30.03.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
শিৱবাবাই ৰচনা কৰা এই ৰুদ্ৰ যজ্ঞৰ তোমালোকে বহুত তত্ত্বাৱধান ল’ব লাগে, এয়া হৈছে
বেহদৰ যজ্ঞ স্বৰাজ্য পাবৰ কাৰণে”
প্ৰশ্ন:
এই ৰুদ্ৰ
যজ্ঞৰ প্ৰতি সন্মান কোনসকল সন্তানৰ থাকে?
উত্তৰ:
যিসকলে ইয়াৰ বিশেষত্বক জানে। তোমালোকে গম পোৱা যে এই ৰুদ্ৰ যজ্ঞৰ দ্বাৰা আমি কড়িৰ
পৰা হীৰাতুল্য হৈ যাওঁ, ইয়াত গোটেই পুৰণি সৃষ্টি স্বাহা হয়, এই পুৰণি শৰীৰটোও স্বাহা
কৰিব লাগে। এনেকুৱা কোনো নীতিবহিৰ্ভূত কৰ্ম কৰিব নালাগে, যাৰ দ্বাৰা যজ্ঞত বিঘিনি
আহে। যেতিয়া এনেকুৱা ধ্যান থাকিব তেতিয়াহে সন্মান ৰাখিব পাৰিব।
গীত:
মাতা অ’ মাতা......
ওঁম্শান্তি।
সন্তানসকলে
গীতটি শুনিলে। যিয়ে ৰচিছে তেওঁ বেচেৰাইতো মাতাক নাজানেই। নাম শুনিছে জগত অম্বা।
কিন্তু তেওঁ কোন আছিল, কি কৰি গ'ল, এইবোৰ তোমালোক সন্তানসকলৰ বাহিৰে কোনেও নাজানে।
জগত অম্বা যদি আছে তেন্তে নিশ্চয় পিতাও আছে। কন্যাসকলো আছে আৰু সন্তানসকলো আছে।
যিসকল জগত অম্বাৰ ওচৰলৈ যায়, তেওঁলোকৰ বুদ্ধিত এইটো বোধ নাই, কেৱল মূৰ্তিৰ পূজাৰী।
দেৱীৰ আগত গৈ ভিক্ষা মাগে। এতিয়া এয়া হৈছে “ৰাজস্ব অশ্বমেধ অবিনাশী ৰুদ্ৰ জ্ঞান
যজ্ঞ”। ইয়াৰ ৰচয়িতা হৈছে মাতা-পিতা, ততত্বম (তোমালোকৰ ক্ষেত্ৰতো তেনেকুৱাই)।
তোমালোক সন্তানসকলে এই যজ্ঞৰ বহুত তত্ত্বাৱধান ল’ব লাগে। যজ্ঞৰ প্ৰতি বহুত সন্মান
থাকিব লাগে। যজ্ঞৰ সম্পূৰ্ণ তত্ত্বাৱধান লোৱা হয়। এয়া হৈছে মুখ্য কাৰ্যালয়, আৰু শাখা
আছে। মম্মা-বাবা আৰু তোমালোক সন্তানসকলে নিজৰ ভৱিষ্যত হীৰাতুল্য কৰি গঢ়ি আছা - এই
যজ্ঞৰ দ্বাৰা। তেন্তে এনেকুৱা যজ্ঞৰ কিমান তত্ত্বাৱধান ল’ব লাগে আৰু সন্মান ৰাখিব
লাগে। কিমান স্নেহ থাকিব লাগে। এয়া আমাৰ মম্মা, জগত অম্বাৰ যজ্ঞ। মম্মা-বাবাৰ যজ্ঞ
সেয়েহে আমাৰ যজ্ঞ। যজ্ঞৰ বৃদ্ধি কৰিবলগীয়া হয় যে যজ্ঞলৈ আহি বহুত সন্তানে নিজৰ
পিতাকৰ পৰা উত্তৰাধিকাৰ লওঁক। যদিওবা নিজে ল'ব নোৱাৰে, নিজৰ আজৰি নাই তেন্তে ঠিক আছে
অন্যক নিমন্ত্ৰণ দিব লাগে। ইয়াৰ নামেই হৈছে ৰাজস্ব অশ্বমেধ জ্ঞান যজ্ঞ, যাৰ দ্বাৰা
স্বৰাজ্য পোৱা যায়। এই যজ্ঞত পুৰণি শৰীৰটোও স্বাহা কৰিবলগীয়া হয়। পিতাৰ হৈ যাব লাগে।
যজ্ঞ কোনো ঘৰ নহয়, এয়া হৈছে বেহদৰ কথা। যি যজ্ঞত গোটেই বিশ্ব স্বাহা হ'ব। আগলৈ গৈ
তোমালোকে দেখিবা এই যজ্ঞৰ কিমান সন্মান ৰাখে। ইয়াত বহুতে সন্মান নাৰাখে। যজ্ঞৰ
ইমানবোৰ সন্তান আছে। সন্তান জন্ম হৈ থাকে গতিকে এই যজ্ঞৰ কিমান সন্মান ৰাখিব লাগে।
কিন্তু বহুত আছে যিয়ে আদৰেই নকৰে। এয়া ইমান ডাঙৰ যজ্ঞ যাৰ দ্বাৰা মনুষ্য কড়িৰ পৰা
হীৰাতুল্য, ভ্ৰষ্টাচাৰীৰ পৰা শ্ৰেষ্ঠাচাৰী হৈ যায় সেয়েহে বাবাই কয় - যদিও যজ্ঞ ৰচনা
কৰা, এজনো যদি শ্ৰেষ্ঠাচাৰী হৈ উঠে তেন্তে পৰম সৌভাগ্য। ইমান লাখ লাখ মন্দিৰ আদি আছে,
তাত কোনো শ্ৰেষ্ঠাচাৰী হৈ নুঠে। ইয়াততো কেৱল 3 খোজ ভূমি লাগে। কোনোবা আহিলে একেবাৰে
জীৱন শুধৰণি হৈ যায়। যজ্ঞৰ প্ৰতি কিমান সন্মান থাকিব লাগে। বাবালৈ বহুতে লিখে বাবা
আমি নিজৰ ঘৰত (সেৱাকেন্দ্ৰ) খোলোঁনে। বাৰু সন্তানসকল, লাগিলে যজ্ঞ ভূমি তৈয়াৰ কৰা।
কাৰোবাৰ নহয় কাৰোবাৰ কল্যাণ হ'ব। এই যজ্ঞৰ বহুত উচ্চ মহিমা আছে। যজ্ঞৰ ভূমি য'ত
কন্যাসকলে অন্যৰ কল্যাণ কৰি থাকে। এনেকুৱা যজ্ঞৰ বহুত মান হ'ব লাগে। কিন্তু
সম্পূৰ্ণ জ্ঞান নথকাৰ বাবে ইমান সন্মান নাই। যজ্ঞত বিঘিনি আনোঁতা বহুত আছে। এয়া
শিৱবাবাৰ যজ্ঞ। গতিকে মাতা-পিতা একেলগে আছে। এওঁলোক মম্মা-বাবাৰ পৰাতো একোৱেই
প্ৰাপ্তি নহয়। বেহদৰ পিতাৰ পৰাহে সকলোবোৰ পোৱা যায়। তেওঁ এজনেই। মম্মা-বাবা বুলি
কোৱা হয় শৰীৰধাৰীক। নিৰাকাৰজনৰতো শৰীৰ নাই। গতিকে পিতাই কয় যে সাকাৰৰো অনুগামী নহ'বা।
মামেকম্ (কেৱল মোক) স্মৰণ কৰা। এওঁ বাবায়ো (ব্ৰহ্মা বাবায়ো) মোক স্মৰণ কৰে। চিত্ৰত
দেখুৱায় ৰাম, কৃষ্ণ, ব্ৰহ্মা আদি সকলোৱে তেওঁক স্মৰণ কৰে। এনেকুৱা নহয়। তাততো কোনেও
স্মৰণ নকৰে। তেওঁলোকে প্ৰালব্ধ পাই গ’ল। তেওঁলোকে স্মৰণ কৰাৰ কিনো দৰকাৰ। আমি পতিত
হৈছোঁ, আমিহে পাৱন হ'বলৈ স্মৰণ কৰিব লাগে। মহিমা এজনৰেই। তেওঁৰ কাৰণেই এওঁৰ মান হয়।
তোমালোকে কোনো দেহধাৰীক স্মৰণ কৰিব নালাগে। দেহধাৰীৰ দ্বাৰা তেওঁৰ পৰিচয় পোৱা যায়
কিন্তু স্মৰণ তেওঁক (শিৱবাবাক) কৰিব লাগে। বাবাও দেহধাৰী, সকলো পৰিচয় দিয়ে। কিন্তু
বহুত এনেকুৱাও অবোধ সন্তান আছে যিসকলে কয় আমিতো পোনপটীয়াকৈ শিৱবাবাৰ প্ৰেৰণাৰ দ্বাৰা
জ্ঞান ল'ব পাৰোঁ। যদি এনেকুৱা হ’লহেঁতেন তেন্তে আকৌ এই ৰথত তেওঁৰ অহাৰ কি দৰকাৰ হ’ল।
এনেকুৱাও আছে যিসকলে ভাবে এওঁ সাকাৰজনৰ লগত আমাৰ কি কাম। পিতাই কয় - মনমনাভৱ। তেওঁক
স্মৰণ কৰা কিন্তু এওঁৰ মাধ্যমেৰে শুনায় নহয়। আকৌ ক্ৰমানুসৰি সন্মান ৰাখিবলগীয়া হয়।
সন্মান তেওঁলোকেই ৰাখিব যিসকল ক্ৰম অনুসৰি গাদীত বহোঁতা হ'ব। মম্মা-বাবা প্ৰথমে
ৰাজগাদীত বহিব। পুনৰ তেওঁলোকক অনুসৰণ কৰিব লাগে। বহুত প্ৰজা তৈয়াৰ কৰিব লাগে। পদো
বহুত উচ্চ। ভয় কৰিবলগীয়া একো কথা নাই। উৰাজাহাজত কোনোবা নতুন উঠিলে তেতিয়া যেন ভয়
কৰে। কাৰোবাকতো চোৱা চন্দ্ৰ পৃষ্ঠলৈ গৈ থাকে। অভ্যাসৰ কথা হয় নহয়। কিন্তু তাৰ দ্বাৰা
লাভ একোৱেই নহয়, এইটো তোমালোকে জানা। তেওঁলোকে ভাবে যে চন্দ্ৰ পৃষ্ঠতো ৰাজধানী
স্থাপন কৰিব। কিন্তু এয়া একোৱেই নহ'ব। পতন হয় নহয়। পতন আৰু উত্থানকো সন্তানসকলে বুজি
পায়। চিত্ৰও আছে, এওঁলোক লক্ষ্মী-নাৰায়ণে ৰাজত্ব কৰিছিল।
আজিতো চোৱা ভাৰত
কিমান গৰিব। এইটোতো সত্য কথা। এওঁতো নিজেই লিখিছে গতিকে ইয়াত ছিৰিৰ চিত্ৰত দেখুৱাব
লাগে। তাত হীৰাৰ মহল চিকমিকায়, ইয়াত আকৌ কড়ি দেখুৱাব লাগে। আগতে কড়ি চলিছিল।
গুৰুদ্বাৰত কড়ি ৰাখিছিল। এতিয়াতো কোনেও পইচাও নাৰাখে। ছিৰিৰ চিত্ৰতো বহুত ভাল, ইয়াত
বহুত কথা লিখিব পাৰা। মম্মা-বাবাৰ লগত সন্তানসকলৰো চিত্ৰ থাকক আৰু ওপৰত আত্মাসকলৰ
বৃক্ষও। নতুন নতুন চিত্ৰ তৈয়াৰ হৈ গৈ থাকিব। বুজাবলৈও সহজ হ'ব। পতন কেনেকৈ হয় পুনৰ
উত্থান কেনেকৈ হয়। আমি নিৰাকাৰী সৃষ্টিলৈ গৈ পুনৰ সাকাৰী সৃষ্টিলৈ আহোঁ, বুজাবলৈ
একেবাৰে সহজ। বুজি নাপালে তেন্তে বুজি পোৱা যায় ভাগ্যত নাই। ড্ৰামাখন সাক্ষী হৈ
প্ৰত্যক্ষ কৰা হয়। সন্তানসকলৰ যজ্ঞৰ প্ৰতি বহুত সন্মান থাকিব লাগে। যজ্ঞৰ এটা পইচাও
নোসোধাকৈ তুলি লোৱা বা মাতা-পিতাৰ অনুমতি অবিহনে কাৰোবাক দিয়া, এইটো মহান পাপ।
তোমালোকতো হৈছা সন্তান, যিকোনো সময়ত যিকোনো বস্তু পাব পাৰা। বেছিকৈ লৈ কিয় ৰাখিব
লাগে। এনেকৈ ভাবে জানোচা নাপাওঁ, গতিকে ভিতৰত ৰাখি থ'লে সেয়াই পুনৰ অন্তৰ দহি থাকে
কিয়নো নীতিবহিৰ্ভূত কৰ্ম হয় নহয়। বস্তুতো তোমালোকে যেতিয়াই-তেতিয়াই পাব পাৰা। পিতাই
কৈছে অন্তিমকালত অকস্মাৎ যিকোনো লোক মৰিবতো পাৰে। গতিকে অন্তিম সময়ত যি পাপ কৰিছিল
সেই সকলো আৱৰ্জনা সন্মুখত আহিব সেয়েহে বাবাই সদায় বুজায় ভিতৰত কোনোধৰণৰ খোকোজা
থাকিব নালাগে। অন্তৰ স্বচ্ছ হ’লে তেতিয়া অন্তিম ক্ষণত একোৱেই সন্মুখত নাহিব। যজ্ঞৰ
পৰাতো সকলো পাই থকা যায়। অনেক সন্তান আছে যাৰ ওচৰত বহুত ধন আছে। তেওঁলোকক কয় যেতিয়া
দৰকাৰ হ'ব তেতিয়া খুজি ল'ম। কয় বাবা যেতিয়াই প্ৰয়োজন হয় আমি আছোঁ। যদিওবা পৱিত্ৰ হৈ
নাথাকে। খোৱা-বোৱাৰো সংযম নাৰাখে। কিন্তু এইটো পণ কৰে - বাবা আমাৰ ওচৰত বহুত ধন পৰি
আছে, এনেকৈয়ে হেৰাই যাব। মাজত কোনোবাই খাই পেলাব সেয়েহে যেতিয়া প্ৰয়োজন হয় খুজি ল’ব।
বাবাই কয় ময়োনো কি কৰিম। ঘৰ নিৰ্মাণ কৰিবলগীয়া হ’লে আপোনাআপুনি আহি যায়। অনেক
সন্তান বহি আছে নিজৰ ঘৰত। গতিকে এনেকুৱা সন্তানেও উচ্চ পদ প্ৰাপ্ত কৰি লয়। প্ৰজাৰ
ভিতৰতো পদ কোনো কম নহয়। ৰজাসকলতকৈয়ো বহুত চহকীলোক যথেষ্ট ধনৱান হয় সেয়েহে ভিতৰি
এনেকুৱা কোনো খেয়াল আনিব নালাগে। তোমালোকৰ প্ৰতিজ্ঞা হৈছে বাবা আপুনি যি খুৱাব.....
তথাপিও সেই অনুসৰি নচলিলে তেতিয়া দুৰ্গতি হৈ যায়। পিতা আহিছে সৎগতি দিবলৈ। যদি উচ্চ
পদ নোপোৱা তেন্তে দুৰ্গতি বুলি কোৱা হ'ব নহয়। তাতো বহুত চহকী, কোনোবা কম পদ, কোনোবা
উচ্চ পদধাৰীতো আছে নহয়। সন্তানসকলে শ্ৰীমতত পুৰুষাৰ্থ কৰিব লাগে। নিজৰ মতত চলিলে
নিজকে ঠগে। এয়া শিৱবাবাই ৰচনা কৰা জ্ঞান যজ্ঞ। ইয়াৰ নামেই হৈছে ৰাজস্ব অশ্বমেধ
অবিনাশী ৰুদ্ৰ জ্ঞান যজ্ঞ। শিৱবাবা আহি স্বৰাজ্য দিয়ে। কাৰোবাৰ ভাগ্যত নাই, নাম
প্ৰসিদ্ধ হ'বলগীয়া নাই তেন্তে মুখেৰে ভাল ভাল যুক্তি নোলায়। কাকোৱে যদি নুবুজায়
তেন্তে কোৱা হ’ব – নাম প্ৰসিদ্ধ হ’বলৈ এতিয়া সময় আছে, যাৰবাবে বুজোৱাৰ সময়ত মুখ্য
মুখ্য যুক্তিসমূহ পাহৰি যায়। এইটোও বুজাব লাগে – এয়া ৰাজস্ব অশ্বমেধ অবিনাশী ৰুদ্ৰ
জ্ঞান যজ্ঞ, স্বৰাজ্য পাবৰ বাবে। ফলকতো লিখিব পাৰা। এই যজ্ঞত পুৰণি সৃষ্টিৰ সকলোবোৰ
স্বাহা হৈ যায়, যাৰবাবে এই মহাভাৰতৰ যুদ্ধ ঠিয় হৈ আছে। বিনাশৰ আগতে এই স্বৰাজ্য পদ
ল'ব বিচৰা যদি আহি লওক। ফলকততো বহুত কিছু লিখিব পাৰা। লক্ষ্য-উদ্দেশ্যও আহি যায়।
তলত লিখিব লাগে - স্বৰাজ্য পদ পোৱা যায়। যিমান সম্ভৱ স্পষ্ট লিখনি হ'ব লাগে যাতে
যিকোনো লোকে পঢ়িলে বুজি পায়। বাবাই নিৰ্দেশনা দিয়ে এনেকুৱা এনেকুৱা ফলক তৈয়াৰ কৰা।
এই কথাষাৰ নিশ্চয় লিখা। আগলৈ গৈ এই যজ্ঞৰ বহুত প্ৰভাৱ বিস্তাৰ হ’ব। ধুমুহাতো বহুত
আহিব। কয় সত্যৰ নাও টুলুংভুটুং কৰিব কিন্তু ডুব নাযায়। ক্ষীৰসাগৰ অভিমুখে যাব লাগে
গতিকে বিষয় সাগৰৰ ফালে অন্তৰৰ আকৰ্ষণ থাকিব নালাগে। যিসকলে জ্ঞান নলয় তেওঁলোকৰ পাছত
পৰি নিজৰ সময় নষ্ট কৰিব নালাগে। বুজনিতো বহুত সহজ।
তোমালোকেই পূজ্য
দেৱী-দেৱতা আছিলা, এতিয়া পূজাৰী হৈছা। পুনৰ পিতাই কয় মামেকম্ স্মৰণ কৰিলে তেতিয়া
খাদ আঁতৰি যাব। তোমালোকৰ পাপ ভস্ম হৈ যাব আৰু কোনো উপায় নাই। এইটোৱে প্ৰকৃত উপায়।
কিন্তু যোগত নাথাকে। দেহ-অভিমান বহুত আছে। দেহ-অভিমান যেতিয়া আঁতৰিব তেতিয়াহে
যোগযুক্ত হৈ থাকিব পাৰিব, তাৰপাছত কৰ্মাতীত অৱস্থা হ'ব। অন্তিমত কোনো বস্তুৱেই
স্মৃতিলৈ আহিব নালাগে। কোনো কোনো সন্তানৰ কোনো বস্তুৰ প্ৰতি ইমান মোহ উৎপন্ন হৈ যায়
যে কথাই নুসুধিবা। শিৱবাবাক কেতিয়াও স্মৰণ নকৰে। এনেকুৱা পিতাক বিশেষভাৱে স্মৰণ
কৰিব লাগে। কোৱা হয় হাতেৰে কৰ্ম কৰি অন্তৰেৰে পিতাক স্মৰণ কৰা….. এনেকৈ কাচিৎহে
কাৰোবাৰ স্মৃতি থাকে। চলনৰ দ্বাৰাহে গম পোৱা যায়। যজ্ঞৰ প্ৰতি সন্মান নাথাকে। এই
যজ্ঞৰ বহুত তত্ত্বাৱধান ল’ব লাগে। তত্ত্বাৱধান ল’লা মানে বাবাক আনন্দিত কৰিলা।
প্ৰতিটো কথাৰে তত্ত্বাৱধান ল’ব লাগে। গৰিবসকলৰ পাই-পইচা এই যজ্ঞলৈ আহে যাৰ দ্বাৰা
তেওঁলোক পদমপতি হয়। মাতাসকল যাৰ ওচৰত একোৱেই নাই, এটকা দুটকা, আঠ অনা যজ্ঞত দিয়ে
তেওঁলোক পদমপতি হৈ যায় কিয়নো শ্ৰেষ্ঠ ভাৱনাৰে আনন্দেৰে আনে। পিতাই কয় - মই হওঁৱেই
গৰিবৰ কল্যাণ কৰোঁতা। তোমালোক সন্তানসকলৰ বাবেই আহিছোঁ। কোনোবাই 8 (আঠ) অনা লৈ আহে।
বাবা ঘৰত এটা ইটা খটুৱাই দিয়ক। কেতিয়াবা দুমুঠি শস্যও লৈ আহে। তেওঁলোকৰতো বহুত হৈ
যায়। এটি এটি কণ মোহৰৰ সমান হৈ যায়। এনেকুৱাতো নহয় যে তোমালোকে গৰিবসকলক বহি দান
দিব লাগে। গৰিবসকলকতো তেওঁলোকে দান দিয়ে। এনেয়েতো জগতত অনেক গৰিব আছে। সকলো আহি
ইয়াত বহি গ’লে তেন্তে মগজেই নষ্ট কৰি দিব। এনেকৈতো বহুতে কয় মই যজ্ঞত সমৰ্পণ হৈ যাওঁ।
কিন্তু সাৱধানে ল'বলগীয়া হয়। এনেকুৱা যাতে নহয় যে যজ্ঞত আহি হুলস্থুলৰ সৃষ্টি কৰিব।
যজ্ঞততো বহুত পুণ্য আত্মা হ'ব লাগে। বহুত তত্ত্বাৱধান ল’ব লাগে। যজ্ঞৰ প্ৰতি সন্মান
থাকিব লাগে। যি ঈশ্বৰীয় যজ্ঞৰ পৰা আমি নিজৰ শৰীৰ নিৰ্বাহ কৰোঁ। যজ্ঞৰ পইচা কাৰোবাক
দিয়াটো ডাঙৰ পাপ। এই পইচা হয়েই তেওঁলোকৰ বাবে যিসকল কড়িৰ পৰা হীৰাতুল্য হয়, ঈশ্বৰীয়
সেৱাত আছে, বাকী গৰিব আদিক দিয়া এই দান-পুণ্যতো জন্ম-জন্মান্তৰ কৰি আহিছা। অৱনমিত
হৈ হৈ পাপ আত্মাহে হৈ গ’লা।
তোমালোক সন্তানসকলে
সকলোকে পিতাৰ পৰিচয় দিবৰ বাবে সৰু সৰু গাঁৱতো প্ৰদৰ্শনী অনুস্থিত কৰি থাকা। এজন
গৰিবো যদি ওলাই আহে তেন্তে সেয়াও ভাল, ইয়াত কোনো খৰচতো নাই। লক্ষ্মী-নাৰায়ণে এই
ৰাজ্য-ভাগ্য প্ৰাপ্ত কৰিলে, কি খৰচ কৰিলে। একোৱেই কৰা নাই। বিশ্বৰ বাদশ্বাহী পাবৰ
বাবে খৰচতো একোৱেই নকৰিলে। তেওঁলোকে পৰস্পৰ কিমান যুদ্ধ কৰে। বাৰুদ আদিৰ কাৰণে
কিমান খৰচ কৰে। ইয়াততো খৰচৰ কোনো কথাই নাই। কড়িৰ সমানো খৰচ নকৰাকৈয়ে, চেকেণ্ডত
বিশ্বৰ বাদশ্বাহী লোৱা। ‘অল্ফ’ক (পিতাক) স্মৰণ কৰা। ‘বে’ বাদশ্বাহী আছেই। পিতাই কয়
- যিমান সম্ভৱ সঁচা অন্তৰেৰে সঁচা চাহাবক (শিৱপিতাক) ৰাজী কৰোৱা, তেতিয়া সঁচাখণ্ডৰ
মালিক হ'বাগৈ। মিছা ইয়াত নচলিব। স্মৰণ কৰিব লাগে। এনেকুৱা নহয় যে আমিতো সন্তান হয়েই।
স্মৰণ কৰাত যথেষ্ট পৰিশ্ৰম হয়। যদি কিবা বিকৰ্ম কৰা তেন্তে বহুত গোলমালত আহি যাবা।
বুদ্ধি স্থিৰ হৈ নাথাকিব। বাবাতো অনুভৱী হয় নহয়। বাবাই শুনাই থাকে। বহুত সন্তানে
নিজকে বৰ সিয়ান বুলি ভাবে কিন্তু বাবাই কয় বহুত পৰিশ্ৰম আছে। মায়াই বহুত বিঘিনি আনে।
ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ এই
ৰুদ্ৰ যজ্ঞৰ প্ৰতি বহুত সন্মান ৰাখিব লাগে। যজ্ঞৰ বাতাৱৰণ বহুত শুদ্ধ শক্তিশালী কৰি
তোলাত সহযোগী হ'ব লাগে। ইয়াৰ স্নেহেৰে তত্ত্বাৱধান ল’ব লাগে।
(2) নিজৰ ওচৰত একোৱেই
লুকুৱাই ৰাখিব নালাগে। অন্তৰ স্বছ হ’লে ইচ্ছা পূৰ্ণ হৈ যাব। এই যজ্ঞৰ প্ৰতিটো কড়ি
অমূল্য সেয়েহে এটি কড়িও ব্যৰ্থত নষ্ট কৰিব নালাগে। ইয়াৰ বৃদ্ধিত সহযোগ দিব লাগে।
বৰদান:
তিনিও কাল
সন্মুখত ৰাখি প্ৰতিটো কাৰ্যত সফল হওঁতা সৰ্বদা বিজয়ী হোৱা
লৌকিক ৰীতিতো যিসকল
বিচাৰ বুদ্ধি সম্পন্ন, তেওঁলোকে আগ-পিছ ভাবি-চিন্তিহে পদক্ষেপ লয়। তেনেকৈ ইয়াতো
তোমালোক সন্তানসকলে যেতিয়া কোনো কাৰ্য কৰা, তেতিয়া প্ৰথমে তিনিও কালক সন্মুখত ৰাখি
তাৰ পাছত কৰা, কেৱল বৰ্তমানক নাচাবা, বেহদৰ বোধ ধাৰণ কৰা আৰু বিজয়বোধৰ নিশ্চয়তাৰ
আধাৰত বা ত্ৰিকালদৰ্শী বোধৰ আধাৰত প্ৰতিটো কৰ্ম কৰা আৰু প্ৰতিটো কথা কোৱা, তেতিয়া
অলৌকিক বা অসাধাৰণ বুলি কোৱা হ’ব।
স্লোগান:
হদৰ (সীমিত) দাঁতি ত্যাগ কৰি এক পিতাক আলম্বন কৰি লোৱা তেতিয়া পাৰ হৈ যাবা।
অব্যক্ত ইংগিত:
নিশ্চয়তাৰ ভেটী মজবুত কৰি সদায় নিৰ্ভয় আৰু নিশ্চিন্ত হৈ থাকা
বহুত সন্তানে ভাবে যে
মই নিজক জানো যে মই ঠিক, আনে নাজানে বা আনে চিনি নাপায়, অৱশেষত চিনি পাবই বা আগলৈ
গৈ দেখিবা কি হয়! এয়াও জ্ঞান স্বৰূপ, স্মৃতি স্বৰূপ আত্মাৰ বাবে নিজকে প্ৰতাৰণা
কৰা অমনোযোগিতাৰ নিদ্ৰা। যিসকল সন্তানৰ নিশ্চয়তাৰ ভেটি মজবুত, তেওঁলোক কেতিয়াও
লুকাই থাকিব নোৱাৰে। তেওঁলোক সদায় নিৰ্ভয় আৰু নিশ্চিন্ত হৈ থাকে।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]