30.04.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকৰ এইখন আচৰিত বিশ্ব বিদ্যালয়, য’ত অধঃপাতে যোৱাসকলক শ্ৰেষ্ঠ কৰি তোলোঁতা
ভোলানাথ পিতাই শিক্ষক হৈ তোমালোকক পঢ়ায়”
প্ৰশ্ন:
এই বিনাশৰ
সময়ত তোমালোক সন্তানসকলে সকলোকে কোনটো লক্ষ্য দিয়া?
উত্তৰ:
হে আত্মাসকল, এতিয়া পাৱন হোৱা, পাৱন নোহোৱাকৈ উভতি যাব নোৱাৰা। আধাকল্পৰ যি ৰোগ লাগি
আছে, তাৰ পৰা মুক্ত হ’বলৈ তোমালোকে সকলোকে 7 দিন ভাতীত বহুওৱা। যদি পতিতৰ সংগৰ পৰা
দূৰৈত থাকা, কোনোৱেই স্মৃতিলৈ নাহে তেন্তে বুদ্ধিত কিছু জ্ঞানৰ ধাৰণা হ’ব।
গীত:
তুনে ৰাত
গঁৱাই চ’ কে… (তুমি ৰাতি শুই কটালা……)
ওঁম্শান্তি।
এয়া
সন্তানসকলক কোনে ক’লে? কিয়নো পঢ়াশালিত বহি আছা যেতিয়া নিশ্চয় শিক্ষকে ক’লে। প্ৰশ্ন
হয় এয়া শিক্ষকে ক’লে, পিতাই ক’লে নে সৎগুৰুৱে ক’লে? এই কথাষাৰ কোনে ক’লে?
সন্তানসকলৰ বুদ্ধিত সৰ্বপ্ৰথমে এইটো আহিব লাগে যে আমাৰ বেহদৰ পিতা হয়, যাক পৰমপিতা
পৰমাত্মা বুলি কোৱা হয়। গতিকে পিতায়ো ক’লে, শিক্ষকেও ক’লে লগতে সৎগুৰুৱেও ক’লে। এয়া
তোমালোকৰ বুদ্ধিত আছে, যিসকল বিদ্যাৰ্থী হয়। অন্য মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত
শিক্ষকে পঢ়ায়, তেওঁক কোনেও পিতা বা গুৰু বুলি নকয়। এয়া হয়ো পাঠশালা, আকৌ বিশ্ব
বিদ্যালয় বুলি কোৱা বা মহা বিদ্যালয় বুলি কোৱা। পঢ়াৰে কথা নহয় জানো। সৰ্বপ্ৰথমে এইটো
বুজিব লাগে, পাঠশালাত আমাক কোনে পঢ়ায়? সন্তানসকলে জানে যে তেওঁ নিৰাকাৰ যি সকলো
আত্মাৰ পিতা, সকলোৰে সৎগতি দাতা তেওঁ আমাক পঢ়াই আছে। এই গোটেই ৰচনা সেই এজন ৰচয়িতাৰ
সম্পত্তি। সেয়েহে নিজেই বহি ৰচনাৰ আদি-মধ্য-অন্তৰ ৰহস্য বুজায়। তোমালোক সন্তানসকলে
পিতাৰ ওচৰত জন্ম লৈছা। তোমালোকে বুদ্ধিৰে জানা যে আমাৰ অৰ্থাৎ সকলো আত্মাৰ তেওঁ পিতা,
যাক জ্ঞানৰ সাগৰ, জ্ঞানপূৰ্ণ বুলি কোৱা হয়। জ্ঞানৰ সাগৰ, পতিত-পাৱন হয়। জ্ঞানেৰেই
সৎগতি হয়, মনুষ্য পতিতৰ পৰা পাৱন হয়। এতিয়া তোমালোক সন্তানসকল ইয়াত বহি আছা। অন্য
কোনো বিদ্যালয়ত কাৰো বুদ্ধিত নাথাকে যে আমাক জ্ঞানৰ সাগৰ নিৰাকাৰ পিতাই পঢ়াই আছে।
এইটো ইয়াতেই তোমালোকে জানা। তোমালোককেই বুজোৱা হয়। বিশেষকৈ ভাৰত আৰু সাধাৰণভাৱে
গোটেই সৃষ্টিত এনেকৈ কোনেও নুবুজিব যে আমাক নিৰাকাৰ পৰমাত্মাই পঢ়ায়। তেওঁলোকক
পঢ়াওঁতাসকল হয়েই মনুষ্য শিক্ষক। আকৌ এনেকুৱাও জ্ঞান নাই যে বুজিব – মই আত্মা।
আত্মাইহে পঢ়ে। আত্মাইহে সকলো কৰে। অমুক চাকৰি আত্মাই কৰে – এই কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা।
তেওঁলোকৰতো এইটো বোধ থাকে যে মই অমুক। তৎক্ষণাৎ নিজৰ নাম-ৰূপ স্মৃতিলৈ আহি যায়। মই
এইটো কৰোঁ, মই এনেকৈ কৰোঁ। শৰীৰৰ নামহে স্মৃতিলৈ আহি যায়, কিন্তু সেইটো ভুল। আমিতো
প্ৰথমে আত্মা নহয় জানো। পাছত এই শৰীৰ লৈছোঁ। শৰীৰৰ নাম সলনি হৈ থাকে, আত্মাৰ নামতো
সলনি নহয়। আত্মাতো এটাই। পিতাই কৈছে – মোৰ অৰ্থাৎ আত্মাৰ এটাই নাম ‘শিৱ’। এইটো
গোটেই বিশ্বই জানে। বাকী ইমানবিলাক নাম শৰীৰৰ ৰখা হয়। শিৱবাবাকতো শিৱ বুলিয়ে কয়, বচ্।
তেওঁৰ কোনো শৰীৰ দেখিবলৈ পোৱা নাযায়। মনুষ্যৰ নাম ৰখা হয়, মই অমুক হওঁ। মোক অমুক
শিক্ষকে পঢ়াই আছে। নাম ল’ব নহয়। বাস্তৱত আত্মাই শৰীৰৰ দ্বাৰা শিক্ষকৰ কাম কৰে,
তেওঁৰ আত্মাক পঢ়ায়। সংস্কাৰ আত্মাত থাকে। কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা পঢ়ে, ভূমিকা পালন কৰে,
সংস্কাৰ অনুসৰি। কিন্তু দেহৰ যি নাম থাকে সেই নাম অনুসৰিয়ে সকলো পেছাগত কাম-কাজ আদি
চলে। ইয়াত তোমালোক সন্তানসকলে জানা আমাক নিৰাকাৰ পিতাই পঢ়ায়। তোমালোকৰ বুদ্ধি ক’লৈ
গুচি গ’ল! মই আত্মা সেই পিতাৰ হৈছোঁ। আত্মাই বুজি পায় নিৰাকাৰ পিতা আহি আমাক এই
সাকাৰৰ দ্বাৰা পঢ়ায়। তেওঁৰ নাম হ’ল শিৱ। শিৱজয়ন্তীও পালন কৰে। শিৱতো হ’ল বেহদৰ পিতা,
তেওঁকেই পৰমপিতা পৰমাত্মা বুলি কোৱা হয়। তেওঁ সকলো আত্মাৰ পিতা, এতিয়া তেওঁৰ জয়ন্তী
কেনেকৈ পালন কৰে। আত্মা শৰীৰত প্ৰৱেশ কৰে বা গৰ্ভত আহে। ওপৰৰ পৰা আহে, এইটো কোনেও
গম নাপায়। যীশুখ্ৰীষ্টক ধৰ্ম প্ৰতিষ্ঠাপক বুলি কয়। তেওঁৰ আত্মা প্ৰথমতে ওপৰৰ পৰা
আহিব লাগে। সতোপ্ৰধান আত্মা আহে। কোনো বিকৰ্ম কৰা নাই। প্ৰথমে সতোপ্ৰধান পাছত সতো,
ৰজো, তমোত আহে তেতিয়া বিকৰ্ম হয়। প্ৰথমে আত্মা যেতিয়া আহিব, সতোপ্ৰধান হোৱাৰ কাৰণে
কোনো দুখ ভুগিব নোৱাৰে। আধা সময় যেতিয়া পূৰা হয় তেতিয়া বিকৰ্ম কৰিবলৈ ধৰে।
আজিৰ পৰা 5 হাজাৰ বছৰ
পূৰ্বে যথাযথ সূৰ্যবংশী ৰাজ্য আছিল বাকী সকলো ধৰ্ম পাছত আহিছে। ভাৰতবাসী বিশ্বৰ
মালিক আছিল। ভাৰতক অবিনাশী খণ্ড বুলি কোৱা হয় আৰু কোনো খণ্ড নাছিল। গতিকে শিৱবাবা
হ’ল অধঃপাতে যোৱাসকলক শ্ৰেষ্ঠ কৰি তোলোঁতা, ভোলানাথ বুলি শিৱক কোৱা হয়, শঙ্কৰক নহয়।
ভোলানাথ শিৱ অধঃপাতে যোৱাসকলক শ্ৰেষ্ঠ কৰি তোলোঁতা হয়। শিৱ আৰু শঙ্কৰ একে নহয়,
বেলেগ বেলেগ। ব্ৰহ্মা, বিষ্ণু, শঙ্কৰৰ কোনো মহিমা নাই। মহিমা কেৱল এজন শিৱৰ যিয়ে
অধঃপাতে যোৱাসকলক শ্ৰেষ্ঠ কৰি তোলে। তেওঁ কয় - মই সাধাৰণ বৃদ্ধ শৰীৰত আহোঁ। এওঁ 84
জন্ম পূৰা কৰিলে, এতিয়া খেল পূৰা হ’ল। এই পুৰণা চোলা (শৰীৰ), পুৰণা সম্বন্ধও নাশ হৈ
যাব। এতিয়া কাক স্মৰণ কৰিবা? নাশ হোৱা বস্তুক স্মৰণ কৰা নহয়। নতুন ঘৰ নিৰ্মাণ কৰিলে
তেতিয়া আকৌ পুৰণাৰ পৰা অন্তৰ আঁতৰি যায়। এয়া আকৌ হৈছে বেহদৰ কথা। সকলোৰে সৎগতি হয়
অৰ্থাৎ ৰাৱণৰ ৰাজ্যৰ পৰা সকলোৱে মুক্তি পায়। ৰাৱণে সকলোকে অধঃপাতে নিলে। ভাৰত
একেবাৰে কঙাল ভ্ৰষ্টাচাৰী। জনগণে ভ্ৰষ্টাচাৰ বুলিলে দুৰ্নীতি, ভেঁজাল, চুৰি,
প্ৰবঞ্চনা আদিকে বুজে। কিন্তু পিতাই কয় – প্ৰথম ভ্ৰষ্টাচাৰ হ’ল বিকাৰী (অপৱিত্ৰ)
হোৱা। শৰীৰ বিকাৰেৰে জন্ম হয় সেইকাৰণে ইয়াক বিকাৰী জগত বুলি কোৱা হয়। সত্যযুগক
নিৰ্বিকাৰী বুলি কোৱা হয়। আমি সত্যযুগত প্ৰবৃত্তি মাৰ্গৰ দেৱী-দেৱতা আছিলোঁ। এনেকৈ
কয় যে পৱিত্ৰ হ’লে বিকাৰ অবিহনে সন্তান কেনেকৈ জন্ম হ’ব। তোমালোকে ক’বা - আমি নিজৰ
ৰাজধানী বাহুবলেৰে নহয় যোগবলেৰে স্থাপন কৰোঁ। তেনেহ’লে কি যোগবলেৰে সন্তান জন্ম হ’ব
নোৱাৰেনে! যিহেতু হয়েই নিৰ্বিকাৰী জগত, পৱিত্ৰ গৃহস্থ আশ্ৰম। যেনেকুৱা ৰজা-ৰাণী
সম্পূৰ্ণ নিৰ্বিকাৰী তেনেকুৱা প্ৰজা। ইয়াত হ’ল সম্পূৰ্ণ বিকাৰী। সত্যযুগত বিকাৰ
নাথাকে। তাক কোৱা হয় ঈশ্বৰীয় ৰাজ্য। ঈশ্বৰ পিতাই স্থাপনা কৰা। এতিয়াতো হ’ল
ৰাৱণৰাজ্য। শিৱবাবাৰ পূজা হয়, যিয়ে স্বৰ্গ স্থাপন কৰিলে। ৰাৱণ, যিয়ে নৰক কৰি তুলিলে
তেওঁক জ্বলায়। দ্বাপৰ কেতিয়াৰ পৰা আৰম্ভ হ’ল, এইটোও কোনেও গম নাপায়। এয়াও বোধশক্তিৰ
কথা। এইখন হয়েই তমোপ্ৰধান আসুৰি সৃষ্টি। সেইখন হ’ল ঈশ্বৰীয় সৃষ্টি। সেইখনক স্বৰ্গ;
দৈৱী পাৱন সৃষ্টি বুলি কোৱা হয়। এইখন হ’ল নৰক, পতিত সৃষ্টি। এই কথাবোৰো বুজিব
তেৱেঁই যিয়ে নিতৌ পঢ়ে। বহুতে কয় - অমুক ঠাইত বিদ্যালয় আছে জানো। হেৰ’ মুখ্য
কাৰ্যালয়তো আছে নহয়। তোমালোক আহি নিৰ্দেশনা লৈ যোৱা। ডাঙৰ কথাতো নহয়। সৃষ্টিচক্ৰ
চেকেণ্ডত বুজোৱা হয়। সত্যযুগ, ত্ৰেতা অতীত হৈ গ’ল আকৌ দ্বাপৰ, কলিযুগ, এয়াও অতীত
হ’ল। এতিয়া হ’ল সংগমযুগ। নতুন সৃষ্টিলৈ যাবলৈ পঢ়িব লাগে। প্ৰত্যেকৰে পঢ়াৰ অধিকাৰ আছে।
বাবা মই চাকৰি কৰোঁ। ভাল কথা এসপ্তাহ জ্ঞান লৈ আকৌ গুচি যাবা, মুৰুলী পাই থাকিবা।
প্ৰথমে 7 দিন ভাতীত নিশ্চয় থাকিব লাগে। যদিওবা 7 দিন আহিব কিন্তু সকলোৰে বুদ্ধি একে
নিচিনা হৈ নাথাকিব। 7 দিন ভাতী মানে কোনোৱেই যাতে স্মৃতিলৈ নাহে। কাৰো সৈতে চিঠিৰ
আদান-প্ৰদানো যাতে নহয়। সকলোৱে একে নিচিনাকৈতো বুজিব নোৱাৰে। ইয়াত পতিতসকল পাৱন হ’ব
লাগে। এই পতিত প্ৰৱণতাও ৰোগ, আধাকল্পৰ মহাৰোগী মনুষ্য। তেওঁলোকক বেলেগে বহুৱাবলগীয়া
হয়। কাৰো যাতে সংগ নলয়। বহিৰলৈ যাব, ওলট-পালট খাব, পতিতৰ হাতে খাব। সত্যযুগত
দেৱতাসকল পাৱন আছিল নহয়। তেওঁলোকৰ কাৰণে চোৱা বিশেষ মন্দিৰ নিৰ্মাণ কৰে। দেৱতাসকলক
আকৌ পতিতে চুব নোৱাৰে। এই সময়ততো মনুষ্য একেবাৰে পতিত ভ্ৰষ্টাচাৰী। শৰীৰ বিষেৰে
জন্ম হয় সেইকাৰণে তাক ভ্ৰষ্টাচাৰী বুলি কোৱা হয়। সন্ন্যাসীসকলৰো শৰীৰ বিষেৰে তৈয়াৰ
হৈছে। পিতাই কয় - সৰ্বপ্ৰথম আত্মা পৱিত্ৰ হ’ব লাগে, আকৌ শৰীৰো পৱিত্ৰ লাগে সেইকাৰণে
পুৰণা অপৱিত্ৰ শৰীৰ সকলো বিনাশ হৈ যাব লাগিব। সকলোৱে উভতি যাব লাগিব। এয়া হ’ল
বিনাশৰ (হিচাপ-নিকাচ নিষ্পত্তি কৰাৰ) সময়। সকলোৱে পৱিত্ৰ হৈ উভতি যাব লাগে। ভাৰততেই
‘হলিকা’ দাহ কৰে। ইয়াত 5 তত্ত্বৰ শৰীৰ তমোপ্ৰধান হয়। সত্যযুগত শৰীৰো সতোপ্ৰধান হয়।
শ্ৰীকৃষ্ণৰ চিত্ৰ আছে নহয়। নৰকক লঠিয়াই দিবলগীয়া হয়। কিয়নো সত্যযুগলৈ যাব লাগে।
মৃতককো যেতিয়া শ্মশানলৈ লৈ যায় তেতিয়া প্ৰথমে মুখ চহৰৰ ফালে, ভৰি শ্মশানৰ ফালে কৰে।
আকৌ যেতিয়া শ্মশানৰ ভিতৰত প্ৰৱেশ কৰে তেতিয়া মুখ শ্মশানৰ ফালে কৰি দিয়ে। এতিয়া
তোমালোক স্বৰ্গলৈ যোৱা সেয়েহে তোমালোকৰ মুখ সেইফালে আছে। শান্তিধাম আৰু সুখধামৰ ফালে।
ভৰি দুখধামৰ ফালে। সেয়াতো মৃতকৰ কথা, ইয়াততো পুৰুষাৰ্থ কৰিবলগীয়া হয়। মৰমৰ ঘৰক
স্মৰণ কৰি কৰি তোমালোক আত্মাসকল মৰমৰ ঘৰলৈ গুচি যাবাগৈ। এয়া হ’ল বুদ্ধিৰ অনুশীলন।
এই পিতাই বহি সকলো ৰহস্য বুজায়। তোমালোকে জানা এতিয়া আমি আত্মাসকল ঘৰলৈ যাব লাগে।
এই পুৰণা চোলা (শৰীৰ) পুৰণি সৃষ্টি, ড্ৰামা পূৰা হ’ল মানে 84 জন্ম ভূমিকা পালন কৰিলোঁ।
এইটোও বুজাইছে যে সকলোৱে 84 জন্ম নলয়। যি আহেই পাছৰফালে অন্য ধৰ্মত, নিশ্চয় তেওঁৰ
কম জন্ম হ’ব। ইছলামধৰ্মীসকলতকৈ বৌদ্ধধৰ্মীসকলৰ কম। খ্ৰীষ্টিয়ানসকলৰ তাতকৈ কম।
গুৰুনানকৰ শিখসকল এতিয়াহে আহিছে। গুৰুনানকৰ 500 বছৰ হ’ল তেন্তে তেওঁ জানো 84 জন্ম
ল’ব। হিচাপ উলিওৱা হয়। 5 হাজাৰ বছৰত ইমান জন্ম, তেন্তে 500 বছৰত কিমান জন্ম হ’ব?
12-13 জন্ম। যীশুখ্ৰীষ্টৰ 2 হাজাৰ বছৰ হ’লে তেতিয়া তেওঁৰ কিমান জন্ম হ’ব। আধাতকৈয়ো
কম হৈ যাব। হিচাপ আছে নহয়। এই ক্ষেত্ৰত কোনোবাই কিমান, কোনোবাই কিমান বুলি কয়,
সঠিককৈ ক’ব নোৱাৰে। এই কথাবোৰত তৰ্ক-বিতৰ্ক কৰি বেছি সময় নষ্ট কৰিব নালাগে।
তোমালোকৰ কাম হ’ল পিতাক স্মৰণ কৰা। অদৰকাৰী কথাত বুদ্ধি যাব নালাগে। পিতাৰ সৈতে
যোগসূত্ৰ গঢ়ি তুলিব লাগে, চক্ৰক জানিব লাগে। বাকী পাপ নাশ হ’ব স্মৃতিৰ দ্বাৰা।
ইয়াতেই পৰিশ্ৰম সেইকাৰণে ভাৰতৰ প্ৰাচীন যোগ বুলি কয়, যিটো পিতাইহে শিকায়। সত্যযুগ,
ত্ৰেতাততো যোগৰ কথাই নাই। আকৌ ভক্তিমাৰ্গত হঠযোগ আৰম্ভ হয়। এয়া হ’ল সহজ ৰাজযোগ।
পিতাই কয় – মোক স্মৰণ কৰিলে পাৱন হ’বা। মূল কথা হ’ল স্মৃতিত থকাৰ। কোনো পাপ কৰিব
নালাগে। দেৱী-দেৱতাসকলৰ মন্দিৰ আছে কিয়নো তেওঁলোক পাৱন হয়। পূজাৰীসকলতো পতিত হয়।
পাৱন দেৱতাসকলক স্নান আদি কৰায়। বাস্তৱত পতিতৰ হাতো লাগিব নালাগে। এই সকলোবোৰ হ’ল
ভক্তিমাৰ্গৰ ৰীতি-প্ৰথা। এতিয়াতো আমি পাৱন হৈ আছোঁ। পৱিত্ৰ হৈ গ’লে তেতিয়া আকৌ দেৱতা
হৈ যাম। তাততো পূজা আদিৰ দৰকাৰ নাথাকে। সকলোৰে সৎগতি দাতা হৈছেই এজন পিতা। তেওঁকেই
ভোলানাথ বুলি কয়। মই আহোঁ পতিত সৃষ্টিত, পতিত শৰীৰত পুৰণা ৰাৱণৰাজ্যত। অৱশ্যে হয়,
যি কোনো লোকৰ শৰীৰত প্ৰৱেশ কৰি মুৰুলী শুনাব পাৰে। ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ
সৰ্বব্যাপি। প্ৰত্যেক শৰীৰতেতো নিজা নিজা আত্মা আছে। প্ৰ-প্ৰত্ৰতো লিখিবলৈ দিয়া হয়
আপোনাৰ আত্মাৰ পিতা কোন? কিন্তু বুজি নাপায়। আত্মাসকলৰ পিতাতো এজনেই হ’ব। আমি সকলো
ভাই ভাই। পিতা এজন। তেওঁৰ পৰা জীৱনমুক্তিৰ উত্তৰাধিকাৰ পোৱা যায়। তেওঁ হৈছে
মুক্তিদাতা, মাৰ্গ-দৰ্শক। সকলো আত্মাক লৈ যাব মৰমৰ ঘৰলৈ সেইকাৰণে পুৰণি সৃষ্টিৰ
বিনাশ হয়। ‘হোলিকা’ দাহ কৰে নহয়। শৰীৰ সকলো শেষ হৈ যাব। বাকী আত্মাসকল সকলো উভতি
গুচি যাব। সত্যযুগততো আকৌ বহুত কম হ’ব। বুজিব লাগে যে স্বৰ্গৰ স্থাপনা কোনে কৰায়,
কলিযুগৰ বিনাশ কোনে কৰায়? সেয়াতো স্পষ্টকৈ লিখা আছে। এনেকৈ কোৱা হয় - মৰম কৰিলে মৰম
পাবা, পিতাই কয় যি মোৰ কাৰণে মনুষ্যক দেৱতা কৰি তোলাৰ বহুত সেৱা কৰে তেওঁ অধিক
প্ৰিয়।
যিয়ে পুৰুষাৰ্থ কৰিব
তেৱেঁই উচ্চ উত্তৰাধিকাৰ পাব। উত্তৰাধিকাৰ আত্মাসকলে ল’ব লাগে পৰমাত্মা পিতাৰ পৰা।
আত্মা-অভিমানী হ’বলগীয়া হয়। বহুতে বহুত ভুল কৰে, পুৰণি অভ্যাস দৃঢ় হৈ গৈছে। সেয়েহে
যিমানেই নুবুজোৱা সেই অভ্যাস এৰিবই নোৱাৰে, তাৰ দ্বাৰা নিজৰেই পদ কম কৰি দিয়ে। ভাল
বাৰু।
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যি কোনো
কথাৰ তর্ক-বিতর্কত নিজৰ সময় নষ্ট কৰিব নালাগে। ব্যৰ্থ কথাত বুদ্ধি যাতে বেছিকৈ
নাযায়। যিমান পাৰি স্মৃতিৰ যাত্ৰাৰে বিকৰ্ম বিনাশ কৰিব লাগে। আত্মা-অভিমানী হৈ থকাৰ
অভ্যাস কৰিব লাগে।
(2) এই পুৰণি সৃষ্টিৰ
পৰা মুখ ঘূৰাই ল’ব লাগে। শান্তিধাম আৰু সুখধামক স্মৰণ কৰিব লাগে। নতুন ঘৰ তৈয়াৰ হৈ
আছে সেয়েহে পুৰণিৰ পৰা অন্তৰ আঁতৰাই দিব লাগে।
বৰদান:
ঈশ্বৰীয় কুলৰ
স্মৃতিৰে মায়াৰ সন্মুখীন হওঁতা সদায় সমৰ্থ স্বৰূপ হোৱা
যিকোনো কাৰ্যত সফলতা
প্ৰাপ্ত কৰিবলৈ হ’লে প্ৰথমে স্মৃতিৰ দ্বাৰা সমৰ্থ স্বৰূপ হোৱা। সামৰ্থ্য আহিলে
মায়াৰ সন্মুখীন হোৱাতো সহজ হৈ যাব। যেনেকুৱা স্মৃতি তেনেকুৱা স্বৰূপ হৈ যায় সেইকাৰণে
সদায় যাতে শক্তিশালি স্মৃতি থাকে যে যেতিয়ালৈকে এই ঈশ্বৰীয় জন্ম তেতিয়ালৈকে প্ৰতিটো
চেকেণ্ডত, প্ৰতিটো সংকল্পত, প্ৰতিটো কাৰ্যত ঈশ্বৰীয় সেৱাত আছোঁ। আমাৰ এয়া ঈশ্বৰীয়
কুল, এইটো স্মৃতিৰ আসনে সকলো দুৰ্বলতা সমাপ্ত কৰি দিব।
স্লোগান:
সত্য সময়ত স্বয়ং সিদ্ধ হয় সত্যক সিদ্ধ কৰাৰ আৱশ্যকতা নাই।
অব্যক্ত ইংগিত: মহান
হ’বলৈ মধুৰতা আৰু নম্ৰতাৰ গুণ ধাৰণ কৰা
গৰিষ্ঠসংখ্যকৰ
সন্মুখত সেৱাত বাধাৰ সৃষ্টি কৰোঁতা মুখ্য বিঘিনি হৈছে - মই এইটো কৰিলোঁ, মইহে এইটো
কৰিব পাৰোঁ…. যেতিয়া এই ‘মই’ বোধ আহে, ইয়াক জ্ঞানৰ অভিমান, বুদ্ধিৰ অভিমান বা
সেৱাৰ অভিমান বুলি কোৱা হয়। এইবোৰ ৰূপতে বিঘিনি আহে। এনে ধৰণৰ বিঘিনি সমাপ্ত কৰিবলৈ,
সদায় এটা কথা স্মৃতিত ৰাখিবা যে মই নিমিত্ত মাত্ৰ। নিমিত্ত হ’লেহে নিৰাকাৰী,
নিৰহংকাৰী আৰু নম্ৰচিত্ত হ'ব পাৰে, আৰু সংকল্প ৰহিত অৱস্থাত থাকিব পাৰে। এই
ধাৰণাসমূহেই বায়ুমণ্ডল নিৰ্বিঘ্ন কৰি দিয়ে।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]