
হ'ব লাগে, ৰাতি জাগি উপাৰ্জন কৰিব লাগে। বিচাৰ সাগৰ মন্থন কৰিব লাগে। কোনোধৰণৰ
অদৰকাৰী কথাত নিজৰ সময় নষ্ট কৰিব নালাগে।
বৰদান:
তপস্যাৰ দ্বাৰা
নিজৰ বিকৰ্ম আৰু তমোগুণী সংস্কাৰ ভস্ম কৰোঁতা তপস্বীমূৰ্ত হোৱা
যেনেকৈ এতিয়া ঈশ্বৰীয়
পালনৰ কৰ্তব্য চলি আছে, তেনেকৈ শেষত তপস্যাৰ দ্বাৰা নিজৰ বিকৰ্ম আৰু প্ৰত্যেক
আত্মাৰ তমোগুণী সংস্কাৰ বা প্ৰকৃতিৰ তমোগুণ ভস্ম কৰাৰ কৰ্তব্য চলিব। ইয়াৰ বাবে
সদায় একৰস স্থিতিৰ আসনত স্থিৰ হৈ নিজৰ তপস্বী ৰূপ প্ৰত্যক্ষ কৰা। তোমালোকৰ প্ৰতিটো
কৰ্মেন্দ্ৰিয়ৰ পৰা দেহ-অভিমানৰ ত্যাগ আৰু আত্মা-অভিমানী হোৱাৰ তপস্যা প্ৰত্যক্ষ
ৰূপত দৃষ্টিগোচৰ হওক।
স্লোগান:
সংস্কাৰৰ সংঘৰ্ষৰ পৰা হাত সাৰিবলৈ বালক আৰু মালিকবোধৰ সন্তুলন ৰাখা।
অব্যক্ত ইংগিত: সদায়
অচল, অটল আৰু একৰস স্থিতিৰ অনুভৱ কৰা
পিতাক ভোলানাথ বুলি
কোৱা হয়, কিন্তু তেওঁ ইমানো ভোলা নহয় যে কাৰোবাৰ মুখামুখি হ'ব নোৱাৰে। ভোলানাথ
হোৱাৰ লগতে তেওঁ সৰ্বশক্তিমান হৰ্তা-কৰ্তাও হয়। তোমালোকেও নিজৰ শক্তি স্বৰূপ পাহৰি
কেৱল ভোলা (সৰল) নহ’বা, নহ'লে মায়াৰ বোমা লাগিব। এনেকুৱা শক্তি স্বৰূপ হোৱা যাতে
মায়াই সন্মুখীন হোৱাৰ আগতেই নমস্কাৰ জনায়। অতি সাৱধান, খবৰদাৰ আৰু হুচিয়াৰ হৈ
থাকিবা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]