30.09.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পিতা সকলোৰে দুখ হৰণ কৰি সুখ দিবলৈ আহিছে, সেইবাবে তোমালোক দুখ হৰ্তাৰ সন্তানে কাকো দুখ নিদিবা”

প্ৰশ্ন:
উচ্চ পদবী পাবলগীয়া সন্তানসকলৰ মুখ্য লক্ষণ কি হ’ব?

উত্তৰ:
(1) তেওঁলোক সদায় শ্ৰীমতত চলি থাকিব। (2) কেতিয়াও জেদ নকৰিব। (3) নিজে নিজক ৰাজতিলক দিয়াৰ বাবে পাঠ পঢ়ি ঘাটি পূৰণ কৰিব। (4) নিজৰ কেতিয়াও লোকচান নকৰিব। (5) সকলোৰে প্ৰতি দয়াশীল আৰু কল্যাণকাৰী হ’ব। তেওঁলোকৰ সেৱাৰ বহুত চখ থাকিব। (6) কোনো তুচ্ছ কাম নকৰিব। হাই-কাজিয়া নকৰিব।

গীত:
তুনে ৰাত গৱায়ী চো কে... (তুমি ৰাতি শুই কটালা...)

ওঁম্শান্তি।
আত্মিক সন্তানসকল আত্মিক পিতাৰ সন্মুখত বহি আছে। এতিয়া এই ভাষাতো তোমালোক সন্তানসকলেহে বুজি পোৱা অন্য নতুন কোনেও বুজিব নোৱাৰে। “হে আত্মিক সন্তানসকল” এনেকৈ কেতিয়াও কোনেও ক’ব নোৱাৰে। ক’বলৈ মুখত শব্দই নাহিব। তোমালোকে জানা - আমি আত্মিক পিতাৰ সন্মুখত বহি আছোঁ। যিজন পিতাক যথাৰ্থ ৰীতিৰে কোনেও নাজানে। যদিও নিজকে ভাই ভাই বুলি ভাবে, আমি সকলো আত্মা হওঁ। পিতা এজন কিন্তু যথাৰ্থ ৰীতিৰে নাজানে। যেতিয়ালৈকে সন্মুখত আহি নুবুজে তেতিয়ালৈকে বুজিবনো কেনেকৈ? তোমালোকো যেতিয়া সন্মুখত আহা তেতিয়া বুজি পোৱা। তোমালোক হৈছা ব্ৰাহ্মণ-ব্ৰাহ্মণী। তোমালোকৰ উপাধি হৈছেই ব্ৰহ্মাকুমাৰ-কুমাৰী। শিৱৰতো সকলো আত্মাই হয়। তোমালোকক শিৱকুমাৰ বা শিৱকুমাৰী বুলি কোৱা নহয়। এই শব্দটি ভুল হৈ যায়। কুমাৰ হোৱা সেয়েহে কুমাৰীও হোৱা। শিৱৰ সকলো আত্মাই হয়। কুমাৰ-কুমাৰী তেতিয়া কোৱা হয় যেতিয়া মনুষ্যৰ সন্তান হয়। শিৱৰ সন্তানতো নিৰাকাৰী আত্মাসকল হয়েই। মূললোকত সকলো আত্মাই থাকে, যাক শালগ্ৰাম বুলি কোৱা হয়। ইয়ালৈ যেতিয়া আহা তেতিয়া আকৌ দৈহিক কুমাৰ আৰু কুমাৰী হোৱা। প্ৰকৃততে তোমালোক হৈছা কুমাৰ শিৱবাবাৰ সন্তান। কুমাৰী আৰু কুমাৰ তেতিয়া হোৱা যেতিয়া শৰীৰত আহা। তোমালোক বি.কে. হোৱা সেইবাবে ভাই-ভনী বুলি কোৱা। এতিয়া এই সময়ত তোমালোকে জ্ঞান পাইছা। তোমালোকে জানা – বাবাই আমাক পাৱন কৰি লৈ যাব। আত্মাই যিমান পিতাক স্মৰণ কৰিব তেতিয়া পৱিত্ৰ হৈ যাব। আত্মাসকলে ব্ৰহ্মাৰ মুখৰ দ্বাৰা এই জ্ঞান পঢ়ে। চিত্ৰতো পিতাৰ জ্ঞান স্পষ্ট। শিৱবাবাইহে আমাক পঢ়ায়। শ্ৰীকৃষ্ণয়ো পঢ়াব নোৱাৰে আৰু শ্ৰীকৃষ্ণৰ দ্বাৰা পিতায়ো পঢ়াব নোৱাৰে। শ্ৰীকৃষ্ণতো বৈকুণ্ঠৰ ৰাজকুমাৰ, এয়াও তোমালোক সন্তানসকলে বুজাব লাগে। শ্ৰীকৃষ্ণতো স্বৰ্গত নিজৰ মা-পিতাৰ সন্তান হ’ব। স্বৰ্গবাসী পিতাৰ সন্তান হ’ব, তেওঁ বৈকুণ্ঠৰ ৰাজকুমাৰ। তেওঁকো কোনেও নাজানে। শ্ৰীকৃষ্ণ জয়ন্তীত নিজৰ নিজৰ ঘৰত শ্ৰীকৃষ্ণৰ বাবে দোলনা সজায় অথবা মন্দিৰত দোলনা সজায়। মাতাসকলে গৈ গোলকত পইচা দিয়ে, পূজা কৰে। আজিকালি যীশুখ্ৰীষ্টকো শ্ৰীকৃষ্ণৰ নিচিনাকৈ সজায়। মুকুট আদি পিন্ধাই মাকৰ কোলাত দি দিয়ে। যেনেকৈ শ্ৰীকৃষ্ণক দেখুৱায়। এতিয়া শ্ৰীকৃষ্ণ আৰু যীশুখ্ৰীষ্ট ৰাশিতো একেই। তেওঁলোকে নকল কৰে। নহ’লেতো শ্ৰীকৃষ্ণৰ জন্ম আৰু যীশুখ্ৰীষ্টৰ জন্মৰ মাজত বহুত পাৰ্থক্য আছে। যীশুখ্ৰীষ্টৰ জন্ম কোনো সৰু শিশুৰ ৰূপত নহয়। যীশুখ্ৰীষ্টৰ আত্মাইতো কাৰোবাৰ শৰীৰত গৈ প্ৰৱেশ কৰিছে। বিষেৰে জন্ম হ’ব নোৱাৰে। আগতে যীশুখ্ৰীষ্টক কেতিয়াও সৰু শিশু ৰূপত দেখুওৱা নাছিল। ক্ৰুচত দেখুৱাইছিল। এয়া এতিয়া দেখুৱায়। সন্তানসকলে জানে – ধৰ্ম প্ৰতিষ্ঠাপকক কোনেও এনেকৈ মাৰিব নোৱাৰে, তেন্তে কাক মাৰিলে? যাৰ শৰীৰত প্ৰৱেশ কৰিলে, তেওঁ দুখ পালে। সতোপ্ৰধান আত্মাই কেনেকৈ দুখ পাব পাৰে। তেওঁ এনে কি কৰ্ম কৰিলে যে ইমান দুখ ভূগিব। আত্মা সতোপ্ৰধান অৱস্থাত আহে, সকলোৰে হিচাপ-নিকাচ নিষ্পত্তি হয়। এই সময়ত পিতাই সকলোকে পাৱন কৰি তোলে। তাৰ পৰা সতোপ্ৰধান আত্মা আহি দুখ ভোগ কৰিব নোৱাৰে। আত্মাইহে ভোগ কৰে নহয়। আত্মা শৰীৰত থাকিলে তেন্তে দুখ হয়। মোৰ বিষ হৈছে – এয়া কোনে ক’লে? এই শৰীৰত কোনোবা নিবাস কৰোঁতা আছে। তেওঁ কয় – পৰমাত্মা ভিতৰত থাকিলে এনেকৈ ক’ব জানো – মোৰ দুখ হৈছে। যদি সকলোৰে মাজত পৰমাত্মা বিৰাজমান তেন্তে পৰমাত্মাই কেনেকৈ দুখ ভূগিব! এয়া আত্মাই মিনতি কৰে। হে পৰমপিতা পৰমাত্মা আমাৰ দুখ হৰণ কৰা, পাৰলৌকিক পিতাকে আত্মাই মিনতি কৰে।

এতিয়া তোমালোকে জানা – পিতা আহিছে, দুখ হৰণ কৰাৰ যুক্তি শুনাই আছে। আত্মা শৰীৰ সহিত সৰ্বদা নিৰোগী সমৃদ্ধিশালী হয়। মূললোকততো নিৰোগী সমৃদ্ধিশালী বুলি নকয়। তাত কোনো সৃষ্টি আছে জানো। তাততো আছেই শান্তি। শান্তি স্বধৰ্মত টিকি থাকে। এতিয়া পিতা আহিছে, সকলোৰে দুখ হৰণ কৰি সুখ দিবলৈ। সেয়েহে সন্তানসকলকো কয় – তোমালোক মোৰ হৈছা, কাকো দুখ নিদিবা। এয়া যুদ্ধক্ষেত্ৰ, কিন্তু গুপ্ত। সেয়া হ’ল প্ৰত্যক্ষ। এয়া যি গায়ন আছে – যুদ্ধক্ষেত্ৰত যিয়ে মৰিব তেওঁ স্বৰ্গলৈ যাব, তাৰ অৰ্থও বুজাব লাগে। এই যুদ্ধৰ মহত্ত্ব চোৱা কিমান! সন্তানসকলে জানে – সেই যুদ্ধত মৰিলে কোনো স্বৰ্গলৈ যাব নোৱাৰে। কিন্তু গীতাত ভগৱানুবাচ আছে (ভগৱানে কৈছে) তেওঁকতো মানিব নহয়। ভাগৱানে কাক ক’লে? সেই যুঁজাৰুসকলক ক’লে নে তোমালোকক ক’লে? দুয়োকে ক’লে। তেওঁলোককো বুজোৱা হয় – নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। এইটো সেৱাও কৰিব লাগে। এতিয়া তোমালোকে যদি স্বৰ্গলৈ যাব বিচৰা তেন্তে পুৰুষাৰ্থ কৰা, যুদ্ধততো সকলো ধৰ্মাৱলম্বীয়ে আছে, শিখো আছে, তেওঁলোকতো শিখ ধৰ্মলৈয়ে যাব। স্বৰ্গলৈতো তেতিয়া আহিব পাৰিব যেতিয়া আহি তোমালোক ব্ৰাহ্মণসকলৰ পৰা জ্ঞান ল’ব। যেনেকৈ বাবাৰ ওচৰলৈ যেতিয়া আহিছিল তেতিয়া বাবাই বুজাইছিল – তোমালোকে যুদ্ধ কৰি শিৱবাবাৰ স্মৃতিত থাকিলে তেতিয়া স্বৰ্গলৈ আহিব পাৰিবা। বাকী এনেকুৱা নহয় যে স্বৰ্গত ৰজা হ’বাগৈ। নহয়, বেছিকৈ তেওঁলোকক বুজাবও নোৱাৰা। তেওঁলোকক অলপেই জ্ঞান বুজোৱা হয়। যুদ্ধত নিজৰ ইষ্ট দেৱতাক নিশ্চয় স্মৰণ কৰে। শিখ ধৰ্মৰ হ’লে গুৰু গোবিন্দৰ জয় বুলি ক’ব। এনেকুৱা কোনো নাই যিয়ে নিজক আত্মা বুলি বুজি পৰমাত্মাক স্মৰণ কৰে। বাকী হয় যিসকলে পিতাৰ পৰিচয় পাব তেন্তে স্বৰ্গলৈ আহি যাব। সকলোৰে পিতাও এজনেই – পতিত-পাৱন। তেওঁ পতিতসকলক কয় – মোক স্মৰণ কৰিলে তোমালোকৰ পাপ খণ্ডন হ’ব আৰু মই যি সুখধাম স্থাপনা কৰোঁ তাত তোমালোক আহি যাবা। যুদ্ধতো শিৱবাবাক স্মৰণ কৰিলে তেতিয়া স্বৰ্গত আহি যাবা। সেই যুদ্ধক্ষেত্ৰৰ কথা বেলেগ, ইয়াত কথা বেলেগ। পিতাই কয় – জ্ঞানৰ বিনাশ হ’ব নোৱাৰে। শিৱবাবাৰ সন্তানতো সকলো হয়। এতিয়া শিৱবাবাই কয় – মামেকম্‌ (কেৱল মোক) স্মৰণ কৰিলে তোমালোক মোৰ ওচৰত মুক্তিধামলৈ আহি যাবা। আকৌ যি জ্ঞান শিকোৱা হয় সেয়া পঢ়িলে তেতিয়া স্বৰ্গৰ ৰাজ্য-ভাগ্য পাই যাবা। কিমান সহজ, স্বৰ্গলৈ যোৱাৰ ৰাস্তা চেকেণ্ডত পোৱা যায়। আমি আত্মাই পিতাক স্মৰণ কৰোঁ, যুদ্ধক্ষেত্ৰলৈতো আনন্দেৰে যাব লাগে। কৰ্মতো কৰিবই লাগে। দেশ ৰক্ষাৰ বাবে সকলো কৰিবলগীয়া হয়। তাততো হয়েই এক ধৰ্ম। মতভেদৰ কোনো কথা নাই। ইয়াত কিমান মতভেদ। পানীৰ কাৰণে, মাটিৰ কাৰণে যুদ্ধ। পানী বন্ধ কৰি দিয়ে, তেতিয়া পাথৰ মৰাত লাগি যায়। এজনে আনজনক শস্য নিদিয়ে তেতিয়া কাজিয়া হৈ যায়।

তোমালোক সন্তানসকলে জানা – আমি নিজৰ স্বৰাজ্য স্থাপনা কৰি আছোঁ। পঢ়াৰ দ্বাৰা ৰাজ্য-ভাগ্য পাওঁ। নতুন সৃষ্টি নিশ্চয় স্থাপনা হ’ব, নিৰ্ধাৰিত হৈ আছে তেন্তে কিমান আনন্দিত হোৱা উচিত। কোনো বস্তুৰ বাবে হাই-কাজিয়া কৰাৰ কোনো কথা নাই। বহুত সাধাৰণ হৈ থাকিবও লাগে। বাবাই বুজাইছে – তোমালোক শহুৰৰ ঘৰলৈ যোৱা সেইবাবে এতিয়া বনবাসত আছা। সকলো আত্মাই যাব, শৰীৰ যাব জানো। শৰীৰৰ অভিমানো এৰি দিব লাগে। আমি আত্মা, 84 জন্ম এতিয়া সম্পূৰ্ণ হ’ল। যিসকল ভাৰতবাসী হোৱা – কোৱা, ভাৰত স্বৰ্গ আছিল, এতিয়াতো কলিযুগ। কলিযুগত অনেক ধৰ্ম। সত্যযুগত এটাই ধৰ্ম আছিল। ভাৰত পুনৰ স্বৰ্গ হ’ব। বুজিও পায় – ভগৱানৰ আগমন হৈছে। আগলৈ গৈ ভৱিষ্যত বাণীও কৰি থাকিব। বায়ুমণ্ডল দেখিব নহয়। সেয়েহে পিতাই সন্তানসকলক বুজায়। পিতাতো সকলোৰে হয় নহয়। সকলোৰে অধিকাৰ আছে। পিতাই কয় – মই আহিছোঁ আৰু সকলোকে কওঁ – মামেকম্‌ স্মৰণ কৰা তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হ’ব। এতিয়াতো মনুষ্যই বুজি পায় – যিকোনো সময়তে যুদ্ধ হ’ব পাৰে। এয়াতো কাইলৈও হ’ব পাৰে। যুদ্ধ জোৰদাৰ হ’বলৈ সময় লাগে জানো। কিন্তু তোমালোক সন্তানসকলে বুজি পোৱা – এতিয়া আমাৰ ৰাজধানী স্থাপনা হোৱা নাই তেন্তে বিনাশ কেনেকৈ হ’ব পাৰে। এতিয়ালৈ পিতাৰ বাৰ্তানো চাৰিওফালে ক’ত দিছা। পতিত-পাৱন পিতাই কয় – মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ’ব। এইটো বাৰ্তা সকলোৰে কাণত পৰা উচিত। যুদ্ধ লাগিলেও, বোমা বৰ্ষণ কৰিলেও কিন্তু তোমালোকৰ নিশ্চয়তা আছে যে আমাৰ ৰাজধানী নিশ্চয় স্থাপনা হ’ব, তেতিয়ালৈ বিনাশ হ’ব নোৱাৰে। বিশ্বত শান্তি বুলি কয় নহয়। বিশ্বত আক্ৰমণ হ’লে তেতিয়া বিশ্ব নাশ কৰি দিব।

এয়া হ’ল বিশ্ব বিদ্যালয়, গোটেই বিশ্বক তোমালোকে জ্ঞান দিয়া। এজন পিতাই আহি গোটেই বিশ্ব ওলোটাই দিয়ে (পৰিৱৰ্তন কৰে)। তেওঁলোকেতো কল্পৰ আয়ুস লাখ লাখ বছৰ বুলি কৈ দিয়ে। তোমালোকে জানা ইয়াৰ আয়ুস পুৰা 5000 বছৰ। এনেকৈ কয় – যীশুখ্ৰীষ্টৰ জন্মৰ 3000 বছৰ পূৰ্বে স্বৰ্গ আছিল। ইছলাম, বৌদ্ধ আদি সকলোৰে হিচাপ-নিকাচ উলিয়ায়। তাৰ আগতে অন্য কাৰো নামেই নাছিল। তোমালোকে তাৰিখ সহিত ক’ব পাৰা। তেন্তে তোমালোকৰ কিমান নিচা থাকিব লাগে। কাজিয়া আদিৰ কথাই নাই। কাজিয়া তেওঁলোকে কৰে যিসকল অনাথ। তোমালোকে এতিয়া যি পুৰুষাৰ্থ কৰিবা 21 জন্মৰ বাবে প্ৰালব্ধ হৈ যাব। হাই-কাজিয়া কৰিলে তেতিয়া উচ্চ পদো নাপাবা। শাস্তিও ভোগ কৰিব লাগিব। যদি কিবা কথা থাকে, কিবা লাগে তেন্তে পিতাৰ ওচৰলৈ আহা, চৰকাৰেও কয় নহয় যে তোমালোকে মীমাংসা নিজে হাতেৰে নকৰিবা। কোনোৱে কয় – আমাক বিলাতৰ বুট (জোতা) লাগে। বাবাই ক’ব – সন্তানসকল এতিয়াতো বনবাসত আছা। তাত তোমালোকে বহুত সামগ্ৰী পাবা। পিতাইতো শুদ্ধ কথাই বুজাব নহয় যে এইটো কথা ঠিক নহয়। ইয়াত তোমালোকে এই আশা কিয় ৰাখা। ইয়াততো বহুত সাধাৰণ হৈ থকা উচিত। নহ’লেতো দেহ-অভিমান আহি যায়, এই ক্ষেত্ৰত নিজৰ মত চলাব নালাগে, বাবাই যি কয়, বেমাৰ আদি হ’লে ডাক্তৰ আদিকো মাতে, ঔষধ আদিৰে সকলোৰেতো তত্ত্বাৱধান লোৱা হয়। তথাপিও প্ৰতিটো কথাৰ বাবে পিতা বহি আছে। শ্ৰীমততো শ্ৰীমতে হয় নহয়। নিশ্চয়তে বিজয় আছে। তেওঁতো সকলো বুজি পায় নহয়। পিতাৰ ৰায় মতে চলিলেহে কল্যাণ আছে। নিজৰো কল্যাণ কৰিব লাগে। কাৰোবাক মূল্যৱান কৰি তুলিব নোৱাৰিলে তেন্তে মূল্যহীন হ’ল নহয়। পাউণ্ড হোৱাৰ লায়ক নহয়। ইয়াত মূল্য নাথাকিলে তেতিয়া তাতো মূল্য নাথাকিব। সেৱাৰ যোগ্য সন্তানসকলৰ সেৱাৰ প্ৰতি কিমান চখ থাকে। চক্ৰ লগাই থাকে। সেৱা নকৰিলে তেন্তে তেওঁলোকক দয়াশীল, কল্যাণকাৰী একো বুলিয়ে কোৱা নহয়। যদি বাবাক স্মৰণ নকৰে তেন্তে তুচ্ছ কাম কৰি থাকিব। পদো তুচ্ছ পাব। এনেকুৱা নহয়, আমাৰতো শিৱবাবাৰ লগত যোগ আছে। এওঁলোকতো হয়েই বি.কে.। শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰাহে জ্ঞান দিব পাৰে। কেৱল শিৱবাবাক স্মৰণ কৰিলে তেতিয়া মুৰুলী কেনেকৈ শুনিবা পাছত ফলাফল কি হ’ব? নপঢ়িলে কি পদ পাবা? এয়াও জানে যে সকলোৰে ভাগ্য উচ্চ হৈ গঢ়ি নুঠে। তাততো ক্ৰমানুসৰি পদ হ’ব। পৱিত্ৰতো সকলোৱে হ’ব লাগে। আত্মা পৱিত্ৰ নহ’লে শান্তিধামলৈ যাব নোৱাৰে।

পিতাই বুজায়, তোমালোকে সকলোকে এই জ্ঞান শুনাই যোৱা, কোনোবাই হয়তো এতিয়া নুশুনিবও পাৰে, আগলৈ গৈ নিশ্চয় শুনিব। এতিয়া যিমানে বিঘিনি, ধুমুহা জোৰেৰে নাহক – তোমালোকে ভয় খাব নালাগে কিয়নো নতুন ধৰ্ম প্ৰতিষ্ঠা হয় নহয়। তোমালোকে গুপ্ত ৰাজধানী স্থাপনা কৰি আছা। বাবা সেৱাধাৰী সন্তানসকলক দেখি আনন্দিত হয়। তোমালোকে নিজে নিজক ৰাজতিলক দিব লাগে, শ্ৰীমতত চলিব লাগে। এই ক্ষেত্ৰত নিজৰ জেদ চলিব নোৱাৰে। অকাৰণতে নিজৰ লোকচান কৰিব নালাগে। পিতাই কয় – সন্তানসকল, সেৱাধাৰী আৰু কল্যাণকাৰী হোৱা। বিদ্যাৰ্থীক শিক্ষকে ক’ব নহয় যে পঢ়ি ঘাটি পূৰণ কৰা। তোমালোকে 21 জন্মৰ বাবে স্বৰ্গৰ জলপানি লাভ কৰা। ৰাজবংশত যোৱা - এয়াই ডাঙৰ জলপানি। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সংগমত বহুত চিম্পুল সাধাৰণ হৈ থাকিব লাগে কিয়নো এয়া বনবাসত থকাৰ সময়। ইয়াত কোনো আশা ৰাখিব নালাগে। কেতিয়াও নিজৰ হাতত আইন তুলি ল’ব নালাগে। হাই-কাজিয়া কৰিব নালাগে।

(2) বিনাশৰ আগতে নতুন ৰাজধানী স্থাপনা কৰিবৰ বাবে সকলোকে পিতাৰ বাৰ্তা দিব লাগে যে পিতাই কয় – মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ’ব আৰু তোমালোক পাৱন হ’বা।

বৰদান:
সন্তুষ্টতাৰ বিশেষত্বৰ দ্বাৰা সেৱাত সফলতামূৰ্ত হওঁতা সন্তুষ্টমণি হোৱা

সেৱাৰ বিশেষ গুণ হৈছে সন্তুষ্টতা। যদি নাম সেৱা আৰু নিজেই অশান্ত হোৱা বা আনকো অশান্ত কৰা তেন্তে এনে সেৱা কৰাতকৈ নকৰাই ভাল। য’ত নিজৰ প্ৰতি বা সম্পৰ্কত অহাসকলৰ সন্তুষ্টতা নাই সেই সেৱাই নিজৰ প্ৰতিও ফল প্ৰাপ্ত নকৰায় আৰু আনৰ প্ৰতিও নকৰায়, সেই কাৰণে প্ৰথমে একান্তবাসী হৈ স্ব-পৰিৱৰ্তনৰ দ্বাৰা সন্তুষ্টমণিৰ বৰদান প্ৰাপ্ত কৰি পুনৰ সেৱাত আহা তেতিয়াহে সফলতামূৰ্ত হ’বা।

স্লোগান:
বিঘিনি ৰূপী পাথৰ ভঙাত সময় নষ্ট নকৰি উচ্চলৈ জপিয়াই সেয়া অতিক্ৰম কৰা।


অব্যক্ত সংকেত: এতিয়া একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত কৰি যোগ জ্বালা ৰূপ কৰি তোলা

জ্বালা স্বৰূপ স্মৃতিৰ বাবে মন আৰু বুদ্ধি দুয়োটাকে এটা হৈছে শক্তিশালী ব্ৰেক লাগে আৰু দ্বিতীয়তে দিশ পৰিৱৰ্তনৰো শক্তি লাগে। ইয়াৰ দ্বাৰা বুদ্ধিৰ শক্তি বা যিকোনো শক্তি নষ্ট নহৈ জমা হৈ যাব। যিমানে জমা হ’ব সিমানেই চিনাক্তকৰণ কৰা, নিৰ্ণয় কৰাৰ শক্তি বাঢ়িব। ইয়াৰ বাবে এতিয়া সংকল্পৰ বিস্তাৰ বন্ধ কৰি গৈ থাকা অৰ্থাৎ সামৰি লোৱাৰ শক্তি ধাৰণ কৰা।