30.11.25 Avyakt Bapdada
Assame
Murli
18.01.2008 Om Shanti Madhuban
“*“সঁচা স্নেহী হৈ
সকলো বোজা পিতাক দি আনন্দ-উল্লাসৰ অনুভৱ কৰা, পৰিশ্ৰম মুক্ত হোৱা”*”
আজি বাপদাদাই নিজৰ
চাৰিওফালৰ নিশ্চিন্ত বাদশ্বাহৰ সংগঠন চাই আছেহঁক। ইমান ডাঙৰ বাদশ্বাহসকলৰ সভা গোটেই
কল্পত এই সংগমৰ সময়ত হয়। স্বৰ্গতো ইমান ডাঙৰ সভা বাদশ্বাহসকলৰ নহ’ব। কিন্তু এতিয়া
বাপদাদাই সকলো বাদশ্বাহৰ সভা দেখি হৰ্ষিত হৈ আছে। দূৰৈত থকাসকলো অন্তৰৰ সমীপত দেখা
পোৱা গৈছে। তোমালোক সকলো নয়নত সমাহিত হৈ আছা, তেওঁলোক অন্তৰত সমাহিত হৈ আছে। কিমান
সুন্দৰ সভা, আজিৰ বিশেষ দিৱসত সকলোৰে চেহেৰাত অব্যক্ত স্থিতিৰ স্মৃতিৰ ৰেঙনি
দৃষ্টিগোচৰ হৈছে। সকলোৰে অন্তৰত পিতা ব্ৰহ্মাৰ স্মৃতি সমাহিত হৈ আছে। আদি দেৱ পিতা
ব্ৰহ্মা আৰু শিৱ পিতা দুয়োজনেই সকলো সন্তানক দেখি হৰ্ষিত হৈ আছে। আজিতো ৰাতিপুৱা
দুই বজাৰ পৰা আৰম্ভ কৰি বাপদাদাৰ ডিঙিত ভিন্ন ভিন্ন প্ৰকাৰৰ মালা বিৰাজমান হৈ আছিল।
এই ফুলৰ মালাসমূহতো সাধাৰণ। হীৰাৰ মালাও কোনো ডাঙৰ কথা নহয় কিন্তু স্নেহৰ অমূল্য
মুকুতাৰ মালা অতি শ্ৰেষ্ঠ। প্ৰতিগৰাকী সন্তানৰ অন্তৰত আজিৰ দিনটোত স্নেহ বিশেষভাৱে
জাগ্ৰত হৈ থাকিল। বাপদাদাৰ ওচৰত চাৰি প্ৰকাৰ ভিন্ন ভিন্ন মালা প্ৰকট হৈ আছিল। প্ৰথম
মালাধাৰী শ্ৰেষ্ঠ সন্তানসকলৰ য’ত পিতাৰ সমান হোৱাৰ শ্ৰেষ্ঠ পুৰুষাৰ্থী সন্তানসকল আছে,
এনেকুৱা সন্তান মালাৰ ৰূপত পিতাৰ ডিঙিত বিৰাজমান হৈ আছিল। প্ৰথম মালাধাৰী সকলোতকৈ
চুটি আছিল। দ্বিতীয় মালাধাৰী – অন্তৰৰ স্নেহ সমীপ সমান হোৱাৰ পুৰুষাৰ্থী সন্তানসকলৰ
মালা, সেয়া শ্ৰেষ্ঠ পুৰুষাৰ্থী এয়া পুৰুষাৰ্থী। তৃতীয় মালাধাৰী আছিল – যি দীঘল আছিল
সেয়া আছিল – স্নেহীও, পিতাৰ সেৱাত সংগীও কিন্তু কেতিয়াবা তীব্ৰ পুৰুষাৰ্থী আৰু
কেতিয়াবা, কেতিয়াবা কেতিয়াবা বেছিকৈ ধুমুহাৰ সন্মুখীন হওঁতা। কিন্তু বিচাৰোঁতা,
সম্পন্ন হোৱাৰ ভাল ইচ্ছাও থাকে। চতুৰ্থ মালাধাৰী আছিল অভিযোগ দিওঁতাসকলৰ। ভিন্ন
ভিন্ন প্ৰকাৰৰ সন্তানসকলৰ অব্যক্ত ফৰিস্তা চেহেৰাৰ ৰূপত মালাসমূহ আছিল। বাপদাদাও
ভিন্ন ভিন্ন মালাসমূহ দেখি আনন্দিতও হৈ আছিল আৰু স্নেহ আৰু কিৰণ একেলগে দি আছিল।
এতিয়া তোমালোক সকলোৱে নিজেই নিজক ভাবা মই কোন? কিন্তু চাৰিওফালৰ সন্তানসকলৰ বিশেষ
সংকল্প বৰ্তমান সময়ত অন্তৰত জাগ্ৰত হৈ আছে যে এতিয়া কিবা কৰিবই লাগে। এই
উৎসাহ-উদ্দীপনা গৰিষ্ঠসংখ্যকৰে সংকল্প ৰূপত আছে। স্বৰূপত ক্ৰমানুসৰি আছে কিন্তু
সংকল্পত আছে।
বাপদাদাই সকলো
সন্তানক আজিৰ স্নেহৰ দিনৰ, স্মৃতিৰ দিনৰ, সমৰ্থ দিনৰ বিশেষ অন্তৰৰ অশীৰ্বাদ আৰু
অন্তৰৰ অভিনন্দন জনাই আছে। আজিৰ বিশেষ দিনটি স্নেহৰ হোৱাৰ কাৰণে গৰিষ্ঠসংখ্যক
স্নেহত সমাহিত হৈ আছে। এনেকৈয়ে পুৰুষাৰ্থত সদায় স্নেহত সমাহিত হৈ থাকা। স্নেহত লীন
হৈ থাকা গতিকে সহজ সাধন হৈছে স্নেহ, অন্তৰৰ স্নেহ। পিতাৰ পৰিচয়ৰ স্মৃতি সহিত স্নেহ।
পিতাৰ প্ৰাপ্তিসমূহৰ স্নেহ সম্পন্ন স্নেহ। স্নেহ বহুত সহজ সাধন কিয়নো স্নেহী আত্মা
পৰিশ্ৰমৰ পৰা হাত সাৰি যায়। স্নেহত লীন হোৱাৰ কাৰণে, স্নেহত মগন হৈ থকাৰ কাৰণে যি
কোনো প্ৰকাৰৰ পৰিশ্ৰম মনোৰঞ্জনৰ ৰূপত অনুভৱ হ’ব। স্নেহী স্বতঃ দেহৰ বোধ, দেহৰ
সম্বন্ধৰ ধ্যান, দেহৰ জগতৰ ধ্যানৰ পৰা উৰ্দ্ধত স্নেহত স্বতঃ লীন হৈ থাকে। অন্তৰৰ
স্নেহ পিতাৰ সমীপৰ, সান্নিধ্যৰ, সমানতাৰ অনুভৱ কৰায়। স্নেহীয়ে সদায় নিজক পিতাৰ
আশীৰ্বাদৰ পাত্ৰ বুলি ভাবে। স্নেহে অসম্ভৱকো সহজে সম্ভৱ কৰি দিয়ে। সদায় নিজৰ মস্তকত,
শিৰত পিতাৰ সহযোগৰ, স্নেহৰ হাত অনুভৱ কৰে। নিশ্চয়বুদ্ধি, নিশ্চিন্ত হৈ থাকে।
তোমালোক সকলো স্থাপনাৰ আৰম্ভণিৰ সন্তানসকলৰ আদি সময়ৰ অনুভৱ আছে, এতিয়াও সেৱাৰ আদি
নিমিত্ত সন্তানসকলৰ অনুভৱ আছে যে আদিত সকলো সন্তানে পিতাক পালে, সেই স্মৃতিৰে
স্নেহৰ নিচা কিমান আছিল! জ্ঞানতো পাছত পাইছে কিন্তু প্ৰথমৰ নিচা হৈছে স্নেহত সমাহিত
হৈ থকা। পিতা স্নেহৰ সাগৰ সেয়েহে গৰিষ্ঠসংখ্যক সন্তান আদিৰ পৰা স্নেহৰ সাগৰত বিলীন
হৈ আছে, পুৰুষাৰ্থৰ গতিত বহুত ভাল বেগেৰে চলে। কিন্তু কিছুমান সন্তান স্নেহৰ সাগৰত
বিলীন হৈ যায়, কিছুমান কেৱল ডুব মাৰি বাহিৰলৈ ওলাই আহে সেইকাৰণে যিমান বিলীন হৈ যোৱা
সন্তানৰ পৰিশ্ৰম কম হয় সিমান তেওঁলোকৰ নহয়। কেতিয়াবা পৰিশ্ৰম, কেতিয়াবা প্ৰেম
দুয়োটাতে থাকে। কিন্তু যিসকল স্নেহত লীন হৈ থাকে তেওঁলোকে সদায় নিজক চত্ৰছায়াৰ
ভিতৰত থকাৰ অনুভৱ কৰে। অন্তৰৰ স্নেহী সন্তানে পৰিশ্ৰমকো প্ৰেমলৈ সলনি কৰি লয়।
তেওঁলোকৰ আগত পাহাৰ যেন সমস্যাও পাহাৰ নহয় কিন্তু কপাহৰ সমান অনুভৱ হয়। পাথৰো পানী
সমান অনুভৱ হয়। গতিকে যেনেকৈ আজি বিশেষ স্নেহৰ বায়ুমণ্ডলত আছা তেন্তে অনুভৱ কৰিলানে
পৰিশ্ৰমৰ হ’ল নে মনোৰঞ্জন হ’ল! আজিতো সকলোৰে স্নেহৰ অনুভৱ হ’ল নহয়! স্নেহত বিলীন হৈ
আছিলানে? সকলো বিলীন হৈ আছিলানে! আজি পৰিশ্ৰমৰ অনুভৱ হ’ল জানো? কোনো কথাৰ পৰিশ্ৰম
অনুভৱ হ’লনে? ‘কি’, ‘কিয়’, ‘কেনেকৈ’ এনেকুৱা সংকল্প উদয় হ’ল জানো? স্নেহে সকলো
পাহৰাই দিয়ে। সেয়েহে বাপদাদাই কয় যে পিতাৰ এই স্নেহ পাহৰি নাযাবা। স্নেহৰ সাগৰ পাইছা,
খুব সাঁতোৰা। যেতিয়াই কোনো পৰিশ্ৰমৰ অনুভৱ হয় নহয়, কিয়নো মায়াই মাজে মাজে পৰীক্ষাতো
লয়, কিন্তু সেই সময়ত স্নেহৰ অনুভৱ স্মৃতিলৈ আনা। তেতিয়া পৰিশ্ৰম প্ৰেমলৈ সলনি হৈ
যাব। অনুভৱ কৰি চোৱা। কি হয়, ভুল কি হৈ যায়! সেই সময়ত ‘কি’, ‘কিয়’… এই বিলাকত বহুত
গুচি যোৱা। যি আহে সেয়া যায়ো কিন্তু যাব কেনেকৈ? স্নেহ স্মৃতিলৈ আনিলে পৰিশ্ৰম আঁতৰি
যাব কিয়নো সকলোৰে ভিন্ন ভিন্ন সময়ত বাপদাদা দুয়োৰে স্নেহৰ অনুভৱতো আছে। আছে নহয়
অনুভৱ! কেতিয়াবাতো কৰিছা নহয়, বাৰু সদায় নহয় কেতিয়াবাতো হয়। সেই সময় স্মৃতিলৈ আনা –
পিতাৰ স্নেহ কি! পিতাৰ স্নেহত কি কি অনুভৱ কৰিলা! গতিকে স্নেহৰ স্মৃতিৰে পৰিশ্ৰম
সলনি হৈ যাব কিয়নো বাপদাদাৰ কোনো সন্তানৰ পৰিশ্ৰমৰ স্থিতি ভাল নালাগে। মোৰ সন্তান
আৰু পৰিশ্ৰম! তেন্তে পৰিশ্ৰম মুক্ত কেতিয়া হ’বা? এই সংগমযুগেই হয় য’ত পৰিশ্ৰম মুক্ত,
আনন্দ উল্লাসত ডুবি থাকিব পাৰা। যদি আনন্দ-উল্লাস নাই তেন্তে কিবা নহয় কিবা বোজা
বুদ্ধিত আছে, পিতাই কৈছে বোজা মোক দি দিয়া। ‘মই’ বোধ পাহৰি নিমিত্ত হৈ যোৱা।
দ্বায়িত্ব পিতাক দি দিয়া আৰু স্বয়ং অন্তৰেৰে সঁচা সন্তান হৈ খোৱা, খেলা আৰু
আনন্দ-উল্লাস কৰা কিয়নো এই সংগমযুগ সকলো যুগৰ ভিতৰত আনন্দ-উল্লাসৰ যুগ। এই
আনন্দ-উল্লাসৰ যুগতো যদি আনন্দ-উল্লাস নকৰা তেন্তে কেতিয়া কৰিবা? বাপদাদাই যেতিয়া
দেখে যে সন্তানে বোজা দাঙি বহুত পৰিশ্ৰম কৰি আছে। দি নিদিয়ে, নিজেই উঠাই লয়। তেতিয়া
পিতাৰতো পুতৌ জন্মিব নহয়, দয়া উপজিব নহয়। আনন্দ-উল্লাসৰ সময়ত পৰিশ্ৰম! স্নেহত বিলীন
হৈ যোৱা, স্নেহৰ সময় স্মৃতিলৈ আনা। প্ৰত্যেকৰে কোনোবা নহয় কোনোবা সময়ত বিশেষ স্নেহৰ
অনুভূতি হৈয়েই, হৈছে। পিতাই জানে যে হৈছে কিন্তু স্মৰণ নকৰা। পৰিশ্ৰমকে চাই থাকে,
বিভ্ৰান্ত হৈ থাকে। যদি আজিও অমৃতবেলাৰ পৰা এতিয়ালৈকে বাপদাদা দুয়োগৰাকী
হৰ্তা-কৰ্তাৰ স্নেহ অন্তৰেৰে অনুভৱ কৰিছা তেনেহ’লে আজিৰ দিনটোও স্মৃতিলৈ আনিলে
স্নেহৰ আগত পৰিশ্ৰম সমাপ্ত হৈ যাব।
এতিয়া বাপদাদাই এইটো
বৰ্ষত প্ৰতিগৰাকী সন্তানক স্নেহ যুক্ত, পৰিশ্ৰম মুক্ত হোৱা চাবলৈ বিচাৰে। পৰিশ্ৰমৰ
নাম-চিহ্ন যাতে অন্তৰত নাথাকে, জীৱনত নাথাকে। হ’ব পাৰেনে? হ’ব পাৰেনে? যিসকলে ভাবা
কৰিহে এৰিম, সাহসী সেইসকলে হাত দাঙা। আজি বিশেষকৈ এনেকুৱা প্ৰত্যেক সন্তানৰ প্ৰতি
পিতাৰ বিশেষ বৰদান হৈছে – পৰিশ্ৰম মুক্ত হোৱাৰ। স্বীকাৰ কৰানে? আকৌ কিবা হৈ গ’লে
তেতিয়া কি কৰিবা? ‘কি’, ‘কিয়’তো নকৰা নহয়? প্ৰেমৰ সময় স্মৃতিলৈ আনিবা। অনুভৱ
স্মৃতিলৈ আনিবা আৰু অনুভৱত বিলীন হৈ যাবা। তোমালোকৰ প্ৰতিশ্ৰুতি আছে। পিতায়ো
সন্তানসকলক প্ৰশ্ন সোধে, যে তোমালোক সকলোৰে প্ৰতিশ্ৰুতি আছে যে আমি পিতাৰ দ্বাৰা 21
জন্মৰ কাৰণে জীৱনমুক্ত অৱস্থাৰ পদ প্ৰাপ্ত কৰি আছোঁ, কৰিমেই, তেনেহ’লে জীৱনমুক্তত
পৰিশ্ৰম হয় জানো? 21 জন্মৰ এটা জন্ম সংগমৰ। তোমালোকৰ প্ৰতিশ্ৰুতি 21 জন্মৰ, 20
জন্মৰ নহয়। গতিকে এতিয়াৰ পৰাই পৰিশ্ৰম মুক্ত অৰ্থাৎ জীৱনমুক্ত, নিশ্চিন্ত বাদশ্বাহ।
এতিয়াৰ সংস্কাৰ আত্মাত 21 জন্ম জাগ্ৰত হৈ থাকিব। তেন্তে 21 জন্মৰ উত্তৰাধিকাৰ লৈছা
নহয়! নে এতিয়া ল’বা? গতিকে অনুগ্ৰহ কৰি মনোযোগ দিবা, পৰিশ্ৰম মুক্ত, সন্তুষ্ট হৈ
থাকিবা আৰু সন্তুষ্ট কৰিবা। কেৱল থাকিব নালাগে, কৰিবও লাগে। তেতিয়াহে পৰিশ্ৰম মুক্ত
হৈ থাকিবা। নহ’লে নিতৌ কিবা নহয় কিবা বোজাৰ কথা, পৰিশ্ৰমৰ কথা, ‘কি’ ‘কিয়’ৰ ভাষাত
আহিবা। এতিয়া সময়ৰ সমীপতা দেখি আছা। যেনেকৈ সময় সমীপত আহি আছে, তেনেকৈ তোমালোকৰো
পিতাৰ সৈতে সমীপতাৰ অনুভৱ বাঢ়িব লাগে নহয়। পিতাৰ সৈতে তোমালোকৰ সমীপতাই সময়ৰ সমীপতা
সমাপ্ত কৰিব। তোমালোক সকলো সন্তানে কাণেৰে আত্মাসকলৰ দুখ-অশান্তিৰ আৱাজ শুনিবলৈ
নোপোৱা নেকি! তোমালোকেই পূৰ্বজো হোৱা, পূজ্যও হোৱা। গতিকে হে পূৰ্বজ আত্মাসকল, হে
পূজ্য আত্মাসকল, কেতিয়া বিশ্ব কল্যাণৰ কাৰ্য সম্পন্ন কৰিবা?
বাপদাদাই বাতৰিত
দেখিছে, প্ৰত্যেক বৰ্গই নিজৰ নিজৰ আলোচনা চক্ৰ পাতে, পৰিকল্পনা কৰে যে বিশ্ব
কল্যাণৰ গতি তীব্ৰ কেনেকৈ কৰোঁ? পৰিকল্পনাতো বহুত ভাল কৰে, কিন্তু বাপদাদাই সোধে
অৱশেষত কেতিয়ালৈকে? ইয়াৰ উত্তৰ দাদীসকলে দিব – অৱশেষত কেতিয়ালৈকে? পাণ্ডৱে দিব –
অৱশেষত কেতিয়ালৈকে? পিতাৰ প্ৰত্যক্ষতা হওক - পৰিকল্পনা কৰাত এয়াই প্ৰত্যেক বৰ্গই
লক্ষ্য ৰাখে। কিন্তু প্ৰত্যক্ষতা হ’ব দৃঢ় প্ৰতিজ্ঞাৰ দ্বাৰা। প্ৰতিজ্ঞাত দৃঢ়তা,
কেতিয়াবা কিবা কাৰণত বা কথাত দৃঢ়তা কম হৈ যায়। প্ৰতিজ্ঞা বহুত ভাল কৰে, অমৃতবেলা যদি
তোমালোকে শুনিব পাৰা নহয়, পিতাইতো শুনে, তোমালোকৰ ওচৰত এতিয়া বিজ্ঞানে এনেকুৱা সাধন
নাই দিয়া যে সকলোৰে অন্তৰৰ আৱাজ শুনিব পাৰা। বাপদাদাই শুনে, প্ৰতিজ্ঞাৰ মালা,
সংকল্প কৰা কথাবিলাক ইমান ভাল ভাল অন্তৰ আনন্দিত কৰি দিওঁতা যে বাপদাদাই কয় বাঃ!
সন্তান বাঃ! শুনাওঁনে কি কি কৰা! যেতিয়া কৰ্মত আহা, মুৰুলীলৈকে 75 শতাংশ ঠিকে থাকে।
কিন্তু যেতিয়া কৰ্মযোগত আহা তেতিয়া সেই ক্ষেত্ৰত পাৰ্থক্য আহি যায়। কিছু সংস্কাৰ
কিছু স্বভাৱ, স্বভাৱ আৰু সংস্কাৰে বিৰুদ্ধাচৰণ কৰে, সেই ক্ষেত্ৰত প্ৰতিজ্ঞা দৃঢ়
হোৱাৰ পৰিৱৰ্তে সাধাৰণ হৈ যায়। দৃঢ়তাৰ শতাংশ কম হৈ যায়।
বাপদাদাই সন্তানসকলৰ
এটা খেল দেখি মিচিকিয়াই থাকে। কোনটো খেল খেলা, কওঁনে কি? বাপদাদাৰতো খেল চাই পুতৌ
জন্মে, ভাল নালাগে কিয়নো বাপদাদাই দেখিবলৈ পায় সন্তানসকল নিজৰ ভুল কামৰ দোষ আনৰ
ওপৰত দিয়াত বহুত বুদ্ধিয়ক। কি খেল কৰে? কথা ৰচি দিয়ে। ভাবে কোনেনো দেখিব! মই জানো
মোৰ অন্তৰে জানে। পিতাতো পৰমধামত, সূক্ষ্মলোকত বহি আছে। যদি কাৰোবাক কোৱা যে এইটো
কৰিব নালাগে, তেতিয়া কি খেল খেলে, গম পোৱানে? হয় হোৱাততো হৈছে কিন্তু… কিন্তু
নিশ্চয় ক’ব। কিন্তু কি? এনেকুৱা আছিল নহয়, এনেকুৱা কৰিলে নহয়, এনেকুৱা হ’ল নহয়,
সেইকাৰণে হ’ল, মই নাই কৰা, এনেকুৱা হ’ল সেইকাৰণে। এতিয়া এওঁ কৰিলে, তেতিয়াহে কৰিলোঁ।
নহ’লেতো মই নকৰোঁ। তেন্তে এয়া কি হ’ল? নিজৰ বোধশক্তি, উপলব্ধি কম। বাৰু, ধৰা তেওঁ
এনেকুৱা কৰিলে, তেতিয়া তুমি কৰিলা, ঠিক আছে বৰ ভাল। প্ৰথম নম্বৰ তেওঁ হ’ল, দ্বিতীয়
নম্বৰ তুমি হ’লা, ঠিক আছে। বাপদাদাই এইটোও মানি লয়। তুমি প্ৰথম নম্বৰ নহয়, দ্বিতীয়
নম্বৰ কিন্তু যদি তুমি ভাবা যে প্ৰথম নম্বৰৰ জন পৰিৱৰ্তন হ’লে তেতিয়া মই ঠিক হ’ম,
এইটো ঠিকনে? এইটোৱেই বুজা নহয় সেই সময়ত। ধৰা প্ৰথমজনে পৰিৱৰ্তন কৰে। বাপদাদা আৰু
সকলোৱে প্ৰথমজনক কয় তোমাৰ ভুল, তুমি পৰিৱৰ্তন কৰিব লাগে, ঠিক আছে। বাৰু যদি প্ৰথমজনে
পৰিৱৰ্তন কৰে, তেন্তে প্ৰথম নম্বৰ কোনে পাব? তুমিটো প্ৰথম নম্বৰ নহ’লা। পৰিৱৰ্তন
শক্তিত তোমাৰ প্ৰথম নম্বৰ নহ’ব। প্ৰথম নম্বৰ তুমি তেওঁক দিলা তেনেহ’লে তোমাৰ কোনটো
নম্বৰ হ’ল? দ্বিতীয় নম্বৰ হ’ল নহয়। যদি তোমাক কয় দ্বিতীয় নম্বৰ তেতিয়া মঞ্জুৰ
কৰিবানে। কৰিবানে? ক’ব নহয়, এনেকুৱা আছিল, তেনেকুৱা আছিল, কেনেকুৱা আছিল… এই ভাষাৰ
বহুত খেল খেলে। এনেকুৱা তেনেকুৱা কেনেকুৱা এই খেল বন্ধ কৰি মই পৰিৱৰ্তন হ’ব লাগে।
মই পৰিৱৰ্তন হৈ আনক পৰিৱৰ্তন কৰোঁ, কিন্তু যদি আনক পৰিৱৰ্তন কৰিব নোৱাৰা তেন্তে শুভ
ভাৱনা, শুভ কামনাতো ৰাখিব পাৰা! সেয়াতো তোমাৰ নিজৰ বস্তু হয় নহয়! গতিকে হে অৰ্জুন
মই হ’ব লাগে। প্ৰথম বিশ্বৰ ৰাজ্যধাৰী লক্ষ্মী-নাৰায়ণৰ সমীপত তুমি আহিব লাগে নে
দ্বিতীয়জন?
বাপদাদাৰ এইটো বছৰৰ
এইটোৱে আশা আছে যে সকলো ব্ৰাহ্মণ আত্মা, ব্ৰহ্মাকুমাৰ ব্ৰহ্মাকুমাৰী যেনেকৈ ইয়াত এই
বেজ পৰিধান কৰিছা নহয়, সকলোৱে পৰিধান কৰিছা নহয়! ইয়ালৈ আহিলেও তেতিয়া তোমালোকে বেজ
পোৱা নহয়, কাগজৰে হওক, সোণৰে হওক বা ৰূপৰে। গতিকে যেনেকৈ ইয়াত বেজ পৰিধান কৰা তেনেকৈ
অন্তৰত, মনত এই বেজ পৰিধান কৰা, মই পৰিৱৰ্তন হ’ব লাগে। মই নিমিত্ত হ’ব লাগে। এওঁ
পৰিৱৰ্তন হওক, এইটো কথা পৰিৱৰ্তন হওক, এইজন ব্যক্তি পৰিৱৰ্তন হওক, এই পৰিস্থিতি
পৰিৱৰ্তন হওক, নহয়। মই পৰিৱৰ্তন হ’ব লাগে। কথাতো আহিব, তোমালোক উচ্চলৈ গৈ আছা, উচ্চ
স্থানত সমস্যাওতো উচ্চ আহে নহয়! কিন্তু যেনেকৈ আজি ক্ৰমানুসৰি যথাশক্তি স্নেহৰ
স্মৃতিৰ বায়ুমণ্ডল আছিল। তেনেকৈ নিজৰ মনত সদায় স্নেহত লীন হৈ থকাৰ বায়ুমণ্ডল সদায়
জাগ্ৰত কৰি ৰাখা।
বাপদাদাৰ ওচৰলৈ বহুত
ভাল ভাল খবৰ আহে। সংকল্পলৈকে বহুত ভাল। স্বৰূপত আহোঁতে যথাশক্তি হৈ যায়। এতিয়া দুই
মিনিটৰ কাৰণে সকলো পৰমাত্ম স্নেহ, সংগমযুগৰ আত্মিক উল্লাসৰ স্থিতিত স্থিৰ হৈ যোৱা।
(ড্ৰিল) বাৰু – এইটোৱে অনুভৱ প্ৰত্যেক দিনে বাৰে বাৰে সময়ে সময়ে অনুভৱ কৰি থাকিবা।
স্নেহ নেৰিবা। স্নেহত বিলীন হ’বলৈ শিকা। বাৰু।
চাৰিওফালৰ যোগযুক্ত,
যুক্তিযুক্ত, ৰাজযুক্ত, নিজেও ৰহস্য জানি সদায় ৰাজী কৰোঁতা আৰু ৰাজী হৈ থাকোঁতা,
কেৱল নিজে ৰাজী হৈ নাথাকিবা, ৰাজী কৰিবও লাগে, এনেকুৱা সদায় স্নেহৰ সাগৰত লীন হৈ থকা
সন্তানসকলক, সদায় পিতাৰ সমান হোৱাৰ তীব্ৰগতিৰ পুৰুষাৰ্থী সন্তানসকলক, সদায় অসম্ভৱকো
সহজে সম্ভৱ কৰোঁতা শ্ৰেষ্ঠ আত্মাসকলক, সদায় পিতাৰ লগত থাকোঁতা আৰু পিতাৰ সেৱাত সংগী
হৈ থাকোঁতা এনেকুৱা বহুত বহুত ভাগ্যৱান আৰু মৰমৰ সন্তানসকলক আজিৰ অব্যক্ত দিবসৰ,
অব্যক্ত ফৰিস্তা স্বৰূপৰ স্নেহসহিত স্মৰণ আৰু অন্তৰৰ আশীৰ্বাদ। ভাল বাৰু।
বৰদান:
স্মৃতিৰ যাদু
মন্ত্ৰৰ দ্বাৰা সৰ্ব সিদ্ধি প্ৰাপ্ত কৰোঁতা সিদ্ধি স্বৰূপ হোৱা
পিতাৰ স্মৃতিয়েই যাদু
মন্ত্ৰ, এই যাদু মন্ত্ৰৰ দ্বাৰা যি সিদ্ধি কৰিব বিচৰা সেয়া প্ৰাপ্ত কৰিব পাৰা।
যেনেকৈ স্থূলতো কোনো কাৰ্যৰ সিদ্ধিৰ কাৰণে মন্ত্ৰ জপে, তেনেকৈ ইয়াতো যদি কোনো
কাৰ্যত সিদ্ধি লাগে তেন্তে এই স্মৃতিৰ মহামন্ত্ৰই বিধি স্বৰূপ হয়। এই যাদু মন্ত্ৰই
চেকেণ্ডত পৰিৱৰ্তন কৰি দিয়ে। এয়া সদায় স্মৃতিত ৰাখিবা তেতিয়া সদায় সিদ্ধি স্বৰূপ হৈ
যাবা কিয়নো স্মৃতিত থকাটো ডাঙৰ কথা নহয়, সদায় স্মৃতিত থকা – এইটো ডাঙৰ কথা, ইয়াৰ
দ্বাৰাই সৰ্ব সিদ্ধি প্ৰাপ্ত হয়।
স্লোগান:
চেকেণ্ডত
বিস্তাৰক সাৰ ৰূপত সমাহিত কৰি লোৱা অৰ্থাৎ অন্তিম প্ৰমাণপত্ৰ লোৱা।
অব্যক্ত সংকেত: অশৰীৰী
তথা বিদেহী স্থিতিৰ অভ্যাস বঢ়োৱা
যেনেকৈ কোনো শৰীৰৰ
বস্ত্ৰ সহজে খুলিব পাৰা তেনেকৈ এই শৰীৰ ৰূপী বস্ত্ৰও সহজে খুলিব পৰা আৰু সহজেই সময়ত
ধাৰণ কৰিব পৰা, ইয়াৰ অভ্যাস লাগে। যদি বস্ত্ৰ আটিল হয় তেতিয়া সহজে খুলিব নোৱাৰা,
তেনেকৈ এই দেহ ৰূপী বস্ত্ৰও কিবা সংস্কাৰত লাগি ধৰা বা আটিল যাতে নহয়। ইয়াৰ কাৰণে
সকলো কথাত সহজ হৈ থাকা, যদি সহজ হৈ থাকা তেন্তে সকলো কাৰ্য সহজ হ’ব। যিমানে পুৰণা
সংস্কাৰৰ পৰা উৰ্দ্ধত থাকিবা সিমানে অৱস্থাও উৰ্দ্ধত অৰ্থাৎ বিদেহী সহজে হৈ যাবা।