29.11.25 Morning Assame Murli Om Shanti BapDada Madhuban
মৰমৰ সন্তানসকল –
“তোমালোক হৈছা সঁচা ৰাজঋষি, তোমালোকৰ কৰ্তব্য হৈছে তপস্যা কৰা, তপস্যাৰ দ্বাৰাহে
পূজন যোগ্য হ'বা”
প্ৰশ্ন:
কোনটো
পুৰুষাৰ্থই সদাকালৰ বাবে পূজন যোগ্য কৰি তোলে?
উত্তৰ:
আত্মাৰ জ্যোতি জগোৱা বা তমোপ্ৰধান আত্মাক সতোপ্ৰধান কৰি তোলাৰ পুৰুষাৰ্থ কৰা তেতিয়া
সদাকালৰ বাবে পূজন যোগ্য হৈ যাবা। যিয়ে এতিয়া গাফিলতি কৰে তেওঁলোকে বহুত কান্দে। যদি
পুৰুষাৰ্থ কৰি উত্তীৰ্ণ নহয়, ধৰ্মৰজাৰ শাস্তি খায় তেন্তে শাস্তি খোৱাজনক পূজা কৰা
নহয়। শাস্তি খোৱাজনে ওপৰলৈ মূৰ দাঙি চাব নোৱাৰে।
ওঁম্শান্তি।
আত্মিক
সন্তানসকলৰ প্ৰতি আত্মিক পিতাই বুজাই আছে। প্ৰথমেতো সন্তানসকলক বুজায় যে নিজক আত্মা
বুলি নিশ্চয় কৰা। প্ৰথমে আত্মা, পাছত শৰীৰ। য'ত ত’তে প্ৰদৰ্শনী অথবা সংগ্ৰাহালয়ত,
শ্ৰেণীত প্ৰথমে এনেকৈ সাৱধান কৰি দিব লাগে যে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা।
সন্তানসকল যেতিয়া বহে, সকলো দেহী-অভিমানী হৈ নবহে। ইয়াত বহিও খেয়াল অন্য ক’ৰবাত যায়।
সৎসঙ্গত যেতিয়ালৈকে কোনো সাধু আদি নাহে তেতিয়ালৈকে বহি কি কৰে। কিবা নহয় কিবা
খেয়ালত বহি থাকে। আকৌ সাধু আহিলে তেতিয়া কথা (কাহিনী) আদি শুনিবলৈ ধৰে। পিতাই
বুজাইছে - এই সকলোবোৰ ভক্তিমাগত শুনা-শুনোৱা হয়। পিতাই বুজায় এই সকলোবোৰ হৈছে
কৃত্ৰিম। ইয়াত একোৱেই নাই। দীপাৱলীও কৃত্ৰিমতাৰে পালন কৰে। পিতাই বুজাইছে - জ্ঞানৰ
তৃতীয় নেত্ৰ মুকলি হ’ব লাগে তেতিয়া ঘৰে ঘৰে পোহৰ হ'ব। এতিয়াতো ঘৰে ঘৰে অন্ধকাৰহে আছে।
এই সকলোবোৰ বাহিৰৰ প্ৰকাশ। তোমালোকে নিজৰ জ্যোতি জগাবলৈ একেবাৰে শান্ত অৱস্থাত বহা।
সন্তানসকলে জানে স্বধৰ্মত থাকিলে পাপ খণ্ডন হয়। জন্ম-জন্মান্তৰৰ পাপ এই স্মৃতিৰ
যাত্ৰাৰেহে খণ্ডন হয়। আত্মাৰ জ্যোতি নুমাই গৈছে নহয়। শক্তিৰ প্ৰেট্ৰ’ল একেবাৰে শেষ
হৈ গৈছে। সেয়া আকৌ ভৰপূৰ হৈ যাব কিয়নো আত্মা পৱিত্ৰ হৈ যায়। কিমান ৰাতি-দিনৰ
পাৰ্থক্য আছে। এতিয়া লক্ষ্মীৰ কিমান পূজা হয়। কিছুমান সন্তানে লিখে লক্ষ্মী শ্ৰেষ্ঠ
নে সৰস্বতী মা শ্ৰেষ্ঠ। লক্ষ্মীতো এগৰাকীয়ে হয় - শ্ৰীনাৰায়ণৰ। আকৌ মহালক্ষ্মীক যদি
পূজা কৰে তেতিয়া তেওঁৰ চাৰিখন ভুজা দেখুৱায়। তাত দুয়ো আহি যায়। বাস্তৱত তাকেই
লক্ষ্মী-নাৰায়ণৰ পূজা বুলি কোৱা হয়। চতুৰ্ভুজ হয় নহয় – দুয়ো একত্ৰিত হৈ আছে। কিন্তু
মনুষ্যৰ অলপো বোধশক্তি নাই। বেহদৰ পিতাই কয় যে সকলো অবোধ হৈ গৈছে। লৌকিক পিতাই
কেতিয়াবা গোটেই জগতৰ সন্তাসকলক ক'ব জানো যে তোমালোক অবোধ। এতিয়া তোমালোক সন্তানসকলে
জানা - বিশ্বৰ পিতা কোন? নিজেই কয় - মই সকলো আত্মাৰ পিতা। তোমালোক সকলো মোৰ সন্তান।
সেই সাধুসকলেতো কৈ দিব সকলো ভগৱানেই ভগৱান। তোমালোকে জানা যে বেহদৰ পিতাই আমাক
আত্মাসকলক বেহদৰ জ্ঞান বুজাই আছে। মনুষ্যৰতো দেহ-অভিমান থাকে - মই অমুক…। শৰীৰৰ নাম
অনুসৰিয়ে চলি আহিছে। এতিয়া শিৱবাবাতো হ'ল নিৰাকাৰ, পৰম আত্মা। সেই আত্মাটিৰ নাম হ'ল
শিৱ। আত্মা অনুসৰি নাম একমাত্ৰ শিৱবাবাৰেই হয়। বচ্ তেওঁ হৈছে পৰম আত্মা, পৰমাত্মা,
তেওঁৰ নাম হ’ল শিৱ। বাকী যি অনেক আত্মা আছে সেই সকলোবোৰৰ শৰীৰ অনুসৰি নাম হয়।
শিৱবাবা ইয়াত নাথাকে, তেওঁতো পৰমধামৰ পৰা আহে। শিৱৰ অৱতৰণো হয়। এতিয়া পিতাই
তোমালোকক বুজাইছে - সকলো আত্মা ইয়াত ভূমিকা পালন কৰিবলৈ আহে। পিতাৰো ভূমিকা আছে।
পিতাইতো ইয়াত বহুত ডাঙৰ কাম কৰে। অৱতাৰ বুলি মান্যতা দিয়ে যেতিয়া তেওঁৰ অৱতৰণৰ দিনটি
বন্ধৰ দিন আৰু ডাকটিকট আদি থকা উচিত। সকলো দেশতে বন্ধৰ দিন হ'ব লাগে কিয়নো পিতাতো
সকলোৰে সৎগতি দাতা হয় নহয়। তেওঁৰ জন্মদিন আৰু আতঁৰি যোৱাৰ দিন, তাৰিখ আদিও গম পাব
নোৱাৰি কিয়নো এওঁতো উৰ্দ্ধত সেইবাবে মাথোন শিৱৰাত্ৰি বুলি কৈ দিয়ে। এইটোও তোমালোক
সন্তানসকলে জানা - আধাকল্প হৈছে বেহদৰ দিন, আধাকল্প হৈছে বেহদৰ ৰাতি। ৰাতি পূৰা হৈ
পুনৰ দিন হয়। তাৰ মাজতে পিতা আহে। এয়াতো সঠিক সময়। মনুষ্য জন্ম হ’লে পৌৰনিগমত
পঞ্জীয়ন কৰে নহয়, আকৌ 6 দিনৰ পাছত শিশুটিৰ নাম ৰাখে, তাকেই নামকৰণ বুলি কোৱা হয়।
কোনোৱে ষষ্ঠী (ষষ্ঠ দিনত পালন কৰা উৎসৱ) বুলি কয়। ভাষাতো বহুত আছে নহয়। লক্ষ্মীৰ
পূজা কৰে - আতচবাজী জ্বলায়। তোমালোকে সুধিব পাৰা যি লক্ষ্মীৰ আপোনালোকে উৎসৱ পালন
কৰে, এওঁ কেতিয়া সিংহাসনত অধিষ্ঠিত হৈছিল? সিংহাসনত অধিষ্ঠিত হোৱাৰে ৰাজ অভিষেক
পালন কৰে, তেওঁৰ জন্ম দিন পালন নকৰে। লক্ষ্মীৰ চিত্ৰ থালত ৰাখি তেওঁৰ পৰা ধন বিচাৰে।
বচ্ আন একো নিবিচাৰে। মন্দিৰত গৈ যদিও কিবা বিচাৰে, কিন্তু দীপাৱলীৰ দিনাতো তেওঁৰ
পৰা মাথোন পইচা বিচাৰে। পইচা দিয়ে জানো। এয়া যেনেকুৱা ভাৱনা…….. যদি কোনোবাই সঁচা
ভাৱনাৰে পূজা কৰে তেন্তে অল্পকালৰ বাবে ধন পাব পাৰে। এয়া হয়েই অল্পকালৰ সুখ।
ক’ৰবাততো স্থায়ী সুখো হ'ব নহয়। স্বৰ্গৰ বিষয়েতো তেওঁলোকে গমেই নাপায়। ইয়াৰ একোৰে
স্বৰ্গৰ সৈতে তুলনা হ’ব নোৱাৰে।
তোমালোকে জানা যে
আধাকল্প হৈছে জ্ঞান, আধাকল্প ভক্তি। তাৰ পাছত হয় বৈৰাগ্য। বুজোৱা হয় -এইখন পুৰণি
ছিঃ ছিঃ জগত সেইকাৰণে আকৌ নতুন সৃষ্টি নিশ্চয় লাগে। নতুন সৃষ্টিক বৈকুণ্ঠ বুলি কোৱা
হয়, তাক ‘হেভেন’, ‘পেৰাডাইজ’ বুলি কোৱা হয়। এই নাটকত ভাৱৰীয়াসকলো অবিনাশী। তোমালোক
সন্তানসকলে গম পাইছা যে আমি আত্মাসকলে কেনেকৈ ভূমিকা পালন কৰোঁ। বাবাই বুজাইছে –
যিকোনো লোককে প্ৰদৰ্শনী আদি দেখুৱাবলগীয়া হ’লে পোন প্ৰথমে এই লক্ষ্য-উদ্দেশ্যৰ বিষয়ে
বুজাব লাগে। চেকেণ্ডত জীৱনমুক্তি কেনেকৈ পোৱা যায় – জন্ম-মৃত্যুততো নিশ্চয় আহিবই
লাগে। তোমালোকে ছিৰিৰ চিত্ৰৰ ওপৰত বহুত ভালদৰে বুজাব পাৰা। ৰাৱণৰাজ্যতেই ভক্তি
আৰম্ভ হয়। সত্যযুগত ভক্তিৰ নাম-চিহ্নই নাথাকে। জ্ঞান আৰু ভক্তি দুয়োটা বেলেগ বেলেগ।
এতিয়া তোমালোকৰ এই পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য জন্মিছে। তোমালোকে জানা এই পুৰণি
সৃষ্টি এতিয়া নাশ হ’ব। পিতা সদায় সন্তানসকলৰ সুখদায়ীয়ে হয়। সন্তানৰ কাৰণেই পিতাই
কিমান মগজ খটুৱায়। সন্তানৰ কাৰণেই গুৰুসকলৰ ওচৰলৈ যায়, সাধুসকলৰ ওচৰলৈ যায় - যি কোনো
উপায়ে সন্তান হওঁক কিয়নো এনেকৈ ভাবে যে সন্তান জন্ম হ’লে তেতিয়া সন্তানক
উত্তৰাধিকাৰ দি যাব। সন্তান হ’লে তেতিয়া সন্তানক আমি উত্তৰাধিকাৰী কৰিম। তেনেস্থলত
পিতাকে কেতিয়াবা সন্তানক দুখ দিব জানো। এইটো অসম্ভৱ। তোমালোকে মাতা-পিতা বুলি কৈ
কিমান চিয়ঁৰি থাকা। গতিকে সন্তানসকলৰ আত্মিক পিতাই সকলোকে সুখৰহে ৰাস্তা দেখুৱায়।
সুখ দিওঁতা এজনেই পিতা। দুখ হৰ্তা, সুখ কৰ্তা একমাত্ৰ আত্মিক পিতাই হয়। এই বিনাশো
সুখৰ বাবেই। নহ’লেনো মুক্তি-জীৱনমুক্তি কেনেকৈ পাব? কিন্তু এয়াও কোনোবাই বুজিব জানো।
ইয়াততো এইসকল হৈছে গৰিব, অৱলা, যিয়ে নিজক আত্মা বুলি নিশ্চয় কৰিব পাৰে। বাকী ডাঙৰ
লোকসকলৰ দেহৰ অভিমান ইমান কাঢ়া হৈ গ’ল যে কথাই নুসুধিবা। বাবাই বাৰে বাৰে বুজায় -
তোমালোক ৰাজঋষি। ঋষিয়ে সদায় তপস্যা কৰে। তেওঁলোকেতো ব্ৰহ্মক, তত্বক স্মৰণ কৰে বা
কোনোৱে কালী আদিকো স্মৰণ কৰে। বহুত সন্ন্যাসীও আছে যিয়ে কালীৰ পূজা কৰে। ‘মা কালী’
বুলি কৈ আহ্বান জনায়। পিতাই কয় - এই সময়ত সকলো বিকাৰী। কাম চিতাত বহি সকলো ক’লা (পতিত)
হৈ গ’ল। মাতা, পিতা, সন্তান সকলো ক’লা। এয়া হৈছে বেহদৰ কথা। সত্যযুগত ক’লা নহয়, সকলো
বগা (পাৱন)। আকৌ কেতিয়া শ্যাম বৰণীয়া হয়। এয়া তোমালোক সন্তানসকলক পিতাই বুজাইছে।
অলপ অলপ পতিত হৈ হৈ অন্তত একেবাৰে ক’লা হৈ যায়। পিতাই কয় – ৰাৱণে কাম চিতাত বহুৱাই
একেবাৰে ক’লা কৰি দিলে। এতিয়া পুনৰ তোমালোকক জ্ঞান চিতাত বহুৱাওঁ। আত্মাহে পৱিত্ৰ
হ’বলগীয়া হয়। এতিয়া পতিত-পাৱন পিতা আহি পাৱন হোৱাৰ যুক্তি শুনায়। পানীয়ে কি যুক্তি
শুনাব। কিন্তু তোমালোকে কাৰোবাক বুজালেও কোটিৰ মাজত কোনোবাইহে বুজি উচ্চ পদ পায়।
এতিয়া তোমালোক পিতাৰ পৰা নিজৰ উত্তৰাধিকাৰ ল’বলৈ আহিছা - 21 জন্মৰ কাৰণে। তোমালোকে
আগলৈ গৈ বহুত সাক্ষাৎকাৰ কৰিবা। তোমালোকে নিজৰ পঢ়াৰ বিষয়ে সকলো গম পাবা। যিয়ে এতিয়া
গাফিলতি কৰে পাছত বহুত কান্দিব। শাস্তিওতো বহুত হয় নহয়। তেতিয়া পদো ভ্ৰষ্ট হৈ যায়।
ওপৰলৈ মূৰ দাঙি চাব নোৱাৰিব সেই কাৰণে পিতাই কয় - মৰমৰ সন্তানসকল, পুৰুষাৰ্থ কৰি
উত্তীৰ্ণ হৈ যোৱা, যাতে অলপো শাস্তি খাবলগীয়া নহয় তেতিয়া পূজন যোগ্যও হ’বা। শাস্তি
খালে জানো পূজা কৰিব। তোমালোক সন্তানসকলে পুৰুষাৰ্থ বহুত কৰিব লাগে। নিজ আত্মাৰ
জ্যোতি জগাব লাগে। এতিয়া আত্মা তমোপ্ৰধান হৈ গৈছে, সেই আত্মাকেই সতোপ্ৰধান কৰিব লাগে।
আত্মা হয়েই বিন্দু। এটি তৰা। তাৰ আৰু অন্য কোনো নাম ৰাখিব নোৱাৰে। সন্তানসকলক
বুজাইছে যে কাৰোবাৰ আত্মাৰ সাক্ষাৎকাৰ হৈছে। স্বামী বিবেকানন্দ আৰু ৰামকৃষ্ণ
পৰমহংসৰ কথা কয়। তেওঁ দেখিলে ৰামকৃষ্ণ পৰমহংসৰ পৰা কিবা প্ৰকাশ ওলাল তেনেকৈতো
আত্মাই ওলায়। তেওঁ বুজিলে সেই প্ৰকাশ তেওঁৰ মাজত সমাহিত হৈ গ’ল। এতিয়া আত্মা জানো
আহি সমাহিত হৈ যাব পাৰে। আত্মাতো গৈ অন্য শৰীৰ লয়। অন্তিম সময়ত তোমালোকে বহুত দেখিবা।
নাম আৰু ৰূপৰ পৰা উৰ্দ্ধত কোনো বস্তু নাথাকে। আকাশ শূন্য, তাৰো নাম আছে। এতিয়া এয়াতো
সন্তানসকলে বুজে, কল্পই কল্পই যি স্থাপনা হৈ আহিছে সেয়া হ’বই। আমি ব্ৰাহ্মণসকলে
ক্ৰমানুসৰি পুৰুষাৰ্থ কৰি থাকোঁ। পাৰ হৈ যোৱা প্ৰতিটো চেকেণ্ডক ড্ৰামা বুলিয়ে কোৱা
হয়। গোটেই সৃষ্টিৰ চক্ৰ ঘূৰি থাকে । এয়া 5 হাজাৰ বছৰৰ চক্ৰ, ওকনিৰ দৰে (ধীৰ গতিৰে)
চলি থাকে। টিক্ টিক্ হৈ থাকে, এতিয়া তোমালোক মৰমৰ সন্তানসকলে কেৱল পিতাক স্মৰণ
কৰিব লাগে। চলোঁতে-ফুৰোঁতে, কাম কৰোঁতে পিতাক স্মৰণ কৰাতেই কল্যাণ আছে। নহ’লে মায়াই
চৰ লগাই দিব। তোমালোক হৈছা ব্ৰাহ্মণ, ভোমোৰাৰ দৰে পোকবোৰক নিজৰ সমান ব্ৰাহ্মণ কৰি
তুলিব লাগে। সেই ভোমোৰাৰতো এটা দৃষ্টান্ত আছে। তোমালোক হৈছা সঁচা ব্ৰাহ্মণ।
ব্ৰাহ্মণসকলেই আকৌ দেৱতা হ’ব লাগে সেইকাৰণে তোমালোকৰ এয়া হৈছে পুৰুষোত্তম হোৱাৰ বাবে
সংগমযুগ। ইয়ালৈ তোমালোক আহাই পুৰুষোত্তম হ’বলৈ। প্ৰথমে ব্ৰাহ্মণ নিশ্চয় হ’ব লাগে।
ব্ৰাহ্মণৰ টিকনি আছে নহয়। তোমালোকে ব্ৰাহ্মণসকলক বুজাব পাৰা। কোৱা, আপোনালোক
ব্ৰাহ্মণসকলৰতো কুল আছে, ব্ৰাহ্মণসকলৰ ৰাজধানী নাই। আপোনালোকৰ এই কুল কোনে প্ৰতিষ্ঠা
কৰিলে? আপোনালোকৰ জ্যেষ্ঠ কোন? পাছত যেতিয়া তোমালোকে বুজাবা তেতিয়া বহুত আনন্দিত
হ’ব। ব্ৰাহ্মণসকলক মান দিয়ে কিয়নো তেওঁলোকে শাস্ত্ৰ আদি শুনায়। আগতে ৰাখী
বান্ধিবলৈও ব্ৰাহ্মণ গৈছিল। আজিকালিতো কন্যাসকল যায়। তোমালোকেতো ৰাখী তেওঁলোকক
বান্ধিব লাগে যিয়ে পৱিত্ৰতাৰ প্ৰতিজ্ঞা কৰে। প্ৰতিজ্ঞা নিশ্চয় কৰিব লাগে। ভাৰতক
পুনৰাই পাৱন কৰি তুলিবলৈ আমি এইটো প্ৰতিজ্ঞা কৰোঁ। তোমালোক পাৱন হোৱা, আনকো পাৱন কৰি
তোলা। অন্য কাৰো শক্তি নাই যিয়ে এনেকৈ ক’ব পাৰে। তোমালোকে জানা যে এই অন্তিম জন্ম
পৱিত্ৰ হ’লে আমি পাৱন সৃষ্টিৰ মালিক হওঁ। তোমালোকৰ বেপাৰেই এইটো। এনেকুৱা মনুষ্য
কোনো নাথাকেই। তোমালোকে গৈ এই প্ৰতিজ্ঞা কৰাব লাগে। পিতাই কয় - কাম মহাশত্ৰু, ইয়াৰ
ওপৰত বিজয়ী হ’ব লাগে। ইয়াৰ ওপৰত জয়ী হ’লে তোমালোক জগতজিৎ হ’বা। এই লক্ষ্মী-নাৰায়ণে
নিশ্চয় পূৰ্বৰ জন্মত পুৰুষাৰ্থ কৰিছে সেইবাবেতো এনেকুৱা হৈছে। এতিয়া তোমালোকে ক’ব
পাৰা - কোনটো কৰ্মৰে এওঁলোকে এই পদ পালে, ইয়াত বিবুদ্ধিত হোৱাৰতো কোনো কথা নাই।
তোমালোকৰ এই দীপাৱলী আদি একো আনন্দ নাই। তোমালোকতো আনন্দিত হোৱা – আমি পিতাৰ হৈছোঁ,
তেওঁৰ পৰা উত্তৰাধিকাৰ পাওঁ। ভক্তিমাৰ্গত মনুষ্যই কিমান খৰচ কৰে। কিমান লোকচানো হৈ
যায়। জুই লাগি যায়। কিন্তু বুজি নাপায়।
তোমালোকে জানা যে
এতিয়া আমি পুনৰাই নিজৰ নতুন ঘৰলৈ যাওঁ। চক্ৰ পুনৰ হুবহু পুনৰাবৃত্তি হ’ব নহয়। এয়া
বেহদৰ ফ্লিম। বেহদৰ ফটো ফ্লিম। বেহদৰ পিতাৰ হৈছা গতিকে অপাৰ আনন্দিত হ’ব লাগে। আমি
পিতাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ নিশ্চয় ল’ম। পিতাই কয় - পুৰুষাৰ্থৰে যি বিচৰা সেয়া
লৈ লোৱা। পুৰুষাৰ্থ তোমালোকে নিশ্চয় কৰিব লাগে। পুৰুষাৰ্থৰেহে তোমালোক উচ্চ হ’ব পাৰা।
এই বাবা (বৃদ্ধ) ইমান উচ্চ হ’ব পাৰে তেন্তে তোমালোক কিয় হ’ব নোৱাৰা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যেনেকৈ
পিতা সদায় সন্তানসকলৰ প্ৰতি সুখদায়ী তেনেকৈ সুখদায়ী হ’ব লাগে। সকলোকে
মুক্তি-জীৱনমুক্তিৰ ৰাস্তা দেখুৱাব লাগে।
(2) দেহী-অভিমানী
হ’বলৈ তপস্যা কৰিব লাগে। এই পুৰণা ছিঃ ছিঃ সৃষ্টিৰ প্ৰতি বেহদৰ বৈৰাগী হ’ব লাগে।
বৰদান:
প্ৰত্যকৰে
বিশেষত্ব স্মৃতিত ৰাখি বিশ্বাসী হৈ একমত সংগঠন গঢ়োঁতা সকলোৰে শুভচিন্তক হোৱা
ড্ৰামা অনুসৰি
প্ৰত্যকৰে কিবা নহয় কিবা বিশেষত্ব অৱশ্যে প্ৰাপ্ত হৈছে, সেই বিশেষত্ব কাৰ্যত
ব্যৱহাৰ কৰা তথা আনৰ বিশেষত্বক চোৱা। ইজনে সিজনৰ বিশ্বাসভাজন হৈ থাকা তেতিয়া
তেওঁলোকৰ কথাৰ ভাৱ সলনি হৈ যাব। যেতিয়া প্ৰত্যেকৰে বিশেষত্বক চাবা তেতিয়া অনেক হোৱা
সত্ত্বেও এক দৃষ্টিগোচৰ হ’ব। একমত সংগঠন হৈ যাব। কোনোবাই কাৰোবাৰ গ্লানিৰ কথা শুনালে
তেতিয়া তেওঁক সমৰ্থন কৰাৰ সলনি শুনাওঁতাজনৰ ৰূপ পৰিৱৰ্তন কৰি দিয়া, তেতিয়া
শুভচিন্তক বুলি কোৱা হ’ব।
স্লোগান:
শ্ৰেষ্ঠ সংকল্পৰ সম্পদেই শ্ৰেষ্ঠ প্ৰালব্ধ তথা ব্ৰাহ্মণ জীৱনৰ আধাৰ।
অব্যক্ত সংকেত: অশৰীৰী
তথা বিদেহী স্থিতিৰ অভ্যাস বঢ়োৱা
যদি চেকেণ্ডত বিদেহী
হোৱাৰ অভ্যাস নাথাকে তেন্তে অন্তিম মুহূৰ্তও যুদ্ধতেই যাব আৰু যিটো কথাত দুৰ্বল হ’বা,
স্বভাৱতে হওঁক, সম্বন্ধত অহাৰ ক্ষেত্ৰতে হওঁক, সংকল্প শক্তি, বৃত্তি বা বায়ুমণ্ডলৰ
প্ৰভাৱতে হওঁক, যিটো কথাত দুৰ্বল হ’বা, সেইটো ৰূপতে জানিবুজিও মায়াই অন্তিম পৰীক্ষা
ল’ব সেই কাৰণে বিদেহী হোৱাৰ অভ্যাস অতিকৈ জৰুৰী।