30.06.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পিতা তোমালোকক জ্ঞানেৰে শুদ্ধ সুবাসিত ফুল কৰি তুলিবলৈ আহিছে, তোমালোক কাঁইট হ’ব নালাগে, কাঁইটক এই সভালৈ আনিব নালাগে”

প্ৰশ্ন:
যিসকল সন্তানে স্মৃতিৰ যাত্ৰাত থকাৰ বাবে পৰিশ্ৰম কৰে তেওঁলোকৰ লক্ষণ কি হ’ব?

উত্তৰ:
স্মৃতিত থকাৰ পৰিশ্ৰম কৰা সন্তানসকল বহুত আনন্দিত হৈ থাকিব। বুদ্ধিত এইটো থাকিব যে এতিয়া আমি পুনৰ উভতি গৈ আছোঁ। আকৌ আমি সুবাসিত ফুলৰ বাগিচালৈ যাব লাগিব। তোমালোক স্মৃতিৰ যাত্ৰাৰে সুবাসিত হৈ যোৱা আৰু আনকো সুবাসিত কৰি তোলা।

ওঁম্শান্তি।
বাগিচাৰ গৰাকীও বহি আছে, মালীও আছে, ফুলো আছে। এইটো নতুন কথা নহয় জানো। কোনোবা নতুন লোকে যদি শুনে তেতিয়া ক’ব এওঁলোকে কি কয়। বাগিচাৰ গৰাকী, ফুল আদি এয়া কি? এনেকুৱা কথাতো কেতিয়াও শাস্ত্ৰত শুনা নাই। তোমালোক সন্তানসকলে জানা, বাগিচাৰ গৰাকী তথা নাৱৰীয়াক স্মৰণো কৰা। এতিয়া ইয়ালৈ ইয়াৰ পৰা পাৰলৈ লৈ যাবলৈ আহিছে। পিতাই কয় - স্মৃতিৰ যাত্ৰাত থাকিব লাগে। নিজক নিজেই চোৱা মই কিমান দূৰলৈ গৈ আছোঁ? কিমান দূৰ নিজৰ সতোপ্ৰধান অৱস্থাত উপনীত হৈছোঁ? যিমানে সতোপ্ৰধান অৱস্থা হৈ গৈ থাকিব তেতিয়া বুজিবা এতিয়া আমি উভতি গৈ আছোঁ। আমি ক’ত আহি উপনীত হৈছোঁ, সকলো স্মৃতিৰ যাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰে। আনন্দও বাঢ়ি গৈ থাকিব। যিয়ে যিমান পৰিশ্ৰম কৰে সিমানে তেওঁ আনন্দিত হ’ব। যেনেকৈ পৰীক্ষাৰ সময় হ’লে তেতিয়া বিদ্যাৰ্থীয়ে বুজি পাই যায় নহয় যে মই কিমান দূৰ কৃতকাৰ্য হ’ম। ইয়াতো এনেকুৱাই হয় - প্ৰত্যেক সন্তানে নিজক জানে যে কিমান দূৰ মই সুবাসিত ফুল হৈছোঁ? আকৌ আনকো কিমান সুবাসিত কৰি তোলোঁ? এনেকৈ কোৱাই হয় যে কাঁইটৰ জংঘল। সেয়া হ’ল ফুলৰ বাগিচা। মুছলমানসকলেও “আল্লাৰ বাগিচা” বুলি কয়। তেওঁলোকে এনেকৈ ভাবে যে তাত এখন বাগিচা আছে, তালৈ যিয়ে যায় তেওঁক আল্লাই ফুল দিয়ে। মনত যি কামনা থাকে সেয়া পূৰ্ণ কৰে। বাকী এনেকুৱাতো নহয়, কোনোবাই ফুল ছিঙি দিয়ে, যাৰ বুদ্ধিত যেনেকৈ আছে সেয়া সাক্ষাৎকাৰ হৈ যায়। ইয়াত সাক্ষাৎকাৰৰ ভিত্তিত একো নহয়। ভক্তিমাৰ্গততো সাক্ষাৎকাৰৰ কাৰণে ডিঙিও কাটি দিয়ে। মীৰাৰ সাক্ষাৎকাৰ হ’ল তেওঁৰ কিমান মান আছে। সেয়া হ’ল ভক্তিমাৰ্গ। ভক্তি আধাকল্প ধৰি চলিবই। জ্ঞান নায়েই। বেদ আদিৰ বহুত মান আছে। এনেকৈ কয় যে বেদতো আমাৰ প্ৰাণ হয়। এতিয়া তোমালোকে জানা এই বেদ-শাস্ত্ৰ আদি সকলো হৈছে ভক্তিমাৰ্গৰ কাৰণে। ভক্তিৰ কিমান ডাঙৰ বিস্তাৰ। ডাঙৰ বৃক্ষ। জ্ঞান হ’ল বীজ। এতিয়া জ্ঞানেৰে তোমালোক কিমান শুদ্ধ হৈ যোৱা। সুবাসিত হৈ যোৱা। এইখন তোমালোকৰ বাগিচা। ইয়াত কাকো কাঁইট বুলি কোৱা নহ’ব কিয়নো ইয়াত কোনো বিকাৰগ্ৰস্ত নহয়। গতিকে কোৱা হ’ব এই বাগিচাত এডালো কাঁইট নাই। কাঁইট কলিযুগত থাকে। এতিয়া হ’ল পুৰুষোত্তম সংগমযুগ। ইয়াত কাঁইট ক’ৰ পৰা আহিল। যদি কোনোবা কাঁইট বহি আছে তেন্তে নিজৰেই ক্ষতি কৰে কিয়নো এইখন ইন্দ্ৰপ্ৰস্থ হয় নহয়। ইয়াত জ্ঞান পৰীসকল বহি আছে। জ্ঞানৰ নৃত্য কৰোঁতা পৰী। মুখ্য মুখ্য সকলৰ নাম ‘পোখৰাজ পৰী’, ‘নীলম পৰী’ আদি আদি দিয়া হৈছে। তেওঁলোককেই আকৌ 9 ৰত্ন বুলি গায়ন কৰা হয়। কিন্তু এওঁলোক কোন আছিল, এইটো কোনেও নাজানে। পিতাই মাত্ৰ কয় - মোক স্মৰণ কৰা। তোমালোক সন্তানসকলৰ বুদ্ধিত এতিয়া বোধশক্তি আছে, 84ৰ চক্ৰও এতিয়া বুদ্ধিত আছে। শাস্ত্ৰবিলাকততো 84 লাখ বুলি কৈ দিছে। অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলক পিতাই বুজাইছে - তোমালোকে 84 জন্ম ল’লা। এতিয়া তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ’ব লাগে। কিমান সহজ। ভগৱানুবাচ (ভগৱানে কয়) সন্তানসকলৰ প্ৰতি, মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা। এতিয়া তোমালোক সন্তানসকল সুবাসিত ফুল হ’বৰ কাৰণে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। কাঁইট নহ’বা। ইয়াত সকলো সুবাসিত ফুল। কাঁইট নহয়। অৱশ্যে হয় মায়াৰ ধুমুহাতো আহিব। মায়া ইমান কাঢ়া যে তৎক্ষণাৎ আৱদ্ধ কৰি দিব। তেতিয়া অনুতপ্ত হ’বা - মই এয়া কি কৰিলোঁ। মোৰতো জমা কৰা সকলো উপাৰ্জন শেষ হৈ গ’ল।

এইখন হ’ল বাগিচা। বাগিচাত ভাল ভাল ফুলো থাকে। এইখন বাগিচাতো কোনোবাতো অতি উত্তম ফুল হৈ যায়। যেনেকৈ “মোগল গাৰ্ডেন”ত ভাল ভাল ফুল থাকে। সকলো চাবলৈ যায়। ইয়াত তোমালোকৰ ওচৰলৈ কোনেওতো চাবলৈ নাহিব। তোমালোকে কাঁইটবোৰক কি মুখ দেখুৱাবা! গায়নো আছে মূত ঈশ্বৰে মলিন কাপোৰ পৰিস্কাৰ কৰে…. বাবাৰ (ব্ৰহ্মা বাবাৰ) ‘জপ চাহেব’, ‘সুখমণি’ (শিখসকলৰ শান্তিৰ ভজন) আদি সকলো স্মৃতিত আছিল। অখণ্ড পাঠো কৰিছিল, 8 (আঠ) বছৰ বয়সতে পাগুৰি বান্ধিছিল, গুৰুদ্বাৰতেই থাকিবলৈ লৈছিল। গুৰুদ্বাৰৰ দায়িত্ব সকলো মোৰ ওপৰত আছিল। এতিয়া ঈশ্বৰে মলিন কাপোৰ পৰিস্কাৰ কৰাৰ অৰ্থ বুজিছে। গুণ-গৰিমা সকলো পিতাৰেই। এতিয়া তোমালোক সন্তানসকলক পিতাই বহি বুজায়। সন্তানসকলক কয়ো যে ভাল ভাল ফুল লৈ আনা। যিয়ে ভাল ভাল ফুল লৈ আনিব তেওঁলোকক ভাল ফুল বুলি মান্যতা দিয়া হ’ব। সকলোৱে কয় - মই শ্ৰী লক্ষ্মী-নাৰায়ণ হ’ম তেতিয়া হ’লে গোলাপ ফুল হৈ গ’ল। পিতাই কয় – ভাল কথা, তোমালোক সন্তানসকলৰ মুখত গোলাপ। এতিয়া পুৰুষাৰ্থ কৰি সদায় গোলাপ হোৱা। অনেক সন্তান আছে। প্ৰজাতো বহুত তৈয়াৰ হৈ আছে। তাত হয়েই ৰজা-ৰাণী আৰু প্ৰজা। সত্যযুগত মন্ত্ৰী (পৰামৰ্শ দাতা) নাথাকে কাৰণ ৰজাৰেই শক্তি থাকে। মন্ত্ৰী আদিৰ পৰা পৰামৰ্শ লোৱাৰ প্ৰয়োজন নাথাকে। নহ’লেতো ৰায় দিওঁতাজন ডাঙৰ হৈ যাব। তাত ভগৱান-ভগৱতীক ৰায়ৰ প্ৰয়োজন নাই, মন্ত্ৰী আদি তেতিয়া থাকে, যেতিয়া পতিত হয়। ভাৰতৰেই কথা, আৰু কোনো খণ্ড নাই, য’ত ৰজাই ৰজাৰ আগত মূৰ দোৱায়। ইয়াতেই দেখুওৱা হয় জ্ঞানমাৰ্গত পূজ্য, অজ্ঞান মাৰ্গত পূজাৰী। তেওঁলোক দ্বৈত মুকুটধাৰী, এওঁলোক একক মুকুটধাৰী। ভাৰতৰ নিচিনা পৱিত্ৰ খণ্ড আৰু নাই। স্বৰ্গ, জন্নত আছিল। তোমালোকে তাৰ কাৰণেই পঢ়া। এতিয়া তোমালোক ফুল হ’ব লাগে। বাগিচাৰ গৰাকী আহিছে। মালীও হয়। মালী ক্ৰমানুসাৰে থাকে। সন্তানসকলেও বুজি পায় এইখন বাগিচা, ইয়াত কাঁইট নাই, কাঁইটে দুখ দিয়ে। পিতাইতো কাকো দুখ নিদিয়ে, তেওঁ হয়েই দুখ হৰ্তা, সুখ কৰ্তা। কিমান মৰমৰ বাবা।

তোমালোক সন্তানসকলৰ পিতাৰ প্ৰতি মৰম আছে। পিতায়ো সন্তানসকলক মৰম কৰে নহয়। এয়া হৈছে পঢ়া। পিতাই কয় - মই তোমালোকক বাস্তৱত পঢ়াও, এৱোঁ (ব্ৰহ্মায়ো) পঢ়ে, পঢ়ি আকৌ পঢ়োৱা তেতিয়া অন্যও কাঁইটৰ পৰা ফুল হৈ যাব। ভাৰতক মহাদানি বুলি গায়ন কৰা হৈছে কিয়নো এতিয়া তোমালোক সন্তানসকল মহাদানী হৈছা। অবিনাশী জ্ঞান ৰত্ন তোমালোকে দান কৰা। বাবাই বুজাইছে - আত্মায়েই জ্ঞানী-যোগী হয়। বাবাও জ্ঞানী-যোগী। তেওঁৰ সকলো জ্ঞান আছে। জ্ঞানৰ সাগৰ হৈছে পৰমপিতা পৰমাত্মা, তেওঁ হৰ্তা-কৰ্তা নহয় জানো। জ্ঞানৰ সাগৰ একমাত্ৰ পিতা সেইকাৰণে গায়ন কৰা হয় – গোটেই সমুদ্ৰক চিয়াঁহী কৰি ল’লেও জ্ঞান লিখি শেষ কৰিব নোৱাৰিবা। আকৌ এক চেকেণ্ডত জীৱনমুক্তি বুলিও গায়ন আছে। তোমালোকৰ ওচৰত কোনো শাস্ত্ৰ আদি নাই। তাত কোনোবা পণ্ডিত আদিৰ ওচৰলৈ গ’লে তেতিয়া ভাবে যে এইজন পণ্ডিত বহুত বিজ্ঞ হৰ্তা-কৰ্তা। এওঁ সকলো বেদ শাস্ত্ৰ কণ্ঠস্থ কৰিছে আকৌ সংস্কাৰ লৈ যায় তেতিয়া সৰু কালৰ পৰাই সেইবোৰ অধ্যয়ন কৰি লয়। তোমালোকে সংস্কাৰ লৈ নোযোৱা। তোমালোকে পঢ়াৰ ফলাফল লৈ যোৱা। তোমালোকৰ পঢ়া সম্পূৰ্ণ হ’লে তেতিয়া ফলাফল ওলাব আৰু সেই পদ পাই যাবা। জ্ঞান জানো লৈ যাবা যে কাৰোবাক শুনাবাগৈ। ইয়াততো হৈছে তোমালোকৰ পঢ়াৰ কথা, যাৰ প্ৰালব্ধ নতুন সৃষ্টিত পোৱা যাব। তোমালোক সন্তানসকলক পিতাই বুজাইছে - মায়াও কোনো কম শক্তিমান নহয়। মায়াৰ শক্তি হ’ল দুৰ্গতিত লৈ যোৱাৰ। কিন্তু মায়াৰ মহিমা জানো কৰিবা। মায়াতো দুখ দিয়াত শক্তিমান হয় নহয়। পিতা সুখ দিয়াত শক্তিমান সেইকাৰণে তেওঁৰ গায়ন আছে। এয়াও ড্ৰামা ৰচি থোৱা আছে। তোমালোকে সুখো পোৱা আৰু দুখো পোৱা। পৰাজয় আৰু জয় কাৰ হয়, ইয়াৰ বিষয়েও জানিব লাগে নহয়। পিতাও ভাৰতলৈকে আহে, জয়ন্তীও ভাৰততেই পালন কৰা হয়, এইটো কোনেও নাজানে যে শিৱবাবা কেতিয়া আহিল, আহি কি কৰিলে। নাম-চিহ্নই নাইকিয়া কৰি দিলে। সন্তান শ্ৰীকৃষ্ণৰ নাম দি দিলে। বাস্তৱত অতিকৈ মৰমৰ পিতাৰ মহিমা বেলেগ, শ্ৰীকৃষ্ণৰ মহিমা বেলেগ। তেওঁ নিৰাকাৰ, এওঁ সাকাৰ। শ্ৰীকৃষ্ণৰ মহিমা হ’ল - সৰ্বগুণ সম্পন্ন, সম্পূৰ্ণ নিৰ্বিকাৰী, মৰ্যাদা পুৰুষোত্তম, অহিংসা পৰম ধৰ্ম….. শিৱবাবাৰ এনেকৈ মহিমা নকৰে, যাৰ গুণ আছে তেন্তে অৱগুণো থাকিব সেইকাৰণে পিতাৰ মহিমাই বেলেগ। পিতাক অকালমূৰ্ত বুলি কয় নহয়। আমিও অকালমূৰ্ত। আত্মাক কালে খাব নোৱাৰে। আত্মা অকালমূৰ্তৰ এয়া (ভ্ৰূকুটি) হৈছে আসন। আমাৰ বাবাও অকালমূৰ্ত। কালে শৰীৰকহে খায়। ইয়াত অকালমূৰ্তক আহ্বান জনায়। সত্যযুগত আহ্বান নজনায় কিয়নো তাততো সুখেই সুখ সেইকাৰণে গায়নো কৰে – দুখত সকলোৱে স্মৰণ কৰে সুখত কোনেও নকৰে। এতিয়া ৰাৱণৰ ৰাজ্যত কিমান দুখ। পিতাইতো স্বৰ্গৰ মালিক কৰি তোলে আকৌ তাত আধাকল্প কোনেও আহ্বান নজনায়। যেনেকৈ লৌকিক পিতাই সন্তানসকলক অলংকৃত কৰি উত্তৰাধিকাৰ দি নিজে বানপ্ৰস্থ অৱস্থাত গুচি যায়। সকলোবোৰ সন্তানক দি ক’ব - এতিয়া মই সৎসংগলৈ যাওঁ। কিবা খাবৰ কাৰণে পঠিয়াই থাকিবা। এই বাবাইতো এনেকৈ নক’ব নহয়। এওঁতো কয় - মৰমৰ সন্তানসকল মই তোমালোকক বিশ্বৰ বাদশ্বাহী দি বানপ্ৰস্থত গুচি যাম। মই জানো ক’ম - খাবৰ কাৰণে পঠিয়াবা। পিতাকৰ তত্ত্বাৱধান লোৱাতো লৌকিক সন্তানৰতো দায়িত্ব। নহ’লে খাব কেনেকৈ? এই পিতাইতো কয় - মই নিষ্কাম সেৱাধাৰী। মনুষ্য কোনো নিষ্কাম হ’ব নোৱাৰে। ভোকত মৰি যাব। মই জানো ভোকত মৰিম, মইতো অভোক্তা। তোমালোক সন্তানসকলক বিশ্বৰ বাদশ্বাহী দি মই গৈ বিশ্ৰাম কৰোঁ। তেতিয়া মোৰ ভূমিকা শেষ হৈ যায়। আকৌ ভক্তিমাৰ্গত আৰম্ভ হয়। এই অনাদি ড্ৰামা ৰচি থোৱা আছে, যাৰ ৰহস্য পিতাই বহি বুজায়। বাস্তৱত তোমালোকৰ ভূমিকা সকলোতকৈ বেছি সেয়েহে পুৰস্কাৰো তোমালোকেই পোৱা উচিত। মই আৰাম কৰোঁ, তেতিয়া তোমালোক আকৌ ব্ৰহ্মাণ্ডৰো মালিক, বিশ্বৰো মালিক হোৱা। তোমালোকৰ নাম প্ৰসিদ্ধ হয়। এই ড্ৰামাৰ ৰহস্যও তোমালোকে জানা। তোমালোক হ’লা জ্ঞানৰ ফুল। জগতত এজনো নাই। ৰাতি-দিনৰ পাৰ্থক্য আছে। তেওঁলোক ৰাতিত আছে, তোমালোক দিনলৈ যোৱা। আজিকালি চোৱা বন উৎসৱ পাতি থাকে, এতিয়া ভগৱানে মনুষ্যৰ বনোৎসৱ পাতি আছে।

চোৱা পিতাই কেনেকুৱা চমৎকাৰ কৰে যে মনুষ্যক দেৱতা, ভিকহুক ৰজা কৰি তোলে। এতিয়া বেহদৰ পিতাৰ সৈতে তোমালোকে চুক্তি কৰিবলৈ আহিছা, এনেকৈ কোৱা যে বাবা আমাক ভিকহুৰ পৰা ৰজা কৰি তোলক। এওঁতো বহুত ভাল গ্ৰাহক। তেওঁক তোমালোকে দুখ হৰ্তা, সুখ কৰ্তা বুলি কোৱাও। এনেকুৱা দান আৰু একোৱেই নাই। তেওঁ হ’ল সুখ দিওঁতা। পিতাই কয় - ভক্তিমাৰ্গতো মই তোমালোকক দিওঁ। এই সাক্ষাৎকাৰ আদি ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। এতিয়া পিতাই বহি বুজায় - মই কি কি কৰোঁ। আগলৈ গৈ বুজাই থাকিম। অৱশেষত অন্তিমত তোমালোকে ক্ৰমানুসৰি কৰ্মাতীত অৱস্থা প্ৰাপ্ত কৰিবা। এই সকলোবোৰ ড্ৰামাত নিৰ্ধাৰিত হৈ আছে তথাপিও পুৰুষাৰ্থ কৰোৱা হয়, পিতাক স্মৰণ কৰা। যথাযথ এয়া মহাভাৰতৰ যুদ্ধও হয়। সকলো শেষ হৈ যাব। বাকী ভাৰতবাসীহে থাকিবগৈ। আকৌ তোমালোকে বিশ্বত ৰাজ্য কৰাগৈ। এতিয়া পিতা তোমালোকক পঢ়াবলৈ আহিছে। তেৱেঁই জ্ঞানৰ সাগৰ। এয়াও খেল, এই ক্ষেত্ৰত বিবুদ্ধিত পৰিবলগীয়া কথা নাই। মায়াই ধুমুহাত লৈ আহিব। পিতাই বুজায় - মায়ালৈ ভয় নকৰিবা। বহুত বেয়া বেয়া সংকল্প উদয় হ’ব। সেয়াও তেতিয়া উদয় হ’ব যেতিয়া বাবাৰ কোলাত আহিবা। যেতিয়ালৈকে বাবাৰ কোলাত নাহা তেতিয়ালৈকে মায়াই ইমান যুদ্ধ নকৰে। বাবাৰ কোলাত অহাৰ পাছতহে ধুমুহা আহে সেইকাৰণে পিতাই কয় - বাবাৰ কোলাতো সাৱধানে আহিব লাগে। দুৰ্বল হ’লে তেন্তে প্ৰজাত আহি যাব। ৰজাৰ পদ পোৱাতো ভাল কথা, নহলে দাস-দাসী হ’ব লাগিব। এয়া সূৰ্যবংশী-চন্দ্ৰবংশী ৰাজধানী স্থাপনা হৈ আছে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) জ্ঞানী-যোগী হৈ অবিনাশী জ্ঞান ৰত্ন দান কৰি মহাদানী হ’ব লাগে। যি পাঠ পঢ়া সেয়া আনকো পঢ়াব লাগে।

(2) কোনো কথাত বিবুদ্ধিত পৰিব বা ভয়-ভীত হ’ব নালাগে, নিজৰ তত্ত্বাৱধান ল’ব লাগে। নিজে নিজক সুধিব লাগে যে মই কোন প্ৰকাৰৰ ফুল। মোৰ কোনো দুৰ্গন্ধতো নাই।

বৰদান:
দৃঢ় সংকল্পৰ দ্বাৰা দুৰ্বলতা ৰূপী কলিযুগী পৰ্বত সমাপ্ত কৰোঁতা সমৰ্থ স্বৰূপ হোৱা

হতাশ হোৱা, কোনো সংস্কাৰ বা পৰিস্থিতিৰ বশীভূত হোৱা, ব্যক্তি বা বৈভৱৰ ফালে আকৰ্ষিত হোৱা – এই সকলো দুৰ্বলতা ৰূপী কলিযুগী পৰ্বত দৃঢ় সংকল্পৰ আঙুলিৰে সদা কালৰ বাবে সমাপ্ত কৰা অৰ্থাৎ বিজয়ী হোৱা। বিজয় আমাৰ ডিঙিৰ মালা - সদায় এইটো স্মৃতিৰে সমৰ্থ স্বৰূপ হোৱা। এয়াই স্নেহৰ প্ৰতিদান। যেনেকৈ সাকাৰ পিতাই স্থিতিৰ স্তম্ভ হৈ দেখুৱালে তেনেকৈ পিতাক অনুসৰণ কৰি সৰ্বগুণৰ স্তম্ভ হোৱা।

স্লোগান:
সাধন সেৱাৰ বাবে, আৰামপ্ৰেমী হ’বলৈ নহয়।


অব্যক্ত সংকেত: আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা

যেনেকৈ আণৱিক বোমা এটা স্থানত বিস্ফোৰণ কৰিলে চাৰিওফালে তাৰ অংশ বিয়পি পৰে - সেয়া আণৱিক বোমা আৰু এয়া হৈছে আত্মিক বোমা। ইয়াৰ প্ৰভাৱে অনেক আত্মাক আকৰ্ষিত কৰিব আৰু সহজে প্ৰজা বৃদ্ধি হৈ যাব সেই কাৰণে সংগঠিত ৰূপত আত্মিক স্বৰূপৰ অভ্যাস বঢ়োৱা, স্মৃতি-স্বৰূপ হোৱা তেতিয়া বায়ুমণ্ডল শক্তিশালী হৈ যাব।