30.08.26 Avyakt Bapdada
Assame
Murli
13.04.2011 Om Shanti Madhuban
“*“জ্বালামুখী
অগ্নিস্বৰূপ যোগৰ শক্তিৰে সংস্কাৰসমূহৰ সংস্কাৰ (শেষকৃত্য) কৰা, নিজৰ চাল-চলন,
চেহেৰা, দৃষ্টি, বৃত্তি আৰু সংকল্পৰ দ্বাৰা পিতাক প্ৰত্যক্ষ কৰা”*”
আজি সন্তানসকলৰ প্ৰেমে
প্ৰেমৰ সাগৰকো নিজৰ ওচৰলৈ মাতি আনিলে। বাপদাদা আনন্দিত হৈছে যে সন্তানসকলৰ পিতাৰ
প্ৰতি ভাল আন্তৰিক প্ৰেম আছে আৰু সদায় এই প্ৰেমৰ আধাৰত পিতা সমান হৈয়েই যাব।
এনেয়েও বাপদাদাই প্ৰেমৰ বিষয়টিত সন্তানসকলক আগত ৰাখিছে। গতিকে আজি সন্তানসকলে
নিজৰ প্ৰেমৰ তাঁৰেৰে বান্ধি প্ৰেমৰ সাগৰক মধুবনলৈ বিশেষভাৱে মাতি আনিলে। এনে প্ৰেম
সদায় যাতে জাগ্ৰত হৈ থাকে। দিলাৰাম পিতায়ো সন্তানসকলৰ অন্তৰৰ প্ৰেম সদায় পাই পায়,
কিন্তু ক্ৰমানুসৰি নিশ্চয় হয়। পিতাৰ এটাই ইচ্ছা—প্ৰেমৰ চিন হৈছে সদায় প্ৰত্যেকৰে
অন্তৰত যাতে দিলাৰাম লগত থাকে, কোনো সন্তানো যাতে অকলে নাথাকে, সংযুক্ত হৈ থাকে।
গতিকে পৰীক্ষা কৰিবা, সদায় সংযুক্ত হৈ থাকা নে কেতিয়াবা কেতিয়াবা অকশৰীয়াও হৈ
যোৱা? অকলশৰীয়া অৱস্থাত মায়াই নিজৰ সুবিধা লয়, সেয়েহে বাপদাদাই সদায় কয়
দিলাৰামক সদায় অন্তৰত ৰাখা। ইয়াকে সঁচা আৰু সদাকালৰ প্ৰেম বুলি কয়। গতিকে
কেতিয়াবা অকলশৰীয়া হোৱা নে সদায় লগত থাকা? প্ৰতিগৰাকী সন্তানৰ প্ৰতিশ্ৰুতি কি?
বিশেষকৈ মধুবন নিবাসীসকলৰ এইটো নিচা আছে যে লগত আছোঁ, লগত যাম, লগত ৰাজ্য কৰিম।
তেনেকৈয়ে যিসকল বিশেষ অতি মৰমৰ নিমিত্ত সন্তান বহি আছে, তেওঁলোকৰতো পিতাৰ প্ৰতি
অন্তৰৰ প্ৰতিশ্ৰুতি আছে আৰু গৰিষ্ঠসংখ্যক বাস্তৱিকো হয় যিসকল সদায় সংযুক্ত ৰূপত
থাকে, কিন্তু ক্ৰমানুসৰি। পিতাই বিচাৰে—প্ৰতিগৰাকী সন্তান, মহাৰথী নিমিত্ত
সন্তানসকলতো আনকো নিজৰ চেহেৰাৰ দ্বাৰা পিতাৰ সাক্ষাৎকাৰ কৰাওঁতা হয়। তেওঁলোকৰ চেহেৰা
আৰু চাল-চলনৰ দ্বাৰা পিতাৰ প্ৰকাশময় চেহেৰা আৰু লগতে পিতাৰ দৰে অনাসক্ত আৰু
মৰমিয়াল চাল-চলনৰ সাক্ষাৎকাৰ হৈ থাকে।
পিতা ব্ৰহ্মাক দেখিলা,
পিতা ব্ৰহ্মাই অন্তিম মুহূৰ্তলৈকে পিতাৰ শ্ৰীমত অনুসৰি প্ৰতিখন মুৰুলীত কিমানবাৰ
‘বাবা বাবা’ বুলি ক’লে, গণনা কৰিবা প্ৰতিখন মুৰুলীত ‘বাবা বাবা’ কিমানবাৰ কয়, আৰু
নিজৰ চেহেৰাৰ, মূৰ্ত, বচন, বিশেষকৈ নয়ন আৰু মস্তকৰ দ্বাৰা পিতাক প্ৰত্যক্ষ কৰিলে,
তোমালোক সন্তানসকলতো অনুভৱী হোৱা যে ব্ৰহ্মা পিতাক চালে কি অনুভৱ হৈছিল? বাপদাদা।
কেৱল 'পিতা' শব্দটি কোনেও নকয়, সদায় প্ৰত্যেকৰে মুখৰ পৰা একেলগে 'বাপদাদা, বাপদাদা'
উচ্চাৰিত হয় আৰু অনুভৱ হয়। এনেদৰে পিতাক অনুসৰণ কৰা। তোমালোকৰ ফালে চোৱাসকলৰ
তোমালোকৰ চেহেৰা, বাণী, চাল-চলন, দৃষ্টিৰ দ্বাৰা পিতাৰ স্মৃতি স্বতঃ জাগক। এতিয়া
পিতাই দেখিলে যে তোমালোক গৰিষ্ঠসংখ্যকৰে এইটোৱেই সংকল্প যে আমি আমাৰ চেহেৰা বা বাণী
বা কৰ্মৰ দ্বাৰা পিতাক প্ৰত্যক্ষ কৰো। সেয়েহে পিতাক অনুসৰণ কৰা। যেনেকৈ পিতা
ব্ৰহ্মাই নিজৰ চাল-চলন, চেহেৰা, দৃষ্টি, বৃত্তি, সংকল্পৰে সদায় পিতাক প্ৰত্যক্ষ
কৰিলে, তোমালোক সকলোৰে অনুভৱতো আছে নহয়! অকল পিতা ব্ৰহ্মাক দেখা নাছিলা, বাপদাদাহে
দৃষ্টিগোচৰ হৈছিল। কাৰণ? পিতা ব্ৰহ্মাই সদায় নিজৰ নয়নত, মস্তকতো পিতাক সমাহিত কৰি
ৰাখিলে। গতিকে তোমালোকৰ বিশেষ নয়ন, মুখ, চাল-চলনত বাপদাদা সমাহিত হৈ থকা প্ৰত্যক্ষ
কৰক। প্ৰতিষাৰ বাণী শিক্ষামূলক অনুভৱ হওক, এওঁ যিয়েই কৈ আছে, ইয়াত শিকাওঁতা, ইয়াত
শক্তি ভৰোৱাজন সৰ্বশক্তিমান পিতা, ভগৱান। এওঁলোক ভগৱানৰ সন্তান, ভগৱানৰ বিদ্যাৰ্থী,
ভগৱানক অনুসৰণ কৰোঁতা অনুগামী নহয়, কিন্তু প্ৰতি খোজত পদম জমা কৰোঁতা। এতিয়া সময়ো
তোমালোকৰ সহযোগী হ’বলৈ প্ৰস্তুত হৈছে। পৰিস্থিতি সলনি হৈছে। যি পৰিস্থিতিয়ে
নিবিচাৰিলেও ভগৱানক মনত পেলাই দিয়ে। গতিকে এটা হ’ল সময় আৰু আনটো তোমালোক নিমিত্ত
হোৱা—এই দুয়োটা দলৰ বৈশিষ্ট্য আছে, এটা বিশেষ নিমিত্ত হোৱা মধুবন নিবাসী, আনটো গঠন
কৰি থোৱা নিমিত্ত দল যিসকল মিটিংলৈ আহিছা।
বাপদাদাই দেখিলে যে
আহি পোৱা গৰিষ্ঠসংখ্যক সন্তানৰ অন্তৰত উৎসাহ-উদ্দীপনা আছে যে আমি পিতাক প্ৰত্যক্ষ
কৰিবই লাগিব। নিজৰ চেহেৰা আৰু চৰিত্ৰৰ দ্বাৰাই হওক, বাণীৰ দ্বাৰাই হওক, বা যিসকল
আত্মা সম্বন্ধ-সম্পৰ্কত আছে—আজিকালি আত্মাসকল তোমালোকৰ মনৰ কল্যাণৰ ভাৱনাৰ বাবে
তোমালোকৰ সংযোগত আহি আছে আৰু আহিবও বিচাৰে। আৰু বাপদাদাই যি মনৰ সেৱাৰ কাৰ্য দিছে,
তাতো দেখা গ’ল যে যিসকল যোগযুক্ত হৈ মনৰ সেৱাৰ অভ্যাস কৰে, এতিয়া এই প্ৰকম্পন
চাৰিওফালে কাৰোবাৰ নহয় কাৰোবাৰ ওচৰলৈ গৈ পাইছে যে আমালৈ ক’ৰবাৰ পৰা পোহৰৰ কিৰণ,
সুখ-শান্তিৰ লহৰ আহি আছে, কিন্তু ক’ৰ পৰা আহি আছে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
আহি আছে, কিন্তু ভাৰতৰ বাপদাদাৰ সন্তানসকলৰ পৰা আহি আছে, সেইটো স্পষ্ট হোৱা নাই।
নহ’লে দৌৰি আহিলহেঁতেন। এতিয়া আৰু অধিক শক্তিশালী কিৰণ এনে আত্মাসকললৈ প্ৰবাহিত কৰা
যাতে তেওঁলোকৰ স্পষ্ট হৈ যায়, গৈ পাইছে, এতিয়া আৰম্ভ হৈছে, কিন্তু লাহে লাহে
কাৰোবাৰ কাৰোবাৰ কিৰণ গৈ পাবলৈ ধৰিছে, এতিয়া ইয়াক আৰু অধিক শক্তিশালী কৰা। এই
ক্ষেত্ৰত বিঘিনি আহে — গৈ পোৱাত, স্পষ্ট হোৱাত কাৰণ হৈ দেখা দিয়ে—যোগযুক্ত হোৱা,
অমৃতবেলা বহা, কিন্তু জ্বালামুখী যোগ—ইয়াৰ অভাৱ আছে। ইয়াৰ কাৰণ এটাতো হ’ল যিসকল
ভক্ত বা আত্মালৈ তোমালোকে কিৰণ পঠিওৱা, সেয়া ইমান স্পষ্ট নহয়, আৰু দ্বিতীয়তে
জ্বালামুখী অগ্নি স্বৰূপ যোগৰ শক্তি নথকা বাবে বা অভাৱ থকা বাবে সংস্কাৰ যিয়ে মাজতে
বিঘিনিৰ সৃষ্টি কৰে, সেই সংস্কাৰো সমাপ্ত নহয়। পুৰুষাৰ্থ কৰা যাতে সংস্কাৰ
পৰিৱৰ্তন হৈ যাওক, কিন্তু মৰে, জ্বলি নাযায়। যেনেকৈ ৰাৱণক কেৱল নামাৰে, মৰাৰ পাছত
জ্বলাই দিয়ে, কাৰণ মৰাৰ পিছত শৰীৰতো থাকি যায় নহয়! গতিকে তেনেকৈয়ে তোমালোকে
অমৃতবেলা স্মৃতিত বহা, কিন্তু যোগ অগ্নি ৰূপত, জ্বালা ৰূপ কম। মিলন কৰা, আন্তৰিক
বাৰ্তালাপ কৰা, নিজৰ জীৱনৰ কথাও কোৱা। নিৰন্তৰ যোগ অগ্নি ৰূপ হওক, সংস্কাৰ নিশ্চয়
মাৰা, সংস্কাৰ মৰে কিন্তু মাজে মাজে উঠি যায়। জ্বলি গ’লে নাম-ৰূপ শেষ হৈ যাব। এতিয়া
সকলো সন্তানে আন্তৰিক বাৰ্তালাপতো কয় যে যিমান বিচাৰোঁ সিমান হোৱা নাই।
গতিকে বাপদাদাই আজি
এইটো ইংগিত দি আছে কিয়নো বিশেষ মহাবীৰ সন্তানসকল মিটিংলৈ আহিছে আৰু মধুবন নিবাসী
অৰ্থাৎ মধুবনত কি আছে, মধুবন অৰ্থাৎ বাবা। মধুবন বুলি ক’লে সকলোৰে কি স্মৃতিলৈ আহে?
মধুবনৰ বাবা। গতিকে মধুবন নিবাসীসকলে বিশেষভাৱে এইটো মনোযোগ দিব লাগে যে মধুবন বুলি
ক’লে মধুবনৰ বাবা স্মৃতিলৈ আহে! মধুবনত থকাসকলক কি দৃষ্টিৰে চায়? মধুবন নিবাসীসকলে
হাত দাঙা। বহুত আছে। লাগিলে তলতে হওক বা ওপৰতে হওক, কিন্তু আজিৰ সভাত আটাইতকৈ বেছি
মধুবন নিবাসী আছে। বাপদাদা আনন্দিত হৈছে যে মধুবন নিবাসীয়ে এইটো চমৎকাৰ নিশ্চয় কৰি
দেখুৱাব যে প্ৰতিগৰাকী মধুবন নিবাসীৰ চেহেৰা আৰু চৰিত্ৰৰ পৰা “বাবা বাবা”হে যাতে
দৃষ্টিগোচৰ হয়। কথাৰ পৰা পিতা দৃষ্টিগোচৰ হওক, কাৰণ মধুবনত যজ্ঞ সেৱাৰ বল আৰু ফল
বহুত পোৱা যায়। লওঁতাই লওক, কিন্তু পোৱা যায়। সংস্কাৰ চোৱা বা সংস্কাৰ মিলোৱাত আৰু
সদায় মনোযোগ দিয়াৰ প্ৰয়োজন আছে। বাপদাদাৰ প্ৰতিগৰাকী মধুবনৰ সন্তানৰ প্ৰতি বিশেষ
প্ৰেম আছে, কিয়? পিতাৰ দ্বাৰা স্থাপন কৰা যজ্ঞৰ সেৱাত নিজকে সমৰ্পণ কৰিছে। মধুবন
নিবাসীসকলে এটাতো হ’ল নিজৰ পুৰুষাৰ্থৰ ফল পাই আছে আৰু দ্বিতীয়তে যিসকল মধুবনলৈ অহা
ব্ৰাহ্মণেই হওক বা যিসকল নতুন আত্মা আহে, তেওঁলোকৰ সেৱাৰ, যজ্ঞ সেৱা হয়, সাধাৰণ
সেৱা নহয়, যজ্ঞ সেৱাৰ অতিৰিক্ত পুণ্যও প্ৰাপ্ত হয়। যদি কোনোবা মধুবন নিবাসীয়ে
নিজৰ বাপদাদাৰ শ্ৰীমত অনুসৰি অমৃতবেলাৰ পৰা ৰাতিলৈকে শ্ৰীমত অনুসৰি চলে, তেন্তে
তেওঁলোকে অতিৰিক্ত, মধুবন নিবাসীয়ে নিজে জানক বা নাজানক, অমনোযোগী হৈ থাকিলেও,
তথাপিও মধুবনৰ সেৱাৰ পুণ্য নিশ্চয় প্ৰাপ্ত হয়। মধুবন নিবাসী হোৱাটো সাধাৰণ কথা নহয়।
কোনোবাই যেনেকুৱাই কাম কৰি নাথাকক, ধৰা চাফ-চিকুণ কৰাই আছে। কিন্তু এনে সাধাৰণ কামৰো
পুণ্য বহুত, কাৰণ পিতাৰ দ্বাৰা ৰচিত যজ্ঞ। এই যজ্ঞৰ পৰাই মধুবনতেই সকলোৱে পৰমাত্ম
প্ৰেম প্ৰাপ্ত কৰে, সেয়েহে মধুবনৰ বাহিৰে পিতা ক’লৈকো নাহে। এই মধুবনতে পিতাৰ অহাৰ,
সাক্ষাৎ কৰা আৰু সাক্ষাৎ কৰোৱাৰ ভূমিকা নিৰ্ধাৰিত হৈ আছে।
গতিকে প্ৰতিগৰাকী
মধুবন নিবাসীয়ে নিজৰ পুণ্যৰ পুঁজিক জানি লোৱা, চিনাক্ত কৰা আৰু সেই মহান প্ৰাপ্তি
স্বৰূপ হোৱা। যিয়েই নহওক, তোমালোকৰ কাম হ’ল বয়োজ্যেষ্ঠসকলক জনোৱা, জনাই দিলা অৰ্থাৎ
অন্তৰৰ পৰা উলিয়াই দিলা, তোমালোকৰ দায়িত্ব পূৰা হ’ল। যদি তোমালোকে ভাবা যে একো হোৱা
নাই, তেন্তে তোমালোকৰ ইয়াত পাপ নহ’ব। যিসকল দায়িত্বশীল তেওঁলোকৰ হ’ব। তোমালোক
নিশ্চিন্ত হৈ থাকা। জনাই দিয়াটো তোমালোকৰ কাম, কিন্তু কি হ’ল, কি নহ’ল, এইটো কিয়
নহ’ল, সেইটো কিয় নহ’ল – এয়া ভাবি থকাৰ আৱশ্যকতা নাই আৰুহে ব্যৰ্থ সংকল্প চলিব।
তোমালোকৰ যি দায়িত্ব সেয়া তোমালোকে কৰা, জনাই দিয়া। কিন্তু জনোৱাৰ পাছত, জনাবাও
নিয়ম অনুসৰি, মধুবন নিবাসী ব্ৰাহ্মণ হোৱা, উচ্চ হোৱা, নিজৰ মৰ্যাদাক বুজি এনেকুৱা
কৰ্তব্য কৰা যাতে সকলোৱে তোমালোকৰ কৰ্তব্যক দেখি-শুনি শিকে। মধুবন নিবাসীৰ ওপৰত
সকলোৰে ভাৱনা আছে, গতিকে এনে ভাৱনা ৰখাসকলক ভাৱনাৰ ফল দেখুওৱা। বাপদাদাই জানে যে
মধুবন নিবাসীসকলৰ ভিতৰত কোনো কোনো সন্তান বহুত মৰ্যাদাপূৰ্বক স্ব-পুৰুষাৰ্থী, পিতাৰ
প্ৰতি স্নেহী হৈ সহযোগ দিওঁতা সন্তানো আছে। কিন্তু বাপদাদাই এইটোৱে বিচাৰে, মধুবন
নিবাসীসকলৰ প্ৰতি বাপদাদাৰ ইচ্ছা কি? মধুবন নিবাসী প্ৰত্যেকেই পিতাৰ সন্তান
যজ্ঞ-স্নেহী, সহযোগী হৈ নিজৰ চলনৰ দ্বাৰা সকলোকে পিতাৰ পৰিচয় দিয়া যে আমাৰ অৰ্থাৎ
মধুবন নিবাসীসকলৰ কিমান শ্ৰেষ্ঠ ভাগ্য, ভাগ্যক প্ৰসিদ্ধ কৰা কিয়নো যজ্ঞ নিবাসী হোৱা,
পৰমাত্মাই প্ৰথমে কি ৰচনা কৰিলে? যজ্ঞ ৰচনা কৰিলে। আৰু যজ্ঞৰ ধৰণীৰ নিমিত্ত হ’ল
মধুবন। জানা নহয় মধুবনৰ মহিমা, যিসকলে জানা মধুবনৰ মহিমা, তেওঁলোকে হাত দাঙা।
বাপদাদাই ইয়াত (সন্মুখৰ টি.ভি.ত) চাই আছে। বাৰু, বৰ ভাল কথা।
যিসকল নিমিত্ত হোৱা
সন্তান, বাপদাদাই তেওঁলোকক দেখি আনন্দিত হয়। সকলোৱে মনোযোগ দিয়ে, কিন্তু আৰু মনোযোগ
দি সকলোকে সন্তুষ্ট কৰা, তেতিয়া বিশ্বলৈ সন্তুষ্টিৰ কিৰণ গৈ পাব, এই কামটিও
নিমিত্তসকল কৰিব লাগে। যিসকল নিমিত্ত, তেওঁলোকে নিজৰ নিজৰ সহযোগীসকলৰ সংস্কাৰ
পৰিৱৰ্তন কৰাত অলপ পৰিশ্ৰম কৰিব লাগিব। সেৱা কৰোৱা, থকা-খোৱাৰ ব্যৱস্থা
গৰিষ্ঠসংখ্যক সেৱাকেন্দ্ৰই কৰে কিন্তু তেওঁলোকক এনেকৈ শক্তিৰে ভৰপূৰ কৰা যাতে পিতাৰ
পৰা শক্তি লৈ তোমালোকৰ সেৱাস্থানৰ বায়ুমণ্ডল এনেকুৱা কৰি তোলে যে যিয়েই আহে তেওঁ
প্ৰথমেই বায়ুমণ্ডলৰ আকৰ্ষণত আহি যায় কাৰণ আজিকালি সকলোৱে এইটোৱেই বিচাৰে যে এনে
কোনো কাৰ্য হওক যাতে অহাৰ লগে লগে কিবা অনুভৱ হয়, চোৱাৰ লগে লগে কিবা অনুভৱ হয়।
শুনাৰ অনুভৱ হয়, যোগৰ অনুভৱ হয়, কিন্তু বায়ুমণ্ডলৰো অনুভৱ হওক—নিমিত্ত হোৱা
আত্মাসকলে এইটো মনোযোগ দিব লাগে, এয়া তেওঁলোকৰ বিশেষ সেৱা।
যদি নিজে যোগযুক্ত হৈ
বায়ুমণ্ডলত সঠিক স্থিতিত থাকে, তেন্তে তাৰ প্ৰভাৱ সেৱাস্থানত স্বতঃ পৰে। বাপদাদা
আৰু জ্যেষ্ঠ নিমিত্ত হোৱা আত্মাসকলৰ প্ৰভাৱ বায়ুমণ্ডল আৰু প্ৰকম্পনত পৰে। বাপদাদাৰ
চাৰিওফালৰ বায়ুমণ্ডল সলনি হৈ যায়। গতিকে, প্ৰতিগৰাকী সন্তানে এক সুন্দৰ
বায়ুমণ্ডল সৃষ্টি কৰিব লাগে, কাৰণ এতিয়া তোমালোকে নিজৰ সেৱাকেন্দ্ৰৰ বায়ুমণ্ডল
সলনি কৰিলেহে সংসাৰৰ বায়ুমণ্ডল সলনি হ’ব। নিমিত্ত তোমালোকৰ সেৱাস্থানৰ পৰা।
পুৰুষাৰ্থ আছে, লক্ষ্য আছে, কিন্তু এইটো লক্ষ্য আৰু শক্তিশালী কৰা। আজিকালি মানুহে
চেহেৰা আৰু প্ৰকম্পনৰ পৰাই জানি যায়, কিয়নো তেওঁলোকৰ বুদ্ধিত আসুৰিক শক্তিৰো প্ৰভাৱ
আছে, জ্ঞানৰো প্ৰভাৱ আছে সেইবাবে, যিসকল মিটিংলৈ আহিছা, তেওঁলোক প্ৰত্যেকেই ইয়াৰ
বাবে দায়বদ্ধ। নহ’লে মিটিংত নাম কিয় দিলে! সাহস আছে নহয়, সেইবাবে তোমালোকৰ নাম
দিলে নহয়, সেয়েহে নিজৰ কৰ্তব্য প্ৰত্যক্ষ কৰা। কৰিব বিচৰাও, বাপদাদাই জানে কৰিবলৈ
প্ৰয়াসো কৰি আছা, কিন্তু প্ৰয়াস অলপ বৃদ্ধি কৰা। বুজিলা। এতিয়া বাপদাদাই সকলোৰে
ফলাফল চাব বিচাৰে। মধুবনৰ বা মিটিঙলৈ অহা, দুয়োৰে ফলাফল চাব বিচাৰো। জগত অম্বাৰ যি
বিশেষ পুৰুষাৰ্থ আছিল—পিতাৰ কোৱা আৰু জগত অম্বাৰ কৰা। তোমালোকৰ দীদীৰ এইটোৱেই শব্দ
আছিল—এতিয়া ঘৰলৈ যাব লাগে, এতিয়া ঘৰলৈ যাব লাগে। তোমালোকৰ দাদীৰ এইটোৱেই সংকল্প
আছিল—এতিয়া কৰ্মাতীত হ’ব লাগে, কৰ্মাতীত হোৱাৰ পাঠদান কৰাবা, কৰ্মাতীত হোৱাৰ উৎসাহ
যুগাবা। তোমালোকৰ পাণ্ডৱসকল যিসকল গ’ল, তেওঁলোকৰো অন্তৰত এইটোৱেই সংকল্প আছিল যে
আমাক যি পাণ্ডৱ—পাণ্ডৱসকলক বিজয়ী বুলি কোৱা হয়, গতিকে পাণ্ডৱসকলৰ যি লক্ষ্য আছিল
আৰু আছেও যে যি বিজয়ী পাণ্ডৱ বুলি গায়ন আছে—পাণ্ডৱ বুলি ক’লে কি স্মৃতিলৈ আহে?
বিজয়। যদিও অক্ষৌহিণী (যুদ্ধব্যৱস্থাত ব্যৱহৃত এটা বৃহৎ সামৰিক একক) সেনা আছিল,
তথাপিও 'পাণ্ডৱ' বুলি ক’লে বিজয় স্মৃতিলৈ আহে । 5 পাণ্ডৱ কিন্তু বিজয়ী। যেনেকুৱাই
বায়ুমণ্ডল নহওক কিয়, অক্ষৌহিণী সেনাৰ বায়ুমণ্ডল আছিল, কিন্তু পাণ্ডৱসকলে
পাণ্ডৱপতিৰ শ্ৰীমতেৰে বিজয়ী হ’ল আৰু বিজয়ৰ নাম প্ৰসিদ্ধ কৰিলে। এতিয়া সেয়াই
পাণ্ডৱ বিজয়ী হৈ আনকো বিজয়ী কৰি তোলোঁতা। গতিকে পাণ্ডৱসকলক দেখি বাপদাদা আনন্দিত
হয়, কোনটো কথাত আনন্দিত হয়? যে শক্তিসকলৰ সংগী। শক্তিসকলক সহযোগ দি আগুৱাই নিয়াত
সংগী। যেনেকৈ পিতাই শক্তিসকলক শিৱশক্তিৰ মন্ত্ৰ দি সংযুক্ত কৰিলে, তেনেকৈ
পাণ্ডৱসকলেও শক্তিসকলক—পাণ্ডৱৰ যি বৈশিষ্ট্য আছে, সেই বৈশিষ্ট্যসমূহত শক্তিসকলক
সহযোগ দি আগত ৰাখোঁতা ভাল, আৰু সদায় ভালতকৈয়ো ভাল হৈ আগবাঢ়ি যাওঁতা।
বাপদাদাই আজি
তোমালোকৰ স্নেহ দেখি তোমালোক সকলোকে স্নেহৰ মালা পিন্ধাইছে। বচ্, তোমালোকেও
প্ৰত্যেককে স্নেহ-সহযোগৰ মালা পিন্ধোৱা। বাহুৰ মালা নহয়, অন্তৰত সহযোগৰ মালা
পিন্ধোৱা। বাপদাদাই পূৰ্বেও কৈছে, প্ৰত্যেক সন্তানৰ জেপত সহযোগৰ টোকা থাকিব লাগে।
গতিকে ভুলবোৰ টুকি নাৰাখিবা, কিন্তু সহযোগৰ টোকাৰে জেপ ভৰি থাকিব লাগে। য’তেই দেখা
যে সহযোগ লাগে, তেন্তে সহযোগৰ টোকা দি দিয়া। জেপত আছেনে? সহযোগৰ টোকা আছেনে? ভৰি
আছেনে, জেপ ভৰি আছেনে? খালীতো হৈ থকা নাই? তোমালোকে সহযোগৰ টোকা দিয়া আৰু তেওঁলোকে
তোমালোকক আশীৰ্বাদৰ মালা পিন্ধাব।
তোমালোকৰ আগতীয়া দলৰ
(এডভান্স পাৰ্টীৰ) বিশেষ আত্মাসকল আৰু সূক্ষ্মলোক নিবাসী পিতাই অপেক্ষা কৰি আছে।
তোমালোকলৈ তেওঁলোকৰ সংকল্প আহি পায়নে? তেওঁলোকে তাৰিখ বিচাৰিছে। তোমালোকৰ জ্যেষ্ঠ
দাদীসকল আৰু দাদাসকল দুয়ো তাৰিখলৈ অপেক্ষা কৰি আছে। গতিকে তেওঁলোকক তাৰিখ দিবানে!
দিবানে? প্ৰথম শাৰীয়ে কোৱা, তাৰিখ দিবানে? নে অপেক্ষা কৰিবলৈ ক’বা। প্ৰত্যেকেই
ইয়াৰ বাবে কি কৰিব লাগে? প্ৰত্যেকেই নিজৰ বাকী থকা সংস্কাৰসমূহৰ সংস্কাৰ (দাহ,
শেষকৃত্য) কৰি দিয়া, সময় সমীপত আহি যাব। সময় সমীপত অনাৰ এইটোৱেই উপায়। যিয়ে
বিঘিনিৰ সৃষ্টি কৰি আছে, বাকী থকা সংস্কাৰ। গতিকে এতিয়া যেতিয়া দ্বিতীয়বাৰৰ বাবে
ছিজন আৰম্ভ হ’ব, যথেষ্ট দিন আছে, বহুত দিন আছে। নিতৌ কিবা নহয় কিবা সংস্কাৰৰ
সংস্কাৰ কৰি দিয়া। এটা এটা সংস্কাৰ শেষ কৰি যোৱা, ইমান দিন আছে। গতিকে কোনে কয়,
অহাবাৰ যেতিয়া বাপদাদা আহিব, তেতিয়া আমি হাত দাঙিম যে সংস্কাৰৰ সংস্কাৰ হৈ গ’ল।
তেওঁলোকে হাত দাঙা। হৈ গ’ল? হাততো দাঙি আছা। বাপদাদাই আগতীয়াকৈ বহুত বহুত বহুত
অভিনন্দন জনাই আছে। বাৰু।
বৰদান:
আলস্যৰ ভিন্ন
ভিন্ন ৰূপসমূহ সমাপ্ত কৰি সদায় উৎসাহত থাকোঁতা তীব্র পুৰুষাৰ্থী হোৱা
বৰ্তমান সময়ত মায়াৰ
প্ৰহাৰ আলস্যৰ ৰূপত ভিন্ন ভিন্ন ধৰণে হয়। এই আলস্যও বিশেষ বিকাৰ, ইয়াক শেষ কৰিবলৈ
সদায় উৎসাহত থাকা। যেতিয়া উপাৰ্জন কৰাৰ উৎসাহ থাকে, তেতিয়া আলস্য শেষ হৈ যায়,
সেয়েহে কেতিয়াও উৎসাহ কম হ’বলৈ নিদিবা। ভাবিম, কৰিম, কৰিয়ে ল’ম, হৈ যাব... এয়া
সকলো আলস্যৰ চিন। এনেকুৱা আলস্যগ্ৰস্তসকলে দুৰ্বল সংকল্পসমূহ সমাপ্ত কৰি এইটোৱেই
ভাবা যে যি কৰিব লাগে, যিমান কৰিব লাগে এতিয়াই কৰিব লাগে—তেতিয়া তীব্র পুৰুষাৰ্থী
বুলি কোৱা হ’ব।
স্লোগান:
সঁচা সেৱাধাৰী
তেওঁ যাৰ ভবা আৰু কোৱা সমান।
অব্যক্ত সংকেত: এই
অব্যক্ত মাহত বন্ধনমুক্ত হৈ থাকি জীৱনমুক্ত স্থিতিৰ অনুভৱ কৰা
পৱিত্ৰতাৰ অগ্নি শিখা
সদায় শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ হৈ জ্বলি থাকক, অলপো যাতে বিচলিত নহয়, অবিচলিত। যিমান
অবিচলিত পৱিত্ৰতাৰ অগ্নি শিখা হ’ব, সিমান সহজে সকলোৱে পিতাক চিনিব পাৰিব আৰু
পৱিত্ৰতাৰ জয়জয়কাৰ হ’ব। পৱিত্ৰতাৰ ব্যক্তিত্ব সদায় জাগ্ৰত ৰূপত স্মৃতিত ৰাখা।
স্মৃতিয়েই সামৰ্থ্যৰ আধাৰ আৰু য’ত সামৰ্থ্য আছে, ত’ত মায়া আহিব নোৱাৰে। সমৰ্থ
আত্মাৰ ওচৰলৈ মায়া অহাটো অসম্ভৱ।