29.10.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – বেহদৰ পিতা আহিছে তোমালোক সন্তানসকলক নিজৰ লগত লৈ যাবলৈ, গতিকে এতিয়া পিতাৰ হৈ তেওঁৰ শ্ৰীমতত চলা”

প্ৰশ্ন:
পিতাই নিজৰ সন্তানসকলৰ ভাগ্য উচ্চ কৰি গঢ়িবলৈ কোনটো শ্ৰেষ্ঠ মত দিয়ে?

উত্তৰ:
মৰমৰ সন্তানসকল মৃত্যুৰ আগতে যিমান সম্ভৱ স্মৃতিত থকাৰ পুৰুষাৰ্থ কৰি লোৱা, ইয়াৰ দ্বাৰাই তোমালোকৰ উপাৰ্জন হয়। মোৰ সন্তান হৈ কেতিয়াও ভুলতো কোনো পাপ কৰ্ম নকৰিবা। লাগিলে মায়াৰ যিমানেই ধুমুহা নাহক কিন্তু পতিত কেতিয়াও নহ’বা।

ওঁম্শান্তি।
শিৱ ভগৱানুবাচ (ভগৱানে কয়)। তোমালোক সন্তানসকলেতো বুজিবা যে শিৱবাবাই আমাক বুজায়। তোমালোক হৈছা সংগমযুগী। শিৱবাবাৰ সন্মুখত বহি আছা। সেই কলিযুগী মনুষ্য শিৱবাবাৰ জড় মন্দিৰত গৈ বহে। পাৰ্থক্য বুজি পোৱা নহয়। বুদ্ধিৰ তলা অলপ খুলিও লোৱা। তোমালোকে বুজি পোৱা আমি চৈতন্য শিৱবাবাৰ ওচৰত বহি আছোঁ। বাবাই আমাৰ সৈতে সন্মুখত বাৰ্তালাপ কৰি আছে। শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা ৰাজযোগ শিকাই আছে আৰু আনফালে চোৱা মনুষ্যই শিৱবাবাৰ পূজা কৰি আছে। অমৰনাথত, কাশীত বিচাৰি গৈ আছে। তোমালোকে আকৌ এইটো বাৰে বাৰে কিয় পাহৰি যোৱা যে আমি শিৱবাবাৰ ওচৰত বহি আছোঁ, যাক পৰমপিতা পৰমাত্মা বুলি কোৱা হয়। তেওঁৰ কিমান মহিমা আছে। তেওঁক তোমালোকে ‘বাবা বাবা’ বুলি কোৱা। এইটো জানা যে আমি শিৱবাবাৰ মতত চলি বিশ্বৰ মালিক হোৱাৰ উত্তৰাধিকাৰ লৈ আছোঁ। তেওঁলোক মন্দিৰত, তীৰ্থ আদিত ঠেকা-খুন্দা খাই থাকে আৰু তোমালোকে উত্তৰাধিকাৰ লৈ আছা। চোৱা পাৰ্থক্য কিমান। তোমালোকৰ তুলনাত তেওঁলোক কিমান বুৰ্বক। শিৱবাবাই কয় - মই তোমালোকৰ বাধ্য সেৱক। মই তোমালোকক উত্তৰাধিকাৰ দিবলৈ আহিছোঁ। তেওঁলোকে ঈশ্বৰ পিতাক আহ্বান কৰি থাকে। ইয়াততো তোমালোক ঈশ্বৰ পিতাৰ সন্মুখত বহি আছা। ইয়াত বুদ্ধিত ধাৰণ হয় আকৌ ঘৰলৈ গ’লে কিয় পাহৰি যোৱা! ইয়াত তোমালোকৰ বাবে দিন, তাত তেওঁলোকৰ বাবে ৰাতি। তেওঁলোকে চিঞৰি থাকে, তোমালোক সন্মুখত বহি আছা, তোমালোকে কোৱা তোমাৰ লগত বহোঁ, তোমাৰ পৰা শুনোঁ। কিন্তু ঘৰলৈ গৈ পাহৰি যোৱা। মায়া বৰ প্ৰবল (শক্তিশালী)। শিৱবাবাৰ সন্তান হৈ পূজাৰীৰ পৰা পূজ্য হোৱাৰ পুৰুষাৰ্থও কৰে আকৌ বাহিৰত গৈ পূজাৰী হৈ যায়। শিৱবাবাৰ জড় মন্দিৰত গৈ থাকে।

ইয়াততো পিতাই বুজায়, সন্তানসকল, শ্ৰীমতত চলিলেহে তোমালোক শ্ৰেষ্ঠ হ’বাগৈ। মুখ্য হয়েই পৱিত্ৰতা। তাত জড় চিত্ৰৰ সন্মুখত গৈ কাশীত আত্মঘাতী হয়। ইয়াততো চৈতন্য ৰূপত বহি আছে। ইয়াত কাশীত গৈ আত্মঘাতী হোৱাৰ দৰে কথা নাই। এয়া হৈছে জীৱন্তে মৰা। পিতাই কয় - শ্ৰীমতত চলা। ইয়াৰ পৰা বাহিৰলৈ গলেই পিতাক পাহৰি যায়। কেতিয়াবা চিঠি আদিও নিলিখে। কিছুমানতো এনেকুৱা আছে যিয়ে কেতিয়াও দেখাই নাই। তেওঁলোকে ধৰফৰাই চিঠি লিখি থাকে আৰু যিসকলে সন্মুখত সাক্ষাৎ কৰি যায় তেওঁলোকে আকৌ একদম পাহৰি যায়। তোমালোকতো শিৱবাবাৰ প্ৰতি উৎসৰ্গিত হৈ যাব লাগে নহয় জানো। ভক্তিমাৰ্গত শিৱবাবাক সাক্ষাৎ কৰিবলৈ কাশীত গৈ আত্মঘাতী হৈছিল কিন্তু তেওঁকতো পাব নোৱাৰে। এতিয়া পিতা চৈতন্য ৰূপত আহি কয় – সন্তানসকল, মোৰ হৈ যোৱা। মই লৈ যাবলৈ আহিছোঁ। পৱিত্ৰ নহ’লেতো যাব নোৱাৰিবা। পৱিত্ৰ কৰি তুলিবলৈ ময়েই আহিবলগীয়া হয়। সকলোৰে সৎগতি দাতা পিতা তোমালোকৰ ওচৰত বহি আছে। তোমালোকক ৰাজযোগ শিকাই আছে, যিটো গীতাৰ ভগৱানে শিকাইছিল। তেওঁলোকে কৃষ্ণক ভগৱান বুলি কৈ দিছে। তোমালোকে জানা গীতাৰ ভগৱান হৈছে শিৱবাবা। তোমালোকে চিঠিও এনেদৰে লিখা – শিৱবাবা মাৰফৎ ব্ৰহ্মা। তোমালোকক সন্মুখত বহি পিতাই বুজায়। তথাপিও নিচা নাবাঢ়ে। অহো! শিৱবাবাই আমাক কোলাত তুলি লৈছে। ধৰ্ম সন্তান কৰি লৈছে। কিন্তু সকলোকেতো ইয়াত নাৰাখিব নহয় জানো। হাজাৰ হাজাৰ সন্তান আছে। সকলোকে ইয়াত কেনেকৈ ৰাখিব, ইমান ঠাই ক’ত আছে। পিতাই কয় - তোমালোক নিজৰ ঘৰতেই থাকিব লাগে। পিতাক স্মৰণ কৰিব লাগে। সকলোতকৈ মৰমৰ যিজন বেহদৰ পিতা, তেওঁৰ তোমালোক সন্তান হৈছা।

পিতাই বুজায় - সন্তানসকল, কাম-চিতাত বহি জ্বলি মৰিছা। এতিয়া তোমালোক জ্ঞান-চিতাত বহি দেৱতা হোৱা। দেৱতাসকলৰ পূজাও কৰে, কিন্তু একো নুবুজে। এয়াও নাটক অনুসৰি হ’বলগীয়া বুলি কোৱা হ’ব। এতিয়া তোমালোক চৈতন্য শিৱবাবাৰ ওচৰত বহি আছা। গায়নো কৰা হয় - শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা বিষ্ণুপুৰীৰ স্থাপনা কৰে। পিতাই বুজায় - সন্তানসকল, কোনো পাপ কৰ্ম নকৰিবা। দেহ-অভিমানত নাহিবা। তোমালোকেতো চলোঁতে-ফুৰোঁতে প্ৰেমিকক স্মৰণ কৰিব লাগে। যাক তোমালোকে আধাকল্পৰ পৰা স্মৰণ কৰিছিলা, তেওঁ এতিয়া তোমালোকৰ সেৱাত উপস্থিত হৈছে। আত্মিক সমাজকৰ্মী হয়। তোমালোকক আত্মিক সেৱা কৰিবলৈ শিকায়। সামাজিক কৰ্মৰ মুৰব্বীও থাকে নহয় জানো। এয়া হৈছে আত্মিক। সেয়া হৈছে মানৱ সমাজৰ পাৰ্থিৱ সেৱা কৰোঁতা। এতিয়া চোৱা, তেওঁলোকে কয় গোহত্যা বন্ধ কৰক। তোমালোকে লিখিব পাৰা যে ইজনে সিজনৰ ওপৰত কাম কটাৰী চলোৱা - এইটো আটাইতকৈ ডাঙৰ হত্যা। প্ৰথমেতো এইটো বন্ধ কৰক। যাৰ কাৰণেই ভগৱানে কৈছে - কাম মহাশত্ৰু আদি-মধ্য-অন্ত দুখ দিওঁতা হয়। তোমালোকে গীতাৰ ভগৱানক পাহৰি গৈছা। বাবাতো আচৰিত হয়। এফালেতো অমৰনাথত, পাহাৰত ঠেকা-খুন্দা খাই থাকে, এনেকৈ বুজি লয় যে পাৰ্বতীক তাত অমৰকথা শুনালে। এতিয়া এগৰাকী পাৰ্বতীক শুনালে কি হ’ব! পিতাই বুজায় - এয়া সকলো পাৰ্বতী। সকলোকে অমৰকথা শুনাই আছোঁ। পিতাই কয় - সন্তানসকল 84 জন্ম লৈ লৈ এতিয়া মৃত্যুলোকত আহি উপস্থিত হৈছে। বাৰু, লক্ষ্মী-নাৰায়ণ ক’লৈ গ’ল, উভতি গ’ল নেকি নে জ্যোতি জ্যোতিত সমাহিত হৈ গ’ল? সূৰ্যবংশী ৰজা-ৰাণী, প্ৰজা সেই সকলোবোৰ ক’লৈ গ’ল? নিশ্চয় সতোপ্ৰধানৰ পৰা 84 জন্ম লৈ লৈ তমোপ্ৰধান হৈ গৈছে চাগৈ। বুজি পোৱা নহয়! ইয়াত ব্ৰহ্মাৰ দ্বাৰা শিৱবাবাই বহি বুজায়। সন্তানসকল, এতিয়া মই তোমালোকৰ ভাগ্য গঢ়িবলৈ আহিছোঁ, আকৌ তোমালোকে ভাগ্য খণ্ডিত কিয় কৰা! কিবাতো বুজা। মই তোমালোকক স্বৰ্গৰ মালিক কৰি তুলিবলৈ আহিছোঁ। তোমালোকে মোৰ মতত নচলিবা জানো! ঘৰলৈ গ’লে স্মৃতি কিয় পাহৰি যোৱা! পিতাই বাৰে বাৰে বুজায় – সন্তানসকল, এতিয়া তোমালোক সংগমযুগী হোৱা। তেওঁলোক হ’ল কলিযুগী। তোমালোক পূজ্য, তেওঁলোক পূজাৰী। তোমালোকৰ দিগভ্ৰান্ত হৈ ঘূৰি ফুৰাতো এতিয়া বন্ধ হ’ল। যদিওবা তেওঁলোকে তোমালোকক নাস্তিক বুলি ভাবে, তোমালোকে তেওঁলোকক নাস্তিক বুলি কোৱা। তেওঁলোকে কয় - আপোনালোকে ভক্তি নকৰে সেইবাবে নাস্তিক। তোমালোকে কোৱা - আপোনালোকে পিতাক নাজানে সেয়েহে নাস্তিক। তোমালোকে কোৱা আমি আস্তিক। পিতাক জানি উত্তৰাধিকাৰ লওঁ। আপোনালোকে নাজানে সেয়েহে ঠেকা-খুন্দা খাই থাকে। কুম্ভ মেলালৈ কিমান যায়, আকৌ দান-পুণ্য কৰে। এতিয়া পিতাই কয় - এই সকলোবোৰ কথা এৰা। তোমালোকে জ্ঞানৰ সাগৰক পাইছা তেন্তে আকৌ ক’লৈ যাবা। এয়া হ’ল জ্ঞান নদী। জ্ঞান সাগৰৰ ওচৰত জ্ঞান স্নান কৰাবলৈ তোমালোকক লৈ আহে। কিমান ভাল ভাল সন্তান পিতাৰ ওচৰলৈ আহি আকৌ ঘূৰি গৈ লেতেৰা কাম কৰে। কিছুমানতো পিতাৰ মতত চলে। সোধে বাবা বিনাশী ধন কেনেকৈ সফল কৰোঁ! তেতিয়া আকৌ তেওঁলোকক বুজোৱা হয় - ডুবিব ধৰা নাওৰ পৰা যিমানে উলিওৱা সিমানে ভাল। ভাৰতৰ সেৱাত লগাই সেয়া সফল কৰি দিয়া, কোনো সেৱাকেন্দ্ৰ খুলি দিয়া। এই চিত্ৰবোৰো কিমান তৈয়াৰ কৰি থকা হয়। বাবাৰ ওচৰত এনেকুৱা সন্তান আছে - যিসকলে কয় - যেতিয়া প্ৰয়োজন হয় বাবা মোক স্মৰণ কৰিব, মই সহায় কৰিবলৈ হাজিৰ আছোঁ। যজ্ঞৰ ভাল ভাল কামৰ বাবে প্ৰয়োজন হ’লে মোক স্মৰণ কৰিব। বাবাই কয় - মই কাকো স্মৰণ নকৰোঁ - যি কৰিব লাগে সেয়া কৰা। মইতো দাতা হওঁ। মইতো আহিছোঁৱেই ভাৰতক স্বৰ্গ কৰি তুলিবলৈ, তোমালোকো স্বৰ্গলৈ যাবা। যিমান কৰিবা সিমান পাবা। কিন্তু জন্ম-জন্মান্তৰৰ পাপৰ বোজা শিৰত আছে, সেয়া আঁতৰাব লাগে। নহ’লে তাৰ বাবে বহুত শাস্তি আছে। স্বৰ্গলৈতো যাবা কিন্তু শাস্তি থাকি গ’লে পদ পাব নোৱাৰিবা। এয়াতো গায়ন আছে – ঈশ্বৰে তেওঁৰ ভঁৰাল ভৰপূৰ কৰি ৰাখে। এওঁৰ কোনো চিন্তা নাই। বাবাই কয় ভঁৰাল নিজেই ভৰিব।

তোমালোক সন্তানসকল শ্ৰীমতত চলিব লাগে, ইয়াতেই কল্যাণ আছে। অকল্যাণ বুলি কেতিয়াও নাভাবিবা। ধৰি লোৱা দিল্লীলৈ যাওঁতে বাটতে ভৰি ভাঙিল, বুজিবা ইয়াতো কল্যাণ আছে। আত্মাতো ভাঙি যোৱা নাই নহয়। ভৰি ভাঙিছে, কোনো কথা নাই। মইতো তোমালোক আত্মাৰ লগত বাৰ্তালাপ কৰোঁ। পিতাই বুজায় - এয়া ৰাৱণ ৰাজ্য সেই কাৰণেতো জ্বলায়। আমি কি আছিলোঁ, বাবাই আমাক কিহৰ পৰা কি কৰি তুলিলে। জগতৰ অৱস্থা চোৱা কেনেকুৱা! এতিয়া পিতাই তোমালোকক স্বৰ্গৰ মালিক কৰি তোলে গতিকে তেওঁৰ মতত চলিব লাগে। কোনো পাপ কাম কৰিব নালাগে। গৃহস্থ ব্যৱহাৰত থাকি পৱিত্ৰ হোৱা। বচ্‌ এই সত্য-নাৰায়ণৰ কথা শুনি থাকা। এয়া কিমান দীঘল হয়। গোটেই সাগৰক চিয়াঁহী কৰি ল’লে তেতিয়াও শেষ হ’ব নোৱাৰে। গতিকে পিতাৰ মতত চলিব লাগে নহয় জানো। তোমালোকে জানা যে আমি ভগৱানৰ শ্ৰীমতত বাদশ্বাহী পাওঁ, মনুষ্যৰ পৰা দেৱতা হওঁ। মৃত্যু সমাগত। হঠাতে হাৰ্ট-ফেইল হৈ যায়, দুৰ্ঘটনাত মৰি যায়। পিতাই কয় - মৰাৰ আগতে খুব পুৰুষাৰ্থ কৰা। পিতাক স্মৰণ কৰি কৰি নিজৰ উপাৰ্জন কৰি লোৱা। বেহদৰ পিতাৰ হৈ যদি পুনৰ পাপ কৰা তেন্তে একৰ বিপৰীতে এশগুণ হৈ যাব। আকৌ লাজো পাবা যে মনুষ্যই কি ক’ব? শিৱবাবাই কয় - মই ধৰ্মৰজাৰ দ্বাৰা বহুত কাঢ়া শাস্তি দিয়াওঁ। আকৌ সেই সময়ত জানো এনেকৈ ক’ব যে এওঁ মোৰ সন্তান। ইয়াত বহুত নিয়ম আছে। বিচাৰকৰ সন্তানে পাপ কৰিলে, কিবা জানো কৰিব পাৰিব। শাস্তি ভোগ কৰিবই লাগিব। গতিকে পিতাই নিতৌ বুজায়, সন্তানসকল পাপ কৰ্ম একেবাৰে নকৰিবা। সকলোতকৈ ডাঙৰ পাপ হ’ল বিকাৰৰ পাপ। যদিওবা ধুমুহা বহুত আহিব, বাহিৰৰ বাতাৱৰণ বহুত লেতেৰা। কথাই নুসুধিবা। এয়া হয়েই বেশ্যালয়। ধৰি লোৱা কোনোবা ডাঙৰ ব্যক্তিক তোমালোকে বুজালা আৰু তেওঁ বিদ্যাৰ্থী হৈ গ’ল তেতিয়া ক’ব - এওঁৰ ব্ৰহ্মাকুমাৰীৰ যাদু লাগিছে। ডাঙৰ ডাঙৰ ব্যক্তি আহি লিখেও যে যথাযথ আপোনালোকে সত্য কথা কয়। গীতাৰ ভগৱান যথাৰ্থতে শিৱ হয়, কৃষ্ণ নহয়। আকৌ নিজৰ ঘৰলৈ গ’ল সকলো শেষ। বহুত পৰিশ্ৰম কৰিবলগীয়া হয়।

পিতাই বুজায় - মৰমৰ সন্তানসকল, পাহৰি নাযাবা। মায়া বৰ প্ৰৱল (শক্তিশালী)। বাবাৰ স্মৃতিত থকাতো পাৰাৰ দৰে, তৎক্ষণাৎ পাহৰি যায়। পিতাই কয় - গৃহস্থ ব্যৱহাৰতে থাকা, কেৱল পৱিত্ৰ হোৱা। পুৰুষাৰ্থতো কৰিব লাগে নহয় জানো। পিতাইতো প্ৰতিগৰাকী সন্তানক বহুত মৰমেৰে কয়, এতিয়া মোৰ সন্তান হৈ পুনৰ কোনো পাপ কাম নকৰিবা। পিতাকতো জানি গৈছা নহয় জানো। সৃষ্টি চক্ৰৰো ৰহস্য বুদ্ধিত আছে। বিদ্বান, পণ্ডিত, আচাৰ্য সকলেতো নিজকে শিৱোহম্‌ (ময়েই শিৱ) বুলি কৈ বহি পূজা কৰোৱায়। সন্ন্যাসী লোক প্ৰায়ে হৰিদ্বাৰত গৈ থাকে। গোটেই দিন কৈ থাকে “শিৱ কাশী বিশ্বনাথ গঙ্গা”। পিতাই বহি কিমান ভালদৰে বুজায়। গায়নো কৰে - অকালমূৰ্ত। অকাল আসন কোনো সিংহাসন নহয়। অকালমূৰ্ত পিতাৰ এইখন ৰথ আসন হয়। যেনেকৈ তোমালোকৰ এইখন ৰথ। বাবায়ো কয় - মই এইখন ৰথ লৈছোঁ। ভ্ৰূকুটিত, এফালে শিষ্য আনফালে গুৰু বহি আছে। নিশ্চয় এওঁৰ কাষতে আহি বহিম নহয় জানো। ময়ো বিন্দু। ইমান ডাঙৰ নহওঁ।

মৰমৰ সন্তানসকল, এয়া তোমালোকৰ সঁচা চৈতন্য স্মৃতিৰ যাত্ৰা। বাপদাদা দুয়ো একত্ৰিত হৈ আছে। বাপ-দাদাৰ অৰ্থ কোনেও বুজিব নোৱাৰে। তাঁৰবার্তাত চহী কৰে, বাপদাদা। কোনেও বুজিব নোৱাৰে। হেৰ’ শিৱবাবা তোমালোকৰ বাবা হয়। প্ৰজাপিতা ব্ৰহ্মা দাদা হয়, নহয় জানো। তেন্তে বাপদাদা নহ’ল জানো। এতিয়া পিতাই কয় - মই আহিছোঁ এওঁৰ দ্বাৰা তোমালোকক উত্তৰাধিকাৰ দিবলৈ। শিৱবাবা তোমালোকৰো হয়। প্ৰজাপিতা ব্ৰহ্মাও সকলোৰে পিতা হৈ গ’ল। উত্তৰাধিকাৰ শিৱবাবাৰ পৰা পোৱা যায়। তেন্তে চহী এনেকৈয়ে কৰিব নহয় জানো। বাপদাদা বুলি কোৱা হয়। শিৱবাবাই কয় - মামেকম্‌ (কেৱল মোক; পৰমপিতাক) স্মৰণ কৰা তথাপিও বুদ্ধিত ধাৰণ নহয়। প্ৰদৰ্শনীত হাজাৰ হাজাৰ আহে। তাৰ মাজত 8-10 গৰাকী বুজিবলৈ আহে। লাহে লাহে তেওঁলোকৰ মাজৰ পৰাও এজন-দুজন থাকেগৈ। কোটিৰ মাজত কোনোবা বুলি গায়ন কৰা হৈছে। তেন্তে কিমান প্ৰদৰ্শনী অনুষ্ঠিত কৰিবলগীয়া হয়, যাতে কোটিৰ মাজত কোনোবা ওলায়। কোনোবাইতো 4-5 বছৰ আহিও নোহোৱা হৈ যায়। পিতাক এৰি আঁতৰি গুচি যায়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

াৰণাৰবাবেমুখ্যসাৰ:-
(1) শিৱবাবাৰ প্ৰতি পূৰা উৎসৰ্গিত হৈ যাব লাগে অৰ্থাৎ জীৱন্তে মৰি যাব লাগে। শ্ৰীমতত চলিব লাগে।

(2) শিৱবাবাৰ সন্তান হৈছা গতিকে কোনো পাপ কৰ্ম কৰিব নালাগে। পৱিত্ৰ হৈ নিজৰ কল্যাণ কৰিব লাগে।

বৰদান:
জ্ঞানৰ গূঢ় কথাবোৰ শুনি সেয়া স্বৰূপত ধাৰণ কৰোঁতা জ্ঞান স্বৰূপ আত্মা হোৱা

জ্ঞান স্বৰূপ আত্মাসকলে প্ৰতিটো কথাৰ স্বৰূপৰ অনুভৱ কৰে। যেনেকৈ জ্ঞান শুনিবলৈ ভাল লাগে, গূঢ় বুলিও অনুভৱ কৰা, কিন্তু শুনাৰ লগতে সমাহিত কৰা অৰ্থাৎ স্বৰূপ হোৱা—ইয়াৰো অভ্যাস থাকিব লাগে। ‘মই আত্মা নিৰাকাৰ’—এই কথা বাৰে বাৰে শুনা, কিন্তু নিৰাকাৰী স্থিতিৰ অনুভৱী হৈ শুনা। যেনে কথা, তেনে অনুভৱ। ইয়াৰ দ্বাৰা শুদ্ধ সংকল্পৰ সম্পদ জমা হৈ গৈ থাকিব আৰু বুদ্ধি ইয়াতে ব্যস্ত হৈ থাকিলে ব্যৰ্থ সংকল্পৰ পৰা সহজে কাষৰীয়া হৈ যাবা।

স্লোগান:
জ্ঞান তথা অনুভৱৰ ডবল কৰ্তৃত্বশীলসকলেই মতলীয়া ফকীৰ, ‘ৰমতা’ যোগী (চলি-ফুৰি থকা যোগী; জ্ঞানৰ নিচাত মগ্ন হৈ থকা আত্মা)।


অব্যক্ত ইংগিত: পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰা:

কোনো কথাক লৈ অতি আবেগ প্ৰৱণ হোৱাটো পৰাজয়ৰ চিন। কোনোবা যিমানেই অপকাৰী নহওঁক, তথাপি তোমালোকৰ দৃষ্টি আৰু বৃত্তি উপকাৰী হওক। যিমান অধিকাৰী, সিমানেই নিৰহংকাৰী। জ্ঞানৰ পথত আগবাঢ়ি যোৱাৰ পাছত যি স্ব-অভিমান আহি যায়, সেয়াও ত্যাগ কৰা। যেতিয়া ইমান ত্যাগৰ বৃত্তি আৰু দৃষ্টি হ’ব, তেতিয়া স্মৃতিত বাপদাদা থাকিব আৰু মুখেৰেও তেনে কথাই উচ্চাৰিত হ’ব।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]