29.08.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
সকলো কথাতে সহনশীল হোৱা, নিন্দা-স্তুতি, জয়-পৰাজয় সকলোতে সমান হৈ থাকা, আনৰ পৰা শুনা
কথাত বিশ্বাস নকৰিবা”
প্ৰশ্ন:
আত্মা যাতে
সদায় আৰোহণ কলাত আগবাঢ়ি গৈ থাকে তাৰ সহজ যুক্তি (উপায়) শুনোৱা?
উত্তৰ:
এজন পিতাৰ পৰাই শুনিবা, আনৰ পৰা নহয়। অদৰকাৰী পৰচিন্তনত, বাহিৰা কথাত নিজৰ সময় নষ্ট
নকৰিবা, তেতিয়া আত্মা সদায় আৰোহণ কলাত থাকিব। ওলট-পালট কথা শুনিলে, তাৰ ওপৰত
বিশ্বাস কৰিলে ভাল সন্তানো বাগৰি পৰে, সেয়েহে বহুত সাৱধান হ’ব লাগে।
ওঁম্শান্তি।
মৰমৰ সন্তানসকলৰ এতিয়া স্মৃতি উদয় হৈছে যে যথাযথ আধাকল্প যেতিয়াৰ পৰা ৰাৱণৰাজ্য
আৰম্ভ হৈছে আমি পিতাক স্মৰণ কৰিছোঁ। এনেকুৱাও নহয় যে গোটেই আধাকল্প স্মৰণ কৰিছোঁ,
নহয়। যেতিয়াই অতি দুখ হৈছে তেতিয়াই স্মৰণ কৰিছোঁ। এতিয়া তোমালোকে গম পাইছা যে
ভক্তিমাৰ্গৰ পৰা আমি অৱনমিত হৈ আহিছোঁ। ড্ৰামাৰ ৰহস্য বুদ্ধিত আছে। মুখেৰে একো ক'বও
নালাগে, আমি তেওঁৰ হৈ গ'লোঁ সেইবাবে অধিক জ্ঞানৰ দৰকাৰ নাই। পিতাৰ হ'লা গতিকে পিতাৰ
সম্পত্তিৰ মালিক হৈ গ'লা। কৰ্মেন্দ্ৰিয়ৰে একো কৰিবলগীয়াও নাথাকে। ভক্তিমাৰ্গত
ভগৱানক সাক্ষাৎ কৰিবলৈ কিমান যজ্ঞ-তপ-দান-পুণ্য কৰে। য'লৈকে যোৱা সকলো ঠাইতে অনেক
তীৰ্থ, মন্দিৰ আছে। এনেকুৱা কোনো মনুষ্য নাই যিয়ে গোটেই ভাৰতৰ তীৰ্থসমূহ আৰু অনেক
মন্দিৰ আদি ভ্ৰমণ কৰিব পাৰে। যদি ভ্ৰমণ কৰেও তথাপি একো প্ৰাপ্তি নহয়। তাত
ঘণ্টা-বাদ্যযন্ত্ৰ আদিৰ কিমান হুলস্থুল হয়। ইয়াততো হুলস্থুলৰ কথা নাই। গীত গোৱাৰ,
হাত চাপৰি মৰাৰ কথা নাই। মনুষ্যইতো কি কি নকৰে, অনেক কৰ্মকাণ্ড আছে। ইয়াততো তোমালোক
সন্তানসকলে কেৱল স্মৰণ কৰিব লাগে আৰু একো নাই। ঘৰত থাকি সকলোবোৰ কৰি কেৱল পিতাক
স্মৰণ কৰিব লাগে। তোমালোকে জানা যে এতিয়া আমি দেৱতা হওঁ। ইয়াতেই দৈৱী গুণ ধাৰণ কৰিব
লাগে। খোৱা-বোৱাও শুদ্ধ হ'ব লাগে। 36 প্ৰকাৰৰ ভোজনতো তাত পাবা। ইয়াত সাধাৰণভাৱে
থাকিব লাগে। বহুত উচ্চও নহয়, বহুত নীচো নহয়। সকলো কথাত সহনশীলতা লাগে। নিন্দা-স্তুতি,
জয়-পৰাজয়, ঠাণ্ডা-গৰম, এই সকলোবোৰ সহ্য কৰিবলগীয়া হয়। সময়েই এনেকুৱা। পানী পোৱা
নাযাব, এইটো পোৱা নাযাব, সূৰ্যয়ো নিজৰ উষ্ণতা দেখুৱাব। সকলো বস্তু তমোপ্ৰধান হয়। এই
সৃষ্টিখনেই তমোপ্ৰধান। তত্ত্বও তমোপ্ৰধান। সেয়েহে ইহঁতে দুখ দিয়ে। নিন্দা-স্তুতিতো
প্ৰভাৱিত হ’ব নালাগে। বহুত আছে যিসকল ততালিকে বিচলিত হৈ যায়। কোনোবাই কাৰোবাক
ওলট-পালট কিবা শুনালে, কিয়নো আজিকালি কথাৰ ৰহণতো বহুত নহয় জানো। কোনোবাই কিবা ক'লে
- তোমাৰ বাবে বাবাই এনেকৈ কয় যে এওঁৰ দেহ-অভিমান আছে, বাহিৰৰ প্ৰদৰ্শন বহুত, এনেকৈ
কোনোবাই ক’লে, বচ্ জ্বৰ উঠি যাব। টোপনিও নাইকিয়া হৈ যাব। আধাকল্পৰ মনুষ্য এনেকুৱা
যে যিকোনো লোকৰে তৎক্ষণাৎ জ্বৰ উঠাই দিয়ে, তৎক্ষণাৎ শেঁতা পৰি যায়। সেয়েহে পিতাই কয়
- কোনোধৰণৰ এনেকুৱা বাহিৰা কথা নুশুনিবা। পিতাই কেতিয়াও কাৰো নিন্দা নকৰে। পিতাইতো
বুজাবৰ কাৰণে কয়। ওলট-পালট কথা ইজনে-সিজনক শুনালে ভাল ভাল সন্তানো বিচলিত হৈ যায়।
তেতিয়া বিশ্বাসঘাতক হৈ বাহিৰা কথা ইজনে-সিজনক শুনাবগৈ। ভক্তিমাৰ্গতো কেনেকুৱা
কেনেকুৱা কাহিনী ৰচিছে। এতিয়া তোমালোকে জ্ঞান পাইছা গতিকে তোমালোকে কেতিয়াও ‘হে ৰাম’
বা ‘হায় ভগৱান’ বুলিও ক'ব নোৱাৰা, এই শব্দবোৰো ভক্তিমাৰ্গৰ। তোমালোকৰ মুখেৰে এনেকুৱা
শব্দ উচ্চাৰিত হ’ব নালাগে।
পিতাই কেৱল কয় - মৰমৰ সন্তানসকল আত্মা-অভিমানী হোৱা। কিমান মৰমেৰে বুজায়। কাৰো কথা
নুশুনিবা, অদৰকাৰী পৰচিন্তন নকৰিবা। এটা কথা দৃঢ় কৰি লোৱা - মই আত্মা। আত্মা অবিনাশী,
শৰীৰ বিনাশী। আত্মাইহে সংস্কাৰ ধাৰণ কৰে। এতিয়া তোমালোক সন্তানসকল আত্মা-অভিমানী
হ'ব লাগে। দ্বাপৰৰ পৰা তোমালোক ৰাৱণৰাজ্যত দেহ-অভিমানী হৈ যোৱা সেয়েহে এতিয়া
দেহী-অভিমানী হোৱাত পৰিশ্ৰম হয়। বাৰে বাৰে বুদ্ধিত এইটো উদয় হ’ব লাগে যে আমি বেহদৰ
পিতাক পাইছোঁ। কল্পই কল্পই পিতাই উত্তৰাধিকাৰ দিয়ে। এতিয়া তেওঁৰ মতত চলিব লাগে।
তেওঁৰ বাবেই গায়ন কৰা হৈছে - তুমি মাতা-পিতা..... তেওঁ সকলো সম্বন্ধৰ সুখ দিওঁতা হয়,
তেওঁৰ মাজত সকলো মাধুৰ্য আছে। বাকী অন্য মিত্ৰ-সম্বন্ধীয় আদি দুখ দিওঁতাহে হয়।
এজনেই পিতা আছে যিজন সকলোকে সুখ দিওঁতা হয়। ৰাস্তাও একেবাৰে সহজ শুনায় যে নিজক আত্মা
বুলি বুজি মোক পিতাক স্মৰণ কৰা। পিতাই বুজায় - এয়া কোনো নতুন কথা নহয়। তোমালোকে জানা
প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত আমি এনেকৈ পিতাৰ ওচৰত আহোঁ, এওঁ কোনো সাধু-সন্ত নহয়।
তোমালোক কোনো সাধু-সন্ত আদিৰ ওচৰত নাথাকা, বাকী পিতাই কয় - প্ৰবৃত্তি মাৰ্গৰ
সম্বন্ধত দায়িত্ব পালন কৰি চলিব লাগে। নহ'লে আৰুহে সংঘাত হৈ যায়, যুক্তিৰে চলা।
মৰমেৰে প্ৰত্যেককে বুজাব লাগে যে চোৱা এতিয়া বিনাশৰ সময় সমীপত, এই আসুৰিক সৃষ্টি
এতিয়া নাশ হ'ব। এতিয়া দেৱতা হ'ব লাগে, দৈৱী গুণ ইয়াত ধাৰণ কৰিব লাগে। মৰমেৰে বুজাব
লাগে। দেৱতাসকলেও পিঁয়াজ, নহৰু আদিতো নাখায়। আমিও মনুষ্যৰ পৰা দেৱতা হ'বলৈ গৈ আছোঁ
তেন্তে আমি এইবোৰ কেনেকৈ খাব পাৰোঁ। তোমালোককো ৰায় দিওঁ - এইবোৰ এৰি দিয়া। এনেকুৱা
বস্তু আমি নাখাওঁ। এতিয়া তোমালোকে বেহদৰ পিতা দৈৱী গুণ শিকাঁওতাজনক পাইছা গতিকে
সৰ্বগুণ সম্পন্ন..... ইয়াতেই হ'ব লাগে। ইয়াত হ'লে তেতিয়াহে আকৌ ভৱিষ্যতে নতুন সৃষ্টি
আহিব। এয়া এনেকৈয়ে হয় যেনেকৈ ৰাতিৰ পাছত আকৌ দিন হয়। এতিয়া ৰাতি অন্ততে দৈৱী গুণ
ধাৰণ কৰিব লাগে তেন্তে পুনৰ প্ৰভাত হৈ যাব। নিজৰ পৰীক্ষা প্ৰত্যেকে নিজেই ল'ব লাগে।
এনেকুৱা নহয় যে পিতাইতো সকলোবোৰ জানে। তোমালোকে নিজক চোৱাচোন। বিদ্যাৰ্থীয়ে কেতিয়াও
এনেকৈ নক'ব যে শিক্ষকেতো সকলোবোৰ জানে। পৰীক্ষাৰ দিন সমীপত আহিলে তেতিয়া সন্তানসকলে
নিজেও বুজি পায় আমি কিমান দূৰ উত্তীৰ্ণ হ'ম, কোনটো বিষয়ত মই কেঁচা। নম্বৰ কম পাম
কিন্তু সকলোবোৰ মিলাই উত্তীৰ্ণ হৈ যাম। যদি এনেকৈ ভাবা তেন্তে এই ক্ষেত্ৰতো নিজক
পৰীক্ষা কৰিব লাগে। মোৰ কি দুৰ্বলতা আছে? মই বহুত অমায়িক হৈছোঁনে? সকলোকে মৰমেৰে
বুজাব লাগে – আমাৰ অৰ্থাৎ আত্মাসকলৰ পিতা হৈছে পৰমপিতা পৰমাত্মা। মনুষ্যৰ কথা নহয়।
আমি নিৰাকাৰ ভগৱান বুলি কওঁ, ভগৱান ৰচয়িতা এজনেই, বাকী সকলো হৈছে ৰচনা। ৰচনাৰ পৰা
কোনেও উত্তৰাধিকাৰ পাব নোৱাৰে, নিয়ম নাই। এতিয়া সকলো ৰচনাৰ সৎগতি দাতা এজনেই ৰচয়িতা
পিতা, তেওঁৰ মাজতে সাধু-সন্ত সকলোবোৰ আহি গ'ল। হওঁতেতো সকলো আত্মাই হয় নহয়। অৱশ্যে
হয় মনুষ্য ভাল-বেয়াতো হয়েই, পদমৰ্যাদা উচ্চ-নীচ হয়। সন্ন্যাসীসকলৰ ভিতৰতো ক্ৰমানুসৰি
আছে। কাৰোবাকতো চোৱা ভিক্ষা মাগি ফুৰে, কাৰোবাৰ ক্ষেত্ৰত আকৌ সকলোৱে গৈ চৰণত পৰে।
তোমালোক সন্তানসকলো উচ্চ হ'ব লাগে, অতি অমায়িক হোৱা। কেতিয়াও ক্ৰোধত কথা ক’ব নালাগে,
যিমান সম্ভৱ মৰমেৰে কাম আদায় কৰা। এনেকৈ কয়, সন্তানসকলে বহুত আমনি কৰে সেয়াতো
আজিকালিৰ সন্তান হয়েই এনেকুৱা। মৰমেৰে সিহঁতক বুজোৱা। এনেকৈ দেখুৱায়, শ্ৰীকৃষ্ণই
চঞ্চলতা কৰিছিল তেতিয়া তেওঁক ৰছীৰে বান্ধি থৈছিল। যিমান সম্ভৱ মৰমেৰে বুজাব লাগে
নহ’লে লঘু শাস্তি। বেচেৰা অবোধ। সময়ো এনেকুৱা। বাহিৰৰ সংগদোষ বহুত বেয়া। এতিয়া
বেহদৰ পিতাই কয় - তোমালোকে মূৰ্তি আদি ৰখাৰ কোনো দৰকাৰ নাই। একোৱেই পৰিশ্ৰম কৰাৰ
দৰকাৰ নাই। শিৱৰ চিত্ৰও কিয় ৰাখিব লাগে! তেওঁতো তোমালোকৰ পিতা হয় নহয়। ঘৰত সন্তানে
পিতাৰ চিত্ৰ কিয় ৰাখিব? পিতাতো স্বয়ং উপস্থিত আছেই নহয় জানো। পিতাই কয় - মই এতিয়া
স্বয়ং উপস্থিত আছোঁ নহয়। তেন্তে চিত্রৰতো প্ৰয়োজন নাই। মই সন্তানসকলক বহি বুজাওঁ।
কয় বাপদাদাক চোৱা। এতিয়া পিতাতো হৈছে নিৰাকাৰ, তেওঁক চাব নোৱাৰে। বুদ্ধিৰে বুজিব
পাৰে। পিতাই কয় - মই এওঁৰ শৰীৰত প্ৰৱেশ কৰি তোমালোকক জ্ঞান দিওঁ। নহ'লে কেনেকৈ আহিম।
শ্ৰীকৃষ্ণৰ শৰীৰত কেনেকৈ আহিম। সন্ন্যাসীসকলৰ শৰীৰতো আহিব নোৱাৰোঁ। মই আহোঁৱেই
তেওঁৰ শৰীৰত যিজন প্ৰথম নম্বৰত আছিল। তেৱেঁই এতিয়া অন্তিম নম্বৰত আছে। তোমালোকেও
এতিয়া পঢ়ি প্ৰথম নম্বৰত যাব লাগে। পঢ়াওঁতাজনতো এজনেই, যাক জ্ঞানৰ সাগৰ বুলি কোৱা হয়।
তোমালোকে বহুত জ্ঞান পোৱা। তোমালোকে জানা যে শান্তিধাম আমাৰ ঘৰ, সুখধাম আমাৰ ৰাজধানী।
দুখধাম ৰাৱণৰ সাম্ৰাজ্য। এতিয়া পিতাই কয় - মৰমৰ সন্তানসকল - নিজৰ ঘৰ শান্তিধামক
স্মৰণ কৰা, সুখধামক স্মৰণ কৰা। দুখধামৰ বন্ধন পাহৰি যোৱা। এনেকৈ আন কোনেও ক'ব নোৱাৰে।
তেওঁলোক যাবও নোৱাৰে। ড্ৰামাৰ মাজতে কোনেও উভতি যাব নোৱাৰে। এনেকৈ যি কয় অমুক জ্যোতি
জ্যোতিত সমাহিত হৈ গ'ল বা সিপাৰে নিৰ্বাণত গ'ল, এজনো নাযায়। সকলোৰে পিতা অথবা মালিক
হৈছে এজনেই পৰমপিতা পৰমাত্মা, তেওঁ সকলো প্ৰেমিকাৰে একমাত্ৰ প্ৰেমিক। তেওঁলোক
পাৰ্থিৱ প্ৰেমিক-প্ৰেমিকাই ইজনে-সিজনক স্মৰণ কৰে, বুদ্ধিত চিত্ৰ আহি যায়। তেতিয়া
ইজনে-সিজনক স্মৰণ কৰি থাকিব। ভোজন খাই থাকিব, স্মৰণ কৰি থাকিব। তেওঁলোকতো হৈছে এটা
জন্মৰ প্ৰেমিক-প্ৰেমিকা। তোমালোক জন্ম-জন্মান্তৰৰ প্ৰেমিকা হোৱা, এজন প্ৰেমিকৰ।
তোমালোকে আৰু একোৱেই কৰিব নালাগে, কেৱল এজন পিতাক স্মৰণ কৰিব লাগে। সেই
প্ৰেমিক-প্ৰেমিকাসকলৰ সন্মুখত চিত্ৰ আহি যায়। বচ্ তেওঁক চাই চাই কামো ৰৈ যায় আকৌ
তেওঁৰ চেহেৰা নাইকিয়া হৈ যায় আৰু কাম কৰিবলৈ লাগি যায়। ইয়াততো এনেকুৱা নহয়। আত্মাও
বিন্দু, পৰমাত্মাও বিন্দু। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে, এই
ক্ষেত্ৰতে পৰিশ্ৰম হয়, কোনেও এনেকুৱা অভ্যাস নকৰে। আত্মাৰ জ্ঞান পালা অৰ্থাৎ আত্ম
উপলব্ধি কৰিলা, বাকী থাকিল পৰমাত্মা। সেয়াও তোমালোকে জানা। বাবা আহি ইয়াত (ভ্ৰূকুটিত)
বহে। এওঁৰ (ব্ৰহ্মাৰ আত্মাৰ) স্থানো ইয়াত। আত্মা কোনফালে গুচি যায়, গম পোৱা নাযায়।
আত্মাৰ মুখ্য স্থান হৈছে ভ্ৰূকুটি। পিতাই কয় - ময়ো বিন্দু, এওঁৰ শৰীৰত আহি বহোঁ।
তোমালোকে গমেই নোপোৱা। পিতাই তোমালোক সন্তানসকলক বহি শুনায়, তোমালোকক যি শুনায় সেয়া
ময়ো শুনোঁ। বুজনিতো একেবাৰে শুদ্ধ। দৈৱী ধৰ্মৰ যিসকল হ'ব তেওঁলোকে ততালিকে বুজি যাব
- এয়া ৰাজধানী স্থাপন হৈ আছে। প্ৰথমে স্থাপনা আৰু তাৰপাছত বিনাশো হ'ব অন্য কোনো
ধৰ্ম প্ৰতিষ্ঠাপকে এনেকুৱা নকৰে। তেওঁলোকে কেৱল নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰে পুনৰ বৃদ্ধি
হৈ গৈ থাকে, ইয়াততো যিয়ে যিমান পুৰুষাৰ্থ কৰে, সিমান ভৱিষ্যতে উচ্চ পদ পায়। তোমালোকে
ভৱিষ্যত 21 জন্মৰ কাৰণে প্ৰালব্ধ গঢ়া তেন্তে কিমান পুৰুষাৰ্থ কৰিব লাগে আৰু হয়ো
বহুত সহজ, যোগো সহজ যাৰ দ্বাৰা তোমালোকৰ বিকৰ্ম বিনাশ হয়।
পিতাই কয় - মই প্ৰতিশ্ৰুতি দিছোঁ, কল্পই কল্পই মইহে আহি তোমালোক সন্তানসকলক পাৱন কৰি
তোলোঁ। তাত পতিত এজনো নাথাকে। জ্ঞানো কিমান সহজ, 84 জন্মৰ চক্ৰ কেনেকৈ পৰিক্ৰমা
লগায়, সেই জ্ঞানো বুদ্ধিত আছে। আমি 84ৰ চক্ৰ পৰিক্ৰমা লগাইছোঁ, এইটো নিশ্চয়তা থাকিব
লাগে। নিশ্চয়তাতে বিজয় আছে। এনেকুৱা নহয় যে গম নাপাওঁ মই 84 জন্ম লওঁ নে অলপ কম।
যিহেতুকে তোমালোক ব্ৰাহ্মণ হোৱা তেন্তে তোমালোকৰ নিশ্চয়তা থাকিব লাগে যথাযথ আমি 84ৰ
চক্ৰ ভোগ কৰিছোঁ। এয়াতো বহুত সহজ বুজনি। সন্তানসকলক বুজোৱা হৈছে - এই সকলো চিত্র
পিতাই দিব্য দৃষ্টিৰে অংকন কৰাইছে। শুধৰণিও কৰাইছে। আৰম্ভণিত যেতিয়া বাৰানসীত বাবা
একান্তত আছিল তেতিয়া এনেকুৱা চক্ৰ দেৱালত অংকন কৰিছিল। একোৱে বুজি পোৱা নাছিল যে এয়া
কি হয়। আনন্দিত হৈছিল। সাক্ষাৎকাৰ হোৱাত যেন উৰি গৈছিল। এয়া কি হয়, বুজিব পৰা নাছিল।
তোমালোকে জানা যে যিবোৰ চিত্ৰ প্ৰথমতে অংকন কৰা হৈছিল সেইবোৰ সলনি কৰি নতুন নতুন
অংকন কৰি থকা হৈছে। এতিয়াৰ নতুন নতুন চিত্ৰসমূহ কল্প পূৰ্বৰ দৰে অংকন কৰি গৈ থাকে।
ছিৰিৰ চিত্র চোৱা কিমান ভাল। ইয়াৰ ওপৰত বুজাবলৈ সহজ। দেৰিকৈ অহাসকলে আৰুহে সহজ বুজনি
পায়। এতিয়া নতুন নতুন যিসকল আহে, 7 দিনত গোটেই জ্ঞান বুজি লয়। পুৰণিসকলতকৈও আগবাঢ়ি
গৈ আছে। কোনোৱে কয় - আগতে অহাহেঁতেন ভাল আছিল। হেৰ’ এইটোও চিন্তা নকৰিবা। যেনিবা
আগতেই আহিলা কিন্তু যদি আঁতৰি গুচি গ'লাহেঁতেন তেন্তে? দেৰিকৈ অহাসকলেতো সহজে আসন
প্ৰাপ্ত কৰে। প্ৰথমে যিসকল আছিল চোৱা তেওঁলোক এতিয়া নায়েই। শেষ হৈ গ'ল। পাছলৈ ফলাফল
গম পোৱা যায় - কোন উত্তীৰ্ণ হ'ল। নতুন নতুন আহি থাকে আৰু ততালিকে সেৱাত লাগি যায়।
পুৰণিসকল ইমান নালাগে। নতুন নতুন সন্তানসকল সেৱাৰ দ্বাৰা অন্তৰত অধিষ্ঠিত হৈ থাকে।
কিমান পুৰণা সন্তান শেষ হৈ গ'ল সেয়েহে বাবাই কয় - যাক সৰ্বোত্তম ব্ৰাহ্মণ কুল ভূষণ
বুলি কোৱা হয়, তেওঁলোকৰ ভিতৰতো কোনোবাই আশ্চৰ্যজনকভাৱে শুনে, আঁতৰি গুচি যায়। যি
গায়ন কৰা হৈছে সেয়া এতিয়া বাস্তৱত হৈ আছে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা, সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ
স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ
পৰীক্ষা নিজেই কৰিব লাগে। চাব লাগে মই অতি অমায়িক হৈছোঁনে? মোৰ কি কি দুৰ্বলতা আছে?
সকলোবোৰ দৈৱীগুণ ধাৰণ হৈছেনে! নিজৰ চলন দেৱতাসকলৰ নিচিনা কৰি তুলিব লাগে। আসুৰি
খোৱা-বোৱা ত্যাগ কৰিব লাগে।
(2) কোনো ধৰণৰ বাহিৰা
কথা শুনিবও নালাগে আৰু ক'বও নালাগে। সহনশীল হ'ব লাগে।
বৰদান:
নিজৰ স্মৃতি,
বৃত্তি আৰু দৃষ্টি অলৌকিক কৰি তোলোঁতা সৰ্ব আকৰ্ষণৰ পৰা মুক্ত হোৱা
কোৱা হয় — "যেনেকুৱা
সংকল্প তেনেকুৱাই সৃষ্টি"। যিসকল নতুন সৃষ্টি ৰচনা কৰাৰ নিমিত্ত বিশেষ আত্মা,
তেওঁলোকৰ প্ৰতিটো সংকল্প শ্ৰেষ্ঠ অৰ্থাৎ অলৌকিক হ'ব লাগে। যেতিয়া স্মৃতি, বৃত্তি
আৰু দৃষ্টি সকলো অলৌকিক হৈ যায়, তেতিয়া এইখন লোকৰ কোনো ব্যক্তি বা বস্তুৱে নিজৰ
ফালে আকৰ্ষিত কৰিব নোৱাৰে। যদি আকৰ্ষিত কৰে, তেন্তে নিশ্চয় অলৌকিকতাৰ অভাৱ আছে।
অলৌকিক আত্মাসকল সৰ্ব আকৰ্ষণৰ পৰা মুক্ত হ'ব।
স্লোগান:
অন্তৰত পৰমাত্ম প্ৰেম বা শক্তি সমাহিত হৈ থাকিলে মনত বিভ্ৰান্তিৰ সৃষ্টি হ’ব নোৱাৰে।
অব্যক্ত ইংগিত:
অপৱিত্ৰতাৰ বীজো সমাপ্ত কৰি সম্পূৰ্ণ স্বচ্ছ (পৱিত্ৰ) হোৱা
সম্পূৰ্ণ সত্যতাৰ
আধাৰো পৱিত্ৰতা। পৱিত্ৰতা নাথাকিলে সত্যতা সদায় থাকিব নোৱাৰে। কেৱল কাম-বিকাৰেই
অপৱিত্ৰতা নহয়, ইয়াৰ অন্য সংগীও আছে। গতিকে মহান পৱিত্ৰ অৰ্থাৎ অপৱিত্ৰতাৰ
নাম-চিহ্ন যাতে নাথাকে।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]