30.10.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকে যোগবলৰ দ্বাৰা ৰাৱণৰূপী শত্ৰুৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব লাগে, মনুষ্যৰ পৰা দেৱতা হ'বলৈ দৈৱীগুণ ধাৰণ কৰিব লাগে”

প্ৰশ্ন:
সকলো সন্তান পিতাৰ শ্ৰীমতত একেধৰণে নচলে - কিয়?

উত্তৰ:
কিয়নো - (1) পিতা যি হয়, তেওঁক সকলোৱে একেধৰণে চিনি পোৱা নাই। যেতিয়া পূৰা চিনি পাব তেতিয়াহে শ্ৰীমতত চলিব। (2) মায়া ৰূপী শতৰুৱে শ্ৰীমতত চলাত বাধাৰ সৃষ্টি কৰে সেইবাবে সন্তানসকলে মাজে মাজে নিজৰ মত চলাই দিয়ে। তেতিয়া কয় - বাবা মায়াৰ ধুমুহা আহে, আপোনাৰ স্মৃতি পাহৰি যাওঁ। বাবাই কয় - সন্তানসকল, ৰাৱণ মায়াক ভয় নকৰিবা। তীব্ৰতাৰে পুৰুষাৰ্থ কৰা তেতিয়া মায়া ৰাৱণ ভাগৰি পৰিব।

গীত:
ন ৱহ হমচে জুদা হোংগে, ন ওলফট্ দিল চে নিকলেগী.... (তেওঁ আমাৰ পৰা বিচ্ছিন্ন নহ’ব আৰু তেওঁৰ প্ৰতি আমাৰ মৰম কমি নাযাব....)

ওঁম্শান্তি।
তোমালোক অকলশৰীয়া আত্মা। প্ৰত্যেকেই ক'ব - ওঁম্‌ শান্তি। এওঁ দ্বৈত হয় এওঁ দুবাৰ ক'বলগীয়া হয় - ওঁম্‌ শান্তি, ওঁম্‌ শান্তি। এতিয়া পিতাই বহি সন্তানসকলক বুজায় - তোমালোক ইয়াত যুদ্ধক্ষেত্ৰত বহি আছা। এনেকুৱা নহয় যে যেনেকৈ তেওঁলোকে পৰস্পৰ কাজিয়া কৰে। এনেকৈতো ঘৰে ঘৰে কাজিয়া-পেচাল কৰি থাকে। সংখ্যাগৰিষ্ঠৰ কথা কোৱা হয়। এক নম্বৰ হৈছে দেহ-অভিমান, দ্বিতীয়তে হৈছে কাম। এতিয়া তোমালোকে স্মৃতিৰ বলেৰে 5 বিকাৰৰূপী ৰাৱণৰ ওপৰত বিজয় প্ৰাপ্ত কৰা। স্মৃতিৰ বল থাকিলে তেতিয়া তোমালোক বাগৰি নপৰিবা (অৱনমিত নহ’বা)। তোমালোকৰ একমাত্ৰ ৰাৱণৰ লগতেই যুদ্ধ। তাতেতো অনেক প্ৰকাৰৰ কথা থাকে। ইয়াত এটাই কথা। তোমালোকৰ যুদ্ধ হয়েই ৰাৱণৰ লগত। তোমালোকক শিকাওঁতাজন কোন? পতিত-পাৱন ভগৱান। তেওঁ হয়েই পতিতক পাৱন কৰি তোলোঁতা। পাৱন অৰ্থাৎ দেৱতা, তোমালোক বিশ্বৰ মালিক হোৱা। এয়া কোনো মনুষ্যই বুজি নাপায় যে ৰাৱণৰ দ্বাৰা তোমালোক পতিত হৈছা। বাবাই বুজাইছে - এই সময়ত গোটেই জগতত ৰাৱণৰ ৰাজ্য। আচলতে ৰামৰাজ্য হয় সত্যযুগ, ত্ৰেতাত। তথাপিও গোটেই জগতত বুলি কোৱা হ’ব। কিন্তু তাত ইমান মনুষ্য নাথাকে। তোমালোকে যোগবলেৰে বিশ্বৰ ৰাজ্য লৈ আছা। এনেকুৱাও নহয় যে ইয়াত বহিলে তেতিয়াহে পিতাক স্মৰণ কৰিব লাগে বা স্বদৰ্শন চক্ৰ ঘূৰাব লাগে, বচ্‌। এয়াতো সকলো সময়তে বুদ্ধিত থাকিব লাগে। আমি স্বৰ্গত আধাকল্প ৰাজত্ব কৰিলোঁ, আকৌ ৰাৱণৰ অভিশাপ পালে তললৈ নামো (অৱনমিত হওঁ)। তললৈ নামিবলৈ সময়তো লাগে। 84 ছিৰি তললৈ নামিবলগীয়া হয়। আৰোহণ কলাত ছিৰিতো নাথাকে, যদি ছিৰি থাকে তেন্তে চেকেণ্ডত জীৱনমুক্তি বুলি কেনেকৈ কোৱা হ’ব? ক'ত তোমালোকৰ নামিবলৈ 2500 বছৰ লাগে আৰু ক'ত তোমালোকে কেইটিমান বছৰতে আৰোহণ কলাত আহি যোৱা। তোমালোকৰ হৈছে যোগবল। তেওঁলোকৰ হৈছে বাহুবল। দ্বাপৰৰ পৰা তললৈ নামে আকৌ বাহুবল আৰম্ভ হয়। সত্যযুগত মৰামৰিৰ কথা থাকিব নোৱাৰে। শ্ৰীকৃষ্ণৰ ক্ষেত্ৰত যি দেখুৱাইছে - উৰলত বান্ধিলে। এনেকুৱা কোনো কথা থাকিব নোৱাৰে। তাত সন্তান কেতিয়াও চঞ্চল নহয়। তেওঁতো (শ্ৰীকৃষ্ণতো) সৰ্বগুণ সম্পন্ন, 16 কলা সম্পূৰ্ণ হয়। শ্ৰীকৃষ্ণক কিমান স্মৰণ কৰি আহিছে। ভাল বস্তু স্মৃতিলৈ আহে নহয়। যেনেকৈ জগতত 7 টা আশ্চৰ্য আছে গতিকে মনুষ্যৰ স্মৃতিলৈ আহে, চাবলৈ যায়। আবুত ভালতকৈও ভাল কি বস্তু আছে, যিটোক মনুষ্যই চাবলৈ আহে? ধাৰ্মিক লোকতো আহেই মন্দিৰ চাবলৈ। ভক্তিমাৰ্গততো অনেক মন্দিৰ থাকে। সত্যযুগ ত্ৰেতাত কোনো মন্দিৰ নাথাকে। মন্দিৰ পাছলৈ নিৰ্মাণ কৰা হয়, স্মৃতি চিহ্নৰ বাবে। সত্যযুগত উৎসৱ আদি একো নাথাকে। দীপাৱলীও এনেকুৱাকৈ নহয়। অৱশ্যে হয়, সিংহাসনত অধিষ্ঠিত হ’লে তেতিয়া অভিষেক পালন কৰে। তাততো সকলোৰে জ্যোতি জ্বলি থাকে।

তোমালোকৰ ওচৰত এটি গীতো আছে - নৱযুগ আহিল… এইটো কেৱল তোমালোকে জানা যে আমি নৱযুগ অৰ্থাৎ সত্যযুগৰ বাবে, দেৱী-দেৱতা হ’বৰ বাবে পুৰুষাৰ্থ কৰি আছোঁ। পঢ়াতো ভালদৰে পঢ়িব লাগে। যেতিয়ালৈকে জীয়াই আছা জ্ঞান অমৃত পান কৰিব লাগে। এয়া হৈছে সৃষ্টিৰ আদি-মধ্য-অন্তক জনাৰ জ্ঞান। ইয়াত কোনো ভাষা আদি শিকা নহয়। কেৱল পিতাক স্মৰণ কৰিব লাগে আৰু স্বদৰ্শন চক্ৰ ঘূৰাব লাগে, বচ্‌। ইয়াত তোমালোক বহি আছা। স্বদৰ্শন চক্ৰধাৰী হোৱা। বুদ্ধিত আছে - আমাৰ 84 জন্মৰ চক্ৰ পূৰা হ'ল। এতিয়া পুৰণা শৰীৰ, পুৰণা সম্বন্ধ এৰি নতুন সম্বন্ধ গঢ়িব লাগে। বিষ্ণুপুৰীৰ মালিক হ'বলৈ বাবাই পুৰুষাৰ্থ কৰাই আছে। জগতত বাকী সকলো হৈছে আসুৰি সম্পদায়। ভগৱানুবাচ (ভগৱানে কয়) - এয়া সেয়াই গীতাৰ যুগ চলি আছে। এয়া হৈছে কল্প কল্পৰ সংগমযুগ। বাবাই কয় - মই এই কল্পৰ সংগমযুগত আহোঁ। মই সেইজনেই গীতাৰ ভগৱান। ইয়ালৈ আহোঁ নতুন সৃষ্টি স্বৰ্গ ৰচনা কৰিবলৈ, মই দ্বাপৰত কেনেকৈ আহিম। এইটো এটা ডাঙৰ ভুল। কিছুমান সৰু কিছুমান ডাঙৰ ভুল হয়। এইটো হৈছে ডাঙৰতকৈও ডাঙৰ ভুল। শিৱ ভগৱান যিজন পুনৰ্জন্ম ৰহিত, তেওঁৰ সলনি 84 জন্ম লওঁতাৰ নাম লিখি দিছে। তোমালোকে এতিয়া জানা যে শ্ৰীকৃষ্ণইতো এনেকৈ ক'ব নোৱাৰে যে মামেকম্‌ স্মৰণ কৰা। সকলো ধৰ্মাৱলম্বীয়ে জানো তেওঁক মান্যতা দিব। শিৱতো নিৰাকাৰ হয়। তোমালোক হৈছা শিৱ শক্তি সেনা। শিৱবাবাৰ সৈতে যোগযুক্ত হৈ শক্তি আহৰণ কৰা। ইয়াত পুৰুষ-মহিলাৰ কথা নাই। তোমালোক সকলো আত্মা ভাই ভাই হোৱা। সকলোৱে পিতাৰ পৰা শক্তি আহৰণ কৰি আছা। উত্তৰাধিকাৰ পিতাইহে দিব নহয় জানো। সেইজন পিতাই হৈছে সৰ্বশক্তিমান। এই লক্ষ্মী-নাৰায়ণকো সৰ্বশক্তিমান বুলি কোৱা হ'ব কিয়নো গোটেই বিশ্বৰ মালিক হয়। তেওঁলোকে এই ৰাজ্য কেনেকৈ পালে? এতিয়া কেৱল ভাৰততেই নহয় গোটেই জগততে ৰাৱণ ৰাজ্য। কোনোবা ৰজা হ'লে গম পোৱা যায়, এওঁৰ জ্যেষ্ঠসকলে ইয়াত ৰাজত্ব কৰিছিল, যিটো চলি আহে। এয়াতো সত্যযুগ আদিৰ পৰা চলি আহিছে তেন্তে নিশ্চয় পূৰ্ব জন্মত এনেকুৱা পুৰুষাৰ্থ কৰিছিল। পতিত বাদশ্বাহী দান পুণ্য কৰিলে পোৱা যায়। ইয়াততো এই সংগমত জ্ঞান আৰু যোগবলেৰে 21 জন্মৰ বাবে ৰাজ্য পোৱা। তোমালোকে জানা যে এই গোটেই পুৰণি সৃষ্টি এতিয়া বিনাশ হ'ব। এই শৰীৰো নাথাকিব, সেইকাৰণে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। ‘বাবা বাবা’ বুলি ক'বলৈ শিকা। যেনেকৈ পাৰ্থিৱ (লৌকিক) সন্তানসকলক শিকোৱা হয় তেতিয়া সন্তানে সেইজন পিতাকে স্মৰণ কৰে। এতিয়া আত্মিক পিতাই তোমালোক সন্তানসকলক কয় - হে সন্তানসকল, এয়া হৈছে নতুন কথা। পিতাই কয় - এতিয়া মোক আত্মিক পিতাক স্মৰণ কৰা কিয়নো ঘৰলৈ উভতি যাব লাগে। আত্মাতো হৈছে অবিনাশী, শৰীৰ বিনাশী তেন্তে শক্তিশালী কোন হ'ল? শৰীৰ আত্মাৰ আধাৰত চলে। আত্মা গুচি গ'লে শৰীৰটোক জুইত জ্বলাবলগীয়া হয়। আত্মাতো হয়েই অবিনাশী। আত্মা একেবাৰে বিন্দুয়েই হয়। সেই আত্মাক কোনেও নাজানে। যদিওবা কাৰোবাৰ সাক্ষাৎকাৰ হয় তেতিয়াওনো কি হ'ল! তেওঁতো এয়া গমেই নাপায় যে আত্মা যি বিন্দু হয়, তাত 84 জন্মৰ অবিনাশী ভূমিকা নিহিত হৈ আছে। এই কথাবোৰ তোমালোকৰহে বুদ্ধিত আছে। ৰাজযোগ শিকাওঁতা হয়েই সেইজন পিতা। বাকী বেৰিষ্টাৰ, উকিল, ইঞ্জিনিয়াৰ আদিতো চলি আহে। ইয়াত মনুষ্যৰ পৰা দেৱতা হ'ব লাগে। হওঁতে তেওঁলোকো মনুষ্য কিন্তু তেওঁলোকক দেৱতা বুলি কোৱা হয়। দেৱতা অৰ্থাৎ দৈৱী গুণ ধাৰণ কৰোঁতা। তোমালোক পুৰুষাৰ্থ কৰি এনেকুৱা দৈৱীগুণধাৰী হ'ব লাগে। এয়া হৈছে লক্ষ্য-উদ্দেশ্য। তোমালোকে জানা এই দেৱতাসকলৰ কি গুণ আছে! এনেকুৱা আমি হ'ব লাগে। প্ৰজাও হ'ব নহয় জানো। প্ৰজা অনেক হ'ব। বাকী ৰজা-ৰাণী হ'বলৈ পৰিশ্ৰম কৰিবলগীয়া হয়। যিয়ে পৰিশ্ৰম বেছিকৈ কৰিব তেওঁলোক ৰজা-ৰাণী হ'বগৈ। যিয়ে বহুতক জ্ঞান দিব, সেয়া প্ৰত্যেকে নিজৰ অন্তৰৰ পৰা বুজিব পাৰে। আত্মাই কয় - মই বেহদৰ পিতাৰ হৈয়েই যাম। তেওঁৰ প্ৰতি উৎসৰ্গিত হৈ যাম, সমৰ্পণ হৈ যাম। যিবোৰ মোৰ ওচৰত আছে সেই সকলোবোৰ উৎসৰ্গিত কৰি দিম। ঈশ্বৰকতো দিয়ে নহয় জানো। আপুনি আহিলে তেতিয়া আমি সমৰ্পণ হৈ যাম। তাৰ সলনি আপোনাৰ পৰা নতুন তন-মন-ধন ল’ম। মন নতুন কেনেকৈ ল’বা? আত্মাক নতুন (পৱিত্ৰ) কৰি তুলিম। তেতিয়া শৰীৰো নতুন ল’বা। ৰাজধানীও ল’বা। এতিয়া তোমালোকে লৈ আছা নহয় জানো। আত্মাই কয় - হে বাবা এই শৰীৰ সহিত আপোনাৰ হওঁ। বাবা মই আপোনাৰ চৰণত আহিছোঁ। ৰাৱণ ৰাজ্যত সকলো অতি দুখী হৈছে সেইকাৰণে বাবা এতিয়া ইয়াৰ পৰা মুক্ত কৰি নিজৰ ৰাজধানীলৈ লৈ যাওক। শিৱবাবাকতো পাই গ’লা তেন্তে বাকী কি! তোমালোকে জানা যে শিৱবাবাৰ শ্ৰীমতেৰে স্বৰ্গ ৰচনা হয়। আসুৰি ৰাৱণৰ মতেৰে নৰক ৰচনা হয়। এতিয়া পুনৰাই শ্ৰীমতেৰে স্বৰ্গ ৰচনা হয়। নিশ্চয় যি কল্প পূৰ্বে আহিছিল তেৱেঁই আহিব। শ্ৰীমতেৰে উচ্চ হ'ব। ৰাৱণ মতত চলিলে বাগৰি পৰিব (অৱনমিত হ'ব)। তোমালোকৰ এতিয়া হৈছে আৰোহণ কলা, বাকী সকলোৰে হৈছে অৱৰোহণ কলা। কিমান অনেক ধৰ্ম আছে। সত্যযুগত একমাত্ৰ দেৱী-দেৱতা ধৰ্মই আছিল। এতিয়া সেইটো ধৰ্ম প্ৰায় লোপ হৈ গ'ল। (বট গছৰ দৃষ্টান্ত)

তোমালোকে জানা - দেৱী-দেৱতা ধৰ্মৰ চিনতো আছে। যথাযথ দেৱী-দেৱতাসকলৰ ৰাজ্য আছিল। 5 হাজাৰ বছৰৰ কথা। তোমালোকে সিদ্ধ কৰি শুনোৱা যে এয়া 5 হাজাৰ বছৰৰ চক্ৰ। ইয়াত 4টা যুগ আছে। প্ৰতিটো যুগৰ আয়ুস 1250 বছৰ। তেওঁলোকেতো লাখ লাখ বছৰ বুলি কৈ দিছে। বহুত পাৰ্থক্য থকাৰ বাবে কাৰো বুদ্ধিত ধাৰণ নহয়। এনেকৈ ভাবে যে যেনেকৈ আন আন সংস্থা আছে তেনেকৈ এয়াও বি.কে. ৰ সংস্থা। এওঁলোকে গীতা অধ্যয়ন কৰে। এতিয়া গীতাতো কৃষ্ণ ভগৱানে শুনালে। এয়াতো হীৰা-মুকুতাৰ বেপাৰী দাদা (লেখৰাজ) বহি আছে, তেতিয়া মনুষ্য বিবুদ্ধিত পৰিব নহয় জানো। পিতাই কয় - মই যি হওঁ, যেনেকুৱা হওঁ, এই সময়লৈকে কোনেও মোক জনা নাই। অন্তিমত তোমালোকে পূৰ্ণ ৰূপত জানিবা। এতিয়ালৈকে ক্ৰমানুসৰি জানিছা, সেইবাবেতো শ্ৰীমতত চলাতো অতি কঠিন বুলি ভাবে। ভাল ভাল সন্তানো শ্ৰীমতত নচলে। ৰাৱণে চলিবলৈ নিদিয়ে। নিজৰ মত চলাই দিয়ে। কিছুসংখ্যক আছে যিসকল শ্ৰীমতত পূৰা চলোঁতা হয়। আগলৈ গৈ পূৰ্ণ ৰূপত চিনি পাব তেতিয়া শ্ৰীমতত চলিব। মই যি হওঁ, যেনেকুৱা হওঁ, সেয়া আগলৈ গৈ বুজিব। এতিয়া বুজি গৈ থাকে। পূৰা বুজি ল’লে তেন্তে বাকী কি লাগে! থাকিবও লাগে নিজৰ গৃহস্থালিত কিন্তু শত্ৰু মায়া এনেকুৱা যে শ্ৰীমতত চলাত বাধাৰ সৃষ্টি কৰে। কয় - বাবা মায়াৰ ধুমুহা বহুত আহে। মায়াই আপোনাৰ স্মৃতি পাহৰাই দিয়ে। হয় পুৰুষাৰ্থ তীব্ৰতাৰে কৰি থাকিলে অৱশেষত মায়াও ভাগৰি পৰিব। মালাও হৈছে 8 (আঠ) গৰাকীৰ। মুখ্য 8 (আঠ) ৰত্ন। 8 (আঠ) গৰাকীতো হৈছে - যোৰা। 9 নম্বৰৰ ৰত্ন শিৱবাবাক মাজত ৰাখে। কোনোবাই ৰঙা, কোনোৱাই বগা ৰঙৰ সাজে। এতিয়া শিৱবাবাতো হৈছে বিন্দু। বিন্দু ৰঙা নহয়। বিন্দুতো বগাই হয়। সেইটো বহুত সূক্ষ্ম। দিব্য দৃষ্টি অবিহনে কোনেও দেখা পাব নোৱাৰে। ডাক্তৰ আদিয়ে চাবলৈ কিমান প্ৰয়াস কৰে। কিন্তু দেখা পাব নোৱাৰে কিয়নো অব্যক্ত বস্তু হয়, নহয় জানো সেয়েহে সোধা হয় - আপোনালোকে কয় আমি আত্মা, বাৰু আত্মাক কেতিয়াবা দেখিছেনে? নিজকে চাব নোৱাৰে তেন্তে আকৌ পিতাক কেনেকৈ দেখা পাব পাৰিব। আত্মাক জানিব লাগে যে কেনেকৈ তাত ভূমিকা নিহিত হৈ আছে। এইটো একেবাৰেই কোনেও নাজানে। 84 জন্মৰ সলনি 84 লাখ বুলি কৈ দিয়ে। পিতা আহি সন্তানসকলকো সকলোবোৰ কথা বুজায়। আজিৰ ভাৰত কেনেকুৱা, কালিলৈ ভাৰত কেনেকুৱা হ'ব! মহাভাৰতৰ যুদ্ধও আছে। গীতাৰ জ্ঞানো দিছে, এয়া ৰুদ্ৰ যজ্ঞও হয়। সকলো ধৰ্মৰ বিনাশ, এক ধৰ্মৰ প্ৰতিষ্ঠা হৈ আছে।

এয়া শিৱবাবাৰ ভাণ্ডাৰ, ইয়াৰ পৰা তোমালোকে পৱিত্ৰ ভোজন পোৱা। ব্ৰাহ্মণ-ব্ৰাহ্মণীসকলেহে ৰান্ধে, সেয়েহে ইয়াৰ মহিমা পাৰাপাৰহীন ইয়াৰ দ্বাৰা তোমালোক পৱিত্র হৈ পৱিত্ৰ সৃষ্টিৰ মালিক হোৱা, সেয়েহে পৱিত্ৰ ভোজন ভাল। যিমান তোমালোক উচ্চ হৈ গৈ থাকিবা সিমান ভোজনো তোমালোকে শুদ্ধ পাবা। যোগযুক্ত হৈ কোনোবাই ভোজন ৰান্ধিলে তেতিয়া শক্তি বহুত পোৱা যায়, সেয়াও আগলৈ গৈ পাবা। সেৱাধাৰী সন্তান যিসকল সেৱাকেন্দ্ৰত থাকে, তেওঁলোকে নিজ হাতেৰে ভোজন ৰান্ধি খায় তেতিয়াও তেনে ভোজনৰ পৰা বহুত বল পাব পাৰে। যেনেকৈ পতিব্ৰতা স্ত্ৰীয়ে স্বামীৰ বাহিৰে আন কাৰো স্মৰণ নকৰে। এনেকৈ তোমালোক সন্তানসকলেও স্মৃতিত থাকি ৰান্ধা, খোৱা তেতিয়া বহুত বল পাবা। বাবাৰ স্মৃতিত থাকি তোমালোকে বিশ্বৰ বাদশ্বাহী লোৱা। বাবাই ৰায়তো দিয়ে কিন্তু এতিয়া কাৰো বুদ্ধিত নাহে। আগলৈ গৈ হ'ব পাৰে - ক'ব আমি নিজ হাতেৰে যোগযুক্ত হৈ ভোজন ৰান্ধোঁ, তেতিয়া সকলোৰে কল্যাণ হৈ যাব।

পিতাই সন্তানসকলক সকলো প্ৰকাৰৰ মত দিয়ে নহয় জানো। ত্ৰিমূৰ্তিৰ চিত্ৰ সন্মুখত ৰাখিব লাগে। উত্তৰাধিকাৰ শিৱবাবাৰ পৰা ল'ব লাগে। কিবা নহয় কিবা উপায় উলিয়াই থাকা। বাবাই নিজৰ উদাহৰণ দিয়ে - ভক্তি মাৰ্গত মই নাৰায়ণৰ চিত্ৰক বহুত মৰম কৰিছিলোঁ। বচ্‌ তেওঁক স্মৰণ কৰিলে চকুলো ওলাই আহিছিল কিয়নো সেই সময়ত বৈৰাগ্য ভাৱ আছিল। সৰুকালত বৈৰাগ্য বৃত্তি আছিল। এয়া হৈছে আকৌ বেহদৰ কথা। তথাপিও কয় – মনমনাভৱ (নিজক আত্মা বুলি বুজি পৰমাত্মাক স্মৰণ কৰা)। যোগযুক্ত হৈ থাকিলেহে তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ'বা। স্মৃতিত থকাৰ চিন্তা থাকিব লাগে। শ্ৰীমত পোৱা যায়, পিতাই কয় - স্মৰণ কৰা। মই সৃষ্টিৰ ৰচয়িতা হওঁ, তেন্তে তোমালোকো নতুন সৃষ্টিৰ মালিক হ'বাগৈ নহয় জানো। নহ'লে শাস্তিও খাবা আৰু পদো ভ্ৰষ্ট হৈ যাব। মৰাৰ আগতেই সন্তানসকলৰ এইটো চিন্তা থাকিব লাগে যে আমি সতোপ্ৰধান কেনেকৈ হওঁ। পিতাক স্মৰণতো নিশ্চয় কৰিব লাগে। এয়া হৈছে ডাঙৰতকৈও ডাঙৰ চিন্তা। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

াৰণাৰবাবেমুখ্যসাৰ:-
(1) যোগযুক্ত হৈ নিজ হাতেৰে ভোজন ৰান্ধিব আৰু খাব লাগে। পৱিত্ৰ সৃষ্টিলৈ যাবৰ কাৰণে পৱিত্ৰ ভোজন খাব লাগে। তাতেই শক্তি আছে।

(2) নতুন তন-মন-ধন প্ৰাপ্ত কৰিবৰ কাৰণে পুৰণা সকলোবোৰ পিতাৰ প্ৰতি উৎসৰ্গিত কৰি দিব লাগে। এই শৰীৰ সহিত পিতাৰ প্ৰতি সম্পূৰ্ণ ৰূপে সমৰ্পণ হৈ যাব লাগে।

বৰদান:
একান্ত আৰু অন্তৰ্মুখী হোৱাৰ অভ্যাসৰ দ্বাৰা নিজক অনুভৱেৰে সম্পন্ন কৰোঁতা মায়াজিৎ হোৱা

জ্ঞানীৰ লগতে শক্তিশালী অৰ্থাৎ অনুভৱী মূৰ্ত হ’বলৈ একান্তবাসী আৰু অন্তৰ্মুখী হোৱা। অস্থিৰ হোৱাৰ কাৰণ হৈছে অনুভৱৰ অভাৱ। সেইবাবে কেৱল বুজোঁতা, বুজাওঁতা বা মননমূৰ্ত নহ’বা, একান্তবাসী হৈ প্ৰতিটো সাৰ কথাৰ অনুভৱী হোৱা। তেতিয়া যিকোনো প্ৰবঞ্চনা, দুখ বা দ্বিধাৰ পৰা হাত সাৰি যাবা। মই কাৰ সন্তান, প্ৰাপ্তি কি— এই প্ৰথম পাঠটিৰ অনুভৱ কৰি ল’লে মায়াজিৎ সহজে হৈ যাবা।

স্লোগান:
দায়িত্ব পালন কৰিও ‘ডবল লাইট’ হৈ থকাসকলহে পিতাৰ সমীপৰ ৰত্ন।


অব্যক্ত ইংগিত: পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰা:

নিজৰ তিনিটা স্বৰূপ সদায় স্মৃতিত ৰাখিবা—প্ৰথমটো মই উপকাৰী, দ্বিতীয়টো মই নিৰহংকাৰী আৰু তৃতীয়টো মই অধিকাৰী। কোনোবা যিমানেই অপকাৰী নহওঁক, কিন্তু তোমালোকৰ দৃষ্টি আৰু বৃত্তি উপকাৰী হওক। আকৌ যিমান অধিকাৰী, সিমানেই নিৰহংকাৰী। যেতিয়া বৃত্তিৰ পৰাও ‘মই’ বোধ ত্যাগ কৰিবা, তেতিয়া স্মৃতিত সদায় পিতা আৰু দাদা থাকিব আৰু মুখেৰেও তেনে কথাই উচ্চাৰিত হ’ব। তেতিয়া বিশ্বপতি হৈ বিশ্বৰ সেৱা কৰিব পাৰিবা।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]