30.06.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
এতিয়া তোমালোক পিতাৰ প্ৰতি উছৰ্গিত হৈ যোৱা তেতিয়া 21 জন্মলৈ তোমালোক সদায় সুখী হৈ
যাবা”
প্ৰশ্ন:
জ্ঞানী
সন্তানসকলে নিজৰ অৱস্থা ঠিকে ৰাখিবলৈ কোনটো অভ্যাস দৃঢ় কৰিব লাগে?
উত্তৰ:
পুৱাতে (অমৃতবেলা) উঠাৰ। পুৱাতে উঠি বাবাৰ স্মৃতিত বহা – এইটো বহুত ভাল ধাৰণা।
যিসকল সন্তান সোনকালে শোৱে আৰু সোনকালে উঠে তেওঁলোকৰ অৱস্থা গোটেই দিনটোলৈকে ঠিকে
থাকে। অজ্ঞানীসকলৰ টোপনিতকৈ জ্ঞানী সন্তানসকলৰ টোপনি আধা হোৱা উচিত। 10 বজাত শুই
যোৱা 2 বজাত উঠি বহা।
গীত:
মুঝকো চহাৰা
দেনে ৱালে…….. (মোক আশ্ৰয় দিওঁতা….….)
ওঁম্শান্তি।
সন্তানসকল সকলো
সন্মুখত বহি আছে সেয়েহে জানে যে আমি জীৱ আত্মা। ইয়াততো জীৱ আত্মাসকলেই থাকিব নহয়।
যেতিয়া আত্মাৰ শৰীৰ নাথাকে তেতিয়া নগ্ন হৈ থাকে, আত্মাক অশৰীৰী বুলি কোৱা হয়।
তোমালোকতো শৰীৰ সহিত বহি আছা। আত্মা বা পৰমাত্মা যেতিয়ালৈকে শৰীৰত নাহে তেতিয়ালৈকে
কথা ক'ব নোৱাৰে। তোমালোক জীৱ আত্মাসকলে জানা যে এতিয়া পিতাৰ সন্মুখত বহি আছোঁ। হুবহু
যিদৰে 5 হাজাৰ বছৰ পূৰ্বে সন্মুখত আহিছিলা। সন্তানসকলে নিশ্চয় পিতাৰ পৰা
উত্তৰাধিকাৰেই ল'ব। এয়া জানে যে আমি নিজৰ পৰমপিতা পৰমাত্মা বেহদৰ পিতাৰ সন্মুখত বহি
আছোঁ। কিয় বহি আছোঁ? পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ ল'বলৈ। যেনেকৈ বিদ্যালয়ত এইটো
বুজি পায় যে আমি শিক্ষকৰ দ্বাৰা ইঞ্জিনীয়াৰিং (অভিযান্ত্ৰিক বিদ্যা), বেৰিষ্টাৰী (ওকালতি)
শিকোঁ। এয়া লক্ষ্য-উদ্দেশ্য থাকে। তোমালোক সন্তানসকলে বুজি পোৱা পৰমপিতা পৰমাত্মাই
আমাক ব্ৰহ্মাৰ শৰীৰত বহি ৰাজযোগ শিকায়। ভগৱানুবাচ (ভগৱানে কয়) - এয়াতো সন্তানসকলক
বুজোৱা হৈছে যে ভগৱান নিৰাকাৰক কোৱা হয়। জীৱ আত্মাসকলে পুনৰ্জন্ম নিশ্চয় লয়। যিকোনো
সন্ন্যাসীক তোমালোকে সোধা - মনুষ্যই পুনৰ্জন্ম লয়নে? তেতিয়া এনেকৈ নক'ব যে নলয়।
নহ'লে 84 লাখ জন্ম বুলি কেনেকৈ ক’ব? সোধা - আপোনালোকে পুনৰ্জন্ম বিশ্বাস কৰেনে?
এয়াতো যথাযথ হয়, আত্মাই সংস্কাৰ অনুসৰি এটা শৰীৰ এৰি আকৌ অন্য এটা লয়। এনেদৰে কোনো
কোনো মনুষ্যই 84 জন্ম লয়। 84 লাখ জন্মৰতো কথাই নাই। প্ৰথম জন্ম নিশ্চয় বহুত ভাল
সতোপ্ৰধান হ'ব। অন্তিম জন্ম ছিঃ ছিঃ তমোপ্ৰধান হ'ব। 16 কলাৰ পৰা পুনৰ 14 কলা, 12 কলা
হৈ গৈ থাকিব, পুনৰ্জন্ম নিশ্চয় লয়। সুধিব লাগে, বাৰু পৰমপিতা পৰমাত্মাই পুনৰ্জন্ম
লয়নে নে পুনৰ্জন্ম ৰহিত? চোৱা এইটো বহুত সূক্ষ্ম কথা। যদি কয় জন্ম-মৰণ ৰহিত তেন্তে
আকৌ শিৱ জয়ন্তী সিদ্ধ নহয়। ক'ব শিৱ জয়ন্তীতো পালন কৰা হয়। বুজোৱা হয় - হয় শিৱ জয়ন্তী
আছে কিন্তু জন্মৰ সৈতে আকৌ মৃত্যু বুলি যাক কোৱা হয় সেইটো নাই। যদি মৃত্যু হয় তেন্তে
আকৌ পুনৰ্জন্ম ল'ব। পিতাই কেতিয়াও পুনৰ্জন্ম নলয়। তেওঁ এইটো শৰীৰত এবাৰহে আহে, বচ্
আকৌ পুনৰ্জন্মত নাহে। পৰমপিতা পৰমাত্মা পুনৰ্জন্ম ৰহিত, তেওঁ কেতিয়াও সতোপ্ৰধানৰ পৰা
তমোপ্ৰধান নহয়। আত্মাসকলতো সকলোৱে জন্ম-মৰণত আহি আহি পতিত হৈ যায় আকৌ পিতা আহে পাৱন
কৰিবলৈ। ইয়াৰ দ্বাৰা সিদ্ধ হয় যে আত্মাহে পতিত হয়, আত্মা ঘৰৰ পৰা পাৱন হৈ আহে আকৌ
মায়াই পতিত কৰি দিয়ে। পিতাইতো কেতিয়াও পতিত নকৰিব। পিতাই কেতিয়াও সন্তানসকলক বিকাৰী
মত দিব নোৱাৰে। এই সময়ৰ মনুষ্যই পতিত মতেই দিয়ে। এতিয়া পাৱন পিতাই কয় যে পতিত নহ'বা
অৰ্থাৎ বিকাৰগ্ৰস্ত নহ'বা। ৰাৱণৰ মতৰ দ্বাৰা দুখধাম হৈ গ'ল। প্ৰথমে সুখধাম আছিল।
এনেকুৱা নহয় যে পিতাইহে সুখ দুখ দিয়ে। নহয়, পিতাই কেতিয়াও সন্তানসকলক দুখৰ মত দিব
নোৱাৰে। মায়াইহে দুখ দিয়ে। সেই মায়াক জিনিলে তোমালোক জগতজিৎ হোৱা। মনুষ্যই মায়াৰ
অৰ্থ বুজি নাপায়। তেওঁলোকে ধনক মায়া বুলি কৈ দিয়ে। এনেকৈ কয় নহয় যে এওঁৰ মায়াৰ নিচা
বহুত আছে। কিন্তু মায়াৰ নিচা নাথাকে। তাত (সত্যযুগত) ৰাৱণৰ প্ৰতিকৃতি সাজি নজ্বলায়।
প্ৰতিকৃতিতো শত্ৰুৰ সজা হয়। আধাকল্পৰ পৰা ৰাৱণ ৰাজ্য আৰম্ভ হয়। দেহ অহংকাৰ আহিলে আকৌ
অন্যান্য বিকাৰসমূহ আহি যায়। শাস্ত্ৰত লিখা আছে যে দেৱতাসকল বাম মাৰ্গত অৰ্থাৎ
বিকাৰত যায়। মায়াৰ বশীভূত হোৱাৰ বাবে পৰৱশ হৈ যায়। পৰমতত চলি থাকে। এতিয়া তোমালোক
শ্ৰীমতত চলা। পৰমত অৰ্থাৎ মায়াৰ মত। শ্ৰী অৰ্থাৎ শ্ৰেষ্ঠ মত হৈছে পিতাৰ। সেয়া হৈছে
ৰাৱণৰ মত, পৰমত সেইবাবে পিতাই কৈছে - আসুৰি সম্প্ৰদায় সকলো ৰাৱণৰ শিকলিত বান্ধ খাই
দুখী হৈ আছে।
মনুষ্যই সত্যযুগৰ
আয়ুস লাখ লাখ বছৰ বুলি বুজি লৈছে। তোমালোকেতো হিচাপ কৰি কোৱা - 5 হাজাৰ বছৰ কেনেকৈ
হয়। যীশুখ্ৰীষ্টৰ 2 হাজাৰ বছৰ হ'ল, বুদ্ধৰ 2250 বছৰ হ'ল আকৌ ইছলামৰ 2500 বছৰ হ'ল।
সকলো মিলাই আধাকল্প হ'ল। তাৰ আগতেতো দেৱতাসকলৰ ৰাজ্য আছিল তেন্তে দেৱতাসকলৰ লাখ লাখ
বছৰ বুলি কেনেকৈ ক'ব পাৰি। ইমান মনুষ্য থাকিলে তেতিয়াতো মনুষ্য বহুত হৈ গ'লহেঁতেন।
ইমানতো নাই। 5 হাজাৰ বছৰতে কোটি কোটি মনুষ্য হৈ যায়। এনেকৈ কয়ো যে যীশুখ্ৰীষ্টৰ 3
হাজাৰ বছৰ পূৰ্বে ভাৰতত আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল। 5 হাজাৰ বছৰ পূৰা হৈ যায়।
ড্ৰামা সম্পূৰ্ণতো হয় নহয়। এই কথাবিলাক কোনেও নাজানে। মই যি হওঁ, যেনেকুৱা হওঁ,
এই চক্ৰ ঘূৰে, কোনেও জানিব নোৱাৰে। পিতাইহে বুজায় - এয়া হৈছে 'গীতা'ৰ কাহিনী। পিতা
আহি সহজ ৰাজযোগ শিকাইছিল। বাবাই বুঢ়ীসকলকো বুজায় যে এয়া বহুত সহজ কথা। কেৱল পিতা আৰু
উত্তৰাধিকাৰক স্মৰণ কৰিব লাগে। সন্তান জন্ম হ'ল, অৰ্থাৎ উত্তৰাধিকাৰী জন্ম হ'ল।
তোমালোকে বুজি পোৱা আমি বাবাৰ উত্তৰাধিকাৰী। 5 হাজাৰ বছৰৰ পাছত পুনৰাই মিলিত হ'বলৈ
আহিছে। এইবিলাক অতি গুপ্ত কথা। বাবাই সোধে - আগতে কেতিয়াবা লগ পাইছানে? তেতিয়া কয় -
হয় বাবা। আত্মাই এই মুখৰ দ্বাৰা কয় - আমি 5 হাজাৰ বছৰ পূৰ্বে আপোনাক লগ পাইছিলোঁ।
আপুনি এই শৰীৰৰ দ্বাৰা শিক্ষা দিবলৈ আহিছিল। যিসকল পৰিপক্ক সন্তান আছে তেওঁলোকে বুজি
পায় যে আমি বাবাৰ পৰা উত্তৰাধিকাৰ ল'বলৈ বহি আছোঁ। আমি বেহদৰ পিতাৰ হৈছোঁ, ব্ৰহ্মাৰ
দ্বাৰা। পিতাই কয় - মোক চিনি পোৱানে, মই তোমালোকৰ পিতা। তোমালোকে ক'বা - হয় বাবা,
আমাৰ অৰ্থাৎ আত্মাসকলৰ আপুনি পৰমপিতা পৰমাত্মা পিতা। পিতায়ো কয় - তোমালোকক মই
স্বৰ্গলৈ পঠিয়াইছিলোঁ, উত্তৰাধিকাৰ দিছিলোঁ আকৌ মায়াই কাঢ়ি নিলে পুনৰ এতিয়া মই দিওঁ।
মায়াই উত্তৰাধিকাৰ কাঢ়ি নিয়ে, পিতাই দিয়ে। এয়া অনেক বাৰ খেল হৈ গৈছে, হৈ থাকিব।
অন্ত নাই। পিতাৰ হয় আকৌ কোনোবা নিজৰ (সুসন্তান), কোনোবা সতীয়া (কুসন্তান)। কোনোবা
সতীয়া, কোনোবা নিজৰ হয়। অপৈণত-পৈণততো আছে নহয়। পৈণতসকলকো কেতিয়াবা মায়াই একদম জিনি
(নিজৰ কৰি) লয়। সন্তানসকলে কয় - বাবা আমি যেতিয়ালৈকে জীয়াই থাকিম, আপোনাৰ পৰা
উত্তৰাধিকাৰ লৈ থাকিম। বিকৰ্মৰ বোজা শিৰত বহুত আছে। গতিকে যিমান তোমালোক স্মৃতিত
থাকিবা সেই যোগ অগ্নিৰে তোমালোক পাপ-আত্মাৰ পৰা পুণ্য-আত্মা হৈ গৈ থাকিবা। অগ্নিয়ে
বস্তুক পৱিত্ৰ কৰে। তোমালোকৰ হ'ল যোগ অগ্নি। এয়া বেহদৰ যজ্ঞ। বেহদৰ সদাগৰে বেহদৰ
যজ্ঞ ৰচনা কৰিছে। ইমান বছৰলৈকে কোনো যজ্ঞই নচলে। 7-8 দিন বা এমাহৰ বাবে যজ্ঞ ৰচে।
তোমালোকৰ এই যজ্ঞতো কিমান বছৰৰ পৰা চলি আহিছে। পিতাইতো শুনাই থাকে। কয় - পাহৰি
নাযাবা, কেৱল মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ জন্ম-জন্মান্তৰৰ বিকৰ্মৰ বোজা কম হৈ গৈ
থাকিব। ভগৱানুবাচ - মোক নিজৰ পিতাক স্মৰণ কৰা। নিশ্চয় আহিছে সেইবাবেতো কয় নহয়।
পিতাই কয় – এতিয়া
তোমালোক উভতি যাব লাগে। তোমালোক আত্মা এই সময়ত বহুত পতিত। এতিয়া তোমালোকে জানা যে
যোগৰ দ্বাৰা আমি পাৱন হৈ গৈ থাকিম। তোমালোকেতো প্ৰতিজ্ঞা কৰি থৈছা যে আপুনি যেতিয়া
আহিব তেতিয়া অন্যৰ সংগ এৰি আপোনাৰেই সংগ ল’ম। আপোনাৰ প্ৰতি উছৰ্গিত হৈ যাম। স্ত্ৰী
পুৰুষৰ প্ৰতি আৰু পুৰুষ স্ত্ৰীৰ প্ৰতি উছৰ্গিত হয়। ইয়াত হৈছে পিতাৰ প্ৰতি উছৰ্গিত
হোৱা। বিবাহত ইজন সিজনৰ প্ৰতি উছৰ্গিত হয় নহয়। এতিয়া পিতাই কয় - তোমালোক কোনো
মনুষ্যৰ প্ৰতি উছৰ্গিত হ'ব নালাগে। তোমালোকৰ প্ৰতিজ্ঞা হৈছে - আপোনাৰ প্ৰতি উছৰ্গিত
হ'ম। তোমালোক মোৰ প্ৰতি উছৰ্গিত হোৱা তেতিয়া 21 জন্ম তোমালোকক সদায় সুখী কৰি দিম।
কিমান শ্ৰেষ্ঠ উত্তৰাধিকাৰ। শ্ৰীমতৰ দ্বাৰা তোমালোক শ্ৰেষ্ঠ হ'বা, এইটো পাহৰি নাযাবা।
লক্ষ্মী-নাৰায়ণৰ চিত্ৰও ঘৰত ৰাখি দিয়া। আমি পিতাৰ পৰা এই উত্তৰাধিকাৰ লৈ আছোঁ। পিতা
পৰমধামৰ পৰা আহিছে। কিন্তু মায়া চিলনীও কম নহয়। সকলোৰে কথা নহয় কিন্তু ক্ৰমানুসৰি
হয়। কোনোৱেতো একেবাৰে পাহৰি যায় যে আমি পিতাৰ পৰা উত্তৰাধিকাৰ লওঁ। ইয়াত বহি থাকিলে
নিচা বাঢ়ি থাকে। ইয়াৰ পৰা বাহিৰত ওলাল আৰু পাহৰি গ’ল আকৌ পুৱা সজীৱ হয় পুনৰ গোটেই
দিনটোলৈ পাহৰি যায়। চোৱা 4-5 বছৰ থাকি ভাল সেৱা কৰা সকলো আজি নাই। কিবা অৱজ্ঞা কৰিছে
সেয়েহে মায়াই জোৰেৰে থাপৰ মাৰিলে আৰু আঁতৰি গুচি গ'ল। বাবাই কৈ দিয়ে - আৰোহণ কৰিলে
বৈকুণ্ঠ ৰস খাবলৈ পায়, অধঃপতিত হ’লে একেবাৰে ভাঙি-ছিঙি চূৰমাৰ হৈ যায়। দেখিবলৈ পোৱা
কেনেকৈ ভাঙি-ছিঙি চূৰমাৰ হৈ যায়। বৈকুণ্ঠলৈতো নিশ্চয় যাব। কিন্তু পদবীতো ক্ৰম অনুসৰি
আছে নহয়। যদিও তাত সকলো সুখী হৈ থাকে তথাপিও পদমৰ্যাদাতো আছে নহয়। স্কুলত পদমৰ্যাদা
পাবৰ বাবেইতো পুৰুষাৰ্থ কৰে। এনেকুৱা নহয় যে প্ৰজা হ'লেও হ'ব, ভাগ্যত যি আছে। নহয়,
ইয়াক তমোপ্ৰধান পুৰুষাৰ্থ বুলি কোৱা হয়। সতোপ্ৰধান তেওঁলোকক কোৱা হ'ব যিয়ে পিতাৰ পৰা
পূৰা উত্তৰাধিকাৰ লোৱাৰ প্ৰতিজ্ঞা কৰে। এয়া হৈছে ঘোঁৰা দৌৰ। সকলোৱে এক নম্বৰতো নহ'ব।
এয়া মনুষ্য দৌৰ। তোমালোকে বিচৰা যে আমি সোনকালে শিৱবাবাৰ ডিঙিৰ মণি হৈ গঁথা যাওঁ
তেন্তে তেওঁক স্মৰণ কৰিবলগীয়া হয়। সকলো স্মৃতিত থকাৰ ওপৰতে নিৰ্ভৰ কৰে। মায়াই এনেকৈ
বিঘিনি আনে যে একেবাৰে দৌৰৰ পৰা বাহিৰ কৰি দিয়ে। তোমালোকৰ হৈছে মনুষ্য দৌৰ। আত্মাই
কয় - মই বহুত দুখী হৈ আছোঁ। শৰীৰ ধাৰণ কৰি কৰি বহুত বিৰক্ত হৈছোঁ। কয় - এতিয়া বাবাৰ
ওচৰলৈ যাওঁ। বাবাই উপায়তো শুনাইছে। কয় যে বাবা আমি আপোনাৰ স্মৃতিতহে থাকিম। যিমান
সময় উলিয়াব পাৰা সিমান ভাল। চৰকাৰী চাকৰীততো 8 (আঠ) ঘণ্টা সময় দিয়া, তেনেকৈ
স্মৃতিতো 8 (আঠ) ঘণ্টাতো থাকা। সৃষ্টিক স্বৰ্গ কৰি তোলা এইটো কিমান মহান সেৱা। কেৱল
পিতাক স্মৰণ কৰা আৰু সুখধামক স্মৃতিত ৰাখা। বচ্, এই 8 (আঠ) ঘণ্টা সেৱা কৰিলে
তোমালোকে সম্পূৰ্ণ উত্তৰাধিকাৰ পাবা। এনেদৰে স্মৰণ কৰোঁতে কৰোঁতে তোমালোকৰ বিকৰ্ম
বিনাশ হ'ব। 8 (আঠ) ঘণ্টা এই সেৱাত দিয়া বাকী 16 ঘণ্টা তোমালোকৰ আজৰি। যিমান সম্ভৱ
তোমালোকে পলে পলে স্মৰণ কৰা। স্মৰণতো য'তে ত'তে বহি কৰিব পাৰা। আটাইতকৈ ভাল সময়
তোমালোকে ৰাতিপুৱা পাবা। সিন্ধিত এষাৰ প্ৰবাদো আছে – সোনকালে শুবা, সোনকালে উঠিবা……
তেনে মনুষ্যই বৰ গুণৱান হয়। এই গায়নো এতিয়াৰ। পিতাই কয় - ৰাতি সোনকালে শুই যোৱা আৰু
পুৱাতে উঠা। অজ্ঞানী লোকে 8 (আঠ) ঘণ্টা টোপনি মাৰে, তোমালোকৰ নিদ্ৰা আধা হ'ব লাগে।
4-5 ঘণ্টা নিদ্ৰাই যথেষ্ট। তোমালোক কৰ্মযোগী নোহোৱা জানো। ৰাতি 10 বজাত শুই যোৱা 2
বজাত উঠা। শিৱবাবাক স্মৰণ কৰিলে তোমালোকৰ বহুত উপাৰ্জন হয়। তোমালোকে স্বাস্থ্য
সম্পত্তি দুয়োটাই পাবা। বাৰু, যদি 2 বজাত নোৱাৰা তেন্তে 3 বজাত উঠা, 4 বজাত উঠা।
উত্তম সময় সেইখিনি। শান্তি বিৰাজ কৰে, সকলো অশৰীৰী হৈ যায়। সেই সময়ত নিস্তৱদ্ধতা
বহুত থাকে। অমৃতবেলাৰ স্মৰণে ভাল প্ৰভাৱ পেলায়। বাবা (ব্ৰহ্মা বাবা) পাৰ্যমানে ৰাতি
উজাগৰে থাকে। সূক্ষ্ম সেৱাত ভাগৰ নালাগে। উপাৰ্জন হ’লেতো আনন্দিত হ’ব। তোমালোক
সন্তানসকলে পুৱাই উঠি নিজৰ অবিনাশী উপাৰ্জন কৰি থাকা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) 21 জন্ম
সদায় সুখী হ’বলৈ এজন পিতাৰ প্ৰতি সম্পূৰ্ণৰূপে উছৰ্গিত হ’ব লাগে। শ্ৰীমতেৰে শ্ৰেষ্ঠ
হ’ব লাগে। মনমত বা পৰমত ত্যাগ কৰিব লাগে। কোনোধৰণৰ অৱজ্ঞা কৰিব নালাগে।
(2) পুৱাতে (অমৃতবেলা)
উঠি স্মৃতিত বহি উপাৰ্জন কৰিব লাগে। সৃষ্টিক স্বৰ্গ কৰি তোলাৰ সেৱা অতিকমেও 8 (আঠ)
ঘণ্টা নিশ্চয় কৰিব লাগে।
বৰদান:
সময় আৰু
সংকল্প সহিত নিজৰ সকলো সম্পদ ইচ্ছাপত্ৰ কৰি দি দিওঁতা মোহজিৎ হোৱা
যেনেকৈ সন্তানক সকলো
ইচ্ছাপত্ৰ কৰি দি দিয়া হয় তেনেকৈ তোমালোকেও পিতাক নিজৰ উত্তৰাধিকাৰী কৰি সকলো
ইচ্ছাপত্ৰ কৰি দি দিয়া তেতিয়া ইচ্ছা শক্তি আহি যাব। এই ইচ্ছা শক্তিৰে মোহ স্বতঃ
নষ্ট হৈ যাব। যেনেকৈ সাকাৰ পিতাই সম্পূৰ্ণ নিজক ইচ্ছাপত্ৰ কৰি দি দিলে তেনেকৈ
তোমালোকৰ যি স্মৃতি আছে, সময় আৰু সংকল্প ৰূপী সম্পদ আছে সেয়া ইচ্ছাপত্ৰ কৰি দি দিয়া
অৰ্থাৎ শ্ৰীমত অনুসৰি সেৱাত ব্যবহাৰ কৰা তেতিয়া মোহজিৎ বন্ধনমুক্ত হৈ যাবা।
স্লোগান:
ইজন সিজনৰ স্নেহী হ’বৰ বাবে সৰলতা আৰু সহনশীলতাৰ গুণ ধাৰণ কৰা।
অব্যক্ত ইংগিত : সদায়
হৰ্ষিত হৈ থাকিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা, সহনশীল হোৱা
বাপদাদাৰ বৰদান হৈছে
- সদায় আনন্দিত হৈ থাকা, আনন্দ ৰূপী সম্পদ বিলোৱা আৰু সকলোৰে মাজত আনন্দৰ লহৰ
বিয়পাই দিয়া। তোমালোকৰ চেহেৰাত যাতে সদায় আনন্দৰ হাঁহি জিলিকি থাকে। এনেকুৱা
হৰ্ষিত মুখৰ হৈ থাকা। ইয়াৰ বাবে কথা-বতৰাত মধুৰতা, সন্তুষ্টতা আৰু সৰলতাৰ নবীনতা
যাতে অৱশ্যে থাকে। ব্ৰাহ্মণ আত্মাসকলৰ বচন যাতে সাধাৰণ বচন নহয়। প্ৰতিটো কৰ্মতে
এনেকুৱা নবীনতা থাকিব লাগে যাতে প্ৰত্যেকে প্ৰাপ্তিৰ অনুভৱ কৰে।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]