29.10.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকে এজন এজনক পৰিস্তানী কৰি তুলিব লাগে, তোমালোক হৈছা সকলোৰে কল্যাণ কৰোঁতা,
তোমালোকৰ কৰ্তব্য হৈছে গৰিবক চহকী কৰি তোলা”
প্ৰশ্ন:
পিতাৰ কোনটো
নাম যদিও সাধাৰণ কিন্তু কৰ্তব্য বহুত মহান?
উত্তৰ:
বাবাক বাগিচাৰ মালিক-নাৱৰীয়া বুলি কয়। এই নামটি কিমান সাধাৰণ কিন্তু ডুবি যোৱাজনক
পাৰলৈ লৈ যাওঁতা, এয়া কিমান মহান কৰ্তব্য। যেনেকৈ সাঁতোৰা সন্তৰবিদে কাৰোবাৰ হাতত
ধৰি পাৰলৈ লৈ যায়, তেনেকৈ পিতাৰ হাতত ধৰিলে তোমালোক স্বৰ্গবাসী হৈ যোৱা। এতিয়া
তোমালোকো মাষ্টৰ নাৱৰীয়া। তোমালোকে প্ৰত্যেকৰে নাও পাৰলৈ লৈ যোৱাৰ ৰাস্তা দেখুওৱা।
ওঁম্শান্তি।
স্মৃতিততো
সন্তানসকল বহিয়ে আছে। নিজক আত্মা বুলি বুজিব লাগে, দেহো আছে। এনেকুৱা নহয় যে শৰীৰ
অবিহনে বহি আছা। কিন্তু পিতাই কয় - দেহ-অভিমান এৰি দেহী-অভিমানী হৈ বহা।
দেহী-অভিমান হৈছে শুদ্ধ, দেহ-অভিমান হৈছে অশুদ্ধ। তোমালোকে জানা দেহী-অভিমানী হোৱা
বাবে আমি শুদ্ধ পৱিত্ৰ হৈ আছোঁ। দেহ-অভিমানী হোৱা বাবে অশুদ্ধ, অপৱিত্ৰ হৈ গৈছিলোঁ।
আহ্বানো জনায় হে পতিত-পাৱন আহক। পাৱন সৃষ্টি আছিল। এতিয়া পতিত, পুনৰ পাৱন সৃষ্টি
নিশ্চয় হ’ব। সৃষ্টিৰ চক্ৰ ঘূৰিব। যিয়ে এই সৃষ্টি চক্ৰক জানে তেওঁক স্বদৰ্শন চক্ৰধাৰী
বুলি কোৱা হয়। তোমালোক প্ৰত্যেকে স্বদৰ্শন চক্ৰধাৰী। স্ব অৰ্থাৎ আত্মাই সৃষ্টি
চক্ৰৰ জ্ঞান পাইছে। জ্ঞান কোনে দিলে? নিশ্চয় তেৱোঁ স্বদৰ্শন চক্ৰধাৰী হ’ব। পিতাৰ
বাহিৰে আন কোনো মনুষ্যই শিকাব নোৱাৰে। পিতা পৰম আত্মাইহে সন্তানসকলক শিকায়। তেওঁ কয়
– সন্তানসকল, তোমালোক দেহী-অভিমানী হোৱা। সত্যযুগত এই জ্ঞান অথবা শিক্ষা দিয়াৰ
প্ৰয়োজন নাথাকিব। তাত ভক্তিও নাই। জ্ঞানৰ দ্বাৰা উত্তৰাধিকাৰ পোৱা যায়। পিতাই
শ্রীমত দিয়ে এনেকৈ তোমালোক শ্রেষ্ঠ হ’বা। তোমালোকে জানা যে আমি কবৰস্থানী আছিলোঁ,
এতিয়া পিতাই শ্ৰেষ্ঠ পৰিস্তানী কৰি তোলে। এই পুৰণি সৃষ্টি কবৰত সমাধিস্থ হ’ব।
মৃত্যুলোকক কবৰস্থান বুলিয়ে ক’ব। পৰিস্তান বুলি নতুন সৃষ্টিক কোৱা হয়। পিতাই
ড্ৰামাৰ ৰহস্য বুজায়। এই গোটেই সৃষ্টিখনক খেৰৰ জুমুঠি বুলি কোৱা হয়।
বাবাই বুজাইছে -
গোটেই সৃষ্টিত এই সময়ত ৰাৱণৰ ৰাজ্য। দশহৰাও পালন কৰে, কিমান আনন্দিত হয়। পিতাই কয় -
সকলো সন্তানক দুখৰ পৰা উদ্ধাৰ কৰিবলৈ ময়ো পুৰণি ৰাৱণৰ ৰাজ্যলৈ আহিবলগীয়া হয়। এটা
কাহিনী শুনায়। কোনোৱে সুধিলে - প্ৰথমে তোমাক সুখ লাগে নে দুখ? তেতিয়া ক’লে - সুখ
লাগে। সুখত গ’লে তাত কোনো যমদূত আদি আহিব নোৱাৰিব। ইয়াৰ ওপৰতো এটা কাহিনী আছে।
পিতাই কয়, সুখধামত কেতিয়াও কাল (অকাল মৃত্যু) নাহে, অমৰপুৰী হৈ যায়। তোমালোকে
মৃত্যুৰ ওপৰত বিজয়ী হোৱা। তোমালোক কিমান সৰ্বশক্তিমান হোৱা। তাত কেতিয়াও এনেকৈ
নোকোৱা যে অমুক মৰিল, মৰাৰ নামেই নাই। এটা চোলা সলনি কৰি অন্য এটা ল’লে। সাপেও ছাল
সলনি কৰে নহয়। তোমালোকেও পুৰণি ছাল সলনি কৰি নতুন ছাল অৰ্থাৎ শৰীৰত আহিবা। তাত 5
তত্ত্বও সতোপ্ৰধান হৈ যায়। সকলো বস্তু সতোপ্ৰধান হৈ যায়। সকলো বস্তু ফল আদি অতি
উত্তম হয়। সত্যযুগক কোৱাই হয় স্বর্গ। তাত বহুত ধনৱান আছিলা। এওঁলোকৰ দৰে সুখী
বিশ্বৰ মালিক কোনো হ’ব নোৱাৰে। এতিয়া তোমালোকে জানা যে আমিয়ে এয়া আছিলোঁ, তেন্তে
কিমান আনন্দিত হোৱা উচিত। এজন এজনক পৰিস্তানী কৰি তুলিব লাগে, বহুতৰ কল্যাণ কৰিব
লাগে। তোমালোক বহুত চহকী হৈ যোৱা। তেওঁলোক সকলো হৈছে গৰিব। যেতিয়ালৈকে তোমালোকৰ
হাতত হাত নিমিলায় তেতিয়ালৈকে স্বর্গবাসী হ’ব নোৱাৰে। পিতাৰ হাততো সকলোৱে নাপায়।
পিতাৰ হাত তোমালোকে পোৱা। তোমালোকৰ হাত আকৌ আনে পায়। অন্যই আকৌ অন্যৰ পায়। যেনেকৈ
সাঁতোৰা সন্তৰবিদে এজন এজনক সিপাৰলৈ লৈ যায়। তোমালোকো মাষ্টৰ নাৱৰীয়া হোৱা। অনেক
নাৱৰীয়া হৈ আছে। তোমালোকৰ বেপাৰেই এইটো। আমি প্ৰত্যেকৰে নাও পাৰ কৰাৰ ৰাস্তা
দেখুৱাওঁ। নাৱৰীয়াৰ সন্তান নাৱৰীয়া হ’লোঁ। নাম কিমান সাধাৰণ – বাগিচাৰ গৰাকী,
নাৱৰীয়া। এতিয়া তোমালোকে বাস্তৱত দেখা পোৱা। তোমালোকে পৰিস্তান স্থাপনা কৰি আছা।
তোমালোকৰ স্মাৰক সন্মুখত থিয় হৈ আছে। তলত ৰাজযোগৰ তপস্যা, ওপৰত ৰাজ্য-ভাগ্য আছে।
দেলৱাড়া নামটিও বহুত ভাল। পিতাই সকলোৰে অন্তৰ লয়। সকলোৰে সৎগতি কৰে। অন্তৰ লওঁতা
কোন। এয়া জানো কোনোবাই জানে। ব্ৰহ্মাৰো পিতা হৈছে শিৱবাবা। সকলোৰে অন্তৰ লওঁতা
বেহদৰ পিতাই হ’ব। তত্ত্ব আদি সকলোৰে কল্যাণ কৰে, এইটোও সন্তানসকলক বুজোৱা হৈছে অন্য
ধৰ্মাৱলম্বীসকলৰ শাস্ত্ৰ আদি বৰ্তি আছে। তোমালোকে জ্ঞান পোৱাই সংগমযুগত, পুনৰ বিনাশ
হৈ যায় সেয়েহে কোনো শাস্ত্ৰ আদি নাথাকে। শাস্ত্ৰ হৈছে ভক্তিমাৰ্গৰ চিন। এয়া হৈছে
জ্ঞান। পাৰ্থক্য দেখিলা নহয়। ভক্তি অনেক, দেৱী আদিৰ পূজাত কিমান ধন খৰচ কৰে। পিতাই
কয় - ইয়াৰ পৰা অল্পকালৰ বাবে সুখ প্ৰাপ্ত হয়। যেনেকুৱা ভাৱনা ৰাখে সেয়া পূৰ্ণ হয়।
দেৱীসকলক সজাওঁতে সজাওঁতে কাৰোবাৰ সাক্ষাৎকাৰ হৈ গ’ল বচ্ বহুত আনন্দিত হৈ যায়।
একোৱেই লাভ নহয়। মীৰাৰ নামো গায়ন কৰা হৈছে। ভক্ত মালা আছে নহয়। নাৰীৰ ভিতৰত মীৰা,
পুৰুষৰ ভিতৰত নাৰদক ভক্ত শিৰোমণি বুলি মান্যতা দিয়ে। তোমালোক সন্তানসকলৰ মাজতো
ক্ৰমানুসৰি আছে। মালাৰ দানাতো বহুত আছে। ওপৰত বাবা হৈছে ফুল, তাৰ পাছত আছে যুগল মেৰু।
ফুলক সকলোৱে নমস্কাৰ জনায়। এটি এটি দানাক নমস্কাৰ জনায়। ৰুদ্ৰ যজ্ঞ ৰচে তেতিয়া তাতো
বেছিকৈ শিৱৰ পূজা কৰে। শালগ্ৰামসকলৰ ইমান নকৰে। সম্পূৰ্ণ মনোযোগ শিৱৰ ফালে থাকে
কিয়নো শিৱবাবাৰ দ্বাৰাই শালগ্ৰামসকল এনেকুৱা তীক্ষ্ণ হৈছে, যেনেকৈ তোমালোক এতিয়া
পাৱন হৈ আছা। পতিত-পাৱন পিতাৰ সন্তান তোমালোকো মাষ্টৰ পতিত-পাৱন হোৱা। যদি কাকোৱেই
পথ নেদেখুওৱা তেন্তে পাই-পইচাৰ পদ পাবা। তথাপিও পিতাৰ সৈতেতো মিলিত হ’লা নহয়। সেয়াও
জানো কোনো কম কথা। সকলোৰে পিতা তেওঁ এজনেই। শ্ৰীকৃষ্ণৰ কাৰণে জানো এনেকৈ ক’ব।
শ্ৰীকৃষ্ণ কাৰ পিতা হ’ব? শ্ৰীকৃষ্ণক পিতা বুলি নক’ব। সৰু ল’ৰাক জানো পিতা বুলি ক’ব
পাৰে। পিতা বুলি তেতিয়া কোৱা হয় যেতিয়া যুগল হ’ব, সন্তান জন্ম হ’ব। তেতিয়া সেই
সন্তানে পিতা বুলি ক’ব। অন্য কোনেও ক’ব নোৱাৰে। বাকীতো যিকোনো বয়োজ্যেষ্ঠজনক বাপুজী
বুলি কৈ দিয়ে। এওঁ (শিৱবাবাতো) সকলোৰে পিতা হয়। গায়নো কৰে সকলো ভাই ভাই। ঈশ্বৰক
সৰ্বব্যাপী বুলি ক’লে সকলো পিতা হৈ যায়।
তোমালোক সন্তানসকলে
ডাঙৰ ডাঙৰ সভাত বুজাবলগীয়া হ’ব। সদায় ক’ৰবাত ভাষণ দিবলৈ গ’লে তেতিয়া যিটো বিষয়ৰ
ওপৰত ভাষণ দিব লাগে তাৰ ওপৰত বিচাৰ সাগৰ মন্থন কৰি লিখিব লাগে। পিতাইতো বিচাৰ সাগৰ
মন্থন কৰিব নালাগে। কল্প পূৰ্বে যি শুনাইছিল সেয়া শুনাই যাব। তোমালোকেতো বিষয়ৰ ওপৰত
বুজাব লাগে। প্ৰথমে লিখি তাৰ পাছত পঢ়িব লাগে। ভাষণ দিয়াৰ পাছত স্মৃতিলৈ আহে - এইটো
এইটো কথা শুনোৱা নহ’ল। এইটো বুজোৱাহেঁতেন ভাল আছিল। এনেকুৱা হয়, কিবা নহয় কিবা কথা
পাহৰি যায়। প্ৰথমেতো ক’ব লাগে – ভাই-ভনীসকল আত্ম-অভিমানী হৈ বহা। এইটোতো কেতিয়াও
পাহৰিব নালাগে। এনেকৈ কোনেও খবৰ নিদিয়ে। প্ৰথমে সকলোকে ক’ব লাগে – আত্ম-অভিমানী হৈ
বহা। তোমালোক আত্মা অবিনাশী। এতিয়া পিতা আহি জ্ঞান দি আছে। পিতাই কয় - মোক স্মৰণ
কৰিলে বিকৰ্ম বিনাশ হ’ব। কোনো দেহধাৰীক স্মৰণ নকৰিবা। নিজক আত্মা বুলি বুজা, আমি
তাৰ নিবাসী হওঁ। আমাৰ বাবা কল্যাণকাৰী শিৱ, আমি আত্মাসকল তেওঁৰ সন্তান। পিতাই কয় –
আত্ম-অভিমানী হোৱা। মই আত্মা। পিতাৰ স্মৃতিৰে বিকৰ্ম বিনাশ হ’ব। গংগা স্নান অদিৰে
বিকৰ্ম বিনাশ নহ’ব। পিতাৰ নিৰ্দেশনা হৈছে তোমালোকে মোক স্মৰণ কৰা। তেওঁলোকে ‘গীতা’
পঢ়ে - যদা যদাহি ধৰ্মস্য…… কয় কিন্তু অৰ্থ একোৱেই নাজানে। সেয়েহে বাবাই সেৱাৰ ৰায়
দিয়ে - শিৱবাবাই কয় - নিজক আত্মা বুলি বুজি শিৱবাবাক স্মৰণ কৰা। তেওঁলোকে ভাবে
শ্ৰীকৃষ্ণই ক’লে, তোমালোকে ক’বা শিৱবাবাই আমাক সন্তানসকলক কয় - মোক স্মৰণ কৰা।
যিমানে মোক স্মৰণ কৰিবা সিমানে সতোপ্ৰধান হৈ উচ্চ পদ পাবা। লক্ষ্য-উদ্দেশ্যও
সন্মুখত আছে। পুৰুষাৰ্থৰে উচ্চ পদ প্ৰাপ্ত কৰিব লাগে। সেইফালৰ সকলে নিজৰ ধৰ্মত উচ্চ
পদ পাব, আমি অন্যৰ ধৰ্মত নাযাওঁ। তেওঁলোকতো আহেই পাছত। তেওঁলোকেও জানে যে আমাৰ আগত
স্বৰ্গ আছিল। ভাৰত সকলোতকৈ প্ৰাচীন। কিন্তু কেতিয়া আছিল, সেয়া কোনেও নাজানে।
তেওঁলোকক ভগৱান-ভগৱতী বুলিও কয় কিন্তু পিতাই কয় - ভগৱান-ভগৱতী বুলি ক’ব নোৱাৰি।
ভগৱানতো মই এজনেই। আমি ব্ৰাহ্মণ। পিতাকতো ব্ৰাহ্মণ বুলি কোৱা নহ’ব। তেওঁ হৈছে
উচ্চতকৈও উচ্চ ভগৱান, তেওঁৰ শৰীৰৰ নাম নাই। তোমালোকৰ সকলোৰে শৰীৰৰ নাম আছে। আত্মাতো
আত্মাই হয়। তেৱোঁ পৰম আত্মা। সেই আত্মাটিৰ নাম হৈছে শিৱ, তেওঁ হৈছে নিৰাকাৰ।
সূক্ষ্ম শৰীৰো নাই, স্থূল শৰীৰো নাই। এনেকুৱা নহয় যে তেওঁৰ আকাৰ নাই। যাৰ নাম আছে,
আকাৰো নিশ্চয় আছে। নাম-ৰূপ বিহীন কোনো বস্তু নাই। পৰমাত্মা পিতাক নাম-ৰূপৰ পৰা
উপৰাম বুলি কোৱাতো কিমান ডাঙৰ অজ্ঞানতা। পিতাও নাম-ৰূপৰ পৰা উপৰাম, সন্তানো
নাম-ৰূপৰ পৰা উপৰাম তেতিয়াতো কোনো সৃষ্টিয়ে নাথাকিব। তোমালোকে এতিয়া ভালদৰে বুজাব
পাৰা। গুৰু লোকসকলে শেষৰ ফালে বুজিব। এতিয়া তেওঁলোকৰ বাদশ্বাহী।
এতিয়া তোমালোক দ্বৈত
অহিংসক হোৱা। অহিংসা পৰম দেৱী-দেৱতা ধৰ্ম দ্বৈত অহিংসক বুলি গায়ন কৰা হৈছে। কাৰোবাক
হাত লগোৱা, দুখ দিয়া সেয়াও হিংসা হৈ গ’ল। পিতাই নিতৌ বুজায় মন-বাণী-কৰ্মৰে কাকো দুখ
দিব নালাগে। মনলৈ নিশ্চয় আহিব। সত্যযুগত মনলৈও নাহে। ইয়াততো মন-বাণী- কৰ্মত আহে। এই
কথা তোমালোকে তাত শুনিবলৈও নোপোৱা। তাত কোনো সৎসংগ আদিও নাথাকে। সৎসংগ হয়েই সত্যৰ
দ্বাৰা, সত্য হ’বলৈ। সত্য এজনেই পিতা। পিতাই বহি নৰৰ পৰা নাৰায়ণ হোৱাৰ কাহিনী শুনায়,
যাৰ দ্বাৰা তোমালোক নাৰায়ণ হৈ যোৱা। আকৌ ভক্তিমাৰ্গত সত্য-নাৰায়ণৰ কথা অতি মৰমেৰে
শুনে। তোমালোকৰ স্মাৰক দেলৱাড়া মন্দিৰ চোৱা কিমান সুন্দৰ। নিশ্চয় সংগমযুগত অন্তৰ
লৈছিল। আদি দেৱ আৰু দেৱী, সন্তানসকল বহি আছে। এয়া হৈছে প্ৰকৃত স্মাৰক। তেওঁলোকৰ
ইতিহাস-ভূগোল তোমালোকৰ বাহিৰে কোনেও নাজানে। তোমালোকৰেই স্মাৰক আছে। এয়াও আচৰিত।
লক্ষ্মী-নাৰায়ণৰ মন্দিৰলৈ গ’লে তোমালোকে ক’বা আমি এয়া হৈ আছোঁ। যীশুখ্ৰীষ্টও ইয়াত
আছে। বহুতে কয় যীশুখ্ৰীষ্টও ভিকহু ৰূপত আছে। তমোপ্ৰধান অৰ্থাৎ ভিকহু নহ’ল জানো।
পুনৰ্জন্মতো নিশ্চয় ল’ব নহয়। শ্ৰীকৃষ্ণ ৰাজকুমাৰ এতিয়া ভিকহু। বগা আৰু শ্যাম।
তোমালোকেও জানা – ভাৰত কি আছিল, এতিয়া কি হ’ল। পিতাতো হয়েই গৰিবৰ ত্ৰাণকৰ্তা।
মনুষ্যই দান-পুণ্যও গৰিবক কৰে ঈশ্বৰৰ অৰ্থে। বহুতে খাদ্য নাপায়। আগলৈ গৈ তোমালোকে
দেখিবা যে ডাঙৰ ডাঙৰ চহকীসকলেও খাদ্য নাপাব। গাঁওবিলাকতো চহকীলোক থাকে নহয়, যিসকলক
আকৌ ডকাইত আদিয়ে লুটি লৈ যায়। পদবীত পাৰ্থক্যতো থাকে নহয়। পিতাই কয় - পুৰুষাৰ্থ
এনেকুৱা কৰা যাতে এক নম্বৰত যোৱা। শিক্ষকৰ কাম হৈছে সাৱধান কৰা। সন্মান সহকাৰে
উত্তীৰ্ণ হ’ব লাগে। এইখন হৈছে বেহদৰ পাঠশালা। এয়া হয়েই ৰাজ্য স্থাপনাৰ কাৰণে ৰাজযোগ।
তথাপিও পুৰণি সৃষ্টিৰ বিনাশ হ’ব লাগে। নহ’লে ৰাজত্ব কাৰ ওপৰত কৰিবা। এইখনতো হৈছেই
পতিত ধৰণী।
মনুষ্যই কয় – গংগা
পতিত-পাৱনী। পিতাই কয় - এই সময়ত 5 তত্ত্ব সকলো তমোপ্ৰধান পতিত। গোটেই লেতেৰা আৱৰ্জনা
আদি তাত গৈ পৰে। মাছ আদিও তাত থাকে। পানীৰো যেন এখন জগত আছে। পানীত কিমান জীৱ থাকে।
ডাঙৰ ডাঙৰ সাগৰৰ পৰাও কিমান ভোজন পোৱা যায়। তেন্তে গাঁও হৈ নগ’ল জানো। গাঁওক আকৌ
পতিত-পাৱন বুলি কেনেকৈ ক’বা। পিতাই বুজায় - মৰমৰ সন্তানসকল, পতিত-পাৱন হৈছে একমাত্ৰ
পিতা। তোমালোক আত্মা আৰু শৰীৰ পতিত হৈ গ’লা, এতিয়া মোক স্মৰণ কৰা তেতিয়া পাৱন হৈ
যাবা। তোমালোক বিশ্বৰ মালিক, সুন্দৰ হৈ যোৱা। তাত অন্য কোনো খণ্ড নাথাকে। ভাৰতৰেই
আদিৰ পৰা অন্তলৈকে ভূমিকা আছে। তোমালোক সকলো আদিৰ পৰা অন্তলৈকে ভূমিকা পালন কৰোঁতা
হোৱা। নাটকত ভাৱৰীয়াসকল ক্ৰমানুসৰি অহা-যোৱা কৰি থাকে। এয়াও এনেকুৱা। বাবাই কয় -
তোমালোকে বুজিবা যে আমাক ভগৱানে পঢ়ায়। আমি পতিত-পাৱন ঈশ্বৰ পিতাৰ বিদ্যাৰ্থী, ইয়াত
সকলো আহি গ’ল। পতিত-পাৱনো হৈ গ’ল, গুৰু শিক্ষকো হৈ গ’ল। পিতাও হৈ গ’ল। সেয়াও
নিৰাকাৰ। এইখন হৈছে নিৰাকাৰ ঈশ্বৰ পিতাৰ বিশ্ব বিদ্যালয়। কিমান ভাল নাম। ঈশ্বৰৰ
কিমান মহিমা কৰে। যেতিয়া বিন্দু বুলি শুনে তেতিয়া আচৰিত হৈ যায়। ঈশ্বৰৰ মহিমা ইমান
কৰে, আৰু কি বস্তু! বিন্দু। তাতেই কিমান ভূমিকা নিহিত হৈ আছে। এতিয়া পিতাই কয় - দেহ
থকা সত্ত্বেও, গৃহস্থালিত থাকিও মামেকম্ স্মৰণ কৰা। ভক্তিমাৰ্গত যি ঐকান্তিক ভক্তি
কৰে, তাক কোৱা হয় - সতোপ্ৰধান ঐকান্তিক ভক্তি। কিমান তীব্ৰ ভক্তি। এতিয়া আকৌ
স্মৃতিৰ গতি তীব্ৰ হ’ব লাগে। তীব্ৰ স্মৰণ কৰাসকলৰে নাম উচ্চ হ’ব। বিজয় মালাৰ দানা
হ’ব। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নৰৰ পৰা
নাৰায়ণ হ’বলৈ নিতৌ সত্য পিতাৰ পৰা শুনিব লাগে। সৎ সংগ ল’ব লাগে। কেতিয়াও
মন-বাণী-কৰ্মৰে কাকো দুখ দিব নালাগে।
(2) বিজয় মালাৰ দানা
হ’বলৈ বা সন্মান সহকাৰে উত্তীৰ্ণ হ’বলৈ স্মৃতিৰ গতি তীব্ৰ কৰিব লাগে। মাষ্টৰ
পতিত-পাৱন হৈ সকলোকে পাৱন কৰি তোলাৰ সেৱা কৰিব লাগে।
বৰদান:
পৰমাত্ম
স্মৃতিৰ কোলাত সমাহিত হওঁতা সংগমযুগী ভাগ্যৱান আত্মা হোৱা
সংগমযুগ সত্যযুগী
স্বৰ্গতকৈও শ্ৰেষ্ঠ কিয়নো এতিয়াৰ গায়ন আছে যে অপ্ৰাপ্ত কোনো বস্তু ব্ৰাহ্মণ সংসাৰত
নাই। এক পিতাক পালা গতিকে সকলো প্ৰাপ্ত হৈ গ’ল। এতিয়া তোমালোক সন্তানসকলে কেতিয়াবা
অতীন্দ্ৰিয় সুখৰ দোলনাত দোলা, কেতিয়াবা হৰ্ষ, কেতিয়াবা শান্তি, কেতিয়াবা জ্ঞান,
কেতিয়াবা আনন্দ আৰু কেতিয়াবা পৰমাত্ম কোলাত দোলাত দুলি থাকা। পৰমাত্ম কোলা হৈছে
স্মৃতিৰ স্নেহত লীন অৱস্থা। এই কোলাই চেকেণ্ডত অনেক জন্মৰ দুখ পাহৰাই দিয়ে। সেয়েহে
এই শ্ৰেষ্ঠ সংস্কাৰ সদায় স্মৃতিত ৰাখি ভাগ্যৱান আত্মা হোৱা।
স্লোগান:
এনেকুৱা সুসন্তান হোৱা যাতে বাবাই তোমালোকৰ গীত গায় আৰু তোমালোকে বাবাৰ গীত গোৱা।
অব্যক্ত সংকেত: নিজৰ
আৰু সকলোৰে প্ৰতি মনেৰে যোগৰ শক্তি প্ৰয়োগ কৰা
প্ৰথমে নিজৰ প্ৰতি যোগৰ প্ৰয়োগ কৰি চোৱা। প্ৰত্যেক মাহ বা প্ৰত্যেক 15 দিনৰ বাবে
কিবা নহয় কিবা বিশেষ গুণ বা কিবা নহয় কিবা বিশেষ শক্তি নিজৰ প্ৰতি প্ৰয়োগ কৰি চোৱা
কিয়নো সংগঠনত বা সম্বন্ধ-সম্পৰ্কত কাকততো আহেই, গতিকে প্ৰথমে নিজৰ ওপৰত প্ৰয়োগ কৰি
পৰীক্ষা কৰা যে কিবা কাকত আহিলে তেতিয়া কোনটো গুণ বা শক্তি প্ৰয়োগ কৰা বাবে কিমান
সময়ত সফলতা প্ৰাপ্ত হ’ল? যেতিয়া নিজৰ প্ৰতি সফল হ’বা তেতিয়া অন্যৰ প্ৰতিও প্ৰয়োগ
কৰাৰ উৎসাহ-উদ্দীপনা স্বতঃ বাঢ়ি যাব।